Home Blog Page 795

উত্তৰ গুৱাহাটীত জনকল্যাণ ছ’চাইটি আৰু সাংস্কৃতিক বিদ্যালয়, অসম আৰু আলোক প্ৰভঞ্জন ৱেলফেয়াৰ ছ’চাইটিৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন…

৫ জুন, আজি বিশ্ব পৰিৱেশ দিৱস।

উত্তৰ গুৱাহাটীত জনকল্যাণ ছ’চাইটি আৰু সাংস্কৃতিক বিদ্যালয়, অসম আৰু আলোক প্ৰভঞ্জণ ৱেলফেয়াৰ ছ’চাইটিৰ যুটীয়া উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন।

আলোক প্ৰভঞ্জন কাকতৰ সম্পাদক কুমুদ নাথে বিতৰণ কৰে গছপুলি।

মুখৰ দুৰ্গন্ধ এই ৫ টা বিপদজনক ৰোগৰ লক্ষণ, যদি ব্ৰাছ কৰাৰ পিছতো গোন্ধ থাকে তেন্তে সজাগ হওক…

নিয়মিতভাৱে মুখ পৰিষ্কাৰ নকৰিলে মুখৰ দুৰ্গন্ধ হোৱাটো স্বাভাৱিক। কিন্তু যদি ব্ৰাছ কৰাৰ পিছতো আপোনাৰ মুখৰ পৰা গোন্ধ ওলায়, তেন্তে সেয়া চিন্তাৰ বিষয়। কাৰণ এই গোন্ধ খাদ্যাভ্যাস আৰু মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে দন্ত চিকিৎসকে দিনটোত দুবাৰকৈ ব্ৰাছ কৰি প্ৰতি আহাৰ খোৱাৰ পিছত পানীৰে ধুবলৈ পৰামৰ্শ দিয়ে। কিন্তু যদি মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱাৰ পিছতো আপোনাৰ মুখৰ পৰা বেয়া গোন্ধ আহি আছে, তেন্তে ই শৰীৰত কোনো গুৰুতৰ ৰোগ বিকশিত হোৱাৰ লক্ষণো হ’ব পাৰে। মুখৰ দুৰ্গন্ধ বহু ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হিচাপে চিনাক্ত হৈছে।

চাইনাচাইটিছ আৰু নিউমোনিয়া আদি শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ বাবে শৰীৰত অস্বাভাৱিক চালফাৰ যৌগ (VSC)ৰ মাত্ৰা বৃদ্ধি পায়, তাৰ ফলত মুখৰ দুৰ্গন্ধৰ সৃষ্টি হয়। ইয়াৰ লগতে এই সংক্ৰমণবোৰ হ’লে শ্বাস-প্ৰশ্বাসতন্ত্ৰত বেক্টেৰিয়া বৃদ্ধি পায়, যাৰ বাবে দুৰ্গন্ধ সৃষ্টিকাৰী উপাদান গঠন হ’বলৈ আৰম্ভ কৰে আৰু উশাহ-নিশাহৰ লগে লগে ওলাই আহে।

মুখৰ দুৰ্গন্ধ পাচনতন্ত্ৰৰ বিকাৰ যেনে এচিড ৰিফ্লাক্স আৰু পেটৰ আলচাৰৰ সৈতে জড়িত। পেটৰ এচিড পুনৰ খাদ্যনলীলৈ ওপৰলৈ বৈ গ’লে এচিড ৰিফ্লাক্স হয়, যাৰ ফলত মুখত টেঙা সোৱাদ আৰু গোন্ধ ওলায়।

বৃক্কৰ ৰোগে শৰীৰৰ আৱৰ্জনা আঁতৰোৱাৰ ক্ষমতাত প্ৰভাৱ পেলায়। এনে পৰিস্থিতিত তেজত বিষাক্ত পদাৰ্থৰ পৰিমাণ বেছি হোৱাৰ বাবে উশাহত এমোনিয়াৰ দৰে গোন্ধ ওলাবলৈ আৰম্ভ কৰে, যাক ইউৰেমিক উশাহ বুলিও কোৱা হয়।

দীৰ্ঘদিন ধৰি শৰীৰত চেনিৰ পৰিমাণ বেছি হোৱাৰ বাবে মুখৰ দুৰ্গন্ধ আৰম্ভ হয়। ডায়েবেটিছ ৰোগীৰ এই সমস্যা অতি সাধাৰণ। এনে হয় কাৰণ তেওঁলোকৰ উশাহত অধিক কিট’ন থাকে যিয়ে ফলৰ দৰে গোন্ধ উৎপন্ন কৰে, যাক ‘এচিটন উশাহ’ বুলি জনা যায়।

যকৃতৰ সমস্যা যেনে চিৰ’ছিছ বা ফেটি লিভাৰ ৰোগৰ বাবে শৰীৰৰ বিষাক্ত পদাৰ্থৰ বিপাকীয় ক্ৰিয়া সঠিকভাৱে নহয়। এই কাৰণেই যকৃতত সমস্যা হ’লে মুখৰ দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰে।

‘বিশ্ব পৰিবেশ দিৱস’ত পৰিৱেশ বন্দনা…

‘বিশ্ব পৰিবেশ দিৱস’ত পৰিৱেশ বন্দনা-

বিশ্ব পৰিবেশ দিৱসেৰে ৰঙিয়াল মই..
মোৰ অনন্য ব্যক্তিত্বত ,মোৰেই অষ্টোত্তৰ শতনাম!
দুটাকৈ জ্ঞান-চকুৰে
বিচাৰ -বিবেচনাক কাঠগড়াত থৈ
শ্ৰেষ্ঠত্বৰ গৰিমাৰে গদ গদ মই!
উদাত্ত ভাষণ মোৰ কথাত
লজ্জিত কদাপি নহও!
নিজৰ ৰক্তৰে পিয়াহ গুছাইছো
স্ব-গৃহতে শত্ৰু শালিছো,
মই নিচিনো পাপ -পুইন
নাজানো হিত -অহিত
ক্ষমতা অপাৰ মোৰ,


লালসাও অবোধ..
চৌদিশে যৌৱনৰ দামামা বাজে
সহাঁৰি জনাও
ক্ষুধা নিৰাময়ৰ হকে
তলতকৈও তললৈ
ক্ৰমান্বয়ে নামো…
সেউজপৰ্ণাক নিৰ্মম হাতেৰে ধ্বংস কৰিছো
চৌদিশে অম্লজান বিধ্বংসী অনল!
কাৰ্বনময় মৰীচিকাৰে ধূসৰ পৃথিৱী
ডুব যায় বেলিমুখীয়া সপোনৰ ৰামধেনু!
বায়ুমণ্ডল ধূমায়িত মৰুময় ধৰণী
শস্যৰ পথাৰ ,হাবিৰ তলি উদং
লঠঙা গছ ,শুকান পাহাৰ..
কেওফালে হৰিৎকণাৰ বিধ্বংসী যজ্ঞ!
তেলিৰ মূৰত তেল ঢালো অহৰহ
নিঃস্ব জনে কিন্তু একোকে নাপায়!
ফোপোলা মগজুৰে কৃতীত্বৰ চোলা পিন্ধি
তেজক পানী কৰাৰ অনবদ্য কৌশলেৰে মই সিদ্ধহস্ত,
হাড়বোৰ ভঙা পৰিশ্ৰমবোৰ
আঁৰচকুত ৰাখো
জনৈক অভাগীক ক্ষমতাৰে মোচৰো
বীৰদৰ্পে পিন্ধো বিজয়ৰ মালা!
মোৰ হাতৰ ক’লা তেজবোৰ কোনেও নেদেখে ,
দূৰ্গন্ধ আস্থাই শানিত কৰা মোৰ আকণ্ঠ ক্ষুধাই সকলোকে দেখে..
মই হেনো পৰোপকাৰী!
মোৰ কাষৰে পাজৰে ভ্ৰমে
অনেক ভোকাতুৰ, লাঞ্ছিত, পীড়িত.,
ময়ে হেনো তৃষ্ণাতুৰৰ এটুপি পানী
মোৰ গাতেই অহৰহ গলে
লোলুপিত তেজ
মদমত্ত সেয়ে মই!
মাঘমহীয়া জুয়ে কেঁচা-পকা বিচাৰ নকৰাৰ দৰে
মোৰ হিচাপতো বৃদ্ধা, কিশোৰী সাৰি নাযায়
সৰ্বগ্ৰাসী হুতাশন মই..
জয়তু বিশ্ব পৰিবেশ দিৱস!

