Home Blog Page 797

পৰিৱেশ সজাগতা সৃষ্টিৰ লক্ষ্যৰে গুৱাহাটী মহানগৰ জিলা বন কৰ্মচাৰী সন্থাৰ গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী

অসম বন কৰ্মচাৰী সন্থাই আগন্তুক বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ছাত্ৰ – ছাত্ৰী, সাধাৰণ ৰাইজৰ মাজত পৰিবেশ সংৰক্ষণ আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাৰ বাবে অসম চৰকাৰৰ বন বিভাগৰ কৰ্মৰত সকলো পৰ্যায়ৰ বিষয়া আৰু বন কৰ্মচাৰী সকলক গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ দুদিনমান পূৰ্বে আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সহাৰি জনায় আজি সন্থাৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগত গুৱাহাটীৰ কাহিলীপাৰাস্থিত ভাউৰী দেবী চেৰাউগী শ্ৰৱণ বাধাগ্ৰস্ত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত এক গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয় । বিদ্যালয় চৌহদত এটি গছপুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম বন কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হোমেন পেগুয়ে ।

এই উপলক্ষে গুৱাহাটী জিলা সমিতিৰ সভাপতি জয়ন্ত কলিতাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে সাধাৰণ সম্পাদক প্রহ্লাদ গায়নে। অনুষ্ঠানত বিদ্যালয়খনৰ উপাধ্যক্ষ হেৰম্ব দাসে ভাগ লৈ চমু ভাষণত তেঁওলোকৰ বিদ্যালয়ত এনে ধৰণৰ মহৎ কাৰ্যসূচীৰ আয়োজন কৰা বাবে সন্থাৰ গুৱাহাটী জিলা সমিতিৰ কৰ্মকৰ্তা সকলৰ শলাগ লয় আৰু আগলৈকে যাতে পুনৰ এনে ধৰণৰ সময়োপযোগি কাৰ্যসূচী তেওঁলোকৰ বিদ্যালয়ত অনুষ্ঠিত কৰে তাৰ কামনা কৰে ৷ অনুষ্ঠানত সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি উৎপল বৰ্মন, বিত্ত সম্পাদক ঘনশ্যাম দাস ( জোন) , কাৰ্যকৰী সদস্য নকুল বৰুৱাকে ধৰি কেবাজনো সদস্য, গুৱাহাটী মহানগৰ জিলা সমিতিৰ কেবাজনো কৰ্মকৰ্তা , সদস্য অাৰু গুৱাহাটীৰ বিভিন্ন খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ কেবাজনো বনকৰ্মী উপস্থিত থাকে। অনুষ্ঠানত ছাত্ৰ – ছাত্ৰী , শিক্ষক – শিক্ষয়ত্ৰীৰ মাজত গছপুলি বিতৰণ কৰা হয়। তেনেদৰে বিদ্যালয় চৌহদত ছাত্ৰ – ছাত্ৰীৰ সহযোগত কেবাটাও থলুৱা প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয় ।

গুৱাহাটীত চিত্ৰাংকন প্ৰতিযোগিতা আৰু পুষ্টি শিবিৰৰ আয়োজন পূৰবী ডেইৰীৰ…

বিশ্ব দুগ্ধ দিৱস উপলক্ষে অসমৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পূৰবী ডেইৰীয়ে গুৱাহাটীত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখনি অংকন প্ৰতিযোগিতা আৰু অন্তৰ্দৃষ্টিপূৰ্ণ পুষ্টি শিবিৰৰ আয়োজন কৰে। পূৰবী ডেইৰীৰ প্ৰাংগণত ১ জুন তাৰিখে অনুষ্ঠিত হোৱা বিশ্ব দুগ্ধ দিৱস’ ২০২৪ কলা আৰু অংকন প্ৰতিযোগিতাত চহৰখনৰ বিভিন্ন বিদ্যালয়ৰ এশৰো অধিক শিশুৱে নিজৰ সৃষ্টিশীলতা প্ৰদৰ্শন কৰিবলৈ আৰু তেওঁলোকৰ নিয়মীয়া আহাৰত গাখীৰৰ গুৰুত্বৰ বিষয়ে শিকিবলৈ উৎসাহেৰে অংশগ্ৰহণ কৰে। অংকন প্ৰতিযোগিতাখনে সৰু ল’ৰা-ছোৱালীক কলাৰ মাধ্যমেৰে তেওঁলোকৰ কল্পনা আৰু প্ৰতিভা প্ৰকাশ কৰাৰ সুযোগ প্ৰদান কৰিছিল। প্ৰতিযোগিতাখনত তেওঁলোকৰ ৰঙীন আৰু অভিনৱ শিল্পকৰ্মই ‘অসমত গাখীৰ আৰু দুগ্ধউৎপাদন– শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ মূল চাবিকাঠি’ শীৰ্ষক বিষয়বস্তুক প্ৰতিফলিত কৰে।

