Home Blog Page 811

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত ৫,৭০০ কোটি টকাৰ সম্পত্তিৰে আটাইতকৈ ধনী প্ৰাৰ্থী পেম্মাছানি…

২০২৪ চনৰ লোকসভা নিৰ্বাচনত চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ আজি। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত ১০ খন ৰাজ্যৰ ৯৬ খন আসনৰ বাবে ভোট দান কৰা হ’ব। এই পৰ্যায়ত, মুঠ১,৭১৭ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। অন্ধ্ৰ প্ৰদেশৰ এজন প্ৰাৰ্থী তেওঁলোকৰ ভিতৰত আটাইতকৈ ধনী প্ৰাৰ্থী হিচাবে বিবেচিত হৈছে। তেওঁ হৈছে অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰ লোকসভা সমষ্টিৰ তেলেগু দেশম পাৰ্টিৰ (টিডিপি) প্ৰাৰ্থী চন্দ্ৰশেখৰ পেম্মাছানী। পেম্মাছানীয়ে নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামা অনুসৰি, তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৫,৭০০ কোটি টকা, যাৰ ভিতৰত আছে ৫৫৯৮ কোটি টকাৰ স্থাৱৰ সম্পত্তি আৰু ১০৬ কোটি টকাৰ স্থাৱৰ সম্পত্তি।
পেম্মাছানীয়ে পোন্নুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এম ভেঙ্কটেশ্বৰলুৰ জোঁৱায়েক ভেঙ্কটেশ ৰোৱাছায়াৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে। এয়া পেম্মাছানিৰ প্ৰথম নিৰ্বাচন। চতুৰ্থ পৰ্যায়ত গুন্টুৰ লোকসভা আসনৰ বাবে ভোটগ্ৰহণ আজি অনুষ্ঠিত হ’ব।


পেম্মাছানীয়ে তেওঁৰ সামাজিক মাধ্যমত নিজকে এজন ৰাজনীতিবিদ, চিকিৎসক, উদ্যোগী আৰু সমাজকৰ্মী হিচাপে চিনাকি দিছে। ৪৮ বছৰীয়া পেম্মাছানি অনলাইন লাৰ্ণিং প্লেটফৰ্ম ইউৱৰ্ল্ডৰ প্ৰতিষ্ঠাপক। তেওঁ এজন চিকিৎসা আৰু তেওঁ ১৯৯৯ চনত বিজয়ৱাড়াৰ এনটিআৰ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ পৰা এমবিবিএছ সম্পূৰ্ণ কৰিছিল। ইয়াৰ উপৰিও, তেওঁ ২০০৫ চনত পেনচিলভেনিয়াৰ ডেনভিলৰ গেইচিংগাৰ চিকিৎসা কেন্দ্ৰৰ পৰা ইণ্টাৰনেল মেডিচিন বিষয়ত এমডি লাভ কৰিছিল। পেম্মাছানীয়ে মাইক্ৰছফ্ট, কোকা-কোলা, উবেৰ টেকন’লজিছ আৰু এপলকে ধৰি ১০০ ৰো অধিক আমেৰিকান কোম্পানীত বিনিয়োগ কৰিছে বুলি বিভিন্ন মাধ্যমে প্ৰকাশ কৰিছে।

আজি লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ, ১০খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬ টা সমষ্টিত হ’ব ভোটগ্ৰহণ, নিৰ্ণয় হ’ব ১,৭১৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য…

সাতটা পৰ্যায়ত অনুষ্ঠিত কৰি থকা লোকসভা নিৰ্বাচন-২০২৪ৰ আজি চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আজি দেশৰ ১০খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬ টা সমষ্টিত চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত। একেটা দিনতে অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক বিধানসভাৰ সকলো আসন আৰু ওড়িশা ৰাজ্যিক বিধানসভাৰ ২৪ খন আসনৰ বাবেও ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ লগতে ১৩ মে’ৰ দিনাই অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক বিধানসভাৰ সকলো অৰ্থাৎ ১৭৫ খন আসন আৰু ওড়িশা ৰাজ্যিক বিধানসভাৰ ২৮ খন আসনৰ বাবেও একেলগে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে আয়োগে (পুৱা ৭ বজাৰ পৰা সন্ধিয়া৬ বজালৈ) তেলেংগানাৰ ১৭ টা সংসদীয় সমষ্টিৰ কিছু বিধানসভা খণ্ডত ভোটদানৰ সময় বৃদ্ধি কৰিছে৷

