Home Blog Page 777

নিলামত পানীৰ দৰত বিক্ৰী বটলিফ ফেক্টৰীৰ চাহপাত! গভীৰ অনিশ্চয়তাৰ দিশে ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়ক…

ক্ৰমাৎ অধিক সংকটৰ দিশে গতি কৰিছে অসমৰ চাহ উদ্যোগ। শেহতীয়াকৈ ভাৰতীয় টী ব’ৰ্ডৰ নতুন নিলাম ব্যৱস্থাই বটলিফ ফেক্টৰীসমূহৰ লগতে ৰাজ্যৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কক বিপদৰ মুখলৈ ঠেলি দিয়া পৰিলক্ষিত হৈছে। নতুন নিলাম নীতি অনুসৰি বটলিফ ফেক্টৰীসমূহৰ চাহো নিলামৰ জৰিয়তে বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হৈছে। এই অনুযায়ী যোৱা ২৪ মে’ত হৈ যোৱা নিলামত অসমৰ বটলিফ ফেক্টৰীসমূহৰ দ্বাৰ উৎপাদিত ৩ লাখ ৩৪ হাজাৰ ৯১১ কিলোগ্ৰাম চাহ বিক্ৰী হয়। অল আসাম টী বটলিফ এছ’চিয়েশ্যনে সদৰী কৰা মতে শেহতীয়া নিলামত বটলিফ ফেক্টৰী উৎপাদিত ৬৪ শতাংশ চাহ পানীৰ দৰত বিক্ৰী হয় আৰু বাকী ৩৬ শতাংশ চাহ নিলামৰ পৰা বাহিৰ কৰা হয়।

জানিব পৰা মতে বটলিফ ফেক্টৰীৰ উৎপাদিত চাহ নিলামত প্ৰতি কেজিত মাত্ৰ ১৪৯ টকা দৰত বিক্ৰী হয়। ফলত এই ফেক্টৰীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কসকলক কিদৰে প্ৰাপ্য আদায় দিব বুলি প্ৰশ্ন কৰিছে। এছ’চিয়েশ্যনৰ কেবাগৰাকী বিষয়ববীয়া তথা বটলিফ ফেক্টৰীৰ গৰাকীয়ে কয় যে যদি নিলামত ১৫০ টকাৰ তলত চাহ বিক্ৰী হয় তেন্তে এজন কৃষকক প্ৰাপ্য আদায় দিয়াটোৱেই অসম্ভৱ হৈ পৰে। ‘নিলামত আমাৰ চাহ বিক্ৰী হৈছে ১৪৯ টকাত।৩৬ শতাংশ চাহ আকৌ নিলামত বিক্ৰীয়েই নহ’ল। মানুহে কয় যে বটলিফ ফেক্টৰীসমূহে উচিত দাম নিদিয়ে, কিন্তু এই ভৰপক সময়ত যদি চাহ পানীৰ দৰত নিলামত বেচিবলগীয়া হয় তেন্তে সেয়া কেনেকৈ সম্ভৱ হ’ব? সেয়ে আমি টী ব’ৰ্ডক সুধিব বিচাৰিছো যে ব’ৰ্ডে অসমৰ চাহ খেতিয়কসকলে উচিত মূল্য পোৱাতো নিবিচাৰে নেকি? আমি উচিত দামত বিক্ৰী কৰিব পাৰিলেহে কৃষককো উচিত দাম আদায় দিব পৰা যাব। এই কথা জানিও টী ব’ৰ্ডে অসমৰ চাহ খেতিয়কসকলক লৈ হেতালি খেলিছে’-এইদৰে কয় বটলিফ ফেক্টৰীৰ এগৰাকী স্বত্বাধিকাৰীয়ে। টী ব’ৰ্ডৰ এনে কৃষক বিৰোধী নীতিৰ বাবেই বটলিফ ফেক্টৰীসমূহে ব’ৰ্ডৰ শেহতীয়া নিৰ্দেশ মানি ল’বলৈ অস্বীকাৰ কৰি আহিছে বুলিও এছ’চিয়েশ্যনৰ এটি সূত্ৰই সদৰী কৰিছে।