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (এফ এ ও) ই বিশ্বব্যাপী খাদ্য হিচাপে গাখীৰৰ গুৰুত্ব স্বীকাৰ কৰাৰ লগতে দুগ্ধ খণ্ডক উদ্‌যাপন কৰিবলৈ প্ৰতি বছৰে ১ জুনত বিশ্ব দুগ্ধ দিৱস পালন কৰে। এইবছৰ গৃহীত বিষয়বস্তুৰ দ্বাৰা বিশ্বক মানসম্পন্ন পুষ্টি প্ৰদানৰ ক্ষেত্ৰত দুগ্ধজাত সামগ্ৰীৰ গুৰুত্বপূৰ্ণ ভূমিকা উদ্‌যাপন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। পূৰবী ডেইৰীৰ উদ্দেশ্য হৈছে গাখীৰৰ পুষ্টিগত লাভালাভৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু শিশু-কিশোৰৰ মাজত স্বাস্থ্যকৰ খাদ্যাভ্যাসক উৎসাহিত কৰা। শিশুসকলৰ কল্যাণৰ হকে গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে সমবায়ক অভিভাৱক আৰু শিক্ষক উভয়ে প্ৰশংসা কৰে। ৱামুলৰ বিপণন মুৰব্বী এছ এম হুছেইনে কয়, “শিশুসকলৰ এনে উৎসাহপূৰ্ণ অংশগ্ৰহণ দেখি আমি আনন্দিত হৈছো। পূৰবী ডেইৰীত, আমি সৰুৰে পৰা স্বাস্থ্যকৰ অভ্যাস গঢ়ি তুলিবলৈ শিক্ষা আৰু সৃজনশীলতাৰ শক্তিত বিশ্বাস কৰো। এই অনুষ্ঠানটো হৈছে সমাজৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি আৰু গাখীৰৰ পৰা হোৱা স্বাস্থ্যজনিত লাভালাভৰ প্ৰচাৰৰ এক প্ৰমাণ। পূৰবীৰ উৎপাদিত সামগ্ৰীৰ প্ৰতি যুৱ অংশগ্ৰহণকাৰীসকলৰ আগ্ৰহ অতি উৎসাহজনক।”

বিজয়ীসকলক পুৰস্কাৰ প্ৰদান আৰু সকলো শিশুকে অংশগ্ৰহণৰ প্ৰমাণপত্ৰ বিতৰণৰ দ্বাৰা অনুষ্ঠানটি সমাপ্ত হয়। যুৱ শিল্পীসকলৰ আনন্দ আৰু পুষ্টি সম্পৰ্কে তেওঁলোকে লাভ কৰা নতুন জ্ঞানে গুৱাহাটীত বিশ্ব দুগ্ধ দিৱস ২০২৪ৰ সফল উদ্‌যাপন চিহ্নিত কৰে। ক শাখা (চতুৰ্থ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ) ৰ পুৰস্কাৰ বিজয়ীসকল হৈছে বাস্তৱ দাস (প্ৰথম স্থান), নিৰ্জুমন বৰা (দ্বিতীয় স্থান) আৰু জ্যোতিষ্ময় ৰাভা (তৃতীয় স্থান)। খ শাখা (অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ) ৰ পুৰস্কাৰ বিজয়ীসকল হৈছে উদীপ্ত পাঠক (প্ৰথম স্থান), ৰিতুপৰ্ণ ৰয় (দ্বিতীয় স্থান) আৰু এনি কাশ্যপ (তৃতীয় স্থান)। প্ৰতিষ্ঠিত শিল্পী অনুপ কুমাৰ শৰ্মা, ৰূপৱৰ্ণম ফাইন আৰ্টচ চছাইটিৰ সভাপতি আৰু অসমৰ প্ৰতিষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শিল্পী শ্ৰীমতী সাগৰিকা শৰ্মা অনুষ্ঠানটোত বিচাৰক হিচাপে উপস্থিত থাকে।

