Home Blog Page 796

৫৩ বছৰ বয়সত খোজকাঢ়ি ভাৰত ভ্ৰমণ কৰিছিল ৰাহুল গান্ধীয়ে!কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ফিটনেছৰ ৰহস্য কি জানেনে…

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ফিটনেছৰ কাৰণে কি জানেনে বাৰু আপোনালোকে। ৱায়ানাদৰ পৰা লোকসভা ২০২৪ৰ প্ৰাৰ্থী ৰাহুল গান্ধীৰ বয়স ৫৩ বছৰ। কিন্তু তেওঁৰ ফিটনেছলৈ তেওঁৰ বয়স ৫৩ হোৱা যেন নালাগে। ৰাহুল গান্ধীয়ে ইতিমধ্যে ৫৩ বছৰ বয়সত খোজকাঢ়ি ভাৰত ভ্ৰমণ কৰিছে। ‘ভাৰত জোডো যাত্ৰা’ৰ সময়ত দিয়া এক সাক্ষাৎকাৰত ৰাহুল গান্ধীয়ে লোকসভা নিৰ্বাচনৰ বাহিৰেও নিজৰ জীৱনৰ বহু দিশৰ কথা কৈছিল। যাৰ ভিতৰত তেওঁৰ ফিটনেছৰ গোপনীয়তাও বিষয়েও কৈছিল। ৰাহুল গান্ধীয়ে কয় যে তেওঁ সদায় শাৰীৰিকভাৱে সক্ৰিয়। নিৰ্বাচনী প্ৰস্তুতিত ব্যস্ত হৈ থাকিলেও যুদ্ধ কলাৰ ক্লাছ বাদ নিদিয়ে। ইয়াৰ উপৰিও তেওঁ কাৰ্বহাইড্ৰেট মুক্ত খাদ্য খায়। তেওঁৰ খাদ্যত ৰুটি আৰু ভাত অন্তৰ্ভুক্ত।

নিয়মীয়াকৈ শাৰীৰিক ক্ৰিয়া-কলাপ কৰা লোকৰ দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা অতি কম। খোজ কঢ়া, দৌৰা, সাঁতোৰ, জিমিং, নৃত্যও শাৰীৰিক ক্ৰিয়া-কলাপত অন্তৰ্ভুক্ত।

যুদ্ধ কলা হৈছে আত্মৰক্ষা, প্ৰতিযোগিতা, শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে চৰ্চা কৰা এক প্ৰাচীন পৰম্পৰা। ইয়াৰ অভ্যাস কৰিলে মনত কোনো মানসিক চাপ নাথাকে।

কম কাৰ্বযুক্ত খাদ্য খালে টাইপ ২ ডায়েবেটিছ আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়। এনে হয় কাৰণ কাৰ্বৰ ফলত শৰীৰত অতিৰিক্ত চৰ্বি গঠন হয়, যিটো ৰোগৰ বাবে অনুকূল পৰিৱেশ। ইয়াৰ উপৰিও কম কাৰ্বযুক্ত খাদ্যই তেজৰ চেনি স্বাভাৱিক কৰি ৰখাত সহায় কৰে, যিটো হৃদযন্ত্ৰকে ধৰি শৰীৰৰ অংগসমূহ সুস্থ কৰি ৰাখিবলৈ আৰু বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া লেহেমীয়া কৰিবলৈ প্ৰয়োজনীয়।

যোৰহাটত বিজয়ৰ দিশে গৌৰৱ গগৈ, কংগ্ৰেছ কৰ্মীৰ আনন্দ উল্লাস…

যোৰহাটত বিজয়ৰ দিশে গৌৰৱ গগৈ।

নাজিৰা আৰু ডিমৌত কংগ্ৰেছ কৰ্মীৰ আনন্দ উল্লাস।

সোণাৰি আৰু মাহমৰাত গৌৰৱ গগৈৰ অগ্ৰগতি।

নাজিৰাত অখিল গগৈ আৰু দেৱব্ৰত শইকীয়া একেলগে।

আনন্দত দুয়োজনে আলিংগন কৰা দেখিবলৈ পোৱা গ’ল।

নাজিৰাত উপস্থিত হৈ যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈও মন্তব্য ৰাখে।

