Home Blog Page 757

এই ৪টা ৰোগৰ পৰা আঁতৰি থাকিবলৈ শৰীৰত কেতিয়াও অভাৱ হ’বলৈ নিদিব আইৰণ…

আইৰণ আমাৰ শৰীৰৰ এক অপৰিহাৰ্য উপাদান খনিজ, যিয়ে আমাক পুষ্টি দিয়াই নহয় বহু ৰোগৰ পৰাও ৰক্ষা কৰে। আইৰণৰ অবিহনে আমাৰ শৰীৰ দুৰ্বল হৈ পৰে। যাৰ বাবে এই পুষ্টিকৰ উপাদানৰ অভাৱত হিম’গ্লবিন কমিবলৈ আৰম্ভ কৰে, সেয়েহে আপুনি দৈনিক খাদ্যত নেমু, কচু, বীট, পিষ্টাচিয়া, শুকান কিচমিচ, অমিতা, কল আদি বস্তু অন্তৰ্ভুক্ত কৰিব লাগে।আইৰণৰ অভাৱৰ অসুবিধাঃ

আইৰণৰ অভাৱৰ বাবে আমি ৰক্তহীনতাৰ সমস্যাৰ সন্মুখীন হ’ব পাৰো। এই ৰোগত ৰক্তহীনতা হয়, এই সমস্যা বিশেষকৈ মহিলাৰ ক্ষেত্ৰত দেখা যায়। গতিকে প্ৰতিদিনে কিছুমান বস্তু খাব লাগিব যিবোৰত আইৰণ থাকে।

শৰীৰত আইৰণৰ অভাৱ হ’লে প্ৰয়োজনীয় পৰিমাণৰ হিম’গ্লবিন উৎপন্ন নহয় যাৰ বাবে সম্পূৰ্ণ টোপনি অহাৰ পিছতো গোটেই দিনটো দুৰ্বল আৰু ভাগৰুৱা অনুভৱ হয়। ইয়াৰ বাবে দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজত অসুবিধাৰ সন্মুখীন হয়।

হৃদৰোগীৰ স্বাস্থ্যক সদায় অগ্ৰাধিকাৰ দিয়া উচিত কাৰণ ভাৰতত হৃদৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। শৰীৰত আইৰণৰ অভাৱৰ বাবে হিম’গ্লবিনৰ অভাৱ আৰম্ভ হয়।যাৰ বাবে হৃদৰোগৰ আশংকাও উদ্ভৱ হয়।

আমাৰ শৰীৰৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবেও আইৰণে কাম কৰে। যদি এই পুষ্টিকৰ উপাদানৰ অভাৱ হয় তেন্তে ছাল আৰু চুলিৰ সমস্যা আৰম্ভ হয়।

ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

ধুবুৰীৰ বৌ বজাৰত দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰী বেগ লৈ বজাৰৰ ভিতৰত সোমাইছিল। যুৱক দুজন ঘূৰি ফুৰা দেখি ৰাইজৰ সন্দেহ হোৱাত সোধা পোছা কৰাৰ পিছত হঠাৎ দৌৰি পলাই যাবলৈ ধৰে।

তেতিয়াই আৰক্ষীয়ে খেদি খেদি এজনক আটক কৰিবলৈ সক্ষম হয় আৰু এজন পলাই যায়। যুৱক দুজন কোচবিহাৰৰ পৰা ট্ৰেইনেৰে ধুবুৰীত আহিছিল। আটক হোৱা সুজিত বৰ্মন নামৰ এইগৰাকী ড্ৰাগছ ব্যৱসায়ীয়ে বৃহৎ পৰিমানৰ নিচা জাতীয় কফ চিৰাপ বিক্ৰী কৰিবলৈ আহিছিল।

মধ্য কামৰূপ পুৰোহিত সন্মিলনৰ উদ্যোগত পুৰোহিত কৰ্মশালা…

কামৰূপ জিলাৰ অন্তৰ্গত বামুন্দী ধৰ্মেশ্বৰী চতুস্পাঠী সংস্কৃত টোলত মধ্য কামৰূপ পুৰোহিত সন্মিলনৰ উদ্যোগত, কামৰূপ ব্ৰাহ্মণ যুৱ সমাজ আৰু পুৰোহিত কৰ্মশালা মঞ্চৰ সহযোগত পুৰোহিত কৰ্মশালা খনি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’য়।উক্ত কাৰ্যসূচীত ব্ৰাহ্মন সমাজৰ বৈদিক ৰীতি নীতিৰ জ্ঞানৰ ওপৰত নৱপ্ৰজন্মক সম্যক জ্ঞান দিয়াৰ লক্ষ্যৰে সাৱলীলভাৱে আলোচনা কৰা হ’য়।

