Home Blog Page 787

মোদী মন্ত্রীসভাত অসমৰ দুই সাংসদ সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা অন্তৰ্ভুক্ত…

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰপতি ভৱনত দেওবাৰে ৭.১৫ বজাত মোদী আৰু তেওঁৰ মন্ত্ৰীসভাই শপত গ্ৰহণ কৰে। মোদী মন্ত্ৰীসভাত অসমৰ পৰা সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাই স্থান লাভ কৰিলে।ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই মোদী মন্ত্ৰীসভাত স্থান লাভ কৰাত অনুৰাগীসকল আনন্দিত হৈ পৰিছে। দেওবাৰে দিনৰ ১১.৩০ বজাত প্ৰধানমন্ত্ৰীৰ বাসভৱনলৈ নিমন্ত্ৰণ কৰা হৈছিল সৰ্বানন্দ সোণোৱালক। হয়তো এই বৈঠকতে সোণোৱালৰ দপ্তৰৰ সন্দৰ্ভত আলোচনা কৰা হয়।

সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো কাৰ্যালয়ত বন্দৰ, জাহাজ আৰু আয়ুষ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দেখুওৱা বিশেষ পাৰদৰ্শিতাৰ বাবে ডিব্ৰুগড়ৰ নৱনিৰ্বাচিত সাংসদ সোণোৱালকে মোদীয়ে একেটা বিভাগৰে কেবিনেট মন্ত্ৰীৰ দায়িত্ব পুনৰ দিব পাৰে বুলি চৰ্চা চলিছে।


ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই স্থান লাভ কৰিলে মোদীৰ মন্ত্ৰীসভাত। মোদীৰ মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা লাভ কৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই। অসমৰ পৰা দ্বিতীয়গৰাকী মন্ত্ৰীৰূপে শপত ল’ব পবিত্ৰ মাৰ্ঘেৰিটাই৷

কেন্দ্ৰীয় কেবিনেটত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থান লাভ কৰাৰ লগতে পবিত্ৰ মাৰ্ঘেৰিটাই ৰাজ্যিক মন্ত্ৰী হিচাপে লাভ কৰিব দায়িত্ব। এই খবৰ লাভ কৰাৰ পিচতে অসম বিজেপি উৎফুল্লিত হৈ পৰা দেখা গৈছে৷

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিলে মোদীয়ে…

দেশৰ ৰাজনীতিৰ বাবে দেওবাৰৰ দিনটো এক ঐতিহাসিক দিন হিচাবে পৰিগণিত হ’ল। তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মন্ত্ৰীসভাই। দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সম্পন্ন হয় মোদী মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান৷ ক্ৰমাগত তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে৷ মোদী মন্ত্ৰীসভাৰ শপত গ্ৰহণত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য সাত খন বিদেশী ৰাষ্ট্ৰৰ পৰাও সাতগৰাকী অতিথি আহি দিল্লীত উপস্থিত হৈছিল। শপতগ্ৰহণ অনুষ্ঠানলৈ ভাৰতৰ চুবুৰী আৰু ভাৰত মহাসাগৰ অঞ্চলৰ বহু কেইগৰাকী নেতাক বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছেিল।

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানিল উইক্ৰেমসিংহ ; মালদ্বীপৰ ৰাষ্ট্ৰপতি ডাঃ মহম্মদ মুইজু; ছিচিলিৰ উপ- ৰাষ্ট্ৰপতি আহমেদ আফিফ ; বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা; মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ কুমাৰ জুগনৌথ; নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল আৰু ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে। এই অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে আন আন ৰাজ্যৰ বিজেপি নেতাসকলেও দিল্লীলৈ গৈছিল। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, উদ্যোগপতি গৌতম আদানীকে ধৰি বহু বিশিষ্ট ব্যক্তিও উপস্থিত থাকে। এইবেলি পোনপ্ৰথমবাৰৰ বাবে কোনো চৰকাৰৰ শপত গ্ৰহণত অংশীদাৰ হৈ আশীৰ্বাদ দিয়ে ৫০ গৰাকী তৃতীয় লিংগৰ ব্যক্তিয়ে৷ শপতগ্ৰহণ উপলক্ষ্যে সমগ্ৰ ৰাজধানী চহৰ খনতে জি-২০ বৈঠকৰ পূৰ্বে যেনে ধৰণৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছিল ঠিক একেধৰণৰ নিৰাপত্তা বেহুৱেই গঢ়ি তোলা হৈছিল।

