Home Blog Page 797

গৰম দিনত আমাৰ মনলৈ অহা প্ৰথম ফল নেমু! নেমু পানী খোৱাৰ আছে বহু উপকাৰিতা…

নেমু পানী স্বাস্থ্যৰ বাবে অতি উপকাৰী। ওজন কমোৱাৰ বাবে নেমু অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয়। ওজন হ্ৰাসৰ বাবে ৰাতিপুৱা খালী পেটত নেমুৰ পানী খোৱাৰ পৰামৰ্শ বিশেষজ্ঞৰ পৰা আৰম্ভ কৰি সাধাৰণ লোকেও দিয়ে। নেমুত থকা ভিটামিন চি এ আপোনাক বহু ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

আনহাতে ভাৰতত বিশেষকৈ মে’ আৰু জুন মাহত গৰমৰ ঢৌ সাধাৰণতে দেখা যায়। সেয়েহে সুষম খাদ্যাভ্যাস, প্ৰচুৰ পৰিমাণে পানী খোৱা, নেমুৰ ৰস সেৱন কৰি স্বাস্থ্যৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ।

আনহাতে গৰমৰ দিনত শৰীৰটো ঠাণ্ডা কৰি ৰখাৰ উপৰিও এই নেমু ৰসৰ স্বাস্থ্যৰ আন আন উপকাৰো আছে।

গৰমত নেমুৰ ৰস খোৱাৰ উপকাৰৰ বিষয়ে জানো আহক-

দৈনিক এগিলাচ নেমুৰ ৰস সেৱন কৰিলে আপোনাৰ হজম শক্তি উন্নত হ’ব।

নেমুত ভিটামিন চি থাকে, যিয়ে আপোনাৰ হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা কম কৰাত সহায় কৰে।

নেমুৰ পানীত পেক্টিন ফাইবাৰ থাকে, যিয়ে আপোনাক ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে।

ছালৰ বাবেও ভাল নেমু ৰস।

আজিৰে পৰা মেঘালয়ৰ উমৰইত আৰম্ভ ভাৰত-ফ্ৰান্স যৌথ সামৰিক অনুশীলন শক্তিৰ সপ্তম সংস্কৰণ…

আজিৰে পৰা মেঘালয়ৰ উমৰইত আৰম্ভ হৈছে ভাৰত-ফ্ৰান্স যৌথ সামৰিক অনুশীলন শক্তিৰ সপ্তম সংস্কৰণ।

মুকলি অনুষ্ঠানত উপস্থিত থাকে ভাৰতত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত থিয়ৰী মাথৌ,

৫১ ছাব এৰিয়া কমাণ্ডিং জেনেৰেল অফিচাৰ মেজৰ জেনেৰেল প্ৰসন্ন সুধাকৰ যোশী।

ৰাতিপুৱা শুই উঠি নাচাব এই ৫ টা বস্তু! গোটেই দিনটো বেয়া হ’ব…

ৰাতিপুৱা শুই উঠি সকলোৱে ভাৱে আজি দিনটো ভালে ভালে যাওক, যাতে কোনো সমস্যাৰ সন্মুখীন হ’ব নালাগে। কোৱা হয় যে যদি আমি ৰাতিপুৱা ভাল কাম কৰো বা ভাল কিবা এটা দেখো তেতিয়া গোটেই দিনটো ভালে যায়। আনহাতে যদি আমি কিবা দুখৰ খবৰ শুনো বা কিবা বেয়া বস্তু দেখিবলৈ পাওঁ তেতিয়া গোটেই দিনটো বেয়া হৈ যায়। শাস্ত্ৰৰ মতে ৰাতিপুৱা সোনকালে সাৰ পোৱাৰ পিছত কিছুমান বস্তু দেখাটো অশুভ বুলি গণ্য কৰা হয়। ৰাতিপুৱা কি কি দেখিব নাপাই জানো আহক-

ৰাতিপুৱা সাৰ পোৱাৰ পিছত আইনালৈ চোৱাটো অশুভ। ইয়াৰ বাবে আপুনি নেতিবাচকতাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

ৰাতিপুৱা সোনকালে সাৰ পাই ভঙা মূৰ্তি চাব নাপাই। ইয়াৰ বাবে দিনটোৰ ভিতৰত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। আনহাতে ঘৰত কোনো ভঙা মূৰ্তি ৰাখিব নালাগে।

