Home Blog Page 772

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে উদ্ধাৰ কৰিলে মানসিক বিকাৰগ্ৰস্থ মহিলা, শিশু…

অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ সদস্য সচিব ৰত্নদ্বীপ ভট্টাচাৰ্য আৰু উপ-সচিব প্ৰনিতা মৰাঙৰ এক নিৰ্দেশনা মৰ্মে নগাঁও জিলাৰ ৰহা দীঘলিআটি কামগাঁৱৰ পৰা নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা মুনমী নেওঁগৰ লগত যোবা এটি সজাতি দলে উদ্ধাৰ কৰে এগৰাকী বিবাহিত মহিলাৰ লগতে এটি কন্যা শিশু। ৰহাৰ কামগাঁৱৰ অৰ্ধ্বআইনী সহায়ক খগেন ডেকাৰ মনষা মন্দিৰত আশ্ৰয় লৈ থকা প্ৰতিভা দাস (৩০) নামৰ মহিলা গৰাকীৰ লগতে তেওঁৰে কন্যা শিশুটিক উদ্ধাৰ কৰি নগাঁৱৰ গ্ৰাম বিকাশ পৰিষদৰ তত্ত্বাৱধানত চলি থকা শ্ৰদ্ধাগৃহত ৰখাৰ ব্যৱস্থা কৰা হয় ৷ জানিব পৰা মতে, মহিলা গৰাকী এগৰাকী মানসিক বিকাৰগ্ৰস্ত ৰোগী ৷

আজিৰ পৰা চাৰিবছৰ আগতে প্ৰতিভা দাসক তেতিয়াৰ নগাঁও জিলা আইন সেৱা প্ৰাধীকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে ৰহা টাউনৰ পৰা উদ্ধাৰ কৰি নগাঁৱৰ শ্ৰদ্ধাগৃহত থকাৰ সুব্যৱস্থা কৰি দিছিল আৰু তেতিয়াৰ পৰা মহিলা গৰাকী শ্ৰদ্ধাগৃহতে আশ্ৰয় লৈ আছিল যদিও আজি কিছুদিন পূৰ্বে শ্ৰদ্ধাগৃহৰ পৰা মহিলা গৰাকী তেওঁৰ কন্যা শিশুটিৰ লগত নিৰুদ্দেশ হোবাৰ পাছত পুনৰ ৰহা কামগাঁৱৰ খগেন ডেকাৰ গৃহত অৱস্থিত মনষা মন্দিৰত আশ্ৰয় লয়হি ৷

অবশেষত ৰহাৰ জ্যেষ্ঠ সাংবাদিক ভৱজ্যোতি ডেকা,দিব্যজ্যোতি বৰঠাকুৰ আৰু অৰ্ধ্বআইনী সহায়ক খগেন ডেকাই ৰাজ্যিক আইন সেৱা প্ৰাধীকাৰীৰ উপ- সচিব তথা নগাঁও জিলা আইন সেৱা প্ৰাধীকাৰীৰ পূৰ্ৱৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ লগত ফোনযোগে যোগাযোগ কৰাত মহিলা গৰাকীক নগাঁৱৰ আইন সেৱা প্ৰাধীকাৰী সম্পাদিকা মুনমী নেওঁগে তেওঁৰ লগত যোবা অৰ্ধ্বআইনী সহযোগী দ্বীপেন শইকীয়াই আৰু ৰহা আৰক্ষীয়ে খগেন ডেকাৰ ৰহা কামগাঁৱৰ গৃহৰ মনষা মন্দিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পাছত মহিলা গৰাকীক নগাঁৱৰ শ্ৰদ্ধাগৃহত আশ্ৰয় প্ৰদান কৰা হয় ৷

শিৱসাগৰত সদৌ অসম ভিত্তত অনুষ্ঠিত দিহানাম প্ৰতিযোগিতাৰ সামৰণি, আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে উপস্থিত লোক সংস্কৃতিৰ সাধক মুনিন বৰা…