তিনি তৰপীয়া নিৰাপত্তা বেহুৰ প্ৰথম দুটা স্তৰত আছিল দিল্লী আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। তৃতীয় পৰ্যায়ত বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত কমাণ্ডো ৰখা হৈছিল। চোৰাংচোৱা বিষয়া আৰু প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা এছ পি জিয়েও নিৰাপত্তা নিশ্চিত কৰে।শনিবাৰে বিয়লিৰ পৰা ৰাষ্ট্ৰপতি ভৱনৰ আশে-পাশে থকা অঞ্চলত ন’ ফ্লাই জ’ন হিচাপে ঘোষণা কৰা হৈছিল। ইফালে, ৰাজধানী চহৰ খনৰ ওপৰত চকু ৰাখিবলৈ দেওবাৰে পুৱাৰে পৰা বায়ুসেনা আৰু সেনাবাহিনীৰ হেলিকপ্টাৰ সক্ৰিয় কৰা হয়।

মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিল খাৰ্গে, অনুপস্থিত তৃণমূল কংগ্ৰেছ…

নৰেন্দ্ৰ মোদীয়ে দেওবাৰে সন্ধিয়া ৭-১৫ বজাত ৰাষ্ট্ৰপতি ভৱনত তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰে। শপত গ্ৰহণ অনুষ্ঠানলৈ বিশ্বৰ ৭ খন দেশৰ ৰাষ্ট্ৰ নেতাসকলক নিমন্ত্ৰণ জনোৱা হৈছিল। একেদৰে দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাকো নিমন্ত্ৰণ জনোৱা হৈছিল। ৰাজনৈতিক সৌজন্যতাৰ স্বাৰ্থত নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই। অৱশ্যে তৃণমূল কংগ্ৰেছ মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে বুলি দেওবাৰে পুৱাই স্পষ্ট কৰি দিছিল। দেওবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নৰেন্দ্ৰ মোদীয়ে। কিন্তু শপতগ্ৰহণ অনুষ্ঠানৰ নিমন্ত্ৰণী পত্ৰ শনিবাৰে সন্ধিয়ালৈকে কোনো বিৰোধী দলৰ ওচৰলৈ যোৱা নাছিল। নিশা তৃণমূল কংগ্ৰেছৰ লোকসভাৰ সাংসদ সুদীপ বেনাৰ্জীক বিদায়ী মন্ত্ৰীসভাৰ এজন মন্ত্ৰীয়ে অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছিল। সুদীপ বেনাৰ্জীয়ে কয় , “ৰাতি মোক নিমন্ত্ৰণ কৰিছিল। কিন্তু মোৰ দলে এই অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে।”

সুদীপৰ দৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়েও নিশাহে নিমন্ত্ৰণী পত্ৰখন পাইছিল। দেওবাৰে পুৱা কংগ্ৰেছে অৱগত কৰিছিল যে মোদীৰ শপত গ্ৰহণত খাৰ্গে উপস্থিত থাকিব। আন বিৰোধী দলৰ পৰাও একাংশ নেতাক আমন্ত্ৰণ জনোৱা হৈছে। প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণলৈ নিমন্ত্ৰণ নিদিয়াৰ বাবে অৱশ্যে শনিবাৰে বিয়লি কংগ্ৰেছে ক্ষোভ প্ৰকাশ কৰিছিল। দলৰ প্ৰচাৰ বিভাগৰ মুৰব্বী জয়ৰাম ৰমেশে ক্ষোভ প্ৰকাশ কৰি কৈছিল “প্ৰধানমন্ত্ৰীয়ে শপতগ্ৰহণ অনুষ্ঠানলৈ বিদেশীৰ নেতাক নিমন্ত্ৰণ জনাইছে, কিন্তু দেশৰ নেতাক নিমন্ত্ৰণ কৰিবলৈ সময় নাপালে। বিৰোধীৰ সৈতে আগবাঢ়ি যাব বুলি কৈছে মোদীয়ে। কিন্তু এয়া আপোনাৰ অৱজ্ঞা কৰাৰ নমুনা নেকি?”
ইফালে নৰেন্দ্ৰ মোদীয়ে শপত লোৱাৰ পূৰ্বে পুৱা ৰাজঘাটলৈ গৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনায়। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈও তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

অসমৰ লগতে দেশ-বিদেশৰ ১০০ টা চিনেমা হলত মুক্তি হ’ব ‘কুকি’, ‘কুকি’ মুক্তিৰ তাৰিখ জানি লওক…

