Home Blog Page 798

মৰিয়নীস্থিত “হোলোঙাপাৰ গিবন অভয়াৰণ্য”ত কপিকুলৰ সন্মুখত ভাবুকি ৰেল বিভাগৰ বৈদ্যুতিক খুটা…

মৰিয়নীস্থিত যোৰহাট জিলাৰ এক মাত্ৰ বন্যপ্ৰাণী অভয়াৰণ্য , “হোলোঙাপাৰ গিবন অভয়াৰণ্য” ইয়াৰ মাজেৰে যোৱা ৰেল পথে গিৱনত অভয়াৰণ্যত থকা হাতী কে ধৰি বিভিন্ন জীৱ জন্তুৰ জীৱনলৈ ভাবুকি সৃষ্টি কৰি অহাৰ সময়তে এইবাৰ গিৱনত বাস কৰা কপিকুলৰ জীৱনৰ প্ৰতিও সৃষ্টি হৈছে আন এক ভাবুকি।

এইবাৰ ৰেলৰ বৈদ্যুতিক ইঞ্জিন চলাচল কৰিবৰ বাবে গিবনৰ মাজেৰে যোৱা ৰেল পথৰ দাঁতিত ৰেল বিভাগে বৈদ্যুতিক খুটা স্থাপন কৰাৰ লগতে বিদ্যুতৰ তাঁৰ সংযোগ কৰা দেখা গৈছে যাৰ পৰিপেক্ষিতত গিৱনকে ধৰি আন প্ৰজাতিৰ বান্দৰ ৰেল পথৰ সিটোপাৰৰ পৰা ইটোপাৰ হোৱাৰ সময়ত বৈদ্যুতিক তাঁৰত লাগি মৃত্যু হোৱাটো পূৰ্ণ

সম্ভাৱনা থকাৰ আকাংক্ষা কৰি চিন্তিত হৈপৰিছে স্থানীয় লোকৰ লগতে প্ৰকৃতি প্ৰেমী সকল। উল্লেখ যে গিৱন অভয়াৰন্যত, গিৱনকে(হলৌ বান্দৰ) ধৰি এছিয়াৰ সাত টা প্ৰজাতিৰ কপিকুল একেলগে দেখিবলৈ পোৱা যায় একমাত্ৰ অভয়াৰণ্য গিৱণ।

অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, “অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী, অসম গণ পৰিষদৰ এসময়ৰ এগৰাকী সক্ৰিয় নেতা থানেশ্বৰ বড়ো ডাঙৰীয়াৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। শৈক্ষিক খণ্ডৰ উত্তৰণৰ লগতে জাতীয় জীৱনৰ কল্যাণৰ হকে তেখেতে লোৱা ভূমিকা স্মৰণীয় হৈ থাকিব।

থানেশ্বৰ বড়ো ডাঙৰীয়াৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জনালোঁ। ওম শান্তি।”

বেগী বলাৰ বিচাৰি অসমৰ বিভিন্ন প্ৰান্তত অসম ক্ৰিকেট সন্থাৰ বিশেষ পদক্ষেপ…

অষ্ট্ৰেলিয়াৰ ক্ৰিকেট খেলুৱৈ তথা অসম ক্ৰিকেট সন্থাৰ টেকনিকেল ডাইৰেক্টৰ লিউক উইমব্ৰীজৰ উপস্থিতিত বৰপেটাত বেগী বলাৰ নিৰ্বাচন। সদৌ অসম ক্ৰিকেট সন্থাৰ সহযোগত আৰু অসম ক্ৰিকেট সন্থাৰ অকাডেমিৰ উদ্যোগত অসমৰ পাছটা বিশেষ অঞ্চলত চলিত বৰ্ষৰ বিভিন্ন শিতানত প্ৰতিভা সম্পন্ন বেগী বলাৰ নিৰ্বাচন কৰিবলৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। বৰপেটা পৌৰসভাৰ খেল পথাৰত বৰপেটা ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত এই বেগী বলাৰ নিৰ্বাচনত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় চাৰি শ জন ক্ৰিকেট খেলুৱৈ অংশগ্ৰহণ কৰে।

অসম ক্ৰিকেট সন্থাই ঢুকি নোপোৱা খেলুৱৈ সকলক এখন উপযুক্ত খেল পথাৰ দিবলৈ এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াত উপস্থিত থকা প্ৰায় চাৰি শ জন ক্ৰিকেট খেলুৱৈৰ পৰা প্ৰতিভা সম্পন্ন বেগী বলাৰ নিৰ্বাচন কৰি তেওঁ লোকক ভবিষ্যতৰ কাৰণে উপযুক্ত সুবিধা দিয়া হ’ব। ল’ৰা ছোৱালীৰ মাজত বিভিন্ন শিতানত এই খেলুৱৈ সকলক নিৰ্বাচিত কৰা হ’ব।

আজিৰ এই বিশেষ বেগী বলাৰ নিৰ্বাচনৰ সময়ত উপস্থিত থাকে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট খেলুৱৈ তথা অসম ক্ৰিকেট অকাডেমিৰ টেকনিকেল ডাইৰেক্টৰ লিউক উইমব্ৰীজ, মুম্বাইৰ বোলিং কোছ্ প্ৰদীপ সুন্দৰম আৰু অসম ক্ৰিকেট সন্থাৰ বহুকেইজন বিষয়ববীয়া।

পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ মাইনুল ইছলাম নামৰ লোকজন…

পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ অসমৰ লোক। ১০ মে’ত ৪ বন্ধুৰ সৈতে গৈছিল মাইনুল ইছলাম নামৰ লোকজন।