এছ’চিয়েশ্যনৰ সূত্ৰটোৰ মতে নিলামত ১৪৯ টকা দৰত চাহ বিক্ৰী হ’লে এজন খেতিয়কক প্ৰতি কিলোগ্ৰাম কেঁচা চাহপাতৰ বিপৰীতে সামান্য কেইটামান টকাহে দিব পৰা যায়। এই ধনেৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলে খেতিৰ ধাৰাবাহিকতা বজাই ৰখাতো কোনোপধ্যে সম্ভৱ নহয় বুলিও সময়ে সময়ে মন্তব্য কৰি আহিছে। উল্লেখ্য যে ব’ৰ্ডৰ নতুন নিৰ্দেশনাৰ বিৰোধিতা কৰিয়েই অহা ১ জুনৰ পৰা ৰাজ্যৰ বটলিফ ফেক্টৰীসমূহৰ মালিকসকলে ফেক্টৰীসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইফালে বটলিফ ফেক্টৰীসমূহৰ এনে সিদ্ধান্তৰ ফলত অনিশ্চয়তাত দিন কটাবলগীয়াত পৰিছে ৰাজ্যখনৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কে।

নিশা পলমকৈ আহাৰ গ্ৰহণ কৰিলে বৃদ্ধি পায় কলৰেক্টাল কেন্সাৰৰ আশংকাঃ গৱেষণাত নতুন তথ্য

শেহতীয়া এক গৱেষণাত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য। বহুতেই নিশা পলমকৈ আহাৰ গ্ৰহণ কৰে। স্বাস্থ্য বিজ্ঞানীসকলৰ মতে এয়া মুঠেও স্বাস্থ্যসন্মত কথা নহয়। নিশা পলমকৈ আহাৰ গ্ৰহণ কৰাৰ ফলত হ’ব পাৰে মাৰাত্মক স্বাস্থ্যজনিত সমস্যা। বিশেষকৈ নিশা পলমকৈ চৰ্বি বা চেনিৰে ভৰপূৰ গধুৰ আহাৰ গ্ৰহণ নকৰিবলৈ স্বাস্থ্য বিশেষজ্ঞসকলে সতৰ্ক কৰি আহিছে।স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে সপ্তাহত কমেও ৪ দিন বিচনালৈ যোৱাৰ কমেও ৩ ঘণ্টাৰ ভিতৰত খাদ্য গ্ৰহণ কৰিলে কলৰেক্টাল কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

এটা নতুন অধ্যয়নত গৱেষকসকলে কেন্সাৰৰ পৰীক্ষাৰ বাবে কলনস্কপি কৰা ৬৬৪ জন লোকৰ পৰীক্ষাৰ অন্তত বিশেষজ্ঞসকলে তেনে সিদ্ধান্তত উপনীত হৈছে। অধ্যয়নটোত ৪২% লোকে নিশা দেৰিকৈ আহাৰ খোৱা লোক। তেওঁলোকৰ কলন’স্কপিৰ সময়ত পোৱা গৈছিল এডিন’মা – এটা ক্ষত – ইয়াৰ পৰাই কেন্সাৰ হোৱাৰ সম্ভাৱনা ৪৬% বৃদ্ধি পায়। বিশেষজ্ঞসকলে সেয়ে নিশা পলমকৈ আহাৰ গ্ৰহণৰ পৰা বিৰত থকাৰ পৰামৰ্শৰ দিয়াৰ লগতে ৰেড মীট নাখাবলৈ, ফল-মূল আৰু শাক-পাচলি বেছিকৈ খাবলৈ কৈছে। টিউবলাৰ এডিন’মা হৈছে বৃহদান্ত্ৰত পোৱা কলৰেক্টাল কেন্সাৰ। মানুহৰ মগজুত অৱস্থিত কেন্দ্ৰীয় চাৰ্কেডিয়ান কেন্দ্ৰই ৰাতি টোপনি অহাৰ বাবে মেলাটনিন মুক্ত কৰে । তাৰ পৰিৱৰ্তে দেৰিকৈ আহাৰ খালে “পেৰিফেৰেল চাৰ্কেডিয়ান ৰিদম”ত বিসংগতি ঘটে। এগৰাকী গৱেষক ব্ৰাগানিনিয়ে কয়, “ মোৰ বহু ৰোগীয়ে মোক কৈছে যে যেতিয়া তেওঁলোকে নিশা পলমকৈ খাদ্য খায়, তেতিয়া তেওঁলোকে সদায় স্বাস্থ্যকৰ খাদ্যৰ বাছনি নকৰে। তেওঁলোকৰ নিশাৰ খাদ্যৰ ভিতৰত সাধাৰণতে চেনি আৰু চৰ্বিৰ পৰিমাণ বেছি হয়। ইয়াৰ ফলত তেওঁলোকে শৰীৰে প্ৰয়োজনতকৈ বহু বেছি কেলৰি লাভ কৰে। ।গতিকে গভীৰ নিশা খাদ্য গ্ৰহণ কৰিলে অবাঞ্চিত ওজন বৃদ্ধি হ’ব পাৰে। খাদ্য হজমৰ ক্ষেত্ৰতো বাধা আহি পৰিব পাৰে। ”
আমাৰ পাকস্থলীত থকা কিছুমান ক্ষুদ্ৰ অণুজীৱৰ নিজস্ব আভ্যন্তৰীণ ঘড়ী থাকে, যিয়ে দৈনিক এক নিৰ্দিষ্ট ছন্দ অনুসৰণ কৰে । আমি যি খাও সেই কথাই নিৰ্ধাৰণ কৰে এই অণুজীৱবোৰ কিমান সক্ৰিয় হৈ থাকিব। ব্ৰগাগনিনিয়ে কয় ‘ যদি নিশা পলমকৈ খোৱা খাদ্য চেনি আৰু চৰ্বিযুক্ত খাদ্য হয় , তেন্তে আমাৰ মাইক্ৰ’বায়’মত নেতিবাচক প্ৰভাৱ পেলাব পৰে আৰু ইয়াৰ ফলত কেন্সাৰৰ সম্ভাৱনাও বৃদ্ধি পায়।’

