Home Blog Page 802

টীয়কত শক্তি বিভাগৰ প্ৰতিকৃতি দাহ আছুৰ…

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই আজি টীয়কৰ শক্তি বিভাগৰ কাৰ্যালয়ৰ সন্মুখত শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । অনিয়মীয়া বিদ্যুৎ যোগান আৰু বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।

টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা তথা সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক প্ৰীতম জ্যোতি শইকীয়া উপস্থিত থকা প্ৰতিবাদী কাৰ্যসূচীটোত টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বিতোপন পোদ্দাৰ , সাধাৰণ সম্পাদক প্ৰাঞ্জল দত্ত , সহকাৰী সম্পাদক প্ৰাঞ্জল বৰা আৰু চিকেবি কলেজ,টীয়কৰ ছাত্ৰ একতা সভাৰ উপ-

সভাপতি অবিশেষ লাকৰা আৰু সাধাৰণ সম্পাদক ৰঞ্জন দত্তকে ধৰি সকলো ছাত্ৰ কৰ্মীয়ে শক্তি বিভাগ গ’ বেক , শক্তি বিভাগ হায় হায় আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে । অনাগত দিনত শক্তি বিভাগে নিজক সংশোধন কৰি যদি দাবী সমূহ মানি নলয় তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে ।

প্ৰেম ব্লেকমেইলিং পৰৰ্ৱতী সময়ত উপায়ন্তৰ হৈ আত্মহনন ! শাৰীৰিক সম্পৰ্ক ৰাখি যুৱতীৰ প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে চৰম সিদ্ধান্ত…

প্ৰেম,ব্লেক মেইলিং পৰৰ্ৱতী সময়ত উপায়ন্তৰ হৈ আত্মহত্যা । এই ঘটনা সংঘটিত হৈছে নাজিৰা নিৰ্মলীয়াত । দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক তথা শাৰীৰিক সম্পৰ্ক ৰাখি এগৰাকী স্মাতক ডিগ্ৰীধাৰী যুৱতীক প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে বৃহস্পতিবাৰে নিজা বাসগৃহত আত্মহত্যা কৰে ।

নাজিৰা কলেজ তিনিআলিৰ সমীপৰ সেউজ নগৰৰ যুৱক পাৰ্থ দত্তৰ লগত মেধাৱী ছাত্ৰী গৰাকীৰ আছিল প্ৰেমৰ সম্পৰ্ক । এই সম্পৰ্ক থকাৰ বাবে পাৰ্থ দত্তই ছাত্ৰীগৰাকীক কৰি গৈছিল ব্লেকমেইলিং । চুড়ান্ত সীমা পাৰ হৈ ছাত্ৰীগৰাকীক যুৱকজনে মানসিক,শাৰীৰিক নিৰ্যাতন চলাই অহাত উপায়ন্তৰ হৈ ছাত্ৰীগৰাকীয়ে আত্মহত্যাৰ পথ বাচি ললে ।

শুক্ৰবাৰে পৰিয়ালে যুৱতীগৰাকীৰ ৰোমত কাপোৰ সমূহ চোৱা মেলা কৰোতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে । ছাত্ৰীগৰাকীয়ে এখন ডায়েৰীত সকলো কথা সবিস্তাৰে লিখি থৈ যোৱাত আজি পৰিয়ালে নাজিৰা আদৰ্শ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । আৰক্ষীৰ তদন্তৰ পিছতেই সঠিক তথ্য পোহৰলৈ আহিব ।

নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন

নলবাৰী জিলাৰ কাপলাবড়ীত মৃতদেহ উদ্ধাৰ…


কাপলাবড়ী বজাৰ গৃহত উদ্ধাৰ হৈছে মৃতদেহটো। ৰংচোৱা মথাউৰি নিবাসী তৰুণ বৰ্মণৰ পুত্ৰ তপন বৰ্মণৰ(১৮/১৯ )বছৰীয়া বুলি জানিব পৰা গৈছে।

মৃত্যুৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই।

ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্হিত হৈ মৃতদেহটো মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

দেৰগাঁৱৰ দাধৰাত নিশা ভয়ংকৰ অগ্নিকাণ্ড…

Blazing fire flame black and white for background and abstract

দেৰগাঁৱৰ দাধৰাত নিশা ভয়ংকৰ অগ্নিকাণ্ড৷ পুতুল বৰা নামৰ এজন ব্যক্তিৰ এখন গেলামালৰ দোকান জ্বলি ছাৰখাৰ।
কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জ্বলি ভস্মীভূত ৷