২৮ জুনত অসমৰ লগতে দেশ-বিদেশৰ ১০০  টা চিনেমা হলত মুক্তি হ’ব ‘কুকি’। অসমীয়া কলা সংস্কৃতিৰ সংমিশ্ৰণত নিৰ্মাণ কৰা হৈছে হিন্দী চলচ্চিত্ৰ ‘কুকি’। ‘কুকি’ চলচ্চিত্ৰৰ জৰিয়তে এগৰাকী কিশোৰীৰ নিৰ্মম বাস্তৱ কাহিনী উদ্ভাসিত কৰা হৈছে।

আচলতে ‘কুকি’ এক আন্দোলন। এই আন্দোলনত জয়ী হ’ব লাগিলে ন্যায় ব্যৱস্থা কঠোৰ হ’ব লাগিব, প্ৰশাসন যন্ত্ৰ আৰু সমাজৰ সকলো সচেতন হ’ব লাগিব। তেতিয়াহে ‘কুকি’য়ে সন্মুখীন হোৱাৰ দৰে অবাঞ্চিত পৰিবেশ পৰিস্থিতিৰ পৰা সকলো কিশোৰী – যুৱতী ৰক্ষা পৰিব।’ – এই ভাষ্য হিন্দী চলচ্চিত্ৰ ‘কুকি’ৰ কাহিনীকাৰ ডাঃ জুনমণি খাউণ্ডৰ। মঙলদৈ প্ৰেছ ক্লাবত ‘কুকি’ চলচ্চিত্ৰৰ কলা-কুশলি সকলে দৰঙৰ সাংবাদিক সকলৰ লগত এক মত- বিনিময়  কৰে। অহা ২৮ জুনত অসমকে ধৰি দেশৰ ১০০ টা ছবিগৃহত চলচ্চিত্ৰ খন মুক্তি দিয়া হ’ব লগতে একেদিনাই চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ ছবিগৃহতো মুক্তি লাভ কৰিব কুকি। আনহাতে আমেৰিকা, কানাডা, ইণ্ডোনেছিয়া, ফ্ৰান্স আদি দেশৰ চিনেমা হলতো পৰ্যায়ক্ৰমে চলচ্চিত্ৰ খন মুক্তি দিয়া হ’ব বুলি কয় ডাঃ জুনমণি খাউণ্ডে।

এই অনুষ্ঠানত উপস্হিত থাকে বিশিষ্ট চলচিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ন দেৱ। চলচ্চিত্ৰখনৰ নাম ভূমিকাত অভিনয় কৰা ৰিতিশা খাউণ্ড  তদুপৰি এই চলচ্চিত্ৰখনত অভিনয় কৰা  মুম্বাইৰ বিশিষ্ট অভিনেতা ৰাজেশ টাইলাং, ৰিতু শিবপুৰী, দেৱলীনা ভট্টাচার্য, দীপান্বিতা শর্মা, বোধিসত্ব শর্মা,  বিভূতি ভূষণ হাজৰিকা, মনোজ বৰকটকী, মৃগেন্দ্র নাৰায়ণ কোঁৱৰ, কমল লোচন, বনদীপ শর্মা।ছবিখনৰ পৰিচালক প্রণব জে ডেকা, চিনেমাট’গ্রাফী জ্ঞান গৌতম, সংগীত পৰিচালনা পল্লব তামুলী আৰু সৌৰভজ্যোতি মহন্তৰ। সম্পাদনা ঝুলন কৃষ্ণ মহন্ত, শব্দ সংযোজন অমৃত প্রীতম (মুম্বাই), শব্দ মিশ্রণ দেবজিৎ চাংমাই (মুম্বাই)।

মিচিং সাহিত্য সভাৰ পঞ্চম কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা…

মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় সমিতিৰ পঞ্চম কাৰ্য্যনিৰ্বাহক সভা দেওবাৰে ওপৰ টেমেৰা কমলামিৰি উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়৷ সম্প্ৰতি মিচিং ভাষাক অসম চৰকাৰে প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰা সিদ্ধান্তক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে মিচিং ভাষাক প্ৰাথমিক বিদ্যালয়ত প্ৰয়োগৰ ক্ষেত্ৰত মিচিং সাহিত্য সভাই ভাষাটো বিকাশ সাধন আৰু উন্নতিৰ কাৰণে আলোচনা কৰে।

