Home Blog Page 804

শোণিতপুৰত বৰো ধানৰ খেতিত ধানৰ পৰিৱৰ্তে ওলাইছে পতান…

শোণিতপুৰত বৰো ধানৰ খেতিত ধানৰ পৰিৱৰ্তে ওলাইছে পতান
কৃষি বিভাগৰ ফালৰ পৰা আৰম্ভ হৈছে চৰজমিন তদন্ত

শোণিতপুৰ জিলাত শেহতীয়াকৈ কৃষকৰ বৰো ধানৰ খেতিত ধানৰ পৰিৱৰ্তে পতান ওলোৱা ঘটনাৰ প্ৰকৃত কাৰণ উলিওৱাৰ লগতে এই সমস্যাটো শীঘ্ৰে সমাধানৰ বাবে শোণিতপুৰ জিলা কৃষি বিভাগে যোৱা ১৪ মে’ তাৰিখৰ পৰা আৰম্ভ কৰিছে চৰজমিন তদন্ত। জিলাখনৰ তেজপুৰ ভোজখোৱা চাপৰিৰ কেইগৰাকীমান কৃষকে নিজেই ক্ৰয় কৰি অনা বৰো ধানৰ বীজৰ পৰা উৎপাদিত ধাননি পথাৰত ধানৰ পৰিৱৰ্তে পতান ওলোৱা সমস্যাৰ সমাধানৰ বাবে শোণিতপুৰ জিলা কৃষি বিষয়া প্ৰাঞ্জল শৰ্মাৰ নেতৃত্বত এটা বিভাগীয় প্ৰতিনিধি দলে ডিপোটা কৃষি চক্ৰৰ অন্তৰ্গত

প্ৰগতিশীল কৃষক জামালুদ্দিনৰ ধাননি পথাৰত উপস্থিত হৈ চৰজমিন তদন্ত আৰম্ভ কৰাৰ লগতে সকলো যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ কথা সদৰি কৰে। ইতিমধ্যেই পতান ওলোৱা এই বিষয়টো উপযুক্ত পৰীক্ষাৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰৰ সহায় বিচাৰিছে জিলা কৃষি বিভাগে।

বিষয়টো সন্দৰ্ভত অঞ্চলটোৰ কৃষকসকলৰ সৈতে মতবিনিময় কৰি উচিত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে শোণিতপুৰ জিলা কৃষি বিভাগে। ইয়াৰ উপৰিও কৃষকসকলে বীজ ক্ৰয় কৰি অনা নিৰ্দিষ্ট বীজ ভাণ্ডাৰ তথা সাৰৰ দোকাননত গৈ তন্ন তন্নকৈ পৰীক্ষা কৰিলে বিভাগীয় প্ৰতিনিধিৰ দলটোৱে। কৃষিক্ষেত্ৰ পৰিদৰ্শনৰ সময়চোৱাত প্ৰতিনিধি দলটোক সংগ দিয়ে মহকুমা কৃষি বিষয়া জাকিৰ হুছেইন, সহকাৰী কৃষি পৰিদৰ্শক বেদান্ত বিকাশ দাস, জিলা মিডিয়া বিশেষজ্ঞ বিতোপন শইকীয়াৰ লগতে সংশ্লিষ্ট বিষয়াববীয়া সকলে।

এখন ব্যতিক্ৰমী বিয়া ! ভেৰগাঁৱৰ ৰজাগড়ত এজাক বৰষুণৰ বাবে আয়োজন কৰিলে ভেকুলীৰ বিয়া…

এখন বিয়া ৷ সম্পূৰ্ণ মাংগলিক ৰীতি নীতিৰে সমাপন কৰা হৈছে বিয়াখন । লোকে লোকাৰণ্য বিয়াথলী ৷ আয়তিৰ উৰুলি , বেণ্ডপাৰ্টিৰ শব্দত উদুলি মুদুলি বিয়াঘৰৰ বাকৰি ৷ নোৱাই ধুৱাই দৰা কইনাক হোমৰ গুৰিত বহুৱাইছে ৰাইজে । মুঠতে কি নাই বিয়াখনত । বিয়াৰ আনন্দত এসাজ লগে ভাগে উদৰ পুৰাই খাইছে ৰাইজে । বিয়াখনক লৈ আনন্দৰ সীমা নাই ৰাইজৰ ৷ ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্ত্তী ৰজাগড়ৰ ব্যতিক্ৰমি বিয়া ৷ বিয়াখনক লৈ ৰাইজৰ যি আনন্দ আপোনালোকে ভাবিছে চাগে এইখন কোনো বিশেষ ব্যক্তিবিশেষৰ বিয়া ৷ কিন্তু এয়া কোনো ৰাজকুমাৰ বা ৰাজকুমাৰীৰ বিয়া নহ’য় । শেহতীয়াকৈ অনাবৃষ্টিৰ কৱলত পৰা এটা বিশেষ অঞ্চলৰ ৰাইজে পতা ভেকুলিৰ বিয়াৰ দৃশ্যহে এয়া ।