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত ১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ১,৭১৭ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে৷ চতুৰ্থ পৰ্যায়ৰ বাবে এটা লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ গড় সংখ্যা ১৮ জন৷ ভোটগ্ৰহণ আৰু নিৰাপত্তা বিষয়া যাতায়তৰ বাবে চতুৰ্থ পৰ্যায়ত তিনিখন ৰাজ্যত (অন্ধ্ৰ প্ৰদেশ-২, ঝাৰখণ্ড- ১০৮; ওড়িশা-১২) ১২২খন বিমান চলাচল কৰোৱা হৈছে৷ ১৯ লাখৰো অধিক ভোটগ্ৰহণ বিষয়াই ১.৯২ লাখ ভোটকেন্দ্ৰত ১৭.৭ কোটিৰো অধিক ভোটাৰৰ ভোট গ্ৰহণ কৰিব।

ৰহাত ভাৰতীয় জনতা পাৰ্টিৰ পুৰণি নেতা কৰ্মীৰ কাৰ্যকৰ্তা সন্মিলন ! পুৰণি বিজেপি নেতা কৰ্মী উপেক্ষিত হৈ থকাৰ অভিযোগ…

বৰ্তমান সময়ত ৰাজ্যৰ সৰ্বতে প্ৰতিষ্ঠা কালৰে পৰা জড়িত হৈ থাকি বিজেপি দলটোক আজিৰ স্হিতিত লৈ যোৱাত বিশেষ অৰিহণা যোগোৱা পুৰণি বিজেপি কৰ্মী নেতাসকল এলাগী হৈ পৰা বুলি সততে অভিযোগ উথ্থাপিত হৈ থকাৰ সময়তে আৰু বিভিন্ন সময়ত এই বিষয়টো পুৰণি বিজেপি নেতা কৰ্মীসকলে প্ৰায় মুকলিকৈয়েই ব্যক্ত কৰি থকাৰ সময়তে কালি নগাঁও জিলাৰ ৰহাত বিজেপিৰ পুৰণি নেতা কৰ্মী সকলৰ এখন কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হয়। ৰহা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই সন্মিলনখনত ৰহা সমষ্টিৰ বিজেপি দলৰ শতাধিক পুৰণি নেতা কৰ্মী উপস্থিত থাকি বিজেপি দলৰ বিভিন্ন বিষয় আলোচনা কৰাৰ লগতে ন- বিজেপিৰ আগ্ৰাসন ত বৰ্তমান পুৰণি জেষ্ঠ নেতা কৰ্মীসকল এলাগী হৈ পৰাৰ বিষয়টো লৈয়ো অসন্তুষ্টি ব্যক্ত কৰা হয়। এই কাৰ্যকৰ্তা সন্মিলনখনৰ পিছতে ৰহাত এখন সাংবাদিক মেলৰ আয়োজন কৰি কাৰ্যকৰ্তা সন্মিলনখনৰ বিষয়ে সাংবাদিকক অৱগত কৰে সন্মিলনৰ আয়োজকসকলে।

ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা এই সংবাদ মেলখনত কাৰ্যকৰ্তা সন্মিলনখনৰ সমন্বয়ক প্ৰণৱ শইকীয়াই সন্মিলণখনত পুৰণি বিজেপি নেতা কৰ্মীসকলক একগোট কৰি নিজৰ মনৰ কথা ব্যক্ত কৰাৰ লগতে দলটোৰ বিভিন্ন দিশ আলোচনা কৰা বুলি ব্যক্ত কৰাৰ লগতে বিজেপি দলটোত প্ৰতিষ্ঠা কালৰে পৰা বহু ত্যাগ স্বীকাৰ কৰা পুৰণি বিজেপি নেতা কৰ্মীসকল উপেক্ষিত হৈ থকা বিষয়টোত আক্ষেপ কৰি এনে পৰিস্থিতিৰ বাবে বহু নেতা কৰ্মী অসন্তুষ্টি হৈ থকাৰ কথা একপ্ৰকাৰ স্বীকাৰ কৰে আৰু পুৰণি বিজেপিৰ কাৰ্যকৰ্তা সকলক দলত যথাযোগ্য সন্মান আৰু শ্ৰদ্ধা জনোৱা উচিত বুলি উল্লেখ কৰি বিজেপি দলত ন পুৰণি বুলি কথা নাই সকলোৱে একেলগে মিলি দলটোক সবল আৰু শক্তিশালী কৰাত হে মনোনিবেশ কৰিব লাগে বুলি কয়। আজিৰ সন্মিলনখনত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে ৰহাত সকলো নেতা কৰ্মীক লৈ এখন সভা অনুষ্ঠিত কৰাৰ বাবেও সিদ্ধান্ত লোৱা বুলি সংবাদ মেলত সদৰী কৰা হয়।ইপিনে সংবাদমেলখনত দলটোত এচাম দুষ্ট প্ৰকৃতিৰ লোকে নিজকে প্ৰতিষ্ঠা কালৰে পৰা দলত জড়িত হৈ থকা বুলি ফিটাহি মাৰি আৰু একাংশই আকৌ বৰ্তমান দলত নিজেই সৰ্বেসৰ্বা বুলি জাহিৰ কৰি দলৰ পৰা সা সুবিধা আদায় কৰি আকৌ দলৰ বিৰুদ্ধেহে কাম কৰাৰ লগতে নিৰ্বাচনতো দলক ভোট নিদিবৰ বাবে কৈ নিজেই কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট দিয়া বুলি অভিযোগ তুলি দলতে থাকি দলত সিন্ধি মৰা এনে দু: চক্ৰৰ পৰা সকলোকে আতৰি থাকিবলৈ আহ্বান জনায়। এই দুষ্ট চক্ৰটোৰ বাবেই দলটোৰ ক্ষতি হোৱা বুলিও সংবাদ মেলখনত অভিযোগ কৰা হয়।

আজিৰ সংবাদমেলখনত ৰহা সমষ্টিৰ বিজেপি দলৰ জেষ্ঠ নেতা সমৰ সিংহ ডেকা, চন্দ্ৰ বৰদলৈ, জগমোহন নাথ আদিকে ধৰি বহু কেইজন নেতা কৰ্মী উপস্থিত থাকে। ইপিনে আজি অনুষ্ঠিত কৰা এই সন্মিলনখনত পুৰণি নতুন বুলি নিদি বিজেপিৰ কাৰ্যকৰ্তা সন্মিলন বুলিহে অনুষ্ঠিত কৰা আৰু বহু দলীয় নেতা কৰ্মীকো আমন্ত্ৰণ নকৰা বুলি অভিযোগ উঠিছে। বিজেপি দলৰ ৰহা সমষ্টিৰ বহু নেতা কৰ্মী ,মণ্ডল সমিতি আদিয়েও এই বিষয়ে নজনা বুলিহে অভিযোগ কৰিছে।অৱশ্যে এই বিষয়টো উথ্থাপন কৰাত সন্মিলনৰ আয়োজকসকলে সাংবাদিক মেলখনত আমি কোনো সমিতিৰ উদ্যোগত সন্মিলন অনুষ্ঠিত কৰা নাই কেবল পুৰণি বিজেপি নেতা কৰ্মীসকল একগোট হৈ নিজৰ নিজৰ মনৰ অনুভৱ আৰু দলীয় কাম কাজ সম্পৰ্কে এক পৰ্যালোচনা কৰাৰ বাবেহে অনুষ্ঠিত কৰা বুলি উল্লেখ কৰি পৰবৰ্তী সময়ত সমষ্টিৰ ন পুৰণি সকলো মিলি সভা অনুষ্ঠিত কৰিব বুলি কয়।অৱশ্যে যিয়েই নহওক কিয় এনেদৰে পৃথকে পৃথকে সন্মিলন,সভা সমিতি অনুষ্ঠিত কৰাত ৰহা সমষ্টিতো যে বৰ্তমান সময়ত ন- পুৰণি বিজেপিৰ মাজত ভিতৰি সংঘাত আছে আৰু পুৰণি বিজেপি যে এলাগী হৈ পৰিছে সেয়া মুকলিকে নকলেও স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে।এই সকলেই ২০১৯ চনৰ লোকসভা নিৰ্বাচন, ২০২৪ চনৰ লোকসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰচাৰ কৰি দলীয় প্ৰাৰ্থীক বহুতেই ভোট দিয়া নাছিল বুলিও একাংশ বি জে পিৰ দলীয় কৰ্মীয়ে অভিযোগ কৰিছে ।