অসম চৰকাৰে বাচনি কৰা দুশ‌খন বিদ্যালয়ত প্ৰাথমিক পৰ্যায়ত শিক্ষিক নিযুক্তিৰ প্ৰক্রিয়া বিশেষ পদ সৃষ্টি কৰি পৰীক্ষাৰ জৰিয়তে নিযুক্তি প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায়। নিযুক্তি প্ৰাপ্ত শিক্ষক সকলক জুলাই মাহত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব মিচিং সাহিত্য সভাই।লগতে প্ৰতিখন বিদ্যালয়ৰ শিক্ষকৰ ওপৰত দৃষ্টি নিবন্ধ ৰাখিব বুলিও জানিবলৈ দিয়ে মিচিং সাহিত্য সভাই।

টেঙাখাতৰ বুঢ়ী দিহিং নৈৰ বুকুত সন্ধানহীন কিশোৰ উদ্ধাৰ…

টেঙাখাতৰ বুঢ়ী দিহিং নৈৰ বুকুত সন্ধানহীন কিশোৰ উদ্ধাৰ৷ টেঙাখাতৰ বুঢ়ী দিহিং নৈত শামুক ধৰিবলৈ গৈ নৈৰ বুকুত সন্ধানহীন হোৱা কিশোৰ উদ্ধাৰ৷ টেঙাখাতৰ সৰু অভয়পুৰীয়া গাঁৱৰ কণ্ঠী চুতীয়াৰ কণিষ্ঠ পুত্ৰ প্ৰতীম চুতীয়া চাৰি লগৰীয়াৰ সৈতে শনিবাৰে শামুক ধৰিবলৈ বুলি বুঢ়ী দিহিং নৈ লৈ গৈছিল।

দুপৰীয়া প্ৰায় ১২ মান বজাত ঘৰৰ পৰা ওলাই আহিছিল। শনিবাৰে SDRF বাহিনী সফল নহ’ল যদিও আজি বহুত চেষ্টা ফলত মৃত কিশোৰটি উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷এই অভিযানত টেঙাখাত আৰক্ষী, SDRF বাহিনী লগতে স্থানীয় ৰাইজৰ সহযোগত হলকণী মাজুলীৰ সমিপৰত উদ্ধাৰ হয় কিশোৰটি৷

তামুলপুৰত অসম নাট্য সন্মিলনৰ অন্তৰ্গত ৰত্নপীঠ মণ্ডলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা…

অসম নাট্য সন্মিলনৰ অন্তৰ্গত ৰত্নপীঠ মণ্ডলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আজি তামুলপুৰৰ মাজমজিয়াত অৱস্থিত সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ তামুলপুৰ জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হয়৷ অসম নাট্য সন্মিলনৰ তামুলপুৰ জিলা সমিতিৰ আতিথ্যত আৰু তামুলপুৰ শাখাৰ সহযোগত অনুষ্ঠিত ৰত্নপীঠ মণ্ডলৰ কাৰ্যনিৰ্বাহক সভাখনত সভাপতিত্ব কৰে ৰত্নপীঠ মণ্ডলৰ সভাপতি ভবানন্দ পাঠকে৷ অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপ সভাপতি জয়ন্ত হাজৰিকা, কেন্দ্ৰীয় সম্পাদক সন্তৰাম দাস, কেন্দ্ৰীয় প্ৰাক্তন কাৰ্যকৰী সভাপতি নাট্যকাৰ জীতেন শৰ্মাকে ধৰি বহু সংখ্যক কেন্দ্ৰীয় নেতাৰ উপস্থিতিত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰত্নপীঠ মণ্ডলৰ সাধাৰণ সম্পাদক যুৱ নাট্যকাৰ,পৰিচালক অভিজিত দাসে৷

সভাত প্ৰতিটো শাখাৰ কৰ্মসূচী, ৰত্নপীঠ মণ্ডলৰ উদ্যোগত জুলাই মাহত নাট কৰ্মশালা, কবিতা আবৃত্তি, ৰত্নপীঠ মণ্ডলৰ মধ্যকালীন অধিৱেশন আদি বিভিন্ন বিষয় আলোচনা কৰি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত কোন কোন ছুপাৰষ্টাৰ উপস্থিত থাকিব…

নৰেন্দ্ৰ মোডীয়ে আজি তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ পদৰ বাবে শপত গ্ৰহণ কৰিব, য’ত বহু ডাঙৰ ডাঙৰ মুখ দেখা যাব। তাৰ ভিতৰত বলীউডৰ বহু ছুপাৰষ্টা, দক্ষিণ উদ্যোগৰো বহু লোক উপস্থিত থাকিব। যিয়ে এই মুহূৰ্তক অতি ঐতিহাসিক বুলি অভিহিত কৰিছে। বিগত ১০ বছৰ ধৰি দেশৰ দায়িত্বত থকা নৰেন্দ্ৰ মোদীয়ে আজি তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ পদৰ বাবে শপত গ্ৰহণ কৰিবলৈ ওলাইছে।এই বিশেষ মুহূৰ্তবোৰৰ অংশ হ’বলৈ নতুন দিল্লীলৈ ৰাওনা হৈছিল ৰজনীকান্ত।

