Home Blog Page 753

কাশীত আনন্দৰে চাট উপভোগ কৰিলে নীতা আম্বানীয়ে! আনকি দোকানীক ৰেচিপিও বিচাৰিলে…

দেশৰ বৃহৎ উদ্যোগপতি মুকেশ আম্বানী আৰু তেওঁৰ পত্নী নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে অতি সোনকালে ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব। অহা মাহত ১২ জুলাইত দুয়োৰে বিবাহ হ’ব, যাৰ বাবে বিয়াৰ প্ৰস্তুতিত ব্যস্ত আম্বানী পৰিয়াল। ইফালে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ নীতা আম্বানীয়ে পুত্ৰৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ লৈ কাশী বিশ্বনাথলৈ গৈছিল। কাশী বিশ্বনাথত তেওঁক এখন সৰু ৰেষ্টুৰেণ্টত বহি কাশী চাট উপভোগ কৰা দেখা পোৱা গ’ল।

আনহাতে কাশীত বাবাৰ চৰণত বিয়াৰ নিমন্ত্ৰণী পত্ৰ ৰাখি পৰিয়ালৰ বাবে আশীৰ্বাদ ল’লে নীতা আম্বানীয়ে। ইফালে তেওঁৰ আন এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যিয়ে বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে। আচলতে কাশী বিশ্বনাথ ভ্ৰমণৰ পিছত নীতা আম্বানীক কাশীৰ এখন সৰু ৰেষ্টুৰেণ্টত বহি কাশী চাট উপভোগ কৰা দেখা যায়। ভিডিঅ’টোত তেওঁৰ লগত আন কিছু লোককো দেখা গৈছে। আনহাতে, ভিডিঅ’টোত নীতা আম্বানীয়ে বিভিন্ন ধৰণৰ চাট উপভোগ কৰা দেখা গৈছে, যিটো তেওঁৰ ইমানেই ভাল লাগিল যে দোকানীক ইয়াৰ ৰেচিপিও সুধিলে নীতা আম্বানীয়ে।

প্ৰথমবাৰৰ বাবে T20 ‍বিশ্বকাপৰ ছেমি ফাইনেলত আফগানিস্তান…

প্ৰথমবাৰৰ বাবে T20 ‍বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ আফগানিস্তান।


ইতিহাস ৰচনা কৰি বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰথমবাৰৰ বাবে আফগানিস্তান।

বাংলাদেশক পৰাস্ত কৰি ছেমিত স্থান নিশ্চিত আফগানিস্তানৰ।


শ্বাসৰুদ্ধকৰ মেচত শেষ হাঁহি মাৰিলে ৰছিদ খানৰ দলে।

দীপিকা পাডুকনৰ সন্তানক লৈ ভৱিষ্যদ্বাণী কমল হাছানৰ, ক’লেঃ দীপিকাৰ সন্তান নাগ অশ্বিনৰ দৰে হ’ব…

বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে ছেপ্টেম্বৰ মাহত প্ৰথম সন্তানক আদৰিব।গৰ্ভাৱস্থাতো দীপিকাই কাম কৰি গৈছিল আৰু বৰ্তমান তেওঁৰ আগন্তুক ছবি ‘কল্কী ২৮৯৮ খ্ৰীষ্টাব্দ’ৰ প্ৰচাৰত ব্যস্ত। শেহতীয়াকৈ ছবিখনৰ প্ৰি-ৰিলিজ ইভেণ্টত দীপিকাৰ সহ অভিনেতা কমল হাছানে অভিনেত্ৰীগৰাকীৰ আগন্তুক কেঁচুৱাক লৈ এক ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল। কমল হাছানে কয় যে দীপিকা পাডুকনৰ কেঁচুৱা নাগ অশ্বিনৰ দৰে ছবি নিৰ্মাতা হ’ব। অনুষ্ঠানৰ সময়ত দীপিকা পাডুকনে স্মৰণ কৰে যে কেনেকৈ নাগ অশ্বিনে তেওঁক কমল হাছানৰ প্ৰথম শ্বটৰ কথা ক’বলৈ শিশুসদৃশ মাতেৰে তেওঁক ফোন কৰিছিল।