ৰাতি আহাৰ খোৱাৰ পিছত বাচন-বৰ্তন পাকঘৰত থোৱাৰ অভ্যাস আছে বহুতৰে। ৰাতিপুৱা লেতেৰা বাচন-বৰ্তন দেখাৰ ফলত আৰ্থিক অসুবিধাৰ সৃষ্টি হ’ব পাৰে। মাতৃ লক্ষ্মী অসন্তুষ্টি হয়।

ৰাতিপুৱা সাৰ পোৱাৰ পিছত বনৰীয়া জন্তুৰ ফটো চাব নালাগে। ইয়াৰ ফলত কাৰোবাৰ লগত কাজিয়াৰ সন্মুখীন হ’বলগীয়াও হ’ব পাৰে।

পশ্চিম কাৰ্বি আংলংঙৰ কান্দুলী সীমান্ত আৰক্ষী চকীত অসম আৰু মেঘালয়ৰ সীমান্ত শান্তি স্থাপন উদ্দেশ্য আলোচনা অনুষ্ঠিত…

পশ্চিম কাৰ্বি আংলংঙৰ কান্দুলী সীমান্ত আৰক্ষী চকীত অসম আৰু মেঘালয়ৰ সীমান্ত শান্তি স্থাপন উদ্দেশ্য আলোচনা অনুষ্ঠিত ৷ উভয় পক্ষৰ ৰাইজৰ প্ৰতিনিধিত্ব উপস্থিতিত সভাত উপস্থিত পশ্চিম কাৰ্বি কাৰ্বি আংলংঙৰ হামৰেন জিলা কমিচনাৰৰ সীমান্ত শাখা মেজিট্ৰেট আলক গীৰ লস্কৰ ৷হামৰেন আৰক্ষী থানা বিষয়া অমৰজোতি বাইলুং ৷ চছেং আমৰেং উন্নয়ন সমিটি সভাপতি আগস্টিন হানছে সঁহ কাৰঁবি চাত্ৰ সংস্থা সজাতি দল ৷ আনফালে মেঘালয়ৰ প্ৰতিনিধি হিচাপে চাইচিমা আৰক্ষী চকী বিষয়া সঁহ ৱেছ জয়ন্তীয়া হিল ৰ ৰাইজৰ সামাজিক কৰ্মকৰতা প্ৰতিনিধি আৰু কান্দুলী গাওঁৰ গাওঁবুড়া উপস্থিত থাকে ৷

উভয় পক্ষৰ আলোচনা অন্তত পাঁছটা বিষয় সহমত প্ৰকাশ কৰে ক্ৰমে সীমান্তত কেএএচি ৰ এনট্ৰি টেক্স গেট স্থাপন ৷ অবৈধভাৱে মেঘালয়ৰ জয়ন্তীয়া হিলৰ ৰাইজে পশ্চিম কাৰ্বি আংলংঙৰ অনুপ্ৰবেশ তথা মাটি দখল কৰা বন্দ কৰা ৷ খাচীয়া ৰাইজে পশ্চিম কাৰ্বি আংলংঙত বসবাস কৰা সকলো গয়া ৰাইজে কাৰঁবি আংলংঙৰ স্বাযত্ব শাসিত পৰা প্ৰদান কৰা মাটি পট্টা থকাটো বাধ্যতামূলক । সমান্তৰালভাৱে মেঘালয়ৰ বসবাস কৰা কাৰঁবি জনজাতি লোকসকলক মাটি পট্টা প্ৰদান কৰিব লাগিব মেঘালয় চৰকাৰে ৷

মেঘালয়ৰ পৰা দূৰব্‌ক্ত দ্বাৰা অবৈধভাৱে পশ্চিম কাৰ্বি আংলংঙৰ সীমান্ত বনজ সম্পদ ধবংসৰ কাৰ্য্য বন্দ কৰা লগতে বিনা অনুমতি বিল পুখুৰীত জংগলৰ প্ৰবেশৰ নিশেষ ৷ অৱশেষত বৰ্তমান নিৰ্মাণ হৈ থকা বৈঠালাং হামৰেন আৰু কান্দুলীলৈ যোৱা পথৰ আচাম মালা পথৰ নিৰঁমাণৰ কোনো ও বাধা কৰিব নোবাৰি বুলি সভা গ্‌হিত হয় ৷চছেং আমৰেং উন্নয়ন সমিটি নেতৃত্বত আলোচনা মৰ্মে মেঘালয় জয়ন্তীয়া প্ৰতিনিধি সকলেও সহমত প্ৰকাশ কৰে বুলি চছেং আমৰেং উন্নয়ন সমিটি অধক্ষ্য আগোষ্টিন হানছে প্ৰকাশ কৰে ৷