বে অব বংগলত সৃষ্টি হৈছে ঘূৰ্ণী ৰেমালঃ ৰেমালৰ বাবেই ২৭ মে’ত অসমত হ’ব ধাৰাসাৰ বৰষুণ

সংহাৰী গ্ৰীষ্মপ্ৰবাহে দেশত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। আজি অসম তাপমাত্ৰ ৩৯ ডিগ্ৰী হৈছে। গুৱাহাটীত ৪০ ডিগ্ৰী চেলছিয়াছ হৈছে। । এনে সময়তে আশাৰ বতৰা লৈ তীব্ৰ বেগত আগবাঢ়িছে কালঘূৰ্ণী ৰেমাল। বংগ অভিমুখে আহি থকা এই ঘূৰ্ণীৰ সৃষ্টি হৈছে বে অব বেংগলত। ৰেমাল ঘূৰ্ণীৰ প্ৰভাৱত অসমকে ধৰি দেশৰ কেইবা খনো ৰাজ্যত ধাৰাসাৰ বৰষুণ হ’ব বুলি বতৰ বিজ্ঞানীসকলে আগজাননী দিছে। বতৰ বিজ্ঞানীসকলৰ মতে
উপকূলীয় অঞ্চলৰ ৰাজ্যসমূহত পৰিব ৰেমাল ঘূৰ্ণীৰ বৃহৎ প্ৰভাৱ ।দেওবাৰে বাংলাদেশৰ উপকূলত ‘ৰেমাল’ নামৰ শক্তিশালী ঘূৰ্ণীবতাহ ধুমুহাৰ ৰূপত আঘাত হানিব।ধুমুহাৰ প্ৰভাৱ পৰিব অসমতো ।

দেওবাৰে অসমত ৯২ শতাংশ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞানীসকলে আগজাননী দিছে। ৰেমালৰ বাবে সৃষ্টি হোৱা ধুমুহা ঘণ্টাত ১০২ কিলোমিটাৰ বেগত বলিব পাৰে। ২৬-২৭ মে’ত উপকূলীয় পশ্চিম বংগ, ওড়িশা, মিজোৰাম, ত্ৰিপুৰা আৰু দক্ষিণ মণিপুৰত প্ৰবল বৰষুণ হ’ব পাৰে।মাছমৰীয়াসকলক ২৭ মে’লৈকে বংগ উপসাগৰলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে। ৰেমালৰ প্ৰভাৱত ২৭ মে’ত অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

ভাৰতত ৪০ বছৰৰ তলৰ পুৰুষ আৰু মহিলৰ মাজৰে ২০% আক্ৰান্ত হয় কেন্সাৰত , শেহতীয়া গৱেষণাৰ দাবী

