Home Blog Page 784

বিদ্যালয় নহয় যেন পাচলিৰ বাৰীঃ মুকালমুৱাৰ এখন চৰকাৰী বিদ্যালয়ত নান্দনিক পৰিৱেশ…

মুকালমুৱাৰ লোহাৰকাঠাস্থিত পূৱ বৰক্ষেত্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গঢ় লৈ উঠা পাচলি খেতিয়ে মন মুহিছে সকলোৰে। চালে চকু ৰৈ যোৱা এক নান্দনিক পৰিৱেশ।বিদ্যালয়খনত বিদ্যাতয়নিক শিক্ষাৰ সমান্তৰালভাৱে শিক্ষাৰ্থী সকলক দিয়া হৈছে ব্যাৱহাৰিক শিক্ষা।বিদ্যালয়খনত এক নান্দনিক পৰিৱেশৰ মাজত শিক্ষাৰ্থী সকলক দিয়া হয় পাঠদান। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ এখন বিদ্যালয়ত গঢ় লৈ উঠা ব্যতিক্ৰমী পৰিবেশে মোহিত কৰিছে সকলোৰে মন। চালে চকু ৰৈ যাব আপোনাৰো। নলবাৰী জিলাৰ লোহাৰকাঠাস্থিত পূৱ বৰক্ষেত্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত দুই বিঘাতকৈ অধিক ভূমিত বিধে বিধে লগোৱা হৈছে পাচলিৰ খেতি।পানী লাও,ৰঙালাও, জিকা , ছাল কোমোৰা , তিয়হ , ভেন্দি ,জলকীয়াৰ লগতে বিবিধ পাচলিৰে ভৰপুৰ। বিদ্যালয় খনৰ পাচলি বাৰীত লমালমে লাগিছে পাচলি। চকু থৰ হৈ ৰোৱা পৰিৱেশ এতিয়া বিদ্যালয় খনত।

উল্লেখ্য যে বৃহত্তৰ অঞ্চলটোৰ অধিকাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু বিদ্যালয়খনৰ শিক্ষাৰ্থী সকলক কৃষিৰ প্ৰতি আগ্ৰহ জন্মোৱাৰ উদ্দেশ্যেই বিদ্যালয় কৰ্তৃপক্ষই এনেদৰে কৰিছে এই কৃষি কাৰ্য্য। বিদ্যালয় চৌহদত উৎপাদিত এই পাচলি সমূহ মধ্যাহ্ন ভোজনত ব্যৱহাৰ কৰা হয়।বিদ্যাতয়নিক শিক্ষাৰ লগতে বিদ্যালয়খনত ব্যৱহাৰিক শিক্ষা দিয়া হয় ছাত্ৰ ছাত্ৰী সকলক।ইফালে ইয়াৰ লগতে বিদ্যালয় খনত কৃষিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণৰ যো- জা চলাইছে।ইয়াৰ উপৰিও ৬০০ তকৈ অধিক ছাত্র ছাত্ৰী থকা বিদ্যালয়খনৰ চৌহদৰ দেৱালত লিখিছে বহু মহৎ লোকৰ বাণী যিয়ে আকৃষ্ট কৰে বিদ্যালয়খনলৈ অহা অভিভাৱকৰ লগতে বিদ্যালয়খনৰ সমূখেৰে পাৰ হৈ যোৱা পথচাৰীকো। ১৯৬২ চনতে স্থাপিত বিদ্যালয়নে শিক্ষাৰ ক্ষেত্ৰতো বিভিন্ন সময়ত অৰ্জন কৰি আহিছে সুখ্যাতি।

নিশা ঘৰৰ ভিতৰতে কোনে গুলিয়ালে সুন্দৰী যুৱতীক…

শান্তিপূৰ্ণ ডিফু চহৰত যুৱতীক গুলিয়াই হত্যা। নিশা ১:৩০ বজাত দুই ভগ্নীৰ লগত শুই থকা অৱস্থাত দুৰ্বৃত্তই মূৰত গুলিয়াই হত্যা কৰে।

ডিফুৰ পাৰ্শ্বৱৰ্তী ১২ নং ৱাৰ্ডৰ তিছু বস্তিৰ আৰলং লাংছত সংঘটিত ঘটনাত তীব্ৰ ভাষাৰে গৰিহণা দিছে ডিফুৰ স্থানীয় বিধায়ক বিদ্যা সিং ইংলেং, ডিফুৰ সংসদ অমৰ সিং তিছু, CEM তুলিৰাম ronghang য়ে। প্ৰশাসন আৰু আৰক্ষীক দোষীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি দিবলৈ দাবীৰ লগতে নিৰ্দেশ দিয়ে।

