Home Blog Page 785

মানুহে মানুহৰ বাবেঃ বিশেষভাৱে সক্ষম পুতুলী হাজৰিকাক দিলে হুইল চেয়াৰ…

মঙলদৈ পুণিয়াৰ পকাবাঙিপাৰাৰ এগৰাকী অবিবাহিত মহিলা পুতুলী হাজৰিকা। উপজাৰে পৰা পুতুলী হাজৰিকাৰ সোঁভৰি আৰু সোঁহাতখন অচল। লাখুঁটিৰ সহায়ত তেওঁ বাওঁ ভৰিৰে চলা ফুৰা কৰিছিল। বিশেষভাৱে সক্ষম হৈয়ো কাৰো ওচৰত নিৰ্ভৰ নহৈ তেওঁ তাঁতশালত কাপোৰ বৈ সেইবোৰ বিক্ৰীৰে স্বাৱলম্বীতাৰ নিদৰ্শন দেখুৱাইছিল। প্ৰায় ৬০ বছৰ বয়সীয়া এই মহিলা গৰাকী আজি দুমাহৰ পৰা নৰিয়াত পৰিছে। ভতিজাক পিংকু হাজৰিকাই পেহীয়েকক ধৰি শৌচ পেচাব কৰোৱাইছে, আলপৈচান ধৰি এক অনন্য নিদৰ্শন দেখুৱাইছে। এই পুতুলী হাজৰিকাৰ ঘৰত আজি উপস্থিত হ’ল মানৱতাবাদী সংগঠন ‘মানুহে মানুহৰ বাবে, দৰং, অসম’ৰ সদস্য সকল।

তেওঁলোক উপস্থিত হৈ পুতুলী হাজৰিকাক দিলে এখন হুইল চেয়াৰ। জানিব পৰা মতে, গুৱাহাটী মহানগৰীৰ ড০ বি পি চাৰাফৰৰ দ্বাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে মানৱদৰদী ব্যক্তি মুকেশ আগৰৱালা আৰু জুনমণি দেউৰীয়ে কোনোবা দূৰ্গতৰ সহায় হোৱাকৈ ‘মানুহে মানুহৰ বাবে, দৰং, অসম’ৰ সম্পাদক জিতুমণি চহৰীয়াৰ হাতত তুলি দিছিল এখন হুইল চেয়াৰ। এই হুইল চেয়াৰ খন আজি পুতুলী হাজৰিকাক প্ৰদান কৰে সংগঠনটোৱে। আনহাতে এই অনুষ্ঠানত ৰেডক্ৰছ চচাইটি দৰং জিলা সমিতিৰ কোষাধ্যক্ষ জয়ন্ত শৰ্মাই পুতুলী হাজৰিকাক বাচন বৰ্তন, চাবোনকে ধৰি বিভিন্ন সামগ্ৰী প্ৰদান কৰে। এই উপলক্ষে পুতুলী হাজৰিকাৰ চোতালত হোৱা চমু অনুষ্ঠানত পকাবাঙিপাৰা গাঁও উন্নয়ন সমিতিৰ সদস্য তথা কৃতি শিক্ষক পবিত্ৰ হাজৰিকাই এনে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মানুহে মানুহৰ বাবে, দৰং, অসম আৰু ৰেডক্ৰছ চচাইটিক কৃতজ্ঞতা জ্ঞাপন কৰে।

মানৱতাবাদী সংগঠনটোৰ সাধাৰণ সম্পাদক গণেশ দত্তই আঁত ধৰা এই চমু অনুষ্ঠানত অৱসৰপ্ৰাপ্ত কাননগো গোলোক বৰা, পশু চিকিৎসক ডাঃ ভূপেন চহৰীয়া, ভেবাৰঘাট মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী ভাৰতী শৰ্মা, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত শিক্ষক শশাংক হাজৰিকা, মঙলদৈ নগৰ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষয়িত্ৰী মিনতি হাজৰিকা, সংগঠনটোৰ উপসভাপতি এনী ভূঞা ডেকা, শেখৰ মজুমদাৰ, সম্পাদক জিতুমণি চহৰীয়া, সহকাৰী সম্পাদক জয়প্ৰকাশ শৰ্মা, সদস্য জিতুমণি হাজৰিকা, তৃষ্ণা হাজৰিকা, জয়ন্ত শৰ্মা, প্ৰদীপ চন্দ্ৰ দাসকে ধৰি কেইবাজনো স্থানীয় লোক উপস্থিত থাকে। সংগঠনটোৰ এনে পদক্ষেপক স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।

বিহু গীতৰ বিশিষ্ট শিল্পী গীতিকাৰ, সুৰকাৰ বিমান বৰুৱালৈ ভিতালী দাস সোঁৱৰণী বঁটা…

বিশ্বত্ৰাস ক’ভিদৰ সময়তে ২০২১ চনৰ ২১ এপ্ৰিলত অকালতে মৃত্যুবৰণ কৰিছিল অসমৰ জনপ্ৰিয় কন্ঠশিল্পী তথা উত্তৰ গুৱাহাটীৰ সুসন্তান ভিতালী দাসে। ভিতালী দাসৰ স্মৃতি সজীৱ কৰি ৰখাৰ মানসেৰে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই ২০২২ চনৰ পৰাই প্ৰদান কৰি আহিছে “ভিতালী দাস সোঁৱৰণী বঁটা”। খ্যাতিসম্পন্ন শিল্পী তৰালী শৰ্মা, জনপ্ৰিয় কন্ঠশিল্পী জুবিলী বৰুৱাক ইতিমধ্যে এই বঁটা প্ৰদান কৰাৰ পিছত এইবছৰ গীতিকাৰ-সুৰকাৰ-কন্ঠশিল্পী বিমান বৰুৱাক ভিতালী দাস সোঁৱৰণী বঁটা প্ৰদান কৰাৰ বাবে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছে।