১৩ মে’ত শেষবাৰৰ বাবে মাইনুলৰে যোগাযোগ হৈছিল পত্নীৰ।

মাইনুলৰ সন্ধান পালে 70992-41464/60007-03148ত যোগাযোগৰ আহ্বান পৰিয়ালৰ।

পুনৰ শিল্পীক অপমান! মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাক চৰম অপমান, কিয় বাৰে বাৰে ইজনৰ পিছত সিজন শিল্পী অপমানিত হ’ব লগা হৈছে…

পুনৰ শিল্পীক অপমান! মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাক চৰম অপমানৰ অভিযোগ। ইজনৰ পিছত সিজন কণ্ঠশিল্পী অপমানিত হৈছে বিহু মঞ্চত। কিছুদিন পূৰ্বে কণ্ঠশিল্পী মৌচুম গগৈ, পদ্মনাভ বৰদলৈকে ধৰি বহুকেইগৰাকী শিল্পী অপমানিত হৈছিল বিহু অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ গৈ। এইবাৰ তেনে এক ঘটনা সংঘটিত হৈছে কণ্ঠশিল্পী সান্নিধ্য ভূঞাৰ সৈতে।বিহু কমিটীয়ে সান্নিধ্য ভূঞাৰ সৈতে যি ব্যৱহাৰ কৰিছিল ইতিমধ্যে সেই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

এতিয়া প্ৰশ্ন হয় কিয় বাৰে বাৰে ইজনৰ পিছত সিজন শিল্পী অপমানিত হ’ব লগা হৈছে? ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কণ্ঠশিল্পীক অপমানিত কৰা দৃশ্য।

বৰপেটাৰোড সাৰ্বজনীন ৰঙালী বিহুৰ মঞ্চত সান্নিধ্য ভূঞা অপমানিত হোৱাৰ অভিযোগ উঠিছে। ৩০ মিনিট পলম হোৱাৰ বাবে কমিটিৰ সদস্যই গালি দিয়াৰ অভিযোগ শিল্পীগৰাকীৰ। সামাজিক মাধ্যমযোগে দুঃখ প্ৰকাশ কণ্ঠশিল্পীগৰাকীৰ।

শোণিতপুৰৰ বালিপৰাত পাৰিবাৰিক কন্দলত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ…

শোণিতপুৰৰ বালিপৰাত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি।

দীঘলী বালিজানত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ।

মহিলাগৰাকীৰ দেহত স্পষ্ট আঘাতৰ চিন । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে পম্পীৰ স্বামী ৰাজু দে’ক।

প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ মৃত্যুত বিভিন্নজনৰ গভীৰ শোক প্ৰকাশ…

প্ৰাক্তন শিক্ষা মন্ত্ৰী থানেশ্বৰ বড়োৰ আজি পুৱা ৭.০৮ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ। দীৰ্ঘদিন ধৰি মধুমেহ, যকৃৎ, বৃক্ক আৰু হৃদৰোগত আক্ৰান্ত হৈ আছিল বড়ো। মৃত্যুৰ সময়ত থানেশ্বৰ বড়োৰ বয়স আছিল ৮৫ বছৰ।

প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ মৃত্যুত বিভিন্নজনৰ শোক প্ৰকাশ। প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ মন্ত্ৰী অশোক সিংহালৰ।

আজি পৰাগ কুমাৰ দাসৰ ২৯ সংখ্যক মৃত্যুবাৰ্ষিকী…

আজি পৰাগ কুমাৰ দাসৰ ২৯ সংখ্যক মৃত্যুবাৰ্ষিকী।

অজস্ৰ গুণমুগ্ধই আজি তেওঁৰ মৃত্যু বাৰ্ষিকীত সুঁৱৰিব বলিষ্ঠ সাংবাদিকগৰাকীক।

অসমীয়াৰ স্বাভিমানৰ হকে যুজঁ দি মৃত্যুবৰণ কৰা পৰাগ কুমাৰ দাসৰ ২৮বছৰে চিনাক্ত নহ’ল ঘাতক।

উচ্চতম ন্যায়ালয়ৰ বাৰ কাউন্সিলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত বিশিষ্ট আইনজ্ঞ কপিল ছিবাল…

উচ্চতম ন্যায়ালয়ৰ উকীল সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত বিশিষ্ট আইনজ্ঞ কপিল ছিবাল।

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনৰ নতুন সভাপতি নিৰ্বাচিত হয় জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল।

ছিবালে ১০৬৬টা ভোট লাভ কৰি নিকটতম প্ৰতিদ্বন্দ্বী জ্যেষ্ঠ অধিবক্তা প্ৰদীপ ৰায়ক পৰাস্ত কৰি ৬৮৯টা ভোট লাভ কৰে।

চতুৰ্থবাৰৰ বাবে ছিবালে এছচিবিএৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব। উপ-সভাপতি হিচাপে ৰচনা শ্ৰীবাস্তৱ জয়ী হয় আৰু সম্পাদক হিচাপে বিক্ৰান্ত যাদৱ নিৰ্বাচিত হয়।

প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ দেহাৱসান…

প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান।

GMCHত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ।

দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল বড়ো।

মৃত্যুৰ সময়ত থানেশ্বৰ বড়োৰ বয়স হৈছিল ৮৫ বছৰ।

অসম গণ পৰিষদৰ প্ৰাক্তন সভাপতি, অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰাজহমন্ত্ৰী, বিশিষ্ট সমাজসেৱী থানেশ্বৰ বড়োৰ মৃত্যুত শোকৰ ছাঁ পৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে শোক প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ।

তেখেতৰ বিয়োগ অসম গণ পৰিষদৰ পৰিয়ালৰ লগতে জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে মন্ত্ৰী অতুল বৰাই।

পুৱা ৭.০৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তনমন্ত্ৰীগৰাকীয়ে।