উক্ত কাৰ্যসূচীত মধ্য কামৰূপ পুৰোহিত সন্মিলনৰ সভাপতি মৃণাল কুমাৰ শৰ্মা, সম্পাদক ধীৰেণ চন্দ্ৰ শৰ্মা, সহঃ সম্পাদক অনিমেশ শৰ্মা, হিমাংশু কৌশিক, উপদেষ্টা শিৱ প্ৰসাদ শৰ্মা, সুৰেশ ভট্ট, নাৰায়ন চন্দ্ৰ শৰ্মা, কামৰূপ ব্ৰাহ্মণ সমাজৰ সভাপতি ড° নীতিশ চন্দ্ৰ শৰ্মা, অৱসৰী অধ্যাপক অজিত শৰ্মাকে প্ৰমুখ্যে শতাধিক ব্ৰাহ্মন সমাজৰ লোক উপস্থিত থাকে।

পেঙেৰীত মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত মাদ্ৰক দ্ৰব্য বিৰোধী সজাগতা সভা…

পেঙেৰীৰ আৰক্ষী থানাৰ অন্তৰ্গত টেকেৰীত আজি সদৌ মৰাণ ছাত্ৰ সন্থা মাৰ্ঘেৰিটা-পেঙেৰী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু টেকেৰী গাঁৱৰ সমূহ যুৱক সংঘ তথা টেকেৰী গাঁওবাসীৰ সহযোগত মাদ্ৰক দ্ৰব্য বিৰোধী সজাগতা সভা এখন অনুষ্ঠিত কৰা হয়। মাৰ্ঘেৰিটা-পেঙেৰী আঞ্চলিক সমিতিৰ সভাপতি পৰাগ মৰাণে সভাপতিত্ব কৰা সজাগতা সভাখনৰ আঁতধৰে সাধাৰণ সম্পাদক নৱদ্বীপ বড়াই।

উক্ত সজাগতা সভাত উপস্থিত থাকি অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসে মাদ্ৰক দ্ৰব্য বিৰুদ্ধে গাওঁবাসীক একত্ৰিত ভাবে যুঁজ দিবলৈ আহ্বান জনায়। তেওঁ ঘৰখনৰ পৰাই মাদ্ৰক দ্ৰব্য বিৰুদ্ধে যুঁজ দিব লাগিব বুলি কয়। সভাত সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি কেশৱ দহোতীয়াই মাদ্ৰক দ্ৰব্য বিৰুদ্ধে সদৌ মৰাণ ছাত্ৰ সন্থাই নিজাকৈ কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে। উক্ত সজাগতা সভাত উপস্থিত থাকে অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাস, পেঙেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিগন্ত কুমাৰ নাথ, মাৰ্ঘেৰিটা-পেঙেৰী আঞ্চলিক সমিতিৰ উপদেষ্টা লাটেশ্বৰ চেতিয়া ওপৰিও সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বহু কেইগৰাকী বিষয় ববীয়া লগতে আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু কৰ্মকতা তথা অঞ্চলটো প্ৰায় ২ শতাধিক স্থানীয় ৰাইজ।

ড্ৰাগছকে ধৰি সকলো ধৰণৰ মাদ্ৰক দ্ৰব্য বিৰুদ্ধে মৰাণ ছাত্ৰ সন্থাই আগন্তুক দিনতো কঠোৰতকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি সংবাদমাধ্যমৰ আগত সংগঠনটো নেতৃত্বই জানিবলৈ দিছে।

জহীৰ ইকবালৰ পূৰ্বে এই ৪ জনৰ সৈতে সম্পৰ্ক আছিল সোনাক্ষী সিনহাৰ! এজন আছিল ছলমান খানৰ আত্মীয়…