অনাবৃষ্টিৰ কৱলত পৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজৰ ৷ কিয়নো চাহ খেতিকে জীবিকা হিচাপে লৈ জীয়াই থকা অঞ্চলটোৰ ৰাইজৰ চাহখেতি এইবেলি অনাবৃষ্টিৰ কৱলত পৰি বিস্তৰ ক্ষতি হৈছে ৷ যাৰবাবে এতিয়া ৰাইজ এজাক বৰষুনৰ অপেক্ষাত ব্যাকুল হৈ পৰিছে । বিজ্ঞানৰ এনেহেন জয় জয় ময় ময় দিনতো বৰষূনৰ আশাৰে ৰাইজে আজোককাৰ দিনৰ পৰম্পৰাৰে ভেকুলিৰ বিয়া পাতি বৰষুনৰ অপেক্ষা কৰিছে ৷

একবিংশ শতিকাত এয়া ৰাইজৰ অন্ধবিশ্বাসৰ চূড়ান্ত প্ৰতিফলন নে চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ প্ৰচেষ্টা সেয়া একমাত্ৰ ৰাইজেহে জানিব ৷ কিন্তু এজাক বৰষূনৰ বাবে ৰাইজে আজোককাৰ দিনৰ পৰম্পৰাৰে ভেকুলিৰ বিয়া পতা কাৰ্যই চৰকাৰৰ জলসিঞ্চন আঁচনি যে এক প্ৰহসন মাথো তাক দৃষ্টিকটুভাৱে প্ৰতিফলিত কৰিছে ৷ অনাবৃষ্টিৰ ফলত চকুৰ সন্মুখতে নিজ খেতিদৰা এনেদৰে নষ্ট হৈ যোৱাত উপায়ন্তৰ ৰাইজে ইষ্টদেৱতাক সন্তুষ্ট কৰিবলৈ ঢোলে ডগৰে ভেকুলিৰ বিয়া পাতিবলৈ ওলাই আহিছে । অনাবৃষ্টিৰ ফলত আজিও কঠিয়া সিচিব নোৱাৰি দিক বিদিক হেৰুৱাই পেলোৱা কৃষকৰ ওচৰত থিয় হ’ৱনে চৰকাৰ ৷ সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন ৷বিয়াখনত ১৩মেত হৈ যায় ।

৯২ শতাংশ নম্বৰে উজ্বলিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ মণিকৰ্নিকা গগৈ…

ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিন্টন খেলুৱৈ মণিকৰ্নিকা গগৈয়ে সদ্য ঘোষিত চি বি এছ চি দশম শ্ৰেণীৰ পৰীক্ষাত অ’এন জি চি শিৱসাগৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা ৯২শতাংশ নম্বৰ লাভ কৰি এক সুকীয়া গৌৰৱৰ অধিকাৰী হৈ শিৱসাগৰ তথা অসমলৈ সুনাম কঢ়িয়াই আনিছে। উল্লেখ্যযোগ্য যে ৭ বছৰৰ পৰা বেডমিন্টন খেলিবলৈ আৰম্ভ কৰা মণিকৰ্নিকাই

অল অসম গাৰ্লছ ছিংগলছ U-11,U-13,U-15,U-17 চেম্পিয়নশ্বিপত এক নম্বৰ ৰেংকিঙৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ সক্ষম হৈছে। তেনেদৰে জুনিয়ৰ নেচনেল গেমছত দুবাৰকৈ অসমৰ পৰা প্ৰতিনিধিত্ব কৰা মণিকৰ্নিকাই U-13 , U-15 শিতানত ক্ৰমে ইণ্ডিয়া ৰেংকিং ১৩ আৰু ১২ পাবলৈ সক্ষম হৈছে।

মন কৰিবলগীয়া বিষয় যে সাধাৰণতে খেল আৰু পঢ়া দুয়োটা একেলগে বৰ্তিই ৰখা ইমান সহজ কথা নহয় যদিও দৈনিক কেইবা ঘণ্টা কঠোৰ অনুশীলন কৰা মণিকৰ্নিকাই শৈক্ষিক ক্ষেত্ৰতো উন্নত ফলাফল দেখুৱাই সমাজত এক সুকীয়া নিদৰ্শন দাঙি ধৰিছে। মণিকৰ্নিকাৰ এই সফলতাত পৰিয়ালবৰ্গৰ লগতে শিৱসাগৰবাসীক গৌৰৱান্বিত কৰি তুলিছে। মণিকৰ্নিকা শিৱসাগৰ বৰপাত্ৰ নগৰৰ নিবাসী মৃগেন গগৈ আৰু জুৰি গগৈৰ কন্যা।

ৰঙামাটি পূৰ্বাপুৰ তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা…

ৰঙামাটি পূৰ্বাপুৰ তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা।
ট্ৰাক আৰু ডাম্ফাৰৰ মুখামুখি সংঘৰ্ষ।


ট্ৰাকখনৰ নম্বৰ AS03CC3455 আৰু ডাম্ফাৰ‍ খনৰ নম্বৰ AS05AC1878 ।
গুৰুতৰ ভাৱে আহত দুয়োখন গাড়িৰে চালক সহ হেন্দিমেন।


আহতক ততাতৈয়াকৈ যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ।
ভুল গতিত অহা ট্ৰাকখনৰ বাবেই সংঘটিত হয় দুৰ্ঘটনাটো

