Home Blog Page 786

টামেং লং, জিৰিবাম জিলাত কাৰফিউ! মণিপুৰৰ মুখ্যমন্ত্ৰীৰ কনভয়ত আক্ৰমণ বন্দুকধাৰীৰ, আহত জোৱান…

জিৰিবামত গোষ্ঠী সংঘৰ্ষৰ উত্তপ্ত পৰিস্থিতিত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ এস্কৰ্ট গাড়ীত এম্বুছ কৰি আক্ৰমণ কৰিলে বন্দুকধাৰীয়ে। সোমবাৰে পুৱা প্ৰায় ১০:৩০ বজাত সংঘটিত হয় এই ঘটনা। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ শিলচৰ – জিৰিবামৰ কোটলানে নামৰ স্থানত সংঘটিত এই আক্ৰমণৰ ঘটনাত মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ এস্কৰ্ট গাড়ীত থকা মণিপুৰ ৰাইফলছৰ এজন জোৱান আহত হয়। এই ঘটনাৰ পিছতে কেন্দ্ৰীয় আৰক্ষী আৰু অসম ৰাইফলছে সমগ্ৰ অঞ্চলজুৰি অভিযান আৰম্ভ কৰিছে। উল্লেখ্য যে, মণিপুৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কাইলৈ ​​মঙলবাৰে জিৰিবামলৈ অহাৰ পৰিকল্পনা কৰি এডভান্স এস্কৰ্ট টিম প্ৰেৰণ কৰিছিল।মুখ‍্যমন্ত্রীৰ এছকর্ট টিম অহাৰ পথত এম্বুছ কৰি তেওঁলোকৰ উপৰত হামলা চলায় । ইপিনে শেহতীয়াকৈ জিৰিবামত সংঘটিত হিংসাত্মক ঘটনাৰ পিছতে মণিপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা ৬০০ৰো অধিক মণিপুৰী লোকে অসমৰ লক্ষীপুৰৰ নিজৰ আত্মীয়ৰ ঘৰত আশ্ৰয় লৈছে।

মণিপুৰত পুনৰ অগ্নিময় পৰিস্থিতি। এইবাৰ কাছাৰ জিলাৰ গাতে লাগি থকা জিৰিবামত দহটাতকৈও অধিক ঘৰ জ্বলাই দি‌য়ে দুষ্কৃতিকাৰীয়ে।বহু লোক গৃহহীন হৈ আশ্ৰয় বিচাৰি কাছাৰ জিলাত উপস্থিত হৈছে। জিৰিবাম সহ আন টামেংলঙ জিলাত কাৰফিউ  জাৰি কৰা হৈছে।অৰ্ধসামৰিক বাহিনীয়ে ৰাজপথত টহল দি আছে।

তথাপিও অশান্ত মণিপুৰে শান্ত হ’ব নিবিচাৰে। বৃহস্পতিবাৰে নিশা জিৰিবাম জিলাত এজন লোকৰ ডিঙি কাটি থোৱা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই অগ্নিময় পৰিস্থিতিৰ সৃষ্টি হয়। দহটাতকৈও অধিক ঘৰ জ্বলোৱা হয় । বৃহস্পতিবাৰে গুল তাল অঞ্চলত পত্নী আৰু পুত্ৰৰ সৈতে পথাৰত কাম কৰিবলৈ গৈছিল এছ শৰৎ সিং। ঘৈণীয়েক আৰু পুত্ৰক ঘৰলৈ পঠিয়াই দিয়াৰ পিছত কিছু কামত ব্যস্ত হৈ পৰে তেওঁ। কিন্তু সন্ধিয়া ওচৰ চাপি অহাৰ লগে লগে শৰৎ ঘৰলৈ উভতি নহাত চিন্তিত পৰিয়ালৰ লোক আৰু ওচৰ-চুবুৰীয়াই বিচাৰিবলৈ ধৰিলে। অভাৱনীয়ভাৱে তেওঁৰ বিকৃত মৃতদেহ ফৈজল পুঞ্জীত উদ্ধাৰ হয়। এই তথ্য লাভ কৰাৰ লগে লগে বৃহৎ আৰক্ষী বাহিনী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। কিন্তু যেতিয়া এই খবৰটো বনজুইৰ দৰে বিয়পি পৰাৰ পিছত কুকি জনগোষ্ঠীৰ অন্তৰ্গত অঞ্চলত ক্ষুব্ধ জনসাধাৰণে কেইবাটাও ঘৰ জ্বলাই দিয়ে। আনকি এই ক্ষোভৰ জুই জিৰিবামৰ বিভিন্ন অঞ্চললৈ বিয়পি পৰে। লগে লগে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ক্ষুব্ধ ৰাইজক নিয়ন্ত্ৰণত আনিবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয়। ইটোৰ পিছত সিটোকৈ কুকিৰ ঘৰ জুই দি জ্বলাই দিয়ে । এই আকস্মিক ঘটনাত ভয় খাই কুকিসকলে হাবিত আশ্ৰয় লয়। শুকুৰবাৰে বহু পৰিয়ালে ঘৰ এৰি কাছাৰ জিলাৰ লক্ষীপুৰ মহকুমাৰ অৰণ্যত বা বিভিন্ন ঠাইত আশ্ৰয় লয়। এই ঘটনাৰ পিছতে মণিপুৰৰ টামেং লং আৰু জিৰিবাম জিলাত কাৰফিউ জাৰি কৰা হয়। আজিলৈ নিৰুদ্দেশ হৈ আছে কুকি জনগোষ্ঠীৰ এজন যুৱক। যুৱকজনক মুকলি কৰি দিবলৈ ছাত্ৰ সংগঠনৰ হৈ আৱেদন দাখিল কৰা হৈছে।