কঠোৰ পৰিশ্ৰমৰ অন্তত টীয়কৰ বিৰাজ জ্যোতি কলিতাই ডক্টৰেট ডিগ্ৰী লাভ কৰি কঢ়িয়াই আনিলে গৌৰৱ…

কঠোৰ পৰিশ্ৰম একাগ্ৰতা আৰু সাধনা কৰিলে সফলতা লাভ কৰাত কেতিয়াও বাধা আহিব নোৱাৰে।এজন যুৱকৰ সফলতাৰ কাহিনী শুনিলে আপুনিও অনুপ্ৰাণিত হৈ উঠিব। যুৱকজন টীয়ক ৰজাবাৰী নামচুক গাৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক জিতেন কলিতা আৰু ৰূপহী কলিতাৰ পুত্ৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকল তথা পৰিয়াল আত্মীয় সকলোৱে যথেষ্ট আশাত আছিল কিন্তু সকলো আশা কৰা ধৰণে নহল। প্ৰথম বিভাগতো উত্তীৰ্ণ হোৱাৰ বিপৰীতে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাত সকলোৱে আচৰিত হৈছিল।

তেনে ফলাফল লাভ কৰি নিজেও আচৰিত হৈছিল যুৱকজন। কিন্তু যুৱকজনে নিজৰ আত্মবিশ্বাস হেৰুৱা নাছিল । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তেনে ফলাফলৰ বিপৰীতে কাকজান মহাবিদ্যালয়ৰ পৰা উচ্চতৰ চূড়ান্ত বৰ্ষত সুখ্যাতিৰে উত্তীৰ্ণ হৈ পুনৰ একেখন কলেজৰ পৰা বুৰঞ্জী বিষয়ত স্নাতক পৰীক্ষাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম শ্ৰেণী প্ৰথম বিভাগত উত্তীৰ্ণ হৈ গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হৈছিল সেই বিশেষ যুৱকজন।যুৱকজৰ নাম বিৰাজ জ্যোতি কলিতা। বুৰঞ্জী বিষয়টোক ভালপোৱা যুৱকজনে ডিব্ৰুগড বিশ্ববিদ্যালয় পৰা মাষ্টাৰ ডিগ্ৰী, এম ফিল ডিগ্ৰী লাভ কৰি ২০২০ চনত স্থায়ীকৈ যোৰহাট দেৱীচৰণ ছোৱালী মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে নিয়োগ হয়। বিৰাজ জ্যোতি কলিতাৰ বহুকেইটা গুৰত্বপূৰ্ণ লেখনি “১৯৬০ চনৰ ভাষা আন্দোলন,sex, sahibs and Bodies women workers in The tea plantation of colonial Asaam, চৰগোলা এক্সোডাস আৰু ইয়াৰ ঐতিহাসিক গুৰত্ব, সেউজীয়া অৰণ্যৰ পৃথিৱী গছ থাকিলেহে মানুহ থাকিব এনে বহু লেখনি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনীতো প্ৰকাশ কৰি আহিছে । ইয়াৰ উপৰিও যুটীয়া সম্পাদনাত ‘Tea plantation labour of Assam( Migration,culture and identity) নামৰ গ্ৰন্থখন প্ৰকাশ কৰে। শেহতীয়াকৈ বিৰাজ জ্যোতি কলিতাক গুৱাহাটী বিশ্ববিদ্যালয়ে আজি সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে। উক্ত খবৰে সমগ্ৰ অঞ্চললৈ কঢ়িয়াই আনিছে আনন্দৰ ৰেঙনি।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক তথা এগৰাকী আগশাৰীৰ ইতিহাসবিদ ড° ৰাজীৱ সন্দিকৈৰ তত্ত্বাৱধানত “যোৰহাটৰ চাহ শ্ৰমিকৰ সামাজিক ইতিহাস” (Social History of Tea Plantation Workers of Jorhat) বিষয়ক গৱেষণাৰ বাবে আনুষ্ঠানিকভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী (Ph.D) লাভ কৰিছে বিৰাজে। ঘৰৰ মাজু সন্তানৰ এই সাফল্যই পৰিয়ালৰ সকলোলৈকে সুখৰ বন্যা কঢ়িয়াই আনিছে।

