Home Blog Page 794

আমবাৰীত ফণীভূষণ চৌধুৰীক উষ্ম আদৰণি অগপৰ

সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা মিত্ৰজোঁট তথা অসম গণ পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক আজি অসম গণ পৰিষদ দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত উষ্ম আদৰণি জনোৱা হয়। ফণীভূষণ চৌধুৰী আমবাৰী কাৰ্য্যালয়ত উপস্থিত হোৱাৰ লগে লগে দলীয় কৰ্মীসকলে ফটকা ফুটাই আনন্দ উল্লাস প্ৰকাশ কৰে। ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা আহি সমবেত হোৱা সহস্ৰাধিক দলীয় বিষয়ববীয়া আৰু সদস্যৰ উপস্থিতিত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত দলটোৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই সভাপতিত্ব কৰে। অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ লগতে প্ৰতিখন জিলা সমিতি, বিধান সভা সমষ্টি সমিতি আৰু ভাতৃ-ভগ্নী সংগঠন সমূহে বিপুল ভাৱে নৱ-নিৰ্বাচিত সাংসদ গৰাকীক সম্বৰ্ধনা জনায়।

নৱ নিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰি কয় যে, এই বিজয় মিত্ৰজোঁট তথা আঞ্চলিকতাবাদী শক্তি অসম গণ পৰিষদ দলৰ বিজয়। এই বিজয়ৰ জৰিয়তে আঞ্চলিতাবাদৰ লগতে অসম গণ পৰিষদ দলটোক শক্তিশালী কৰাৰ বাবে দায়বদ্ধশীল কৰি তুলিলে বুলি উল্লেখ কৰি জীৱনৰ শেষ দিনটোলৈ অসম গণ পৰিষদ দলক সেৱা আগবঢ়াই যাব বুলি স্পষ্ট ভাৱে উল্লেখ কৰে। চৌধুৰীয়ে লগতে কয় যে, বৰপেটা লোকসভা সমষ্টিবাসী ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে সমগ্ৰ অসমতে দলটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত নিজৰে নিয়োজিত কৰিব বুলি মতপোষণ কৰি সাংসদ গৰাকীৰ কাম কাজৰ ক্ষেত্ৰত দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। চৌধুৰীয়ে সহযোগিতাৰ বাবে মিত্ৰজোঁটৰ লগতে অসম গণ পৰিষদ দলৰ সকলো বিষয়ববীয়া আৰু সদস্যক কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কয় যে, ফণীভূষণ চৌধুৰীৰ জয়লাভে দলটোক নতুন মাত্ৰা দিয়াৰ লগতে লোকসভাত দলটোৰ শূণ্যতা নাইকিয়া কৰিলে। মিত্ৰজোঁটৰ আটাইকেইটা দলৰে পৰিকল্পিত আৰু ঐক্যবদ্ধ প্ৰচেষ্টাৰ ফল বুলি উল্লেখ কৰি সকলো দলীয় সদস্যৰ লগতে মিত্ৰজোঁটৰ প্ৰতিগৰাকী বিষয়ববীয়া আৰু সদস্যকো ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানৰ আতঁ ধৰে দলটোৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু মনোজ শইকীয়াই। অনুষ্ঠানত দলৰ সাধাৰণ সম্পাদক,সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য,ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ডা০ কমলাকান্ত কলিতা, ভূপেন ৰায়, প্ৰবীন হাজৰিকা, মনোজ শইকীয়া, সত্যব্ৰত কলিতা, আক্ৰাম হুছেইন, তোলন কোৱঁৰ, সুনীল ডেকা, সুনীল ৰাজকোঁৱঁৰ, ড০ তপন দাস, মণিমাধৱ মহন্ত,ধৰ্মেশ্বৰ ৰায় ,জ্যোতিমণি মৰাণ, উপসভাপতি কুমাৰ দীপক দাস, ড০ জয়নাথ শৰ্মা, জ্যোতিষ দাস, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য, প্ৰেম শৰ্মা আদিৰ লগতে আটাইকেইটা ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে।

জণকল্যাণ ছ’ছাইটি আৰু সাংস্কৃতিক বিদ্যালয়ৰ লগতে আলোক প্ৰভঞ্জনৰ উদ্যোগত বৃহত্তৰ উত্তৰ গুৱাহাটীত গছপুলি বিতৰণ