দিব্য জ্যোতি কাকতি, ৰঙামাটি

আধুনিকতাৰ অভিজ্ঞতা আৰু ধৈৰ্যৰ মাজত আমি…

বৰ্তমান সময়ত আধুনিকতাৰ ইমানেই প্ৰভাৱ পৰিব ধৰিছে ইয়াক তৎ ধৰিবলৈ কেতিয়াবা সমস্যাৰ সন্মুখীন হব লগীয়া হয় । দৈনন্দিন প্ৰতিটো বস্তুকেই আধুনিকতাৰ পৰশে স্পৰ্শ নকৰাকৈ থকা নাই । আমি পুৱা শুই উঠাৰ পৰা নিশা শোৱা লৈ প্ৰায়বোৰ কামতেই আধুনিকতাৰ প্ৰভাৱ অলপ হলেও পৰা দেখা গৈছে । মানুহৰ মাজত কাৰুকাৰ্যবিলাক দ্ৰুত গতিত পৰিবৰ্তন আমি দেখিবলৈ পাইছো । বৰ্তমান নিজৰ প্ৰয়োজনীয় সা-সামগ্ৰীবিলাক আজি ঘৰতে উপলব্ধ হৈছে অনলাইন যোগেদি । বস্ত্ৰৰপৰা খাদ্য সামগ্ৰীলৈ , টকা-পইচাৰ লেনদেন , যোগাযোগৰ মাধ্যম , যাতায়ত আদিকে কৰি সকলোতে আধুনিকতাৰ ধামখুমীয়াই সহজ কৰি তুলিছে । বিশ্বৰ খা-খবৰবিলাক হাতৰ মুঠিতেই পোৱা যায় । কিন্তু আধুনিকতাৰ লগত খোজ মিলাবলৈ একাংশৰ বাবে একেবাৰেই সহজ হৈছে যদিও আন একাংশই ইয়াক সহজভাৱে লব পৰা নাই । বৰ্তমান প্ৰযুক্তি বিদ্যাৰ যুগ আধুনিকতাই এচামৰ বাবে আমনিদায়কহে হোৱা বুলি কেতিয়াবা অভিযোগ শুনিবলৈও পোৱা যায় । এসময়ত ৰেডিঅ’ই আছিল সকলোৰে বাবে একমাত্ৰ মাধ্যম , যাৰ যোগেদি দেশৰ বিভিন্ন ঠাইৰ বা-বাতৰি , সংগীত , নাটক আদিকে কৰি বিভিন্ন অনুষ্ঠান আদি শুনা হৈছিল । বৰ্তমান সেই ৰেডিঅ’ লাহে লাহে মানুহৰ ঘৰত নোহোৱা হৈছে । ৰেডিঅ’ৰ সলনি টেলিভিচন আদি আহিল । শুনাৰ লগতে দেখাৰ এক মাধ্যম যোগ হল । ৰেডিঅ’ চুইচ অন আৰু অফ কৰিব নজনা মানুহো এসময়ত আছিল । তেনে এক সচা কথা মানুহে কোৱা শুনা যায় । এখন গাঁ‌ৱত বাস কৰা মানুহ এঘৰত এবাৰ এটা ৰেডিঅ’ কিনিছিল । ৰেডিঅ’ কিনি অনাত ঘৰৰ সকলোৰে আনন্দ উল্লাসে নধৰা হৈছিল । ঘৰৰ আন আন সদস্যসকলে ৰেডিঅ’ চুইচ খোলা আৰু বন্ধ কৰিব জানিছিল । কিন্তু এজন পূৰুষ সদস্যই ৰেডিঅ’ শুনাৰ বাহিৰে বাকী কাৰুকাৰ্য নাজানিছিল । পুৱা ৰেডিঅ’ বাজি বাজি দহ টা বজাত ৰেডিঅ’ চেণ্টাৰ বন্ধ হৈ পৰিল । কিন্তু ৰেডিঅ’ চুইচ কোনেও বন্ধ নকৰিলে ।