শত্ৰুঘ্ন সিনহা আৰু পুনম সিনহাৰ কন্যা সোনাক্ষী সিনহাৰ বিয়া। নিজৰ সংগীক বাছি লৈছে সোনাক্ষীয়ে। জহীৰ ইকবাল আৰু সোনাক্ষী সিনহাৰ বিবাহৰ পূৰ্বে কওঁ সোনাক্ষী সিনহাই কাৰ লগত এতিয়ালৈকে প্ৰেমৰ সম্পৰ্ক ৰাখিছে। ২৩ জুনত প্ৰেমিক জহীৰ ইকবালৰ সৈতে বিয়া সোণাক্ষীৰ। বিয়াৰ আগৰ সোনাক্ষী সিনহাৰ প্ৰেম জীৱনৰ কথা জানো আহকঃ

প্ৰথম নাম আহে অৰ্জুন কাপুৰৰ। অৰ্জুন আৰু সোনাক্ষীয়ে ‘তেৱৰ’ ছবিখনত একেলগে কাম কৰিছিল। তাৰ পিছত দুয়োৰে ডেটিং, অৱশেষত বিচ্ছেদ। কিন্তু মন কৰিবলগীয়া যে সোনাক্ষী আৰু অৰ্জুনে এইবোৰ কথা কেতিয়াও নিশ্চিত কৰা নাছিল।

‘আৰ ৰাজকুমাৰ’ ছবিখনত শ্বাহিদ কাপুৰ আৰু সোনাক্ষী সিনহাৰ যুটি হিট হৈছিল। ছবিখনৰ পিছত দুয়োৰে নাম চৰ্চালৈ আহিছিল।

খবৰ অনুসৰি সোনাক্ষী সিনহা দীৰ্ঘদিন ধৰি বাণ্টী সাজদেহৰ সৈতে সম্পৰ্কত আছিল। কোৱা হয় যে ২০১২ চনৰ পৰা দুয়োৰে ডেটিং আৰম্ভ হৈছিল।বাণ্টী হৈছে সোহেল খানৰ প্ৰাক্তন পত্নী সীমা সাজদেহৰ ভাতৃ। অৰ্থাৎ এসময়ত তেওঁলোকৰ সম্পৰ্ক ছলমান খানৰ পৰিয়ালৰ সৈতে জড়িত আছিল। দুয়োৰে মাজত সকলো ভাল আছিল যদিও হঠাতে ব্ৰেকআপ হ’ল।

সোণাক্ষী সিনহাৰ নাম চিনেমাৰ পৰিচালন পৰিচালক আদিত্য শ্ৰফৰ সৈতেও জড়িত হৈ আছে।

অযোধ্যাৰ ৰাম মন্দিৰত নাথাকিব VIP শাৰী…

অযোধ্যাৰ ৰাম মন্দিৰত নাথাকিব কোনো VIP শাৰী।কিছু নিয়মৰ পৰিৱৰ্তন কৰা হৈছে ৰাম মন্দিৰৰ।পূজাৰীক দক্ষিণা দিয়াৰ পৰিৱৰ্তে মন্দিৰত ৰখা দান পাত্ৰত হে আগবঢ়াব লাগিব দক্ষিণা।

এটা বিশেষ অভিযোগ ৰাম মন্দিৰ কতৃপক্ষলৈ,যে সকলো ভক্তক সমান ব্যৱহাৰ কৰা হোৱা নাই।একাংশ লোকে লাভ কৰিছে বিশেষ সুবিধা।আন একাংশই আকৌ লাভ কৰা নাই সেই সুবিধা।


সেইবাবে VIP শাৰী উঠাই দিয়া হৈছে ৰাম মন্দিৰৰ পৰা।এতিয়াৰ পৰা সকলো ভক্তই শাৰী পাতি মন্দিৰ দৰ্শন কৰিব লাগিব।

T20 বিশ্বকাপৰ SUPER-8ত আফগানিস্তানৰ হাতত পৰাজয় অষ্ট্ৰেলিয়া…

T20 বিশ্বকাপৰ SUPER-8ত বৃহৎ অঘটন৷

T20 বিশ্বকাপৰ SUPER-8ত আফগানিস্তানৰ হাতত পৰাজয় অষ্ট্ৰেলিয়া৷

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২১ ৰানত জয়লাভ আফগানিস্তানৰ৷

ডাৰ্ক স্পটঃ মুখত ক’লা দাগে দেখা দিছে নেকি? ৪টা অভ্যাস সলনি কৰক…

মুখৰ সৌন্দৰ্য্য বৃদ্ধি কৰিবলৈ আমি সদায় ব্যয়বহুল আৰু ৰাসায়নিক ভিত্তিত সৌন্দৰ্য্য সামগ্ৰী ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় নহয়।ইয়াৰ বাবে আপুনি কিছুমান বেয়া অভ্যাসও এৰিব লাগে।ছালৰ এনে সমস্যাৰ আঁৰত বহু কাৰণ থাকিব পাৰে। বহু বেয়া অভ্যাস আছে যিবোৰ এৰিলে আমাৰ মুখৰ পৰা ক’লা দাগ আৰু অন্যান্য প্ৰকাৰৰ দাগ নাইকিয়া হ’ব পাৰে –