ৰৌতাত মুছলিম ছাত্র সন্থা (মুছা) ৰ কৰ্মশালা সম্পন্ন ! বি টি আৰত মুছলিমক ভূমি অধিকাৰ প্ৰধান কৰকঃ আশ্বিক ৰাব্বানী…

বি টি আৰত বসবাস কৰা ভাৰতীয় লোকসকলৰ জীৱন সম্পত্তিৰ নিৰাপত্তা প্ৰদানৰ দাবী কৰিছে মুছলিম ছাত্ৰ সন্থা,অসমৰ সভাপতি আশ্বিক ৰাব্বানীয়ে। আজি ইংৰাজী ১২ মে তাৰিখে ওদালগুৰি জিলাৰ ৰৌতা পৰিদৰ্শন বাংলাত মুছাৰ ওদালওৰি জিলা সমিতিৰ উদ্যোগত এক কৰ্মশালা অনুষ্ঠিত হয় । সভাত সভাপতিত্ব কৰে মুছাৰ ওদালগুৰি জিলা সভাপতি ছফিকুল ইছলামে আৰু সভাৰ উদ্দেশ্য বাখ্যা কৰে মুছাৰ জিলা সাধাৰণ সম্পাদক আব্বাছ আলীয়ে ।সভাত মুছাৰ কেন্দ্ৰীয় সভাপতি আশ্বিক ৰাব্বানীয়ে কয় যে অসমৰ মুছলিম লোক সকলকলৈ বিভিন্ন চৰকাৰে ৰাজনীতি কৰাহে পৰিলক্ষিত হৈছে । বি টি আৰত বসবাস কৰা ভাৰতীয়লোকৰ জীৱন সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰা,চৰকাৰী মাটিত বসবাস কৰা লোকসকলক ভূমি প্ৰদান কৰা, মুছলিমৰ ভূমি অধিকাৰ প্ৰধান কৰা, ডি-ভোটাৰৰ সমস্যা সমাধানৰ দাবীত মুছলিম ছাত্র-সন্থা অসমে ওদালগুৰি জিলাৰ ৰৌথা পতিদৰ্শন বাংলাত এক কৰ্মশালাৰ আয়োজন কৰে।