প্ৰয়াত ভিতালী দাসে কন্ঠদান কৰা  গৰিষ্ঠ সংখ্যক বিহু গীতৰ সৃষ্টি তথা সুৰকাৰ আছিল শিল্পী বিমান বৰুৱা। অহা ২৭ জুনৰ দিনৰ ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিল্পী বিমান বৰুৱাক এই প্ৰদান কৰা হ’ব। বঁটা প্ৰদান কৰিব আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক কবি সাহিত্যিক ড’পীতাম্বৰ দেৱগোস্বামীয়ে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব “আমাৰ অসম” কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা। উত্তৰ গুৱাহাটীৰ সংগীত শিক্ষানুষ্ঠান কৃষ্ণা সংগীত বিদ্যালয়ৰ সহযোগত আয়োজন কৰা এই বঁটা প্ৰদান অনুষ্ঠানলৈ ভিতালী দাসৰ বহু কেইগৰাকী অনুৰাগীক আমন্ত্ৰণ জনোৱা হৈছে। উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়া মতে ভিতালী দাসৰ বহু জনপ্ৰিয় গীতৰ আৰত আছে শিল্পী বিমান বৰুৱা । “নদী বাঢ়িলে ঐ …” , “মই নজনাকে জানৈ হ’লা নো বৰ এজনী” , ” নুসুধিবা তোমালৈ মোৰ মৰম আছে কিমান….” , “ফুল ফুলিছে বসন্ত —“, ” ঐ জান ঐ আকাশ খন ধুনীয়া –” ভিতালী দাসে কন্ঠ দান কৰা এনে বহু জনপ্ৰিয় গীতৰ আৰত আছে বিমান বৰুৱাৰ অবদান।

কংগ্রেছ নেত্রী প্ৰিয়ংকা গান্ধীক সাক্ষাৎ নৱ-নির্বাচিত সাংসদ গৌৰৱ গগৈৰ…

যোৰহাটৰ নৱ নিৰ্বাচিত সাংসদ গৌৰৱ গগৈয়ে সোমবাৰে নতুন দিল্লীত কংগ্রেছ নেত্রী প্ৰিয়ংকা গান্ধীক সাক্ষাৎ কৰে। এই সৌজন্যমূলক সাক্ষাৎকালত সাংসদ গগৈয়ে কয় যে সদ্য সমাপ্ত লোকসভা নির্বাচনত সমগ্র দেশতে প্ৰিয়ংকা গান্ধীয়ে এক সবল আৰু বিশেষ ভূমিকা গ্রহণ কৰিলে।নিৰ্বাচনী প্ৰচাৰ সভা সমূহত তেওঁ দিয়া প্ৰতিটো ভাষণতেই দেশৰ প্ৰতিজন কংগ্রেছ কৰ্মীৰ মনৰ ভাব ফুটি উঠিছিল আৰু সৰ্বসাধাৰণৰ সমস্যাই অগ্রাধিকাৰ পাইছিল। তেওঁলোকৰ কথোপকথনত প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে তিতাবৰলৈ অহাৰ কথা স্মৰণ কৰে।

কংগ্রেছ নেত্রী গৰাকীয়ে কয় যে ইমান বৰষুণ আৰু বেয়া বতৰৰ মাজতো উক্ত দিনটোত যেনেদৰে তিতাবৰত হাজাৰ হাজাৰ ৰাইজে তেওঁৰ বাবে অপেক্ষা কৰি আছিল আৰু ৰেলীত উপস্থিত হৈ সহযোগিতা আৰু আশীৰ্বাদ প্ৰদান কৰিছিল সেইয়া স্মৰণীয় হৈ ৰ’ব। সাংসদ গগৈয়ে তিতাবৰৰ ৰেলীত উপস্থিত থাকি তেওঁৰ নিৰ্বাচনী প্ৰচাৰত সহায় কৰাৰ বাবে নেত্রীগৰাকীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে আৰু অতি সোনকালেই দলীয় কাৰ্য্যসূচীৰ বাবে তেওঁ অসমত উপস্থিত হ’ব বুলি আশা প্ৰকাশ কৰে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ একাদশ প্ৰতিষ্ঠা দিৱস পালন

নগাঁৱৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ একাদশ প্ৰতিষ্ঠা দিৱস আজি দিনজোৰাকৈ বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । পুৱা ১১ বজাত পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভ সূচনা কৰে বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই ৷ ইয়াৰ পিছতে ১১:৩০ বজাৰ পৰা বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত এখনি সভাৰ আয়োজন কৰা হয় ৷ বন্তি প্ৰজ্বলন, সমবেত সংগীতেৰে আৰম্ভ হোৱা আনুষ্ঠানিক সভাত আদৰণি ভাষণ আগবঢ়াই বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক তথা প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ সভাপতি ড° নয়নমনি শইকীয়াই ৷ ভাষণত তেওঁ বিশ্ববিদ্যালয়খনৰ এক চমু খতিয়ান দাঙি ধৰে ৷ অনুষ্ঠানত অংশলৈকে আচাৰ্য ডেকাই বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ পটভূমিৰ উল্লেখ কৰি, শংকৰদেৱক কিদৰে বিজ্ঞানসন্মত দৃষ্টিৰে জনমানসত প্ৰতিষ্ঠা কৰাব পাৰি সেই সম্পৰ্কে মন্তব্য আগবঢ়াই ৷ ইয়াৰ পিছতে অনুষ্ঠানত উপস্থিত থাকি ভাষণ আগবঢ়াই অনুষ্ঠানৰ মুখ্য অতিথি কলাক্ষেত্ৰ সমাজ গুৱাহাটীৰ সচিব সুদৰ্শন ঠাকুৰে ৷

তেওঁ কয় – অসমৰ এটা সভ্যতাৰ বুনিয়াদ গঢ়োতা শংকৰদেৱৰ নীতি আদৰ্শৰে প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৌদ্ধিক ক্ষেত্ৰৰ অতুলনীয় অবদান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ৷ পৃথিৱী জুৰি নিজৰ স্থিতি ৰাখিবলৈ সক্ষম হোৱা সংঘৰ দ্বাৰা প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা, বিষয়া-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীৰ সমন্বিত প্ৰচেষ্টাত বিশ্ববিদ্যালয়খনে কম সময়তে চিনাকি ৰাখি যাবলৈ সক্ষম হৈছে ৷ তদুপৰি তেওঁ চিত্ৰৰ জৰিয়তে শংকৰদেৱৰ জীৱন-দৰ্শনক আগুৱাই নিবলৈ কৰা প্ৰয়াসত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সহযোগিতাৰ প্ৰসংগও উল্লেখ কৰে ৷ “শংকৰদেৱক মই মেনেজমেণ্ট গুৰু হিচাপে অভিহিত কৰিব পাৰোঁ ।