আপুনি আপোনাৰ মুখৰ বাহ্যিক সৌন্দৰ্য্যৰ বাবে যিমানেই খৰচ নকৰক কিয়, যদি আপোনাৰ মানসিক স্বাস্থ্য ভাল নহয় তেন্তে ইয়াৰ বেয়া প্ৰভাৱ মুখমণ্ডলত স্পষ্টকৈ দেখা যাব। কাৰণ টেনচনৰ ফলত শৰীৰত হৰম’নৰ পৰিৱৰ্তন ঘটে যিবোৰ মুখত ক’লা দাগৰ দৰে দেখা দিয়ে।

ধূলি, মাটি আৰু মুখৰ প্ৰদূষণৰ বাবে তাৰ ওপৰত পিম্পল দেখা দিয়ে যদিও কিছুমান মানুহৰ সদায় মুখত চিকুটা মাৰি লোৱাৰ অভ্যাস থাকে। পিম্পল বা ক’লা দাগ ছিঙিলে মুখৰ ছালৰ ক্ষতি হয় আৰু তাত ক’লা দাগ গঠন হয়।

যদি আমি শৰীৰক আভ্যন্তৰীণ পুষ্টি প্ৰদান নকৰো তেন্তে ইয়াৰ প্ৰভাৱ আমাৰ ছালত দেখা দিবলৈ আৰম্ভ কৰিব। ভাৰতত মানুহৰ তেলীয়া আৰু টেঙা খাদ্য খোৱাৰ অভ্যাস আছে, যাৰ ফলত পেটত গৰম হয় আৰু তাৰ পিছত মুখত ফোহা ওলায়।

ভাগৰুৱা দিনটোৰ পিছত যেতিয়া আপুনি ৰাতিৰ আহাৰ গ্ৰহণ কৰে তেতিয়া আপুনি লগে লগে শুই জিৰণি ল’ব বিচাৰে, কিন্তু এলাহৰ বাবে আপুনি মুখখন নুধোৱে।

পৰাপক্ষত এইসমূহ নিয়ম চলিলে মুখত থকা ক’লা দাগ আঁতৰিব পাৰে।

ISROৰ সফলতাঃ সফলতাৰে অৱতৰণ কৰিলে RLV-LEX3 পুষ্পকে…

ISROৰ আন এক সফলতা৷

সফলতাৰে অৱতৰণ কৰিলে RLV-LEX3 পুষ্পকে৷

বাংগালুৰুৰ চিত্ৰদুৰ্গ জিলাৰ চল্লাকেৰেত সফলতাৰে অৱতৰণ৷

অম্বুবাচীৰ বাবে মহানগৰ প্ৰশাসনে জাৰি কৰিছে কিছু নিৰ্দেশনা…

আজি মহা অম্বুবাচীৰ দ্বিতীয় দিন।কামাখ্যা ধামলৈ নিব নোৱাৰিব কোনো ধৰণৰ বাহন।মহানগৰ প্ৰশাসনে জাৰি কৰিছে কিছু নীতি-নিৰ্দেশনা।কেৱল জিলা প্ৰশাসনৰ অনুমতিপ্ৰাপ্ত বাহন হে যাব পাৰিব মন্দিৰলৈ।

অৱশ্যে অগ্ননিৰ্বাপক বাহিনী, এম্বুলেন্স, স্কুল বাছ আদিৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এই নিয়ম।জালুকবাৰী দিশৰ পৰা অহা যাত্ৰীসকল ৩ নম্বৰ গেটৰ সন্মুখত নামিব লাগিব।ভৰলুমুখৰ দিশৰ পৰা অহা যাত্ৰীসকল স্বাগত হাস্পতালৰ বিপৰীত দিশত থকা নিৰ্ধাৰিত স্থানত বাহন সমূহ ৰাখিব লাগিব।আদাবাৰী তিনিয়ালীৰ পৰা পাণ্ডু লৈকে পথৰ কাষত পাৰ্কিং কৰিব নোৱাৰিব।