পংখী সন্দিকৈৰ ন্যায়ৰ দাবীত শিৱসাগৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট…

পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীত শিৱসাগৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন। পংখী সন্দিকৈক হত্যাৰ অভিযোগত স্বামী নিতিকেশক চাকৰিৰ পৰা বৰ্খাস্ত কৰি ফাঁচি দিয়াৰ দাবীত আজি শিৱসাগৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয়।শিৱসাগৰ নগৰত থকা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত পালন কৰা এই কাৰ্যসূচীত জাতীয়, জনগোষ্ঠীয় সংগঠন আৰু ৰাইজে অংশগ্ৰহন কৰে।

পংখী সন্দিকৈৰ মাতৃ গৃহৰ লোকেও এই ধৰ্মঘটত অংশগ্ৰহন কৰে। পংখীৰ স্বামী নিতিকেশ দাসৰ ফাঁচিৰ দাবীত অৱস্থান ধৰ্মঘটস্থলী উত্তাল হৈ পৰে। আনহাতে বিজপি চৰকাৰৰ দিনত নাৰীৰ ওপৰত নিৰ্যাতন বৃদ্ধি হোৱা বুলি সংগঠন সমুহৰ নেতৃবৃন্দই ক্ষোভ প্ৰকাশ কৰে।

শোৱাৰ সময়ত এই সমূহ বস্তু ৰাখক মূৰৰ ওচৰত! দেখিব আপোনাৰ ভাগ্য ফুলিব…

শোৱাৰ সময়ত যদি কিছুমান বস্তু লগত ৰাখে, তেন্তে আপোনাৰ জীৱনত সুখ আৰু সমৃদ্ধি বাঢ়িব। সকলো বস্তুতে ইতিবাচক বা নেতিবাচক শক্তি থাকে। এই শক্তিয়ে চাৰিওফালৰ মানুহ আৰু পৰিৱেশত প্ৰভাৱ পেলায়। যদি আপুনি আপোনাৰ জীৱনত সুখ আৰু সৌভাগ্য বৃদ্ধি কৰিব বিচাৰে তেন্তে প্ৰতি নিশা শোৱাৰ আগতে বিচনাৰ কাষত কিছুমান বস্তু ৰাখক। এই বস্তু সমূহৰ দ্বাৰা বহু সমস্যাৰ সমাধান হ’ব আৰু অৰ্থনৈতিক অৱস্থাও ভাল হ’ব।


মুদ্ৰা মাতৃ লক্ষ্মীৰ লগত সম্পৰ্কিত। ধনৰ দেৱী লক্ষ্মীক সুখী কৰি ৰাখিবলৈ পইচা সদায় শ্ৰদ্ধাৰে ৰখা উচিত। যাতে আমাৰ ওচৰলৈ আৰু টকা আহে। যদি আপুনি কোনো ৰোগত আক্ৰান্ত তেন্তে শোৱাৰ সময়ত আঠুৱাৰ পূব দিশত এটা মুদ্ৰা ৰাখক। এনে কৰিলে ৰোগৰ পৰা সকাহ পাব পাৰি।

দা: ৰাতি প্ৰায়ে বেয়া সপোন দেখা বা সঘনাই টোপনিৰ অসুবিধা হ’লে ৰাতি শোৱাৰ আগত আঠুৱাৰ কাষত লোহাৰ বস্তু যেনে দা, কটাৰি আদি ৰাখিব লাগে। ইয়াৰ ফলত টোপনি বা সপোনৰ লগত জড়িত সমস্যা দূৰ হয়।

ইলাচিঃ ইলাচি অতি গুৰুত্বপূৰ্ণ। ৰাতি শোৱাৰ আগতে আঠুৱাৰ ওচৰত সৰু সৰু ইলাচি ৰাখক, ইয়াৰ ফলত আপোনাৰ ভাল টোপনি আহিব। লগতে ধৰণৰ শাৰীৰিক, মানসিক আৰু আৰ্থিক সমস্যাৰ পৰাও আপুনি সকাহ পাব।

আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক শেষ শ্ৰদ্ধা জ্ঞাপন…

GMCHত আজি পুৱা ৭.০৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক থানেশ্বৰ বড়োয়ে।

আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়লৈ প্ৰবীণ জাতীয়তাবাদী নেতা, অগপৰ প্ৰাক্তন সভাপতিগৰাকীৰ নশ্বৰদেহ অন্তিমবাৰৰ বাবে নিয়া হয়।

অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি দলীয় সতীৰ্থসকলে দলৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তনমন্ত্ৰীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব প্ৰাক্তন মন্ত্ৰীগৰাকীৰ শেষকৃত্য।অসম বিধানসভাৰ চৌহদলৈও নিয়া হ’ব থানেশ্বৰ বড়োৰ নশ্বৰদেহ।

বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন যুৱক…

বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা । গুৰুতৰভাৱে আহত দুজন যুৱক । হিৰ এক্স পাল্স বাইক আৰু টম টমৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছে এই দুৰ্ঘটনা । বৰপথাৰ নগৰৰ আই বি তিনিআলিত সংঘটিত হৈছে পথ দুৰ্ঘটনাতো ।

গুৰুতৰভাৱে আহত বাইক আৰোহী দুজনক বৰপথাৰ ক্ষুদ্ৰ প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাৰ পাছত এতিয়া উন্নত চিকিৎসাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে।

আহত দুই যুৱক হৈছে বিদ্যাপুৰৰ প্ৰিয়ম শইকীয়া আৰু মেৰাপানী চিচুপানীৰ গৌতম মুছাহাৰী।দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ হৈছে AS 05 U 5427 । দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই ই ৰিক্সা খনে পলায়ন কৰে। ইপিনে ততাতৈয়াকৈ বৰপথাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

মুম্বাইৰ প্ৰাণঘাতী হৰ্ডিংখনৰ গৰাকী ভৱেশ ভিন্দেক গ্ৰেপ্তাৰ…

মুম্বাইৰ প্ৰাণঘাতী হৰ্ডিংখনৰ গৰাকীক গ্ৰেপ্তাৰ। উদয়পুৰৰ পৰা মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰিছে ভৱেশ ভিন্দেক।

প্ৰচণ্ড বৃষ্টিপাত-ধুমুহাত ১০০ ফুট ওপৰৰ পৰা বাগৰি পৰিছিল হৰ্ডিং।

গুৰুতৰভাৱে আহত হৈছিল ৭৬জন লোক। ঘাটকোপাৰ অঞ্চলত সোমবাৰে ঘটিছিল এই ঘটনা।

ইউটিউবাৰ ভাঙা টিভি চিকিৎসালয়ৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ…

ভাঙা টিভি খ্যাত ইউটিউবাৰ দ্বীপজ্যোতি ডেকা বাইহাটা চিগনাচ হাস্পতালৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ।

যোৱা কেইদিনমানৰ পূৰ্বে মঙ্গলদৈৰ গাঁৱবুঢ়াৰ চ’কত কোনো দুৰ্বৃত্তই আক্ৰামন কৰাৰ ফলত গুৰুতৰভাৱে আঘাত পোৱা দ্বীপজ্যোতি ডেকা উন্নত চিকিৎসাৰ বাবে বাইহাটাস্থিত চিগনাচ হাস্পতালত চিকিৎসাধীন হৈ আছিল।

মূৰত আঘাতপ্ৰাপ্ত দীপজ্যোতি বৰ্তমান সুস্থ হৈ উঠিছে।

প্ৰতিটো মুহূৰ্তত চিগনাচ হাস্পতালৰ ডক্টৰ নাৰ্চ ব্যস্ত হৈ আছিল দ্বীপজ্যোতি ডেকাৰ উন্নত চিকিৎসা প্ৰদান কৰি সুস্থ কৰিবলৈ।

বৰ্তমান দ্বীপজ্যোতি ডেকা সুস্থ হৈ নিজ ঘৰলৈ উভতিল।

লগতে ভাঙা টিভি দ্বীপজ্যোতি ডেকাই সমূহ অসমবাসীক ধন্যবাদ জনোৱাৰ লগতে চিগনাচ হস্পিতালৰ কৰ্তৃপক্ষক ধন্যবাদ জনাই।