গোগামুখ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক প্ৰথম পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভঃ ছাত্ৰ-ছাত্ৰীক আত্মনিৰ্ভৰশীল কৰিবলৈ বিভিন্ন ব্যৱসায়ৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন…

ধেমাজি জিলাৰ গোগামুখৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয় গোগামুখ মহাবিদ্যালয়ত সোমবাৰৰ পৰা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পাঠদান কাৰ্যসূচী শুভাৰম্ভ হৈছে৷পাঠদান কাৰ্যসূচী শুভাৰম্ভ কৰাৰ উপলক্ষে সোমবাৰে গোগামুখ মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী গোট আৰু মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ উদ্যোগত মহাবিদ্যালয়খনৰ সভাগৃহত এখনি সভা আয়োজন কৰা হয়৷ উক্ত সভা আদৰণি ভাষণ দি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাই নতুনকৈ মহাবিদ্যালয়ত নামভৰ্ত্তি কৰা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয়- আমি আমাৰ মহাবিদ্যালয়ৰ পৰিয়ালৰ পৰা সকলো নৱাগতক আদৰণি জনাইছোঁ৷

সোমবাৰৰ পৰা নৱাগতসকল আমাৰ পৰিয়ালৰ একো একোজন সদস্য হ’ব৷ আমাৰ পৰিয়ালৰ সদস্য হোৱাৰ লগে লগে আমাৰ মহাবিদ্যালয়ৰ নীতি-নিয়ম মানি চলিব লাগিব৷ ড° ঝাই কয়-সম্প্ৰতি নিচা জাতীয় সামগ্ৰীয়ে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন ধ্বংস কৰিছে৷ সামাজিক মাধ্যমৰ  অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে৷ মহাবিদ্যালয়খনৰ কোনো ছাত্ৰ-ছাত্ৰীয়ে নিচা জাতীয় সামগ্ৰী সেৱন কৰিব নোৱাৰিব৷ মহাবিদ্যালয়খনত অত্যধিক ম’বাইল ব্যৱহাৰ কৰিব নোৱাৰিব৷ইয়াৰ অন্যথা অনুশিসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ আমি ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ উপযোগী  হোৱাকৈ পৰ্যাপ্ত পৰিমাণে সুবিধা দিবলৈ চেষ্টা কৰিম৷ ছাত্ৰ-ছাত্ৰীসকলে নিয়মীয়াকৈ মহাবিদ্যালয়ৰ শ্ৰেণী কোঠাত উপস্থিত থকাৰ লগতে পাঠগ্ৰহণত অসুবিধা হ’লে বা নুবুজা  বিষয় থাকিলে শিক্ষকসকলক পোনপটীয়াকৈ সুধিব পাৰিব বুলিও ড° ঝাই ভাষণ প্ৰসংগত উল্লেখ কৰে৷ মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠদান  কাৰ্যসূচী শুভাৰম্ভৰ লগত সংগতি  মহাবিদ্যালয়খনত আজিৰে পৰা গোগামুখ কলেজ কোপাৰেটিভ ছ’চাইটিৰ অধীনত পৰিচালিত হ’বলগা  ব্যৱসায়ীক কাৰিকৰী কৌশলৰ প্ৰশিক্ষণৰ কেন্দ্ৰটো আজি শুভাৰম্ভ কৰা হয়৷