মৌচুমী বায়ুৰ আগমনত ৰাজ্যজুৰি বৰষুণ ; পশ্চিম গুৱাহাটীত খেতিয়কৰ মুখত হাঁহি

ভাৰতৰ কৃষক ৰাইজৰ বন্ধু আৰু ভাৰতীয় অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ দক্ষিণ-পশ্চিম মৌচুমী বায়ু অসমসহ উত্তৰ পূবৰ ৰাজ্যকেইখনত এইবেলি সামুদ্ৰিক ধুমুহা ৰিমালৰ বাবে স্বাভাবিকতকৈ এটা সপ্তাহ আগতকৈ ৩০ মেত প্ৰৱেশ কৰিছে । স্বাভাবিক সময়ত উত্তৰ পূবৰ ৰাজ্য কেইখনত মৌচুমী বায়ু সাধাৰণতে ৫ বা ৬ জুনত প্ৰৱেশ কৰিব লাগে। কিন্তু ৰিমালৰ বাবে এইবেলি এটা সপ্তাহ আগতেই ৩০ মেত প্ৰৱেশ কৰিছে। ইফালে মৌচুমী বায়ুৰ প্ৰৱেশৰ লগে লগে এটা সপ্তাহ ধৰি উত্তৰ পূবৰ অান ৰাজ্যৰ লগতে অসমতো কম বেছি পৰিমাণে বৰষুণ হৈ আছে। বেচিভাগ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ আৰু কেবা ঠাইতো ধাৰাষাৰ পৰিমাণৰ বৰষুণ হৈছে।

সাধাৰণতে বতৰ বিজ্ঞানৰ ভাষাত ৬৫.৫ মিলিমিটাৰ বা ৬.৫ চেণ্টিমিটাৰতকৈ অধিক পৰিমাণৰ বৰষুণ হলে তাক ধাৰাষাৰ পৰিমাণৰ বৰষুণ হোৱা বুলি কোৱা হয় । অানহাতে মৌচুমী বায়ুৰ প্ৰভাৱত ৰাজ্যৰ সকলো ঠাইতে বৰষুণ আৰম্ভ হোৱাত তাপমাত্ৰা বহুখিনী কমি গৈছে । ফলত বিগত কেইদিনত ৰাইজে প্ৰচণ্ড গৰমৰ পৰা বহুখিনী সকাহ লাভ কৰিছে । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি সদৰি কৰা অনুসৰি মৌচুমী বায়ু প্ৰৱেশ কৰাৰ পাছত অসমৰ আকাশ আগন্তক পাঁচ দিন ধৰি ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ হব । আনকি মেঘালয় , অৰুণাচল প্ৰদেশ , ভূটানৰ সীমান্তবৰ্তী অঞ্চলসমূহ আৰু ডিমা হাছাও জিলাৰ কেতবোৰ ঠাইত ধুমুহা , গাঁজনী , ঢেৰেকনি , ব্ৰজপাতৰ সৈতে প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ইফালে প্ৰায় দুসপ্তাহৰো অধিক দিন ধৰি বৰষুণ নোহোৱা বাবে অসমৰ বেছিভাগ অঞ্চলতে স্বাভাৱিককৈ ৭ ডিগ্ৰীৰো অধিক বৃদ্ধি পাইছিল তাপমাত্ৰা । ফলত ৰাইজে গৰমৰ সৈতে সহাবস্থান কৰাৰ লগতে প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয় সমূহৰ পাঠদান কাৰ্য পুৱা ৭.৩০ বজালৈ আগুৱাই অনা হৈছিল । জেঠৰ গৰমে এক কথাত স্বাভাৱিক জনজীৱন ব্যাহত কৰিছিল । কিন্তু বৰষুণ আৰম্ভ হোৱাত তাপমাত্ৰা বহুখিনী কমি যোৱাত ৰাইজে গেলা গৰমৰ পৰা বহু সকাহ লাভ কৰিছে । অানহাতে বৰষূণৰ অপেক্ষাত থকা আৰু শালি ধানৰ খেতিৰ বাবে সাজু হোৱা কৃষক সকলৰ মুখত হাঁহি আহিছে বৰষুণৰ আগমনত । কিয়নো বৰষুণৰ অভাবত কিছুদিন আগলৈকে ৰাজ্যৰ বেছিভাগ পথাৰতে ছিৰাল ফাট মেলিছিল । ফলত স্বাভাবিকতে বৰষূণৰ বাবে কৃষক ৰাইজ অধীৰ আগ্ৰহৰে বাট চাই আছিল ।