কবিঃৰেখা বৰকটকী

পৰিৱেশ সুৰক্ষাৰ প্ৰাসংগিকতা…

পৃথিৱীয়েই হ’ল একমাত্ৰ গ্ৰহ য’ত মানুহ বসবাস কৰিব পাৰে। জলবায়ুৰ পৰিৱৰ্তন, অত্যধিক বৃষ্টিপাত, প্ৰখৰ ৰ’দ, খৰাং পৰিস্থিতিয়ে মানুহৰ জীৱনলৈ ভয়াৱহ ভাবুকি কঢ়িয়াই অনাৰ লগতে মানুহৰ একমাত্ৰ বাসোপযোগী পৃথিৱী আৰু প্ৰকৃতিলৈয়ো দুৰ্যোগ কঢ়িয়াই আনিছে। মানুহৰ সজাগতা আৰু ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতি দায়বদ্ধতা সোঁৱৰি পৰিৱেশ সুৰক্ষাৰ দায়িত্ব সাদৰেৰে গ্ৰহণ নকৰিলে মানুহৰ একমাত্ৰ বাসোপযোগী গ্ৰহটোত বাস কৰিব নোৱাৰা পৰিস্থিতি উদ্ভৱ নহ’ব বুলি ক’ব নোৱাৰি। কেৱল দিৱসৰ নামত দিৱস আয়োজন কৰিলেই আমি পৰিৱেশ সুৰক্ষিত কৰিব নোৱাৰো। প্ৰকৃতিনিৰ্ভৰশীল মানৱ সমাজৰ দ্ৰুত বিকাশে যিদৰে মানৱ জীৱনলৈ সা-সুবিধা কঢ়িয়াই আনে। তাৰ বিপৰীতে পৰিৱেশৰ প্ৰতি বেয়া মনোভাৱহে কঢ়িয়াই আনে।মনস্তাত্বিকভাৱে হ’লেও এই কথাৰ।বহুলাংশে সত্য। অথচ মানুহৰ বাবে মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্ক একেটি মুদ্ৰাৰ দুটা পিঠিৰ দৰে। অৱশ্যে প্ৰকৃতি মানৱ নিৰ্ভৰ নহয়। গতিকে মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্কৰ প্ৰতি সজাগ কৰা আৰু সজাগ হোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে ৫ জুন তাৰিখটোত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰি অহা হৈছে।


৫ জুন, বিশ্ব পৰিৱেশ দিৱস। জনগণক পৰিৱেশৰ প্রতি থকা দায়িত্ববোধ সোঁৱৰাই দিয়াৰ দিন। প্রতি বছৰে এই দিনটোতেই  দায়িত্বশীল হৈ পৰে সমগ্র মানৱ জাতি।গছপুলি ৰোপণ আৰু সজাগতা সভাকে আদি কৰি বিভিন্ন অনুষ্ঠান আয়োজনেৰে আৰম্ভ হয় পৰিৱেশ সুৰক্ষা অভিযান। কিন্তু ইমানবোৰ দায়িত্বশীল মানুহ আৰু আয়োজনৰ পাছতো কার্বন নির্গমনৰ ভয়াবহতা কমা নাই। কিয় এনে হৈছে সেই কথা বিশ্লেষণ কৰাৰ সময় আহি পৰিছে। কেৱল একপক্ষীয় বিশ্লেষণৰ দ্বাৰা ইয়াক সমাধা কৰা অসম্ভৱ। পৰিৱেশ সুৰক্ষাৰ হেতু আমি নৈতিকভাৱে প্রকৃতিৰ প্রতি দায়বদ্ধ হোৱা উচিত। পৰিৱেশৰ প্রত্যেক উপাদানৰে আমাৰ ওপৰত প্রত্যক্ষ প্রভাৱ আছে। গতিকে মানুহ এই উপাদানসমূহৰ প্রতি দায়িত্বশীল নহ’লে ভৱিষ্যত অন্ধকাৰ পূর্ণ হৈ পৰিব। বিভিন্ন সময়ত মানুহে ন্যস্ত স্বার্থ সিদ্ধিৰ বাবে প্রকৃতিৰ ওপৰত অত্যাচাৰ চলাই আহিছে। এই অত্যাচাৰৰ পৰা মুক্ত হ’বলৈ, প্রকৃতিক সুৰক্ষিত কৰি ৰাখিবলৈ পাঁচ জুনৰ দিনটোৱেই যথেষ্ট নহয়।


মানুহ প্রকৃতিৰ এক উপাংশহে। সেয়েহে মানুহ প্রকৃতিকেন্দ্রিক মতবাদসমূহৰ প্রতি দায়িত্বশীল হ’বই লাগিব। আমাৰ দেশৰ সংস্কৃতিয়ে আমাক মূল্যবোধৰ শিক্ষা প্রদান কৰে। পৃথিৱীৰ প্রত্যেক সমলৰে মূল্য আছে। সমল এটাৰ প্রয়োজনীয়তা আৰু সমাজৰ প্রতিথকা অৱদানৰ ওপৰত ভিত্তি কৰি এই মূল্য নির্ধাৰণ কৰা হয়। এনে মূল্য আচলতে সমাজ অথবা পৃথিৱীৰ প্রতি সমল সমূহে আগবঢ়োৱা সেৱা মূল্য। পশ্চিমীয়া দেশসমূহৰ তুলনাত আমাৰ দেশৰ পৰিৱেশ নৈতিকতা আৰু মূল্যবোধৰ ধাৰণাৰ প্রতি দায়বদ্ধতা অধিক। উদাহৰণস্বৰূপে, আমাৰ দেশত নদ-নদীক মাতৃ হিচাপে, গছ-গছনিক পূজনীয় হিচাপে পূর্বৰে পৰা সন্মান কৰি অহাৰ বিপৰীতে পশ্চিমীয়া দেশত নদীয়ে দিয়া পানী, গছে দিয়া খাদ্য, জীৱ-জন্তুৱে দিয়া মাংস আদিৰ ওপৰত নির্ভৰ কৰিহে মূল্য প্রদান কৰা হয়। অর্থাৎ পশ্চিমীয়া দেশৰ মূল্যবোধৰ হিচাপ অর্থনৈতিক লাভালাভ নির্ভৰ হোৱাৰ বিপৰীতে আমাৰ দেশৰ মূল্যবোধ হ’ল সামগ্রিক মূল্যবোধ। সেয়েহে বর্তমান প্রতিযোগিতামুখী মানসিকতাৰ মাজত আৱদ্ধ নহৈ আমি সামগ্রিক মূল্যবোধৰ কথা উপলব্ধি কৰিবই লাগিব। অত্যাধিক আত্মমুখী মনোভাৱৰ বাবে আজি আমাৰ মাজৰ পৰা সামগ্রিক মূল্যবোধৰ ধাৰণা সমূহ হেৰাই যোৱাৰ উপক্রম ঘটিছে।সাম্প্রতিক সময়ত আমি আমাৰ চিন্তা-চর্চাবোৰ ধর্মীয় দৃষ্টিকোণৰ পৰা বিচাৰ কৰাৰ পৰিৱর্তে বৈজ্ঞানিক দৃষ্টিভংগীৰে বিচাৰ কৰিব লাগিব। উদাহৰণস্বৰূপে, বিভিন্ন জীৱ-জন্তুৰ হত্যা, চিকাৰ কৰি হত্যা কৰিলে জীৱ হত্যা মহাপাপ বোলাৰ পৰিৱর্তে জীৱ হত্যাৰ ফলত হ’বপৰা অসুবিধা, খাদ্যজালৰ ওপৰত ইয়াৰ প্রভাৱ সম্পর্কে বুজোৱা উচিত।


