Home Blog Page 754

দাগেস্তানত উগ্ৰপন্থীৰ আক্ৰমণত আৰক্ষীসহ নিহত ১৫…

ৰাছিয়াৰ দক্ষিণৰ গণৰাজ্য দাগেস্তানত উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ। সশস্ত্ৰ উগ্ৰপন্থীৰ আক্ৰমণত এগৰাকী ধৰ্মীয় গুৰু, আৰক্ষীসহ ১৫ জনতকৈও অধিক লোকৰ মৃত্যু হয়। এই আক্ৰমণত প্ৰায় ২৫ গৰাকী লোক আহত হয়। দাগেস্তানৰ গভৰ্ণৰ ছেৰ্গেই মেলিকভে সোমবাৰে পুৱতি নিশা এক বিবৃতিত এই কথা উল্লেখ কৰে।কৰ্তৃপক্ষই জনোৱা মতে উগ্ৰপন্থীয়ে দুখন চহৰত দেওবাৰে দুটাকৈ পুৰণি গীৰ্জা, এটা ছিনেগগ (ইহুদীসকলৰ উপাসনা গৃহ) আৰু এখন আৰক্ষী চকীত আক্ৰমণ কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী সমিতিয়ে সশস্ত্ৰ উগ্ৰবাদৰ ইতিহাস থকা মুছলমান প্ৰধান অঞ্চলটোত হোৱা এই আক্ৰমণক সন্ত্ৰাসবাদী কাৰ্যকলাপ বুলি বৰ্ণনা কৰিছে ।গভৰ্ণৰে জনোৱা মতে প্ৰায় ৬ উগ্ৰপন্থীও নিহত হৈছে। সোমবাৰৰ পৰা বুধবাৰলৈ অঞ্চলটোত শোক দিৱস পালন কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে উগ্ৰপন্থীৰ আক্ৰমণত এগৰাকী ধৰ্মীয় গুৰু আৰু প্ৰায় ৬ গৰাকী আৰক্ষী বিষয়া নিহত হয়।

দাগেস্তান প্ৰশাসনে কয় যে কাস্পিয়ান সাগৰ অঞ্চলত থকা ডাৰ্বেণ্ট চহৰৰ এটা ছিনেগগ আৰু এটা গীৰ্জাত সশস্ত্ৰ উগ্ৰপন্থীয়ে গুলীচালনা কৰে।গীৰ্জা আৰু ছিনেগগত অগ্নিসংযোগ কৰা হয়। প্ৰায় একে সময়তে দাগেস্তানৰ ৰাজধানী মাখাচকলাত এটা গীৰ্জা আৰু যান-বাহন আৰক্ষী চকীত আক্ৰমণ কৰে। দুয়োটা অঞ্চলৰ মাজৰ দূৰত্ব প্ৰায় ১২০ কিলোমিটাৰ হ’ব বুলি জানিব পৰা গৈছে। এই আক্ৰমণৰ পিচতে প্ৰশাসনে অঞ্চলটোত সন্ত্ৰাসবাদী বিৰোধী অভিযানৰ ঘোষণা কৰে।এই আক্ৰমণত কিমান উগ্ৰপন্থী জড়িত আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কোনো সংগঠনেও এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। জানিব পৰা মতে এই আক্ৰমণ সন্দৰ্ভত এজন দাগেস্তানী বিষয়াক আটক কৰা হৈছে। বিষয়াজনৰ পুত্ৰ এই ঘটনাত জড়িত থকাৰ সন্দেহ কৰা হৈছে।

হজযাত্ৰালৈ গৈ আদবাটতে প্ৰাণ হেৰুৱালে সহস্ৰাধিকে! মৃত্যুৰ সংখ্যা ১৩০১ হৈছে গৈ…

পবিত্র হজ পালন কৰিবলৈ গৈ অকালতে মৃত্যুক সাৱটিলে সহস্ৰাধিক লোকে৷ চি এন এনৰ বাতৰি অনুসৰি, দেওবাৰে ছৌদি আৰৱ কৰ্তৃপক্ষই জনায় যে হজ তীৰ্থযাত্ৰাৰ সময়ত ১৩০১ জন লোকৰ মৃত্যু ঘটিছে৷ প্ৰখৰ গৰম আৰু অকৰ্তৃত্বশীল ভ্ৰমণৰ বাবে অসংখ্য হজ যাত্ৰী তথা ৰোগীৰ মৃত্যু ঘটিছে।এক বিবৃতিত ছৌদি চৰকাৰে কয়, স্বাস্থ্য বিভাগে চলিত বৰ্ষত উৎকট গৰমৰ ফলত অসুস্থ হৈ পৰা বহু লোকক সুস্থ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল, কিছুমান ব্যক্তিৰ এতিয়াও চিকিৎসকৰ তদাৰক চলি আছে। দুখৰ বিষয় যে মৃত্যুৰ সংখ্যা ১৩০১ হৈছেগৈ। বিবৃতিটোত উল্লেখ কৰা হৈছে, মৃত্যু হোৱা লোকসকলৰ ৮৩% লোকেই হজ কৰিবলৈ অনুমতি লাভ কৰা নাই আৰু প্ৰত্যক্ষ সূৰ্যৰ পোহৰত দীঘলীয়া দূৰত্ব খোজ কাঢ়িছিল, পৰ্যাপ্ত আশ্ৰয় বা আৰাম নোহোৱাকৈ। নিহত লোকসকলৰ ভিতৰত আছে কেইবাজনো বৃদ্ধ আৰু দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা ব্যক্তি৷ সকলো মৃত লোকৰ পৰিয়ালক চিনাক্ত কৰা হৈছে। এইবাৰৰ হজ তীৰ্থযাত্ৰাৰ সময়ত শ শ লোকৰ মৃত্যু আৰু অসুস্থতাৰ আঁৰৰ মূল কাৰণ হিচাপে অভিহিত কৰা হৈছে চৰম উত্তাপ।