পুনৰ বাৰ বজাত ৰেডিঅ’ চেণ্টাৰ আৰম্ভ হল । যিহেতু ৰেডিঅ’ চুইচ খোলা আছিল । ৰেডিঅ’ বাজিবলৈ ধৰিলে । সেই সময়ত ৰেডিঅ’ৰ কাৰুকাৰ্য নজনা জনহে ঘৰত আছিল । সেই জন সদস্যই ৰেডিঅ’ বন্ধ কৰিবলৈ বিচাৰিছিল যদিও বন্ধ কৰিব পৰা নাছিল । তেতিয়া তেওঁ ৰেডিঅ’ বন্ধ কৰিবলৈ ৰেডিঅ’টোক এটা খৰাহিয়ে ঢাকি দিয়াৰ লগতে এখন কম্বলেৰেও ঢাকি দিছিল । তথাপিও ৰেডিঅ’ বন্ধ নহয় হে নহয় । তাৰ পিছত কোনোবা এজনে আহি ৰেডিঅ’ বন্ধ কৰি দিলে । তেনেকুৱা বহুতৰে হৈছে । এই কাহিনীটো হাঁ‌হি খোৰাক যদিও যান্ত্ৰিকতাৰ পৃথিৱীত এইবিলাক মানুহ এশ শতাংশই সহজ সৰল মনৰ , যিয়েই প্ৰকৃতিৰ অৱদানক ভাল পায় । প্ৰকৃতিৰ পৰিৱেশ ভাল পায় । যাৰ প্ৰকৃতিৰ সৈতে অভিজ্ঞতা বেছি আছে । মানুহে দেখি শিকে , থেকি শিকে বুলি এষাৰ কথা আছে । যিটো কথা সাধাৰণ , কিন্তু এক শিক্ষা , অভিজ্ঞতা । এদিন এক গুৰুত্বপূৰ্ণ কামত এখন ডাঙৰ নগৰলৈ যাব লগা হৈছিল । আবেলি কামৰ মাজতে ভোক লগাত এখন নামী দামী ৰেষ্টুৰেণ্টত সোমালো । এয়াৰ কণ্ডিচন যুক্ত ধুনীয়া পৰিষ্কাৰ ৰেষ্টুৰেণ্ট । টেবুল চকী বিলাক এক নতুন ডিজাইনৰ আৰু অন্য ৰেষ্টুৰেণ্টৰ তুলনাত ব্যতিক্ৰম । ৰেষ্টুৰেণ্টৰ পৰিচালক , পৰিচাৰিকা আদি সকলোৰে ব্যৱহাৰ সন্তোষজনক । মুখৰ মাত , মুখৰ মিঠা হাঁ‌হিৰে সকলোকে স্বাগতম জনায় । আমি হাত মুখ ধুই খাদ্যৰ অৰ্ডাৰ দিলো । আমাৰ খাদ্য আহিল । লগত মিনাৰেল ৱাটাৰ বটল । যিহেতু ভোক লাগিছিল সেইবাবে তৃপ্তিৰে খালো । মাজে মাজে পৰিচাৰিকাই আহি আৰু কিবা লাগিব নেকি মাত এষাৰ দিয়েহি । আমাৰ খোৱাৰ শেষ হবলৈ ধৰাত পৰিচাৰিকাই পুনৰ দুটা ষ্টীলৰ বাতিত কুহুমীয়া গৰম পানীৰ সৈতে ঘূৰণীয়াকৈ কটা এটুকুৰাকৈ নেমুটেঙা পানীৰ সৈতে দি গৈছিল । সেইদিনা সেইসময়ত মই অকণমান গৰম পানী খুওব অনুভৱ কৰিছিলো । দি যোৱা পানী মই লগে লগে খাই দিলো । পিছত পৰিচাৰিকাই সেইখিনি পানী হাত ধুবলৈ দিয়া হৈছিল বুলি কোৱাৰ লগতে খোৱাৰ উপযুক্ত বুলিও কলে । কথাটো জানিব পাৰি লাজ লাগিছিল যদিও এইয়া অতি আধুনিকতাৰ সৈতে খোজ মিলাব নোৱাৰাৰ প্ৰমাণ নিজে নিজে পালো । খোৱাৰ লগত আধুনিকতাৰ কথা নাই যদিও কেতিয়াবা সাধাৰণ ৰেষ্টুৰেণ্টতহে আমি খাইছিলো । কোনো এ চি যুক্ত হোটেল বা ৰেষ্টুৰেণ্টত সোমোৱা নাছিলো । এতিয়াহে এ চি যুক্ত উন্নতমানদণ্ডৰ ৰেষ্টুৰেণ্ট বিচাৰি বিচাৰি খাওঁ । আধুনিকতাৰ সৈতে মিলি আছো যদিও সহজসৰলভাৱে জীৱন নিবাস কৰি ভাল পাওঁ । কিন্তু বৰ্তমান আধুনিকতাৰ সৈতে খোজ মিলাবই লাগিব । আমি জনা-নজনা প্ৰতিটো কথাৰপৰাই অভিজ্ঞতা লাভ কৰিছো । অভিজ্ঞতাও এক শিক্ষা । এনে ধৰণে সৰহ সংখ্যক মানুহেই নতুন নতুন অভিজ্ঞতাৰ মাজেদি আগুৱাই নিশ্চয় যাব লগা হৈছে । মানুহ অকল পাঠ্যপুথি শিক্ষা লাভ কৰিলেই অভিজ্ঞ বা বিজ্ঞ নহয় ।

জীৱনৰ প্ৰতিটো কথা বা কামৰ দ্বাৰাই একোজন মানুহ অভিজ্ঞ হৈ পৰে । সৰু হওক বা ডাঙৰ হওক জীৱন-যাপন কৰিবলৈ অভিজ্ঞতা প্ৰয়োজন হয় । অভিজ্ঞতাই মানুহৰ জীৱন সংগ্ৰাম খন আগুৱাই নিয়াত যথেষ্ট সহায় কৰে আৰু যুগৰ লগত খাপ খাই আগুৱাই যাবলৈও সাহস দিয়ে । ঠিক তেনেকৈ ধৈৰ্যৰ ফল মিঠা বুলি কোৱা হয় । ধৈৰ্য্যই মানুহক সহনশীল হবলৈ শিকাই । ধৈৰ্যই বহু বিপদৰপৰা ৰক্ষা কৰে । মানুহে এই পৃথিৱীত জীৱন সংগ্ৰামখন আগুৱাই নিওঁতে বহুতো তিতা-মিঠা অভিজ্ঞতা লাভ কৰে । বহুতো দুখ-কষ্ট ভোগ কৰিব লগা হয় । মানুহেই মানুহক হিংসা , ককৰ্থনা আদি কৰি এক প্ৰকাৰে বিপদলৈ ঠেলি ৰং চাই আনন্দ লভে । তেতিয়াই কিছুমান মানুহ অধৈৰ্য হৈ পৰা দেখা যায় । যাৰ বাবে কেতিয়াবা ঘটনা সংঘটিত হোৱাও দেখা যায় । কিন্তু ধৈৰ্য ধৰিব পাৰিলে সেই ঘটনাৰপৰা বাচিব পাৰি । ধৈৰ্যই মানুহক জীয়াই থকাৰ সাহস , প্ৰেৰণা দিয়ে । কেতিয়াবা কোনোবাই কিবা কথা বা বেয়া বাক্যই আঘাত সানিলে খং উঠাটো স্বাভাৱিক । তেতিয়াই ধৈৰ্যৰ প্ৰয়োজন হয় । ধৈৰ্য ধৰি সেইজনক কাইলৈ তাক যথোচিত উত্তৰ দিম বুলি থৈ দি নিজৰ খং কমাব পাৰিলেই দ্বিতীয় দিনা কোনো বাক্ বিতণ্ডা হোৱাৰ সম্ভাৱনা কমি যায় । খং কমিলে দ্বিতীয় দিনা হয়তো কোনো তৰ্ক-বিতৰ্ক নহয় । সেইয়াই ধৈৰ্য । অকল হিংসা , ককৰ্থনা আদিতেই ধৈৰ্যৰ প্ৰয়োজন নহয় । পঢ়া-শুনা , চাকৰি-বাকৰি , খেতি-বাতি আদি সকলোতেই মানুহক ধৈৰ্য লাগিবই । মানুহে উন্নতিৰ জখলাত উঠিবলৈও ধৈৰ্যৰ প্ৰয়োজন হয় । মানুহক জীৱন সংগ্ৰামখনত আগুৱাই যাবলৈ প্ৰতিটো ক্ষেত্ৰতেই অভিজ্ঞতা আৰু ধৈৰ্য একান্তই প্ৰয়োজন হয় ।