শিৱসাগৰ সুৰুয মুখী সন্মিলিত শিল্পী সমাজৰ উদ্যোগত শৈৱ নাৰী শক্তি অসম, জয়া দলং মহিলা সমাজ, ইত্যাদি উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চৰ সহযোগত শিৱসাগৰ নগৰস্থিত শ্ৰী শ্ৰী শংকৰদেৱ সমাজ নামঘৰ প্ৰাঙ্গনত দুদিনীয়া কাৰ্যসূচীৰে ২৫ আৰু ২৬মে’ত আয়োজন কৰা দিহানাম প্ৰতিযোগীতা আৰু আলোচনা চক্ৰৰ আজি সামৰণি পৰে। দিহানাম প্ৰতিযোগীতাত মণিকাঞ্চন দিহানাম দল গৌৰীসাগৰে প্ৰথম স্থান, নৱৰূপা দিহানাম দল গুৱাহাটীয়ে দ্বিতীয় স্থান, ভক্তি প্ৰাণ  দিহানাম দল লক্ষীমপুৰে তৃতীয় স্থান লাভ কৰে।

আজি দিহানামৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ ওপৰত অনুষ্ঠিত হোৱা আলোচনা চক্ৰ খনিৰ উদ্ধোধন কৰে কৃষ্ণ সূৰ্য নাম সমাজৰ সম্পাদক দিলীপ চাংমাইয়ে, সঞ্চালক হিচাপে উপস্থিত থাকে শিৱসাগৰৰ বীৰ লাচিত কলেজৰ অধ্যাপক শান্তনু বুঢ়াগোহাঁই, আলোচক হিচাপে উপস্থিত থাকে ক্ৰমে প্ৰাঞ্জল প্ৰতীম বৰা, অধ্যাপক জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়, মৌচুমী মহন্ত গোস্বামী, কৰ্মচাৰী অসম মহিলা বিশ্ববিদ্যালয়, অজয় বৰুৱা, সভাপতি শিৱসাগৰ জিলা দিহানাম সংৰক্ষন সমিতি।

ধুবুৰী জিলাৰ চাপৰৰ চৰুৱাবাখৰা গাঁৱত পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড…

চাপৰৰ চৰুৱাবাখৰা গাঁৱত পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড । নিজ পত্নী থকাৰ পিছতো বেলেগৰ পত্নীৰ লগত প্ৰেমত মচগুল প্ৰেমিক বাদশা মণ্ডল ওৰফে ভাশা । পৰকীয়া প্ৰেমৰ বাবেই পত্নীয়ে নিজ স্বামীক ব্লেডেৰে হত্যা কৰাৰ অভিযোগ । কথমপি প্ৰাণ ৰক্ষা পৰে স্বামী সমেশ আলীৰ । ধুবুৰী জিলা চাপৰ থানাৰ অন্তৰ্গত চৰুৱাবাখৰা গাঁওত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । স্বামীক হত্যা কৰিবলৈ পত্নীৰ নাটকীয় ষড়যন্ত্ৰৰ অভিযোগ । চৰুৱাবাখৰাত চলি থকা বানিজ্য মেলাত কৌশলৰে স্বামীক মাতি নি অবৈধ প্ৰেমীকৰ সৈতে হত্যাৰ ব্লু-প্ৰিন্ট ৰচিচিল পত্নী আনিছা খাতুনে ।

গাঁও খনৰ বাসিন্দা সমেশ আলীয়ে বছৰমান পুৰ্বে বিয়া পাতিছিল আনিছা খাতুনৰ সৈতে । সেহতীয়াকৈ একেখন গাঁৱৰে বাদশাহ মণ্ডল ওৰফে ভাশা নামৰ যুৱক জনৰ সৈতে বোৱাৰী গৰাকীৰ সৈতে মত্ত হয় পৰকীয়া প্ৰেমত । বাদশাহ মণ্ডল ওৰফে ভাশা নামৰ যুৱকৰ সৈতে মিলি আনিছা খাতুনে চৰুৱাবাখৰাত চলি থকা মেলাত অবৈধ প্ৰেমীক জনৰ সৈতে মিলি স্বামী সমেশ আলীক মাতি নি সুযোগ বুজি হত্যাৰ চেষ্ঠা চলোৱাৰ অভিযোগ ।

ব্লেডেৰে স্বামীৰ ডিঙিত ৰেপী দিয়ে যদিও দৈৱক্ৰমে ৰক্ষা পৰে সমেশ আলীয়ে । সমেশ আলী বৰ্তমান চাপৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে । ঘটনা সংক্ৰান্তত শালকোচা আৰক্ষীয়ে প্ৰেমিক বাদশাহ মণ্ডল আৰু বোৱাৰী গৰাকীক আটক কৰিছে । আনিছা খাতুনৰ এনে নিকৃষ্ট কৰ্ম কাণ্ডক স্থানীয় বিভিন্ন মহলে গৰিহনা জনাইছে লগতে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে ।