সোমবাৰে মক্কাত তাপমাত্ৰাই অভিলেখ সৃষ্টিকাৰী ১২৫ ডিগ্ৰী ফাৰেনহাইটলৈ বৃদ্ধি পায়। বিভিন্ন কৰ্তৃপক্ষই উল্লেখ কৰিছে যে বেচৰকাৰী তীৰ্থযাত্ৰীৰ সংখ্যাই সমস্যা বৃদ্ধি কৰিছে৷হজ যাত্ৰাৰ অনুজ্ঞাপত্ৰ লাভৰ বাবে এজন তীৰ্থযাত্ৰীয়ে কেইবাহাজাৰ মাৰ্কিন ডলাৰ খৰচ কৰিবলগীয়াত পাৰে। সাধাৰণতে অনুজ্ঞাপত্ৰবিহীন তীৰ্থযাত্ৰীসকলে এয়াৰ কণ্ডিচনাৰ বা পানী আৰু খাদ্য সামগ্ৰীৰ সহজ সুবিধা থকা যাত্ৰীবাহী বাছৰ সুবিধা লাভ নকৰে।একাংশ তীৰ্থযাত্ৰীয়ে এইবাৰৰ হজ তীৰ্থযাত্ৰাৰ আন্তঃগাঁথনি আৰু আয়োজন ব্যৱস্থাক সমালোচনা কৰিছে। চৰকাৰীভাৱে যোৱা তীৰ্থযাত্ৰীসকলেও দিনটোৰ বেছিভাগ সময় গৰমত বাহিৰত খোজ কাঢ়ি কটাবলগীয়াত পৰিছে।আন এক প্ৰতিবেদনত কোৱা হৈছে যে কিছুমান অপাৰেটৰে সঠিক ভিছা প্ৰদান কৰা নাই, গতিকে যাত্ৰীসকলে মক্কাত প্ৰৱেশ কৰিব নোৱাৰে আৰু বৰঞ্চ “মৰুভূমিৰ পথৰ মাজেৰে খোজকাঢ়ি” প্ৰৱেশ কৰিবলৈ বাধ্য হয়। ইয়াৰ উপৰিও কিছুমান প্ৰতিষ্ঠানে থকা-খোৱাৰ বাবে উপযুক্ত ব্যৱস্থা কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। ইজিপ্তৰ প্ৰধানমন্ত্ৰী মোস্তাফা মেডবৌলিয়ে মৃত তীৰ্থযাত্ৰীসকলৰ পৰিয়াললৈ “আন্তৰিক সমবেদনা আৰু সহানুভূতি” প্ৰকাশ কৰাৰ লগতে তেওঁলোকক প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। জানিব পৰা মতে, ৪৯ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত চৰম উষ্ণতাত এই যাত্ৰা কৰিছিল তীৰ্থযাত্ৰীসকলে।

হজযাত্ৰাৰ সময়ত বিশ্বাসীসকলে মক্কা আৰু ইয়াৰ আশে-পাশে বিভিন্ন ধৰণৰ ৰীতি-নীতি পালন কৰে, য’ত প্ৰায়ে প্ৰতিদিনে জুইসদৃশ গৰমত বহু ঘণ্টা খোজ কাঢ়িবলগীয়া হয়।চলিত বৰ্ষৰ হজত মৃতকৰ সংখ্যা এতিয়াও বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰিছে ছৌদি আৰৱ চৰকাৰে৷

UGC NET ৰ প্ৰশ্নকাকত ফাদিল! অনুসন্ধানত যোৱা চিবিআইৰ দলক আক্ৰমণ বিহাৰত…

বিহাৰৰ নৱাদাত চিবিআই আৰু স্থানীয় আৰক্ষীৰ দলক আক্ৰমণ কৰে গাঁওবাসীয়ে। ভুৱা আখ্যা দি তদন্তকাৰী দলটোক আক্ৰমণ কৰা হয়। চিবিআইৰ দলটোৰ বাহনখনৰ চালকক বেয়াকৈ প্ৰহাৰ কৰে উত্তেজিত লোকে। জিলাখনৰ ৰজাউলী থানাৰ অধীনৰ মুৰহেনা-কাছিয়াদিহত সংঘটিত হৈছে এই ঘটনা। এই সন্দৰ্ভত ৰজাউলী থানাত এফআইআৰ দাখিল কৰা হৈছে, য’ত ৮ জন লোকৰ নাম উল্লেখ কৰা হৈছে। ১৫০-২০০ লোকক প্ৰাথমিক অভিযুক্ত কৰা হৈছে।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চাৰিজন অভিযুক্তক ।শনিবাৰে প্ৰায় ৪ বজাত নৱাদা আৰক্ষী বাহিনীৰ সৈতে চিবিআইৰ দলটোৱে মুৰহেনাৰ কাছিয়াদিহ গাঁৱৰ নিবাসী ফুলচাঁদ প্ৰসাদ আৰু তেওঁৰ পত্নী ববিতা দেৱীৰ ঘৰত তালাচী চলাই উভতি আহিছিল। এই সময়ছোৱাত পৰিয়ালৰ লোকৰ লগতে প্ৰায় ২০০-৩০০ জন লোকৰ সমাগম ঘটে সেই স্থানত। অসামৰিক সাজ-পোছাক পৰিধান কৰা চিবিআইৰ দলটোক ভুৱা আখ্যা দি ঘেৰি ধৰিলে লোকসকলে।

