Home Blog Page 755

বটদ্ৰৱাৰ আমলখি লৈ গৌৰৱ কঢ়িয়াই আনিলে মেধাৱী ছাত্ৰ চুফিয়ান পাৰভিজে…

নগাঁও জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত আমলখি লৈ গৌৰৱ কঢ়িয়াই আনিলে মেধাৱী ছাত্ৰ চুফিয়ান পাৰভিজে। টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ শিক্ষক তথা আমলখি নিবাসী শ্বাহদত আলী শিকদাৰ আৰু মাহমুদা চান্দৰ এক মাত্ৰ পুত্ৰ চুফিয়ান পাৰভিজে যোৱা ৪ জুনত ঘোষিত ৰাষ্ট্ৰীয় যোগ্যতাসহ প্ৰৱেশ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চল বাসীক গৌৰৱান্বিত কৰি তুলিছে।

জানিব পৰা মতে, ৰাষ্ট্ৰীয় যোগ্যতা সহ প্ৰৱেশ পৰীক্ষা ইউ জি ২০২৪ চনৰ মুঠ ৭২০ নম্বৰৰ পৰীক্ষাত ৬২১ নম্বৰ পাবলৈ সক্ষম হয় তীক্ষ্ণ মেধা সম্পন্ন ছাত্ৰ চুফিয়ান পাৰভিজে।সৰ্ব ভাৰতীয় এই পৰীক্ষাৰ ভাবে নগাঁও কনচেপ্ট জুনিয়ৰ কলেজৰ ছাত্ৰ চুফিয়ান পাৰভিজে হোজাই চহৰ স্থিত আজমল চুপাৰ 40 কোচিং কেন্দ্ৰত অধ্যয়ন কৰিছিল। ভবিষ্যতে এজন সু-চিকিৎসক হোৱাৰ সপোন মনতে পুহি ৰখা চুফিয়ান পাৰভিজৰ এনে সফলতাত অঞ্চল জুৰি আনন্দৰ বন্যা বোৱাৰ বিপৰীতে সকলোৱে উজ্জ্বল ভবিষ্যতৰ কামনাৰে শুভেচ্ছা জনাইছে।

কোচিং নকৰাকৈয়ে নীটত লংকেশ্বৰৰ নবদ্বীপৰ সাফল্য…

নীট, আই আই টি, এন আই টিত চীট পাবলৈ বহু শিক্ষার্থী ইটোৰ পাছত সিটো কোচিং চেন্টাৰলৈ দৌৰী ফুৰাৰ সময়ত ক’তো প্ৰত্যক্ষভাৱে কোচিং নকৰাকৈ বিশেষ সফলতা লাভ কৰিছে পশ্চিম গুৱাহাটীৰ লংকেশ্বৰ নিবাসী নবদ্বীপ বৰ্মনে। তেওঁ সদ্য ঘোষিত নীটত ৬৫১ নম্বৰ লাভ কৰি উত্তীর্ণ হৈছে।

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰ একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হোৱা নবদ্বীপ বৰ্মনে ঘৰতে অধ্যয়ন কৰি নীটত উক্ত নম্বৰ লাভ কৰিছে। নবদ্বীপ লংকেশ্বৰৰ সমন্বয় পথ নিবাসী প্ৰভাত চন্দ্র বৰ্মন আৰু ৰীণা বৰ্মনৰ দ্বিতীয় পুত্র। নবদ্বীপ বৰ্মনৰ সাফল্যত পৰিয়ালৰ সদস্যৰ মাজত তথা লংকেশ্বৰ অঞ্চলত বৈছে আনন্দৰ বন্যা।

ভাৰত-আমেৰিকাঃ প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ, অতি সোনকালে ভাৰত ভ্ৰমণলৈ আহিব ৰাষ্ট্ৰপতি জো বাইডেন…