মোদীৰ মন্ত্ৰীসভাত সাতগৰাকী মহিলা মন্ত্ৰীয়ে লাভ কৰিলে স্থান, তেওঁলোক কোন কোন…

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ ৭২ গৰাকী সাংসদক ৯ জুনত শপতগ্ৰহণ কৰোৱায়। শপতগ্ৰহণ কৰাসকলৰ ভিতৰত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৩০ গৰাকী কেবিনেট মন্ত্ৰী, ৩৬ গৰাকী ৰাজ্যিক ৫ গৰাকী ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ)। শপতগ্ৰহণ কৰা ৭২ গৰাকী মন্ত্ৰীৰ ভিতৰত সাতগৰাকী মহিলা মন্ত্ৰীও আছে। তেওঁলোক হ’ল-

সাবিত্ৰী ঠাকুৰ (বিজেপি)
মধ্যপ্ৰদেশৰ ধৰ লোকসভাৰ আসনত দুই লাখৰো অধিক ভোটত জয়ী হোৱা সংসদ সদস্য সাবিত্ৰী ঠাকুৰক মোদী কেবিনেটত মন্ত্ৰীৰ পদ দিয়া হৈছে। মোদী ৩.০ত তেওঁক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া সাবিত্ৰীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী ৰাধেশ্যাম মুৱেলক পৰাস্ত কৰিছিল। ১৯৭৮ চনৰ ১ জুনত জন্মগ্ৰহণ কৰা সাবিত্ৰী ঠাকুৰ আৰ এছ এছ (ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ)ৰ পৰা আহিছে। এটা এন জি অ’ৰ সমন্বয়ক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা সাবিত্ৰী ঠাকুৰৰ নামৰ সৈতে যদিও “ঠাকুৰ” শব্দটো সন্নিবিষ্ট কৰা হৈছে, তেওঁ পিছে জনজাতীয় সম্প্ৰদায়ৰহে লোক। সাবিত্ৰীয়ে দশম শ্ৰেণীলৈকে পঢ়িয়েই শিক্ষা সমাপ্ত কৰিছিল।

শোভা কৰণ্ডলাজে (বিজেপি)
শোভা কৰণ্ডলাজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী আছিল। তেওঁ ভাৰতত এই পদত অধিষ্ঠিত হোৱা দ্বিতীয়গৰাকী মহিলা আৰু একেৰাহে তিনিবাৰকৈ নিৰ্বাচিত হোৱা কৰ্ণাটকৰ কেইবাগৰাকীও মহিলা সাংসদৰ ভিতৰত অন্যতম।

অনুপ্ৰিয়া পেটেল (অপনা দল)
আপনা দলৰ সভাপতি অনুপ্ৰিয়া পেটেলে মোদী চৰকাৰ ৩.০ত স্থান লাভ কৰিছে। ১৯৮১ চনত উত্তৰ প্ৰদেশৰ কানপুৰত জন্মগ্ৰহণ কৰা পেটেলে ২০২১ চনৰ পৰা কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২০১৪ চনৰ পৰা উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি পেটেলে ২০১৬ চনৰ পৰা অপনা দল (সোনেলাল)ৰ সভাপতি পদত অধিষ্ঠিত হৈ আহিছে।

অন্নপূৰ্ণা দেৱী (বিজেপি)
প্ৰথম অৱস্থাত গৃহিণী হিচাবে পৰিচিত অন্নপূৰ্ণা দেৱীয়ে ১৯৯৮ চনত ৰাষ্ট্ৰীয় জনতা দলৰ বিধায়ক স্বামীৰ মৃত্যুৰ পিছত ৰাজনৈতিক ক্ষেত্ৰ খনত নামি পৰে। নৰেন্দ্ৰ মোদী কেবিনেট ৩.০ত তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। তেওঁ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি কোডেৰমা আসনত যথেষ্ট ব্যৱধানত জয়লাভ কৰিছিল। অতীতত আৰজেডিৰ সৈতে জড়িত থকাৰ পিছতো বিজেপিৰ ভিতৰত তেওঁৰ দ্ৰুত উত্থানে ঝাৰখণ্ডৰ অন্যান্য পিছপৰা শ্ৰেণী (অ’বিচি)ৰ মাজত তেওঁৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ কথা প্ৰমাণ কৰিছে। অন্নপূৰ্ণাই ৰাঁচী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। ১৯৯৮ চনত ৰাজ্যিক বিধানসভাৰ উপ-নিৰ্বাচনত জয়লাভ কৰি তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ হৈছিল। সেইবাৰ তেওঁ বিহাৰ বিধানসভাৰ সদস্যা নিৰ্বাচিত হৈছিল।

