Home Blog Page 755

NEET বিতৰ্ক সমাপ্তি হ’ব কেতিয়া? ইছৰোৰ প্ৰাক্তন অধ্যক্ষৰ নেতৃত্বত গঠন উচ্চ পৰ্যায়ৰ সমিতি…

UGC-NET বাতিলক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। ইয়াৰ মাজতে শিক্ষা মন্ত্ৰালয়ে পৰীক্ষাৰ স্বচ্ছ, মসৃণ আৰু নিৰপেক্ষ পৰিচালনা নিশ্চিত কৰাৰ বাবে বিশেষজ্ঞৰ এক উচ্চ-পৰ্যায়ৰ সমিতি গঠন কৰিছে। সমিতিখনে পৰীক্ষা প্ৰক্ৰিয়াৰ প্ৰণালী উন্নত কৰা, তথ্য সুৰক্ষা প্ৰট’কল উন্নত কৰা আৰু এনটিএৰ গাঁথনি আৰু কাৰ্যকলাপ উন্নত কৰাৰ বিষয়ে পৰামৰ্শ দিব। কেন্দ্ৰই শনিবাৰে উল্লেখ কৰা মতে ইছৰোৰ প্ৰাক্তন মুৰব্বীৰ নেতৃত্বত গঠন কৰা হৈছে এই উচ্চ-পৰ্যায়ৰ সমিতি।সমিতিখনে ইছৰোৰ প্ৰাক্তন অধ্যক্ষ তথা আইআইটি কানপুৰৰ বিঅ’জিৰ অধ্যক্ষ কে ৰাধাকৃষ্ণণৰ অধ্যক্ষতাত কাম কৰিব।শিক্ষা মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই জনোৱা মতে সমিতিখনে দুমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ প্ৰণালীত সংস্কাৰ, তথ্য সুৰক্ষা প্ৰটোকলৰ উন্নতি আৰু এনটিএৰ গাঁথনি আৰু কাৰ্যকলাপৰ ওপৰত প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াব।


সমিতিখনৰ আন সদস্যসকলৰ ভিতৰত আছে এইমছ দিল্লীৰ প্ৰাক্তন সঞ্চালক ড০ ৰণদীপ গুলেৰিয়া, হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বি জে ৰাও, অধ্যাপক এমিৰিটাছ, অসামৰিক অভিযান্ত্ৰিক বিভাগ, আইআইটি মাদ্ৰাজৰ অধ্যাপক ৰামমূৰ্তি কে, পিপল ষ্ট্ৰং আৰু ব’ৰ্ডৰ সদস্য-কৰ্মযোগী ভাৰতৰ সহ-প্ৰতিষ্ঠাপক পংকজ বনচাল, আইআইটি দিল্লীৰ ডিন ষ্টুডেণ্ট এফেয়াৰ্ছ অধ্যাপক আদিত্য মিত্তাল, শিক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব গোবিন্দ জয়ছোৱাল।সমিতিয়ে এনটিএৰ বিদ্যমান ডাটা সুৰক্ষা প্ৰক্ৰিয়া আৰু প্ৰট’কলৰ মূল্যাঙ্কন কৰিব আৰু ইয়াৰ উন্নতিৰ বাবে ব্যৱস্থাৰ পৰামৰ্শ দিব বিভিন্ন পৰীক্ষাৰ বাবে কাগজ-ছেটিং আৰু অন্যান্য প্ৰক্ৰিয়াৰ সৈতে সম্পৰ্কিত বিদ্যমান সুৰক্ষা প্ৰট’কলবোৰো পৰীক্ষা কৰি প্ৰণালীটোৰ দৃঢ়তা বৃদ্ধি কৰাৰ বাবে পৰামৰ্শ দিব সমিতিয়ে।

