Home Blog Page 793

কেন্দ্ৰীয় খাদ্য সুৰক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা ! ফল পকোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰিব কেলচিয়াম কাৰ্বাইড…

কেন্দ্ৰীয় খাদ্য সুৰক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা৷

এতিয়াৰে পৰা ফল পকোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰিব কেলচিয়াম কাৰ্বাইড৷

ফল ব্যৱসায়ীসকলক কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ নকৰিবলৈ সকীয়নি৷

ঢেকীয়াজুলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত…

ঢেকীয়াজুলি আৰক্ষীথানা এলেকাৰ ৰাজীৱ গাঁৱত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা৷উক্ত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে দুই স্কুটী আৰোহী৷উল্লেখ্য যে ওৰাঙৰ দিশৰপৰা

ঢেকীয়াজুলিৰ দিশে আহিথকা তীব্ৰবেগী AS 12 T 1554 নম্বৰৰ চুইফট ডিজাৰ বাহন এখনে ঢেকীয়াজুলি দিশৰপৰা গৈ থকা স্কুটী এখনত ৰাজীৱ গাঁৱত প্ৰচণ্ড জুৰেৰে খুন্দা মাৰে৷ফলত স্কুটীৰ আৰোহী আব্দুল ছাত্তাৰ আৰু

মুবাৰক চৌধুৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷বৰ্তমান সংকটজনক দুয়োকে তেজপুৰ মেডিকেল কলেজ হস্পিতালত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে৷

পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰৰ জিৰিবাছা ভেটাপাৰাত হাতী-মানুহৰ সংঘাত, নিহত এজন…

পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰৰ জিৰিবাছা ভেটাপাৰাত হাতী-মানুহৰ সংঘাত। বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু। নিশা সতীৰ্থৰ সৈতে বজাৰৰ পৰা ঘৰলৈ উভতি যোৱাৰ পথত সংঘটিত হয় এই ঘটনা।

আক্ৰমণত ৰামজিৎ চৌহান নামৰ এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে আন এজন লোক হাতীৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে। উক্ত ঘটনাৰ পাছৰে পৰা বৃহত্তৰ অঞ্চলটোত সৃষ্টি হয় আতংকৰ।

মৰিধল মহাবিদ্যালয়ৰ ইংৰাজী আৰু দৰ্শন বিভাগৰ উদ্যোগত  ICSSR Sponsored ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ সম্পন্ন… 

মৰিধল মহাবিদ্যালয়ৰ ইংৰাজী আৰু দৰ্শন বিভাগৰ উদ্যোগত

 ICSSR Sponsored ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ সম্পন্ন 

ধেমাজি জিলাৰ অন্যতম উচ্চশিক্ষাৰ প্ৰতিষ্ঠান মৰিধল মহাবিদ্যালয়ত শনিবাৰে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয় । Indian Council of Social Science Research চমুকৈ ICSSR ৰ পৃষ্ঠপোষকতাত তথা মহাবিদ্যালয়খনৰ ইংৰাজী আৰু দৰ্শন বিভাগৰ উদ্যোগত অনুস্থিত কৰা ” Women and Leadership in 21st

Century India ” শীৰ্ষক আলোচনাচক্ৰখনত অসমৰ বিভিন্ন জিলাৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পৰা শতাধিক গৱেষকে অংশগ্ৰহণ কৰি গৱেষণাপত্ৰ পাঠ আৰু জমা দিয়ে ।

আলোচনাচক্ৰখনত সমলব্যক্তি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা অপৰ্ণা বৰগোহাঁই, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ বিনীতা দেৱ চৌধুৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দিব্যজ্যোতি দত্ত আৰু ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ টাবাং মিবাঙে ।

Cannes চলচ্চিত্ৰ মহোৎসৱত কাৰ সৈতে অসমীয়াত কথা পাতিলে আইমী বৰুৱাই…

সোমবাৰৰ পৰা ফ্ৰান্সত আৰম্ভ হৈছে ৭৭ সংখ্যক কাঁন চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱ ২৫ মে’লৈকে চলিব।