নিৰ্মলা সীতাৰমণ (বিজেপি)

মোডী ২.০ মন্ত্ৰীসভাত বিত্ত মন্ত্ৰালয় চম্ভালিছিল নিৰ্মলা সীতাৰমণে। লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ নিৰ্মলা সীতাৰমণ পিছে ৰাজ্যসভাৰ সদস্যা। তেওঁকো এইবেলি পুনৰ মোদীৰ মন্ত্ৰীসভাত ঠাই দিয়া হৈছে।

ৰক্ষা নিখিল খাদছে (বিজেপি)
মহাৰাষ্ট্ৰৰ ৰেভাৰৰ পৰা তিনিবাৰৰ সাংসদ ৰক্ষা খাদছে। তেওঁ বিজেপিৰ প্ৰাক্তন জ্যেষ্ঠ নেতা একনাথ খাদছেৰ বোৱাৰী। ষোড়শ লোকসভাত হিনা গাভিটৰ সৈতে তেওঁ আছিল আটাইতকৈ কম বয়সীয়া সাংসদ।

নিমুবেন জয়ন্তীভাই বাম্ভনীয়া
গুজৰাটৰ লোকসভা নিৰ্বাচনত বিজয়ী হোৱা তিনিগৰাকী মহিলা বিজেপি প্ৰাৰ্থীৰ ভিতৰত অন্যতম নিমুবেন বাম্ভানিয়াক কেন্দ্ৰীয় মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ ভৱনগৰ সমষ্টিত আপৰ উমেশ মাকৱানাৰ বিপৰীতে ৪.৫৫ লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰে। ইয়াৰ পূৰ্বে তেওঁ দুটা কাৰ্যকালৰ বাবে ভৱনগৰৰ মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ২০১৩ চনৰ পৰা ২০২১ চনলৈ বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক গোটৰ উপ-সভানেত্ৰী আছিল।

কাশ্মীৰত তীৰ্থযাত্ৰীৰ বাছত সন্ত্ৰাসবাদীৰ আক্ৰমণ, কমেও ১০ ভক্ত নিহত! প্ৰতিক্ৰিয়া প্ৰকাশ ৰিতেশ দেশমুখ, অনুপম খেৰ; কংগনা ৰানাৱতৰ…

কাশ্মীৰৰ ৰিয়াছি জিলাত সন্ত্ৰাসবাদীয়ে তীৰ্থযাত্ৰীৰ বাছত আক্ৰমণ চলোৱাৰ ফলত বাছ খন এটা দ’ খাবৈৱত বাগৰি পৰে। ফলত কমেও ১০ গৰাকী ভক্ত নিহত হোৱাৰ খবৰ আহিছে। এই ঘটনাত কেইবাজনো আহত হয়। বাছ খন শিৱখোডীৰ গুহা মন্দিৰলৈ গৈ আছিল।

ঘটনা সংঘটিত হোৱা স্থানত কেইবাটাও খালী কাৰ্টিজ উদ্ধাৰ কৰা হৈছে।ঘটনাৰ পিছতে স্থানীয় লোকসকলে উদ্ধাৰ অভিযানত সহায় কৰে। আৰক্ষী, সেনা, আৰু অৰ্ধসামৰিক বাহিনীয়ে ততাতৈয়াকৈ ঘটনা সংঘটিত হোৱা স্থানলৈ লৈ গৈ উদ্ধাৰত নামি পৰে। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে বুলি আৰক্ষীয়ে জনাইছে।

ঘটনাক লৈ ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বলীউডৰ চেলিব্ৰিটিসকলে। বলীউডৰ চেলিব্ৰিটি ৰিতেশ দেশমুখ, কংগনা ৰানাৱত আৰু অনুপম খেৰে এই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়াৰ লগতে আক্ৰমণৰ বলি হোৱা লোকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ বাবেও প্ৰাৰ্থনা কৰিছে। লোকসভা নিৰ্বাচনত হিমাচল প্ৰদেশৰ মাণ্ডীৰ পৰা জয়ী হোৱা বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এই আক্ৰমণক লৈ শোক প্ৰকাশ কৰিছে।তেওঁ ক্ষোভ প্ৰকাশ কৰি এটা পোষ্ট শ্বেয়াৰ কৰিছে।

ধূলি দেখিলেই মাস্ক পিন্ধিব, নহ’লে এই ৫ টা সমস্যাত ভুগিব…

ধূলিয়ে আমাৰ উশাহত বহু সমস্যা সৃষ্টি কৰে, সেয়েহে ধূলিৰ লগত জড়িত ৰোগবোৰ চিনি পোৱাটো কঠিন। গ্ৰীষ্মকালত ধূলি উৰাটো সাধাৰণ কথা। এই সময়ছোৱাত দিনবোৰ দীঘলীয়া হয়, সেয়েহে অট্টালিকা নিৰ্মাণৰ কামো পূৰ্ণগতিত কৰা হয়, এনে পৰিস্থিতিত ধূলি প্ৰদূষণো বাঢ়ে আৰু উশাহ-নিশাহৰ সমস্যা হ’বলৈ আৰম্ভ কৰে। এই ধূলিৰ কণাবোৰে আমাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ধূলিৰ বাবে কোনবোৰ ৰোগ হ’ব পাৰে জানো আহক-