সমগ্ৰ বিশ্বতে পৰিবেশ প্ৰদুষণৰ বাবে আজিৰ দিনটোত বিশেষ গুৰুত্ব প্ৰদান কৰি বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়। বিশ্বৰ পৰিবেশ বিশেষ কৈ গ্লোবেল ৰাৰ্মিংৰ প্ৰভাৱৰ পৰা মুক্ত হ’বলৈ সমগ্ৰ বিশ্বতে আজি বিভিন্ন কাৰ্যসূচী পালন কৰাৰ লগতে ৰাইজক সজাগ আৰু সচেতন কৰি তোলা হয়। আজি সমগ্ৰ উত্তৰ গুৱাহাটীত জণকল্যাণ ছ’ছাইটি আৰু সাংস্কৃতিক বিদ্যালয়ৰ লগতে আলোক প্ৰভঞ্জনৰ উদ্যোগত প্ৰায় দুশৰো অধিক মূল্যবান গছ পুলি ভ্ৰাম্যমাণ ভাৱে বিতৰণ কৰা হয়। জণকল্যাণ ছ’ছাইটি আৰু সাংস্কৃতিক বিদ্যালয়ৰ সভাপতি কুমুদ নাথ আৰু উপ-সভাপতি অমিতাভ বৰুৱাৰ উপস্থিতিত আজি বিশ্ব পৰিবেশ দিৱসৰ দিনটোত এই গছপুলি সমূহ বিতৰণ কৰা হয়।

গছ পুলি বিতৰণ কৰি সভাপতি কুমুদ নাথে উল্লেখ কৰে যে গছক বাদ আমি কোনো জীৱকুলেই জীয়াই থকাটো সম্ভৱ নহয়।লগতে উল্লেখ কৰে প্লাষ্টিক মুক্ত পৰিবেশ আমি সৃষ্টি কৰিব‌ই লাগিব এই ক্ষেত্ৰত ৰাইজ সজাগ আৰু সচেতন হোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। আজি আমি অনাগত ভৱিষ্যতৰ কথা চিন্তা কৰি এই পদক্ষেপ হাতত লৈছো।আজি ক্ৰমান্বয়ে সমগ্ৰ বিশ্বৰ লগতে অসমতো বিশেষ কৈ গৰমৰ উত্তাপ বাঢ়িবলৈ লৈছে। প্ৰকৃতিৰ এই ভাৰসাম্যৰ অভাৱৰ সৃষ্টি হোৱাৰ মূল কাৰণটোই হৈছে আমি পাহাৰ ,গছ গছণি ধ্বংস কৰিছো। সকলোৱে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি পৰিবেশ প্ৰদুষণ মুক্ত এখন বিশ্ব সৃষ্টি কৰাত আগবাঢ়ি আহি ভৱিষ্যতে জীৱকুলৰ সুৰক্ষা প্ৰতি দায়বদ্ধ হোৱা উচিত।আজিৰ এই কাৰ্যসূচীত ৰূপজ্যোতি পাঠক আৰু সুমণ শৰ্মাও উপস্থিত থাকে।

নবীন শৰ্মা স্মৃতিচ’ৰাৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন…

নবীন শৰ্মা স্মৃতিচ’ৰাৰ উদ্যোগ তথা নিউ গুৱাহাটী আদৰ্শ উচ্চমাধ্যমিক বিদ্যালয়ৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস-২০২৪ উদযাপন কৰা হয়। নবীন শৰ্মা স্মৃতিচ’ৰাৰ সাধাৰণ সম্পাদক ভাস্কৰ কৌশিকে আঁত ধৰা অনুষ্ঠানটিৰ শুভ আৰম্ভণি কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী বিনয় শৰ্মাই। অধ্যাপক ডঃ প্ৰদীপ শৰ্মাই পৰিৱেশ দিৱসৰ তাৎপৰ্য তথা গুৰুত্বৰ বিষয়ে তত্ত্বমূলক বক্তৃতা উপস্হাপন কৰে। ডঃ চয়নিকা শৰ্মাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত পৰিবেশ সম্পৰ্কীয় প্ৰশ্নোত্তৰ প্ৰতিযোগিতা পৰিচালনা কৰে।