শোণিতপুৰ লোকসভা সমষ্টিৰ গহপুৰত উৎসৱমুখৰ পৰিৱেশ, বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ জয় নিশ্চিত…

শোণিতপুৰ লোকসভা সমষ্টিৰ গহপুৰ সমষ্টিত উৎসৱমুখৰ পৰিৱেশ। ১০ টা ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ জয় নিশ্চিত।শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত গহপুৰ বিধানসভা সমষ্টিৰ গহপুৰ মহকুমাধিপতি কাৰ্য্যালয়ত হৈ থকা ভোট গণনাত ইতিমধ্যে ১০ টা ৰাউণ্ড অন্ত পৰিছে।

শোণিতপুৰ লোকসভা সমষ্টিৰ গহপুৰত ১০ ৰাউণ্ডৰ অন্তত বিজেপিৰ বৃহৎ অগ্ৰগতি দেখা পোৱা গৈছে। বিজেপিয়ে লাভ কৰিছে ৬৫,৯৬৩ টা ভোট। ইয়াৰ পৰিৱৰ্তে কংগ্ৰেছে লাভ কৰিছে ২৫০৩০ ভোট। ৪০৯৩৩ টা ভোটৰ ব্যৱধানত ৰঞ্জিত দত্তৰ জয় নিশ্চিত হোৱাত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে গহপুৰত।

৪৫ হাজাৰ ভোটত পিছ পৰি আছে স্মৃতি ইৰাণী, এন ডি এ আৰু ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থীৰ মাজত তীব্ৰ যুঁজ…

৩ লাখ ভোটত আগবাঢ়ি অমিত শ্বাহ, ৪৫ হাজাৰ ভোটত পিছ পৰি আছে স্মৃতি ইৰাণী। সমগ্ৰ দেশতে আৰম্ভ হৈছে লোকসভা নিৰ্বাচন ২০২৪ৰ ভোটগণনা। দেশৰ ৫৪৩খন লোকসভা আসনৰ বাবে মূল প্ৰতিদ্বন্দ্বিতা হৈছে বিজেপি নেতৃত্বাধীন এন ডি এ আৰু কংগ্ৰেছ নেতৃত্বাধীন আই.এন.ডি.আই.এৰ।

চুৰাট লোকসভাৰ আসন নিৰ্বাচনৰ ফলাফল এতিয়াও অহা নাই যদিও অমিত শ্বাহ গান্ধী নগৰৰ পৰা ৩ লাখ ৬০ হাজাৰ ভোটত আগবাঢ়ি আছে, আনহাতে ৰাজনাথ সিং লক্ষ্ণৌৰ পৰা ১৯৩৭২ টাতকৈ অধিক ভোটত আগবাঢ়ি আছে। আনহাতে ইউ পিৰ আমেথিৰ স্মৃতি ইৰাণী এতিয়াও ৪৫০০০ পিছ পৰি আছে। নাগপুৰৰ পৰা অগ্ৰগতি লাভ কৰিছে নীতিন গাডকাৰী আৰু হামিৰপুৰ আসনৰ পৰা অগ্ৰগতি লাভ কৰিছে অনুৰাগ ঠাকুৰে।

ভোটগণনা আৰম্ভ হোৱাৰ পিছৰে পৰা এন ডি এ আৰু ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থীৰ মাজত তীব্ৰ যুঁজ চলি আছে। ভাল অগ্ৰগতি লাভ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

NDAৰ সন্মুখত তীব্ৰ প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিছে INDIA…

NDAৰ সন্মুখত তীব্ৰ প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিছে INDIA।


অসমৰ ১৪ টা সমষ্টিৰ ভিতৰত ১০ খন আসন NDAৰ পক্ষত আছে আৰু ৪খন আসন ইণ্ডিয়া মিত্ৰজোঁটৰ হাতলৈ যোৱাৰ সম্ভাৱনা আছে।