চিবিআইৰ বিষয়াসকলে পৰিচয় পত্ৰ দেখুৱাইছিল যদিও উত্তেজিত দলটো পতিয়ন যোৱা নাছিল। নৱাদা নগৰ থানাৰ এগৰাকী মহিলা কনিষ্টবল কাজল কুমাৰীয়েও দলটোক পতিয়ন নিয়াবলৈ চেষ্টা কৰে। কিন্তু ভিৰৰ মাজত মানুহবোৰে তেওঁলোকৰ কথা নুশুনি অভব্য আচৰণ কৰিবলৈ ধৰিলে।এই সন্দৰ্ভত চিবিআইৰ দলে ৰজাউলী থানাৰ আৰক্ষীক খবৰ দিয়ে। ৰজাউলী থানাৰ পৰা আৰক্ষী বাহিনী অহাৰ পাচতহে পৰিস্থিতি স্বাভাৱিক হৈ পৰে। এই আক্ৰমণত চিবিআইৰ দলৰ গাড়ী চালক সঞ্জয় ছোনী আহত হোৱাৰ বিপৰীতে এজন বিষয়াৰ চাৰ্ট ফাটি যায়।মহিলা কনিষ্টবলগৰাকীৰ প্ৰতি অপমানজনক ভাষা ব্যৱহাৰ কৰে মুৰহেনা পঞ্চায়তৰ ১৬ নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ মিথিলেশ প্ৰসাদে।চিবিআইৰ বিষয়াসকলকো গালি-গালাজ কৰে লোকসকলে।কোৱা হৈছে যে UGC NET ৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত গ্ৰেপ্তাৰ হোৱা এজন যুৱকৰ তথ্য মতে কাছিয়াদিহৰ এগৰাকী যুৱতীৰ সন্ধানত চিবিআইৰ দলে অভিযান চলাইছিল৷ অভিযান কালত চিবিআইৰ দলটোৱে দুটাকৈ মোবাইল ফোনৰ লগতে কিছুমান বেংকৰ পাছবুক আৰু UGC NET ৰ সৈতে জড়িত কিছু নথি-পত্ৰ উদ্ধাৰ কৰে।অৱশ্যে নৱাদা আৰক্ষীয়ে জনোৱা মতে, চিবিআইৰ দলটোৱে দুটা মোবাইল ফোন জব্দ কৰি লগত লৈ গৈছে।

চিবিআই আৰু আৰক্ষী দলৰ ওপৰত সংঘটিত আক্ৰমণ সন্দৰ্ভত এফআইআৰ ৰুজু কৰা হৈছে। এগৰাকী যুৱতীসহ মুঠ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আটক কৰা লোকসকলৰ ভিতৰত আছে এগৰাকী মহিলা, ৰাজকুমাৰ কুমাৰ, লালন কুমাৰ আৰু কাছিয়াদিহ

গাঁৱৰ বাসিন্দা অমৰজীত কুমাৰ। সকলোকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ অসম সন্তান ৰিয়ান পৰাগৰ

দীৰ্ঘদিনীয়া আশা প্ৰত্যাশাৰ অন্ত অৱশেষত অসমবাসীয়ে লাভ কৰিলে এক সু-খবৰ । বছৰ বছৰ ধৰি সপোন পোৱা নাছিল সাকাৰৰূপ, যি আশা আছিল এদিন অসমৰ সন্তানে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি সন্মান বুটলি আনিব । উল্লেখ্য যে অম্বুবাচী মেলা চলি থকা সময়ছোৱাতে সেই আশাক লৈ দীৰ্ঘদিন ধৰি অপেক্ষা কৰি থকাৰ সময়ত এই খবৰ ৰাজ্যবাসীয়ে লাভ কৰিবলৈ সক্ষম হয় । এক আনন্দ সুখ-সমৃদ্ধিৰ বাৰ্তা কঢ়িয়াই ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰে অসম সন্তান ৰিয়ান পৰাগ ।

২০০১ চনৰ ১০ নৱেম্বৰত জন্মগ্ৰহণ কৰা পিতৃ পৰাগ দাস আৰু মাতৃ মিঠু বৰুৱাৰ সু-সন্তান
ৰিয়ানৰ ঘৰ গুৱাহাটীত । ২২ বছৰীয়া ৰিয়ানে ক্ৰিকেটৰ কেৰিয়াৰ জীৱন আৰম্ভ কৰিছিল ২০১৬ চনৰ পৰা । ২০১৭ চনত অসম ক্ৰিকেট টীমত যোগদান কৰি ২০১৮ চনৰ ডিচেম্বৰ মাহত ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিল ।‌