ভাৰতত অধিক সংখ্যক যুৱক-যুৱতী এতিয়া অতি সহজে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ ঘটনাই উদ্বেগ বৃদ্ধি কৰিছে। এক নতুন অধ্যয়নত দেখা গৈছে যে দেশত ২০ শতাংশ কেন্সাৰ ৰোগী ৪০ বছৰৰ তলৰ পুৰুষ-মহিলাৰ ভিতৰৰে লোক। দিল্লীৰ কৰ্কট মুক্ত ভাৰত ফাউণ্ডেশ্যনৰ অধ্যয়নত দেখা গৈছে যে ৪০ বছৰৰ তলৰ পুৰুষ আৰু মহিলৰ মাজৰে ২০% আক্ৰান্ত হয় কৰ্কট ৰোগত। এনে কৰ্কট ৰোগৰ ভিতৰত মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগেই (২৬ শতাংশ) আটাইতকৈ বেছি, তাৰ পিছত গেষ্ট্ৰাইটিছ কেন্সাৰ (১৬ শতাংশ) যেনে কলন, পেট, যকৃত আদিৰ কৰ্কট ৰোগ । স্তন কেন্সাৰ ১৫ শতাংশ, আৰু তেজৰ কেন্সাৰ ৯ শতাংশ।


ভাৰতত কৰ্কট মুক্ত ভাৰত অভিযানৰ নেতৃত্ব দিয়া জ্যেষ্ঠ অংক’লজিষ্ট আশীষ গুপ্তাই যুৱ প্ৰাপ্তবয়স্কৰ মাজত কৰ্কট ৰোগ বৃদ্ধিৰ বাবে বিশৃংখল জীৱনশৈলীকেই জগৰীয়া কৰিছে। আশীষ গুপ্তাই কয় যে আমাৰ দেশত মেদবহুলতাৰ হাৰ বৃদ্ধি পোৱা, খাদ্যাভ্যাসৰ পৰিৱৰ্তন, বিশেষকৈ প্ৰচেছড খাদ্যৰ ব্যৱহাৰ বৃদ্ধি আৰু শাৰীৰিক শ্ৰম নকৰি বহি থকাৰ জীৱনশৈলীও কৰ্কট ৰোগৰ হাৰ বৃদ্ধিৰ সৈতে জড়িত। তেওঁ লগতে কয় যে আমি সুস্থ জীৱনশৈলী গ্ৰহণ কৰিব লাগিব আৰু ধঁপাত তথা মদৰ ব্যৱহাৰ পৰিহাৰ কৰিব লাগিব, যাতে নৱ প্ৰজন্মৰ কৰ্কট ৰোগৰ আশংকা ৰোধ কৰিব পৰা যায়।


অধ্যয়নটোত এয়া দেখা গৈছে যে ভাৰতত ধৰা পৰা ৰোগীৰ ২৭ শতাংশ কেন্সাৰ ১ আৰু ২ ষ্টেজত থকাৰ বিপৰীতে ৬৩ শতাংশ ষ্টেজ ৩ বা ৪ ত থাকে। আশীষ গুপ্তাই কয় যে প্ৰায় দুই তৃতীয়াংশ লোকৰ কৰ্কট ৰোগ পলমকৈ ধৰা পৰে, সম্ভৱতঃ সঠিক সময়ত সঠিক পৰীক্ষা নকৰাৰ বাবে এনে হয়।
সমগ্ৰ ভাৰতৰ ১৩৬৮ গৰাকী কৰ্কট ৰোগীকলৈ এই অধ্যয়ন কৰা হৈছিল । ১ মাৰ্চৰ পৰা ১৫ মে’ৰ ভিতৰত ফাউণ্ডেশ্যনৰ কেন্সাৰ হেল্পলাইন নম্বৰত ফোন কৰাসকলৰ ক্ষেত্ৰত এই অধ্যয়ন চলোৱা হৈছিল।

বৰক’লা শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনৰ সম্বৰ্ধনা সভা সম্পন্ন

‘আমাক এনে এজন অভিযন্তা নালাগে যিজন অভিযন্তাৰ তদাৰকত বা নিৰ্দেশত নিৰ্মাণ হোৱা এখন নতুন দলং দুবছৰতে ভাঙি নিঃশেষ হওক, আমাক এনে এজন চিকিৎসকৰো প্ৰয়োজন নাই যি দুখীয়া-নিচলা ৰোগীক দেখি নেদেখাৰ ভাওযোৰক, আমাক এনেকুৱা এজন চৰকাৰী আমোলা বিষয়া নালাগে যি নিজৰ মাক-দেউতাকৰ ৰোগ-ব্যাধিত কাষত থাকি সেৱা কৰাৰ সময় নাথাকে, আমাক এনেকুৱা এজন তথাকথিত ডিগ্ৰীধাৰী শিক্ষিত ক্ষমতাশালী লোককো নালাগে যি নিজৰ জন্মভূমিক ভাল পাব নাজানে অথবা আমাক এনেকুৱা এজন বিষয়াও নালাগে যি নিজৰ কাৰ্যালয়তেই হওক অথবা বাটে-ঘাটেই হওক ওপৰলৈ হাত ডাঙি ৰঙাঘৰৰ আলহী হৈ আমাক লজ্জানত কৰিব বিচৰা বদনামী বিবেকহীন ব্যক্তিক আমাক নালাগে ৷ আমাক উচ্চ পদবীধাৰীতকৈ উচ্চ মনৰ ভাল মানুহহে আমাক লাগে ৷ যিয়ে সমাজলৈ প্ৰকৃতাৰ্থত কঢ়িয়াই আনে আদৰ, সন্মান, সম্ভ্ৰম ৷ আমাক ভৱিষ্যতৰ বাবে তেনেকুৱা ছাত্ৰ-ছাত্ৰীয়েই লাগে ৷’ নগাঁও জিলাৰ বৰক’লা শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনত ২৩ মে’ত অনুষ্ঠিত বাৰ্ষিক সম্বৰ্ধনা সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰি প্ৰেছ ক্লাব, বেবেজীয়াৰ সম্পাদক, জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে ভাষণ প্ৰসংগত উল্লেখিত বক্তব্য দাঙি ধৰে ৷

বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গুৰুমুখ সিঙৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি হিচাপে যোগদান কৰি ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাসে নিকেতনখনৰ শৈক্ষিক পৰিবেশৰ শলাগ লৈ আজি প্ৰথম বাৰৰ বাবে শিক্ষানুষ্ঠানখনত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী সকলক অধ্যয়নৰ প্ৰতি আৰু অধিক মনোনিবেশ কৰি নিজৰ জীৱন জিলিকাই তুলিবলৈ আহ্বান জনোৱাৰ লগতে নিকেতনখনৰ সমস্যা সমূহ দূৰীকৰণৰ হেতু চৰকাৰী নিয়মানুসৰি আৰ্থিক সাহায্য আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰি আন্তঃগাঁথনি উন্নয়নৰ সন্দৰ্ভত দহ লক্ষাধিক টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰাৰ উপৰি উৎকট গৰমৰ পৰা কিছু পৰিমাণে সকাহ পাব পৰাকৈ নিকেতনখনত বৰ্তমান সময়ত প্ৰয়োজনীয় হৈ পৰা পাঁচখন চিলিং ফেন বিধায়ক দাসে ব্যক্তিগতভাৱে শীঘ্ৰেই আগবঢ়াব বুলি বক্তব্যত প্ৰকাশ কৰে ৷ নৱম শ্ৰেণীৰ ছাত্ৰী ভায়লিনা লস্কৰে পৰিৱেশন কৰা বৰগীতেৰে আৰম্ভ হোৱা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে আচাৰ্য বিজিন্দৰ সিঙে ৷ প্ৰাক্তন উপাধ্যক্ষ গোবিন চন্দ্ৰ শৰ্মা, প্ৰাক্তন বিষয় শিক্ষকদ্বয় ৰজত মুদৈ আৰু ললিত নাথ, ৰাষ্ট্ৰপতি বঁটাৰে সন্মানিত প্ৰাক্তন কৃতী শিক্ষয়িত্ৰী মঞ্জুৰাণী লস্কৰ, কামপুৰৰ সংকুল প্ৰমুখ সঞ্জীৱ হাজৰিকা, প্ৰাক্তন পঞ্চায়ত সভাপতি যোগপ্ৰসাদ বৰদলৈ, বিশিষ্ট সচেতন মহিলা ভাৰতী দেৱীৰ উপৰি ভাৰতীয় জনতা পাৰ্টীৰ জিলা উপ- সভাপতি সুবৰ্ণ সিংহ, জনাৰ্দন শইকীয়া, কমাৰগাঁও মণ্ডলৰ বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি সীমান্ত দেউৰী, সম্পাদক মনোজ বৰা প্ৰমুখ্যে গুণী-জ্ঞানী বিশিষ্ট লোকসকল উপস্থিত থকা সভাখনত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা স্নেহা বৰঠাকুৰ, সমুদ্ৰ কুমাৰ ডেকা, ইন্দ্ৰাশ্ৰী লস্কৰ, ঋতুপৰ্ণা দাস, জুবিতৰা দাস, শিখামণি ডেকা, আদিত্য চুবেদাৰ, দিক্ষীতা বৰুৱা,প্ৰিয়ম ডেকা,ডেভিদ দাস, ভূপিন্দৰ সিং আৰু বাবুল কাকতিক ফুলাম গামোচা, মমেণ্টো আৰু অভিনন্দন পত্ৰৰে অভিনন্দিত কৰা হয় ৷