পৰিৱেশ নৈতিকতাত কূঠাৰঘাত পৰাৰ মূল কাৰণটোৱেই হ’ল বর্দ্ধিত জনসংখ্যা। জনসংখ্যাৰ বৃদ্ধিৰ ফলত থাকিবলৈ, খেতি কৰিবলৈ ঠাইৰ অভাৱ হৈছে। ফলত গছ-গছনি কাটি টহিলং কৰিছে। ইয়াৰ উপৰিও মানুহে প্রযুক্তি আৰু আধুনিকতাৰ নামত অত্যাধিক যান-বাহানৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। য’ত চাৰিজনীয়া এখন ঘৰত কেৱল এখন গাড়ী আছিল , আজি তাত প্রত্যেকৰে একোখনকৈ গাড়ী আছে। ফলত প্রদূষণ বাঢ়িছে। গতিকে পৰিৱেশ দিৱসৰ দিনা জনসংখ্যা বৃদ্ধিৰ ভয়াৱহতাৰ বিষয়েও আমি সজাগ কৰিব পাৰোঁ। নিজেও সজাগ হ’ব পাৰো। ইয়াৰ উপৰিও আমাৰ প্রাকৃতিক সম্পদসমূহ কিদৰে ব্যৱহাৰ কৰা উচিত, আমি য’তে ত’তে জাবৰ-যোথৰ পেলালে পৰিৱেশৰ লগতে যে আমাৰ স্বাস্থ্য ক্ষতি হয়, বেমাৰ আজাৰ হয় সেই বিষয়েও সজাগ কৰিব পাৰোঁ। ইয়াৰ উপৰিও আৱর্জনাৰ নিষ্কাশন আৰু পুন:ব্যৱহাৰ সম্পর্কেও সজাগ কৰিব পাৰো। আমি বাৰু আৱর্জনাৰ নিষ্কাশন আৰু পুন:ব্যৱহাৰ পদ্ধতি সম্পর্কে জানোনে? ইয়াৰ বাবে বিভিন্ন পদ্ধতি আছে।

যেনে-আমি সচৰাচৰ বিভিন্ন আৱর্জনা সমূহ প্লাষ্টিকৰ মোনাত ভৰাই ৰাস্তাৰ কাষত পেলাই দিওঁ। ফলত সেই প্লাষ্টিকৰ ভিতৰৰ আৱর্জনাসমূহ গেলি দুর্গন্ধৰ সৃষ্টি কৰে। পদপথেদি মানুহ যাব নোৱাৰা হয়। এই ক্ষেত্রত নগৰাঞ্চলত পৌৰনিগমে আৱর্জনাবোৰ সংগ্রহ কৰি বিজ্ঞানসন্মতভাৱে পেলাই দিয়াটো নিয়ম। ভাৰত চৰকাৰে স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে ইয়াক গণমুখী কৰিবলৈ চেষ্টা কৰিছে। তোমালোকে নিশ্চয় আজিকালি জাৱৰ-জোথৰ সংগ্রহ কৰিবলৈ অহা ব্যক্তি দেখিছা। সেয়েহে য’তে ত’তে জাৱৰ-জোথৰ নেপেলায় নির্দিষ্ট সময়ত সংগ্রহ কৰিবলৈ অহা ব্যক্তিক জাৱৰ-জোথৰবোৰ যোগান দিয়া উচিত।
যিবোৰ কাৰণৰ বাবে আৱর্জনা সৃষ্টি হয় সেইবোৰ কাৰণ নোহোৱা কৰিবলৈ চেষ্টা কৰা উচিত। আমি পৰাপক্ষত এবাৰ ব্যৱহাৰযোগ্য সামগ্রী কিনবলৈ কমাই দিয়া উচিত। তদুপৰি দোকানত প্লাষ্টিক বিচৰাৰ সলনি পৰাপক্ষত বজাৰ-সমাৰ কৰিবলৈ নিজৰ লগত এটা পলিথিন ৰখা উচিত।


এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰ ব্যৱহাৰ কৰিব পৰা সামগ্রীসমূহ পুন:ব্যৱহাৰ কৰিলে অর্থনৈতিকভাৱেবও লাভৱান হ’ব পাৰোঁ। উদাহৰণস্বৰূপে, ভঙা-চিঙা আইনাসমূহ পুন:ব্যৱহাৰৰ বাবে আমি কোম্পানীসমূহক যোগান ধৰিব পাৰোঁ।তেওঁলোকে তাৰপৰা পুন: আইনা প্রস্তুত কৰিব পাৰে। ওপৰোক্ত কার্যসমূহৰ দ্বাৰাহে সম্পদৰ সৈতে থকা মানুহৰ অসমতাসমূহ দূৰ কৰা সম্ভৱ। ব্যক্তিগতভাৱেও সম্পদৰ ব্যৱহাৰৰ ল্ষেত্রত সমতাপূর্ণ ব্যৱহাৰ নিশ্চিত কৰিব পাৰিবই লাগিব। গতিকে নিজা অঞ্চলসমূহৰ বহনক্ষম কিকাশৰ বাবে পৰিৱেশ সম্পদৰ যথোচিত ব্যৱহাৰত গুৰুত্ব দিব লাগে। ই আমাৰ দৈনন্দিন কার্যৰ অন্তর্গত হোৱা উচিত। পৰিৱেশ দিৱস মানেই গছপুলি ৰোপণ – এই ধাৰণাৰ পৰা মুক্ত হৈ নিজৰ সুবিধা। অনুযায়ী যিকোনো সময়ত যিকোনো দিনত গছপুলি ৰুলে প্রকৃতিৰ প্রতি থকা ভয়াবহতা ৰোধ হ’ব বুলি ভাবিব পাৰি। প্রকৃতি সুৰক্ষাৰ ক্ষেত্রত পথ আৰু পৰিবহণ বিভাগো দায়িত্বশীল হোৱা উচিত । পথ নির্মাণৰ সময়ছোৱাত জধে-মধে গছ কাটি পথ বহলোৱা হয় গতিকে সেই গছসমূহ সুৰক্ষিত ৰাখি পথ বহলোৱাৰ পৰিকল্পনা কৰা উচিত।