শেহতীয়াকৈ চেন্নাই বিমানবন্দৰত দেখা গৈছিল ছুপাৰষ্টাৰগৰাকীক। য’ত তেওঁ সংবাদ মাধ্যমৰ সৈতে কথা পাতিছিল আৰু লগতে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোডীক অভিনন্দন জনায়।

কংগনা ৰানাউটেও অংশগ্ৰহণ কৰিব পাৰে! ৰজনীকান্তৰ উপৰিও বলীউডৰ তাৰকা তথা মাণ্ডীৰ সাংসদ কংগনা ৰানাৱটেও প্ৰধানমন্ত্ৰী মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। কটকটীয়া নিৰাপত্তাৰ মাজতে সন্ধিয়া ৭:১৫ বজাত অনুষ্ঠিত হ’বলগীয়া শপতগ্ৰহণ অনুষ্ঠানটো ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ’ব, য’ত অৰ্ধসামৰিক বাহিনী, এন এছ জিৰ কমাণ্ডো, ড্ৰ’ন আৰু স্নাইপাৰ থাকিব। অনুষ্ঠানৰ অন্তত বিজেপিৰ সভাপতি জে পি নাড্ডাইও এন ডি এৰ সকলো নেতা আৰু দলীয় বিষয়াৰ বাবে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

মোদীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰা নাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে…

আজি তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰূপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ সৈতে আজি প্ৰায় ৩০গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ সম্ভাৱনা।ৰাষ্ট্ৰপতি ভৱনত সন্ধিয়া ৭:১৫ বজাত শপত গ্ৰহণ সমাৰোহ।

আজি আজিৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰা নাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়, মোক নিমন্ত্ৰণ কৰা হোৱা নাই আৰু এই অনুষ্ঠানলৈ মোৰ যাবলগীয়াও নাই। তেওঁ কয় যে মই চৰকাৰ গঠনৰ বাবে অসাংবিধানিক, অবৈধ দল এটাক শুভেচ্ছা জনাব নোৱাৰো কিন্তু মোৰ শুভেচ্ছা আছে দেশৰ বাবে।

বিবেকানন্দ কেন্দ্ৰ কণ্যাকুমাৰী কামৰূপ শাখাৰ উদ্যোগত গুৱাহাটীত আয়োজন যোগ দিৱসৰ…

২০২৪ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিবেকানন্দ কেন্দ্ৰ কণ্যাকুমাৰী, কামৰূপ শাখাৰ উদ্যোগত গুৱাহাটীৰ লটাশিল খেল পথাৰত ২১ জুনত পুৱা ৬ বজাৰ পৰা ৭:৩০বজালৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ কাৰ্যসূচী হাতত লোৱা হৈছে। সমগ্ৰ কামৰূপ মহানগৰৰ প্ৰায় দুই হাজাৰ লোক সমবেত হ’ব লগা যোগ দিৱসৰ কাৰ্য্যসূচীত উপস্থিত থাকিব কেইবা গৰাকীও বিশিষ্ট ব্যক্তি। এই সন্দৰ্ভত বিবেকানন্দ কেন্দ্ৰ গুৱাহাটী মহানগৰৰ কৰ্মকৰ্তা সকলকলৈ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰ সাংস্কৃতিক সংস্থাত এখন সভা অনুষ্ঠিত হয়।


উল্লেখ্য যে, যোগক বিবেকানন্দ কেন্দ্ৰৰ প্ৰাণ স্বৰূপ বুলি কোৱা হয়।ভাৰতৰ বিভিন্ন প্ৰান্তত বিবেকানন্দ কেন্দ্ৰৰ নিয়মিত যোগৰ অভ্যাস হৈ থাকে।গুৱাহাটীতো ২২ টা স্থানত নিয়মিত যোগ বৰ্গ চলি আছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে লটাশিল খেল পথাৰত অনুষ্ঠিত হ’ব লগা যোগ দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণৰ বাবে ৮৬৩৮৮-৮৬৩৮৪ আৰু ৭০০২৬-৫২২৯৫ নম্বৰত যোগাযোগ কৰি নাইবা উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰ সাংস্কৃতিক সংস্থাত নাম পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।