বহুধাবিভক্ত প্ৰতিভাৰ এগৰাকী ব্যক্তিৰ নামেৰে প্ৰতিস্থিত বিশ্ববিদ্যালয়খনে বিভিন্ন কাম কৰিব পাৰে ৷ বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ সুনামবোৰ, ভাল খবৰবোৰ আমি সমাজৰ আগলৈ লৈ যাব লাগিব” ৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশলৈ এই মন্তব্য কৰে প্ৰতিদিন টাইমৰ জেষ্ঠ্য সাংবাদিক মৃণাল তালুকদাৰে ৷ তেওঁ আৰু কয় যে, উদ্যোগ আৰু শিক্ষানুষ্ঠানৰ মাজত বুজাপৰা থাকিব লাগে যাৰ জৰিয়তে অৰ্থনৈতিক দিশটোও মজবুত হয় ৷ তদুপৰি তেওঁ নামঘৰীয়া-ক শৈক্ষিক পাঠ্যক্ৰমৰ মাধ্যমেৰে আগুৱাই নিবলৈ কৰ্তৃপক্ষক আহ্বান জনায় ৷ অনুষ্ঠানত উপস্থিত থাকি বিশ্ববিদ্যালয়খনৰ সমন্বয়ক তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ পৰা আৰম্ভ কৰি আইন প্ৰস্তুত কৰাৰে পৰা একাদশ বৰ্ষত ভৰি দিয়া এই দীৰ্ঘসময়ৰ ইতিহাস ৰোমন্থন কৰি ৰাজ্য চৰকাৰৰ বলিষ্ঠ প্ৰদক্ষেপক কৃতজ্ঞতা জনাই ৷ বিশ্ববিদ্যালয়খনৰ শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী ড° ত্ৰিৱেণী শইকীয়াই পৰিচালনা কৰা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ সম্পাদক গৌৰী প্ৰসাদ শৰ্মাই ৷ অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা, শ্ৰীমন্ত শংকৰদেৱ শিক্ষা আৰু আৰ্থ সামাজিক বিকাশ ন্যাসৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ বৰা, পৰিচালন ন্যাসৰক্ষী খগেন্দ্ৰ মহেলা, থ্ৰি: এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটি লিমিটেডৰ অধ্যক্ষ হৰেন্দ্ৰ বৰাৰ লগতে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

মৈৰাবাৰীত জুন মাহৰ ‘বাটৰ কবিতা’ সম্পন্ন

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ‘খাইৰ প্ৰকাশন’ৰ উদ্যোগত ২০১৫ চনৰ ১০ জানুৱাৰীৰ পৰা প্ৰতি ইংৰাজী মাহৰ ১০ তাৰিখে নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান ‘বাটৰ কবিতা’ৰ দশম বৰ্ষৰ ষষ্ঠটো অনুষ্ঠান আজি আবেলি ৪ বজাত মৈৰাবাৰী কলেজ ৰোডত ‘খাইৰ প্ৰকাশন’ৰ কাৰ্যালয়ৰ সন্মুখত অতি গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়। বিশিষ্ট কবি, লেখক মুহাম্মাদ আফজালৰ সঞ্চালনাত অনুষ্ঠিত ব্যতিক্ৰমী কাব্যানুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে খাইৰ প্ৰকাশনৰ স্বত্বাধিকাৰী তথা বিশিষ্ট কবি, লেখক খাইৰুল ইছলামে। অনুষ্ঠানটিত ভাগ লৈ স্বৰচিত কবিতা পাঠ কৰে ক্ৰমে শ্বাহিল ইছলাম, আশ্ৰাফুল হক, খাইৰুল ইছলাম আৰু মুহাম্মাদ আফজালে আৰু কবিতা আবৃত্তি কৰে কলেজীয়া ছাত্ৰ মোস্তাফা আহমেদ, স্কুলীয়া বিদ্যাৰ্থীদ্বয় মুহাম্মাদ ফাহিম আৰু মাহীন চুলতানাই। তদুপৰি শিক্ষক জিন্নাতুল ইছলামে এটি গীত পৰিৱেশনৰ লগতে সঞ্চালক মুহাম্মাদ আফজালে এটি অণুগল্প পাঠ কৰি সকলোকে মুগ্ধ কৰে।

লক্ষণীয়ভাৱে আজিৰ ‘বাটৰ কবিতা’ অনুষ্ঠানত উপস্থিত থাকি
মৈৰাবাৰী প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি বদৰুজ জামান আকতাৰ, এছ.চি.চি.ৰ ৰাজ্যিক সভাপতি ছাব্বিৰ হুছেইনৰ লগতে কবি খাইৰুল ইছলাম আৰু কবি মুহাম্মাদ আফজালে মৈৰাবাৰী এলেকাৰ ক্ৰমবৰ্ধিত লেতেৰা আৰু অস্বাস্থ্যকৰ পৰিৱেশৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰি অতি শীঘ্ৰে ‘ক্লীন মৈৰাবাৰী, গ্ৰীন মৈৰাবাৰী’ শীৰ্ষক এক অভিযানৰ যোগেদি স্থানীয় পাৰিপাৰ্শ্বিক সৌন্দৰ্য সুন্দৰ ৰূপত ঘূৰাই আনিবলৈ গঠনমূলক দিহা-পৰামৰ্শ আগবঢ়ায়। সঞ্চালক মুহাম্মাদ আফজালে ‘আমাৰ সেউজ-সুন্দৰ মৈৰাবাৰী’ কবিতাৰ মাধ্যমেদি সকলোকে এই মহান কাৰ্যসূচীত সক্ৰিয়ভাৱে হাত উজান দিবলৈ মুকলি আহ্বান জনোৱাৰ লগতে ‘বাটৰ কবিতা’ৰ যুটীয়া সমন্বয়ক খাইৰুল ইছলামে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থলী মৈৰাবাৰীক পৰ্যটনৰ এক আকৰ্ষণীয় স্থান হিচাপে গঢ়ি তুলিবলৈ ৰাইজৰ লগতে চৰকাৰক বিনম্ৰ আহ্বান জনায়।