পৰিৱেশৰ প্রতি শিপা বা মূলস্তৰৰ পৰা সমগ্র শ্রেণীৰ জনগণ জাগ্রত আৰু নৈতিকভাৱে দায়িত্বশীল হ’লেহে এই ধুনীয়া পৃথিৱীখন বর্তি থাকিব। সুস্থ পৰিৱেশে আমাক সুখী জীৱন দিয়ে। প্রকৃতি হ’ল এনে এক অনবদ্য অৱদান য’ত মানুহে নিজৰ অৱসৰী সময় অতিবাহিত কৰিবলৈ বিচাৰে । সংযুক্ত ৰাষ্ট্রৰ এটা জৰীপত গম পোৱা গৈছে যে শতকৰা ৯০ ভাগ মানুহেই গ্রামাঞ্চলৰ পৰিৱেশৰ মাজত জিৰণি লৈ, মুক্ত বায়ু সেৱন কৰি, শান্তি উপভোগ কৰিব বিচাৰে। আমি যেতিয়া খিৰিকীখন খুলি দিও তেতিয়া আমি কি দেখো বাৰু, ক’লৈ চকু যায় বাৰু? হয় ফুলনিৰ ফুলজোপালৈ, নহয় সেউজীয়া গছেৰে আৱৰা বাৰীখনলৈ, অথবা নগৰৰ ৰাজপথৰ কাষত থকা একমাত্র গছজোপালৈ– নহয়নে? আমি কিয় সেই সেউজ পৃথিৱীখনলৈ চাও বুলি প্রশ্ন কৰো ইয়াৰ প্রথম উত্তৰটোৱেই হ’ব আমিও জীৱমণ্ডলৰ এক অংশ, আমাৰ মনত আজিও প্রকৃতি-প্রীতি প্রবাহমান। সুস্থ পৰিৱেশ এটাৰ প্রতি এই বোধৰ উপৰিও আমাক সুস্থ পৰিৱেশে কৃতজ্ঞ আৰু সুখী হোৱাৰ গুণো প্রদান কৰে। সুন্দৰ  পৰিৱেশে আৱৰা ঠাইসমূহৰ জনগনৰ মাজত সহযোগিতামূলক মনোভাৱ, অধিক সুদৃঢ় হোৱা দেখা যায়।   ইয়াৰ উপৰিও চৌপাশত গছ-গছনি নথকা খেলপথাৰৰ তুলনাত চৌপাশে গছ-গছনিৰে আৱৰা খেলপথাৰত খেলা-ধূলা কৰা খেলুৱৈয়ে বহু সময়লৈ সক্রিয়ভাৱে খেল খেলাৰ লগতে অধিক সহযোগিতা আৰু সৃজনশীলতাৰে খেলিব পাৰে।
  পৰিৱেশ হ’ল নিজক জনাৰ এক ইতিবাচক পথ। নতুনকৈ যেতিয়া আমি বিদ্যালয়ত নামভর্ত্তি কৰোঁ অথবা যেতিয়া নতুন বন্ধু-বান্ধবী লগ পাওঁ তেতিয়া আমি প্রথমে নৱাগতৰ নামটো জানিব খুজো। তাৰ পাছত তেওঁলোকৰ নামবোৰ মনত ৰাখিব চেষ্টা কৰোঁ। দুদিনৰ পাছতে আমাৰ বন্ধু-বান্ধবীসকলৰ নামবোৰ মনত ৰাখি মাতিব পৰা হওঁ তেতিয়াস আমি মনত এক অজান সুখ পাওঁ। যেতিয়া আমিাক কোনোবাই আমাৰ বন্ধু-বান্ধবীৰ নাম সোধে তেতিয়া আমি তপাৰাই নামবোৰ কৈ ভালপাওঁ।  ঠিক একেদৰে আমি আমাৰ বিদ্যালয়ৰ চৌপাশে থকা গছ-গছনিবোৰ, আমাৰ গাঁৱত থকা গছ-গছনিৰ নামবোৰো মনত ৰাখিবলৈ যত্ন কৰা উচিত। আমাক যদি কেতিয়াবা কোনো অতিথিয়ে গছ-গছনিৰ নাম বা চিনি পোৱা গছৰ বিষয়ে কিছু কথা  সুধিলে সাধাৰণতে খুউব বেছি দহবিধ মান গছৰ বিষয়েহে কিছু কথা কব পাৰোঁ। তাৰ মূল কাৰণ হৈছে দেখি থকা গছসমূহৰ বিষয়ে আমি কম মনোযোগ দিয়াটো। আমি যেতিয়া নিজৰ ঠাইৰ গছ-গছনিসমূহৰ বিষয়ে জানিব পাৰিম, ক’ব পাৰিম তেতিয়া আমি সেই একেই আনন্দ পাম, যি আনন্দ লগৰ বন্ধু-বান্ধৱীৰ নাম ক’ব পাৰি, শিক্ষাগগুৰুৰ নাম জানি লাভ কৰিছিলোঁ।


প্রকৃতি আমাৰ মা। মায়ে যিদৰে আমাক কোলাত তুলি-তালি মৰম-সাদৰেৰে আটোলটোলকৈ যত্ন লয় ঠিক একেদৰে পৰিৱেশেও ভিন্ন জীৱ সমুদায়ক আটোলটোলকৈ যত্ন লৈ জীয়াই ৰাখে। কাৰণ, অৰণ্য বুলিলে সাধাৰণতে আমাৰ মনলৈ আহে বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তু অৰ্থাৎ গছ-লতিকা, চৰাই-চিৰিকতি, পশু-পক্ষীৰে আৱৰা কোনো এক বিস্তীৰ্ণ অঞ্চলৰ কথা। অৰণ্যত বসবাস কৰা এই জীৱবিলাকে  সুস্থ বহনক্ষম পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাত মূল ভূমিকা গ্ৰহণ কৰে। অৰণ্যত বিভিন্ন প্ৰকাৰৰ গছ-গছনি থকা বাবে সেই গছ-গছনিতে বিভিন্ন প্ৰাণীয়ে বসবাস কৰিবলৈ লয়। ফলত এই অৰণ্যাঞ্চলসমূহ প্ৰাণী বৈচিত্ৰৰ ক্ষেত্ৰটো চহকী। সৃষ্টিৰ  আৰম্ভণিৰে পৰ এই উদ্ভিদ আৰু অৰণ্যাঞ্চলে পৃথিৱীক সুৰক্ষিত কৰি ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্রকৃতিৰ নান্দনিক সৌন্দর্যই অনবৰতে সৌন্দর্য পিয়াসীসকলক আকর্ষিত কৰি ৰাখে। প্রকৃতিৰ অপৰূপ সৌন্দর্যই মন মুগ্ধ নকৰাকৈ থকা প্রাণী সমগ্র পৃথিৱীতে বিৰল। আমি পোনপটীয়া দর্শন নকৰা পর্যন্ত বিষয়বস্তু সম্পর্কীয় প্রকৃত তথ্য আৰু জ্ঞান আহৰণ কৰিব নোৱাৰোঁ। জ্ঞান আহৰণৰ অবিহনে শিকন কার্য সম্পন্ন নহয় আৰু কার্যক্ষেত্রত ইয়াক প্রয়োগৰ ক্ষেত্রত কোনো ব্যক্তিকে অভিৰোচিত কৰিব পৰা নাযায়। ই পুথিগত অথবা ‘থিয়ৰীটিকেল’ জ্ঞান হিচাপেই থাকি যায়। ফলত শিকন কার্য সম্পূর্ণ হৈছে বুলিব নোৱাৰি। আমি কোনো বস্তু ক্রয় কৰিবলৈ যাওঁতে তাৰ প্রয়োজনীয়তা আৰু গুণাগুণ অনুসৰি পৃথক পৃথক মূল্য দিবলগীয়া হয়। এই মূল্য মূলত: নির্ভৰ কৰে সামগ্রীবিধে প্রদান কৰা সেৱা মূল্যৰ ওপৰত। এনে মূল্যাংকনৰ জৰিয়তে আমি আমাৰ অস্তিত্ব আৰু প্রকৃতিৰ গুৰুত্ব মূল্যাংকন কৰোঁ। পৰিৱেশ সম্পর্কে আমি সচেতন হৈ ইয়াৰ মূল্যাংকন কৰিব পৰাকৈ আমাৰ বোধৰ বিকাশ সম্পূর্ণ নোহোৱাৰ দোহাই দি আমি পৰিৱেশক আওকান কৰোঁ। অৱশ্যে পৰিৱেশৰ মূল্য ইয়াৰ ওপৰত জীৱৰ নির্ভৰশীলতা অনুসৰি আগবঢ়োৱা সেৱা মূল্যৰ জৰিয়তে উপলব্ধি কৰিব লাগিব। এই যে আমি উশাহ লৈছোঁ, ভোকত খাদ্য খাইছোঁএয়া সকলো প্রকৃতিৰ  আমাৰ প্রতি থকা দয়া আৰু সেৱা।  প্রকৃতিয়ে নিবিচৰাকৈ, যোগান নধৰাকৈ আমি কোনো সামগ্রী সৃষ্টি কৰিব পৰা নাই । আমি যদি কোনো ঠাইত প্রকৃতিক আঘাত কৰিছোঁ তেন্তে আমিয়েই সেই ঠাইৰ পৰা আঁতৰি আহিবলৈ বাধ্য হৈছোঁ। গছ কাটি তহিলং কৰিছোঁ – উৎকট গৰম হৈছে, গৰাখহনীয়া হৈছে। ফলত আমিয়েই সেই ঠাইৰপৰা আঁতৰি আহিবলৈ বাধ্য হৈছোঁ। গতিকে যি আমাক জীয়াই ৰাখিছে সেই উপাদান গছ-বিৰিখক, প্রকৃতিক আমি সন্মান কৰিব লাগিব। প্রকৃতি সুৰক্ষাৰ প্রতি, সংৰক্ষণৰ প্রতিও দায়বদ্ধ হ’ব লাগিব।