দীপিকা পাডুকনে কয়, “মই বম্বেত আছিলো।” আমি বেলেগ বেলেগ সূচীত শ্বুটিং কৰি আছিলো বাবে দীঘলীয়া বিৰতি আছিল। নাগৰ এই মিছ কলটো দেখি মই ভাবিলোঁ কি হ’ল। তেওঁ ক’লে, ‘মই মাত্ৰ আপোনাক ফোন কৰি ক’লোঁ যে আমি কমল ছাৰৰ সৈতে আমাৰ প্ৰথম দিনটোৰ শ্বুটিং কৰিছিলো।’ দীপিকা পাডুকনে আৰু কয় যে তেওঁ শিশুৰ দৰেই উত্তেজিত আছিল।

ইয়াৰ পিছত কমল হাছানে ক’লে, “এই ছবিখন এনেদৰে নিৰ্মাণ কৰা হৈছিল।” আমি আশা কৰোঁ এই শিশুটিয়ে এদিন দীপিকা পাডুকনৰ ভৱিষ্যত সন্তান হ’ব, এদিন এখন ছবিও নিৰ্মাণ কৰিব।” কমল হাছানৰ পৰা এই কথা শুনি দীপিকা পাডুকনে হাঁহিবলৈ আৰম্ভ কৰে।

আপোনালোকক জনাওঁ যে দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে ২৯ ফেব্ৰুৱাৰীত ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল। এই পোষ্টটোত দীপিকা আৰু ৰণবীৰে কৈছিল যে তেওঁলোকে ছেপ্টেম্বৰ মাহত তেওঁলোকৰ কেঁচুৱাক আদৰণি জনাব।

ৰাম মন্দিৰ নিৰ্মাণত বিসংগতি…

ৰাম মন্দিৰ নিৰ্মাণত বিসংগতি। বছৰৰ প্ৰথমজাক বৰষুণতে মন্দিৰৰ ছাদৰ পৰা নিগৰিল পানী।
উদঘাটন কৰা ৬মাহৰ পিছতেই ৰামলালাৰ মন্দিৰত বিসংগতিয়ে দেখা দিলে।

ৰাম মন্দিৰৰ ছাদত বৃহৎ ফাট মেলাৰ কথা প্ৰকাশ কৰিছে মন্দিৰৰ পূজাৰীয়ে। কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা ৰাম মন্দিৰত কিয় এনেধৰণৰ বিসংগতিয়ে দেখা দিলে বুলি প্ৰশ্ন উৎত্থাপন কৰিছে সকলোৱে। গৰ্ভগৃহৰ সন্মুখৰ মণ্ডপত ৪-৫ ইঞ্চি পৰ্যন্ত পানী।

ৱাই এছ আৰ চি পিৰ কাৰ্যালয়ত প্ৰশাসনৰ বুলড’জাৰ! চৰকাৰী ভূমিত নিৰ্মাণ কৰা হৈছিল কেন্দ্ৰীয় কাৰ্যালয়…

অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰ জিলাৰ তাদেপল্লী মণ্ডলৰ সীতানগৰত থকা ৱাই এছ আৰ চি পিৰ কাৰ্যালয়ৰ বাবে অবৈধভাৱে নিৰ্মাণ কৰি থকা অট্টালিকাটো ভাঙি পেলায় বিষয়াসকলে। জল আৰু নিষ্কাশন বিভাগৰ মাটিত নির্মাণ কৰি আছিল দলীয় কার্যালয়৷ এই ঠাইখন আগতে চৰকাৰে নাও চলাচলৰ বাবে ব্যৱহাৰ কৰিছিল। এই অবৈধ নিৰ্মাণৰ বাবে চি আৰ ডি এয়ে ৱাই এছ আৰ চি পিলৈ জাননী জাৰি কৰিছিল। জাননীৰ সঠিক সঁহাৰি নিদিয়াৰ বাবে বিষয়াসকলে ভৱনটো ভাঙি পেলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে। জলসিঞ্চনৰ ভূমিত দলীয় কাৰ্যালয়ৰ বাবে অবৈধ নিৰ্মাণৰ কাম ভাঙিলে এম টি এম চিৰ বিষয়াসকলে। প্ৰাক্তন মুখ্যমন্ত্ৰী জগন মোহনে তাদেপল্লীত ২ একৰ জলসিঞ্চনৰ ভূমি দলীয় কাৰ্যালয়ৰ বাবে আবণ্টন দিছিল। ৱাই এছ আৰ চি পিৰ নেতাসকলে ২ একৰ মাটিত দলীয় কাৰ্যালয় ভৱন নিৰ্মাণ কৰি বাকী ১৫ একৰ ব্যক্তিগত কামত ব্যৱহাৰ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল। কিন্তু জলসিঞ্চন বিভাগে মাটিৰ দখল ৱাই এছ আৰ চি পিক গতাই দিবলৈ সন্মত নহ’ল। চি আৰ ডি এ, এম টি এম ই আৰু ৰাজহ বিভাগে এই মাটি ৱাই এছ আৰ চি পিক গতাই দিয়া নাছিল।


আনকি কাৰ্যালয় নিৰ্মাণৰ বাবেও আবেদন কৰা নাছিল ৱাই এছ আৰ চি পিয়ে। ৱাই এছ আৰ চি পিয়ে জলসিঞ্চনৰ ভূমি বেদখল কৰি কোনো অনুমতি অবিহনে কাৰ্যালয় নিৰ্মাণৰ কাম আৰম্ভ কৰে। টিডিপি গুণ্টুৰ জিলাৰ সাধাৰণ সম্পাদক পোথিনেনী শ্ৰীনিবাস ৰাৱে ৱাই এছ আৰ চি পিৰ বেদখলৰ অভিযোগ উত্থাপন কৰে। তেওঁ চি আৰ ডি এ আৰু এম টি এম চিৰ আয়ুক্তসকলক বেদখল আৰু অবৈধ নির্মাণৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী জনায়৷ এই অভিযোগৰ ওপৰত এমটিএমচিয়ে অবৈধ কাঠামো ভাঙি পেলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰেl 

বিবাহপাশত আৱদ্ধ হৈ বিপদত অভিনেত্ৰী সোনাক্ষী সিনহা…

মুছলমান যুৱকেৰে বিবাহপাশত আৱদ্ধ হৈ বিপদত পৰিছে অভিনেত্ৰী সোনাক্ষী সিনহা। বিহাৰত প্ৰৱেশ নিষিদ্ধ কৰিলে সোনাক্ষী সিনহাৰ। বিবাহৰ বিৰোধিতাৰে পোষ্টাৰ লগালে পাটনাত।

২৩ জুনত সম্পন্ন হৈছিল ইকবাল আৰু সোনাক্ষী সিনহাৰ বিবাহ।পিতৃ শত্ৰুঘ্ন সিনহাক সমগ্ৰ ঘটনাতো পুনৰ বিবেচনা কৰি চাবৰ বাবেও আহ্বান জনায় হিন্দু ভৱানী সেনাই।

ভক্তৰ সমাগমেৰে উখল-মাখল নীলাচলৰ বুকু! আজি অন্তিম দিন অম্বুবাচী মহাযোগৰ…

ভক্তৰ সমাগমেৰে উখল-মাখল নীলাচলৰ বুকু।

আজি অম্বুবাচী মেলাৰৰ অন্তিম দিন।

নিশা ৯ বাজি ৭ মিনিটত অম্বুবাচীৰ নিবৃত্তি।

কাইলৈ পুৱা ভক্তৰ বাবে খোলা হ’ব মন্দিৰৰ দুৱাৰ।

ঔষধতকৈ ডায়েট অধিক ফলপ্ৰসূ ডায়েবেটিছত! এই কথা প্ৰকাশ পাইছে গৱেষণাত…

ডায়েবেটিছ ৰোগীৰ বাবে এই লেখাটো।ঔষধতকৈ ডায়েবেটিছক ভালদৰে নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ ৰোগীৰ বাবে চেনি নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। কিন্তু শেহতীয়াকৈ কৰা এক অধ্যয়ন অনুসৰি ৫:২ ডায়েট প্লেন টাইপ ২ ডায়েবেটিছত আক্ৰান্ত লোকৰ বাবে ঔষধতকৈ অধিক উপকাৰী বুলি কোৱা হৈছে। যদি আপুনি ঔষধ অবিহনে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব বিচাৰে, তেন্তে এই ডায়েট প্লেন চেষ্টা কৰকঃ