শুভাৰম্ভ কৰে সভাখনৰ মুখ্য অতিথি তথা গোগামুখ বণিজ সন্হাৰ সভাপতি পদ্মেশ্বৰ পেগুৱে৷  গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাখনত বণিজ সন্হাৰ সভাপতি পদ্মেশ্বৰ পেগুৱে কয়- কেৱল চৰকাাৰী আঁচনি বা চৰকাৰী চাকৰি আশা কৰি ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰিব নালাগে৷ বিভিন্ন ব্যৱসায়িক ক্ষেত্ৰ, কৃষিক্ষেটো নিজকে নিয়োজিত কৰিবলৈ প্ৰচেষ্টা চলাব লাগে৷ আজি-কালি নিজৰ শৈক্ষিক জীৱন সমাপ্ত কৰিলেই চৰকাৰী চাকৰি আশা কৰিব নোৱাৰি৷ গতিকে শৈক্ষিক জীৱন চলি থাকোঁতে নিজৰ পাৰদৰ্শিতা অনুযায়ী বিভিন্ন দিশৰ স্বাৱলম্বীৰ কৌশলবোৰ শিকি যাব লাগে আৰু শৈক্ষিক জীৱন সমাপ্ত হোৱাৰ লগে লগে নিজৰ স্বাৱলম্বিতাৰ ৰাস্তাও মুকলি হ’ব৷ ইয়াৰ সমান্তৰালভাৱে চৰকাৰী চাকৰিৰ কাৰণেও নিচিন্ত মনে চেষ্টা কৰি থাকিব পাৰিব বুলি তেওঁ দোহাৰে৷ উল্লেখনী  গোগামুখ মহাবিদ্যালয়ে আজি আৰম্ভ কৰা ব্যৱসায়িক কৌশল কাৰ্যসূচী ২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনৰ কৌশল বিকাশ আঁচনিৰ অন্তৰ্গত৷ ইয়াত থাকিব চিলাই মেচিন, বিউটি পাৰ্লৰ, শাক-পাচলিৰ  ক্ৰয়-বিক্ৰয়ৰ প্ৰশিক্ষণ৷ মহাবিদ্যালয়খনৰ দুগৰাকী ছাত্ৰীয়ে চিলাই মেচিন প্ৰশিক্ষণৰ বাবে আনুষ্ঠানিকভাৱে নামভৰ্ত্তি কৰে৷ সভাৰ দুয়োটা কাৰ্যসূচীৰে আঁত ধৰে গোগামুখ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা চয়নিকা হাজৰিকাই৷ সভাত উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ উপাধ্যক্ষ  পৰেশ দলে,  মুৰব্বী  অধ্যাপক দিগন্ত কাকতি, ভৰত শইকীয়া, মুখ্যনাথ টাইদ, সহযোগী অধ্যাপক অনিমা শইকীয়া, দিপালী গগৈ আৰু ড° অমৰজ্যোতি দলেয়ে৷

১০ জুলাইত ৭খন ৰাজ্যৰ ১৩খন বিধানসভাৰ আসনত উপ-নিৰ্বাচন, ঘোষণা নিৰ্বাচন আয়োগৰ…

দেশত ঘোষণা কৰা হ’ল উপ-নিৰ্বাচনৰ দিন। সোমবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে ১০ জুলাইত ৭ খন ৰাজ্যৰ ১৩খন বিধানসভাৰ খালী আসনত উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে।

সেইমৰ্মে বিহাৰ (১খন আসন), পশ্চিম বংগ (৪), তামিলনাডু (১), মধ্যপ্ৰদেশ (১), উত্তৰাখণ্ড (২), পঞ্জাব (১), আৰু হিমাচল প্ৰদেশ (৩)। ভোট গণনা ১৩ জুলাইত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।

বিধানসভাৰ উপ-নিৰ্বাচনৰ সম্পূৰ্ণ সময়সূচী এনে ধৰণৰ-অধিসূচনা জাৰি: ১৪ জুন,মনোনয়ন দাখিলৰ শেষ তাৰিখ: ২১ জুন, মনোনয়নৰ পৰীক্ষণ: ২৪ জুন,প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ: ২৬ জুন,নিৰ্বাচনৰ তাৰিখ: ১০ জুলাই,ফলাফল: ১৩ জুলাইত ঘোষণা কৰা হ’ব।

বিসম্বাদ আৰম্ভ! কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পদ গ্ৰহণ কৰিবলৈ অস্বীকাৰ অজিত পাৱাৰ নেতৃত্বাধীন এন চি পি গোটৰ…

মন্ত্ৰীৰ দপ্তৰ বিতৰণৰ পূৰ্বেই মোদী ৩.০ মন্ত্ৰীসভাত বিসম্বাদে গা কৰি উঠাৰ উকমুকনিয়ে দেখা দিছে। মোদীয়ে দেওবাৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰে। মোদীৰ সৈতে আন ৭২ গৰাকী মন্ত্ৰীয়েও শপত গ্ৰহণ কৰিলে। কিন্তু শপতগ্ৰহণৰ পিছতে আৰম্ভ হৈছে মন্ত্ৰিত্বকলৈ বিসম্বাদ। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে নেতৃত্বাধীন শিৱসেনাক নতুন মন্ত্ৰী পৰিষদত মন্ত্ৰিত্বৰ দিয়াৰ বিপৰীতে এনচিপিৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ ফৈদে ভবা ধৰণে লাভাৱান্বিত নোহোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে।