ভাল খবৰ! ভাৰতীয় দলত স্থান লাভ ৰিয়ান পৰাগৰ…

ভাৰতীয় দলত স্থান লাভ কৰিলে ৰিয়ান পৰাগে।


জিম্বাৱ’ৱে ভ্ৰমণত স্থান পালে ৰিয়ান পৰাগে।


জিম্বাৱ’ৱেৰ বিৰুদ্ধে ভাৰতৰ ৫খনীয়া T-20 শৃংখলা।


জাতীয় দলত অসম তথা উঃ পূবৰ প্ৰথমগৰাকী খেলুৱৈ ৰিয়ান।


T20 বিশ্বকাপৰ SUPER-8ত ছেমিফাইনেলত প্ৰৱেশ দক্ষিণ আফ্ৰিকা…

T20 বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ দক্ষিণ আফ্ৰিকাৰ৷

SUPER 8ত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ৷

DLS পদ্ধতিত ৩ উইকেটত জয়ী দক্ষিণ আফ্ৰিকা৷

ইতিমধ্যে গ্ৰুপ-২ৰ পৰা ছেমিফাইনেলত প্ৰৱেশ কৰিছে ইংলেণ্ডেও৷

সাৰ পাই গাখীৰ চাহৰ চুমুক দিয়ে নেকি? ইয়াৰ ফলত কি ক্ষতি হৈছে জানেনে…

ৰাতিপুৱা গাখীৰ চাহ নোখোৱাকৈ দিনটো আৰম্ভ নহয়। অফিচৰ কামৰ মাজতেই হওক বা সন্ধিয়া আড্ডা দিয়াৰ সময়তেই হওক, গাখীৰ চাহ একাপ খাই সকলোৱে ভাল পাই। আনহাতে বেছিভাগ মানুহৰে প্ৰথম পছন্দ হৈছে ‘বেড টি’। মানে চকু মেলিয়ে চাহৰ চুমুক দিব। নহলে আকৌ টোপনি নাহে। বহুতেই ক’লা চাহতকৈ গাখীৰ চাহৰ অনুৰাগী।

ৰাতিপুৱা সাৰ পোৱাৰ পিছত খালী পেটত গাখীৰৰ চাহ খোৱাটো একেবাৰেই স্বাস্থ্যকৰ নহয়। চাহ খোৱাৰ সময়ত কেনেকৈ খোৱা হয় সেয়াও গুৰুত্বপূৰ্ণ। আমি সকলোৱে জানো যে গাখীৰৰ চাহ খোৱাটো ভাল নহয়। কিন্তু মনটোৱে সেইটো মানি ল’ব নিবিচাৰে। প্ৰতিদিনে খালী পেটত গাখীৰৰ চাহ খালে শৰীৰত পানীৰ অভাৱ হ’ব পাৰে। গাখীৰ চাহ খোৱাৰ ফলত হাৰ্টবাৰ্ণৰ সমস্যা বৃদ্ধি পাব। গাখীৰত ভিটামিন বি ১২ আৰু ভিটামিন চি থাকে। যদি কেৱল গাখীৰ খোৱা হয়, তেন্তে এই দুটা ভিটামিন শৰীৰৰ বাবে অতি উপকাৰী। কিন্তু যদি গাখীৰ চাহ খোৱা হয়, তেন্তে এই দুটা ভিটামিনৰ পুষ্টিকৰ মূল্য হেৰাই যায়।

আনহাতে খালী পেটত গাখীৰৰ চাহ খালে পেপটিক আলচাৰ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়। গাখীৰ চাহ মানেই চেনি যোগ কৰি সোৱাদ বৃদ্ধি কৰা। সমস্যাটো হ’ল এই চেনি শৰীৰৰ বাবে একেবাৰেই ভাল নহয়। নিয়মিতভাৱে মিঠা গাখীৰৰ চাহ খালে তেজৰ চেনি বৃদ্ধি হোৱাটো নিশ্চিত। ডায়েবেটিছ ৰোগীয়ে এনে চাহ খাব নালাগে।

চাহত থকা টেনিনে দাঁতত দাগ পেলাব পাৰে। ৰাতিপুৱা সোনকালে খালী পেটত চাহ খালে শৰীৰৰ বিষাক্ত পদাৰ্থ কম হোৱাৰ পৰিৱৰ্তে বৃদ্ধি পাব পাৰে।১ গিলাচ পানী খাই তাৰ পিছত চাহ একাপ চুমুক দিব। খালী পেটত গাখীৰ-চাহ খালে পোনপটীয়াকৈ পেটত প্ৰভাৱ পৰে। ফলত পাচনতন্ত্ৰৰ সমস্যা, কোষ্ঠকাঠিন্য, পেটৰ বিষ অতি সোনকালে দেখা দিব।

জিম্বাবুৱেৰ বিৰুদ্ধে T-20 শৃংখলাত ভাৰতীয় দলক নেতৃত্ব দিব শুভমন গীলে! ভাৰতীয় দলত স্থান পাবনে ৰিয়ান পৰাগে…

জিম্বাবুৱেৰ বিৰুদ্ধে T-20 শৃংখলাত ভাৰতীয় দলক শুভমন গীলে নেতৃত্ব দিয়াৰ সম্ভাৱনা!