২০২৪ চনৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে কয় যে বিগত ছয় সপ্তাহত ভাৰতত অনুষ্ঠিত হোৱা নিৰ্বাচন বিশ্বৰ ইতিহাসত গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ পৰীক্ষা। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰধানমন্ত্ৰী মোডীক ফোন কৰি লোকসভা নিৰ্বাচনত এন ডি এৰ সফলতাৰ বাবে অভিনন্দন জনাইছে। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে ভাৰতক বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ বুলি অভিহিত কৰি সাধাৰণ নিৰ্বাচনৰ সফল পৰিচালনাৰ বাবে চৰকাৰ আৰু ভোটাৰক অভিনন্দন জ্ঞাপন কৰে। ইফালে হোয়াইট হাউছে অৱগত কৰিছে যে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে অতি সোনকালে ভাৰত ভ্ৰমণ কৰিবলৈ আহিব। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মেথিউ মিলাৰে কয়, ‘ভাৰত নিশ্চিতভাৱে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু যোৱা ছয় সপ্তাহত অনুষ্ঠিত হোৱা নিৰ্বাচন বিশ্বৰ ইতিহাসত গণতন্ত্ৰৰ সৰ্ববৃহৎ পৰীক্ষা আছিল। এই মহান কামৰ বাবে আমি ভাৰত চৰকাৰ, ভোটাৰ আৰু নিৰ্বাচনী কৰ্মীসকলক শলাগ লৈছো…’


প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ আহ্বান লাভ কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ এক্সত লিখিছে, ‘মোৰ বন্ধু ৰাষ্ট্ৰপতি জো বাইডেনৰ পৰা ফোন পাই মই বহুত সুখী হৈছিলো। তেখেতৰ শুভকামনা আৰু ভাৰতীয় গণতন্ত্ৰৰ প্ৰশংসাৰ বাবে মই তেওঁৰ ওচৰত কৃতজ্ঞ।

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে পদত্যাগ পত্ৰ গ্ৰহণ কৰি নতুন চৰকাৰে দায়িত্ব লোৱা পৰ্যন্ত কাৰ্যভাৰ অব্যাহত ৰাখিবলৈ কয়। ইফালে এন ডি এৰ এখন বৈঠকত সৰ্বসন্মতিক্ৰমে মোডীক মিত্ৰজোঁটৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। এনেদৰে তেওঁ একেৰাহে তৃতীয়বাৰৰ বাবে মিত্ৰজোঁট চৰকাৰৰ মুৰব্বী হিচাপে শপত লোৱাৰ বাট মুকলি হ’ল।

সৰ্বভাৰতীয় NEET পৰীক্ষাত উজলিল ধুবুৰীৰ মহম্মদ মেহেদি হাছান আৰু নাজিমুল সেখ…

সদ্য ঘোষিত সৰ্ব্বভাৰতীয় NEET পৰীক্ষাৰ ফলাফলত উজলিল ধুবুৰীৰ কচুৱাৰখাচ ২য় খণ্ডৰ মহম্মদ মেহেদি হাছান৷ কৃতি ছাত্ৰ মহম্মদ মেহেদি হাছানে NEET পৰীক্ষাত মুঠ ৭০৫ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। মেধাৱী ছাত্ৰ গৰাকীয়ে নীট পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে দীৰ্ঘদিন ধৰি অধ্যয়ন কৰি এই পৰীক্ষাৰ বাবে নিজকে সাজু কৰি তুলিছিল। মুঠ ৭০৫ নম্বৰলৈ এই বৃহৎ সফলতাত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি বিশেষে অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যত কামনা কৰে স্থানীয় লোকসকলে।

উল্লেখযোগ্য যে কৃতি ছাত্ৰ মহম্মদ মেহেদি হাছান ছামাদ আলী সেখৰ পুত্ৰ। ভবিষ্যতত মহম্মদ মেহেদি হাছানে এজন ভাল চিকিৎসক হোৱাৰ মন মেলিছে। ইফালে গৌৰীপুৰ পূৱ টিয়ামাৰীৰ নাজিমুল সেখে NEET পৰীক্ষাত মুঠ ৬৭০ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। নাজিমুল সেখ বাচিক উদ্দিন সেখৰ পুত্ৰ।

সাৱধানঃ বাৰ্ড ফ্লুত আক্ৰন্ত হৈ বিশ্বৰ প্ৰথমগৰাকীৰ ব্যক্তিৰ মৃত্যু…

বাৰ্ড ফ্লুত আক্ৰন্ত হৈ মেক্সিকোত বিশ্বৰ প্ৰথমগৰাকীৰ ব্যক্তিৰ মৃত্যু।

বিশ্ব স্বাস্থ্য সংস্থাই নিশ্চিত কৰিছে এই তথ্য।

জ্বৰ, উশাহ-নিশাহৰ সমস্যা, ডায়েৰিয়া, বমি, সাধাৰণ অস্বস্তিত ভুগিছিল ৰোগীগৰাকী।

চিকিৎসাধীন অৱস্থাত মৃত্যু ৫৯ বছৰীয়া ব্যক্তিজনৰ।

নতুন মোডী মন্ত্ৰীসভাত ৰে’ল মন্ত্ৰণালয়, বিত্ত মন্ত্ৰণালয়ৰ ওপৰত চকু চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ…

