ঘৰৰ ভিতৰতে খোজ কাঢ়ক ১০ হাজাৰ বাৰ! কেনেকৈ সম্ভৱ…

যদি আপুনি দিনটো গণনা কৰি ১০ হাজাৰ খোজ কাঢ়িব পাৰে তেন্তে আপোনাৰ ওজন কমিব আৰু হৃদযন্ত্ৰও ভাল হ’ব। লগতে হৃদৰোগ বা ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা কমিব। আনহাতে ফিটনেছ ট্ৰেইনাৰে পৰামৰ্শ দিয়ে যে গৰম ৰ’দত ওলাই যোৱাৰ প্ৰয়োজন নাই। বৰঞ্চ ঘৰৰ ভিতৰতে খোজ কাঢ়িব লাগে। অফিচলৈ গ’লে খোজ কাঢ়িব লাগে। বজাৰ কৰিবলৈ গ’লে বহি নাথাকিব, খোজ কাঢ়ি ফুৰিব! এইদৰে যদি আপুনি দিনটোত ১০ হাজাৰ খোজ খোজ কাঢ়িব পাৰে তেন্তে আপোনাৰ ওজন কমিব। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে শেহতীয়াকৈ কৰা এক অধ্যয়নত দাবী কৰিছে যে যদি আপুনি গোটেই দিনটো গণনা কৰি ১০ হাজাৰ খোজ খোজ কাঢ়িব পাৰে তেন্তে আপোনাৰ ওজন কমিব আৰু আপোনাৰ হৃদযন্ত্ৰ সুস্থ হৈ উঠিব। হঠাৎ হাৰ্ট এটেক বা ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা কমি যাব। অৱশ্যে খোজ কঢ়াৰ কিছুমান নিয়ম আৰু পদ্ধতি আছে।

নিয়ম সমূহ হৈছেঃ

বডি বিল্ডিঙৰ অৰ্থ এইটো নহয় যে জিমলৈ গৈ গধুৰ বস্তু দাঙিব লাগিব, জিমলৈ নোযোৱাকৈও বডি বিল্ডিং কৰিব পাৰি। শেহতীয়াকৈ বহুতে ব্যায়ামৰ বিকল্প হিচাপে জুম্বা বাছি লৈছে। জুম্বা হৈছে লেটিন আমেৰিকাৰ নৃত্য শৈলী আৰু ব্যায়াম। ইয়াক চালছা আৰু এৰোবিক্সৰ সংমিশ্ৰণ বুলি ক’ব পাৰি। জুম্বা কৰিলে শৰীৰৰ বিভিন্ন অংশৰ পেশীৰ পৰিসঞ্চালন হৈ যাব। হৃদযন্ত্ৰ সুস্থ হ’ব, ৰক্তচাপ নিয়ন্ত্ৰণত থাকিব, শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা কমিব, ভাল কলেষ্টেৰলৰ মাত্ৰাও বৃদ্ধি পাব।

ছাদত, লনত খোজ কাঢ়িব। ব্ৰেকফাষ্টৰ দহ মিনিট পিছত খোজ কাঢ়িব। দুপৰীয়া বা ৰাতিৰ আহাৰ খোৱাৰ পিছত বহি বা শুই নাথাকিব। ঘৰৰ ভিতৰত বা চোতালত খোজ কাঢ়িব। যদি নাই তেন্তে ছাদলৈ গৈ খোজ কাঢ়িব পাৰি।

বহুতে কয়, খোজ কঢ়াৰ সময় ক’ত? প্ৰতিদিনে এটা অফিচ থাকে। সেইটোতো কোনো সমস্যা নাই। দিনটো অফিচত কামৰ বিৰতিৰ সময়ত কৰিডৰত খোজ কাঢ়িব। দুপৰীয়াৰ আহাৰ খোৱাৰ পিছতো খোজ কাঢ়িব।

ঘৰতেই হওক বা অফিচতেই হওক, এতিয়া সকলোৱে আৰামত লিফটত উঠে। চিৰি বগাবলৈ চেষ্টা কৰক। অফিচ যদি দশম মহলাত থাকে তেন্তে লিফ্ট অবিহনে গতি নাথাকে। তেনে ক্ষেত্ৰত কমেও দুটাৰ পৰা তিনিটা মহলা বগাবলৈ চেষ্টা কৰক। ঘৰত থাকি চিৰিৰে ওপৰলৈ যোৱাটো এটা ভাল ব্যায়াম। কিন্তু হৃদৰোগ, বাতবিষ বা আন বেমাৰত থাকিলে চিৰি বগাব লাগে নে নাই ডাক্তৰৰ পৰা জনাটো ভাল।

সকলো সময়তে চোফাত বহি থকাৰ সলনি ঘৰতে ঘূৰি ফুৰিব। টিভি চাই থাকোঁতে খোজ কঢ়াৰ অভ্যাস কৰক। ঘৰৰ ভিতৰত ইফালে সিফালে খোজ কাঢ়িব। এতিয়া আধুনিক প্ৰযুক্তিৰ সহায়ত ঘৰত কিমান খোজ খোজ কাঢ়িছিল সেয়া দেখা সম্ভৱ। ফোন কল কৰক, গান শুনা, যিমান বিচাৰে খোজ কাঢ়িব। শৰীৰৰ বাবে ভাল হ’ব।

Related Articles