১০০ বছৰ জীয়াই থকাৰ ইচ্ছা নেকি? এই সমূহ নিয়ম মানি চলক…

শৰীৰ সম্পূৰ্ণ সুস্থ হৈ থাকিলেহে দীৰ্ঘায়ু সম্ভৱ। ৰোগে আগুৰি থকা শৰীৰ এটাৰ বেছিদিন জীয়াই থকাৰ সম্ভাৱনা কমি যায়। এনে পৰিস্থিতিত সুস্থ শৰীৰৰ বাবে ঔষধৰ দৰে খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়।কোনবোৰ খাদ্যাভ্যাস গ্ৰহণ কৰিলে আপুনিও দীৰ্ঘ আৰু সুস্থ জীৱন যাপন কৰিব পাৰিব জানো আহক-

ৰাতিপুৱা ৬ বজাত সাৰ পোৱাৰ পিছত প্ৰথমে কুহুমীয়া পানী খাব লাগে। কেতিয়াবা তাত নেমু অলপ চেপিও খাব পাৰে। এঘণ্টাৰ পিছত গাখীৰ, ফল-মূল খাব পাৰে।

আনহাতে ৰাতিপুৱা ১০ বজাত পাতলীয়া ব্ৰেকফাষ্ট কৰিব পাৰে।

১২ বজাত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব পাৰে। দুপৰীয়াৰ আহাৰত কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি, শাক-পাচলি আৰু কিছু ফল-মূল আদি খাব পাৰে।

১:৩০ৰ পৰা ২:১৫ বজাত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিবলৈ মিঠা কিবা এটা খাব পাৰে। সন্ধিয়া চকলেট, কল বা ষ্ট্ৰবেৰী, বাদাম, মাখন খাব পাৰে।

নিশা ৮-৯ বজাৰ ভিতৰত স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰিব। লগতে সোনকালে টোপনি যাবলৈও চেষ্টা কৰিব।

৬৪ বছৰৰ পিছত গুৱাহাটীত ৪০.১ ডিগ্ৰী চেলছিয়াছ ! মে’ মাহত সৰ্বোচ্চ তাপমাত্ৰাৰ ৰেকৰ্ড…

উত্তৰ-পূব ভাৰতৰ কেইবাখনো ৰাজ্য গৰমৰ ঢৌত জ্বলি আছে। বৰ্তমান অসমৰ গুৱাহাটীকে ধৰি প্ৰায়সংখ্যক অঞ্চল গৰমত জ্বলি আছে।

পুৱা ১০:৪১ বজাত গুৱাহাটী মহানগৰীত শনিবাৰে ১৯৬০ চনৰ পিছত মে’ মাহত সৰ্বোচ্চ উষ্ণতা ৪০.১ ডিগ্ৰী চেলছিয়াছ হোৱা বুলি জানিব পৰা গৈছে।

স্বাভাৱিক উষ্ণতাৰ পৰা ৮ ডিগ্ৰী চেলছিয়াছৰ বিচ্যুতি আছিল। ১৯৬০ চনৰ ১ মে’ত গুৱাহাটীত সৰ্বোচ্চ উষ্ণতা ৪০.৩ ডিগ্ৰী চেলছিয়াছ হৈছিল। শনিবাৰে আই এম ডিয়ে যোৱা কিছু বছৰত অসমৰ বাবে প্ৰথমটো গৰমৰ তৰংগ সতৰ্কবাণী জাৰি কৰে।

তীব্ৰ গৰমঃ গৰমত খাওক এই পানীয়! আপোনাৰ শৰীৰো ভাল হ’ব, তৃষ্ণাও দূৰ হ’ব…

গৰমে দহিছে দেশবাসী তথা ৰাজ্যবাসীক।

বিগত তিনিদিন ধৰি তাপমাত্ৰা ৩৮ ডিগ্ৰীৰ পৰা ৪০ ডিগ্ৰীলৈ বৃদ্ধি পাইছে।

স্তব্ধ হৈ পৰিছে জনসাধাৰণৰ স্বাভাৱিক জীৱন।

অসমৰ কেইবাখনো জিলাই অতিক্ৰম কৰিছে স্বাভাৱিক উষ্ণতা।

তীব্ৰ গৰমত মানুহে এতিয়া বিভিন্ন ধৰণৰ ঠাণ্ডা পানীয় খোৱাৰ আৰম্ভ কৰিছে।

কিন্তু গৰমত অন্য পানীয় গ্ৰহণ কৰাৰ পৰিৱৰ্তে এটুপি নেমু পানীয়ে আপোনাৰ পিয়াহ দূৰ কাৰ লগতে শৰীৰো ঠাণ্ডা কৰিব।