হাঁপানী হৈছে শ্বাস-প্ৰশ্বাসজনিত ৰোগ, এই ৰোগ ধূলিৰ সংস্পৰ্শলৈ অহাৰ বাবে বেছি হ’ব পাৰে। ইয়াৰ লক্ষণসমূহ হ’ল- উশাহ-নিশাহ লোৱাত কষ্ট, কাহ, বুকুখন বিষ হোৱা। ধূলিৰ পৰা ৰক্ষা পাবলৈ মাস্ক পিন্ধিব।

নাকৰ ৰোগ ধূলিৰ ফলত এনে হয়। ইয়াৰ লক্ষণসমূহ হ’ল নাকৰ পৰা পানী ওলোৱা, হাঁচি অহা, নাক বন্ধ হোৱা আৰু চকুত খজুৱতি হোৱা আদি।

দীৰ্ঘদিন ধৰি ধূলি আৰু ধোঁৱাৰ সংস্পৰ্শলৈ অহাৰ ফলত হোৱা শ্বাস-প্ৰশ্বাসজনিত ৰোগ হ’ব পাৰে। ইয়াৰ লক্ষণসমূহ হ’ল কাহ আৰু উশাহ-নিশাহৰ কষ্ট।

ছালৰ ৰোগ, ধূলি আৰু তাত থকা ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শৰ ফলত হয়। ইয়াৰ ফলত ছালৰ বিষ, খজুৱতি, ৰঙা ফোহা ওলায়। ধূলিমুক্ত পৰিৱেশ বজাই ৰখা আৰু নিয়মীয়াকৈ ছাল পৰিষ্কাৰ কৰাটো ইয়াৰ প্ৰতিৰোধৰ বাবে অতি প্ৰয়োজনীয়। ইয়াৰ উপৰিও ধূলিৰ সংস্পৰ্শলৈ অহাৰ পিছত ছালখন ভালদৰে ধোৱাটোও গুৰুত্বপূৰ্ণ।

কালি লৈছিল শপত, আজি এৰিব বিচাৰিলে মন্ত্ৰী পদ!

কালি লৈছিল শপত, আজি মন্ত্ৰী পদ বিচাৰিলে এজন সাংসদে। মোদী চৰকাৰ ৩.০ মন্ত্ৰণালয় বিতৰণৰ পূৰ্বেই মন্ত্ৰী পদ এৰিব বিচাৰিছে এগৰাকী বিজেপি সাংসদে।

কেৰেলাৰ ত্ৰিশূৰ লোকসভা সমষ্টিৰ বিজেপিৰ সাংসদ সুৰেশ গোপীয়ে মন্ত্ৰী পদ এৰিব বিচাৰিছে। ইয়াৰ কাৰণ দৰ্শাই সুৰেশ গোপীয়ে কৈছে ‘মই মন্ত্ৰিত্ব বিচৰা নাছিলোঁ, মই বহুকেইখন বোলছবিৰ সৈতে চুক্তিবদ্ধ হৈ থকাৰ বাবে সেইখিনিও সম্পূৰ্ণ কৰিব লাগিব, সেয়েহে মন্ত্ৰী পদ এৰিব খুজিছোঁ’। কেৰালাৰ একমাত্ৰ বিজেপি সাংসদ সুৰেশ গোপীৰ ইচ্ছা কেৱল সাংসদ হিচাপে কাম কৰাৰ।

আনহাতে মন্ত্ৰী পদ এৰাক লৈ চলা চৰ্চাক পোনচাটেই নাকচ সুৰেশ গোপীৰ। চ’ছিয়েল মিডিয়াত ব্যক্ত কৰে এই কথা।

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পিছত ৰাহুল গান্ধীৰ ‘ধন্যবাদ যাত্ৰা’ৰ প্ৰস্তুতি…

আন এক যাত্ৰাৰ বাবে সাজু হৈছে ৰাহুল গান্ধী। ভাৰত জোড়ো যাত্ৰা, ন্যায় যাত্ৰাৰ পিছত এইবাৰ ৰাহুল গান্ধীৰ ‘ধন্যবাদ যাত্ৰা’। উত্তৰ প্ৰদেশৰ ফলাফলে উৎফুল্লিত কৰি তোলা কংগ্ৰেছে জনতাক ধন্যবাদ জনাবলৈ এই যাত্ৰা কৰিব। সেই সময়ছোৱাত ৰাহুলে উত্তৰ প্ৰদেশত খোজকাঢ়ি যাত্ৰা কৰিব। কংগ্ৰেছে অহা ১১ৰ পৰা ১৫ জুনলৈ উত্তৰ প্ৰদেশত ‘ধন্যবাদ যাত্ৰা’ৰ আয়োজন কৰিছে। দলৰ শীৰ্ষ নেতৃত্বৰ লগতে কৰ্মী আৰু সমৰ্থকসকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ত খোজ কাঢ়িছিল ৰাহুল গান্ধীয়ে। এই যাত্ৰাৰ সময়ত তেওঁ কেতিয়াবা খোজকাঢ়ি, কেতিয়াবা বাছেৰে দেশৰ বিভিন্ন প্ৰান্তলৈ যাত্ৰা কৰিছিল। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত এইবাৰ নতুন ‘যাত্ৰা’ ঘোষণা কৰিছে কংগ্ৰেছে।

ৰাহুলকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই উত্তৰ প্ৰদেশত ‘ধন্যবাদ যাত্ৰা’ত খোজ দিব। উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ ফলাফল দেখি আপাততঃ তেনে সিদ্ধান্ত লোৱা হৈছে। উত্তৰ প্ৰদেশত মুঠ ৪০৩টা বিধানসভা সমষ্টি আছে। এই ‘যাত্ৰা’ প্ৰতিটো সমষ্টিলৈ যাব। মূলতঃ কংগ্ৰেছে কয় যে এই কাৰ্যসূচীৰ দ্বাৰা উত্তৰ প্ৰদেশৰ জনসাধাৰণক ধন্যবাদ জনাব বিচাৰিছে। এই লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশে বিজেপিক জোকাৰি গৈছে। নির্বাচনৰ পূর্বে য’ত ৰাম মন্দিৰ উদ্বোধন কৰা হৈছিল তাতেই বিজেপিৰ পৰাজয় হৈছে। বিজেপিৰ দুর্গ হিচাপে পৰিচিত ৰাজ্যখনে ৮০খন আসনৰ ভিতৰত মাত্র ৩৩খন আসনহে লাভ কৰিছে৷ কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁট ৪৩খন আসন লাভ কৰিছে। তাৰ ভিতৰত কংগ্ৰেছৰ ৬ খন আসন আৰু মিত্ৰজোঁটৰ অংশীদাৰ সমাজবাদী পাৰ্টিৰ ৩৭ খন আসন আছে।২০১৯ চনৰ তুলনাত উত্তৰ প্ৰদেশৰ ২০২৪ চনৰ নিৰ্বাচনৰ ফলাফলত তীব্ৰ পাৰ্থক্য দেখা গৈছে। যোৱাবাৰ অকল বিজেপিয়ে সেই ৰাজ্যত ৬২ খন আসন লাভ কৰিছিল।

সেইবাৰ সমাজবাদী পাৰ্টিয়ে পাঁচখন আসন আৰু কংগ্ৰেছে এখন আসন লাভ কৰিছিল। এইবাৰ ফলাফল কাৰ্যতঃ ওলোটা হৈ পৰিল। বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জয়ী হ’লেও তেওঁৰ জয়ৰ ব্যৱধান আছিল অতি কম, মাত্ৰ ডেৰ লাখ।এইবাৰৰ নির্বাচনত উত্তৰ প্রদেশৰ আমেথি কেন্দ্রৰ ফলাফলেও বিশেষ চমক দিলে৷ বিজেপিৰ স্মৃতি ইৰাণীয়ে যোৱাবাৰ সেই কেন্দ্ৰত ৰাহুলক পৰাস্ত কৰিছিল।এইবাৰ তেওঁ আমেথিৰ পৰা ডেৰ লাখৰো অধিক ভোটত কংগ্ৰেছৰ কে এল শৰ্মাৰ হাতত পৰাস্ত হয়। মুঠৰ ওপৰত উত্তৰ প্ৰদেশত কংগ্ৰেছ আৰু মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ ফলাফল ভাল। সেইবাবেই উত্তৰ প্ৰদেশত ‘ধন্যবাদ যাত্ৰা’ আৰম্ভ কৰিব ৰাহুল গান্ধীয়ে।

মোদী ৩.০ঃ মন্ত্ৰীসভাত কোনে কোনে পালে স্থান, মন্ত্ৰীসভাত নাই এজনো মুছলমান প্ৰতিনিধি…

মোদীৰ মন্ত্ৰীসভাত স্থান পালে গুজৰাটৰ অমিত শ্বাহ, উত্তৰ প্ৰদেশৰ ৰাজনাথ সিং, মহাৰাষ্ট্ৰৰ নীতিন গাডকাৰী, তামিলনাডুৰ নিৰ্মলা সীতাৰমণ, গুজৰাটৰ মনসুখ মাণ্ডব্য, ওড়িশা অশ্বিনী বৈষ্ণৱ, মহাৰাষ্ট্ৰৰ পীয়ুষ গোৱেল। জম্মু-কাশ্মীৰৰ জীতেন্দ্ৰ সিং, অসমৰ সৰ্বানন্দ সোণোৱাল। মধ্য প্ৰদেশৰ জ্যোতিৰাদিত্য সিন্ধিয়া, অৰুণাচল প্ৰদেশৰ কিৰেণ ৰিজিজু , মধ্য প্ৰদেশৰ শিৱৰাজ সিং চৌহান। তামিলনাডুৰ কে আন্নামলাই, হাৰিয়ানাৰ মনোহৰ লাল খট্টৰ, ৰাজস্থানৰ অৰ্জুন ৰাম মেঘৱাল, কৰ্ণাটকৰ প্ৰহ্লাদ যোশী। মহাৰাষ্ট্ৰৰ ৰক্ষা খডসে। দিল্লীৰ কমলজিত সহৰাৱট। হাৰিয়ানাৰ ৰাও ইন্দ্ৰজিৎ সিং।