শলাগৰ শৰাই আগবঢ়া শ্ৰী নগেন শৰ্মাই। প্ৰথম পুৰস্কাৰ ভুমিজ্যোতি নাথ আৰু যুৱৰাজ বেজবৰুৱা আৰু দ্বিতীয় পুৰস্কাৰ দীপিকা কলিতা আৰু মেঘাৰাণী তালুকদাৰে লাভ কৰে। বিজয়ী আৰু বিজিত দলক কিতাপ আৰু মানপত্ৰৰ লগতে ফুলৰ পুলি পুৰস্কাৰ ৰূপে প্ৰদান কৰা হয়।

চাই বিকাশ বিদ্যা নিকেটনৰ বিশ্ব পৰিবেশ দিৱস উদযাপন…

বিশ্ব পৰিবেশ দিৱস উপলক্ষে গুৱাহাটীৰ চাই বিকাশ বিদ্যা নিকেটনে গছপুলি ৰোপণৰ লগতে মূকাভিনয়ৰে এক সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰে। এই কাৰ্য্যসূচী অনুযায়ী বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলে গুৱাহাটীৰ ISBT ৰ চৌহদত “গছ থাকিলেহে মানুহ থাকিব” শীৰ্ষক এক মূকাভিনয় পৰিবেশন কৰে।

এই মূকাভিনয় পৰিবেশনে ৰাইজৰ শলাগ লাভ কৰিবলৈ সক্ষম হয়। এই অনুষ্ঠানত ISBT, গুৱাহাটীৰ Divisional Superintendent Monishi Nahar Deka, বিদ্যালয়খনৰ পৰিচালন সঞ্চালক শ্ৰী নিবাস ৰেদ্দী, একাডেমিক ডীন ড° মনোজ কুমাৰ চৌধুৰীৰ লগতে বিদ্যালয় খনৰ শিক্ষক শিক্ষয়ত্ৰী সকল উপস্থিত থাকে। এই সজাগতামূলক অনুষ্ঠানৰ অন্তত ISBT চৌহদত গছপুলি ৰোপণ কৰা হয়।

ঢেকীয়াজুলি শংকৰ আজান মহাবিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন…

ঢেকীয়াজুলি শংকৰ আজান মহাবিদ্যালয়ৰ আজি চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়৷উল্লেখ্য যে ২০২০ চনৰ ৫ জুন তাৰিখে সমাজকৰ্মী আইজুল ইছলামৰ প্ৰচেষ্টাত আৰু একাংশ সমাজসচেতন ব্যক্তিৰ সহযোগত কৰুণা মহামাৰীৰ সময়তে শ্বহীদ নগৰী ঢেকীয়াজুলিত বিভিন্ন প্ৰত্যাহ্বান নেওচি প্ৰতিষ্ঠা লাভ কৰিছিল শংকৰ আজান মহাবিদ্যালয়ে৷ জন্মলগ্নৰে পৰা ঢেকীয়াজুলি শংকৰ আজান বিদ্যালয়খনে মানৱসম্পদ গঢ়িবৰ বাবে অঞ্চলটোত এক শৈক্ষিক সংগ্ৰাম চলাই আহিছে৷ ২০২০ চনৰ ৫ জুন তাৰিখে প্ৰতিষ্ঠা লাভকৰা শংকৰ আজান মহাবিদ্যালয়খনিত আজি দিনজোৰা কাৰ্যসূচীৰে আজি উদ্‌যাপন কৰিলে চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস৷ ৰাতিপুৱা বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত দিনৰ এক বজাৰ পৰা অনুষ্ঠিত হ’ল মুকলি সভা৷

শংকৰ আজান মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিশ্বজিৎ পালে সভাপতিত্ব কৰা আজিৰ মুকলি সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে শংকৰ আজান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক আইজুল ইছলামে৷শংকৰ আজান মহাবিদ্যালয়ৰ আজিৰ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাৰ কাৰ্যসূচীত মুখ্য অতিথি হিছাপে উপস্থিত থাকি শৈক্ষিক দিশত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় অৱসৰপ্ৰাপ্ত শিক্ষক বিধু ভূষণ ৰায়ে৷আজিৰ অনুষ্ঠানটিত উত্তৰ পুৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক আজমল হুছেইন,শংকৰ আজান মহাবিদ্যালয়ৰ অধ্যক্ষা ববীতা বৰাৰ লগতে অধ্যাপক-অধ্যাপিকা সকলৰ উপৰিও দুই শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷

ধুবুৰীৰ ৰাজীৱ ভৱনত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনক উষ্ম আদৰণি…

অসমত অভিলেখ সংখ্যক ভোটত জয়ী ধুবুৰীৰ প্ৰাৰ্থী ৰকিবুল হুছেইন। ধুবুৰীত ১০,১২,৪৭৬ ভোট সংখ্যাৰ ব্যৱধানেৰে বিজয় ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন। এআইইউডিএফ দলৰ দুৰ্গ ধুবুৰী লোকসভা সমষ্টিটোৰ তিনি বাৰৰ সাংসদ বদৰুদ্দিন আজমলক শোচনীয় ভাৱে পৰাজয় কৰি কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ধুবুৰীৰ সাংসদ হিচাপে নিৰ্বাচিত হয়। আজি ধুবুৰীৰ ৰাজীৱ ভৱনত হাজাৰ হাজৰ কংগ্ৰেছ কৰ্মী সকলে উপস্থিত হৈ ৰকিবুল হুছেইনক উষ্ম আদৰণি জনায়।

ধুবুৰীৰ নৱ নিৰ্বাচিত সাংসদ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আগতে ধুবুৰী লোকসভা সমষ্টিৰ সকলো ভোটাৰ আৰু কংগ্ৰেছ কৰ্মী সকলোক ধন্যবাদ আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। সাংবাদিকৰ প্ৰশ্ন উত্তৰত ৰকিবুল হুছেইনে কয় যে মই মুখ্যমন্ত্ৰীৰ জালত নপৰো, তেওঁ মোৰ জালত পৰিব। মুখ্যমন্ত্ৰীৰ আসনখন সন্মানীয় আসন, সেই আসনত বহি অশোভনীয় কথা বতৰা কোৱাটো উচিত নহয়। আগন্তুক পঞ্চায়ত আৰু বিধান সভা নিৰ্বাচনত কেনেকৈ জয়ী হব পাৰে তাৰে আলোচলা কৰা হয় বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে।

বন্ধন বেংকৰ পৃষ্ঠপোষকতাত ছয়গাঁৱত বিশ্ব পৰিৱেশ দিৱস উদযাপন…

বন্ধন বেংকৰ পৃষ্ঠপোষকতাত ছয়গাঁৱত বিশ্ব পৰিৱেশ দিৱস উদযাপন৷ বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ৷ গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰাৰ লক্ষ্যৰে ছয়গাঁৱত বিশ্ব পৰিৱেশ দিৱস উদযাপন সৰ্বভাৰতীয় বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকৰ৷ অসম বিজ্ঞান সমিতি, ছয়গাঁও শাখাৰ উদ্যোগত আৰু বন্ধন বেংকৰ ছয়গাঁও শাখাৰ পৃষ্ঠপোষকতাত ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয়ৰ সহযোগত ছয়গাওঁ চৰকাৰী মজলীয়া বিদ্যালয় প্ৰাংগনত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস৷

সেই উপলক্ষে বিদ্যালয় চৌহদত গছপুলি ৰোপণ কৰে বন্ধন বেংকৰ মঙলদৈ ক্লাষ্টাৰ হেড অনুপজ্যোতি শৰ্ম আৰু সমাজসেৱক তথা ছয়গাঁও নাগৰিক সমাজৰ উপ সভাপতি পিয়াৰ আলীয়ে৷ আনহাতে বন্ধন বেংকৰ কাৰ্যালয়ৰ সন্মুখত গছপুলি ৰোপণ কৰে বন্ধন বেংকৰ ছয়গাঁও শাখাৰ শাখা প্ৰবন্ধক অংকুৰ চৌধুৰীয়ে৷ ইয়াৰ পিছতে বিদ্যালয় প্ৰাংগনত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷য’ত ছয়গাঁৱৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ শেষত উভয় প্ৰতিযোগিতাত বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ হিচাপে কিতাপৰ টোপোলাৰ লগতে মানপত্ৰ প্ৰদান কৰা হয়।