সকাহ পাব, বৰষুণ আহিবঃ বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাজা আৰু মিনাক্ষীৰ বিয়া…

বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ দেওবাৰে দিনৰ ১১ বজাত বেলশিৰি চাহ বাগিছাত অনুষ্ঠিত হ’ল ভেকুলীৰ বিয়া৷ উল্লেখ্য যে পানীৰ অভাৱত এতিয়া মৰহি গৈছে বেলশিৰি বাগিছাৰ চাহ গছ সমূহ৷ আনকি বৰষুণৰ অভাৱত কৃষকে পথাৰত সিচিব নোৱাৰিলে কঠীয়া৷ সেয়েহে পানীৰ বাবে বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ বেলশিৰি চাহ বাগিছাত আজি অনুষ্ঠিত হ’ল ৰাজা আৰু মিনাক্ষীৰ বহু প্ৰত্যাশিত বিয়া৷ ৰাজা আৰু মিনাক্ষীৰ বিয়াক লৈ বেলশিৰি চাহ বাগিছাত আজি পুৱাৰে পৰা এক ওখল-মাখল পৰিবেশৰ সৃষ্টি হৈছে।এই বহু প্ৰত্যাশিত বিয়াৰ ৰাজা( দৰা) আৰু মিনাক্ষী (কন্যা)। ৰাজা বেলশিৰি চাহ বাগিছাৰ অফিচ লাইনৰ আৰু মিনাক্ষী বেলশিৰি চাহ বাগিছাৰ খেৰ লাইনৰ৷


দৰা কন্যা উভয় পক্ষৰ পৰিয়ালৰ উপস্থিতিত সম্পুৰ্ন হিন্দু ধৰ্মৰ নিয়ম-নীতি আৰু পুৰোহিতৰ মন্ত্ৰোচাৰণ, মাল্যাৰ্পন, কন্যাদান, সেন্দুৰ, হোম যজ্ঞৰে অগণন লোকৰ  উপস্থিতিত আজি এই বহু প্ৰত্যাশিত বিয়াখন সম্পন্ন হ’ল৷ উক্ত বিবাহ অনুষ্ঠানত বেলশিৰি চাহ বাগিছাৰ মুখ্য পৰিচালক লক্ষী মাঝিসহ পৰিচালক অৰুণ বৰা,অসীম ভট্টাচাৰ্যী,লক্ষ্মণ শ্বাহ,কণকণ বৰুৱা, কৈলাশ কুমাৰ, চিডি দৈমাৰী, মনোজ লাহন, বিৰাজ ঘোচাল, অজয় ৰজকৰ লগতে অজস্ৰ লোক উপস্থিত থাকে৷হিন্দু ধৰ্মৰ প্ৰতিটো ৰীতি-নীতিৰ মাধ্যমেৰে পুৰোহিত বাপধন চক্ৰবৰ্তীৰ লগতে বিপুল শৰ্মাই বিবাহ অনুষ্ঠান সম্পন্ন কৰে৷ ৰিমঝিম শইকীয়া আৰু মিনতি ৰাভায় বিয়ানাম গাই আজি বিবাহ অনুষ্ঠানটি জীপাল কৰি তোলে৷ উল্লেখযোগ্য যে এই বছৰ তীব্ৰ খৰাংৰ ফলত বেলশিৰি চাহ বাগিছাৰ কেচা চাহ পাতসমূহ শুকাই যোৱাৰ লগতে কৃষক সকলে খেতি পথাৰত বৰষুণৰ অভাৱত কঠিয়া সিচিব পৰা নাই৷ সেয়েহে ভেকুলীৰ বিয়া পাতিলে বৰুণ দেৱতা সন্তুষ্ট হৈ বৰষুণ দিব বুলি জনবিশ্বাস আছে, সেই বিশ্বাসক সৰোগত কৰি বেলশিৰি চাহ বাগিছাত চাহ বাগিছাৰ শ্ৰমিক, মুখ্য পৰিচালক কৰ্মচাৰী, স্থানীয় ৰাইজৰ সহযোগত ভেকুলীৰ বিবাহ সম্পন্ন কৰে৷