মোদী ৩.০ চৰকাৰৰ মন্ত্ৰীসভাৰ সম্পূৰ্ণ তালিকা ! A TO Z

দেওবাৰে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰাৰ পিছত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰথম খন কেবিনেট বৈঠকৰ সময়তে শপতগ্ৰহণ কৰা মন্ত্ৰীসকলক পৰ্যায়ক্ৰমে দপ্তৰ বিতৰণ কৰা হয়৷ মোদী মন্ত্ৰীসভাত এতিয়ালৈকে ৭২ গৰাকী মন্ত্ৰীয়ে শপতগ্ৰহণ কৰিছে। ইয়াৰে ১১ গৰাকী এন ডি এৰ মিত্ৰ দেশ যেনে চন্দ্ৰবাবু নাইডুৰ টিডিপি, নীতিশ কুমাৰ নেতৃত্বাধীন জেডিইউ, চিৰাগ পাছৱানৰ এলজেপি, আৰু একনাথ সিন্দেৰ শিৱসেনা আদিৰ। আজি দপ্তৰ লাভ কৰা মন্ত্ৰীসকল হৈছে –
প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ তলত উল্লেখ কৰা সদস্যসকলৰ মাজত মন্ত্ৰী পদ আবণ্টনৰ নিৰ্দেশ দিয়ে :-

আজি নিজৰ দপ্তৰ লাভ কৰা মন্ত্ৰীসকল হ’ল –
প্ৰধানমন্ত্ৰী
নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰীৰ দায়িত্বত থাকিব(ভাৰপ্ৰাপ্ত) :
কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়;
পাৰমাণৱিক শক্তি বিভাগ;
মহাকাশ বিভাগ;
সকলো গুৰুত্বপূৰ্ণ নীতিগত বিষয়; আৰু
কোনো মন্ত্ৰীক আৱণ্টন নোপোৱা বাকী সকলো পৰ্টফলিঅ’ আৱণ্টন দিয়া।

কেবিনেট মন্ত্ৰী
১.
শ্ৰী ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী।

২.
শ্ৰী অমিত শ্বাহ

গৃহ পৰিক্ৰমা মন্ত্ৰী; আৰু সহযোগিতা মন্ত্ৰী।

৩.
শ্ৰী নীতিন জয়ৰাম গাডকাৰী

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী।

৪.
শ্ৰী জগত প্ৰকাশ নাড্ডা

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী; আৰু ৰাসায়নিক আৰু সাৰ মন্ত্ৰী।

৫.
শ্ৰী শিৱৰাজ সিং চৌহান

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী; গ্ৰামোন্নয়ন মন্ত্ৰী।

৬.
নিৰ্মলা সীতাৰমণ
বিত্তমন্ত্ৰী; আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী।

৭.
এছ জয়শংকৰ
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

৮.
শ্ৰী মনোহৰ লাল
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী; আৰু শক্তি মন্ত্ৰী।

৯.
এইচ ডি কুমাৰস্বামী

গধুৰ উদ্যোগ মন্ত্ৰী; আৰু তীখা মন্ত্ৰী।

১০.
শ্ৰী পিয়ুষ গোৱেল,

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী।

১১.
শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

শিক্ষা মন্ত্ৰী।

১২.
শ্ৰী জিতন ৰাম মাঝি

ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী।

১৩.
শ্ৰী ৰাজীৱ ৰঞ্জন সিং

পঞ্চায়তী ৰাজ মন্ত্ৰী আৰু মীন, পশুপালন তথা দুগ্ধ মন্ত্ৰী।

১৪.
শ্ৰী সৰ্বানন্দ সোণোৱাল

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী।

১৫.
ড° বীৰেন্দ্ৰ কুমাৰ

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী।

১৬.
শ্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডু

অসামৰিক বিমান পৰিবহণ মন্ত্ৰী।

১৭.
শ্ৰী প্ৰহ্লাদ যোশী

গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী; আৰু নতুন তথা নবীকৰণযোগ্য শক্তি মন্ত্ৰী।

১৮.
শ্ৰী জুৱেল ওৰাম

জনজাতি পৰিক্ৰমা মন্ত্ৰী।

১৯.
শ্ৰী গিৰিৰাজ সিং

বস্ত্ৰ মন্ত্ৰী।

২০.
শ্ৰী অশ্বিনী বৈষ্ণৱ

ৰে’ল মন্ত্ৰী; তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী; ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী।

২১.
শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়া

যোগাযোগ মন্ত্ৰী; উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰী।

২২.
শ্ৰী ভূপেন্দৰ যাদৱ

পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী।

২৩.
শ্ৰী গজেন্দ্ৰ সিং শেখাৱত

সাংস্কৃতিক মন্ত্ৰী; আৰু পৰ্যটন মন্ত্ৰী।

২৪.
শ্ৰীমতী ড. অন্নপূৰ্ণা দেৱী

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী

২৫.
শ্ৰী কিৰেণ ৰিজিজু

সংসদীয় পৰিক্ৰমা মন্ত্ৰী; আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী।

২৬.
শ্ৰী হৰদীপ সিং পুৰী

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী

২৭.
ড° মনসুখ মাণ্ডবিয়া

শ্ৰম আৰু নিয়োগ মন্ত্ৰী; যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী।

২৮.
শ্ৰী জি কিষাণ ৰেড্ডী

কয়লা মন্ত্ৰী; খনি মন্ত্ৰী।

২৯.
শ্ৰী চিৰাগ পাছোৱান

খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰী।

৩০.
শ্ৰী চি আৰ পাটিল

জল শক্তিৰ মন্ত্ৰী।

ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ)

১.
ৰাও ইন্দৰজিৎ সিং

পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন দায়িত্ব);

পৰিকল্পনা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন দায়িত্ব); আৰু

সাংস্কৃতিক মন্ত্ৰালয়ত ৰাজ্যিক মন্ত্ৰী।

২.
ডাঃ জিতেন্দ্ৰ সিং

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন দায়িত্ব);

পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন চাৰ্জ);

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত ৰাজ্যিক মন্ত্ৰী;

কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ত ৰাজ্যিক মন্ত্ৰী;