বৰক’লা গুৰু নানক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা উৎপলা ডেকাই আঁত ধৰা উক্ত অভিনন্দন অনুষ্ঠানটিতে নিকেতনখনৰ বছেৰেকীয়া উত্তীৰ্ণৰ ওপৰত বিশেষ স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত আকাংক্ষা বনিয়া, লিচা দেৱী, চিমাশ্ৰী বৰা, ইক্ষু শইকীয়াৰ উপৰি বছৰৰ সৰ্বাধিক উপস্থিতিৰ বাবে ছাত্ৰ দীপ দৰ্শন ৰাজকুমাৰেও বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷ সম্বৰ্দ্ধনা সভাৰ প্ৰাকক্ষণত নিকেতনৰ প্ৰধান আচাৰ্য বিকাশ নাথে অভ্যাগত সকলক উদ্দেশ্যি আদৰণী ভাষণ আগবঢ়োৱা গাম্ভীৰ্যপূৰ্ণ সভাখনিত স্থানীয় খেলুৱৈ অভীনৱ বৰদলৈয়ে লং জাম্পৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হোৱাত তেওঁকো অভিনন্দন জনোৱা এই সভাতেই অহা বছৰ নিকেতনখনিয়ে ৰূপালী জয়ন্তী বৰ্ষ উদ্‌যাপন কৰিবলৈ লোৱা সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণৰ বাবে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰা হয় ৷ সভাৰ অন্তত অন্তত আচাৰ্য দাদু কাকতিৰ শলাগৰ শৰাইৰে নিকেতনৰ বাৰ্ষিক সম্বৰ্ধনা সভাখনিৰ পৰিসমাপ্তি ঘটে ৷

বন্ধুৰ লগত প্ৰেমিকাক চিনাকি কৰাই দিবলৈ কিয় বেয়া পাই যুৱকে? প্ৰকৃত কাৰণ জানি লওক যুৱতীসকলে…

প্ৰতিজন যুৱকৰ নিজস্ব দৃষ্টিভংগী বেলেগ বেলেগ। কিন্তু যদি বহুদিন সম্পৰ্কত থকাৰ পিছতো আপোনাৰ সংগীয়ে আপোনাক নিজৰ বন্ধুৰ সৈতে চিনাকি কৰাই নিদিয়ে তেন্তে ইয়াৰ আঁৰৰ কাৰণ বুজাটো অতি প্ৰয়োজনীয় হৈ পৰে। দুজন মানুহৰ মাজৰ সম্পৰ্ক যিমানেই স্বচ্ছ হৈ থাকে সিমানেই তেওঁলোকৰ সম্পৰ্ক মজবুত হৈ পৰে। ইয়াৰ ভিতৰত আপোনাৰ সংগীক আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে চিনাকি কৰাই দিয়াটোও অতি গুৰুত্বপূৰ্ণ। কিন্তু সাধাৰণতে দেখা যায় যে ল’ৰাবোৰে নিজৰ প্ৰেমিকাক বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লগত চিনাকি কৰাই দিবলৈ বহুত লাজ কৰে। বহু সময়ত তাৰ বাবে তেওঁলোকৰ মাজত মতানৈক্যৰো সৃষ্টি হয়। ল’ৰাই প্ৰেমিকাক বন্ধুৰ লগত চিনাকি কৰাই নিদিয়াৰ কিছুমান কাৰণ জানি লওঁ আহক…

প্ৰত্যেকেই বিচাৰে তেওঁৰ বন্ধুসকলে তেওঁৰ পছন্দক ভাল পাওক। এনে পৰিস্থিতিত বন্ধুৰ লগত প্ৰেমিকাক চিনাকি কৰাই নিদিয়া ল’ৰাবোৰে বন্ধু-বান্ধৱীয়ে তেওঁৰ প্ৰেমিকাক ভাল নাপাব পাৰে বুলি ভয় কৰিব পাৰে।

ধেমালিৰ সীমা সকলোৱে নাজানে। বহু ল’ৰাই প্ৰায়ে বন্ধুৰ প্ৰেমিকাৰ সন্মুখত এনে ধেমালি কৰে যে পৰিস্থিতি অস্বস্তিকৰ হৈ পৰে। এনে পৰিস্থিতিত ল’ৰাই এনে বন্ধুৰ লগত প্ৰেমিকাক চিনাকি কৰাই দিয়াৰ পৰা বিৰত থাকে, যাতে তেওঁলোকৰ মাজত কোনো মতানক্য নহয়।