ইফালে পশ্চিম গুৱাহাটীৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত বৃহত্তৰ ৰাণী অঞ্চলৰ বিক্ৰমপুৰ, নিৰলপুৰ , নালাপাৰা , পুৰাণ শুকুৰবৰীয়া, বেলগুৰী , মৈৰাপুৰ , পাট হালধীয়া, চল্লি , আন্ধেৰিজুলি, গণপতি, ধৰমপুৰ, ৰাজা পানীচন্দা , জবে পাটগাঁও , সজ্জনপাৰা আদিৰ কৃষক সকলে বিগত এটা সপ্তাহ ধৰি শালি ধানৰ কঠীয়া সিচাৰ পৰা আৰম্ভ কৰি পথাৰত হাল বোৱা কামত ব্যস্ত হৈ পৰিছে। সকলোৰে লক্ষ্য যিমান পাৰি সোনকালে কঠীয়া ৰোপণৰ কাম শেষ কৰা। মৌচুমী বায়ুৰ প্ৰভাৱত অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশ আৰু ভূটানত ধাৰাষাৰ পৰিমাণৰ বৰষুণ হোৱাত আৰু এই ধাৰা বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি আৰু যদি এটা সপ্তাহ পৰ্যন্ত অব্যাহত থাকে তেন্তে ৰাজ্যখন বানপানীৰ কবলত পৰাটো নিশ্চিত ।

EXIT POLL কেতিয়াও EXACT POLL হ’ব নোৱাৰেঃ ভূপেন বৰা…

আজি শিৱসাগৰৰ নাজিৰাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল সম্বোধন।বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ শিমলুগুৰিস্থিত বাসগৃহত দুই জ্যেষ্ঠ কংগ্ৰেছ নেতাই সম্বোধন কৰে সংবাদমেল। EXIT POLL সন্দৰ্ভত দেৱব্ৰত শইকীয়াই কয় মই EXIT POLL বিশ্বাস নকৰোঁ, অলপ অপেক্ষা কৰিলে প্ৰকৃত ফলাফল পাম।এইদৰে কয় দেৱব্ৰত শইকীয়াই। নিৱনুৱা সমস্যা তথা মূল্যবৃদ্ধিৰ বিপক্ষে ৰাইজে ভোটদান কৰিছে।GST, খাজানা বৃদ্ধি আৰু টোলগেট বৃদ্ধিয়ে ৰাইজক প্ৰভাৱিত কৰিছে।কংগ্ৰেছ দলৰ কৰ্মীসকলক ধৈৰ্য্য ধৰি ফলাফললৈ অপেক্ষা কৰিবলৈ আহ্বান। বিজেপিয়ে কৰ্মচাৰীক প্ৰেচাৰত ৰখাৰ চেষ্টা কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি ভুপেন বৰাই মন্তব্য কৰে।

লগতে EXIT POLL কেতিয়াও EXACT POLL হব নোৱাৰে বুলি ভূপেন বৰাই।বিজেপিয়ে যোৰহাটৰ ফলাফল সলনিৰ চেষ্টা কৰিছে, তৃণমূল পৰ্য্যায়ৰ কৰ্মীৰ মতে ভোটৰ হাৰ আৰু আসন বৃদ্ধি পাব।INDIA ALLIANCE চৰকাৰ দখল কৰিব বুলি বিশ্বাসী।এইদৰে কয় ভূপেন বৰাই।

পুনৰ জনতাক মাধমাৰ! ঘাইপথসমূহত থকা টোলগেটৰ মাচুল বৃদ্ধি…

পুনৰ জনতাক মাধমাৰ চৰকাৰৰ। নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে দেশবাসীলৈ চৰকাৰৰ ডাঙৰ উপহাৰ! আজিৰে পৰা ৰাজ্যত ভয়ানকভাৱে বাঢ়িব টোল কৰ। সৰ্বসাধাৰণ জনতাৰ পিঠিত মাধমাৰ সোধাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে মাজনিশাৰ পৰা অসমসহ দেশৰ ১১০০ খন টোলগেটত টোল কৰ বৃদ্ধি ৩ৰ পৰা ৫ শতাংশলৈ ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰাধিকৰণে বৃদ্ধি কৰা টোল কৰক লৈ ইতিমধ্যে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অনুসূচীত জাতী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট গোলাঘাট জিলা সমিতিয়ে।

