Home Blog Page 756

আজিৰে পৰা অষ্টাদশ লোকসভাৰ অধিৱেশন, শপত ল’ব নৱনিৰ্বাচিত সাংসদসকলে…

আজিৰে পৰা আৰম্ভ অষ্টাদশ লোকসভাৰ অধিৱেশন।


২৪জুনৰ পৰা ৩জুলাইলৈকে চলিব এই অধিৱেশন।


নৱনিৰ্বাচিত সাংসদসকলেৰ শপত গ্ৰহণৰে আৰম্ভ হ’ব এই অধিৱেশন।


২৬জুনত হ’ব লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন।


২৭জুনত দুয়োখন সদনক সম্বোধি ৰাষ্ট্ৰপতিয়ে ৰাখিব ভাষণ।


৮দিনীয়াকৈ অনুষ্ঠিত হ’ব এই অধিৱেশন।


অধ্যক্ষ নিৰ্বাচিত নোহোৱালৈকে ভাতৃহৰি মহতাবক প্ৰটেম অধ্যক্ষ হিচাপে নিৰ্বাচিত।

বিবাহপাশত আৱদ্ধ অভিনেত্ৰী সোণাক্ষী সিনহা আৰু জাহিৰ ইকবাল, চকুলো টুকা দেখা গ’ল সোণাক্ষীক…

আনুষ্ঠানিকভাৱে বিবাহপাশত আৱদ্ধ অভিনেত্ৰী সোণাক্ষী সিনহা আৰু জাহিৰ ইকবাল।

দুয়োকে অতি ধুনীয়া দেখা গৈছে।

বিয়া আৰু অভ্যৰ্থনাৰ ভাইৰেল ছবি আৰু ভিডিঅ’ৰ মাজতে সোণাক্ষী আৰু জহীৰৰ বিবাহৰ পূৰ্বে কৰা এক অনুষ্ঠানৰ ক্লিপো ওলাইছে, য’ত অভিনেত্ৰীগৰাকীক চকুলো টুকি থকা দেখা গৈছে।

T20 বিশ্বকাপৰ SUPER-8ত আজি ভাৰতৰ তৃতীয়খন মেচ, অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব টীম ইণ্ডিয়া…

T20 বিশ্বকাপৰ SUPER 8ৰ আজি ভাৰতৰ তৃতীয়খন মেচ৷

অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব ৰোহিত শৰ্মা বাহিনী৷

সন্ধিয়া ৮ বজাত ছেইণ্ট লুচিয়াত অনুষ্ঠিত হ’ব ৰোমাঞ্চকৰ মেচখন৷

আজিৰ মেচখনত জয়ী হ’লেই ছেমি ফাইনেলত প্ৰৱেশ কৰিব ভাৰতীয় দলে৷

ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে জাগি উঠিল পশ্চিম দৰঙৰ যুৱ সমাজ…

ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে জাগি উঠিল পশ্চিম দৰঙৰ যুৱ সমাজ। দেওবাৰে পশ্চিম দৰঙৰ জয়পাল যুৱ সমাজ আৰু বৰকুমাৰ পাৰা যুৱ সমাজৰ উদ্যোগত আয়োজিত হ’ল মদ, ড্ৰাগছ, জুৱা আদি ৰোধ কৰাৰ প্ৰয়াসেৰে এখন ৰাজহুৱা সজাগতা সভা।বৃহত্তৰ অঞ্চলটোত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ক্ৰমবৰ্দ্ধমান ৰূপত যুৱ প্ৰজন্মৰ মাজত বাঢ়ি অহা ড্ৰাগচ তথা মাদকদ্ৰব্যৰ আসক্তি দূৰ কৰি এখন সুস্থ সমাজ গঢ়াৰ উদ্দেশ্যৰে আয়োজন কৰা সভাখনত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন দল সংগঠন সংঘ ৰ প্ৰতিনিধিৰ লগতে গাঁওপ্ৰধান, আৰক্ষী, অধিবক্তা আৰু শিক্ষকৰ উপৰিও সচেতন নাগৰিক সকলে অংশ লৈ যুৱ সমাজৰ পদক্ষেপক আদৰণি জনাই।

পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক চাহাবুদ্দিন আহমেদৰ সঞ্চালনাত পৰিচালিত সভাখনত দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকা, গুৱাহাটী হাই কোৰ্টৰ অধিবক্তা ড°আব্দুল ওৱাদূত, যুৱ সমাজ সংগঠক আব্দুৰ ৰহমান ,জাতীয় বিদ্যালয় পথৰুঘাটৰ অধ্যক্ষ ইমৰান হুছেইন, ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি আবু আয়ুৱ আনচাৰি, আদি কেইবা গৰাকীও ব্যক্তিয়ে সভাষনত কেনকৈ যুৱ প্ৰজন্মক নিছা আসক্তিৰ পৰা আঁতৰত ৰাখিব পাৰি তাৰ ওপৰত পৰামৰ্শমূলক ভাষন পদান কৰে।