শেহতীয়াকৈ ঘৰুৱা ছিজন তথা আইপিএলত দেখুৱাই দিয়া অভিনৱ প্ৰদৰ্শনৰ পিছতেই জাতীয় দলত ৰিয়ান পৰাগৰ নাম অন্তৰ্ভুক্ত হয়। ভাৰতীয় ক্ৰিকেট দলে জিম্বাব’য়েত টি-২০ ক্ৰিকেট শৃংখলাত দলটো অংশগ্ৰহণ কৰাৰ কথা আছে । দলটোত শুভমন গীলক অধিনায়কৰ দায়িত্ব দিয়াৰ কথা যদিও ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাই যুটীয়াভাৱে আয়োজন কৰা টি-২০ ত বিশ্বকাপ ক্ৰিকেটত খেলি থকা সূৰ্য কুমাৰ যাদৱ আৰু হাৰ্দিক পাণ্ডিয়া উভতি অহাৰ পাছতহে জিম্বাব’য়ে ভ্ৰমণৰ অধিনায়ক নিশ্চিত হোৱাৰ কথা উল্লেখিত হয় ।

এই অনুসৰি ভাৰতীয় দলে জিম্বাব’য়েৰ বিপক্ষে ৫ খন মেচ খেলিব । ৰাজ্যৰ ক্ৰিয়া ক্ষেত্ৰত আনন্দৰ লহৰ তোলা সদ্য সমাপ্ত আইপিএলত ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ হৈ যি অনবদ্য আগবঢ়ালে তাকে লৈ গভীৰ আশাৰে বাট চাই আছিল ভাৰতীয় দলত নাম অন্তৰ্ভুক্ত হ’ব বুলি । এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে আই পি এলত খেলিব সুবিধা পোৱা আন এগৰাকী অসম সন্তান আবু নেছিম ।

সেই অনুসৰি আইপিএলত খেলিবলৈ পোৱা দ্বিতীয় গৰাকী খেলুৱৈ ৰিয়ান পৰাগে যি খেল দেখুৱাইছিল তাৰ পিছতে ক্ৰিকেট বিশেষজ্ঞ সকলে দৃষ্টি নিবন্ধ ৰাখিছিল। এক সপোন বাস্তবায়িত কৰা ক্ৰিকেটত নাম অন্তৰ্ভুক্ত হোৱা খেলুৱৈ ৰিয়ান পৰাগ অসম ৰাজ্যৰ পৰা প্ৰতিনিধিত্ব কৰিছিল পৰম্পৰাগতভাৱে ক্ৰিকেট প্ৰতিভাৰ শক্তিক্ষেত্ৰ নহয় । কিন্তু ৰিয়ানে বহু বছৰ ধৰি তেওঁৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰি আহিছে আৰু বহু দশকত ৰাজ্যখনৰ পৰা ওলাই অহা ক্ৰিকেটৰ অন্যতম উজ্জ্বল সম্ভাৱনা হৈ উঠিছিল সোঁহতীয়া বেটছমেন ৰিয়ানে ।

তেওঁ ২০১৭-১৮ বৰ্ষৰ ৰঞ্জী ট্ৰফী ছিজনত অসমৰ হৈ প্ৰথম শ্ৰেণীত আত্মপ্ৰকাশ কৰিছিল; ইয়াৰ আগতে তেওঁক ২০১৬-১৭ আন্তঃৰাজ্যিক টুৱেণ্টি-২০ টুৰ্ণামেণ্টৰ বাবে বাছনি কৰা হৈছিল আৰু ২০১৭ চনৰ এচিচি অনুৰ্ধ-১৯ এছিয়া কাপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইফালে নাম অন্তৰ্ভুক্ত হোৱা ক্ৰিকেটৰ দলটোত থাকিব – শুভম গীল(অধিনায়ক),যশভী জয়ছোৱাল,ৰুটুৰাজ গেকট,অভিশেক শৰ্মা, ৰিংকু সিং,সঞ্জু চেমচন(উইকেট কিপাৰ),ধ্ৰুৱ জুৰেল (উইকেট কিপাৰ),নীতিশ ৰেড্ডী,ৰিয়ান পৰাগ, ৱাছিংটন সুন্দৰ,ৰবি বিষ্ণনৈ,আভাষ খান,খলিল আহমেদ,মুকেশ কুমাৰকে ধৰি তুষাৰ দেশ পাণ্ডে ।


আনন্দৰ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা ভাৰতীয় ক্ৰিকেট দলত নাম অন্তৰ্ভুক্ত হোৱা ৰিয়ান পৰাগ‌ আন্তৰ্জাতিক পৰ্যায়তো জিলিকি উঠক তাকে অসমবাসীয়ে কামনা কৰিছে ।

ONGC বন্ধ কাৰ্য্যসূচী এক মাহৰ বাবে সাময়িক ভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত

প্ৰসঙ্গ ONGC, অহা জুলাই মাহৰ ৩০ তাৰিখৰ ভিতৰত নিবিদা গ্ৰহণ কৰি লতাৰি যোগেৰে লঘূ যান বাহন কৰিব প্ৰদান | শিৱসাগৰ জিলাৰ প্ৰাচীন কৃতি চিহ্ন সমূহৰ উন্নয়নৰ বাবে প্ৰতি বছৰে দিব তিনি কোটি | ONGCৰ কোনো কাৰ্যালয় বাহিৰলৈ স্থানান্তৰ কৰা নহয় | ৰেচন কাৰ্ড থকা সকলোৱে শিৱসাগৰ চুকাফা হস্পিটেলত পাব ফ্ৰি ট্ৰিতমেন্ত |