সেয়ে এনচিপিৰ অজিত পাৱাৰৰ ফৈদে ৰাজ্যিক মন্ত্ৰী পদৰ প্ৰস্তাৱ নাকচ কৰিছে। মহাৰাষ্ট্ৰৰ বিজেপি নেতা তথা উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱিছে পাৱাৰ আৰু এনচিপিৰ জ্যেষ্ঠ নেতা প্ৰফুল্ল পেটেল তথা সুনীল তাটকাৰেক সৈ সাক্ষাৎ কৰে। এই সাক্ষাতৰ পিছতে ফাডনৱিছে সাংবাদিকক কয় যে বিজেপিয়ে এনচিপিক এটা ৰাজ্যিক মন্ত্ৰীৰ পদ দিছে। কিন্তু এনচিপিয়ে কেবিনেট পদ বিচাৰিছে। পাৱাৰৰ ফৈদে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা চাৰিখন আসনৰ ভিতৰত মাত্ৰ এখন আসনত জয়ী হোৱাৰ বিপৰীতে সিন্দেৰ শিৱসেনাই ১৫খন আসনৰ ভিতৰত ৭খন আসনত জয়ী হ’বলৈ সক্ষম হৈছে।এনচিপিয়ে ৰাজ্যিক মন্ত্ৰীৰ পৰিৱৰ্তে কেবিনেট মন্ত্ৰীহে বিচাৰিছে।

চাহৰ দোকান খুলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে হেমপ্ৰভা বিশ্বাসে…

কলিয়াবৰত চৰ্চাত হেমপ্ৰভা বিশ্বাস। হেমপ্ৰভাইয়ে চাহৰ দোকান সকলোৰে খুলি দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ সৰুসজাই বিহু নৃত্যৰ বিশ্ব অভিলেখত অংশ লৈছিল।সৰুসজাই বিহু নৃত্যৰ বিশ্ব অভিলেখত অংশ লৈ লাভ কৰা পইচাৰে হেমপ্ৰভাই এখন চাহৰ দোকান খুলিছে। চাওক ফটো…

এই বিশেষ ফটোখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰি লিখিছে, ‘কিছুমান ভাললগা খবৰে মন ভৰাই তোলে৷ শ্ৰীহেমপ্ৰভা বিশ্বাস এগৰাকী স্নাতক চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী৷ কলিয়াবৰৰ হাটবৰৰ হেমপ্রভাই আমাৰ চৰকাৰে বৃহৎ পৰিসৰত সৰুসজাইত আয়োজন কৰা আমাৰ প্ৰাণস্পন্দন বিহুৰ অভিলেখ সৃষ্টিকাৰী বিহুনাচ পৰিৱেশনত অংশ লৈছিল৷ আমাৰ চৰকাৰে অংশগ্ৰহণকাৰীসকলক মাননি হিচাপে কিছু ধন প্ৰদান কৰিছিলোঁ৷ভাল লগা কথা এইটোৱে যে হেমপ্রভাই সেই ধনৰ ব্যৱহাৰ কৰিলে স্বাৱলম্বন হ’বলৈ৷ ছাত্ৰীগৰাকীয়ে এখন ক্ষুদ্ৰ দোকানৰ আৰম্ভণি কৰিলে৷ মাতৃৰ সৈতে মিলি হেমপ্ৰভাই এতিয়া চাহৰ দোকান দি আত্মনিৰ্ভৰ হোৱাৰ স্বপ্ন দেখিছে৷ ছাত্ৰীগৰাকীৰ উজ্জ্বল ভৱিষ্যতৰ বাবে মই বহু বহু শুভকামনা জ্ঞাপন কৰিলোঁ৷ সমাজত তেওঁ বিভিন্নজনৰ আদৰ্শৰ অনুপ্ৰেৰণা হওক, তাকেই মনে-প্ৰাণে বিচাৰিলোঁ৷’ এইদৰে ফটো খনৰ সৈতে লিখি সামাজিক মাধ্যমত শ্বেয়াৰ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিয়েই ‘পি এম কিষাণ নিধি’ৰ প্ৰথম ফাইলত স্বাক্ষৰ কৰিলে মোদীয়ে…