সৰুপথাৰৰ শ্বহীদ কুশল কোঁৱৰ স্মৃতি ভৱনত আয়োজন কৰা ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীক বিশেষ অভিনন্দন…

সদৌ অসম গড় সমাজ গোলাঘাট জিলা সমিতিৰ উদ্যোগত ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষ অভিনন্দন অনুষ্ঠানটি সৰুপথাৰ নগৰৰ শ্বহীদ কুশল কোঁৱৰ স্মৃতি ভৱনত আয়োজন কৰা হয়।

পুৱা ১১.০০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটিত সভাপতিত্ব কৰে জিলা সমিতিৰ সভাপতি গগন গড় দেৱ, আদৰণি ভাষণ প্ৰদান কৰে জিলা সমিতিৰ সম্পাদক নেমুৰাম গড় দেৱে। উল্লেখ্য যে প্ৰায় শতাধিক ছাত্ৰ -ছাত্ৰীয়ে অংশগ্ৰহণ কৰা উক্ত অভিনন্দন অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম গড় সমাজ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লোকনাথ গড়, নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে সৰুপথাৰ মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড° প্ৰমকান্ত বৰা, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় স্বাস্থ্য সম্পাদিকা চাবিত্ৰী আয়েম। লগতে উপস্থিত থাকে সৰুপানী আৰু মৰঙি আঞ্চলিকৰ সভাপতি সম্পাদকসকল তথা পানজান -খনিকৰ গাঁৱৰ সচেতন ৰাইজ। শেষত: জিলা সমিতিৰ শিক্ষা সম্পাদক বিতুল গড়য়ে অনুষ্ঠানটিত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলক তথা প্ৰত্যেক গৰাকী ছাত্ৰ -ছাত্ৰী, অভিভাৱক সকলক ধন্যবাদ জ্ঞাপন কৰি নিজ শলাগৰ শৰাই সমাপ্ত কৰে।

তিতাবৰৰ মোহনাটিঙত অসম গঞ্জু সমাজৰ কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন…

তিতাবৰৰ মোহনাটিং নিম্ন বুনিয়াদী বিদ্যালয় প্ৰাঙ্গনত দেওবাৰে কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে অসম গঞ্জু সমাজৰ তিতাবৰ আঞ্চলিক সমিতিয়ে। পুৱা পৰিৱেশ নিকাকৰণ, অসম গঞ্জু সমাজৰ তিতাবৰ আঞ্চলিক সমিতিৰ সভাপতি বিনেশ গঞ্জুৱে পতাকা উত্তোলন, সম্পাদক দেউৰাম গঞ্জুৱে স্মৃতি তৰ্পণ, স্থানীয় নাগৰিক কৃষ্ট গঞ্জু, কাশীনাথ গঞ্জু, অৰুণ গঞ্জুৱে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়।

দুপৰীয়া গঞ্জু সমাজৰ তিতাবৰ আঞ্চলিক সমিতিৰ সভাপতি বিনেশ গঞ্জুৰ সভাপতিত্বত আৰু যোৰহাট জিলা সমিতিৰ সভাপতি ৰাজেন গঞ্জুৱে উদ্বোধন কৰা সভাত ‘দৈনন্দিন বাৰ্তা’ আৰু ‘ডিবি নিউজ’ৰ তিতাবৰৰ সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা, ধুবুনী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা অসম গঞ্জু সমাজৰ যোৰহাট জিলা সমিতিৰ উপদেষ্টা লিলম চন্দ্ৰ গঞ্জু, মোহনাটিং হাইস্কুলৰ শিক্ষক দিগন্ত হাজৰিকাই বিশিষ্ট অতিথিৰূপে ভাষণ প্ৰদান কৰে।অসম গঞ্জু সমাজৰ মোহনাটিঙৰ গাঁওবুঢ়া মৃদুল গঞ্জু, কুহুম চাহ বাগিচাৰ গাঁওবুঢ়া লবো গঞ্জু, পানবাৰী চাহ বাগিচাৰ গাঁওবুঢ়া নকুল গঞ্জু, ম’হবন্ধাৰ গাঁওবুঢ়া ভাইয়ো গঞ্জু, যোৰহাট জিলা সমিতিৰ সভানেত্ৰী চুকুমণি গঞ্জু আদি তিতাবৰ আঞ্চলিক, যোৰহাট জিলা আৰু কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল কৰা অনুষ্ঠানত উচ্চ-উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ গঞ্জু সমাজৰ তিতাবৰ আঞ্চলিক সমিতিৰ অন্তৰ্গত কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে।

বিবাহত বাধাৰ সৃষ্টি হৈছে নেকি? ঘৰত ৰখা এইবোৰ বস্তু দায়ী…

ঘৰত ৰখা বস্তুবোৰৰ লগত আপোনাৰ ভাগ্যও জড়িত হৈ থাকে। সাধাৰণতে দেখা যায় যে এনে বহু বস্তু ঘৰত ৰখা হয়, যিবোৰ মাজে মাজেহে ব্যৱহাৰ কৰা হয়। কিন্তু বছৰ বছৰ ধৰি ঘৰত ৰখা হয়। আপুনি জানেনে যে এনেবোৰ কথা আপোনাৰ ভাগ্যৰ লগত বা আপোনাৰ জীৱনৰ সংগ্ৰামৰ লগত প্ৰত্যক্ষ সম্পৰ্ক থাকে। যিবোৰ বস্তুৰ লগত আপোনাৰ ভাগ্য জড়িত হৈ থাকেঃ