পাৰমাণৱিক শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী; আৰু

মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী।

৩.
শ্ৰী অৰ্জুন ৰাম মেঘৱাল

আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন দায়িত্ব); আৰু

সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ত ৰাজ্যিক মন্ত্ৰী।

৪.
শ্ৰী জাধৱ প্ৰতাপৰাও গণপাত্ৰও

আয়ুষ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন চাৰ্জ); আৰু

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ত ৰাজ্যিক মন্ত্ৰী।

৫.
শ্ৰী জয়ন্ত চৌধুৰী

দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন দায়িত্ব); আৰু

শিক্ষা মন্ত্ৰালয়ত ৰাজ্যিক মন্ত্ৰী।

ৰাজ্যিক মন্ত্ৰীসকল
১) মন্ত্ৰালয়ত শ্ৰী জিতীন প্ৰসাদ, ৰাজ্যিক মন্ত্ৰী
বাণিজ্য আৰু উদ্যোগ; ইলেক্ট্ৰনিক্স তথা তথ্য
প্ৰযুক্তি
২) শ্ৰীপদ য়েছ’ নাইক, ৰাজ্যিক মন্ত্ৰী
শক্তি আৰু নবীকৰণযোগ্য শক্তি।
৩) পংকজ চৌধুৰী, ৰাজ্যিক মন্ত্ৰী
বিত্ত
৪) কৃষণ পাল, ৰাজ্যিক মন্ত্ৰী
সহযোগিতা দপ্তৰ
৫) ৰামদাস আঠাৱালে, ৰাজ্যিক মন্ত্ৰী
সামাজিক ন্যায় আৰু সৱলীকৰণ।
৬) ৰামনাথ ঠাকুৰ, ৰাজ্যিক মন্ত্ৰী
কৃষি আৰু কৃষক কল্যাণ
৭) নিত্যানন্দ ৰায়, ৰাজ্যিক মন্ত্ৰী
গৃহ পৰিক্ৰমা বিভাগ।
৮) ড. অনুপ্ৰিয়া পেটেল, ৰাজ্যিক মন্ত্ৰী
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,ৰাসায়নিক পদাৰ্থ আৰু সাৰ।
৯) ভি সোণমনা,ৰাজ্যিক মন্ত্ৰী
জল শক্তি,ৰে’লৱে
১০) ড° চন্দ্ৰ শেখৰ পেম্মাছানী, ৰাজ্যিক মন্ত্ৰী
গ্ৰাম্য উন্নয়ন, যোগাযোগ

১১) অধ্যাপক এছ পি সিং বাঘেল, ৰাজ্যিক মন্ত্ৰী
মীনপালন, পশুপালন আৰু ডেইৰিং; পঞ্চায়তী ৰাজ।
১২) শোভা কৰণ্ডলাজে, ৰাজ্যিক মন্ত্ৰী
ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ,শ্ৰম আৰু নিয়োগ।
১৩) কীৰ্তিৰ্ধন সিং, ৰাজ্যিক মন্ত্ৰী
পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন; বৈদেশিক পৰিক্ৰমা বিভাগ।
১৪) বি এল বাৰ্মা, ৰাজ্যিক মন্ত্ৰী
গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ; সামাজিক ন্যায় আৰু সৱলীকৰণ।
১৫) শান্তনু ঠাকুৰ ৰাজ্যিক মন্ত্ৰী
বন্দৰ, জাহাজ আৰু জলপথ।
১৬) সুৰেশ গোপী ,ৰাজ্যিক মন্ত্ৰী
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, পৰ্যটন।
১৭) ড° এল মুৰুগান
তথ্য আৰু সম্প্ৰচাৰ ,সংসদীয় পৰিক্ৰমা বিভাগ।
১৮) অজয় ​​তামতা, ৰাজ্যিক মন্ত্ৰী
পথ পৰিবহণ আৰু ঘাইপথ।
১৯) বান্দী সঞ্জয় কুমাৰ, ৰাজ্যিক মন্ত্ৰী
গৃহ পৰিক্ৰমা বিভাগ।
২০) কমলেশ পাছোৱান, ৰাজ্যিক মন্ত্ৰী
গ্ৰাম্য উন্নয়ন।

২১) ভাগীৰথ চৌধুৰী, ৰাজ্যিক মন্ত্ৰী
কৃষি আৰু কৃষক কল্যাণ
২২) সতীশ চন্দ্ৰ ডুবে, ৰাজ্যিক মন্ত্ৰী
কয়লা, খনি

২৩) সঞ্জয় ছেঠ, ৰাজ্যিক মন্ত্ৰী
প্ৰতিৰক্ষা
২৪) ৰৱনীত সিং, ৰাজ্যিক মন্ত্ৰী
খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ ,ৰে’লৱে
২৫) দুৰ্গাদাস উইকে ৰাজ্যিক মন্ত্ৰী
জনজাতি পৰিক্ৰমা বিভাগ
২৬) ড. ৰক্ষা নিখিল খাদছে, ৰাজ্যিক মন্ত্ৰী
যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া
২৭) সুকান্ত মজুমদাৰ, ৰাজ্যিক মন্ত্ৰী
শিক্ষা, উত্তৰ-পূবৰ উন্নয়ন দপ্তৰ

২৮) সাবিত্ৰী ঠাকুৰ, ৰাজ্যিক মন্ত্ৰী
মহিলা আৰু শিশুৰ বিকাশ
২৯) টোখান ছাহু , ৰাজ্যিক মন্ত্ৰী
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা।
৩০) ৰাজ ভূষণ চৌধুৰী, ৰাজ্যিক মন্ত্ৰী
জল শক্তি
৩১) ভূপতি ৰাজু শ্ৰীনিবাস বাৰ্মা, ৰাজ্যিক মন্ত্ৰী
গধুৰ উদ্যোগ, তীখা
৩২) হৰ্ষ মালহোত্ৰা, ৰাজ্যিক মন্ত্ৰী
কৰ্পৰেট বিষয়,পথ পৰিবহণ আৰু ঘাইপথ।
৩৩) ড. নিমুবেন জয়ন্তীভাই বাম্ভনীয়া, ৰাজ্যিক মন্ত্ৰী
গ্ৰাহক বিষয়, খাদ্য আৰু ৰাজহুৱা বিতৰণ।

৩৪) মুৰলীধৰ মোহল, ৰাজ্যিক মন্ত্ৰী
সহযোগিতা,অসামৰিক বিমান পৰিবহণ।
৩৫) জৰ্জ কুৰিয়ান, ৰাজ্যিক মন্ত্ৰী
সংখ্যালঘু বিষয়,মীনপালন, পশুপালন
আৰু ডেইৰিং।
৩৬) পবিত্ৰ মাৰ্ঘেৰিটা ৰাজ্যিক মন্ত্ৰী
বৈদেশিক পৰিক্ৰমা, বস্ত্ৰশিল্প