ভাৰতীয় দলত ৰিয়ান পৰাগ, অভিষেক শৰ্মা, হৰ্ষিত ৰাণাৰ দৰে যুৱ ক্রিকেটাৰে স্থান পোৱাৰ সম্ভাৱনা।

THE INDIAN EXPRESS-এ সদৰি কৰিছে এই তথ্য।

শিশুৰ চকুত বাঢ়িছে চশমাৰ সংখ্যা, ইয়াৰ আঁৰৰ কাৰণ কি…

সৰুৰে পৰা মোবাইল চোৱাৰ অভ্যাসে চকুৰ দৃষ্টিশক্তি বেয়া কৰে। আনহাতে ক’ৰনা আৰু লকডাউনৰ পৰিস্থিতিৰ বাবে বিদ্যালয়সমূহত চলিছিল অনলাইন ক্লাছ। শিশুৱে প্ৰায়ে চকুৰে সমস্যা বুজি নাপায়। বহু সময়ত চকু টিপিয়াই চাবলৈ চেষ্টা কৰে। এটা চকুৰ সমস্যা হ’লে মগজুৱে সেই চকুৰ সলনি আনটো চকুৰে চাবলৈ জোৰ দিয়ে। লগতে চকুত চাপ পৰে।

আজিকালি ল’ৰা-ছোৱালীয়ে বিশেষকৈ খাদ্য খোৱাৰ সময়ত মোবাইল ফোন চোৱাটো অভ্যাসত পৰিণত হৈছে। কেতিয়াবা শিশুসকলক মনে মনে ৰাখিবলৈ মোবাইল ফোন দিয়া হয়।ইয়াৰ লগতে শিশুসকলৰ বাহিৰলৈ ওলাই গৈ খেলা-ধূলা বা দিনৰ পোহৰৰ কাম-কাজৰ প্ৰৱণতাও কমিছে। যাৰ ফলত চকুৰ শক্তি অলপ কমিছে।

ল’ৰা-ছোৱালীক ম’বাইলৰ সৈতে নহয়, কিতাপৰ সৈতে পৰিচয় কৰাই দিয়া উচিত। ঘৰত খেলিবলৈ দিব লাগে। গতিকে, যিকোনো পৰ্দা চোৱা কম কৰিব পাৰি। সেয়াই প্ৰাপ্তবয়স্কৰ দায়িত্ব। কিন্তু আজিকালি শিশুক পৰ্দাৰ পৰা আঁতৰাই ৰখাটো একেবাৰেই সম্ভৱ নহয়, গতিকে মোবাইলৰ সলনি টিভিত কাৰ্টুন বা কিবা এটা চোৱাই ভাল। কাৰণ টিভিৰ পৰ্দাৰ আকাৰো ডাঙৰ আৰু চকুৰ পৰা নিৰ্দিষ্ট দূৰত্ব বজাই ৰখা সম্ভৱ।

আনহাতে চকুৰ বাবে সৰুৰে পৰা সুষম খাদ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। ফল-মূল, যেনে- কুমলীয়া ডালিম, পকা অমিতা, জলকীয়া, কচু, বাদাম, বিলাহী, বুট আদি সেউজীয়া পাতৰ শাক-পাচলি খাব লাগে। ভিটামিন এ আৰু ডি সমৃদ্ধ খাদ্যৰ ওপৰত গুৰুত্ব দিয়া উচিত।