সংগঠনটোৰ সভাপতি আশ্বিক ৰাব্বানীয়ে কয় যে অসমীয়াৰ স্বভিমানত আঘাত দিয়া কোনো কাম যাতে কোনেওঁ নকৰে লগতে অসমী আইৰ হকে মাত মাতি আহিছে আৰু অনাগত দিনতো মাত মাতি যাব। ১৯৭১চনৰ ২৪ মাৰ্চৰ আগত অহা প্ৰতিগৰাকী লোক ভাৰতীয় । লগতে অসমৰ দীৰ্ঘদিনীয়া এটা জলন্ত সমস্যা ডি ভোটাৰৰ সমস্যাক গাঁৱে গাঁৱে লোক আদালত পাতি সমাধান কৰিবলৈ চৰকাৰক আহব্বান জনাই। শংকৰ-আজানৰ দেশত হিন্দু-মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিব বিচৰা অপশক্তিক মুছলিম ছাত্ৰ-সন্থাই কেতিয়াও মানি নলয় বুলি সদৰী কৰে সংগঠনটোৱে। আজি ওদালগুৰি ৰৌথাত মুছলিম ছাত্ৰ সন্থা, অসম চমুকৈ (মুছা)ৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক জহিৰুল খলিফাই বৰ্তমান অসমৰ বিভিন্ন জলন্ত সমস্যাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় ১৯৭১ চনৰ ২৫ মাৰ্চত ভিক্তি বছৰ হিচাপে লৈ অসম চুক্তি অনুসৰি অসমৰ জাতি ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC) প্ৰস্তুত কৰাটো মুছাই বিছাৰিছিল লগতে এন আৰ চি ৰ পৰা বাদ পৰা লোক সকলক অতি শীঘ্ৰে এন আৰ চি প্ৰদান কৰিব লাগে ,অসম চুক্তি অনুসৰি বিদেশী বহিস্কাৰৰ দাবী, নাগৰিকত্ব সংশোধনী বিধেয়ক (২০১৬) প্ৰৱৰ্তনৰ জৰিয়তে ভাৰত চৰকাৰে দেশত বিদেশী সংস্থাপনৰ যি অসম বিৰোধী স্থিতি গ্ৰহণ কৰিছে তাক প্ৰত্যাহাৰৰ দাবী, উচ্ছেদিত লোক সকলক পুনৰ সংস্থাপনৰ দাবী, বাংলাদেশী বিদেশী খেদাৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰাৰ দাবী, সন্ত্ৰাসবাদ দমন কৰা, গাঁও অঞ্চলত ২৪ ঘন্টাই বিদুৎ নিয়মীয়া কৰণৰ দাবী ,চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তিৰ দাবী, গৰাখহনীয়াত গৃহহীন লোকক মাটিৰ পট্টা দিয়া আৰু কৰ্মসংস্থানৰ ব্যৱস্থাৰ কৰা । ১৯৯৩, ২০০৮ আৰু ২০১৪ চনত সংঘটিত হোৱা সংঘাতত নিহতৰ পৰিয়ালে ন্যায় পোৱা নাই ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালে। ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ ইয়াত সন্ত্ৰাসবাদৰ স্থান নাই। সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বন্ধ কৰাৰ নামত অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে নাটকেই কৰি আছে, ইয়াৰ কোনো স্থায়ী সমাধানৰ চিন্তা কৰা নাই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে এই অভিযোগ মুছলিম ছাত্ৰ সন্থা,অসমৰ । সাম্প্ৰতিক অসমৰ পৰিস্থিতি সাপেক্ষে এটা কথা স্পষ্ট হৈ পৰিছে ৰক্ষকেই বক্ষক।