ল’ৰাৰ প্ৰেমিকাৰ প্ৰতি যি অসুৰক্ষিততা থাকে, ছোৱালীৰ সংগীৰ প্ৰতি যি নিৰাপত্তাহীনতা থাকে; এনে পৰিস্থিতিত ল’ৰাবোৰে প্ৰেমিকাক বন্ধুৰ লগত চিনাকি কৰাই নিদিয়ে কাৰণ বন্ধুৱে প্ৰেমিকাক আকৰ্ষিত কৰিব পাৰে বুলি ভয় কৰে।

প্ৰেমিকাক লৈ চিৰিয়াছ নহোৱা ল’ৰাবোৰে বন্ধুৰ লগত চিনাকি কৰাই দি ভাল নাপায়। অৱশ্যে তেওঁৰ বিশেষ কেইজনমান বন্ধুক নিজৰ প্ৰেমিকাৰ বিষয়ে অৱগত কৰি ৰাখে।

ল’ৰাই নিজৰ ভুল লুকুৱাবলৈও বন্ধুৰ লগত প্ৰেমিকাক চিনাকি কৰাই নিদিয়ে। কাৰণ তেওঁলোকে ভয় কৰে যে তেওঁলোকৰ বন্ধুসকলে তেওঁৰ প্ৰেমিকাক তেওঁৰ গোপনীয়তা প্ৰকাশ কৰিব আৰু তেওঁলোকৰ সম্পৰ্ক ভাঙি যাব বুলি।


স্বামীৰ উপাধি আঁতৰালে হাৰ্দিক পাণ্ডিয়াৰ পত্নী নাটাছাই! পৃথক হ’ব নেকি দুয়ো…

ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ হাৰ্দিক পাণ্ডিয়া আৰু মডেল তথা অভিনেত্ৰী নাটাছা ষ্টেনকভিচৰ মাজৰ দূৰত্বক লৈ কিছু খবৰ চৰ্চাত আছে। কিয়নো নাটাছা ষ্টেনকভিচৰ ইনষ্টাগ্ৰাম বায়’ত পৰিৱৰ্তন আহিছে। আচলতে ছাৰ্বিয়াৰ মডেল তথা অভিনেত্ৰী নাটাছা ষ্টেনকভিচে তেওঁৰ উপাধিৰ পৰা ‘পাণ্ডিয়া’ বাদ দিছে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত চৰ্চাত আহিছে তেওঁলোকৰ মাজৰ সম্পৰ্ক ফাঁট মেলা কথা।

আচলতে নাটাছাই ইনষ্টাগ্ৰামত তেওঁৰ নামটো ‘নাটাছা ষ্টেনকভিচ পাণ্ডিয়া’ বুলি লিখিছিল যদিও এতিয়া তেওঁ স্বামীৰ উপাধি আঁতৰাই পেলাইছে।

আনহাতে ৪ মাৰ্চত নাটাছাৰ জন্মদিন আছিল কিন্তু হাৰ্দিকে পত্নীৰ বাবে কোনো পোষ্ট কৰা নাছিল।

আচলতে শেহতীয়া কিছুমান ফটোও নোহোৱা হৈছে।

আনহাতে প্ৰতিবাৰেই নাটাছাই আই পি এলত স্বামীক সহায় কৰিবলৈ আহিছিল যদিও এইবাৰ ষ্টেডিয়ামত উপস্থিত নাছিল।

তাকে লৈ মানুহৰ মনত জল্পনা-কল্পনা সৃষ্টি হৈছে।

বহুবাৰ এনেকুৱা হৈছে যে ছ’চিয়েল মিডিয়াত তাৰকাসকলে নিজৰ নাম সলনি কৰে।

তেওঁলোকৰ সম্পৰ্কৰ সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য ৰখা নাই এতিয়ালৈকে হাৰ্ডিক আৰু নাটাছাই।

ব্ৰেকফাষ্ট খোৱাৰ কিছুমান নিয়ম আছে! ব্ৰেকফাষ্ট খোৱাৰ নিয়ম জানি লওক…

ৰাতিপুৱা ব্ৰেকফাষ্ট খোৱাৰ কিছুমান নিয়ম আছে। সেইবোৰ মানি চলিলে অলপ হ’লেও ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়। সাৰ পোৱাৰ লগে লগে মানুহৰ এটা চিন্তাই। শিশুৰ টিফিনত কি দিব, ব্ৰেকফাষ্টত কি খাব। তেনেকৈয়ে আৰম্ভ হয় দিনটো।