ধৰ্ম অনুযায়ী নহয় সোনাক্ষীৰ বিয়া বিশেষ বিবাহ আইনত! এই আইনৰ বৈশিষ্ট্য কি…

সোনাক্ষী সিনহা আৰু জহীৰ ইকবালৰ বিবাহ হ’ব বিশেষ বিবাহ আইন, ১৯৫৪ অনুসৰি, হিন্দু বা মুছলমান নহয়। ২৩ জুন দেওবাৰে নিশা দুয়ো বিবাহপাশত আবদ্ধ হয়। আৰম্ভণিৰে পৰাই সোনাক্ষী আৰু জহীৰৰ বিবাহে হিন্দু হওক বা মুছলমানেই হওক কোনবোৰ নিয়ম মানি চলিব সেই সম্পৰ্কে জল্পনা-কল্পনা চলিছিল। অৱশ্যে সেই জল্পনা-কল্পনাৰ অন্ত পেলালে সোণাক্ষীৰ শহুৰেক ইকবাল ৰতনচিয়ে। তেওঁ কয় যে সোণাক্ষী আৰু জহীৰৰ বিবাহ কোনো ধৰ্মীয় নীতি-নিয়ম মানি চলা নাই। মুছলমান পৰিয়ালত বিবাহপাশত আবদ্ধ হ’লেও সোণাক্ষীয়ে নিজৰ ধৰ্ম সলনি নকৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে। ‘বিশেষ বিবাহ আইন’ অনুসৰি বিয়া হয় সোণাক্ষী-জাহিৰৰ। ইয়াৰ পূৰ্বে অভিনেত্ৰী স্বৰা ভাস্কৰ আৰু সমাজবাদী পাৰ্টিৰ যুৱ নেতা ফাহাদ আহমেদেও এই আইনৰ অধীনত বিবাহপাশত আবদ্ধ হৈছিল।

ভাৰতবৰ্ষত বিবাহ আইন তিনি প্ৰকাৰৰ। ১) হিন্দু বিবাহ আইন ২) মুছলমান বিবাহ আইন আৰু ৩) বিশেষ বিবাহ আইন। এই বিশেষ বিবাহ আইনখন ১৯৫৪ চনৰ ৯ অক্টোবৰত সংসদত গৃহীত হয়। এই আইনখনে কোনো ধৰ্মীয় ৰীতি-নীতি পালন নকৰাকৈ বিবাহৰ অধিকাৰ প্ৰদান কৰে। এই আইনত ধৰ্মান্তৰকৰণৰ কথা কোৱা হোৱা নাই। ধৰ্মীয় পৰিচয় সলনি নকৰাকৈ এজনে বিয়া পাতিব পাৰে।

জাতি-ধৰ্ম নিৰ্বিশেষে সকলো ভাৰতীয় নাগৰিকে এই আইনৰ অধীনত বিবাহপাশত আবদ্ধ কৰিব পাৰিব। আনকি যিসকলে নিজকে ধৰ্মীয় পৰিচয়ৰ বাহিৰত ৰাখিব বিচাৰে, তেওঁলোকেও এই আইনৰ অধীনত বিবাহৰ অধিকাৰ লাভ কৰে।

আজি কামাখ্যাত অম্বুবাচী মেলাৰ তৃতীয়টো দিন…

আজি কামাখ্যাত অম্বুবাচী মেলাৰ তৃতীয়টো দিন।

দেশ-বিদেশৰ হাজাৰ হাজাৰ ভক্তৰে ভৰি পৰিছে কামাখ্যা ধামত।

ভক্তৰে উখল-মাখলৰ পৰিৱেশ নীলাচলৰ বুকুত।

শনিবাৰে পুৱা ৮ বাজি ৪৩ মিনিটত প্ৰবৃত্তি।

২৫ জুনৰ নিশা ৯বাজি ১৯মিনিটত হ’ব নিবৃত্তি।

চৌদি আৰৱত হাহাকাৰ! হজ যাত্ৰাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩০০, খোজকাঢ়ি যাওঁতে বহু তীৰ্থযাত্ৰী নিহত…