কেৰালাৰ সুৰেশ গোপী। তেলেংগানাৰ জি কিষাণ ৰেড্ডী, পঞ্জাৱৰ হৰদ্বীপ সিং পুৰী। বিহাৰৰ গিৰিৰাজ সিং। তেলেংগানাৰ বান্দী সঞ্জয় কুমাৰ, কৰ্ণাটকৰ এইচ ডি কুমাৰাস্বামী। বিহাৰৰ চিৰাগ পাছোৱান, উত্তৰ প্ৰদেশৰ জয়ন্ত চৌধুৰী, বিহাৰৰ ৰাম নাথ ঠাকুৰ। বিহাৰৰ লালন সিং। ঝাৰখণ্ডৰ চন্দ্ৰ প্ৰকাশ চৌধুৰী, অন্ধ্ৰ প্ৰদেশৰ চন্দ্ৰ শেখৰ পেমাছানী, অন্ধ্ৰ প্ৰদেশৰ কিঞ্জাৰাপু ৰাম মোহন নাইডু। মহাৰাষ্ট্ৰৰ প্ৰতাপ ৰাও যাদৱ, মহাৰাষ্ট্ৰৰ ৰামদাস আঠৱালে। বিহাৰৰ জীতন ৰাম মাঝি, হিমাচলৰ জে পি নড্ডা, দিল্লীৰ এছ জয়শংকৰ, অসমৰ পৱিত্ৰ মাৰ্ঘেৰিটাই। উল্লেখ্য যে মোদীৰ মন্ত্ৰীসভাত নাই এগৰাকীও মুছলমান প্ৰতিনিধি।দেশ স্বাধীন হোৱাৰ পিছত প্ৰথমবাৰলৈ কেবিনেট মন্ত্ৰীত নাই এজনো মুছলমানলোক।

মোডী ৩.০ মন্ত্ৰীসভাত উত্তৰ-পূবৰ পৰা তিনিগৰাকী মন্ত্ৰীঃ সৰ্বানন্দ সোণোৱাল, কিৰেন ৰিজিজু আৰু পবিত্ৰ মাৰ্ঘেৰিটা…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নৱগঠিত মন্ত্ৰী পৰিষদত সৰ্বানন্দ সোণোৱাল, কিৰেন ৰিজিজু, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ তিনিজন প্ৰতিনিধিয়ে স্থান লাভ কৰিলে। পবিত্ৰ মাৰ্ঘেৰিটাই ৰাজ্যিক মন্ত্ৰী হিচাপে মোদী কেবিনেটত যোগদান কৰে।

মন্ত্ৰী হিচাবে এয়া তেোঁৰ তেওঁৰ প্ৰথম নিযুক্তি। ইফালে, সৰ্বানন্দ সোণোৱালে কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যকাল অব্যাহত ৰাখি চৰকাৰৰ ভিতৰত নিজৰ গুৰুত্বপূৰ্ণ স্থিতি আৰু অধিক শক্তিশালী কৰি তুলিব।

মোদীৰ পূৰ্বৰ মন্ত্ৰীসভাসমূহত যথেষ্ট অৰিহণা যোগোৱা কিৰেন ৰিজিজুৱেও কেবিনেট মন্ত্ৰী হিচাপেও নিজৰ ভূমিকা অক্ষুণ্ণ ৰাখিব।

বিশেষকৈ গৃহ মন্ত্ৰালয়ত ৰাজ্য মন্ত্ৰী হিচাপে থকা ৰিজিজুৰ বিশিষ্ট সেৱাৰ উৎকৃষ্টতা আৰু ফলপ্ৰসূতাই বহুলভাৱে স্বীকৃতি লাভ কৰিছে।দেওবাৰে সন্ধিয়া ৭:১৫ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে শপত গ্ৰহণ। ইয়াৰ পূৰ্বে শনিবাৰে সন্ধিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱালক তেওঁৰ লক্ষ্যণীয় বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছিল। বিজেপি আৰু মিত্ৰ দলে অসমত ১১খন আসন লাভ কৰিছিল। ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰী পৰিষদত এই অঞ্চলটোৰ পাঁচজন সাংসদ আছিল: অসমৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল; অসমৰ পৰা ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী; অৰুণাচল প্ৰদেশৰ কেবিনেট মন্ত্ৰী কিৰেন ৰিজিজু; ত্ৰিপুৰাৰ পৰা প্ৰতিমা ভৌমিক; আৰু মণিপুৰৰ পৰা আৰ কে ৰঞ্জন সিং।

