Home Blog Page 793

সৰ্বভাৰতীয় NEET পৰীক্ষাত উজলিল ধুবুৰীৰ মহম্মদ মেহেদি হাছান আৰু নাজিমুল সেখ…

সদ্য ঘোষিত সৰ্ব্বভাৰতীয় NEET পৰীক্ষাৰ ফলাফলত উজলিল ধুবুৰীৰ কচুৱাৰখাচ ২য় খণ্ডৰ মহম্মদ মেহেদি হাছান৷ কৃতি ছাত্ৰ মহম্মদ মেহেদি হাছানে NEET পৰীক্ষাত মুঠ ৭০৫ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। মেধাৱী ছাত্ৰ গৰাকীয়ে নীট পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে দীৰ্ঘদিন ধৰি অধ্যয়ন কৰি এই পৰীক্ষাৰ বাবে নিজকে সাজু কৰি তুলিছিল। মুঠ ৭০৫ নম্বৰলৈ এই বৃহৎ সফলতাত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি বিশেষে অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যত কামনা কৰে স্থানীয় লোকসকলে।

উল্লেখযোগ্য যে কৃতি ছাত্ৰ মহম্মদ মেহেদি হাছান ছামাদ আলী সেখৰ পুত্ৰ। ভবিষ্যতত মহম্মদ মেহেদি হাছানে এজন ভাল চিকিৎসক হোৱাৰ মন মেলিছে। ইফালে গৌৰীপুৰ পূৱ টিয়ামাৰীৰ নাজিমুল সেখে NEET পৰীক্ষাত মুঠ ৬৭০ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। নাজিমুল সেখ বাচিক উদ্দিন সেখৰ পুত্ৰ।

সাৱধানঃ বাৰ্ড ফ্লুত আক্ৰন্ত হৈ বিশ্বৰ প্ৰথমগৰাকীৰ ব্যক্তিৰ মৃত্যু…

বাৰ্ড ফ্লুত আক্ৰন্ত হৈ মেক্সিকোত বিশ্বৰ প্ৰথমগৰাকীৰ ব্যক্তিৰ মৃত্যু।

বিশ্ব স্বাস্থ্য সংস্থাই নিশ্চিত কৰিছে এই তথ্য।

জ্বৰ, উশাহ-নিশাহৰ সমস্যা, ডায়েৰিয়া, বমি, সাধাৰণ অস্বস্তিত ভুগিছিল ৰোগীগৰাকী।

চিকিৎসাধীন অৱস্থাত মৃত্যু ৫৯ বছৰীয়া ব্যক্তিজনৰ।

নতুন মোডী মন্ত্ৰীসভাত ৰে’ল মন্ত্ৰণালয়, বিত্ত মন্ত্ৰণালয়ৰ ওপৰত চকু চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ…

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত এতিয়া চৰকাৰ গঠনৰ প্ৰস্তুতি আৰম্ভ হৈছে। নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (এন ডি এ)ত বৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰা জনতা দল ইউনাইটেড (জে ডি ইউ) আৰু তেলেগু দেশম পাৰ্টি (টিডিপি) এতিয়া গুৰুত্বপূৰ্ণ মন্ত্ৰালয় আৰু বিশেষ দাবী ৰাখিছে। নীতিশ কুমাৰৰ জেডিইউয়ে নিজৰ বাবে কমেও ৩টা মন্ত্ৰালয় বিচাৰিব পাৰে বুলি খবৰ ওলাইছে। নাইডুৱে অন্ধ্ৰ প্ৰদেশৰ বাবেও বিশেষ মৰ্যাদা দাবী কৰিব পাৰে বুলি খবৰ ওলাইছে।

জে ডি ইউয়ে ৰে’ল, গ্ৰামোন্নয়ন মন্ত্ৰালয় আৰু জল শক্তিৰ ওপৰত চকু ৰাখিছে। ইয়াৰ উপৰিও পৰিবহণ আৰু কৃষি মন্ত্ৰালয়ো দলৰ তালিকাত আছে।
আনহাতে জেডিইউয়ে এজন উচ্চ জাতি, এজন অন্য পিছপৰা শ্ৰেণী (অবিচি) কুশৱাহা আৰু এজন অতি পিছপৰা শ্ৰেণীৰ (ইবিচি) নেতাক মন্ত্ৰী হিচাপে নিযুক্তি দিব পাৰে।
এই দৌৰত জেডিইউৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা মুংগেৰৰ সাংসদ লালন সিং, ঝাংঝাৰপুৰৰ সাংসদ ৰামপ্ৰীত মণ্ডল আৰু বাল্মীকি নগৰৰ সাংসদ সুনীল কুমাৰ।