ছৌদি আৰৱৰ চৰকাৰী হিচাপ অনুসৰি এইবাৰ হজত ১৩০১ জন বিদেশীৰ মৃত্যু হৈছে। ইজিপ্ত, ইণ্ডোনেছিয়া, ভাৰতৰ দৰে দেশৰ পৰা হজ কৰিছিল বহু লোকে। ছৌদি আৰৱত হজ যাত্ৰাত শ শ হজযাত্ৰীৰ মৃত্যু হৈছে। মৃত্যুৰ সংখ্যাই হাজাৰৰ সীমা অতিক্ৰম কৰিলে। ছৌদি চৰকাৰে কৈছে যে অত্যধিক গৰমৰ বাবেই বহু লোকৰ মৃত্যু হৈছে। গৰমত খোজ কঢ়াৰ সময়ত বহু লোক অসুস্থ হৈ পৰে। ৰাজপথ, চিকিৎসালয়ত বহু লোকৰ মৃত্যু। স্বাস্থ্য মন্ত্ৰালয়ে লগতে জনাইছে যে গৰমৰ লগত জড়িত ৰোগৰ বাবে বৰ্তমান ছৌদি আৰৱৰ বিভিন্ন চিকিৎসালয়ত আৰু ৯৫ জন লোক চিকিৎসাধীন হৈ আছে।

এই বছৰ হাজত ৯৮ জন ভাৰতীয়ৰ মৃত্যু হৈছে, ছৌদি চৰকাৰৰ পৰিসংখ্যা অনুসৰি ১৩০১ জন হজযাত্ৰীৰ ভিতৰত ৬৬০ জন হজ কেৱল ইজিপ্তৰ পৰাই হজ যাত্ৰা কৰিছিল। ইয়াৰে ৩১ জনৰ বাহিৰে কোনো এজনৰ অনুমতি নাছিল।

ইজিপ্তৰ বাহিৰে আন দেশৰ হজযাত্ৰীৰো হজত মৃত্যু হৈছে। ইণ্ডোনেছিয়াৰ ১৬৫ জন। ইয়াৰ উপৰিও জৰ্ডান, টিউনিছিয়া, মৰক্কো, আলজেৰিয়া, মালয়েছিয়াৰ লোকো এই তালিকাত আছে। হজত মৃত্যু হয় দুই আমেৰিকান নাগৰিকৰো।

বিলাহীকে ধৰি এই ৫টা খাদ্য মগজুৰ বাবে অতি উপকাৰী! খোৱাৰ লগে লগে বৃদ্ধি পাই স্মৃতিশক্তি…

মগজুক ভালে ৰাখিবলৈ ছুপাৰফুডসমূহ আপোনাৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। মনত ৰাখিব, সুস্থ মন এটা সুস্থ শৰীৰৰ আধাৰ, মগজু হৈছে আমাৰ শৰীৰৰ আটাইতকৈ জটিল অংগ, যিয়ে অবিৰতভাৱে কাম কৰি থাকে। এনে পৰিস্থিতিত মানসিক স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ। সেইবাবে খাদ্যত কিছুমান ছুপাৰফুড অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ ফলত মগজুৰ কাৰ্য্যক্ষমতা আৰু স্মৃতিশক্তিও উন্নত হয়ঃ

ছালমন, মাগুৰ আৰু টুনা আদি তেলীয়া মাছত ওমেগা-৩ ফেটি এচিড প্ৰচুৰ পৰিমাণে পোৱা যায়। এই ফেটি এচিডবোৰে মগজুৰ বিকাশ আৰু কোষ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ওমেগা-৩ সমৃদ্ধ খাদ্যই মগজু চোকা কৰাত সহায় কৰে আৰু স্মৃতিশক্তি বৃদ্ধি কৰে।

ষ্ট্ৰবেৰী, ব্লুবেৰী আৰু ৰাস্পবেৰী আদি জামুত এন্টিঅক্সিডেন্ট পোৱা যায়। এই এন্টিঅক্সিডেন্টবোৰে মগজুৰ কোষবোৰক ক্ষতিৰ পৰা ৰক্ষা কৰে, যাৰ ফলত স্মৃতিশক্তি শক্তিশালী হয় আৰু শিক্ষণ ক্ষমতা বৃদ্ধি পায়।

ভিটামিন ইয়ে মগজুৰ কোষক অক্সিডেটিভ ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু মগজুক চোকা কৰি ৰখাত সহায় কৰে।

বিলাহীত লাইকোপেন নামৰ এন্টিঅক্সিডেন্ট পোৱা যায়। লাইকোপেনে বয়স বৃদ্ধিৰ লগত জড়িত ক্ষতিৰ পৰা মগজুক ৰক্ষা কৰাৰ লগতে স্মৃতিশক্তি শক্তিশালী কৰিব পাৰে।