শিক্ষাই পাৰিৱেশিক সুৰক্ষা আৰু সজাগতাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ইতিবাচক পৰিৱেশ শিক্ষাই একক দিশৰ সূচনা কৰাৰ লগতে পাৰিৱেশিক তথ্যৰ আদান-প্রদান কৰাত নির্ণায়ক ভূমিকা পালন কৰে। ই পাৰিৱেশিক মনোভাৱ, ইতিবাচক সজাগতা, সংৰক্ষণ দক্ষতা আদি গুণৰ বিকাশ ঘটোৱাৰ লগতে এককভাৱে আৰু সমজুৱাকৈ আঁচনি গ্রহণ কৰিব পৰা সক্ষমতাৰো বিকাশ ঘটায়। স্থানীয় জীৱবৈচিত্র সুৰক্ষাৰ ক্ষেত্রত শিক্ষার্থীসকলৰ অংশগ্রহণে বহনক্ষম বিকাশৰ লগতে মূল লক্ষ্যত উপনীত হ’বলৈ উৎসাহমূলক পৰিৱেশ গঢ় দিয়ে। জীৱ বৈচিত্র শিক্ষণৰ মূল উদ্দেশ্যই হ’ল স্থানীয় এলেকাত দেখা পোৱা পৰিৱেশজনিত সমস্যাৰ প্রতি জ্ঞান, আগ্রহ আৰু সমাধানৰ প্রয়োজনীয় দক্ষতাৰ বিকাশ ঘটোৱা । শিক্ষার্থীৰ মাজত জীৱবৈচিত্র্যৰ প্রতি সজাগতা বৃদ্ধিৰ বাবে সক্রিয় শ্রেণীকোঠা, হাতে-কামে কার্য, ব্যৱহাৰীক অভিজ্ঞতা আৰু ক্ষেত্রভিত্তিক জৰীপ আৰু অধ্যয়নে লক্ষ্যত উপনীত হোৱাত সহায় কৰিব পাৰে। উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক স্তৰত আমি বিভিন্ন কার্যকৰী পদক্ষেপ গ্রহণৰ জৰিয়তে পৰিৱেশ সজাগতাৰ ইতিবাচক বিকাশ সম্ভৱ কৰি তধোলাৰ লগতে কথাক কার্যলৈ ৰূপান্তৰিত কৰিব পাৰোঁ।

লেখকঃ মানস প্ৰতিম দত্ত

ৰাজনীতিলৈ বলিউদ কুইন, বিজয়ীৰ প্ৰমাণ পত্ৰ গ্ৰহণ কংগনা ৰানাৱটৰ…

ৰাজনীতিত নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ হিমাচল প্ৰদেশৰ মাণ্ডী আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা অভিনেত্ৰী কংগনা ৰানাৱটে কংগ্ৰেছ প্ৰাৰ্থী বিক্ৰমাদিত্য সিঙক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে। বিজয়ৰ পিছত কংগনাই বিজয়ী প্ৰমাণ পত্ৰ লৈ হিমাচলবাসীক। বিক্ৰমাদিত্য সিঙক পৰাস্ত কৰি ৭৪ হাজাৰ ৭৫৫ ভোটৰ ব্যৱধানত নিৰ্বাচনত জয়লাভ কৰে। নিৰ্বাচনত জয়ী হোৱাৰ পিছত কংগনা ৰানাৱটে বিজয়ী প্ৰমাণ পত্ৰ লাভ কৰি ধন্যবাদ জ্ঞাপন কৰে।

কংগনা ৰানাৱটে সাধাৰণ গোলাপী ৰঙৰ শাৰী পিন্ধি বিজয়ী প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিবলৈ গৈছিল। ডিঙিত মুকুতাৰ হাৰ আৰু কাণত মুকুতাৰ কাণফুলি পিন্ধিছিল। বিজয়ৰ পিছত বিজয়ী প্ৰমাণ পত্ৰ লাভ কৰাৰ সময়ত কংগনাৰ মুখত সুখ স্পষ্টকৈ দেখা গৈছে।

মোৰ ওপৰত অটুট আস্থা-বিশ্বাস ৰাখি অভূতপূৰ্ব মৰম-সমৰ্থনেৰে বিজয়ী কৰোৱাৰ বাবে ডিব্ৰুগড়ৰ ৰাইজক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ: সৰ্বানন্দ সোণোৱাল…

ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে ব্যাপক ব্যৱধানত জয়ী হোৱাৰ পাছত তেখেতে কয়, “ধন্যবাদ ডিব্ৰুগড়! আপোনালোকৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰিবলৈ আপোনালোকে মোৰ ওপৰত অটুট আস্থা-বিশ্বাস ৰাখি অভূতপূৰ্ব মৰম-সমৰ্থনেৰে বিজয়ী কৰোৱাৰ বাবে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ডিব্ৰুগড়ৰ ঐতিহ্যক উজ্জীৱিত কৰি সৰ্বাংগীণ বিকাশৰ যাত্ৰাক এক নতুন শিখৰত উপনীত কৰিবলৈ মই বদ্ধপৰিকৰ।

লগতে তেওঁ কয় আকৌ এবাৰ দেশমাতৃৰ সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰী জে পি নড্ডা ডাঙৰীয়াক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এনডিএ-ৰ কাৰ্যকৰ্তাসকলকো তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, সমৰ্পিত সেৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ বাবে সৰ্বস্তৰৰ লোকক লগত লৈ আমি ঐক্যবদ্ধভাৱে আগুৱাই যাম।”

শোণিতপুৰত তিনিলাখ ৫৭ হেজাৰৰ অধিক ভোটত বিজয়ী বিজেপিৰ ৰঞ্জিত দত্ত…

১১নম্বৰ শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই নিকটতম প্ৰতিদ্বন্দ্ব্বী প্ৰাৰ্থী কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰেমলাল গঞ্জুক তিনিলাখ ৫৭হেজাৰ আঠশ ভোটত পৰাভূত কৰি সংসদলৈ নিৰ্বাচিত হৈছে৷ দেশৰ নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, দত্তই লাভ কৰে ৭৬৮২৭০টা ভোট৷ আনহাতে কংগ্ৰেছৰ প্ৰেমলাল গঞ্জুৱে লাভ কৰে ৪১০৪৭০টা ভোট৷


দত্তৰ বিজয়ত উল্লসিত সমৰ্থক সকলে বিজেপি জিন্দাবাদ, ভাৰত মাতা কি জয় ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷ভোটগণনা কেন্দ্ৰৰ বাহিৰত ফটকা ফুটাই বিজয় উৎসৱ পালন কৰে বিজেপিৰ সমৰ্থক সকলে৷উল্লেখযোগ্য যে,জিলা নিৰ্বাচনী বিষয়া দেৱ কুমাৰ মিশ্ৰই বিজয়ী প্ৰাৰ্থীগৰাকীক প্ৰমাণ পত্ৰ দিয়াৰ পাছতে মন্ত্ৰী অশোক সিংহল,তেজপুৰৰ অগপ বিধায়ক পৃথ্বিৰাজ ৰাভা,,ৰঙাপৰাৰ বিধায়ক কৃঞ্চকমল তাঁতি আৰু বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ স’তে সংবাদমাধ্যমৰ আগত দত্তই কয় ,“এইদৰে তেওঁক বিপুল ভোটত বিজয়ী কৰাৰ বাবে ৰাইজলৈ ধন্যবাদ৷ শোণিতপুৰ সংসদীয় সমষ্টিৰ লোকে মোক যথেষ্ট মৰম দিছে আৰু ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হোৱা উন্নয়নৰ বাবে আজি এইদৰে বিজপিক আঁকোৱালি লৈছে । আগন্তুক দিনত মোদীৰ আদৰ্শৰে সমষ্টিটোক আগুৱাই নিয়াৰ চেষ্টা কৰিম”


উল্লেখযোগ্য যে,তেজপুৰৰ দৰং মহাবিদ্যালয়ত আজি পুৱা ৫-৩০বজাত ষ্ট্ৰং ৰুম খোলাৰ পৰৱৰ্তী সময়ত পুৱা আঠ বজাৰ পৰা ভোট গণনা আৰম্ভ হয়৷উল্লেখযোগ্য যে, ৬২০গৰাকী বিষয়া কৰ্মচাৰী জড়িত থকা এই ভোট গণনা প্ৰক্ৰিয়াটোত তথা শোণিতপুৰ লোকসভা সমষ্টিৰ দৰং মহাবিদ্যালয়ত ঢেকিয়াজুলি,বৰছলা,তেজপুৰ,ৰঙাপৰা আৰু নদুৱাৰ বিধানসভা সমষ্টিক ধৰি মুঠ পাঁচটা বিধান সভা সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হয়৷আনহাতে বিশ্বনাথত বিহালী আৰু বিশ্বনাথৰ, গহপুৰত গহপুৰৰ আৰু লখিমপুৰত কৰা হয় বিহপুৰীয়া বিধানসভা সমষ্টিৰ ভোট গণনা৷ শোণিতপুৰ লোকসভা সমষ্টিত মুঠ ১২লাখ ৮১হেজাৰ৯৫৯জন ভোটাৰে ভোটদান কৰাৰ বিপৰীতে আজি তেজপুৰত পাঁচটা বিধান সভা সমষ্টিৰ বাবে পাঁচটা কক্ষৰ একোটাত ১৪খনকৈ টেবুলত,বিশ্বানাথত দুটা কক্ষত
১২খনকৈ টেবুলত,গহপুৰ আৰু লখিমপুৰত ১৪খনকৈ টেবুলত ভোট গণনা চলে৷উল্লেখযোগ্য যে, পোষ্টেল আৰু ই টি পি বি এম এছ ভোটৰ গণনা প্ৰথমতে আৰম্ভ কৰা হয় তেজপুৰত আৰু ইয়াৰ বাবে দুটা কক্ষৰ এটাত ১৩খন টেবুলত আৰু দ্বিতীয়টোত ২০খন টেবুলত গণনা হয়৷

তিনিতৰপীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হোৱা ভোটগণনাত প্ৰথম অৱস্থাৰ পৰাই বিজেপি দলৰ প্ৰাৰ্থী দত্তই অগ্ৰগতি লাভ কৰে৷শোণিতপুৰ লোকসভা সমষ্টিত মুঠ আঠজন প্ৰাৰ্থী এই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷এই সকলৰ ভিতৰত আম আদমী পাৰ্টিৰ ঋষিৰাজ কৌন্দিন্যই ৩২৬৯২ টা ভোট, বিপিএফৰ ৰাজু দেউৰীয়ে ১৯৫১৫টা,বহুজন সমাজ পাৰ্টীৰ আলম আলীয়ে ৪১৬৯, ভিপিআইৰ কামেশ্বৰ দেউৰীয়ে ৭২৫৪, গণ শক্তি পাৰ্টিৰ প্ৰাৰ্থী ৰিংকু ৰয়ে ৬৭৫৯ নিৰ্দলীয় প্ৰদীপ ভাণ্ডাৰীয়ে ৮০৯৪টা ভোট লাভ কৰাৰ বিপৰীতে নটাত ১৮৪৫৯ টা পৰে।

মিত্ৰজোঁটৰ বিজয়ী প্ৰাৰ্থীলৈ অগপৰ অভিনন্দন…

অসমত ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু ইউ পি পি এল মিত্ৰজোঁটে লোকসভা নিৰ্বাচনত সফলতা লাভ কৰাত মিত্ৰজোঁটৰ বিজয়ী প্ৰাৰ্থীসকললৈ অভিনন্দন তথা শুভেচ্ছা জনাইছে অসম গণ পৰিষদৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই।

এক প্ৰেছ বিজ্ঞপ্তিত অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই নিৰ্বাচনী ফলাফলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্ব আৰু মিত্ৰজোঁটৰ চৰকাৰৰ উন্নয়ন আৰু বিকাশ যাত্ৰাৰ প্ৰতি অসমৰ ৰাইজৰ আস্থা আৰু বিশ্বাসৰ বহিৰ্প্ৰকাশ ঘটিছে বুলি মতপোষণ কৰে। নিৰ্বাচনী ফলাফলে মিত্ৰজোঁটৰ চৰকাৰখনৰ শক্তিশালী স্থিতিৰ কথা পুনৰবাৰ প্ৰতিপন্ন কৰিলে বুলি উল্লেখ কৰি অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি আৰু ইউ পি পি এলৰ আটাইকেইগৰাকী বিজয়ী প্ৰাৰ্থীক অভিনন্দন জ্ঞাপন কৰে। লগতে ঐক্যবদ্ধ প্ৰচেষ্টাৰে মিত্ৰজোঁট তথা অসম গণ পৰিষদৰ মনোনীত প্ৰাৰ্থী ফণীভূষণ চৌধুৰী প্ৰমুখ্যে মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক বিপুল ভোটত বিজয়ী কৰাৰ বাবে অসমৰ জনসাধাৰণৰ লগতে মিত্ৰজোঁটৰ আটাইকেইটা দলৰে বিষয়ববীয়া আৰু সদস্যলৈ ধন্যবাদ জ্ঞাপন কৰে।

বিবৃতিটোত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু ইউ পি পি এলৰ মুৰব্বী প্ৰমোদ বড়োক বিচক্ষণতাৰে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণ কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক বিজয়ী কৰোৱাত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী সুৰেশ বৰাক ২,১৬,৬৮ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে…

নগাঁও লোকসভা সমষ্টিত দ্বিতীয় বাৰৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হয়। কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে দুই লক্ষাধিক ভোটাৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক পৰাস্ত কৰি জয়লাভ কৰে। কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী সুৰেশ বৰাক ২,১৬,৬৮ টা ভোটৰ ব্যৱধানত পৰাস্ত পৰি সংসদীয় সমষ্টিটোৰ পৰা দ্বিতীয় বাৰলৈ সংসদ হিচাপে নিৰ্বাচিত হয়। কালি ঘোষিত ফলাফল অনুসৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৭,৮৫,১৮৮ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ সুৰেশ বৰাই ৫,৬৮,৯০০টা ভোটহে লাভ কৰিবলৈ সক্ষম হয়। আনহাতে, সমষ্টিটোৰ পৰা এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰা আমিনুল ইছলামে মাত্ৰ ১,৩৬,৭৮৩ টা ভোট লাভেৰে তৃতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়।


নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ বিজয়ী প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,”অসমৰ ৰাজনীতিৰ বাবে এই লোকসভা নিৰ্বাচনৰ‌ ফলাফলটো এক ইতিবাচক বাৰ্তা।২০১৬চনৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো উগ্ৰ সাম্প্ৰদায়িক, ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি , হিন্দু -মুছলমানৰ ৰাজনীতি চলি আছে, তেওঁ লোকে অসমৰ সমাজ জীৱন দুখন পৃথিৱীৰ সৃষ্টি কৰি ঘৃণাৰ ৰাজনীতি বিয়পাইছে।সেই ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ এতিয়া অৱসান ঘটিব।ইয়াৰ স্পষ্ট ইংগিত এই লোকসভা নিৰ্বাচনৰ ফলাফলে দিছে।” বৰদলৈয়ে আৰু কয়,”কি উজনি কি নামনি,সংখ্যাগুৰু, সংখ্যালঘু সকলোৱে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি প্ৰত্যাখ্যান কৰিছে। এতিয়া হিমন্তবিশ্ব শৰ্মা হ’তে উন্নয়নৰ কথা কৈ ৰাজনীতি কৰিবলৈ বাধ্য হ’ব।”এ আই ইউ ডি এফক তীব্ৰ সমালোচনা কৰি বিজয়ী প্ৰাৰ্থী বৰদলৈয়ে কয়,”হিমন্ত বিশ্ব শৰ্মা জাতীয় উগ্ৰ সাম্প্ৰদায়িক শক্তিৰ অনূঘটক হিচাপে কাম কৰা এ আই ইউ ডি এফকো সংখ্যালঘু ৰাইজে প্ৰত্যাখ্যান কৰিছে। অসমৰ ৰাজনীতিৰ পৰা সাম্প্ৰদায়িক এ আই ইউ ডি এফ নিচ্ছিহ্ন হৈ গ’ল।এইটো ভাল লক্ষণ।”


ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ বিজয়ৰ পাছত নগাঁৱৰ ৰাজীৱ ভৱনত বিজয় উল্লাসত মতলীয়া হৈ পৰে কংগ্ৰেছ নেতা কৰ্মী সকল। নগাঁও চহৰত প্ৰদ্যুত বৰদলৈৰ জয়ক লৈ সমৰ্থকৰ আনন্দৰ বহিঃপ্ৰকাশ ঘটায়।ইপিনে,মুঠ ১৩ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা নগাঁও সমষ্টিত জয়প্ৰকাশ জনতা দলৰ অনুপম বৰুৱাই ৪২৭৫টা,অসম জন মৰ্চাৰ ছাইফুল ইছলাম চৌধুৰীয়ে ১৮১৭টা, ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিলৰ ৰাব্বুল হক ২৫৩৬টা, ভাৰতীয় গণ পৰিষদৰ শান্তনু মুখাৰ্জীয়১৯৮৪টা,নিৰ্দলীয়ৰ ইউচুফ মহম্মদ ৰাইহান চৌধুৰীয়ে ২০১৫টা, আবু শ্বামায়ে ২২১১টা, নিখিল ডেকাৰজাই ৩৫৮৬ টা,চামচুল আলমে৫০৩৩টা,বিপদ ভঞ্জন চৰকাৰে ৪৮৬৩ টা আৰু শিখা শৰ্মা ৬৫৪৭টা ভোট লাভ কৰে।ইপিনে, প্ৰদ্যুৎ বৰদলৈৰ জয়লাভৰ পাছত নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত আৱতৰীয়া দিপাৱলী উদযাপন কৰা হয়। ফটকা,আতছবাজী ফুটাই কংগ্ৰেছ কৰ্মী সকলে আনন্দ উল্লাস প্ৰদৰ্শন কৰে।

‘মেধা’ৰ উপযুক্ত সংজ্ঞা হ’ব পাৰে মালা পাপলকাৰ…

‘মেধা’ৰ অৰ্থ বিশাল। মেধাৰ কোনো পৰিধি নাই। মেধাসম্পন্ন শিক্ষাৰ্থীসকলে যিকোনো পৰিস্থিতিতে, যিকোনো পৰিৱেশতে তেওঁলোকৰ মেধাৰ পৰিচয় দিব পাৰে। কোনো পৰিৱেশ-পৰিস্থিতিয়ে মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলক কেতিয়াও বাধা দি ৰাখিব নোৱাৰে। এতিয়া কথা হ’ল মেধা ছাত্ৰ-ছাত্ৰী কোনসকল- যিসকলে নিজৰ পাঠ্যক্ৰম সময় মতে আৰু নিয়মিত পঢ়ে। নিজৰ পাঠ ঠিক মতে বুজি লৈ অধ্যয়ন কৰি নিৰ্ভয়ে পৰীক্ষা দি সুখ্যাতিৰে পৰীক্ষাত উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ সাজু হয় সেইসকলেইতো মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰী। তেওঁলোকৰ জীৱনৰ প্ৰথম লক্ষ্যই হ’ল শিক্ষা গ্ৰহণ কৰা। সমাজত ভাল মানুহ হৈ নিজৰ আদৰ্শ প্ৰতিপন্ন কৰা। এইসকল মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক লৈ সেয়ে সমাজে, দেশে বহুত আশা কৰে। কিন্ত বৰ্তমান সময়ত এতিয়া দেখা পোৱা গৈছে যে মেধা মানেই হ’ল সবোচ্চ নম্বৰ লাভ কৰা। এতিয়া প্ৰায় সকলোৰে লক্ষ্য হৈছে পৰীক্ষাত অধিক নম্বৰ লাভ কৰাটো। মানে এতিয়া মেধা জোখা হয় নম্বৰৰ ভিত্তিত। বৰ্তমান শিক্ষা ব্যৱস্থাও হৈ পৰিছে নম্বৰকেন্দ্ৰিক, চাকৰিভিত্তিক। গতিকে স্বাভাৱিকতে শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য হৈ পৰিছে বৃত্তিমুখী। চৰকাৰেও এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ যোগোৱা যেনেই অনুভৱ হয়।

মেধা অকল অধিক নম্বৰ পোৱাটোকে নুবুজায়। কিন্তু এতিয়া আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মনত এটা ধাৰণা হৈছে যে যিকোনো প্ৰকাৰে প্ৰথম বিভাগত পাছ কৰিব লাগে, সেয়া যেনেকৈয়ে নহওক কিয়। কাৰণ চৰকাৰৰ ঘৰৰ পৰা এই অধিক নম্বৰ পোৱা ছাত্ৰ-ছাীত উত্ৰীসকলৰ বাবে স্কুটী দিয়াৰ ব্যৱস্থা আছে। সেয়ে এতিয়া পঢ়াৰ প্ৰতিযোগিতাতকৈ স্কুটী পোৱাৰ প্ৰতিযোগিতাৰ বাবেহে বন পঢ়া যেন লাগে। কাৰণ বহুক্ষেত্ৰত সেইসকল ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ পৰিধি তেনেই সীমিত দেখা যায়। বহুতে এখন দৰ্খাস্ত ইংৰাজীত শুদ্ধকৈ লিখিবলৈ সক্ষম নহয়। এয়া বৰ পৰিতাপৰ বিষয়। সেয়ে বহুতে কয়েই- আগৰ মেট্ৰিক পাছ কৰা ছাত্ৰ-ছাত্ৰীৰ সৈতে আজিৰ বি এ, এম এ পাছ কৰা ল’ৰা-ছোৱালীয়েও ফেৰ মাৰিব নোৱাৰে। কথাটো একেবাৰে পেলাই দিবলগীয়া কথাও নহয়। গতিকে আমি যে বৰ্তমান নম্বৰৰ ভিত্তিত মেধাৰ সজ্ঞা দিছো হয়তো তাৰেই পৰিণাম এয়া। এনে হৈ গে থাকিবলৈ হ’লে ভৱিষ্যতে আমি বেছি নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰী বহুত পাম কিন্তু সঁচা অৰ্থত মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ পৰা আমি বৰ দুখ লগাকে বঞ্চিত হ’ম। অৱশ্যে বৰ্তমানৰ পৰিৱেশ-পৰিস্থিতিয়েও আজিৰ ছাত্ৰ-ছাত্ৰীক বহু ক্ষেত্ৰত বিপাঙত পেলাইছে। তেওঁলোকে কাক আদৰ্শ হিচাপে ল’ব ? আজি খোদ শিক্ষা বিভাগতে বিভিন্ন নীতিহীন কাম-কাজ, আজি এটা নিয়ম কালি এটা নিয়ম।

শিক্ষকৰ সীমাহীন সমস্যা। ইয়াৰ মাজত শিক্ষাৰ্থীয়ে উপযুক্ত শিক্ষা কেনেকৈ পাব সিও এটা চিন্তাৰ বিষয়। সেয়ে যিসকল শিক্ষাৰ্থী পৰীক্ষাত কম নম্বৰ পায় অথবা কৃতকাৰ্য হ’ব নোৱাৰে তাৰ বাবে অকল তেওঁলোকেই দোষী নহয়। আমি যেনে ধৰণে শিক্ষা ব্যৱস্থাটো গঢ় দিব লাগিছিল হয়তো পৰা নাই। কোনোবাখিনিত নিশ্চয় আসোঁৱাহ থাকি গৈছে। সেয়ে পৰৱৰ্তী সময়ত এইবোৰৰ প্ৰতি কৰ্তৃপক্ষই অধিক নজৰ দিব। নম্বৰকেন্দ্ৰিক শিক্ষাত যিমানখিনি গুৰুত্ব দিয়া হৈ আহিছে তাতকৈ মেধাৰ ওপৰত গুৰুত্ব আৰোপ কৰিলে নিশ্চয় নম্বৰ আৰু মেধা দুয়োটাই আমি সমানে লাভ কৰিবলৈ সক্ষম হ’ম সেইটো নিশ্চিত। অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক স্কুটী দি তেওঁলোকক অপৈণত বয়সতে বিলাসী জীৱন যাপন কৰাৰ ক্ষেত্ৰত আগ্ৰহী কৰি তোলা হৈছে। গতিকে পৰৱৰ্তী সময়ত তেওঁলোক উচ্চাভিলাসী হোৱাটো নিশ্চিত। আৰু ইয়াৰ বাবে কেৱল তেওঁলোককে দোষী সাব্যস্ত কৰিলে নহ’ব। ইয়াৰ দোষৰ ভাগী যে আমিও হ’ম সেয়া সত্য। তাতকে তেওঁলোকক পঢ়াৰ খৰচ বা অন্যান্য সুবিধা কৰি দেলেহে বেছি ভাল হ’ব যেন অনুভৱ হয়। তেতিয়া উপযুকু বয়সত তেওঁলোকে তেতিয়া নিজেই তেওঁলোকৰ নিজা অভাৱবোৰ পূৰণ কৰি ল’ব পাৰিব। তেওঁলোক স্বাৱলম্বী হৈ সমাজত সুস্থ নাগৰিক হিচাপে খ্যাতি লাভ কৰিব পাৰিব।