Blazing fire flame black and white for background and abstract


দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দাধৰা শ্ৰীশ্ৰী বিষ্ণু মন্দিৰৰ সমীপত নিশা এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জ্বলি ভস্মীভূত ৷

Blazing fire flame black and white for background and abstract

ৰাইজ তথা অগ্নিনিৰ্বাহক বাহিনীৰ অপ্ৰাণ প্ৰচেষ্টাত কথমপি ৰক্ষা পৰে ঘন বসতিপূণ অঞ্চলটো। অগ্নিনিৰ্বাপক বাহিনীয়ে অধিক তৎপৰতাৰে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

ৰঙামাটিৰ পৰা দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন

গোলকগঞ্জত নিষিদ্ধ ব্ৰয়লাৰ কঢ়িওৱা বাহন সহআটক তিনিজনক আটক…

গোলকগঞ্জৰ আগমনি আৰক্ষীয়ে সন্ধিয়া অভিযান পশ্চিমবংগৰ পৰা আমদানি কৰা নিষিদ্ধ ব্ৰয়লাৰ কঢ়িওৱা বাহন সহ তিনিজনক আটক কৰে। আটকাধীন ক্ৰমে গোলকগঞ্জ থানাৰ দীঘলটাৰী গাঁৱৰ এক্ৰামূল হুছেইন, ছফিকুল ইছলাম আৰু এমদাদুল হুছেইন।

ৰাজ্য চৰকাৰে বহি ৰাজ্যৰ ব্ৰয়লাৰৰ আমদানিত নিষেধাজ্ঞা জাৰি কৰা সত্বেও প্ৰতিনিয়ত আমদানি হয় ব্ৰয়লাৰ। আৰক্ষী পশুপালন বিভাগক মেনেজ কৰি অসাধু চক্ৰ‌ই নিশা পিক‌আপ ভেনেৰে অসমত আমদানি কৰে ব্ৰয়লাৰ। আজি হটাতে আগমনি আৰক্ষীয়ে থানাৰ সন্মূখৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ব্ৰয়লাৰ কঢ়িওৱা পিক্‌আপ ভেন এখন আটক কৰে।

বাহন খনৰ নম্বৰ WB 63A 1211। বাহন খনৰ কোনো নথি পত্ৰ নথকাৰ লগতে ব্ৰয়লাৰবোৰৰো নাই কোনো নথি পত্ৰ। পশ্চিমবংগৰ পৰা সন্দেহজনক বাহন খনেৰে অবৈধ ভাবে ধুবুৰীৰ ছিৰাজুলৰ তাত ব্ৰয়লাৰবোৰ প্ৰেৰণ কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাং গৰুৰ ব্যৱসায়…

অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাং গৰুৰ ব্যৱসায়। নিতৌ ন ন কৌশল অৱলম্বন কৰি এটা চক্ৰই সৰবৰাহ কৰিছে চোৰাং গৰু ।গোলকগঞ্জৰ হালাকুৰাত চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ। পুৱতি নিশা হালাকুৰা আৰক্ষী তালাচী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰুপ জ্যোতি

ৰায়ৰ নেতৃত্বত চলা অভিযানত জব্দ কৰে ট্ৰাক ভৰ্তি গৰু । ৪৩ টাকৈ চোৰাং গৰু সহ ৫ জন সৰবৰাহকাৰীক আটক হালাকুৰা আৰক্ষী। চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা বৰপেটা অভিমুখে আছিল গৰু ভৰ্তি ট্ৰাক খন।

জব্দ কৰা ট্ৰাক খনৰ নম্বৰ হৈছে AS 28 AC 1494 । হালাকুৰা আৰক্ষীয়ে ৫ চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰি সোধ পোচ অব্যাহত ৰাখিছে।

ধুবুৰীৰ ব্যাক্তিগত ইংৰাজী স্কুলৰ শিক্ষকৰ ঘৃণনীয় কাৰ্য, সপ্তম শ্ৰেণীৰ এজন ছাত্ৰক যৌন নিৰ্যাতন

ধুবুৰীত ব্যাক্তিগত ইংলিছ স্কুলত অঘটন। নতুন কৈ নাম ভৰ্তি কৰা সপ্তম শ্ৰেণীৰ এজন ছাত্ৰক যৌন অপকৰ্মৰ চেষ্টা চলালে এজন শিক্ষকে। গোচৰ ৰুজু কৰাৰ পাছতেই এতিয়া পলাতক বিদ্যালয় খনৰ শিক্ষক জন।শিক্ষাৰ মন্দিৰ অপবিত্ৰ কৰাৰ ভয়ংকৰ ঘটনা পোহৰ লৈ আহিছে ধুবুৰীত। ধুবুৰী, ঝগৰাপাৰত প্ৰথম খণ্ডত অৱস্থিত ব্যাক্তিগত স্কুলখনৰ কৰ্মৰত এজন হিন্দী শিক্ষকে এজন ১৩ বছৰীয়া ছাত্ৰৰ লগত কৰিলে অপকৰ্ম। জাহাংগীৰ আলম নামৰ এজন হিন্দী শিক্ষকে সপ্তম শ্ৰেণীৰ ছাত্ৰ এজনক মাতি লৈ প্ৰসাৱগাৰত লৈ গৈ অপকৰ্ম কৰাৰ লগতে শাৰীৰিক ভাবে অপদস্ত কৰে।


এই ঘটনা কান্দি কান্দি নিজৰ অভিভাৱকক অৱগত কৰাৰ পাছতেই অভিভাৱকে ধুবুৰীৰ সদৰ থানাত ৰুজু কৰিছে গোচৰ।বিদ্যালয় কতৃপক্ষই ইতিমধ্যে শিক্ষক জনক বিদ্যালয়ৰ পৰা বৰ্খাস্ত কৰাৰ পাছতেই এতিয়া পলাতক অৱস্থাত আছে নৰপিশাচ ৰূপী শিক্ষক জাহাংগীৰ আলম।এতিয়া এই শিক্ষকক বিচাৰি অভিযান অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে।আনহাতে ভুক্তভোগী ছাত্ৰ জনে এতিয়া মানসিক ভাৱে ভাঙি পৰাৰ লগতে বিদ্যালয় লৈ যোৱা সম্পূৰ্ণৰূপে বন্ধ কৰিছে।দুৰ্ভাগ্যজনক এই ঘটনাৰ পাছতেই এতিয়া বিদ্যালয় কতৃপক্ষ আৰু ছাত্ৰ জনৰ অভিভাৱকে শিক্ষক জনৰ শাস্তিৰ দাবী কৰিছে।


অভিযোগ মতে দু বছৰ পূৰ্বে ধুবুৰীৰ পূৰ্বৰ এজন স্কুল পৰিদৰ্শক স্কুল খনত
শিক্ষাৰ নামত হৈ থকা বিভিন্ন জালিয়াতিৰ অনুসন্ধান কৰিবলৈ স্কুল খনত ৰিকজনাইজ’ৰ পৰা আৰম্ভ কৰি CBSC কোৰ্সৰ কোনো তথ্য বিচাৰি নেপাই শ্বোকজ কৰিছিল।কেইবাদিনো স্কুল খন বন্ধ থকাৰ পিছত জিলা প্ৰশাসনৰ শিক্ষা বিভাগক কেৰেপ নকৰি স্কুল কতৃপক্ষই চলাই থকাত ৰহস্যৰ সৃষ্টি হৈছে।
ৰাইজে যৌন প্ৰশিক্ষক ৰুপি শিক্ষক জনক উপযুক্ত শাস্তিৰ দাবী জনাইছে।

এন জি ডি আৰ এছৰ ৰূপায়ন অধ্যয়ন কৰিবলৈ অসমত গুজৰাটৰ চৰকাৰী প্ৰতিনিধি

ৰাষ্ট্ৰীয় জেনেৰিক দস্তাবেজ পঞ্জীকৰণ প্ৰণালী চমুকৈ এন জি ডি আৰ এছৰ অসমত ৰূপায়ন সন্দৰ্ভত অধ্যয়ন কৰিবলৈ গুজৰাট চৰকাৰৰ পঞ্জীকৰণ বিভাগৰ ছজনীয়া বিষয়াৰ এটি দল যোৱা ২৬ মে’ত ৰাজ্যখনত উপস্থিত হয়। গুজৰাট চৰকাৰৰ এই ছজনীয়া চৰকাৰী বিষয়াৰ দলটোত আছিল আৰ ডি ভট্ট, বি এছ বাৰাড, সন্দীপ ছাৱানী , মহেন্দ্ৰ চৌধুৰী , সতীশ কলাথিয়া আৰু হাৰ্দিক পেটেল।

গুজৰাট চৰকাৰৰ ছজনীয়া বিষয়াৰ প্ৰতিনিধি দলটোৱে যোৱা ২৯ মে’ত অসম চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটাক সৌজন্যমূলক সাক্ষাৎ কৰি অসমৰ সৈতে সম্পৰ্ক ৰাখি গুজৰাটত ৰাষ্ট্ৰীয় জেনেৰিক দস্তাবেজ পঞ্জীকৰণ প্ৰণালী ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীও উপস্থিত আছিল। ইয়াৰ পূৰ্বে গুজৰাটৰ ছজনীয়া চৰকাৰী বিষয়াৰ দলটোৱে ক্ৰমে কামৰূপ মহানগৰ আৰু আমিনগাঁওস্থিত কামৰূপৰ উপ-পঞ্জীয়ন কাৰ্যালয়ৰ লগতে জ্যেষ্ঠ উপ-পঞ্জীয়নৰ কাৰ্যালয়ত উপস্থিত হৈ ৰাষ্ট্ৰীয় জেনেৰিক দস্তাবেজ পঞ্জীকৰণ প্ৰণালীৰ কাম-কাজ প্ৰত্যক্ষভাৱে তদাৰক কৰে। তদুপৰি অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগ আৰু এন আই চি ৰ পৰা গুজৰাট চৰকাৰৰ বিষয়াৰ দলটোক অসমত এন জি ডি আৰ এছ ৰূপায়ন সন্দৰ্ভত এক বিস্তৃত প্ৰতিবেদন প্ৰদৰ্শন কৰা হয়। ইপিনে, পাঁচ দিনীয়া চৰকাৰী অধ্যয়ন সামৰি সংশ্লিষ্ট ছজনীয়া বিষয়াৰ দলটোৱে আজি অসম এৰি গুজৰাট অভিমুখে ৰাওনা হয়। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে চলিত বৰ্ষৰ যোৱা ১৪ ফ্ৰেব্ৰুৱাৰীত ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ভূমি সম্পদ বিভাগৰ তদানীন্তন সচিব নীতিন খাড়েৰ উপস্থিতত অসমত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় জেনেৰিক দস্তাবেজ পঞ্জীকৰণ প্ৰণালী ৰূপায়নৰ শুভাৰম্ভ কৰা হৈছিল।

উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র – ছাত্রীক আটাছু , তাই আহোম মহিলা পৰিষদৰ সম্বৰ্ধনা

সৰুপথাৰত হাইস্কুল শিক্ষান্ত , উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র – ছাত্রীক আটাছু , তাই আহোম মহিলা পৰিষদৰ সম্বৰ্ধনা , উপস্থিত বিধায়ক বিশ্বজিৎ ফুকন, সৰুপথাৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰায় দুই শতাধিক ছাত্র – ছাত্রীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷


সৰুপথাৰ দক্ষিণ গোলাঘাট খণ্ড উন্নয়ণ বিষয়া কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত কৰা সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন , নিদিষ্ট বক্তা হিচাপে অধ্যাপক ড° প্ৰণৱ ঢেকিয়াল ফুকনৰ লগতে গোলাঘাট দক্ষিণ খণ্ডৰ খণ্ড উন্নয়ন বিষয়া তমসা দাস , গোলাঘাট জিলা সাংবাদিক সংস্হাৰ কাৰ্যকৰী সভাপতি দ্বীপেন কুমাৰ বৰা ,চুতীয়া ছাত্ৰ সন্হাৰ ধনশিৰি সমিতিৰ সভাপতি অভিজিৎ চুতীয়াৰ ওপৰিউ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্হিত থাকে ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি ধনশিৰি মহকুমা চাৰি গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ৷ বিশিষ্ট সাহিত্যিক , লোক সংস্কৃতিৰ সাধক , অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ প্ৰাক্তন উপ সঞ্চালক ধৰ্মেশ্বৰ দুৱৰা , সাংস্কৃতিক কৰ্মী নয়নমনী ৰাজখোৱা , ক্ৰিয়া সংগঠক শান্তনো গগৈ, লোক শিল্পী অজয় বৰাকো সম্বৰ্ধনা জনোৱা হয় ৷

দেশৰ ভিতৰতে সৰ্বাধিক বনাঞ্চল ধ্বংস হৈছে অসমত

ৰাজ্যত অবাধ বন ধ্বংসৰ বিৰুদ্ধে সৰৱ আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজা “শেহতীয়া ভাৱে দেশৰ আন প্ৰান্তৰ লগতে অসমতো অস্বাভাৱিক তাপমাত্ৰা বৃদ্ধি আৰু গ্ৰীষ্ম প্ৰৱাহৰ নেতিবাচক প্ৰভাৱ পৰিছে। এই সময়ছোৱাত হিটষ্ট্ৰোকত আক্ৰান্ত হৈ ৰাজ্যখনৰ বিভিন্ন স্থানৰ কেইবাগৰাকীও লোকে প্ৰাণ হেৰুৱাইছে। গ্ৰীষ্ম প্ৰৱাহৰ লগতে তাপমাত্ৰা বৃদ্ধিয়ে এনে ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে ৰাজ্যখনত আন্তঃগাঁথনি নিৰ্মানৰ নামত হকে বিহকে বনাঞ্চল ধ্বংস কৰা হৈছে । চৰকাৰে উৰণ সেতু নিৰ্মাণ অথবা ৰাষ্ট্ৰীয় পথ সম্প্ৰসাৰণৰ বাবে দিনে – নিশাই হাজাৰ হাজাৰ গছ কাটি পাৰিপাৰ্শ্বিকতা বিনষ্ট কৰিছে। ” এই অভিযোগ আম আদমী পাৰ্টিৰ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰ । বৃহস্পতিবাৰে গণেশগুৰিস্থিত আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ জ্যেষ্ঠ মুখপাত্ৰ গৰাকীয়ে এই সন্দৰ্ভত বিষেদগাৰ প্ৰকাশ কৰি কয়, ” ইতিমধ্যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ চমুকৈ এন জি টিয়ে ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় তথা ভাৰতৰ জৰীপ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডক দেশত অবাধে চলি থকা বনাঞ্চল ধ্বংস সম্পৰ্কে প্ৰশ্ন কৰিছে। উল্লেখ্য যে গ্ল’বেল ফৰেষ্ট ৱাট্চৰ তথ্য অনুসৰি ২০০০ চনৰ পৰা ২০২৩ চনৰ ভিতৰত বনাঞ্চল ধ্বংসৰ ফলত ভাৰতে ২৩.৩ লাখ হেক্টৰ সেউজভূমি হেৰুৱাইছে। যাৰ পৰিমাণ হৈছে ভাৰতৰ মুঠ সেউজভূমিৰ ৬ শতাংশ।
একে সময়তে দেশৰ ৪.১৪ লাখ হেক্টৰ আৰ্দ্ৰ প্ৰাথমিক বনাঞ্চল হেৰুৱাইছে। গুৰুত্বপূৰ্ণ কথা যে
২০০১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ধ্বংস হোৱা বনাঞ্চলৰ ৬০% বনাঞ্চল ধ্বংস হৈছে দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ ৫ খন ৰাজ্যত।


অতি পৰিতাপৰ বিষয় যে দেশৰ ভিতৰত সৰ্বাধিক বনাঞ্চল ধ্বংস কৰা হৈছে অসমত।” সংবাদমেলত আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই তথ্য সহকাৰে কয়, ” অসমত যোৱা ২২ বছৰত ৩ লাখ ২৪ হাজাৰ হেক্টৰ বনাঞ্চল ধ্বংস হৈছে। চুবুৰীয়া মিজোৰামত ৩ লাখ ১২ হাজাৰ হেক্টৰ, অৰুণাচল প্ৰদেশত ২ লাখ ৬২ হাজাৰ হেক্টৰ, নাগালেণ্ডত ২ লাখ ৫৯ হাজাৰ হেক্টৰ আৰু মণিপুৰত ২ লাখ ৪০ হাজাৰ হেক্টৰ ভূমিত বনাঞ্চল ধ্বংস কৰা হৈছে । সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ুৰ ওপৰত ইয়াৰ ভয়ংকৰ প্ৰভাৱ পৰিছে।” আনহাতে অসমত বনাঞ্চল বৃদ্ধিৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ উদ্যোগত অমৃত বৃক্ষ আঁচনি সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি মত ব্যক্ত কৰে আপৰ নেত্ৰী গৰাকীয়ে। বিজেপি চৰকাৰে মাথোঁ চৰকাৰী পুঁজিৰ শৰাধ কৰি এক কোটি বৃক্ষ ৰোপণৰ নামত ভেল্কিবাজি কৰাৰ অভিযোগ উত্থাপন কৰে আম আদমী পাৰ্টিৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই। সংবাদমেলত দলৰ আন এগৰাকী মুখপাত্ৰ পুনম গগৈও উপস্থিত থাকে।