৫:২ ডায়েটো মাজে মাজে উপবাস কৰাৰ দৰেই। ইয়াৰ বাবে পাঁচ দিন কোনো ধৰণৰ বিৰতি নোলোৱাকৈ খাদ্য খোৱা আৰু একেৰাহে দুদিন কেলৰি ৫০০-৬০০ কমাব লাগে। এনে খাদ্য পৰিকল্পনা পালন কৰিলে গ্লাইচেমিক নিয়ন্ত্ৰণত সহায় কৰাই নহয় মেদবহুলতা হ্ৰাস কৰাতো সহায় কৰে।

৪০৫ জন প্ৰাপ্তবয়স্কৰ ওপৰত কৰা এই অধ্যয়নত দেখা গৈছে যে ৫:২ খাদ্য পৰিকল্পনা অনুসৰণ কৰিলে মেটফৰ্মিন আৰু এম্পাগ্লিফ্ল’জিনৰ তুলনাত গ্লাইচেমিক নিয়ন্ত্ৰণ (তেজৰ গ্লুক’জৰ মাত্ৰা) উন্নত হয়। যাৰ বাবে ইয়াক টাইপ ২ ডায়েবেটিছ ৰোগীৰ বাবে ঔষধৰ এক উৎকৃষ্ট বিকল্প কৰি তোলা হৈছে।

গৱেষকসকলে ৰিপ’ৰ্ট কৰিছে যে ৫:২ খাদ্য গ্ৰহণ কৰা ডায়েবেটিছ ৰোগীৰ তেজৰ গড় চেনিৰ পৰিমাণ তিনি মাহত যথেষ্ট হ্ৰাস পোৱা দেখা গৈছে। ইয়াৰ উপৰিও তেওঁলোকৰ কঁকালৰ চৰ্বিও হ্ৰাস পোৱা দেখা গৈছিল।

টি-২০ বিশ্বকাপত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ছেমি-ফাইনেলত ভাৰত…

এদিনীয়া বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ছেমি-ফাইনেলত ভাৰত। ভাৰতৰ ২০৫ ৰানৰ ব্যৱধানত অষ্ট্ৰেলিয়াই ১৮১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হ’ল।

ছেইন্ট লুচিয়াত পৰাজয়ৰ পিছতে প্ৰতিশোধ ল’লে ভাৰতে।ছুপাৰ এইটতো টীম ইণ্ডিয়াই দুৰ্দান্ত আৰম্ভণি কৰিছিল। ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাৰ তত্বাৱধানত দুৰ্দান্ত প্ৰদৰ্শণ কৰি অৱশেষত ছেমি-ফাইনেলত নামিল ভাৰত।

দিল্লী জলমন্ত্ৰী আতিশী মালেৰ্না অসুস্থ! ৪ দিন ধৰি অনিৰ্দিষ্টকালীন অনশনত আছিল আতিশী…

দিল্লী জলমন্ত্ৰী আতিশী মালেৰ্না অসুস্থ।

স্বাস্থ্যৰ অধিক অৱনতি ঘটাত লোক নায়ক জয়প্ৰকাশ নাৰায়ণ হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হয়।

হাৰিয়ানাই দিল্লীৰ পানীৰ অংশ মোকলাই নিদিয়াৰ বাবে বিগত ৪ দিন ধৰি অনিৰ্দিষ্টকালীন অনশনত আছিল আতিশী।

অনিৰ্দিষ্টকালীন অনশন কৰি থকা অৱস্থাতে জলমন্ত্ৰী আতিশী হঠাতে পুৱা প্ৰায় ৩ বজাত অসুস্থ হৈ পৰে।