তৃতীয়বাৰৰ বাবে সোমবাৰেপ্ৰধানমন্ত্ৰীৰ আসনত বহাৰ পিছতে সক্ৰিয় হৈ পৰে মোদী। একেৰাহে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ হিচাবে দায়িত্ব গ্ৰহণ কৰিয়েই মোদীয়ে সোমবাৰে ‘পি এম কিষাণ নিধি’ৰ কিস্তি মুকলি কৰাৰ প্ৰথম ফাইলত স্বাক্ষৰ কৰে। এই নিধিৰ জৰিয়তে দেশৰ ৯.৩ কোটি কৃষক উপকৃত হ’ব আৰু কৃষকৰ মাজত প্ৰায় ২০,০০০ কোটি টকা বিতৰণ কৰা হ’ব।চৰকাৰ গঠনৰ পিছত সংসদৰ প্ৰথম অধিৱেশনৰ সময়ত ৰাষ্ট্ৰপতিয়ে দুয়োটা সদনক সম্বোধন কৰি চৰকাৰৰ কাৰ্যসূচী আৰু অহা পাঁচখনৰ বাবে ইয়াৰ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰিব।

উল্লেখ্য জৱাহৰলাল নেহৰুৰ পিছত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে ঘূৰি অহা তেওঁ দ্বিতীয়জন নেতা হৈছে মোদী।কালি মোদীৰ লগতে অমিত শ্বাহ, ৰাজনাথ সিং, নিৰ্মলা সীতাৰমণ, শিৱৰাজ সিং চৌহান, মনোহৰ লাল খট্টৰকে ধৰি ৭১জন মন্ত্ৰীয়েও শপত গ্ৰহণ কৰিছিল।শেহতীয়া লোকসভা নিৰ্বাচনত মোদী নেতৃত্বাধীন বিজেপিয়ে ২৪০খন আসন লাভ কৰে, যিটো সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ২৭২খনতকৈ বহু কম। তথাপি সহযোগী দলৰ সমৰ্থনত মোদীয়ে পুনৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈছে।

প্ৰধানমন্ত্ৰী মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত এইদৰে দেখা গ’ল মুকেশ আম্বানী আৰু শ্বাহৰুখ খানক…

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত প্ৰধানমন্ত্ৰী মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত সমগ্ৰ দেশৰ লগতে বিশ্বৰ প্ৰায় ৯০০০ অতিথিয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানৰ কিছু ফটো ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত এন ডি এয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অতিথি তালিকাত দেশৰ বিখ্যাত ব্যৱসায়ী মুকেশ আম্বানী, গৌতম আদানী, অভিনেতা শ্বাহৰুখ খান আৰু অক্ষয় কুমাৰকো অন্তৰ্ভুক্ত কৰা হৈছিল।

প্ৰধানমন্ত্ৰী মোডীৰ এই শপত গ্ৰহণ অনুষ্ঠানৰ কিছু ফটো ছচিয়েল মিডিয়া প্লেটফৰ্মত অতি দ্ৰুতগতিত ভাইৰেল হৈ আছে। আচলতে শপত গ্ৰহণ অনুষ্ঠানলৈ অহা মুকেশ আম্বানী আৰু শ্বাহৰুখ খানক অ’ আৰ এছ খোৱা দেখা গৈছিল। শপত গ্ৰহণ অনুষ্ঠানত ভিআইপি অতিথিৰ ভিতৰত আছিল কোটিপতি মুকেশ আম্বানী আৰু শ্বাহৰুখ খান। এই ফটোখন ভাইৰেল হোৱাৰ পিছত বহুতে ইয়াৰ শলাগ লৈছে। আনহাতে কিছুমানে কৈছে যে যোৱা মাহতহে শ্বাহৰুখ খান হিট ষ্ট্ৰ’কৰ বলি হৈছিল। গতিকে সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়।” আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “মইও আজি একেটা অ’আৰএছ খালোঁ।”