মোদী চৰকাৰৰ দপ্তৰ বিতৰণ , কোনে, কি পালে দপ্তৰ

তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰাৰ পিছত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰথম খন কেবিনেট বৈঠকৰ সময়তে শপতগ্ৰহণ কৰা মন্ত্ৰীসকলক পৰ্যায়ক্ৰমে দপ্তৰ বিতৰণ কৰা হয়৷ মোদী মন্ত্ৰীসভাত এতিয়ালৈকে ৭২ গৰাকী মন্ত্ৰীয়ে শপতগ্ৰহণ কৰিছে। ইয়াৰে ১১ গৰাকী এন ডি এৰ মিত্ৰ দেশ যেনে চন্দ্ৰবাবু নাইডুৰ টিডিপি, নীতিশ কুমাৰ নেতৃত্বাধীন জেডিইউ, চিৰাগ পাছৱানৰ এলজেপি, আৰু একনাথ সিন্দেৰ শিৱসেনা আদিৰ।

দপ্তৰ লাভ কৰা মন্ত্ৰীসকল হৈছে –
নীতিন গাডকাৰীক পথ পৰিবহন দপ্তৰৰ দায়িত্ব
অজয় তম্বা আৰু হৰ্ষ মালহোত্ৰাক পথ পৰিবহন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব
মোদী মন্ত্ৰীসভাত পূৰ্বৰ পদতে বাহাল থাকিল তিনি মন্ত্ৰী৷
গৃহ মন্ত্ৰালয় পুনৰ অমিত শ্বাহকে৷
প্ৰতিৰক্ষা মন্ত্ৰালয় ৰাজনাথ সিং৷
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় পুনৰ এছ জয়শংকৰক ৷
সৰ্বানন্দ সোণোৱালক পুনৰ বন্দৰ,জাহাজ আৰু জল পৰিবহণৰ দায়িত্ব৷

জীতন ৰাম মাঝিঃ এম এছ এম ই
শিৱৰাজ সিং চৌহানঃ কৃষি, গ্ৰামোন্নয়ন, পঞ্চায়তী ৰাজ
অশ্বিনী বৈষ্ণৱ: তথ্য আৰু সম্প্ৰচাৰ আৰু ৰেলৱে
শোভা কৰণ্ডলাজে: ৰাজ্যিক মন্ত্ৰী এম এছ এম ই
ভূপেন্দ্ৰ যাদৱ: পৰিবেশ আৰু বন
কিৰেন ৰিজিজু: সংসদীয় পৰিক্ৰমা বিভাগ
ৰাম মোহন নাইডুঃ অসামৰিক বিমান পৰিবহণ
ধৰ্মেন্দ্ৰ প্ৰধানঃ শিক্ষা
জে পি নাড্ডা: স্বাস্থ্য
পীয়ুষ গোৱেল: বাণিজ্য আৰু উদ্যোগ
চি আৰ পাটিল: জল শক্তি
শান্তনু ঠাকুৰঃ বন্দৰ, জাহাজ আৰু জলপথ
মনোহৰলাল খাট্টাৰঃ শক্তি
নিৰ্মলা সীতাৰমণঃ বিত্ত

শিক্ষকতা জীৱনৰ অন্তিম দিনটোত শিক্ষক ডিম্বেশ্বৰ শইকীয়াক বিদায় সম্ভাষণ…

লখিমপুৰ জিলাৰ নাৰায়ণপুৰ শিক্ষাখণ্ডৰ অন্তর্গত মাঘনোবা উচ্চ মাধ্যমিক বিদ্যালয়ত ৬ জুনত শিক্ষক-কর্মচাৰী গোট আৰু ছাত্র একতা সভাৰ উদ্যোগত সদ্য অৱসৰী সহকাৰী প্রধান শিক্ষক ডিম্বেশ্বৰ শইকীয়াক বিদায় সম্বর্ধনা জনোৱা হয়। বিদ্যালয়খনৰ প্ৰধান শিক্ষক অতুল চন্দ্র ভূঞাই বস্তি প্রজ্বলন কৰাৰ পিছতে মন্দিৰা চাংমাই’এ পৰিৱেশন কৰা বৰগীতেৰে আৰম্ভ হয় বিদায়ী সভাখন। লখিমপুৰ জিলা জ্যেষ্ঠ নাগৰিক সমিতিৰ সভাপতি ভূপেন দলেয়ে পৌৰাহিত্য কৰা সভাখনত শিক্ষক গৰাকী জীৱনকৃতী আলোকপাত কৰা হয়। শিক্ষকতাৰ জীৱত দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক আৰ্থিক সহযোগিতা আগবঢ়োৱা, দুৰ্বল শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক সমানে আগবঢ়াই নিবলৈ কৰি যোৱা নিৰবিচ্ছিন্ন চেষ্টা আদিকৈ সমাজমুখী চেতনাৰ অনন্য দিশবোৰো সভাত উন্মোচন হয়।

১৯৮৫ চনত প্রধান শিক্ষকৰ দায়িত্ব লৈ দিহিৰি মধ্য ইংৰাজী বিদ্যালয় স্থাপন কৰি পৰৱৰ্তী সময়ত বালিপথাৰ আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰে ডিম্বেশ্বৰ শইকীয়াই। ১৯৯১ চনত বালিপথাৰ আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰূপে অতিৰিক্ত দায়িত্ব গ্রহণ কৰি ২০১১ চনৰ আগষ্ট মাহত মাঘনোৱা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে যোগদান কৰে । চৰকাৰী একত্রীকৰণ নীতি অনুসৰি ২০১৮ চনত বিদ্যালয়খন মাঘনোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগত চামিল হোৱাত তেতিয়াৰে পৰা সহকাৰী শিক্ষক হিচাপে নিষ্ঠা আৰু সততাৰে কাৰ্যনিৰ্বাহ কৰি ৩০ এপ্রিলত অৱসৰ গ্ৰহণ কৰে। শৰাই, সঁফুৰা, সৰুদয়া জাপি, ফুলাম গামোচা, চেলেং বস্ত্র, গছপুলি, সম্বর্ধনা পত্র, কিতাপৰ টোপোলা আদিৰে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্রী, ন-পুৰণি ছাত্র-ছাত্রীৰ লগতে বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষকসকল আৰু শুভাকাংক্ষীসকলে উষ্ম সম্বর্ধনা জনায়। বিদায় সম্বর্ধনা সভাৰ যুটীয়া সম্পাদক লৱৰাম বৰা আৰু দিগন্ত নেওগে আঁত ধৰা সভাখনত শিক্ষকতাৰ উপৰি বিভিন্ন সামাজিক অনুষ্ঠান- প্ৰতিষ্ঠানত নিজকে জড়িত ৰখা সফল শিক্ষক তথা মানব সম্পদ গঢ়োতা বিদায়ী শিক্ষকগৰাকীৰ শিক্ষয়িত্রী পত্নী শেৱালি ফুকনৰ লগতে পৰিয়ালবৰ্গকো সম্বর্ধনা জনোবা হয়।