দেশৰ স্বাৰ্থত আৰু অপপ্ৰচাৰ বিৰুদ্ধে যুঁজ দিয়াটো সাংবাদিক, নাগৰিকৰ কঠিন প্ৰত্যাহ্বানঃ অশোক শ্ৰীবাস্তৱ

“সাংবাদিকতাৰ প্ৰথম আৰু মুখ্য উদ্দেশ্যই হ’ব লাগে দেশমাতৃৰ স্বাৰ্থৰক্ষা আৰু সেৱা৷ কেৱল কোনো নেতা বা কোনো গোষ্ঠীৰ প্ৰত্যাহ্বানতকৈও দেশৰ হকে প্ৰতিজন নাগৰিকৰ কৰ্তব্য অধিক মহত্ত্বপূৰ্ণ৷ দেশৰ সন্মুখত এতিয়া ফেক নেৰেটিভক ওফৰোৱাটোৱে জনতাৰ সন্মুখত মূল প্ৰত্যাহ্বান৷ শেহতীয়া নিৰ্বাচনত বিৰোধীৰ আসন বৃদ্ধিয়ে কাৰ্যতঃ ৰক্ষা কৰিলে নিৰ্বাচন আয়োগ, ইভিএম আদিক ৰক্ষা কৰিলে৷ এই দেশত ইন্দিৰা গান্ধীৰ দিনতে স্বেচ্ছাচাৰী শাসন চলিছিল৷ কিন্তু ভাৰতত স্বেচ্ছাচাৰিতা নায় আৰু আহিবও নোৱাৰে৷ তামিলনাডুৰত পৰাজিত নেতাৰ ফটো ছাগলীৰ মূৰত আৰি ছাগলী হত্যা কৰা, বংগত স্থানীয় দলক ভোট নিদিয়াসকলক ভাবুকি দিয়া, চণ্ডীগড়ত নৱনিৰ্বাচিত সাংসদক অপমানিত কৰা জনক সমৰ্থন কৰা সকলেই গণতন্ত্ৰ ৰক্ষাৰ দাবী কৰাটো দুৰ্ভাগ্যজনক৷

পঞ্জাৱ হাৰিয়ানাৰ কৃষক আন্দোলনত এজনো কৃষকৰ নিৰাপত্তা বাহিনীৰ বাবে মৃত্যু হোৱা নাছিল, ৭০০ জনৰ মৃত্যু এক চূড়ান্ত অপপ্ৰচাৰ৷পাকিস্তানৰ পৰা সংখ্যালঘু পলোৱাৰ দৰে ভাৰতৰ পৰা এজনো পলাব লগা অৱস্থা হোৱা নায়৷ “কা’’ বিৰোধৰ নামত চাহিনবাগত দেশবিৰোধী শ্লোগান দিয়া কাৰ্যক গণতান্ত্ৰিক আখ্যা দিয়া সকল ক্ষমাৰ অযোগ্য৷ কোনো চৰকাৰৰ বোকোচাত নহয়, স্বদেশৰ স্বাৰ্থৰ বোকোচাত(গোদ)ত উঠাটোহে গোদী মিদিয়া৷ এচিয়া মধ্যপ্ৰাচ্যত সন্ত্ৰাসবাদীক বন্দুকধাৰীক আখ্যা দিয়া, পাকিস্তান, আফগানিস্থানতকৈ ভাৰতক তুচ্ছ দেখুওৱা বিবিচিৰ দৰে প্ৰতিষ্ঠানে আন্তঃৰাষ্ট্ৰীয় ভাবে ভাৰতক বদনাম কৰি আছে৷ আৰু এনে প্ৰতিষ্ঠানৰ বাতৰিক ভিত্তি কৰি বাতৰি প্ৰচাৰ কৰি ভাৰতৰ একাংশ সংবাদ মাধ্যমেও ফেক নেৰেটিভ প্ৰচাৰ কৰি আছে৷’’ এই তাৎপৰ্যপূৰ্ণ মন্তব্য দেশৰ প্ৰসিদ্ধ সাংবাদিক তথা দূৰদৰ্শনৰ জ্যেষ্ঠ কনচাল্টিং এডিটৰ অশোক শ্ৰীবাস্তৱৰ৷ গুৱাহাটীৰ বৰবাৰীস্থিত সুদৰ্শনালয়ত বিশ্ব সংবাদ কেন্দ্ৰ অসমৰ উদ্যোগত দেওবাৰে দেৱৰ্ষি নাৰদ জয়ন্তী তথা নাৰদ জয়ন্তী বঁটা প্ৰদান অনুষ্ঠানত শ্ৰীবাস্তৱে এই মন্তব্য আগবঢ়ায়৷

