Breaking

পুষ্টিৰে ভৰপূৰ ব্ৰেকফাষ্ট বিচাৰে নেকি? এই ৫ টা স্বাস্থ্যকৰ শাক-পাচলি পৰিৱেশন কৰক…

0 24

ব্ৰেকফাষ্ট দিনটোৰ এটা অতি গুৰুত্বপূৰ্ণ আহাৰ। ব্ৰেকফাষ্টত শাক-পাচলি অন্তৰ্ভুক্ত কৰিলে আপোনাক দিনটোলৈ শক্তি বৃদ্ধি কৰিব। ব্ৰেকফাষ্টৰ প্লেটত কোনবোৰ শাক-পাচলি থাকিব লাগে জানো আহক-

কেপচিকামঃ পিজ্জা দৰে বহু ৰেচিপিৰ সোৱাদ বৃদ্ধি কৰিবলৈ কেপচিকাম ব্যৱহাৰ কৰা হয়। ইয়াত ভিটামিন এ, ভিটামিন চি আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়। চালাড, চেণ্ডুইচত অন্তৰ্ভুক্ত কৰি খাব পাৰে কেপচিকাম।


ব্ৰকলিঃ ফুলকবিৰ দৰে দেখাত ব্ৰকলি ছুপাৰফুডতকৈ কম নহয়। পুষ্টিকৰ উপাদানৰ কথা ক’বলৈ গ’লে ইয়াত ভিটামিন চি, আঁহ আৰু প্ৰ’টিনৰ অভাৱ নাই। চালাড আৰু অমলেটৰ সৈতে খাব পাৰে বা ফ্ৰাই কৰিও খাব পাৰে ব্ৰকলি।


গাজৰঃ যদিও গাজৰ শীতকালীন পাচলি, তথাপিও বছৰজুৰি বজাৰত পোৱা যায়। ইয়াত বিটা-কেৰটিন, ভিটামিন এ, আঁহ আদি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান পোৱা যায়, যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। চালাড বা পৰঠাত মিহলাই খাব পাৰে।

বিলাহীঃ বিলাহী এটা অতি সাধাৰণ পাচলি যিটো বহু ৰেচিপিৰ সৈতে মিহলাই খাব পাৰি। ইয়াত লাইকোপিন, ভিটামিন চি আৰু পটাছিয়ামৰ দৰে গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান থাকে। চালাড, চেণ্ডুইচৰ সৈতে খাব পাৰে বিলাহী।

Leave A Reply