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত এতিয়া চৰকাৰ গঠনৰ প্ৰস্তুতি আৰম্ভ হৈছে। নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (এন ডি এ)ত বৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰা জনতা দল ইউনাইটেড (জে ডি ইউ) আৰু তেলেগু দেশম পাৰ্টি (টিডিপি) এতিয়া গুৰুত্বপূৰ্ণ মন্ত্ৰালয় আৰু বিশেষ দাবী ৰাখিছে। নীতিশ কুমাৰৰ জেডিইউয়ে নিজৰ বাবে কমেও ৩টা মন্ত্ৰালয় বিচাৰিব পাৰে বুলি খবৰ ওলাইছে। নাইডুৱে অন্ধ্ৰ প্ৰদেশৰ বাবেও বিশেষ মৰ্যাদা দাবী কৰিব পাৰে বুলি খবৰ ওলাইছে।

জে ডি ইউয়ে ৰে’ল, গ্ৰামোন্নয়ন মন্ত্ৰালয় আৰু জল শক্তিৰ ওপৰত চকু ৰাখিছে। ইয়াৰ উপৰিও পৰিবহণ আৰু কৃষি মন্ত্ৰালয়ো দলৰ তালিকাত আছে।
আনহাতে জেডিইউয়ে এজন উচ্চ জাতি, এজন অন্য পিছপৰা শ্ৰেণী (অবিচি) কুশৱাহা আৰু এজন অতি পিছপৰা শ্ৰেণীৰ (ইবিচি) নেতাক মন্ত্ৰী হিচাপে নিযুক্তি দিব পাৰে।
এই দৌৰত জেডিইউৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা মুংগেৰৰ সাংসদ লালন সিং, ঝাংঝাৰপুৰৰ সাংসদ ৰামপ্ৰীত মণ্ডল আৰু বাল্মীকি নগৰৰ সাংসদ সুনীল কুমাৰ।


আনহাতে টিডিপিৰ আটাইতকৈ ডাঙৰ দাবী হ’ব পাৰে অন্ধ্ৰ প্ৰদেশৰ বাবে বিশেষ মৰ্যাদা। অন্ধ্ৰ প্ৰদেশৰ পৰা তেলেংগানা পৃথক হোৱাৰ পিছৰে পৰা এই দাবীয়ে গতি লাভ কৰি আহিছে। নাইডু আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডী দুয়োজনে কেইবাটাও বিশেষ মৰ্যাদা প্ৰদানৰ দাবী জনাইছে। খবৰ অনুসৰি টিডিপি আৰু জেডিইও নিজৰ বাবে লোকসভাৰ অধ্যক্ষ পদৰ দাবী কৰিব পাৰে।

আনহতে বিজেপিৰ সমস্যা বৃদ্ধি কৰি বিহাৰৰ চিৰাগ পাছৱানৰ এলজেপি, জিতনৰাম মাঝিৰ হাম, উত্তৰ প্ৰদেশৰ আপনা দল, মহাৰাষ্ট্ৰৰ একনাথ শিন্দে নেতৃত্বাধীন শিৱসেনাই নিজৰ প্ৰাপ্য লাভৰ বাবে উঠিপৰি লাগিছে।

দেশত বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য! ক’ত, কিমান মূল্য পেট্ৰ’ল-ডিজেলৰ…

দেশজুৰি বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য।

গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম ৯৭.১৯ টকা।

আনহাতে গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য হ’লগৈ ৮৯.৯৬টকা।

ৰাজধানী দিল্লীতো পেট্ৰ’লৰ দাম ৯৪.৭২ টকা হ’ল গৈ।

দিল্লীত ডিজেলৰ মূল্য ৮৭.৬২ টকা প্ৰতিলিটাৰত।

মুম্বাইত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১০৪.২১ টকা আনহাতে ডিজেলৰ মূল্য ৯২.১৫ টকা।