কাঁন চলচ্চিত্ৰ মহোৎসৱত উপস্থিত অসমৰ অভিনেত্ৰী আইমী বৰুৱা।

অসমীয়া চলচ্চিত্ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যৰে ফান্সত অনুষ্ঠিত কাঁন চলচ্চিত্ৰ মহোৎসৱত উপস্থিত অভিনেত্ৰী আইমী বৰুৱা।

Cannesত এগৰাকী বলিউদৰ জেষ্ঠা অভিনেতাৰ সৈতে অসমীয়াত কথা পাতি সামাজিক মাধ্যমত এটি ভিডিঅ’ শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে। ভিডিঅ”টো চাওক, ভিডিঅ’টোত অভিনেতাগৰাকীয়ে আইমী বৰুৱাক অসমীয়াতে সম্বোধন কৰা দেখা যায়ঃ

অভিনেতা ৰাজপাল যাদৱৰ মুখত অসমীয়া ভাষাটি এইদৰে শুনিবলৈ পোৱা গ’ল।

এই ভিডিঅ’টোৱে সামাজিক মাধ্যামত যথেষ্ট প্ৰশংসা লাভ কৰিছে।

 

কন্যা সুহানা খানৰ সৈতে বলীউডৰ কিং খান আই পি এলৰ দৰ্শক হ’ব নেকি বৰ্ষাপাৰাত…

আজি বর্ষাপাৰাত IPL ২০২৪ৰ অন্তিমখন লীগ মেচ। ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰে মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ।

আনহাতে খবৰ ওলাইছে যে বৰ্ষাপাৰাত আজি অনুষ্ঠিত হ’বলগীয়া আইপিএলৰ খেল খনৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছৰ স্বত্বাধিকাৰী শ্বাহৰুখ খান বৰ্ষাপাৰাত উপস্থিত থাকিব বুলি ওলোৱা খবৰে অনুৰাগীক উৎসাহিত কৰি তুলিছে।

কিন্তু শ্বাহৰুখ খান বৰ্ষাপাৰাত উপস্থিত হ’ব নে নহ’ব সেয়া এতিয়াও নিশ্চিত নহয়।

শ্বাহৰুখ খানৰ লগত কন্যা সুহানা খানও অহাৰ কথা আছিল বৰ্ষাপাৰাত আই পি এলৰ দৰ্শক হ’বলৈ।

কিয়নো বৰষুণে হয়তো বিঘিনি ঘটাব পাৰে মেচখনত।

ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই বৰষুণৰ আগজাননী দিছে!

সময়তহে জানিব পৰা যাব মেচ উপভোগ কৰিবলৈ গুৱাহাটীলৈ আহিব নে নাহে কন্যাৰ সৈতে শ্বাহৰুখ খান।

আজি বর্ষাপাৰাত IPL ২০২৪ৰ অন্তিমখন লীগ মেচ, বৰষুণে বিঘিনি ঘটাব নেকি মেচত! ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা…

আজি বর্ষাপাৰাত IPL ২০২৪ৰ অন্তিমখন লীগ মেচ।

ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰে মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ।

সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব খেল।

কিন্তু মেচত বৰষুণে বিঘিনি ঘটাব নেকি!

কিয়নো আজি ৰাজ্যত হালধীয়া সতৰ্কবাণী  জাৰি কৰিছে  বতৰ বিজ্ঞান বিভাগে।

আনহাতে কেইবাখনো জিলাত ঘন্টাত ৩০-৪০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে।

আজি বৰ্ষাপাৰাত হাইভল্টেজ মেচ, সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ…

আজি বর্ষাপাৰাত IPL ২০২৪ৰ অন্তিমখন লীগ মেচ।

ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰে মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ।

সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব খেল।

তেজপুৰৰ জ্যোতি ভাৰতীত বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এখন তথ্য গধুৰ গ্ৰন্থ উন্মোচন…

উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক সমাজ আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ অধিনস্থ জ্যোতি ভাৰতী(পকী)ত তেজপুৰৰ বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত অনুষ্ঠিত সভাত এখন তথ্য গধুৰ গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ৷ লেখক প্ৰবীন সংস্কৃতিবিদ, সাহিত্যিক প্ৰফুল্লপ্ৰাণ মহন্তৰ “কুৰি শতিকাৰ অসমীয়া ঐতিয্যৰ সংৰক্ষক আৰু সংগীতপ্ৰিয় মুক্তিযোদ্ধা নাৰায়ণ চন্দ্ৰ দত্ত আৰু প্ৰভাসিনী দত্ত“ শীৰ্ষক গ্ৰন্থথনি অসমীয়া সাহিত্য জগতৰ বাবে এক অমূল্য সমপদ হৈ ৰ’ব বুলি সভাই অভিহিত কৰে।

সভাত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোৱৰণি সাংবাদিক বটাপ্ৰাপ্ত সাংবাদিক ৰাধিকা বল্লভ গোস্বামীক এখন মানপত্ৰ, গামোছা আৰু চেলেং চাদৰেৰে সন্মান জনোৱা হয়৷ তেজপুৰৰ ৱিধায়ক পৃথিৰাজ ৰাভা, শোনিতপুৰ জিলাৰ আয়ুক্ত দেব কুমাৰ মিশ্ৰই গ্ৰন্থ লেখক প্ৰফুল্লপ্ৰাণ মহন্ত আৰু সন্মানিত বৰেণ্য সাংবাদিক ৰাধিকা বল্লভ গোস্বামীয়ে সমাজলৈ আগবঢ়োৱা অবদান আৰু সৃষ্টিৰাজিক নতুন প্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ হৈ ৰ’ব বুলি বক্তব্য দাঙি ধৰে৷শিক্ষাবিদ তথা সাংবাদিক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে এটি সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয়৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি পৰিবেশন কৰা এটি নৃত্যই সকলোকে আপ্লুত কৰে৷

সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই

অসমীয়া জাতীয় জীৱনৰ হিয়াৰ আমঠু বহাগ বিহুটো ধৰি ৰাখিবলৈ নৱ প্ৰজন্মই প্ৰয়াস নকৰা বুলি সময়ে সময়ে আলোচনা হয় যদিও উৰিয়ামঘাটৰ বিদ্যাদিপ্তা নামৰ এগৰাকী কনমানিয়ে বিহু নাচি ৭০ টা পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা খৱৰে ভৱিষ্যতে নৱ প্ৰজন্মই বিহুটো ধৰি ৰাখিব ই এক আশাৰ বটৰা হৈছে ৷ ৭৫ খন বিহু মঞ্চৰ সৰু বিহুৱতী প্ৰতিযোগিতাত ৭০ খন বিহু মঞ্চত সৰু বিহুৱতী প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিলে উৰিয়ামঘাটৰ জীয়ৰী বিদ্যাদিপ্তা বৰুৱাই। উৰিয়ামঘাট জোনাকী পথাৰৰ মাণিক বৰুৱা, জয়া বৰুৱাৰ কণিষ্ঠ কন্যাই গৌৰৱ কঢ়িয়াই আনিলে ধনশিৰি মহকুমালৈ ।

উল্লেখ্য যে , ৭০ খন বিহু মঞ্চৰ ভিতৰত ৫২ টা প্ৰথম পুৰস্কাৰ,১৫ টা দ্বিতীয় পুৰস্কাৰ ,৩ টা তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে বিদ্যাদিপ্তা বৰুৱা । সত্ৰীয়া নৃত্য,একক নৃত্য , ফেশ্বনৰ লগতে সংগীততো আগ্ৰহৰ থকাৰ লগতে আন আন বহু প্ৰতিভা আছে কণমানি বিদ্যাদিপ্তাৰ । গন্ধকৰৈ জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী বিদ্যাদিপ্তা ভৱিষ্যতে বিহু সম্ৰাগী হোৱাৰ লগতে এগৰাকী আৰক্ষী বিষয়া হোৱাৰ সপোন কণমানি বিদ্যাদিপ্তাৰ ৷ বিহু মঞ্চন সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা বিদ্যাদিপ্তাৰ সাফল্যত গৌৰাম্বিত পিতৃ মাতৃ লগতে উৰিয়ামঘাটবাসী ।