বি এইচ বি মহাবিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন…

সৰুপেটাস্থিত বি এইচ বি মহাবিদ্যালয়ৰ ইক’ ক্লাব আৰু আৰু গৱেষণা উদ্ভাৱন আৰু সম্প্ৰসাৰণ কোষৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে বুধবাৰে বিশ্ব পৰিৱেশ দিৱস উদ্‌যাপন কৰা হয়৷ এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু “ভূমি পুনৰুদ্ধাৰ, মৰুভূমিকৰণ ৰোধ আৰু খৰাং স্থিতিস্থাপকতা গঢ়ি তোলাৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এখন বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়৷ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মহাবিদ্যালয়ৰ ৪ নং সভাকক্ষত অনুষ্ঠিত এই সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মহাবিদ্যালয়খনৰ বাণিজ্য বিভাগৰ অধ্যাপক মানসজ্যোতি দাস৷ ভাষণ প্ৰসংগত তেখেতে বৰ্তমান সময়ত সমগ্ৰ বিশ্বত পৰিৱেশ বিনষ্ট হোৱাৰ বিভিন্ন কাৰক সম্পৰ্কে বিশ্লেষণ আগবঢ়ায়৷

লগতে তেওঁ মাটি সংৰক্ষণৰ বিভিন্ন প্ৰক্ৰিয়া, পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত জলবায়ুৰ বিভিন্ন উপাদান, প্ৰাকৃতিক দুৰ্যোগ, ভূমিস্খলন ইত্যাদি সম্পৰ্কেও আলোচনা কৰি পৰিৱেশ সজাগতা সম্পৰ্কীয় এটি ভিডিঅ’ ছাত্ৰ-ছাত্ৰীসকলক দেখুৱায়৷ বি এইচ বি মহাবিদ্যালয়ৰ গৱেষণা উদ্ভাৱন আৰু সম্প্ৰসাৰণ কোষৰ সমন্বয়ক ড॰ পূৰৱী তালুকদাৰে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড॰ দিপ্তী কলিতাই সভাপতিত্ব কৰি সভাপতিৰ আসনৰ পৰা বিশ্ব পৰিৱেশ দিৱস উদ্‌যাপনৰ প্ৰাসংগিকতা সম্পৰ্কে বক্তৃতা প্ৰদান কৰে৷ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড॰ কল্পনা বৈশ্যৰ লগতে গ্ৰন্থাগাৰিক ডেইজী কলিতাই শিক্ষকসকলৰ মাজৰ পৰা পৰিৱেশ সুৰক্ষা সম্পৰ্কে চমুকৈ কিছু কথা ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে৷ অধ্যাপক প্ৰীতি দেৱীৰ শলাগৰ শৰাইৰে সামৰণি পৰা এই বক্তৃতা অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ ভালেসংখ্যক অধ্যাপকৰ লগতে উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ প্ৰায় এশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত অৰ্থনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক প্ৰবোধ কলিতাৰ ব্যক্তিগত উদ্যোগত আৰু ইক’ ক্লাৱৰ সমন্বয়ক ড॰ অপূৰ্ৱ কুমাৰ বড়োৰ তত্ত্বাৱধানত অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণেৰে পৃথকে পৃথকে বৃক্ষৰোপণৰ কাৰ্যসূচীও সম্পাদন কৰা হয়৷

লোকসভা নিৰ্বাচনত পৰাজয়ৰ পিছত প্ৰথমটো পোষ্ট স্মৃতি ইৰাণীৰ, ক’লে আমেথিৰ জনসাধাৰণৰ সেৱা কৰি যাব…

২০২৪ চনৰ লোকসভা নিৰ্বাচনত আমেথিৰ পৰা পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল অভিনেত্ৰী তথা বিজেপি নেত্ৰী স্মৃতি ইৰাণীয়ে। পৰাজয়ৰ পিছত স্মৃতি ইৰাণীয়ে ছ’চিয়েল মিডিয়াত প্ৰথমটো পোষ্ট কৰি কয় যে এতিয়া তেওঁৰ অনুভৱ কেনেকুৱা? ২০২৪ চনৰ লোকসভা নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল ভাৰতীয় জনতা পাৰ্টিৰ স্মৃতি ইৰাণী। কংগ্ৰেছৰ কিশোৰী লালে ৫,৩৯,২২৮টা ভোট লাভ কৰাৰ বিপৰীতে ইৰাণীয়ে লাভ কৰে ৩,৭২,০৩২টা ভোট। পৰাজয়ৰ পিছত স্মৃতি ইৰাণীয়ে নিজৰ ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰিছিল, যিটো পোষ্ট ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে।

পৰাজয়ৰ পিছত স্মৃতি ইৰাণীয়ে আমেথিত জনসাধাৰণৰ সেৱা কৰি যাব বুলি কয়। কিন্তু এই পৰাজয়ৰ পাছতো স্মৃতি ইৰাণীৰ উদ্যম কমি যোৱা নাছিল। স্মৃতি ইৰাণীয়ে আজি উদযাপন কৰাসকলক অভিনন্দন জনাই ছ’চিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰে।

পৰাজয়ৰ পিছত ৪ জুন মঙলবাৰে এখন সংবাদমেলত স্মৃতি ইৰাণীয়ে কয় যে, “সেই সকলো বিজেপি দলীয় কৰ্মী আৰু সমৰ্থকক মই কৃতজ্ঞতা জ্ঞাপন কৰিছো যিসকলে সমষ্টি আৰু দলটোক নিষ্ঠাৰে সেৱা আগবঢ়াইছে ৷” আজি মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু (উত্তৰ প্ৰদেশ) মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছো যে তেওঁলোকৰ চৰকাৰে মাত্ৰ ৫ বছৰতে ৩০ বছৰৰ বাকী থকা কাম সম্পূৰ্ণ কৰিলে।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত মানসিক চাপ বাঢ়িছে নেকি, এই ৫ টা খাদ্য খোৱাৰ আৰম্ভ কৰক…

মানসিক চাপ গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে ভাল নহয়। কিন্তু এই মুহূৰ্তত দেশত লোকসভা নিৰ্বাচনৰ গণনাই বহুতৰে মানসিক চাপ বৃদ্ধি কৰিছে। এইবাৰৰ নিৰ্বাচনৰ ফলাফলো অতি আকৰ্ষণীয়। ইণ্ডিয়া আৰু বিজেপিৰ মাজত তীব্ৰ প্ৰতিযোগিতা। এনে পৰিস্থিতিত কিছুমান খাদ্যই আপোনাৰ মনটোক টেনচনমুক্ত কৰি ৰখাত সহায় কৰিব পাৰে। মানসিক চাপৰ মাত্ৰা কম কৰিবলৈ আপুনিও এই সমূহ খাদ্য খাবলৈ আৰম্ভ কৰিব পাৰে-

মানসিক চাপ কমোৱাত দৈ ফলপ্ৰসূ। আচলতে দৈত পোৱা প্ৰ’বায়’টিকবোৰ অন্ত্ৰৰ বাবে উপকাৰী, যিয়ে মানসিক চাপ হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও দৈত থকা কেলচিয়ামেও মানসিক চাপ কমোৱাত সহায় কৰে।

অলপ ডাৰ্ক চকলেটে মানসিক চাপৰ সময়ত মেজাজ উন্নত কৰাত সহায় কৰে। আচলতে ইয়াত থকা কোকাই এণ্ড’ৰ্ফিন নামৰ ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰাত সহায় কৰে, যাৰ ফলত মনটো শান্ত আৰু সুখী অনুভৱ হয়।

বাদাম যেনে আলমণ্ড, আখৰোট, কাজুত প্ৰচুৰ পৰিমাণে ভিটামিন ই, মেগনেছিয়াম আৰু ওমেগা-৩ ফেটি এচিড থাকে। এই পুষ্টিকৰ উপাদানসমূহে মানসিক চাপ কমোৱাত আৰু মনক শান্ত কৰি ৰখাত সহায় কৰে।

কলৰ পটাছিয়ামৰ উৎকৃষ্ট উৎস। পটাছিয়ামে শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে, যাৰ ফলত মানসিক চাপ কমি যায়। ইয়াৰ উপৰিও কলত থকা ভিটামিন বি ৬ য়েও মানসিক চাপ কমোৱাত সহায় কৰে।