আনহাতে টিডিপিৰ আটাইতকৈ ডাঙৰ দাবী হ’ব পাৰে অন্ধ্ৰ প্ৰদেশৰ বাবে বিশেষ মৰ্যাদা। অন্ধ্ৰ প্ৰদেশৰ পৰা তেলেংগানা পৃথক হোৱাৰ পিছৰে পৰা এই দাবীয়ে গতি লাভ কৰি আহিছে। নাইডু আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডী দুয়োজনে কেইবাটাও বিশেষ মৰ্যাদা প্ৰদানৰ দাবী জনাইছে। খবৰ অনুসৰি টিডিপি আৰু জেডিইও নিজৰ বাবে লোকসভাৰ অধ্যক্ষ পদৰ দাবী কৰিব পাৰে।

আনহতে বিজেপিৰ সমস্যা বৃদ্ধি কৰি বিহাৰৰ চিৰাগ পাছৱানৰ এলজেপি, জিতনৰাম মাঝিৰ হাম, উত্তৰ প্ৰদেশৰ আপনা দল, মহাৰাষ্ট্ৰৰ একনাথ শিন্দে নেতৃত্বাধীন শিৱসেনাই নিজৰ প্ৰাপ্য লাভৰ বাবে উঠিপৰি লাগিছে।

দেশত বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য! ক’ত, কিমান মূল্য পেট্ৰ’ল-ডিজেলৰ…

দেশজুৰি বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য।

গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম ৯৭.১৯ টকা।

আনহাতে গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য হ’লগৈ ৮৯.৯৬টকা।

ৰাজধানী দিল্লীতো পেট্ৰ’লৰ দাম ৯৪.৭২ টকা হ’ল গৈ।

দিল্লীত ডিজেলৰ মূল্য ৮৭.৬২ টকা প্ৰতিলিটাৰত।

মুম্বাইত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১০৪.২১ টকা আনহাতে ডিজেলৰ মূল্য ৯২.১৫ টকা।

কলকাতাত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১০৩.৯৪ টকা আহাতে ডিজেলৰ মূল্য ৯০.৭৬ টকা।

মঙলবাৰৰ মাজ নিশাৰ পৰা বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য।

আজি অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ওপজা দিন…

আজি অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ওপজা দিন।

১৮৯০ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ৰাজনীতিবিদ তথা ভাৰতীয় স্বাধীনতা কৰ্মীগৰাকীৰ।

অসম আৰু অসমীয়াৰ প্ৰতি তেখেতৰ অৱদানৰ বাবে সেই সময়ৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেখেতক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল।

আজি ভাৰতৰ তাৰকা ফুটবলাৰ সুনীল চেত্ৰীৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় ফুটবল মেচ…

সুদীর্ঘ ১৯ বছৰৰ বৰ্ণাঢ্য ফুটবল কেৰিয়াৰৰ অৱসান।

আজি ভাৰতৰ তাৰকা ফুটবলাৰ সুনীল চেত্ৰীৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় ফুটবল মেচ।

কুৱেইটৰ বিৰুদ্ধে ছল্ট লেকত সুনীল চেত্ৰীৰ অন্তিমখন মেচ আজি।

১৫০খন আন্তঃৰাষ্ট্ৰীয় মেচত ৯৪টা গ’ল সুনীল চেত্ৰীৰ।

ৰ’নাল্ড’, মেছী, আলী ডায়েৰ পিছতে সৰ্বাধিক গ’লদাতা সুনীল চেত্রী।

ফিফাই সুনীল চেত্ৰীৰ অন্তিমখন মেচৰ বাবে শুভেচ্ছা দিছে, লগতে বিশ্বৰ বহু তাৰকা ফুটবলাৰেও সুনীল চেত্ৰীক শুভেচ্ছা দিছে অন্তিমখন মেচৰ বাবে।

গড়ভঙা সংৰক্ষিত বনাঞ্চলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ কোষৰ গছপুলি ৰোপণ অভিযান…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষ , ইছাফ ফাউণ্ডেশ্যন আৰু চেণ্টাৰ ফৰ এনভাইৰনমেণ্ট এডুকেশ্যনে কামৰূপ পূৱ সংমণ্ডলৰ বন বিভাগৰ সহযোগত বিশ্ব পৰিবেশ দিৱস উদযাপনৰ বাবে গড়ভঙা সংৰক্ষিত বনাঞ্চলত এক বৃহৎ গছপুলি ৰোপণ অভিযান কাৰ্য্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা এন এছ এছ কোষৰ কাৰ্যসূচী সমন্বয়ক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে এইবাৰৰ পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু “ভূমি পুনৰুদ্ধাৰ, মৰুভূমি আৰু খৰাং স্থিতিস্থাপকতা”ৰ ওপৰত গুৰুত্ব আৰোপ কৰি গোলকীয় উষ্ণতা বৃদ্ধিৰ বিৰুদ্ধে যুঁজিবলৈ বৰ্তমানৰ পৃথিৱীত বননিকৰণৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰে।

গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কেষে বিগত চাৰি বছৰ ধৰি কৰি অহা মহৎ প্ৰদক্ষেপ “পাহাৰবোৰ সেউজ কৰোঁআহক” শীৰ্ষক এই প্রদক্ষেপ গুৱাহাটীৰ সমীপৱৰ্তী পাহাৰীয়া অঞ্চলৰ খালী ঠাইত বৃক্ষৰোপণৰ উদ্যোগ ল’বলৈ এন এছ এছৰ সকলো স্বেচ্ছাসেৱকলৈ আহ্বান জনায়। গছপুলি ৰোপণ অভিযানত যোগদান কৰে। চি ই ইৰ কাৰ্যসূচী সমন্বয়ক বিজয়লক্ষ্মী বৰপূজাৰী, ইচাফ ফাউণ্ডেশ্যনৰ বৰষা বৰুৱা, ৰেঞ্জ ফৰেষ্ট অফিচাৰ বিৰ্টী ইংতিপিয়ে। প্লেনটেচন ড্ৰাইভৰ সময়ত প্ৰায় ২০০ টা পুলি ৰোপণ কৰা হয়।

সাৱধানঃ প্ৰদূষিত বায়ুও ডায়েবেটিছ ৰোগৰ অন্যতম কাৰণ…

অস্বাস্থ্যকৰ জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ উপৰিও প্ৰদূষিত বায়ুেও মধুমেহ ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে। এই কথা পোহৰলৈ আহিছে এক নতুন অধ্যয়নত। দুৰ্বল জীৱনশৈলী, অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু ব্যায়ামৰ অভাৱক প্ৰায়ে ডায়েবেটিছৰ কাৰণ বুলি গণ্য কৰা হয়। কিন্তু আপুনি জানেনে যে প্ৰদূষিত বায়ুেও ডায়েবেটিছৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে। শেহতীয়াকৈ ভাৰতীয় বিজ্ঞানীসকলে এক অধ্যয়নত এই কথা জানিব পাৰিছে যে বায়ু প্ৰদূষণে মধুমেহ ৰোগৰ সম্ভাৱনা ২৫% বৃদ্ধি কৰিব পাৰে। ‘জাৰ্নেল অৱ ক্লিনিকেল এণ্ড’ক্ৰাইন’লজি এণ্ড মেটাবলিজম’ত প্ৰকাশিত এই গৱেষণা ভাৰতৰ ১০খন চহৰৰ ৫০ হাজাৰৰো অধিক লোকৰ ওপৰত কৰা হৈছে। এই অধ্যয়নত দেখা গৈছে যে যিসকল লোকে দীৰ্ঘদিন ধৰি প্ৰদূষিত বায়ুত বাস কৰে, তেওঁলোকৰ টাইপ ২ ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ২৫% বেছি।


বিজ্ঞানীসকলৰ মতে বায়ু প্ৰদূষণত উপস্থিত থকা ক্ষতিকাৰক কণিকাবোৰে ইনচুলিন উৎপাদন কৰা অগ্নাশয়ৰ ক্ষতি কৰিব পাৰে। ইনচুলিন হৈছে এনে এবিধ হৰম’ন যিয়ে শৰীৰত তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। গৱেষকসকলে কয় যে আমাৰ অধ্যয়নে দেখুৱাইছে যে বায়ু প্ৰদূষণ ডায়েবেটিছৰ আশংকাৰ এক গুৰুত্বপূৰ্ণ কাৰক হ’ব পাৰে। বিশেষকৈ ভাৰতৰ দৰে দেশত য’ত বায়ু প্ৰদূষণৰ মাত্ৰা অতি বেছি।

গৱেষকসকলে আৰু কয় যে এই অধ্যয়নৰ ফলাফলে বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ লগতে ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰাৰ বাবে নীতি নিৰ্ধাৰণ কৰাত সহায় কৰিব। এই অধ্যয়নে ডায়েবেটিছৰ বিপদৰ বিষয়ে সজাগতা সৃষ্টি কৰাত সহায় কৰিব পাৰে আৰু মানুহক বায়ু প্ৰদূষণৰ পৰা নিজৰ স্বাস্থ্য ৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰেৰণা দিব পাৰে।