কলকাতাত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১০৩.৯৪ টকা আহাতে ডিজেলৰ মূল্য ৯০.৭৬ টকা।

মঙলবাৰৰ মাজ নিশাৰ পৰা বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য।

আজি অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ওপজা দিন…

আজি অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ওপজা দিন।

১৮৯০ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ৰাজনীতিবিদ তথা ভাৰতীয় স্বাধীনতা কৰ্মীগৰাকীৰ।

অসম আৰু অসমীয়াৰ প্ৰতি তেখেতৰ অৱদানৰ বাবে সেই সময়ৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেখেতক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল।

আজি ভাৰতৰ তাৰকা ফুটবলাৰ সুনীল চেত্ৰীৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় ফুটবল মেচ…

সুদীর্ঘ ১৯ বছৰৰ বৰ্ণাঢ্য ফুটবল কেৰিয়াৰৰ অৱসান।

আজি ভাৰতৰ তাৰকা ফুটবলাৰ সুনীল চেত্ৰীৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় ফুটবল মেচ।

কুৱেইটৰ বিৰুদ্ধে ছল্ট লেকত সুনীল চেত্ৰীৰ অন্তিমখন মেচ আজি।

১৫০খন আন্তঃৰাষ্ট্ৰীয় মেচত ৯৪টা গ’ল সুনীল চেত্ৰীৰ।

ৰ’নাল্ড’, মেছী, আলী ডায়েৰ পিছতে সৰ্বাধিক গ’লদাতা সুনীল চেত্রী।

ফিফাই সুনীল চেত্ৰীৰ অন্তিমখন মেচৰ বাবে শুভেচ্ছা দিছে, লগতে বিশ্বৰ বহু তাৰকা ফুটবলাৰেও সুনীল চেত্ৰীক শুভেচ্ছা দিছে অন্তিমখন মেচৰ বাবে।

গড়ভঙা সংৰক্ষিত বনাঞ্চলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ কোষৰ গছপুলি ৰোপণ অভিযান…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষ , ইছাফ ফাউণ্ডেশ্যন আৰু চেণ্টাৰ ফৰ এনভাইৰনমেণ্ট এডুকেশ্যনে কামৰূপ পূৱ সংমণ্ডলৰ বন বিভাগৰ সহযোগত বিশ্ব পৰিবেশ দিৱস উদযাপনৰ বাবে গড়ভঙা সংৰক্ষিত বনাঞ্চলত এক বৃহৎ গছপুলি ৰোপণ অভিযান কাৰ্য্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা এন এছ এছ কোষৰ কাৰ্যসূচী সমন্বয়ক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে এইবাৰৰ পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু “ভূমি পুনৰুদ্ধাৰ, মৰুভূমি আৰু খৰাং স্থিতিস্থাপকতা”ৰ ওপৰত গুৰুত্ব আৰোপ কৰি গোলকীয় উষ্ণতা বৃদ্ধিৰ বিৰুদ্ধে যুঁজিবলৈ বৰ্তমানৰ পৃথিৱীত বননিকৰণৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰে।

গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কেষে বিগত চাৰি বছৰ ধৰি কৰি অহা মহৎ প্ৰদক্ষেপ “পাহাৰবোৰ সেউজ কৰোঁআহক” শীৰ্ষক এই প্রদক্ষেপ গুৱাহাটীৰ সমীপৱৰ্তী পাহাৰীয়া অঞ্চলৰ খালী ঠাইত বৃক্ষৰোপণৰ উদ্যোগ ল’বলৈ এন এছ এছৰ সকলো স্বেচ্ছাসেৱকলৈ আহ্বান জনায়। গছপুলি ৰোপণ অভিযানত যোগদান কৰে। চি ই ইৰ কাৰ্যসূচী সমন্বয়ক বিজয়লক্ষ্মী বৰপূজাৰী, ইচাফ ফাউণ্ডেশ্যনৰ বৰষা বৰুৱা, ৰেঞ্জ ফৰেষ্ট অফিচাৰ বিৰ্টী ইংতিপিয়ে। প্লেনটেচন ড্ৰাইভৰ সময়ত প্ৰায় ২০০ টা পুলি ৰোপণ কৰা হয়।