গৰমে গৰ্ভত থকা শিশুটিৰ ক্ষতি কৰিব পাৰে! গৰ্ভৱতী মহিলাই এই লক্ষণসমূহ আওকাণ কৰিব নালাগে…

গৰ্ভাৱস্থাত এগৰাকী মহিলাৰ শৰীৰে শিশুৰ বিকাশৰ বাবে বহুতো প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’ব লাগে। এনে পৰিস্থিতিত এগৰাকী গৰ্ভৱতী মহিলাৰ শৰীৰ অতি সংবেদনশীল হৈ পৰে আৰু দুৰ্বল হোৱাৰ বাবে উচ্চ উষ্ণতাত থাকিব নোৱাৰে। কেৱল এয়াই নহয়, গৰ্ভত থকা শিশুৰ স্বাস্থ্যতো প্ৰভাৱ পেলায়, গ্ৰীষ্মকালত হিট ষ্ট্ৰোককে ধৰি বহুতো স্বাস্থ্যজনিত সমস্যাও আহি পৰে।যিসকল গৰ্ভৱতী মহিলাৰ শৰীৰৰ উষ্ণতা ৩৯ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হয়, তেওঁলোকৰ হিট ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বেছি। হিট ষ্ট্ৰ’কৰ বাবে শৰীৰৰ উষ্ণতা হঠাতে বাঢ়িবলৈ আৰম্ভ কৰে। এই অৱস্থাত গৰ্ভৱতী মহিলা আৰু গৰ্ভত থকা শিশু উভয়ৰে বাবে মাৰাত্মক হ’ব পাৰে। এনে পৰিস্থিতিত যদি আপুনি গৰ্ভৱতী আৰু ইয়াত উল্লেখ কৰা হিট ষ্ট্ৰ’কৰ লক্ষণসমূহ অনুভৱ কৰে, তেন্তে তৎক্ষণাত চিকিৎসকৰ ওচৰত যাব পাৰে-

গৰ্ভৱতী মহিলাৰ হিট ষ্ট্ৰোকৰ লক্ষণ সমূহ হৈছেঃ

উচ্চ জ্বৰ
প্ৰচুৰ ঘাম ওলোৱা
মূৰ ঘূৰোৱা বা মূৰৰ বিষ
ভাগৰ আৰু দুৰ্বলতা
বমি হোৱা
দ্ৰুত হৃদস্পন্দন
উশাহ লোৱাত কষ্ট পোৱা
বিভ্ৰান্তি বা অচেতনতা
ভোক কমি যোৱা
ভৰি, পেট আৰু হাতৰ জঠৰতা

গৰ্ভত থকা শিশুৰ ওপৰত হিট ষ্ট্ৰ’কৰ প্ৰভাৱঃ

জন্মগত দোষ
অকাল জন্ম
জন্মৰ সময়ত কম ওজন
গৰ্ভপাত কৰা
মৃত্যুৰ

প্ৰচুৰ পৰিমাণে পানী আৰু ঠাণ্ডা বস্তু খাব লাগে। ঢিলা আৰু পাতল ৰঙৰ কাপোৰ পিন্ধক। দুপৰীয়া ঘৰৰ পৰা ওলাই নাযাব। ঠাণ্ডা পানীৰে গা ধুব। ফলমূল আৰু শাক-পাচলি খাব।

মুকালমুৱাৰ লোহাৰকাঠাত ময়ূৰ হোটেলৰ নৱ সংযোজন “Mayur Fitness Unisex” নামেৰে শৰীৰ চৰ্চাৰ কেন্দ্ৰ মুকলি…