ৰাতিপুৱা ব্ৰেকফাষ্ট খোৱাৰ কিছুমান নিয়ম মানি চলকঃ

প্ৰটিন সমৃদ্ধ ব্ৰেকফাষ্ট স্বাস্থ্যৰ বাবে উপকাৰী। গতিকে সদায় ব্ৰেকফাষ্টত অধিক প্ৰটিন থকা খাদ্য খাবলৈ চেষ্টা কৰক। বিশেষকৈ যদি আপুনি আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে আপুনি আপোনাৰ ৰাতিপুৱাৰ আৰম্ভণিতে প্ৰটিন সমৃদ্ধ খাদ্যৰ পৰা আৰম্ভ কৰিব লাগে।

বহুতে ৰাতিপুৱা বেছিকৈ খাবলৈ মন নকৰে। কিন্তু অভ্যাস সলনি কৰাটো গুৰুত্বপূৰ্ণ। ৰাতিপুৱা খালে শৰীৰে পুষ্টিকৰ উপাদান লাভ কৰে। গোটেই দিনটো শৰীৰ ভালে থাকে।

যিমানেই ব্যস্ত নহওক কিয়, ব্ৰেকফাষ্ট এৰি নিদিব। বহুতে ওজন কমাবলৈ ব্ৰেকফাষ্ট এৰি দিয়ে। ই অধিক ক্ষতি কৰে। এনে অভ্যাস থাকিলে গেছ-হাৰ্টবাৰ্ণৰ সমস্যাও হ’ব পাৰে।

অহা বছৰ আই পি এল খেলিব নে মহেন্দ্ৰ সিং ধোনীয়ে, চেন্নাই ছুপাৰ কিংছ আশাবাদী…

অহা বছৰ আই পি এল খেলিব নে মহেন্দ্ৰ সিং ধোনীয়ে। চেন্নাই ছুপাৰ কিংছৰ মুখ্য কাৰ্যবাহী বিষয়া কাশী বিশ্বনাথনে অহা বছৰ আই পি এলত ধোনী খেলৰ বাবে আশাবাদী। চি এছ কেৰ ইউটিউব চেনেলত দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে ধোনিৰ ভৱিষ্যত মই নাজানো। খেলিব নে নাই, এই প্ৰশ্নৰ উত্তৰ তেওঁ নিজেই দিব পাৰে। আমি তেওঁৰ সিদ্ধান্তক সদায় সন্মান জনাই আহিছো। ধোনিয়ে সদায় সময়মতে সিদ্ধান্ত দি আহিছে।

বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত চেন্নাই ছুপাৰ কিংছে প্ৰকাশ কৰা ভিডিঅ’টোত ধোনীয়ে কয়, ‘জীৱনত ভয় আৰু মানসিক চাপ থকাটো অতি প্ৰয়োজনীয়। মোৰ অন্তৰত যদি ভয় নাথাকে, মই কেতিয়াও সাহসী হ’ব নোৱাৰো। ভয়ৰ এই চাপ থকাটো গুৰুত্বপূৰ্ণ বুলি মোৰ বিশ্বাস। সেয়া সঠিক সিদ্ধান্ত লৈহে সম্ভৱ।

আঁঠুৰ অস্ত্ৰোপচাৰৰ অন্তত খেলপথাৰলৈ উভতি অহাৰ পাছত বৰ্তমানৰ আই পি এলত ৭৩টা বলত ১৬১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ধোনীয়ে।

অদম্য সাহস, কৰ্তব্যনিষ্ঠা আৰু বীৰত্বৰ প্ৰতীক মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ আজি পুণ্যতিথি…

অদম্য সাহস, কৰ্তব্যনিষ্ঠা আৰু বীৰত্বৰ প্ৰতীক মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ আজি পুণ্যতিথি।

আজি মহান সত্তাগৰাকীক পৱিত্ৰ পুণ্যতিথিত সশ্ৰদ্ধ স্মৰণ।

১৭৮৮ খ্ৰীষ্টাব্দৰ পৰা ১৮০৫ খ্ৰীষ্টাব্দলৈকে সুখ্যাতিৰে ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল এইগৰাকী মটক ৰজাই।

স্বৰ্গদেউ সর্বানন্দ সিংহই প্ৰতিষ্ঠা কৰা ৰাজ্যখনৰ নাম ‘বেংমৰা মটক ৰাজ্য’ আছিল।

মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ আজি ২২২ সংখ্যক পৱিত্ৰ পুণ্যতিথিৰ উপলক্ষে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত তিনিচুকীয়াত উলিওৱা হয় এক মটৰ চাইকেল ৰেলী।