অইল ফিল্ড অঞ্চলৰ সকলো সামাজিক অনুষ্ঠান, জাতীয় সংস্কৃতিৰ প্ৰতি হব দায়বদ্ধ | খালি হৈ থকাৰ পদ সমূহৰ পূৰণৰ ক্ষেত্ৰত অহা এক মাহৰ ভিতৰত CMD পৰ্য্যায়ত সভা অনুষ্ঠিত কৰি লব সিদ্ধান্ত | সকলো ঠিকাৰ ক্ষেত্ৰত সকলোঁ নিবনুৱাৰ স্বাৰ্থ সুৰক্ষিত হোৱাকৈ উক্ত সভাত লোৱা হব সিদ্ধান্ত | ONGC বন্ধ কাৰ্য্যসূচী এক মাহৰ বাবে সাময়িক ভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত শিৱসাগৰ জিলাৰ ১৫ টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ |

গোৱালপাৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযুক্তক ফাচিৰ দাবীত তামুলপুৰত এবছুৰ জোৰ সমদল

তামুলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই , গোৱালপাৰা জিলাৰ দুধনৈৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত আজি সন্ধি‌য়া জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে। গোৱালপাৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ মুল অভিযুক্ত ধন আলী, বাহাৰ আলী, ৰহমান আলীকে ধৰি আন দোষী সকলক ফাঁচি দিয়া, সমগ্ৰ ঘটনাটো ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰা, দুস্কৃতিকাৰীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা হিৰণ্ময়ী খাখলাৰীৰ নিকটাত্মীয়লৈ বিশ লাখ টকাৰ ক্ষতিপূৰণ দিয়া আৰু ধৰ্ষিতালৈ পাঁচ লাখ টকাৰ এককালীন সাহাৰ্য্য দিয়াৰ দাবীত ছাত্ৰ সংগঠনটোৱে তামুলপুৰৰ ৰাজপথত জোৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।

কাৰ্যসূচীত অংশ গ্ৰহণকাৰী সকলে– এবছু জিন্দাবাদ, হত্যাকাৰীক ফাঁচি দিয়ক, ধৰ্ষণকাৰীক ফাঁচি দিয়ক, জনজাতিৰ ওপৰত আক্ৰমণ নচলিব, জনজাতিৰ ওপৰত আক্ৰমণ কৰা বন্ধ কৰক আদি বিভিন্ন শ্ল’গানেৰে তামুলপুৰৰ আকাশ বতাহ কপাই তোলে।

এই প্ৰতিবাদী কাৰ্যসূচীটো তামুলপুৰৰ মটঙাচ’কত আৰম্ভ কৰি ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় পথেৰে গোৰেশ্বৰ চকলৈ যায় আৰু গোৰেশ্বৰ চকৰ পৰা উভতি আহি মটঙাচ’কত সামৰণি মাৰে।প্ৰতিবাদী কাৰ্যসূচীত তামুলপুৰ জিলা এবছুৰ সাধাৰণ সম্পাদক মিলোনিয়াৰ বড়ো, উপ সভাপতি ফুকন বড়ো , তামুলপুৰ জিলা বড়ো সাহিত্য সভাকে আদিকে ধৰি শতাধিক নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

বগা হাতীত পৰিণত নাজিৰাৰ গেলেকী জংঘল পানী যোগান আঁচনি

বগা হাতীত পৰিণত নাজিৰাৰ গেলেকী জংঘল পানী যোগান আঁচনি। এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত এটা বৃহত্তৰ অঞ্চলৰ ৰাইজ। ঠিকাদাৰ আৰু চৰকাৰী অভিযন্তাৰ বিৰুদ্ধে উঠিছে গুৰুত্বৰ অভিযোগ। অৱশেষত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ পৰিছে স্থানীয় ৰাইজ।

এই দৃশ্য নাজিৰাৰ গেলেকী জংঘল পানী যোগান আঁচনিৰ। এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত এটা বৃহৎ অঞ্চলৰ ৰাইজ।নাজিৰা সমষ্টিৰ অন্তৰ্গত গেলেকীৰ সোনাপুৰ, চৰাইসজীয়া আৰু বেলিমুখ অঞ্চলৰ ৰাইজ আজি প্ৰায় চাৰি বছৰ দিন ধৰি এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ ৰাইজৰ। গেলেকীৰ ন-পুখুৰী পঞ্চায়তৰ অধীনৰ গেলেকী জংঘল পানী যোগান আঁচনিত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। ঠিকাদাৰ শান্তনু আৰু মুকুন্দৰ বিৰুদ্ধে উঠিছে এই কেলেংকাৰীৰ অভিযোগ। লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা ৰাজেন বৰুৱা এই কেলেংকাৰীৰ সমানেই জগৰীয়া বুলি অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত স্থানীয় পুৰুষ মহিলাই প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ পৰিছে।

এতিয়া প্ৰশ্ন হয় এইসকল ৰাইজৰ মৰ্ম বেদনা শুনিবলৈ আহৰি নোহোৱা নাজিৰাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাৰ লগতে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব কোনে ?