বিজু খাউণ্ড

নিৰ্বাচনী প্ৰচাৰত ব্যক্তিগত আক্ৰমণ আৰু মহিলা প্ৰাৰ্থীৰ প্ৰতি অশালীন মন্তব্য কিমান গ্রহণযোগ্য…

দেবর্ষি গৌতম

দেশৰ সাধাৰণ নিৰ্বাচন অথবা কোনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনত প্ৰতিটো ৰাজনৈতিক দলে ভোটাৰক আকর্ষণ কৰিবলৈ সমস্ত শক্তি প্ৰয়োগ কৰি নিৰ্বাচনী প্ৰচাৰ চলায়। যিহেতু সাধাৰণ ৰাইজৰ ভোট লাভ কৰিলেহে যিকোনো দলৰ এগৰাকী প্ৰাৰ্থী নিৰ্বাচনত বিজয়ী হব পাৰিব গতিকে ৰাইজক যিকোনো প্ৰকাৰে দলৰ প্ৰতি অথবা প্ৰাৰ্থী গৰাকীৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা চলোৱাটো একেবাৰে সাধাৰণ কথা। ৰাজনৈতিক দল সমূহে ভোটাৰক আকৰ্ষণ কৰিবলৈ ভোটগ্ৰহণৰ পূৰ্বে বিভিন্ন সভা সমিতি অনুষ্ঠিত কৰাৰ উপৰিও আৰু অন্য কিছু পদ্ধতিৰে ৰাইজৰ ওচৰ চাপিবলৈ চেষ্টা চলাই। নির্বাচনকেন্দ্ৰীক সভা সমিতি সমূহত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থী গৰাকীৰ উপৰিও দলীয় নেতা সকলেও ৰাইজক আকৰ্ষণ কৰিবলৈ দীঘলীয়া ভাষণ আগবঢ়াই। বহু ৰাজনৈতিক নেতাই নিজৰ ভাষণত ৰাইজক আকৰ্ষণ কৰিবলৈ বিভিন্ন ধৰণৰ কথা কয়। কিন্তু প্ৰতিটো কথা আৰু কামৰে এটা নিৰ্দিষ্ট সীমা আৰু মৰ্যাদা থাকে। সীমা আৰু মৰ্যাদা অতিক্ৰম কৰি কোনেও কাম নাইবা কথা কব নালাগে। সাম্প্ৰতিক সময়ত যদি আমি লক্ষ্য কৰোঁ তেনেহলে দেখিবলৈ পাম যে বিভিন্ন ৰাজনৈতিক সভা সমূহত নিৰ্দিষ্ট কিছুমান ৰাজনৈতিক নেতাই আক্ৰোশমূলক কিছুমান মন্তব্য আগবঢ়োৱাৰ উপৰিও কিছু অশালীন মন্তব্য আগবঢ়াই আহিছে। এক সুস্থ ৰাজনৈতিক পৰিবেশ আৰু সুস্থ গণতান্ত্ৰিক পৰিবেশত শাসক অথবা বিৰোধী যিকোনো পক্ষৰ নেতাই আগবঢ়োৱা এনে অশালীন মন্তব্য কোনো কাৰণতে গ্রহণযোগ্য হব নোৱাৰে। বিশেষকৈ মহিলা ৰাজনৈতিক নেত্ৰী সকলৰ ক্ষেত্ৰত যি ধৰণৰ অশালীন মন্তব্য কৰা পৰিলক্ষিত হয় সেয়া সচাকৈ গৰিহণাৰ যোগ্য।