অৱশ্যে এতিয়াও যে মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ অভাৱ হোৱা নাই সেই কথা হৈ যোৱা পৰীক্ষাসমূহৰ পৰাই অনুমান কৰিব পাৰি । হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অথবা সদ্যপ্ৰকাশিত এপিএছচি পৰীক্ষাত এনে বহু ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে পাছ কৰিছে যিসকলৰ চলিবলৈ ন্যূনতম সুবিধাখিনিও ঘৰখনত নাই। অলপতে অনুষ্ঠিত হৈ যোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষাত এগৰাকী পৰীক্ষাৰ্থী নিজৰ পঢ়া সামগ্ৰীতো দূৰৰে কথা, তেওঁলোকৰ থাকিবলৈ এটা ঘৰো নাই। ৰাস্তাৰ কাষত বেনাৰ- ভঙা টিং আদিৰে বনাই লোৱা জুপুৰীৰ ভিতৰতে কেৰাচিনৰ চাকিৰ পোহৰত চৰম দুৰ্যোগৰ মাজেৰে পঢ়িয়েই সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। আৰু বহু ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন অভাৱ-অভিযোগ আৰু নানা দুখ-কষ্টৰ মাজেৰে পঢ়ি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এয়া আমাৰ ৰাজ্যখনৰ বাবেই গৌৰৱৰ বিষয়। আনহাতে, একাংশ হৃদয়ৱান লোকে এনে দুখীয়া-দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক হিয়া উজাৰি সহায় কৰাৰ লগতে আৰ্থিকভাৱেও সহায় কৰিছে। কোনোৱে এনে বহু ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ সম্পূৰ্ণ দায়িত্বও লৈছে। এয়া আমাৰ বাবে গৌৰৱৰ বিষয়। এইসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰমাণ কৰি দেখুৱাই দিছে যে একাগ্ৰতা আৰু প্ৰৱল ইচ্ছাশক্তি থাকিলে জীৱনত চৰম দৰিদ্ৰতা বা কোনো প্ৰতিবন্ধকতাই হেঙাৰ হৈ থিয় দিব নোৱাৰে। এই ইচ্ছাশক্তিৰ বলতে তেওঁলোক উচ্চ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হ’বই।
এই ইচ্ছাশক্তিৰ এটা বাস্তৱ সত্য হ’ল- এগৰাকী দৃষ্টিশক্তিহীন ছোৱালী। যিগৰাকী ছোৱালীৰ নাম মালা পাপলকাৰ। মহাৰাষ্ট্ৰৰ এইগৰাকী ছাত্ৰীৰ জীৱন পৰিক্ৰমা বৰ কণ্টকাকীৰ্ণ আছিল। তেওঁৰ জন্মৰ পিছতে পিতৃ-মাতৃৰ দ্বাৰা পৰিত্যক্ত হ’ব লগা হৈছিল। এইগৰাকী দৃষ্টিহীন ছোৱালীক মহাৰাষ্ট্ৰৰ জলগাঁও নামৰ এটা ৰে’ল ষ্টেচনৰ সমীপৰ এটা ডাষ্টবিনত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল আৰু পৰৱৰ্তী সময়ত সেই ছোৱালীজনীক গতাই দিছিল এখন অনাথ আশ্ৰমত। এই অনাথ আশ্ৰমৰ পৰাই সেই ছোৱালীজনীক অমৰাৱতীৰ পাৰাটৱাড়াত অৱস্থিত এখন শ্ৰৱণ আৰু দৃষ্টিশক্তিহীন স্কুলত ভৰ্তি কৰোৱা হৈছিল। আৰম্ভ হৈছিল ডাষ্টবিনৰ পৰা উদ্ধাৰ হোৱা সেই পৰিত্যক্ত মালা নামৰ ছোৱালীজনীৰ জীৱনৰ আন এক নতুন যাত্ৰা। মালাৰ এই নতুন জীৱন দান দিলে পদ্মশ্ৰী বঁটাৰে সন্মানিত সমাজকৰ্মী শংকৰাব্দ পাপলকাৰে। পাপলকাৰে আনকি তেওঁৰ নিজৰ উপাধিটো মালা নামটোৰ লগত সংযোজন কৰি দি মালাৰ পৰা মালা পাপলকাৰ বুলি পৰিচয় কৰাই দিলে এই দুৰ্ভগীয়া ছোৱালীজনীক। তেতিয়াৰ পৰাই মালা হৈ পৰিল মালা পাপলকাৰ। শংকৰাব্দ পাপলকাৰেই মালাক জীৱন-জগতক দৰ্শন কৰাৰ শক্তি প্ৰদান কৰে। এই মালাই এদিন নিজৰ একান্ত ইচ্ছাশক্তি আৰু একাগ্ৰতাৰ বাবেই অন্ধ হৈয়ো ব্ৰেইল পদ্ধতিৰে শিক্ষা লাভ কৰি উচ্চ মেধাৰ পৰিচয় দিবলৈ সক্ষম হ’ল। এটা পৰিত্যক্ত ডাষ্টবিনৰ পৰা জীৱন পৰিক্ৰমা আৰম্ভ হোৱা মালাই এতিয়া সংকল্প লৈছে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে সফলতা লাভ কৰাৰ। পৰিয়ালৰ আদৰ-যত্ন তথা বিলাসী জীৱন কটায়ো অথবা সকলো ফালৰ পৰা সুস্থ-সবল হৈয়ো যিটো কাম কৰিবলৈ হাজাৰজনৰ বাবে সহজ নহয় সেই কাম মালাই তেওঁৰ সীমাবদ্ধতাৰ মাজত থাকিও আৰু দৃষ্টিশক্তিহীন হৈয়ো কৰি দেখুৱাই প্ৰমাণ কৰিছে যে শাৰীৰিক প্ৰতিবন্ধকতা উত্তৰণৰ কেতিয়াও হেঙাৰ হ’ব নোৱাৰে।

ইচ্ছা থাকিলে লক্ষ্যস্থান পোৱাৰ ক্ষেত্ৰত কোনো বাধাই কেতিয়াও ৰখাব নোৱাৰে। সেয়া প্ৰমাণ কৰিলে মালা পাপলকাৰ নামৰ এইগৰাকী দুৰ্ভগীয়া শিক্ষাৰ্থীয়ে। ইয়াতকৈ আৰু গৌৰৱৰ কথা কি থাকিব পাৰে। দৃষ্টিহীন আৰু পিতৃ-মাতৃৰ পৰা বিচ্ছিন্ন এইগৰাকী মালাৰ আত্মপ্ৰতিষ্ঠাৰ এই মহান দৃষ্টান্তই আমাৰ যুৱক-যুৱতীসকলক নিশ্চয় উপকৃত কৰিব ই নিশ্চিত। গতিকে পৰমুখাপেক্ষী হোৱাতকৈ, চৰকাৰী অনুদানৰ অনুগ্ৰহতকৈ মনোযোগেৰে পঢ়া-শুনা কৰি, ইচ্ছাশক্তি আৰু দৃঢ় সংকল্পক অগ্ৰাধিকাৰ দি পঢ়া-শুনা কৰিলে জীৱনত সফলতা অনিবাৰ্য। ইয়াক কোনেও বাধা দিব নোৱাৰে। অৱশ্যে এইক্ষেত্ৰত চৰকাৰৰো কৰণীয় বহুত আছে ছাত্ৰ-ছাত্ৰীসকলক সঠিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত। তেতিয়াহে নিশ্চয় মেধা আৰু নম্বৰ দুয়োটাতে আগবাঢ়ি যাব পাৰিব। নিশ্চয় অসমৰ ছাত্ৰ-ছাত্ৰীও মালা পাপলকাৰ দৰে বিভিন্ন মাজেৰে পঢ়িও সফলতাৰে, মেধাৰ পৰিচয়ৰে উজলি উঠিব পাৰিব। আৰু এই মেধাসম্পন্ন যুৱক-যুৱতীসকলৰ বাবেই আমাৰ ৰাজ্যখনো জ্যোতিষ্মান হৈ পৰিব।


লেখকঃ ভূপেন মহন্ত