বিয়াৰ পিচত প্ৰথমবাৰলৈ যুটীয়া নৃত্যৰে অতিথিৰ আগত নৱ-দম্পতী…

দেওবাৰে মুম্বাইত এক অন্তৰংগ অনুষ্ঠানত বলীউডৰ অভিনেত্ৰী সোনাক্ষী সিন্হা আৰু জাহীৰ ইকবাল বিবাহপাশত আৱদ্ধ হয়।ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ উপস্থিতিত সাত বছৰতকৈ অধিক সময় ধৰি থকা প্ৰেমৰ সম্পৰ্কক তেওঁলোকে নাম দিয়ে বিয়াৰ৷এতিয়া তেওঁলোকৰ বিয়াৰ অভ্যৰ্থনাৰ ভিডিঅ’ আৰু ফটো ইণ্টাৰনেটত ভাইৰেল হৈছে৷ৰাজহুৱাভাৱে তেওঁলোকৰ প্ৰথম নৃত্যৰ পৰা আৰম্ভ কৰি বলীউডৰ চেলেব্ৰিটীসকলে অনুষ্ঠানটোৰ শোভা বঢ়োৱালৈকে সকলো আপোনালোকে ইয়াতে চাব পাৰিব। বিয়াৰ পিচত প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে দেখা দিয়া দাবাং অভিনেত্ৰীগৰাকীয়ে ৰঙা ৰঙৰ ৰেচমৰ শাৰী পিন্ধে, আনহাতে দৰা জাহীৰে পিন্ধে ক্ৰীম ৰঙৰ শ্বেৰৱানী।বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত নৱ-দম্পতীয়ে উৎসাহেৰে স্বামী-স্ত্ৰী হিচাপে ফটোৰ বাবে প’জ দিয়ে। শাৰীখনৰ লগত চ’কাৰ ষ্টাইলৰ সেউজীয়া আৰু সোণালী ৰঙৰ নেকলেচ, একেই ওলমি থকা কাণফুলি আৰু ৰঙা খাৰু পিন্ধি নিজকে কইনা ৰূপত সজাই সোনাক্ষীয়ে।সিন্হাই অভ্যৰ্থনাৰ সময়ত খোপা বান্ধিছিল আৰু খোপাটো জেচমিন ফুলৰ মালাৰে সজাইছিল৷

অধিক আকৰ্ষণীয় লুকৰ বাবে ন-কইনাই গধুৰ মেকআপৰ সৈতে উইংগড্ আইলাইনাৰ লগাইছিল৷ ৰঙা ৰঙৰ শাৰীত টিকটিকীয়া সেন্দুৰেৰে সোনাক্ষীৰ কইনা লুকটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৷আনহাতে, বগা শ্বেৰৱানী পিন্ধা জাহীৰক এক সতেজ ৰূপত দেখা গৈছিল৷পত্নী সোনাক্ষীয়ে তেওঁক ওচৰলৈ টানি নিয়াৰ লগে লগে অভ্যৰ্থনাৰ সময়ত জাহীৰৰ মুখত হাঁহি বিয়পি পৰিছিল ৷ আনুষ্ঠানিক ফটো শ্বুটৰ পিচত নৱবিবাহিত দম্পতীয়ে পাপাৰাজ্জীৰ সৈতে দলীয় ফটো তোলে৷ গোটেই দিনটোৰ তেওঁলোকৰ পিছে পিছে ঘূৰি ফুৰা শ্বাটাৰবাগক আনন্দিত কৰি তোলে।অভ্যৰ্থনা অনুষ্ঠানলৈ বলীউডৰ তাৰকাৰ সোঁত বয়৷ ছায়েৰা বানো, ৰেখাৰ পৰা আৰম্ভ কৰি সোনাক্ষীৰ হীৰামাণ্ডীৰ সহ-অভিনেত্ৰীসকলে তেওঁৰ বিশেষ দিনটোত তেওঁক সংগ দিয়ে৷ডিজে গণেশে নিশাটো বলীউড সংগীতেৰে উৎসৱমুখৰ কৰি তোলে৷অদিতি ৰাও হাইদৰী, সিদ্ধাৰ্থ, হুমা কুৰেশ্বী, ৰিছা চাড্ডা, সঞ্জীদা শ্বেইখ সকলোৱে নিজৰ উপস্থিতিৰে অনুষ্ঠান শোভা বঢ়ায়৷অৱশ্যে শ্বাটাৰবাগসকলক আটাইতকৈ উৎসাহিত কৰা চেলেব্ৰিটী প্ৰৱেশটো আছিল বলীউডৰ চুপাৰষ্টাৰ ছলমান খানৰ । অভিনেতাজনে সোনাক্ষী আৰু জাহীৰৰ প্ৰেম কাহিনীত কিউপিডৰ ভূমিকা ৰূপায়ণ কৰিছিল বুলি কোৱা হয়।