ইয়াৰ উপৰিও ৰাষ্ট্ৰপতি ভৱনত উপস্থিত আছিল মেগাষ্টাৰ ৰজনীকান্ত, অনুপম খেৰ, অনিল কাপুৰ, ৰবীনা টণ্ডন, বিক্ৰান্ত মেছি আৰু ৰাজকুমাৰ হিৰানী আন আন চেলিব্ৰিটি।আনহাতে মুকেশ আম্বানী আৰু শ্বাহৰুখ খানে অ’ আৰ এছ খোৱা ফটো খন প্ৰধানমন্ত্ৰী মোডীৰ শপত গ্ৰহণ অনুষ্ঠানৰ হয় নে নহয় সেয়া ৰহস্য আৱৰ্তত।

শিৱসাগৰত খাদ্য আন্দোলন, অর্থনৈতিক স্বাৱলম্বনৰ অধিকাৰ চনদৰ ৫০ বর্ষপূর্তি উদযাপনঃ শ্বহীদলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

অসমৰ ঐতিহাসিক ১৯৭৪ চনৰ খাদ্য আন্দোলন আৰু থলুৱাৰ অর্থনৈতিক স্বাৱলম্বনৰ অধিকাৰ চনদ ৫০ বছৰ পূৰ্তি উপলক্ষে শিৱসাগৰ চহৰত গাম্ভীৰ্যপূৰ্ণ এক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। নিখিল অসম সমাজবাদী জনগণতান্ত্রিক গণস্বৰাজ পাৰ্টি আৰু দিখৌপৰীয়াৰ সন্মিলিত যুৱ সংঘৰ যৌথ উদ্যোগত দলমুখ চাৰিআলিৰ খেমকা মাতৃ সেৱা সদনৰ সন্মুখত থকা ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ আৱক্ষমূৰ্ত্তিৰ সন্মুখত শ্রদ্ধাঞ্জলী অনুষ্ঠানআয়োজন কৰা হয়। ৫০ বছৰ পূৰ্বে ১০ জুন দিনটোতেই খাদ্য আন্দোলন আৰু থলুৱাকৰ অৰ্থনৈতিক স্বাৱলম্বনৰ অধিকাৰ চনদৰ বিপক্ষে আন্দোলন কৰি প্ৰাণ আহুতি দিয়া জাতীয় শ্বহীদ গজেন ইংতি আৰু পুভুল শ‍ইকীয়াৰ উপৰি ছিলঙত মৃত্যুবৰণ কৰা অচিনাক্ত ছয়গৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয়। দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ সভাপতি তথা সমাজকর্মী ড০ জেহিৰুদ্দিন খান, জ্যেষ্ঠ সাংবাদিক মনিবল ইছলাম বড়া আৰু এনামুদ্দিন আহমেদে জাতীয় শ্বহীদ কেইজনৰ প্ৰতি শ্ৰদ্ধা জনাই বন্তি প্ৰজ্বলন কৰে।

গণস্বৰাজ পাৰ্টিৰ ৰাজ্যিক আহ্বায়ক তথা সাংবাদিক প্রাঞ্জল ৰাজগুৰুৱে আঁত ধৰি তদানিন্তন বিশ্ব ৰাজনীতিৰ প্ৰেক্ষাপটত ভাৰত চৰকাৰে মার্কিন যুক্তৰাষ্ট্ৰৰ সৈতে সম্পন্ন কৰা PL Act 480/1973-74 to 1979 মৰ্মে দেশৰ নাগৰিকক ভোকত ৰাখিও ভাৰতৰ কৃষিজাত সম্পদ ৰপ্তানি কৰাৰ দেশবিৰোধী নীতিৰ প্ৰতিবাদ কৰি অসমৰ ভূৰবন্ধাৰ দুই শ্বহীদ গজেন-পুতুল আৰু ছিলঙৰ ছয়জন শহীদে কোটি কোটি ভুকাতুৰ লোকৰ হকে মৃত্যুবৰণ কৰি চিৰকাললৈ বুৰঞ্জীত অমৰ হ’ল বুলি মন্তব্য কৰে। ভাষণ প্ৰসংগত নিৱন্ধকাৰ সাংবাদিক এনামুদ্দিন আহমেদে অসমৰ অৰ্থনৈতিক স্বাৱলম্বন আৰু খাদ্য সংকটৰ সমস্যা ৫০ বছৰেও পূৰ নহ’ল বুলি আক্ষেপ কৰে। অসমে শ্ৰম আৰু উৎপাদনৰ সংগ্ৰাম কৰিবই লাগিব বুলি বক্তা গৰাকীয়ে মন্তব্য কৰে। আনহাতে অনুষ্ঠানত উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক এম.আই. বড়াই অসমৰ জাতীয় জীৱনৰ খিলঞ্জীয়া সংগ্রাম অবিহনে একো লাভ নকৰাটো দুর্ভাগ্যজনক বুলি মন্তব্য কৰে। ভাষা, মাধ্যম, খাদ্য আৰু স্বাৱলম্বনৰ সংগ্রাম তথা অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত জাতিপ্রেমী শ্বহীদৰ মহান ত্যাগৰ মূল্য নৱপ্ৰজন্মই সৎ উৎপাদনহীল আদর্শ আৰু শ্ৰমেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়।