নলবাৰী জিলাৰ লোহাৰকাঠাত ময়ূৰ হোটেলৰ দ্বিতীয় মহলত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে “Mayur Fitness Unisex” নামেৰে শৰীৰ চৰ্চাৰ কেন্দ্ৰ। ল’ৰা-ছোৱালী উভয়ৰে বাবে মুকলি কৰা শৰীৰ চৰ্চাৰ কেন্দ্ৰটো মুকলি কৰে গুৱাহাটীৰ দুজন বডী বিল্ডাৰ ডেনিয়াল আহমেদ আৰু দুৰ্গা দাসে। লোহাৰকাঠাৰ দুই উদিয়মান যুৱক আৰিফ হুছেইন আৰু আমিৰ হুছেইনে উঠি অহা নৱ প্ৰজন্মক মাদক দ্ৰব্য সেৱনৰ পৰা দূৰত ৰখাৰ লগতে শৰীৰ চৰ্চাত গুৰুত্ব দিয়াৰ উদ্যেশ্য শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰে।


অতি কম খৰছত মুকালমুৱাৰ পাৰ্শ্বৱতী অঞ্চলৰ লগতে বিভিন্ন ঠাইৰ ইচ্ছুক লৰা ছোৱালীয়ে এই unisex শৰীৰ চৰ্চাৰ কেন্দ্ৰত নামভৰ্তি কৰিব পাৰিব।শৰীৰ চৰ্চাৰ কেন্দ্ৰ উদ্বোধনী অনুষ্ঠানত অঞ্চলটোৰ বহু কেইজন গণ্য মান্য ব্যাক্তি উপস্থিত থাকে।

চেনি সম্পূৰ্ণৰূপে এৰি দিয়াটো বুদ্ধিমানৰ কাম নহয়! চেনি নাখালেও সমস্যাত পৰিব আপুনি…

আমাৰ বেছিভাগেই মিঠা বস্তু খাই ভাল পায়, যদি কিবা কাৰণত চেনি এৰিবলগীয়া হয় তেন্তে এই সিদ্ধান্ত সহজ নলব। কিয়নো চেনি নাখালেও ইয়াৰ অসুবিধা। ভাৰতত ডায়েবেটিছৰ ৰোগীৰ সংখ্যা ইমানেই বেছি যে এই ৰোগৰ সন্দৰ্ভত ভয়ৰ সৃষ্টি হোৱাটো স্বাভাৱিক। ডায়েবেটিছ ৰোগীক চেনি আৰু মিঠা বস্তু কমকৈ খাবলৈ পৰামৰ্শ দিয়া হয়। এই ৰোগৰ পৰা আঁতৰি থাকিব বিচৰা লোকসকলে চেনিৰ পৰা আঁতৰি থাকিবলৈ আৰম্ভ কৰে, কিন্তু চেনি সম্পূৰ্ণৰূপে এৰি দিয়াটো উচিত নহয়। ইয়াৰ ফলত স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। জানো আহক হঠাতে চেনী এৰিলে ক হয়…


চেনি দুবিধ, এটা প্ৰাকৃতিক আৰু আনটো প্ৰচেছড। আমি আম, আনাৰস, লিচু, নাৰিকল আদি ফলৰ পৰা প্ৰাকৃতিক চেনি পাওঁ, কিন্তু প্ৰচেছড চেনি কুহিঁয়াৰ আৰু বীটৰ পৰা প্ৰস্তুত কৰা হয়। নিয়ন্ত্ৰণত চেনি খোৱাটো সঠিক সিদ্ধান্ত, কিন্তু সম্পূৰ্ণৰূপে ত্যাগ কৰাটো সঠিক বুলি গণ্য কৰা নহয়।

কুহিঁয়াৰ পৰা বনোৱা চেনিৰ কেলৰি অতি বেছি, যদিও ইয়াৰ কোনো পুষ্টিকৰ মূল্য নাই, কিন্তু প্ৰাকৃতিক চেনিত ভিটামিন আৰু খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায়। মিঠা বস্তুৰ সোৱাদে আমাক আকৰ্ষণ কৰে, গতিকে মিঠা সম্পূৰ্ণৰূপে এৰি দিয়াটো সহজ সিদ্ধান্ত নহয়, কিন্তু যদি আপুনি মিঠা আপোনাৰ দৈনন্দিন খাদ্যৰ পৰা আঁতৰাই পেলায় তেন্তে আপুনি হয়তো ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ব।

বহু গৱেষণাৰ পৰা জানিব পৰা গৈছে যে যিসকল লোকে হঠাতে চেনি খোৱা বন্ধ কৰি দিয়ে, তেওঁলোক সোনকালে ভাগৰি পৰিব আৰু সদায় মূৰৰ বিষ অনুভৱ কৰিব যিটো খিংখিঙীয়া হোৱাৰ কাৰণ হৈ পৰিব।