বিশ্ব এলাৰ্জি সপ্তাহঃ এলাৰ্জীজনিত ৰোগৰ বিষয়ে সজাগতা বৃদ্ধি কৰাই লক্ষ্য…

বিশ্ব এলাৰ্জী সজাগতা সপ্তাহ হৈছে এলাৰ্জিজনিত ৰোগ আৰু অন্যান্য আনুষংগিক চিকিৎসাজনিত অৱস্থাৰ প্ৰতি সজাগতা বৃদ্ধিৰ লক্ষ্যৰে অনুষ্ঠিত কৰা বাৰ্ষিক অনুষ্ঠান৷ বিশ্ব এলাৰ্জী সংস্থাই (WAO) বিশ্ব এলাৰ্জী সপ্তাহ পালন কৰে৷ এই বছৰ ২৩ জুন তাৰিখৰ পৰা ২৯ জুনলৈ বিশ্ব এলাৰ্জী সপ্তাহ পালন কৰা হ’ব৷ এই সপ্তাহজোৰা কাৰ্যসূচীয়ে ৰোগ নিৰ্ণয়, ব্যৱস্থাপনা আৰু কিছুমান এলাৰ্জী প্ৰতিৰোধ কৰাৰ উপায়ৰ বিষয়ে প্ৰশিক্ষণ আৰু সম্পদ প্ৰদানৰ পোষকতাতো গুৰুত্ব আৰোপ কৰে৷ বিশ্ব এলাৰ্জী সজাগতা সপ্তাহ বিশ্ব এলাৰ্জী সংস্থাৰ এক পদক্ষেপ৷ ২০০৫ চনতেই প্ৰথম বিশ্ব এলাৰ্জী দিৱস পালন কৰা হৈছিল৷ পৰৱৰ্তী সময়ত বিশ্ব এলাৰ্জী দিৱসৰ সকলো লক্ষ্যত উপনীত হ’বলৈ অধিক সময়ৰ প্ৰয়োজন বুলি সিদ্ধান্ত লোৱা হয় আৰু ২০১১ চনত বিশ্ব এলাৰ্জী সজাগতা সপ্তাহ প্ৰতিষ্ঠা কৰা হয়৷ বিশ্ব এলাৰ্জী সজাগতা সপ্তাহে মানুহক একত্ৰিত কৰিব বুলিও আশা কৰা হৈছে৷ ইয়াৰ উপৰিও বিভিন্ন এলাৰ্জিজনিত ৰোগ, হাপানী আৰু অন্যান্য আনুষংগিক বিকাৰৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এক মঞ্চ সৃষ্টি কৰে৷


এইবাৰ বিশ্ব এলাৰ্জী সজাগতা সপ্তাহৰ বিষয়বস্তু হৈছে শিশুৰ খাদ্য এলাৰ্জী৷ প্ৰতি বছৰে বিশ্ব এলাৰ্জী সংস্থাই (WAO) সজাগতা বিয়পোৱাৰ লক্ষ্যৰে সপ্তাহটোৰ বাবে এটা বেলেগ বেলেগ বিষয়বস্তু বাছি লয়৷ সমগ্ৰ সপ্তাহটোত ৱেবিনাৰ আৰু তথ্য থাকিব যিয়ে মানুহক থিমটোৰ বিষয়ে জ্ঞান দিয়াত সহায় কৰিব৷ বিশ্ব এলাৰ্জী সংস্থা (WAO) হৈছে এক আন্তঃৰাষ্ট্ৰীয় সংস্থা যাৰ সদস্যসকল বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১১১খন আঞ্চলিক আৰু ৰাষ্ট্ৰীয় এলাৰ্জলজী আৰু ক্লিনিকেল ইমিউন’লজী ছ’চাইটিৰে গঠিত৷ সদস্য সমিতিসমূহৰ সৈতে সহযোগিতা কৰি ডব্লিউ এ অ’ই বিশ্বৰ প্ৰায় ১০০ খন দেশৰ সদস্যসকলক প্ৰত্যক্ষ শৈক্ষিক প্ৰচাৰ কাৰ্যসূচী, চিম্পোজিয়াম আৰু বক্তৃতা প্ৰদান কৰে৷ এলাৰ্জী হৈছে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ এটা সাধাৰণ কাৰণ, যেনে এলাৰ্জিক হাঁপানী ৷ শ্বাস-প্ৰশ্বাসজনিত লক্ষণ দেখা দিব পৰা কিছুমান সাধাৰণ এলাৰ্জী হ’ল-পশু ৰন্ধ্ৰ-মেকুৰী আৰু কুকুৰ, ঘৰৰ ধূলিৰ ঘূণ, পোক-পৰুৱা, তেতেলী, পৰাগ আৰু খাদ্য৷ এলাৰ্জিজনিত হাঁপানীৰ কিছুমান লক্ষণ হ’ল কাহ, দ্ৰুতভাৱে উশাহ লোৱা, উশাহ লোৱাত কষ্ট পোৱা, ফোহা ওলোৱা, ছালত খজুৱতি হোৱা, চকুত খজুৱতি হোৱা, নাকৰ পৰা পানী ওলোৱা আদি৷ এটা অনুমান অনুসৰি ভাৰতত ২ শতাংশ প্ৰাপ্তবয়স্ক আৰু ৬ শতাংশ শিশু হাঁপানীত আক্ৰান্ত আৰু এই ৰোগ বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে য’ত জিনীয়, পৰিৱেশ, খাদ্য আৰু সংক্ৰমণ আদি অন্তৰ্ভুক্ত৷

পেলেষ্টাইনী শৰণাৰ্থী শিবিৰত ইজৰাইলৰ আক্ৰমণ; নিহত কমেও ২৫, আহত ৫০! বিশ্বজুৰি নিন্দা…

পেলেষ্টাইনত অব্যাহত আছে ইজৰাইলৰ আক্ৰমণ।গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি, উপকূলীয় ছিটমহলৰ দক্ষিণে ৰাফাৰ ওচৰৰ আল-মাৱাচীত গৃহহীন পেলেষ্টাইনীৰ শৰণাৰ্থী শিবিৰত চলোৱা ইজৰাইলৰ আক্ৰমণত কমেও ২৫ গৰাকী লোক নিহত আৰু ৫০ গৰাকী আহত হয়। পেলেষ্টাইনী অসামৰিক প্ৰতিৰক্ষা সংস্থাই জনোৱা মতে, আন এক পৃথক ঘটনাত ৰাফাৰ উত্তৰ-পশ্চিমে আল-শ্বাকুশ অঞ্চলত ইজৰাইলৰ গুলীবৰ্ষণত নিহত আৰু আহত অৱস্থাত কেইবাজনো লোকক উদ্ধাৰ কৰা হয়।