ক্ৰিয়েটিভ গেলেক্সী নাট্য দলৰ গুৱাহাটী তেল শোধনাগাৰৰ সহযোগত গুৱাহাটীৰ বিভিন্ন স্থানত “গছ থাকিলে মানুহ থাকিব” শীৰ্ষক বাটৰ নাট পৰিৱেশন…

বিশ্ব পৰিবেশ দিৱস উপলক্ষে ৫ জুন তাৰিখে অসমৰ অগ্ৰণী সামাজিক সাংস্কৃতিক প্ৰতিষ্ঠান, “ক্ৰিয়েটিভ গেলেক্সী নাট্য দলে” , গুৱাহাটী তেল শোধনাগাৰৰ সহযোগত গুৱাহাটীৰ বিভিন্ন স্থানত “গছ থাকিলে মানুহ থাকিব” শীৰ্ষক বাটৰ নাট এখন পৰিবেশন কৰে।

গছ পুলি ৰোপণ, পলিথিন প্লাষ্টিক বৰ্জন, আৰু ভূমি পুনৰোদ্ধাৰ আদি আছিল নাটকখনৰ মূল বিষয়বস্তু। ইয়াত অভিনয় কৰা সকল হৈছে অজন্তা হাজৰিকা, ধ্ৰুৱ কলিতা, উৎপল পাঠক, দীনেশ তালুকদাৰ, বিনোদ দাস, আৰু খলিন জ্যোতি বড়া। নাট পৰিচালনা – ক্ৰিয়েটিভ গেলেক্সী।

যোৰাবাট অঞ্চলত অবৈধ ভাবে চলি থকা পাহাৰ খননস্থলীত যোৰাবাট শাখা ছাত্ৰ সন্থাৰ অভিনৱ প্ৰতিবাদ…

বিশ্ব পৰিবেশ দিৱস উপলক্ষে বুধবাৰে যোৰাবাট শাখা ছাত্ৰ সন্থাই যোৰাবাট অঞ্চলৰ অবৈধ পাহাৰ খনন স্থলীত গছপুলি ৰোপণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে অসম মেঘালয়ৰ সীমান্তবৰ্তী এলেকাৰ যোৰাবাটৰ পৰা বৰ্ণিহাট অঞ্চলৰ একাংশ পাহাৰত অসাধু ব্যৱসায়ীৰ দ্বাৰা অবাধ হাৰত খনন কৰি প্ৰাকৃতিক পাৰিপাৰ্শ্বিক পৰিবেশ ধংশ কাৰ্য চলি আহিছে। যাৰ বাবে যোৰাবাটৰ সাধাৰণ ৰাইজৰ লগতে যোৰাবাট শাখা ছাত্র সন্থা ক্ষোভিত হৈ পৰিছে। ছাত্র সন্থাৰ অভিযোগ অসাধু ব্যৱসায়ীয়ে বন বিষয়াক মেনেজ কৰি যোৰাবাটৰ পৰা বৰ্ণিহাটলৈ সকলো পাহাৰত খনন কাৰ্য চলাই গৈছে। খনন হোৱা মাটি সমূহ চালান অবিহনে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই কৃষি ভূমি আৰু চিমেণ্ট উদ্যোগত পেলাই থকা হৈছে।

স্থানীয় ৰাইজে বিৰোধিতা কৰিলেও চৰকাৰক ৰাজহ ফাকি দি কৌটি কৌটি টকাৰ মাটিৰ ব্যৱসায় চলাই আহিছে। এজাক বৰষুণ দিলেই খনন কৰা মাটি সমুহ পানীৰ লগত নামি আহি পানী পৰিবাহী নলাসমূহ ভৰ্তি কৰি দিয়ে যাৰ ফলত উত্তৰ পূবৰ দুৱাৰমঙখ যোৰাবাটত এক ককাল পৰ্যন্ত বানপানী হয়। যাৰবাবে আজি যোৰাবাট শাখা ছাত্ৰ সন্থাই বিশ্ব পৰিবেশ দিৱসটিৰ লগত সংগতি ৰাখি অবৈধ পাহাৰ খনন স্থলীত গছপুলি ৰোপণ কৰাৰ লগতে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তিত প্ৰতিবাদৰ শ্লোগান কিছুমান লিখি প্ৰতিবাদ সাব্যস্ত কৰে।