চেনি এৰিলে ক্ৰমান্বয়ে আপোনাৰ শৰীৰত প্ৰভাৱ পৰিব। যিহেতু ই শক্তিৰ উৎস, গতিকে মিঠাৰ পৰা নিজকে আঁতৰাই ৰাখিলে ভাগৰুৱা অনুভৱ কৰাটো স্বাভাৱিক। চেনি এৰি দিয়াৰ পিছত শৰীৰৰ পৰা অতিৰিক্ত ইনচুলিন কমিবলৈ আৰম্ভ কৰে।

অসমত স্হাপন হ’ব প্রথমখন আইআইএম, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসমবাসীক দিলে এই সুখবৰ…

অসমত স্হাপন হ’ব প্রথমখন আইআইএম। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দেওবাৰে এক্সযোগে অসমবাসীক এই সুখবৰটো দিছে। কেন্দ্ৰীয় চৰকাৰৰ আৱণ্টিত এই আইআইএমখন গুৱাহাটীৰ কাষৰীয়া পলাশবাৰীৰ মৰাভিঠাত স্থাপন কৰা হ’ব। চলিত বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীত এই গুৰুত্বপূৰ্ণ আইআইএমখন প্রতিষ্ঠাৰ বাবে মৰাভিঠাৰ সংশ্লিষ্ট স্থানডোখৰ অসম চৰকাৰৰ স্থান নির্বাচন কমিটীলৈ হস্তান্তৰৰ সন্দৰ্ভত এক চুক্তিপত্ৰত স্বাক্ষৰ কৰে। সংশ্লিষ্ট আইআইএমখন প্ৰতিষ্ঠাৰ বাবে ৰাজ্য চৰকাৰে মুঠ ৫৭৪ বিঘা ভূমি আৱণ্টন দিছে।

এই সন্দৰ্ভত এক্সযোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে যে ২০২৩ চনত অসম চৰকাৰে কৰা অনুৰোধমৰ্মে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে অসমৰ জনসাধাৰণৰ বাবে এই আইআইএমখন গুৱাহাটীত স্থাপনৰ বাবে অনুমোদন কৰিছে। এই আইআইএমখন কামৰূপ জিলাৰ পলাশবাৰী অন্তৰ্গত মৰাভিঠাত স্থাপন হ’ব। অসমত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগ্ৰহ আৰু সদিচ্ছাৰ বাবেই আইআইটি, এইমছ, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু এতিয়া আইআইএম লাভ কৰিলে। উল্লেখ্য কৰিব পাৰি যে উল্লেখিত আইআইএমখন ডিপিআৰ প্রস্তুত কৰিব আইআইএম আহমদাবাদে। এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ আৰু অসম চৰকাৰেও সহযোগিতা কৰিব আৰু পৰৱৰ্তী সময়ত এই ডিপিআৰ কেন্দ্ৰীয় শিক্ষা মন্ত্রণালয়ত জমা দিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই সন্দৰ্ভত আৰু কয় যে আইআইএম প্রতিষ্ঠাৰ সম্পর্কিত বিষয়টো কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ ওচৰত শক্তিশালীভাৱে উপস্থাপন কৰা হৈছিল।

অসমে ইয়াৰ বাবে ভূমিৰ প্ৰাৰম্ভিক তথ্য আৰু ন্যায়সংগত সমর্থন প্রকাশ কৰিছিল। এতিয়া অসমত ভৱিষ্যতে হ’বলগীয়া আইআইএমখন মেণ্টৰ হিচাপে আইআইএম আহমদাবাদে কাম কৰিব।অসমত আইআইএম প্ৰতিষ্ঠাৰ লগে লগে অঞ্চলটোৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত এক বৃহৎ পৰিৱৰ্তন সম্ভৱ হ’ব আৰু ৰাজ্যখন পূর্ব ভাৰতৰ এখন শৈক্ষিক হাব হিচাপে পৰিগণিত হ’ব। ইয়াৰোপৰি প্ৰস্তাৱিত এই আইআইএমখনে অর্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত ডাঙৰ উৎসাহ প্রদান কৰিব। ইয়াৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী আৰু শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানক বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে।