প্ৰেম ব্লেকমেইলিং পৰৰ্ৱতী সময়ত উপায়ন্তৰ হৈ আত্মহনন ! শাৰীৰিক সম্পৰ্ক ৰাখি যুৱতীৰ প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে চৰম সিদ্ধান্ত…

প্ৰেম,ব্লেক মেইলিং পৰৰ্ৱতী সময়ত উপায়ন্তৰ হৈ আত্মহত্যা । এই ঘটনা সংঘটিত হৈছে নাজিৰা নিৰ্মলীয়াত । দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক তথা শাৰীৰিক সম্পৰ্ক ৰাখি এগৰাকী স্মাতক ডিগ্ৰীধাৰী যুৱতীক প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে বৃহস্পতিবাৰে নিজা বাসগৃহত আত্মহত্যা কৰে ।

নাজিৰা কলেজ তিনিআলিৰ সমীপৰ সেউজ নগৰৰ যুৱক পাৰ্থ দত্তৰ লগত মেধাৱী ছাত্ৰী গৰাকীৰ আছিল প্ৰেমৰ সম্পৰ্ক । এই সম্পৰ্ক থকাৰ বাবে পাৰ্থ দত্তই ছাত্ৰীগৰাকীক কৰি গৈছিল ব্লেকমেইলিং । চুড়ান্ত সীমা পাৰ হৈ ছাত্ৰীগৰাকীক যুৱকজনে মানসিক,শাৰীৰিক নিৰ্যাতন চলাই অহাত উপায়ন্তৰ হৈ ছাত্ৰীগৰাকীয়ে আত্মহত্যাৰ পথ বাচি ললে ।

শুক্ৰবাৰে পৰিয়ালে যুৱতীগৰাকীৰ ৰোমত কাপোৰ সমূহ চোৱা মেলা কৰোতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে । ছাত্ৰীগৰাকীয়ে এখন ডায়েৰীত সকলো কথা সবিস্তাৰে লিখি থৈ যোৱাত আজি পৰিয়ালে নাজিৰা আদৰ্শ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । আৰক্ষীৰ তদন্তৰ পিছতেই সঠিক তথ্য পোহৰলৈ আহিব ।

নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন

Related Articles