এই চাৰিখন আসন-যোৰহাট, নগাঁও, ধুবুৰী আৰু কৰিমগঞ্জ।

ভোটগণনাঃ গুৱাহাটীত কাৰ অগ্ৰগতি! মীৰা বৰঠাকুৰ নে বিজুলী কলিতা মেধি…

গুৱাহাটী লোকসভা সমষ্টিৰ দুধনৈত বিজেপিৰ অগ্রগতি লাভ।

হাজো শুৱালকুছি সমষ্টিত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ।

ছমৰীয়াত কংগ্ৰেছ প্রার্থী মীৰা বৰঠাকুৰৰ অগ্ৰগতি।

বকো ছয়গাঁও সমষ্টিত বিজেপিৰ অগ্ৰগতি

পলাশবাৰী সমষ্টিতো বিজেপিৰ বিজুলী কলিতা মেধিৰ অগ্রগতি।

ভোটাৰ ৰাইজলৈ ধন্যবাদ জ্ঞাপন সৰ্বানন্দ সোনোৱালৰ…

মাৰ্ঘেৰিটাত উপস্থিত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোনোৱালৰ।

মাৰ্ঘেৰিটাত উপস্থিত হৈ সৰ্বানন্দ সোনোৱালে ধন্যবাদ জ্ঞাপন কৰে ভোটাৰ ৰাইজলৈ।

মাৰ্ঘেৰিটাত এনেদৰে মন্তব্য কৰে বিজেপিৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

মাৰ্ঘেৰিটা ৮৩ নং বিধানসভা সমষ্টিত তৃতীয় ৰাউণ্ডৰ ফলাফল অনুসৰিঃ

আপ -1711
বিজেপি -4526
এজেপি -2665
তৃতীয় ৰাউণ্ডৰ অন্তত মাৰ্ঘেৰিটাত বিজেপিৰ পাৰ্থী সৰ্বানন্দ সোনোৱাল মুঠ – 1896 ভোটত অগ্ৰগতি।

ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত জিলিকিল অভয়াপুৰীৰ কৃষ্টি শিখা অধিকাৰী…

ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত জিলিকিল অভয়াপুৰীৰ কৃষ্টি শিখা অধিকাৰী। অসমৰ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ পাৰ্থ অধিকাৰী আৰু ড০ বন্দনা কলিতাৰ কন্যা ন বছৰীয়া কৃষ্টি শিখাই দ্বিভাষিক গীতেৰে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ’ত সন্নিবিষ্ট কৰিলে নিজৰ নাম।

প্ৰতিভাৱান কৃষ্টি শিখা অধিকাৰীয়ে ৪১ মিনিট ৩৪ ছেকেণ্ডত অবিৰতভাৱে ২১টা গীত গাই ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়।
তেওঁৰ অভিনয়ত ১৫টা অসমীয়া গীত আৰু ৬টা হিন্দী গীত আছিল। ইয়াৰ পূৰ্বে ২০২২ চনত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰাৰ উপৰিও ২০২৪ চনতো কৃষ্টি শিখাই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হয়।

লোকসভা নিৰ্বাচনৰ ফলাফলঃ অসমত ক’ত, কোন আগবাঢ়ি আছে…

আজি ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল।


পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোট গণনা।


৫৪৩খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ৮,৩৬০গৰাকী প্ৰাৰ্থীয়ে।

আনহাতে অসমৰ ১৪টা সমষ্টিত ভালেকেইগৰাকী হেভীৱেট প্ৰাৰ্থী অৱতীৰ্ণ হৈছে এই নিৰ্বাচনত।

অসমত ভালেকেইগৰাকী প্ৰাৰ্থীৰ মাজত হ’ব তুমূল নিৰ্বাচনী যুঁজ।

ডিব্ৰুগড় লোকসভা সমষ্টিত আগবাঢ়ি আছে সৰ্বানন্দ সোণোৱাল।

যোৰহাটত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৩৭৮৪৫টা ভোট লাভ কৰিছে।

ধুবুৰী লোকসভা সমষ্টিত আগবাঢ়ি আছে ৰকিবুল হুছেইন।

আজি ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল…

আজি ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল।

পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোট গণনা।

৫৪৩খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ৮,৩৬০গৰাকী প্ৰাৰ্থীয়ে।

Exit Pollৰ মতে NDA-এ ৩৭৯খন আসন লাভৰ সম্ভাৱনা।

সকলোৰে মনত প্ৰশ্ন নৰেন্দ্ৰ মোদী নে ৰাহুল গান্ধী, কাৰ পক্ষত জনতাৰ ৰায়দান?