মহিলাৰ সুৰক্ষা, মহিলাৰ বাবে আসন সংৰক্ষণ আদি কথা সততে কৈ থকা হয়। এই কামসমূহ কৰিবলৈ যি আইন-কানুন প্ৰস্তুত কৰিব লাগে সেই সমূহো কিন্তু এই ৰাজনৈতিক নেতাসকলে কৰে। তাৰ পিছতো যেতিয়া সেই একেখিনি ৰাজনৈতিক নেতাৰ ভিতৰত নিৰ্দিষ্ট কেইগৰাকীমান ৰাজনৈতিক নেতাই মহিলা ৰাজনৈতিক নেত্ৰীৰ বিৰুদ্ধে অশালীন মন্তব্য আগবঢ়াই তেতিয়া কিন্তু সাধাৰণ ৰাইজৰ মনত প্ৰশ্নৰ উদয় হয় যে আচলতে সেই নেতাসকলে মহিলাৰ বাবে কৈ থকা কাম সমূহ সচাকৈ কৰাটো বিচাৰে নে ? নে কেৱল ভোট লাভৰ স্বাৰ্থ আগত ৰাখি সেই শ্লোগানসমূহ তেনে ৰাজনৈতিক নেতা সকলে প্ৰদান কৰে। মহিলা ৰাজনৈতিক নেত্ৰীৰ বিৰুদ্ধে অশালীন মন্তব্য আগবঢ়োৱা নেতা সকলৰ বিৰুদ্ধে নিৰ্বাচন আয়োগ অধিক কঠোৰ হোৱাটো প্ৰয়োজনীয় যাতে কোনো নেতাই মহিলা ৰাজনৈতিক নেত্ৰীৰ বিৰুদ্ধে কোনো অশালীন মন্তব্য আগবঢ়াব নোৱাৰে, সেয়া লাগিলে শাসকীয় দলৰে হওক অথবা বিৰোধী দলৰে হওক। যিহেতু ৰাজনৈতিক নেতা সকলে ৰাইজক প্ৰতিনিধিত্ব কৰে গতিকে ৰাজনৈতিক সভাত কোনো ৰাজনৈতিক নেতাই আন দলৰ ৰাজনৈতিক নেতাক ব্যক্তিগত আক্ৰমণ কৰাটো একেবাৰে অশোভনীয়। যিহেতু ৰাজনীতি ৰাইজৰ সেৱা কৰা এক মাধ্যম গতিকে কোনেও সেয়া ব্যক্তিগত যুজঁ বুলি গণ্য কৰিব নালাগে। নিৰ্বাচনত ভোট লাভ কৰাৰ স্বাৰ্থ আগত ৰাখি যদি ৰাজনৈতিক নেতা সকলে প্রতিদ্বন্দী মহিলা ৰাজনৈতিক নেত্ৰী সকলক সন্মান জনাবলৈ নিজৰ শালীনতা খিনি বজাই নাৰাখে তেনেহলে তেনে ৰাজনৈতিক নেতাৰ পৰা ৰাইজে কি আশা কৰিব ? প্ৰতিদ্বন্দী ৰাজনৈতিক মহিলা নেত্ৰী এগৰাকীৰ বিৰুদ্ধে যদি এগৰাকী ৰাজনৈতিক নেতাই অশালীন মন্তব্য কৰিবলৈ কুণ্ঠাবোধ নকৰে তেনেহলে তেনে ৰাজনৈতিক নেতা এগৰাকীয়ে সাধাৰণ মহিলা সকলৰ প্ৰতি কি মনোভাব ৰাখিব সেয়া সহজে অনুমান কৰিব পাৰি। নিৰ্দিষ্ট কিছুমান ৰাজনৈতিক নেতাৰ অশালীন মন্তব্যৰ বাবে সমগ্ৰ ৰাজনৈতিক নেতা সকলক মানুহে বেয়া বুলি ভাবিবলৈ আৰম্ভ কৰে।

দেশত এক সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ এক সুস্থ ৰাজনৈতিক ব্যৱস্থাৰ প্ৰয়োজন। এনে ক্ষেত্ৰত কেৱল দেশৰ নিৰ্বাচন আয়োগৰে দায়িত্ব নাই। এই ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ লগতে ৰাজনৈতিক দলসমূহৰো কৰণীয় যথেষ্ট আছে। দেশ, ভোটাৰ তথা নিজ দলৰ কথা নাভবি কেৱল নিজৰ ব্যক্তিগত ৰাজনৈতিক ভৱিষ্যতৰ কথা ভাবি অশালীন মন্তব্য আগবঢ়োৱা ৰাজনৈতিক নেতা সকলক নাকী লগাবলৈ প্ৰতিটো ৰাজনৈতিক দলে কিছু সুকীয়া অনুশাসনমূলক ব্যৱস্থা ৰাখিব লাগে। অন্যথা এনে ধৰণৰ ৰাজনৈতিক নেতা সকলে কোনো দিনে ভুল-শুদ্ধৰ পৰ্য্যালোচনা কৰিবলৈ চেষ্টা নকৰিব। অশালীন মন্তব্য কৰি দলীয় অনুশাসন ভঙা ৰাজনৈতিক নেতা সকলে যাতে দল বাগৰি আন দলত যাব নোৱাৰে তাৰ বাবেও প্ৰতিটো ৰাজনৈতিক দলে কিছু শক্তিশালী নিয়ম নিৰ্ধাৰণ কৰিব লাগে। কোনো কাৰণতে যাতে ৰাজনীতিত কোনোধৰণৰ অৰুচিপূৰ্ণ মন্তব্যৰে কাৰোবাক আক্ৰমণ নহয়, ইতিকিং সূচক মনোভাৰেৰে কোনেও একো মন্তব্য প্ৰদান নকৰে তাৰ বাবে প্ৰতিগৰাকী ৰাজনৈতিক নেতাই সংযত হোৱাটো অতিকৈ দৰকাৰী। ৰাজনীতিৰ যি গুণগত মানদণ্ড সেয়া জীয়াই ৰখাটো কিন্তু প্ৰতিগৰাকী ৰাজনৈতিক নেতাৰেই দায়িত্ব আৰু কৰ্তব্য। আমাৰ সমাজত উঠি অহা যুৱ প্ৰজন্মক যদি ৰাজনীতিৰ প্ৰতি আকৰ্ষিত কৰিব লাগে তেনেহলে গুণগত ৰাজনীতি আৰু মূল্যবোধৰ ৰাজনীতিক প্ৰতিষ্ঠা কৰাটো অতিকৈ প্ৰয়োজনীয়। যদি ৰাজনৈতিক নেতাসকলে নতুন প্ৰজন্মৰ ৰাজনৈতিক নেতাসকলক গুণগত আৰু মূল্যবোধৰ ৰাজনীতিৰ প্ৰতি আকৰ্ষিত কৰাৰ পৰিবৰ্তে ৰাজনৈতিক মানদণ্ড অৱক্ষ হবলৈ ধৰা এক ধাৰাৰ সৈতে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰে তেনেহলে ৰাজনীতিত কেতিয়াও গুণগত মানদণ্ড আৰু মূল্যবোধ জীয়াই নাথাকিব।