কিছুমান পুৰণি তলা ঘৰত ৰখা হয় যদিও চাবিটো হেৰাই যায় বা তলাবোৰ জাম হৈ খোল নাখায়। এটা তলা আপোনাৰ ভাগ্য মুকলি কৰিব পাৰে বা আপোনাৰ ভাগ্যও চিৰদিনৰ বাবে তলা মাৰিব পাৰে। এনে তলা ঘৰত ৰাখিব নালাগে।

ট্ৰেণ্ডিং এতিয়া

তলা লগোৱা তলাবোৰো ঘৰৰ অবিবাহিত ল’ৰা-ছোৱালীৰ লগত জড়িত। বন্ধ তলা এটাইও অবিবাহিত পুত্ৰ বা কন্যাৰ বিবাহ বন্ধ কৰিব পাৰে। পুৰণি আৰু বন্ধ তলাবোৰে ভাগ্য বন্ধ কৰাৰ লগতে দুৱাৰমুখলৈ অহা সুযোগবোৰো আমাৰ পৰা কাঢ়ি লৈ যায়।

পুৰণি জোতা-চেণ্ডেলে দুৰ্ভাগ্য কঢ়িয়াই আনে। বহু পুৰণি জোতা আৰু চেণ্ডেল যিবোৰ আপুনি মাহৰ পিছত মাহ ধৰি ব্যৱহাৰ কৰা নাই। কিন্তু আপুনি কেৱল চাবলৈহে ৰাখিছে বা মেৰামতিৰ বাবে ৰাখিছে কিন্তু আপুনি মেৰামতি কৰা নাই আৰু ব্যৱহাৰ কৰা নাই। এনে জোতা-চেণ্ডেলে আপোনাৰ জীৱনত বাধাৰ সৃষ্টি কৰিব পাৰে।

জোতা আৰু চেণ্ডেলেৰ সৈতে আপোনাৰ সংগ্ৰামৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। যদি আপুনি জীৱনত সংগ্ৰাম কম কৰিব বিচাৰে তেন্তে পুৰণি জোতা-চেণ্ডেল একেবাৰেই ঘৰত নাৰাখিব। শনিবাৰে এই সকলোবোৰ আঁতৰাই পেলাওক বা আৰ্তজনক দান কৰক।

বিজেপি এৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সূৰ্যকান্ত পাটিলে…

মহাৰাষ্ট্ৰত বিজেপিত মোক্ষম আঘাট।বিজেপি ত্য়াগ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সূৰ্যকান্ত পাটিলে।শেহতীয়া লোকসভা নিৰ্বাচনত টিকট বিচাৰিছিল যদিও বিজেপিয়ে টিকট প্ৰদান কৰা নাছিল সূৰ্যকান্ত পাটিলক। টিকট নাপাই অসন্তুষ্টি প্ৰকাশ কৰিছিল


সূৰ্যকান্ত পাটিলে।যাৰ বাবে মোদীৰ সংগ ত্যাগ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সূৰ্যকান্ত পাটিলে।২০১৪ চনত NCP ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল পাটিলে।তেওঁ ৪বাৰ সাংসদ হোৱাৰ উপৰিও এবাৰ বিধায়ক হিচাপে প্ৰতিনিধিত্বও কৰিছিল।

অম্বুবাচী মেলাৰ দ্বিতীয়টো দিন, ভিন্ন প্ৰান্তৰ সাধু-সন্ন্যাসীৰে ভৰি পৰিছে কামাখ্যা…

আজি শক্তিপীঠ কামাখ্যাত অম্বুবাচী মহাযোগৰ দ্বিতীয়টো দিন৷

উখল-মাখলৰ পৰিৱেশ নিলাচলৰ বুকুত।

ভিন্ন প্ৰান্তৰ সাধু-সন্ন্যাসীৰে ভৰি পৰিছে কামাখ্যা।

২৬ জুনৰ পুৱালৈ বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ৷

মেঘালয়ত বৃদ্ধি পাইছে HIVত আক্ৰান্ত শিশু…

মেঘালয়ত বৃদ্ধি পাইছে HIVত আক্ৰান্ত শিশু।৩৬৪টা শিশুৰ দেহত ধৰা পৰিছে মাৰাত্মক এইডছ।মেঘালয়ত HIVত আক্ৰান্ত ৮হাজাৰৰো অধিক প্ৰাপ্তবয়স্ক লোক।

ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আইনৰ অধ্যক্ষ প্ৰিয়ংকা কানুংগোৱে HIVত আক্ৰান্ত শিশুসকলে যাতে স্পৰছৰশ্বিপ লাভ কৰে তাৰ বাবে চৰকাৰৰ লগত আলোচনাত বহিব বুলিও জানিবলৈ দিয়ে।