গৰমত ঠাণ্ডা কিয় লাগে? ৪টা ডাঙৰ কাৰণ জানি লওক…

গ্ৰীষ্মকালত সাধাৰণতে চৰ্দি, কাহৰ ভয় বেছি হয় বুলি বিশ্বাস কৰা হয়। চৰ্দি, কাহ হ’লে গৰমৰ দিনতো মানুহৰ ঠাণ্ডা লাগে। গৰমৰ দিনত মানুহৰ কিয় ঠাণ্ডা লাগে জানো আহক-

গ্ৰীষ্মকালত চৰ্দিৰ প্ৰধান কাৰণ হ’ল হঠাৎ উষ্ণতাৰ পৰিৱৰ্তন। বাহিৰৰ গৰমৰ পৰা হঠাতে এচি বা কুলাৰ থকা ঠাণ্ডা কোঠালৈ যোৱাৰ ফলত শৰীৰৰ উষ্ণতা দ্ৰুতগতিত সলনি হয়। ইয়াৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাত প্ৰভাৱ পৰে আৰু সহজেই ঠাণ্ডা ভাইৰাছৰ আক্ৰমণ হ’ব পাৰে।

গ্ৰীষ্মকালত আমি প্ৰায়ে ঠাণ্ডাৰ বাবে চিন্তিত হৈ পৰো, সেয়েহে আমি প্ৰায়ে আইচক্ৰীম খাবলৈ আৰম্ভ কৰো। ইয়াৰ বাহিৰেও ৰ’দৰ পৰা ওলাই অহাৰ লগে লগে ঠাণ্ডা পানী খাব নালাগে। ইয়াৰ বাবে চৰ্দি, কাহৰ সম্ভাৱনা বৃদ্ধি পায়।

প্ৰদূষণ আৰু এলাৰ্জীও গ্ৰীষ্মকালত ঠাণ্ডাৰ প্ৰধান কাৰণ। এলাৰ্জীৰ লক্ষণ যেনে হাঁচি, নাক বন্ধ হোৱা, ডিঙিৰ বিষ আদি ঠাণ্ডাৰ লক্ষণৰ দৰেই। ইয়াৰ উপৰিও প্ৰদূষিত পৰিৱেশে ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল কৰি তুলিব পাৰে, যাৰ ফলত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়।

পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক জয়ন্ত নাথ…

পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ এজন লোক। চেন্নাইত সন্ধানহীন বাক্সাৰ পাটলাৰ জয়ন্ত নাথ। ১৫ মে’ত পুত্ৰৰ সৈতে তামিলনাডুলৈ গৈছিল জয়ন্ত নাথ।

কৰ্মসংস্থাপন বিচাৰি তামিলনাডুলৈ গৈছিল পিতৃ-পুত্ৰ। কিন্তু কাম কৰি ভাল নোপোৱাৰ বাবে দুদিন পাছতেই উভতিছিল ঘৰলৈ।

স্বগৃহলৈ ওভতাৰ পথতেই চেন্নাইত নিৰুদ্দিষ্ট হৈ পৰে জয়ন্ত নাথ। জয়ন্ত নাথৰ সন্ধান পালে 92898-82499 নম্বৰত যোগাযোগৰ আহ্বান পৰিয়ালৰ।

তেজপুৰৰ জীয়াভৰলী নৈত গা ধুবলৈ গৈ নৈত কৰুণ মৃত্যু এজন ছাত্ৰৰ…

তেজপুৰৰ জীয়াভৰলী নৈত অঘটন। গা ধুবলৈ গৈ নৈত কৰুণ মৃত্যু এজন ছাত্ৰৰ। নিহত ছাত্ৰজন ডিব্ৰুগড়ৰ মিলন নগৰৰ কনচেং দত্ত।

কম্পিউটাৰ ছাইন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ ২য় ষাণ্মাসিকৰ ছাত্ৰ কনচেং।

বিয়লি সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল ছাত্ৰজন।