আল জাজিৰাৰ বাতৰি অনুসৰি, ইজৰাইলী বাহিনীয়ে গাজা মহানগৰ পৌৰসভাৰ গেৰেজ আৰু চহৰখনৰ এটা পাঁচমহলীয়া অট্টালিকাত বোমা বিস্ফোৰণ ঘটায়। ইয়াৰ পূৰ্বে গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে কৈছিল যে ইজৰাইলৰ সামৰিক বাহিনীয়ে বিগত ২৪ ঘণ্টাত কমেও ৩৫ গৰাকী পেলেষ্টাইনীক হত্যা কৰিছে। ইয়াৰ ফলত ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ ফলত মৃত্যুৰ সংখ্যা ৩৭,৪৩১ লৈ বৃদ্ধি পাইছে। ইফালে অঞ্চলটোত ইজৰাইলী অৱৰোধ অব্যাহত থকাৰ লগে লগে মানৱীয় পৰিস্থিতিৰ অৱনতি ঘটিছে।আনহাতে, এম এছ এফ নামে পৰিচিত ফৰাচী চিকিৎসা সাহায্য দল ‘ডক্টৰছ উইদাউট বৰ্ডাৰ’-এ শুকুৰবাৰে জনাইছে যে স্বাস্থ্যসেৱাৰ যোগান হ্ৰাস হোৱাৰ বাবে তেওঁলোকে গাজাত নিজৰ কাৰ্যকলাপ স্থগিত ৰাখিবলগা হ’ব পাৰে। এক বিবৃতিত দলটোৱে কয়, “এম এছ এফে অত্যাৱশ্যকীয় ঔষধ আৰু সঁজুলিৰ গুৰুতৰ অভাৱৰ সন্মুখীন হৈছে। কিয়নো এপ্ৰিলৰ শেষৰ পৰা গাজালৈ কোনো চিকিৎসা সামগ্ৰী আনিবলৈ সক্ষম হোৱা নাই।” আল জাজিৰাৰ প্ৰতিবেদনত প্ৰকাশ। আনহাতে, এম এছ এফে এই পৰিস্থিতিৰ বাবে ইজৰাইলক দোষাৰোপ কৰে। ইয়াৰ ভিতৰত আছে মে’ মাহত ৰাফা ক্ৰছিঙত সামগ্ৰী জব্দ আৰু সৰবৰাহ বন্ধ কৰা কাৰ্য।গাজা আৰু ইজিপ্তৰ মাজৰ ৰাফা ক্ৰছিঙে মানৱীয় সহায় আৰু সহায়কৰ্মীসকলৰ প্ৰৱেশৰ বাবে এক মুখ্য প্ৰৱেশদ্বাৰ হিচাপে কাম কৰিছিল।


এম এছ এফে কয়, “মে’ মাহৰ আৰম্ভণিতে গাজাৰ দক্ষিণত ইজৰাইলৰ আক্ৰমণৰ পিচত ৰাফা ক্ৰছিং বন্ধ হোৱাৰ লগতে ইজৰাইলী কৰ্তৃপক্ষই আৰোপ কৰা অন্তহীন বাধাৰ ফলত মুকলি হৈ থকা ক্ৰছিং, কেৰেম শ্লোম (কাৰেম আবু চালেম) প্ৰৱেশ স্থানৰ মাজেৰে মানৱীয় সাহায্যৰ সৰবৰাহ নাটকীয়ভাৱে লেহেমীয়া হৈ পৰিছে।” “ইয়াৰ ফলত ট্ৰাকৰ বৃহৎ শাৰী আৰু সমগ্ৰ গাজাত মানৱীয় সহায় প্ৰদানত বিপজ্জনক বিলম্ব হৈছে।” আল জাজিৰাৰ প্ৰতিবেদন প্ৰকাশ। উল্লেখ্য যে, আন্তৰ্জাতিক সতৰ্কবাণী সত্ত্বেও ইজৰাইলে মে’ মাহত ৰাফাত হামাছৰ বিৰুদ্ধে প্ৰতি-আক্ৰমণ আৰম্ভ কৰিছিল। অৱশ্যে ইজৰাইলক দক্ষিণ দিশৰ গাজা চহৰত আক্ৰমণ আৰম্ভ কৰাৰ বিৰুদ্ধে সতৰ্ক কৰি দিয়া আমেৰিকাই এই কথা জোৰ দি কৈছে যে ইজৰাইলৰ আক্ৰমণ ‘ডাঙৰ’ আক্ৰমণ নহয়। উল্লেখ্য যে, ৰাষ্ট্ৰসংঘ সমৰ্থিত আয়োগে গাজাত ইজৰাইলৰ ‘ইচ্ছাকৃতভাৱে’ গধুৰ অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ ‘অসামৰিক লোকৰ ওপৰত ইচ্ছাকৃত আৰু পোনপটীয়া আক্ৰমণ’ বুলি উল্লেখ কৰাৰ ঠিক দুদিন পিচতে শুকুৰবাৰে এই আক্ৰমণ সংঘটিত হয়। অৱশ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে সাধাৰণ লোকক লক্ষ্য কৰি লোৱাৰ অভিযোগ নাকচ কৰিছে।