ষ্টক মাৰ্কেটত বিত্তমন্ত্ৰীৰ উদ্বেগ বৃদ্ধি ! কিয় চিন্তিত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ…

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা সাধাৰণ লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। পৰিসংখ্যাই অহৰহ সাক্ষ্য দি আছে যে খুচুৰা বিনিয়োগকাৰীয়ে পৰম্পৰাগত বিনিয়োগ বিকল্পতকৈ শ্বেয়াৰ বজাৰক অগ্ৰাধিকাৰ দিছে। ইয়াৰ বাবে বিভিন্ন বজাৰ অংশগ্ৰহণকাৰী সুখী হোৱাৰ বিপৰীতে ইয়াৰ বাবেই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ উদ্বেগ বাঢ়িছে।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহৎ শ্বেয়াৰ বজাৰ বিএছইৰ এক অনুষ্ঠানত অংশ লৈছিল। কাৰ্যসূচীৰ সময়ত তেওঁ বজাৰৰ নতুন ধাৰাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে এতিয়া অধিক সংখ্যক ভাৰতীয়ই শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিছে, যাৰ বাবে তেওঁলোকৰ সঞ্চয় আৰু উপাৰ্জনৰ ওপৰত বিপদ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত মানুহৰ সঞ্চয় (ঘৰুৱা সঞ্চয়) সুৰক্ষিত কৰাৰ ব্যৱস্থাৰ প্ৰয়োজন হয়।

ইয়াৰ বাবে বিপদৰ সৃষ্টি হ’ব পাৰে
বিশেষকৈ ডেৰাইভেটিভ ছেগমেণ্ট অৰ্থাৎ ভৱিষ্যত আৰু বিকল্পত শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰাসকলৰ বাবেও বিত্তমন্ত্ৰী চিন্তিত। তেওঁ কয় যে – যদি ভৱিষ্যত আৰু বিকল্প বজাৰৰ খুচুৰা ব্যৱসায়ত অনিয়ন্ত্ৰিত বিস্ফোৰণ ঘটে, তেন্তে ই বজাৰ, বিনিয়োগকাৰীৰ আৱেগ আৰু ঘৰুৱা বিত্তীয় সাহায্যৰ বাবে ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে। বিত্তমন্ত্ৰীয়ে বিএছইক ছেবিৰ সৈতে মিলি খুচুৰা বিনিয়োগকাৰীৰ ধন সুৰক্ষিত কৰি তুলিবলৈ আহ্বান জনায়।

ছেবিয়েও উদ্বেগ প্ৰকাশ
ভৱিষ্যত আৰু বিকল্পৰ সন্দৰ্ভত শীৰ্ষ পৰ্যায়ত উদ্বেগ প্ৰকাশ কৰাটো এইটো প্ৰথম নহয়। বজাৰ নিয়ন্ত্ৰক ছেবিয়ে নিজেই এফ এণ্ড অ’ ছেগমেণ্টত খুচুৰা বিক্ৰীৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে। ছেবিয়ে ভৱিষ্যত আৰু অপচন ছেগমেণ্টৰ বিনিয়োগকাৰীক সুৰক্ষা প্ৰদানৰ বাবেও বিভিন্ন পদক্ষেপৰ ওপৰত কাম কৰি আছে। ইয়াৰ উপৰিও বিনিয়োগকাৰীক সজাগ কৰাৰ প্ৰচেষ্টাও অন্তৰ্ভুক্ত কৰা হৈছে।

খুচুৰা বিক্ৰেতাসকল ক্ষতিৰ সন্মুখীন
পৰিসংখ্যাই দেখুৱাইছে যে খুচুৰা বিনিয়োগকাৰীৰ অধিকাংশই ভৱিষ্যত আৰু অপচন ছেগমেণ্টত লোকচানৰ সন্মুখীন হয়। যোৱা বছৰ ছেবিৰ এক অধ্যয়নত প্ৰকাশ পাইছে যে প্ৰতি ১০ জন খুচুৰা বিনিয়োগকাৰীৰ ভিতৰত ৯ জনেই শ্বেয়াৰ বজাৰৰ ডেৰাইভেটিভ ছেগমেণ্টত লোকচানৰ সন্মুখীন হৈছে। ২০২১-২২ বিত্তীয় বৰ্ষত ৮৯ শতাংশ খুচুৰা বিনিয়োগকাৰীয়ে ফ্যুচাৰ আৰু অপচন ট্ৰেডত গড়ে ১.১ লাখ টকাৰ লোকচানৰ সন্মুখীন হৈছে।