কুঁহি চেতিয়াৰ লগতে ছাত্র-ছাত্রীসকলে গীত-নৃত্য পৰিৱেশন কৰি সকলোকে আপ্লুত কৰা সভাখনত অৱসৰপ্ৰাপ্ত শিক্ষক তৰুণ শইকীয়া, ৰাজেন চেকনিধৰা, লখিমপুৰ জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সভাপতি ৰঞ্জিত বৰুৱা, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ কেন্দ্রীয় সমিতিৰ উপ-সভাপতি দুলাল শর্মা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাংগঠনিক সম্পাদক প্রদীপ ৰাজখোৱা, অৱসৰপ্ৰাপ্ত শিক্ষক রাহিদুৰ ৰহমান, লখিমপুৰ জিলা উচ্চ মাধ্যমিক শিক্ষক সংস্থাৰ সম্পাদক জগত বৰা, ৰঙতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিশ্বেশ্বৰ চাৰিংগীয়া, সমাজকর্মী ছায়া চাংমাই, অৱসৰপ্ৰাপ্ত শিক্ষক কুমুদ নেওগ, মহেন্দ্র বৰা, বৈকুণ্ঠ ভৰালী, বিদ্যালয় উন্নয়ন আৰু পৰিচালনাৰ সমিতিৰ সভাপতি লক্ষীকান্ত বৰা, শিক্ষক-শিক্ষয়িত্রী ক্রমে বোষেশ্বৰ বৰপাত্র, কমল চন্দ্ৰ বৰা, লোহিত গগৈ, মহেন্দ্র পেশু, গজেন কোঁৱৰ, দীপাংকৰ শৰ্মা বৰদলৈ, খঞ্জন শইকীয়া, শংকৰজ্যোতি বৰুৱা, পুণ্যপ্রভা কোঁৱৰ, কংকণা ভৰালী, ৰশ্মি গোস্বামী, মণিকংকনা বৰা, মনীষা গগৈ, প্রেমানন্দ শইকীয়াকে প্রমুখ্য কৰি কেই বাগৰাকীও বক্তাই সদ্য বিদায়ী শিক্ষক ডিম্বেশ্বৰ শইকীয়াৰ কৰ্মৰাজিৰ আলোকপাত কৰি সু-স্বাস্থ্যৰ লগতে দীর্ঘায়ু কামনা কৰে। সভাৰ অন্তত ছাত্ৰ একতা সভাৰ সভাপতি থানেশ্বৰ দত্তই উপস্থিত সকলোৰে শলাগ লোৱৰ লগতে কৃতজ্ঞতা প্রকাশ কৰে।

ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ দুটা আলমিৰা-গ্ৰন্থ প্ৰদান প্রাক্তন শিক্ষার্থী সম্মিলনৰঃ কৃতজ্ঞতা জ্ঞাপন বিদ্যালয় কৰ্তৃপক্ষৰ…

শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ একমাত্ৰ অসমীয়া মাধ্যমৰ উচ্চ শিক্ষানুষ্ঠান ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা পুথিভঁৰালটিলে প্রাক্তন শিক্ষার্থী সন্মিলনীয়ে প্ৰদান কৰে দুটা আলমিৰা আৰু মূল্যৱান গ্রন্থ। কিতাপ পঢ়ি ভালপোৱা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্রীয়ে প্রাক্তন শিক্ষার্থীসকলে আনুষ্ঠানিক ভাবে প্রদান কৰা গ্ৰন্থসমূহৰ পৰা যথেষ্টখিনি উপকৃত হ’ব বুলি সকলোৱে আশা প্রকাশ কৰিছে। ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষার্থী সন্মিলনৰ সম্পাদক বলেন চক্রবর্তী আৰু প্ৰাক্তন ছাত্ৰসকল ক্ৰমে মৃণাল গগৈ, বুধিন বৈশ্য, পংকজ নাথ, সিদ্ধার্থ দত্ত, ধনেশ্বৰ কলিতা, চাহিন আহমেদ, বিতু ডেকা আৰু দেৱজিৎ বৈশ্য উপস্থিত হৈ বিদ্যালয়খনৰ অধ্যক্ষ মোহন গোস্বামী, পুথিভঁৰালটি পৰিচালনা কৰাৰ দায়িত্ব থকা সহকাৰী শিক্ষক নন্দেশ্বৰ ভৰালী, দ্বিজেন হালৈ আৰু শিক্ষয়িত্রী বিতুমণি কলিতাৰ হাতত ৭৩ খন মূল্যবান গ্রন্থ আনুষ্ঠানিক ভাবে প্রদান কৰে।

প্রাক্তন ছাত্র বলেন চক্রবর্তীয়ে কয় যে আমি কেইবাগৰাকী প্ৰাক্তন শিক্ষার্থী সন্মিলনীৰ বিষয়ববীয়া আৰু সদস্যসকল বিশেষ উদ্দেশ্য লৈ বিদ্যালয়খনত উপস্থিত হৈছো। চলিত বৰ্ষৰ ২৮ এপ্ৰিলত ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি প্রাক্তন শিক্ষার্থী সন্মিলন অনুষ্ঠিত কৰা হৈছিল। সন্মিলনখনি সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পাছত প্ৰায় ৫৮ হাজাৰ টকা ৰাহি হৈছিল। ৰাহি হোৱা ধনৰাশিৰে বিদ্যালয়খনৰ পুথিভঁৰালটিলৈ দুটা আলমিৰা আৰু গ্ৰন্থ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই মৰ্মে দুয়োটা বস্তু সামগ্ৰী প্ৰদান কৰা হ’ল। ২৫ হাজাৰ টকা ব্যয় সাপেক্ষে দুটা আলমিৰা আৰু বাকীখিনি ধন ৰাশিৰে ৭৩ খন কিতাপখিনি ক্ৰয় কৰা হৈছে। উল্লেখ্য যে, ১৯৫২ চনত স্থাপিত হোৱা ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত পোন প্ৰথমবাৰৰ বাবে প্রাক্তন শিক্ষার্থী সন্মিলনীয়ে যোৱা ২৮ এপ্ৰিলত এখনি প্রাক্তন শিক্ষার্থী সন্মিলন এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছিল। সেই দিনটো প্রাক্তন শিক্ষার্থীসকলৰ বাবে এক স্মৰণীয় দিনত পৰিণত হৈছিল। অনুষ্ঠানটি অনুষ্ঠিত কৰাৰ বাবে প্ৰাক্তন শিক্ষার্থীসকলে স্বতঃস্ফুর্ট ভাবে অৰিহনা আগবঢ়াইছিল।