সদ্যসমাপ্ত নিৰ্বাচন কালত দেশবাসীক জাতি বৰ্ণৰ আধাৰত বিভাজিত কৰিবলৈ একাংশ বাৰুকৈয়ে সফল হ’ল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শ্ৰীবাস্তৱে৷এই অনুষ্ঠানত আছাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজ্যোতি বৰুৱাক ২০২৪ বৰ্ষৰ নাৰদ জয়ন্তী বঁটা প্ৰদান কৰা হয়৷ অনুষ্ঠানৰ মুখ্য অতিথি অথা দিল্লী দূৰদৰ্শনৰ কনচাল্টিং এডিটৰ অশোক শ্ৰীবাস্তৱে অংগবস্ত্ৰ, গ্ৰন্থৰ টোপোলা, স্মাৰক, ভাৰতমাতাৰ ফটো আৰু নগদ ধনেৰে বঁটা প্ৰদান কৰে প্ৰশান্তজ্যোতি বৰুৱাক৷ ভাৰতৰ প্ৰথম কাকত বেংগল গেজেট বা গ্ৰীচ ৰোমৰ সভ্যতাৰো আগত ভাৰততে দেৱৰ্ষি নাৰদৰ ৰূপত সংবাদ আৰু তথ্যৰ আদান প্ৰদানৰ ব্যৱস্থা আছিল বুলি প্ৰশান্তজ্যোতি বৰুৱাই মন্তব্য কৰে৷ “স্বৰ্গ মৰ্ত্য পাতালত নিৰ্বিঘ্নে ঘূৰা দেৱৰ্ষি নাৰদ প্ৰকৃততে সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰতীক বুলিও বৰুৱাই মন্তব্য কৰে৷ ভাৰতৰ স্বাধীনতা আন্দোলন উদ্দীপ্ত কৰা আৰু বাংলা ভাষাৰ আগ্ৰাসনৰ সংকট ক্ষণতো অসমীয়া ভাষাক মৰ্যাদা প্ৰদান কৰিছিল সংবাদ মাধ্যমে৷ অৰুণোদয় যুগ, আৱাহন যুগ, ৰামধেনু যুগ আদিয়ে অসমীয়া ভাষা, সংবাদ, সাহিত্যৰ উত্তৰণৰ দিশ সূচায়৷ অৰুণোদয়ত ইংৰাজ শাসক আৰু মিচনেৰীৰ স্বাৰ্থ নিহিত থকাৰ বিপৰীতে মাজুলীৰ ভট্টদেৱ গোস্বামীৰ আসাম বিলাসিনী কাকতে স্বজাতিৰ হকে কাম কৰা বাবে ইংৰাজৰ ৰোষতো পৰিছিল৷ বিভিন্ন কাৰকৰ মাজতো সংবাদ গোষ্ঠীৰ নিৰপেক্ষতা আৰু মত প্ৰকাশৰ স্বাধীনতা ৰক্ষা কৰাটো সাম্প্ৰতিক কালৰ মূল প্ৰত্যাহ্বান’’ ভাষণ কালত এই তাৎপৰ্যপূৰ্ণ মত আগবঢ়াই বৰুৱাই৷

দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা প্ৰদান অনুষ্ঠানতে তিনিগৰাকী জ্যেষ্ঠ সাংবাদিক ক্ৰমে দৈনিক অগ্ৰদূতৰ দিগন্ত গোস্বামী, অসমীয়া প্ৰতিদিনৰ পদ্মিনী হাজৰিকা আৰু এনডি ২৪ চেনেলৰ ৰাজু বৰুৱাক বিশ্ব সংবাদ কেন্দ্ৰৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানৰ আৰম্ভণিতে চেলেং, আৰনাই আৰু কিতাপৰ টোপোলাৰে অশোক শ্ৰীবাস্তৱক আদৰণি জনোৱা হয়৷ জংঘল সত্যাগ্ৰহ আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, মৃত্যুঞ্জয় বীৰ আধুনিক ভাৰতৰ খনিকৰ (বাংলা অনুবাদ) গ্ৰন্থ তিনিখনো উন্মোচন কৰা হয়৷ নাৰদ জয়ন্তী অনুষ্ঠানত বিশ্ব সংবাদ কেন্দ্ৰ অসমৰ সভাপতি তথা লেখক, কেৰিয়াৰ কাউন্সিলৰ ড° গৌৰাঙ্গ শৰ্মা, উপ সভাপতি তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৱাহাটী মহানগৰৰ সংঘচালক গুৰু প্ৰসাদ মেধি, কেন্দ্ৰৰ সম্পাদক কিশোৰ শিৱম আদি উপস্থিত থাকে৷ নৱ বুজৰবৰুৱাই আঁত ধৰা অনুষ্ঠানটোত নাৰদ স্ত্ৰোত পৰিবেশন কৰে ভৰত ৰাগে৷

অভিনন্দন টীম ইণ্ডিয়া, T20 বিশ্বকাপত চিৰবৈৰী পাকিস্তানক পৰাজিত কৰিলে টীম ইণ্ডিয়াই…

T20 বিশ্বকাপত চিৰবৈৰী পাকিস্তানক পৰাজিত কৰিলে টীম ইণ্ডিয়াই।

ৰোহিত বাহিনীৰ হাতত ৬ ৰাণত পৰাস্ত টীম ইণ্ডিয়া।

নিউয়ৰ্কৰ নাচাউ কাউণ্টি আন্তঃৰাষ্টীয় ষ্টেডিয়ামত অনুস্থিত হৈছিল মেচ খন।