ৰাজ্যৰ ভাষা আন্দোলনত শ্বহীদ হোৱা মিনেশ্বৰ দা ধৰা, গিবিশ দেউৰী, ৰঞ্জিত বৰপূজাৰী, চিচিৰ নাগ, সূৰ্য বৰা, মফিজুদ্দিন আহমেদ আৰু সুনিল সিংহৰ উপৰিও ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ শ্বহীদ ক্রমে মুজাম্মিল হক, অনিল বৰা, প্রমোদ বৰা, বলিন ৰাজখোৱা, নৰেন্দ্ৰ নাথ মহন্ত আৰু উমৰ আলিৰ সন্দৰ্ভত বক্তব্য দাঙি ধৰে। অনুষ্ঠানত দিখৌ পৰীয়া সন্মিলিত যুৱ সংঘৰ সম্পাদক তথা সাংবাদিক ৰাতু কুমাৰ দাস, সমাজকর্মী প্রাঞ্জল পূজাৰী, আছিফ আলি, তছমিন আহমেদ, জাকিরুল হুছেইন, আৰবাজ খানকে আদি কৰি বহু সংখ্যক ব্যক্তি উপস্থিত থাকে।

পুষ্টিৰে ভৰপূৰ ব্ৰেকফাষ্ট বিচাৰে নেকি? এই ৫ টা স্বাস্থ্যকৰ শাক-পাচলি পৰিৱেশন কৰক…

ব্ৰেকফাষ্ট দিনটোৰ এটা অতি গুৰুত্বপূৰ্ণ আহাৰ। ব্ৰেকফাষ্টত শাক-পাচলি অন্তৰ্ভুক্ত কৰিলে আপোনাক দিনটোলৈ শক্তি বৃদ্ধি কৰিব। ব্ৰেকফাষ্টৰ প্লেটত কোনবোৰ শাক-পাচলি থাকিব লাগে জানো আহক-

কেপচিকামঃ পিজ্জা দৰে বহু ৰেচিপিৰ সোৱাদ বৃদ্ধি কৰিবলৈ কেপচিকাম ব্যৱহাৰ কৰা হয়। ইয়াত ভিটামিন এ, ভিটামিন চি আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়। চালাড, চেণ্ডুইচত অন্তৰ্ভুক্ত কৰি খাব পাৰে কেপচিকাম।


ব্ৰকলিঃ ফুলকবিৰ দৰে দেখাত ব্ৰকলি ছুপাৰফুডতকৈ কম নহয়। পুষ্টিকৰ উপাদানৰ কথা ক’বলৈ গ’লে ইয়াত ভিটামিন চি, আঁহ আৰু প্ৰ’টিনৰ অভাৱ নাই। চালাড আৰু অমলেটৰ সৈতে খাব পাৰে বা ফ্ৰাই কৰিও খাব পাৰে ব্ৰকলি।


গাজৰঃ যদিও গাজৰ শীতকালীন পাচলি, তথাপিও বছৰজুৰি বজাৰত পোৱা যায়। ইয়াত বিটা-কেৰটিন, ভিটামিন এ, আঁহ আদি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান পোৱা যায়, যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। চালাড বা পৰঠাত মিহলাই খাব পাৰে।

বিলাহীঃ বিলাহী এটা অতি সাধাৰণ পাচলি যিটো বহু ৰেচিপিৰ সৈতে মিহলাই খাব পাৰি। ইয়াত লাইকোপিন, ভিটামিন চি আৰু পটাছিয়ামৰ দৰে গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান থাকে। চালাড, চেণ্ডুইচৰ সৈতে খাব পাৰে বিলাহী।