টামেং লং, জিৰিবাম জিলাত কাৰফিউ! মণিপুৰৰ মুখ্যমন্ত্ৰীৰ কনভয়ত আক্ৰমণ বন্দুকধাৰীৰ, আহত জোৱান…

জিৰিবামত গোষ্ঠী সংঘৰ্ষৰ উত্তপ্ত পৰিস্থিতিত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ এস্কৰ্ট গাড়ীত এম্বুছ কৰি আক্ৰমণ কৰিলে বন্দুকধাৰীয়ে। সোমবাৰে পুৱা প্ৰায় ১০:৩০ বজাত সংঘটিত হয় এই ঘটনা। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ শিলচৰ – জিৰিবামৰ কোটলানে নামৰ স্থানত সংঘটিত এই আক্ৰমণৰ ঘটনাত মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ এস্কৰ্ট গাড়ীত থকা মণিপুৰ ৰাইফলছৰ এজন জোৱান আহত হয়। এই ঘটনাৰ পিছতে কেন্দ্ৰীয় আৰক্ষী আৰু অসম ৰাইফলছে সমগ্ৰ অঞ্চলজুৰি অভিযান আৰম্ভ কৰিছে। উল্লেখ্য যে, মণিপুৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কাইলৈ ​​মঙলবাৰে জিৰিবামলৈ অহাৰ পৰিকল্পনা কৰি এডভান্স এস্কৰ্ট টিম প্ৰেৰণ কৰিছিল।মুখ‍্যমন্ত্রীৰ এছকর্ট টিম অহাৰ পথত এম্বুছ কৰি তেওঁলোকৰ উপৰত হামলা চলায় । ইপিনে শেহতীয়াকৈ জিৰিবামত সংঘটিত হিংসাত্মক ঘটনাৰ পিছতে মণিপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা ৬০০ৰো অধিক মণিপুৰী লোকে অসমৰ লক্ষীপুৰৰ নিজৰ আত্মীয়ৰ ঘৰত আশ্ৰয় লৈছে।

মণিপুৰত পুনৰ অগ্নিময় পৰিস্থিতি। এইবাৰ কাছাৰ জিলাৰ গাতে লাগি থকা জিৰিবামত দহটাতকৈও অধিক ঘৰ জ্বলাই দি‌য়ে দুষ্কৃতিকাৰীয়ে।বহু লোক গৃহহীন হৈ আশ্ৰয় বিচাৰি কাছাৰ জিলাত উপস্থিত হৈছে। জিৰিবাম সহ আন টামেংলঙ জিলাত কাৰফিউ  জাৰি কৰা হৈছে।অৰ্ধসামৰিক বাহিনীয়ে ৰাজপথত টহল দি আছে।

তথাপিও অশান্ত মণিপুৰে শান্ত হ’ব নিবিচাৰে। বৃহস্পতিবাৰে নিশা জিৰিবাম জিলাত এজন লোকৰ ডিঙি কাটি থোৱা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই অগ্নিময় পৰিস্থিতিৰ সৃষ্টি হয়। দহটাতকৈও অধিক ঘৰ জ্বলোৱা হয় । বৃহস্পতিবাৰে গুল তাল অঞ্চলত পত্নী আৰু পুত্ৰৰ সৈতে পথাৰত কাম কৰিবলৈ গৈছিল এছ শৰৎ সিং। ঘৈণীয়েক আৰু পুত্ৰক ঘৰলৈ পঠিয়াই দিয়াৰ পিছত কিছু কামত ব্যস্ত হৈ পৰে তেওঁ। কিন্তু সন্ধিয়া ওচৰ চাপি অহাৰ লগে লগে শৰৎ ঘৰলৈ উভতি নহাত চিন্তিত পৰিয়ালৰ লোক আৰু ওচৰ-চুবুৰীয়াই বিচাৰিবলৈ ধৰিলে। অভাৱনীয়ভাৱে তেওঁৰ বিকৃত মৃতদেহ ফৈজল পুঞ্জীত উদ্ধাৰ হয়। এই তথ্য লাভ কৰাৰ লগে লগে বৃহৎ আৰক্ষী বাহিনী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। কিন্তু যেতিয়া এই খবৰটো বনজুইৰ দৰে বিয়পি পৰাৰ পিছত কুকি জনগোষ্ঠীৰ অন্তৰ্গত অঞ্চলত ক্ষুব্ধ জনসাধাৰণে কেইবাটাও ঘৰ জ্বলাই দিয়ে। আনকি এই ক্ষোভৰ জুই জিৰিবামৰ বিভিন্ন অঞ্চললৈ বিয়পি পৰে। লগে লগে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ক্ষুব্ধ ৰাইজক নিয়ন্ত্ৰণত আনিবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয়। ইটোৰ পিছত সিটোকৈ কুকিৰ ঘৰ জুই দি জ্বলাই দিয়ে । এই আকস্মিক ঘটনাত ভয় খাই কুকিসকলে হাবিত আশ্ৰয় লয়। শুকুৰবাৰে বহু পৰিয়ালে ঘৰ এৰি কাছাৰ জিলাৰ লক্ষীপুৰ মহকুমাৰ অৰণ্যত বা বিভিন্ন ঠাইত আশ্ৰয় লয়। এই ঘটনাৰ পিছতে মণিপুৰৰ টামেং লং আৰু জিৰিবাম জিলাত কাৰফিউ জাৰি কৰা হয়। আজিলৈ নিৰুদ্দেশ হৈ আছে কুকি জনগোষ্ঠীৰ এজন যুৱক। যুৱকজনক মুকলি কৰি দিবলৈ ছাত্ৰ সংগঠনৰ হৈ আৱেদন দাখিল কৰা হৈছে।