গোলকগঞ্জৰ হালাকুৰা বজাৰত বিধংসী অগ্নিকাণ্ডত প্ৰায় ২০ লক্ষাধিক টকাৰ সামগ্ৰী ক্ষয় ক্ষতি…

নিশা গোলকগঞ্জৰ হালাকুৰা বজাৰত বিধংসী অগ্নিকাণ্ড সংঘটিত হয়। নিমিষতে ভস্মীভূত হয় ১২ টা কৈ ব্যৱসায়ী প্ৰতিষ্ঠান। প্ৰায় ২০ লক্ষাধিক টকাৰ সামগ্ৰী জুইত ভস্মীভূত হয়। ৰাইজে অগ্নি নিৰ্বাপাক বাহিনীক যোগাযোগ কৰে।

কিন্তু দুই ঘণ্টা পিছত ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপাক বাহিনী। ফলত সম্পূৰ্ণ ভাবে জাহ যায় ১২ টা কৈ ব্যৱসায়ী প্ৰতিষ্ঠান।

জুইৰ সূত্ৰপাত কৰ পৰা হৈছে সেয়া জানিব পৰা নাই যদিও একাংশই দুস্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰা বুলি দাবী কৰিছে। ঘটনাস্থলীত হালাকুৰা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। সমগ্ৰ ঘটনা আৰক্ষীৰ তদন্তত হে ওলাই পৰিব।

নলবাৰীৰ ধমধমাত বেংক বিষয়াৰ ভয়ংকৰ জালিয়াতি…

নলবাৰীৰ ধমধমাত বেংক বিষয়াৰ ভয়ংকৰ জালিয়াতি। দুটাকৈ আত্মসহায়ক গোটৰ নামত ১১ লাখৰো অধিক টকা আত্মসাৎ।

ধন আত্মসাৎ কৰিয়েই বেংকটোৰ পৰা আন শাখালৈ বদলি হৈছিল কিৰণ দাস।

বেংকৰ পাছবুক আপটুডেট কৰিবলৈ আহি হতবাক আত্মসহায়ক গোটৰ মহিলা।

ধিঙৰ কটহগুৰিত ভয়াবহ অগ্নিকাণ্ড ! জুইত জাহ গ’ল কুৰি খন গৃহ…

নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ টুকটুকীৰ কটহগুৰিত আজি নিশা এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে, নিশা প্ৰায় ২ মান বজাত প্ৰথমে এটা গৃহত জুইৰ সুত্ৰপাত আৰাম্ভ হয়।স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত প্ৰায় ৩০ মিনিট পলম কৈ ধিং আৰু বটদ্ৰৱাৰ পৰা দুখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহে যদিও জুই নুমাবলৈ সক্ষম নহ’ল। ঘটনা স্থলীত বৰিবজাৰ আৰক্ষী পহৰা চকীৰ আৰক্ষী উপস্থিত হৈ মৰিগাঁও আৰু মৈৰাবাৰীৰ অগ্নিনিনিৰ্বাপক বাহিনীক খবৰ দিয়াত প্ৰায় এক ঘন্টা পলম কৰি আৰু দুখন গাড়ী আহে।

মুঠতে একেৰাহে দুই ঘন্টা জুই জ্বলাৰ পিছত চাৰিখন গাড়ীয়ে জুই নুমাবলৈ সক্ষম হয়। ইপিনে চৰকাৰী গাওঁ বুঢ়াৰ লগতে স্থানীয় ৰাইজে আহোম গাওঁ আৰক্ষী পহৰা চকীত খবৰ দিয়াৰ পিছতো আৰক্ষী ঘটনা স্থলীত উপস্থিত নোহোৱাত একাংশ ৰাইজে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰে।আজিৰ এই অগ্নিকাণ্ডত আক্কাছ আলী(৪৫)নামৰ এজন লোক গুৰুতৰ বাবে আহত হোৱাত তেওঁক ধিং এফ আৰ ইউত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওঁক নগাঁও মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে।

নিশা সংঘটিত হোৱা অগ্নিকাণ্ডত ৰমজান আলী,আজিবা খাতুন,শ্বমলা খাতুন,আক্কাছ আলী, নজৰুল ইছলাম,মুছতাফা আহমেদ, শ্বৰীফুল ইছলামকে আদি কৰি প্ৰায় ১৫ জন লোকৰ প্ৰায় কুৰি টা গৃহ জুইত সম্পূৰ্ণ ৰূপে জাহ যায়।আজিৰ এই অগ্নিকাণ্ডত নগদ দুই লাখ কুৰি হেজাৰ টকা,গৰু,ছাগলী,হাহ,কুকুৰা, আৰু গুৰুত্বপূৰ্ণ নতি-পত্ৰৰ লগতে সোণ-ৰূপৰ আ-অলংকাৰো সম্পূৰ্ণ ৰূপে জুইত ভস্মীভূত হয়।এতিয়া লৈকে জুই লগাৰ কাৰণ জানিব পৰা হোৱা নাই।