২০০৮ চনৰ ৩০ অক্টোবৰ তাৰিখে যি নাৰকীয় কাণ্ড হৈছিল তাক কোনোৱে পাহৰিৱ নোৱাৰে। কিন্তু যিসকলে এই কাণ্ড কৰিছিল সেইসকলক আমি ফুলৰ মালাৰে আকোঁৱালি লৈছোঁ কিয় ? সন্ত্ৰাসবাদীৰ কোনো জাতি নাই, ধৰ্ম নাই । শংকৰ আজানৰ দেশত সন্ত্ৰাসবাদীৰ স্থান নাই । সন্ত্ৰাসবাদী জন হিন্দু হওঁক বা মুছলমানেই হওঁক কটোৰতম শাস্তি পাৱ লাগে। কিন্তু অসমত সন্ত্ৰাসবাদী দমনৰ নামত কিছুমান সাধাৰণ মানুহক অন্যয় কৰা পৰিলক্ষিত হৈছে, সেয়া ৰহস্য জনক তাক বন্ধ কৰিব লাগে বুলি অসম চৰকাৰক দাবী জনায় মুছলিম ছাত্ৰ সন্থা অসমৰ সভাপতি আশ্বিক ৰাব্বানীযে। বি টি এ ডি তথা অসমত থকা অবৈধ মৰনাশাস্ৰু সমূহ জব্দ কৰিব লাগে, কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰ তথা গৃহ বিভাগ সম্পূৰ্ণ ব্যাৰ্থ হৈছে বুলি অভিযোগ উৎথাপন কৰে মুছলিম ছাত্ৰ সন্থা অসমৰ সভাপতি আশ্বিক ৰাব্বানীযে। অতি শীঘ্ৰে অসম তথা বি টি আৰত থকা অবৈধ মৰণাশাস্ৰু সমূহ জব্দ কৰাৰ লগতে অসমক সন্ত্ৰাসবাদ মুক্ত কৰক অন্যথা গোটেই অসমজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ হুংকাৰ দিয়ে মুছলিম ছাত্ৰ সন্থা অসমৰ সভাপতি আশ্বিক ৰাব্বানীযে। আজিৰ এই কৰ্মশালাত উপস্থিত থাকে মুছলিম ছাত্ৰ সন্থা অসমৰ সভাপতি আশ্বিক ৰাব্বানী, উপসভাপতি ফজৰ আলী খান, সহকাৰী সাধাৰণ সম্পাদক জহিৰুল খলিফা,প্ৰচাৰ সম্পাদক চাহেব আলীৰ লগতে মুছাৰ ওদালগুৰি জিলাৰ কৰ্মকতা ।

মাজবাটৰ চিকাৰীডাঙাত ৩৭৪ কাৰ্টুন অবৈধ সুৰা জব্দ…

মাজবাটৰ চিকাৰীডাঙাত ৩৭৪ কাৰ্টুন বিলাতী সুৰা জব্দ৷অৰুণাচলৰ পৰা গুৱাহাটীলৈ নি থকা অৱস্থাত লালপানী আৰক্ষীয়ে জব্দ কৰে অবৈধ সুৰাখিনি ৷ জব্দ কৃত সুৰাখিনিৰ আনুমানিক বজাৰ মুল্য ১৫লাখ টকা ।

ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অধীনস্থ লালপানী আৰক্ষী চকীৰ অধীনস্থ অসম অৰুনাচল সীমান্তৰ চিকাৰীডাঙাত AS -01-EC-6245 টাটা 709 ট্ৰাকৰ পৰা অৰুনাচলী বিলাতী সুৰা জব্দ কৰে ৷ অৰুনাচল প্ৰদেশৰ টেংগা ভেলিৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অবস্থাত চিকাৰীডাংঙাৰ লালপানী প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত ওৰাং মাজবাট ৰূপা পথত নিয়মীয়া তালাচী অভিযানত জব্দ ৩৭৪ কাৰ্টুন অবৈধ বিলাটি সুৰা।

এই ঘটনাৰ সংক্ৰান্ততত গাড়ীখনৰ চালক কামৰূপ জিলাৰ বিজয় নগৰৰ মফিদুল ইছলামক গ্ৰেপ্তাৰ কৰে ৷লালপানী আৰক্ষী চকীৰ আই চি প্ৰনৱ বৰুৱাই সাংবাদিকক জানিবলৈ দিয়ে যে জব্দ কৃত সুৰা খিনিৰ বজাৰ মুল্য প্ৰায় ১৫ লাখ টকা হব বুলি কয়।

বিপদত আল্লু! দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে আইনী ব্যৱস্থা…

দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে আইনী ব্যৱস্থা। নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগত গোচৰ ৰুজু অভিনেতাগৰাকীৰ বিৰুদ্ধে। দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনে তেওঁৰ আগন্তুক ছবি ছবি পুষ্পা ২ মুক্তিৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে।ইফালে খবৰ অনুসৰি তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।শেহতীয়াকৈ এই চিনেমাখনৰ প্ৰথমটো গীত মুক্তি পাইছিল, য’ত অভিনেতাজনে মানুহৰ হৃদয় জয় কৰিছিল।আনহাতে অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ অন্ধ্ৰপ্ৰদেশতো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। আল্লু অৰ্জুনৰ বন্ধু তথা ৱাই এছ আৰ চি পিৰ বিধায়ক শিল্পা ৰবি নংঘল আসনৰ পৰা প্ৰাৰ্থী। এনে পৰিস্থিতিত নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত অভিনেতাজনে বন্ধুক সমৰ্থন কৰিবলৈ আহিছিল। কিন্তু তেওঁৰ আগমনৰ পাছতে বিধায়কগৰাকীৰ ঘৰৰ বাহিৰত বিপুল জনসমাগম হয়।

আল্লু অৰ্জুনক লগ পাবলৈ বিধায়কগৰাকীৰ ঘৰৰ বাহিৰত এক বিশাল জনসমাগম হয়। ইয়াৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে আৰু চকীদাৰৰ বাবে ভিৰ নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে। অন্ধ্ৰ প্ৰদেশৰ নিৰ্বাচনী পৰিবেশৰ বাবে আচৰণ বিধি বলবৎ হৈ আছে। এনে পৰিস্থিতিত বিধায়কগৰাকীৰ ঘৰৰ বাহিৰত অভিনেতাগৰাকীৰ বাবে জনসমাগমৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। এই সকলোবোৰৰ মাজতে অভিনেতাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। এনে তথ্য পোহৰলৈ আহিছে যে আল্লু অৰ্জুনে আনকি বিধায়কগৰাকীৰ ঘৰৰ বাহিৰত নিজৰ অনুৰাগীক এক আভাস দিছিল।

সংবাদ মাধ্যমত আল্লু অৰ্জুনে কয় যে তেওঁ বন্ধু শিল্পা ৰবি চন্দ্ৰ কিশোৰ ৰেড্ডীক সমৰ্থন কৰিবলৈ তালৈ আহিছিল। মই তেওঁক সমৰ্থন কৰিবলৈ ইয়াত আছো আৰু মোৰ শুভেচ্ছা তেওঁলৈ।

মাৰ্ঘেৰিটাৰ বৰগোলাইত তামাং বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ বিশাল ধৰ্মীয় শোভাযাত্ৰা…

মাৰ্ঘেৰিটাৰ বৰগোলাইত তামাং বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ বিশাল ধৰ্মীয় শোভাযাত্ৰা।

মাৰ্ঘেৰিটাৰ বৰগোলাই স্থিত টাচী ছৈলিং গোম্পাত ১০ মে’ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা বৌদ্ধ মূৰ্তি স্থাপন, প্ৰাণ প্ৰতিষ্ঠা আৰু ধৰ্মীয় কাৰ্য্যসূচীৰ আজি অন্তিম দিনত এক বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়।

বহুলোকে তামাং বৌদ্ধ ধৰ্মাৱলম্বী লোকে এই বিশাল ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰে।

এই ধৰ্মীয় শোভাযাত্ৰা বৰগোলাইস্থিত টাচী ছৈলিং গোম্পাৰ পৰা বৰগোলাই ৰেল গেট হৈ পুনৰ টাচী ছৈলিং গোম্পাত সামৰণি পৰে।

এই শোভাযাত্ৰাই অঞ্চলটোত এক ঐশ্বৰিক পৰিৱেশৰ সৃষ্টি কৰে।

শিক্ষকৰ বেত্ৰাঘাতত আহত সপ্তম শ্ৰেণীৰ ছাত্ৰী…

শিক্ষকৰ বেত্ৰাঘাতত আহত সপ্তম শ্ৰেণীৰ ছাত্ৰী। ছাত্ৰীগৰাকীৰ মূৰত আঘাত কৰে শিক্ষক ধনঞ্জয়ে। জ্ঞান হেৰুৱাই মাটিত ঢলি পৰে ছাত্ৰীগৰাকী।

ঘটনাৰ পাছতেই অভিভাৱক, স্থানীয় ৰাইজে ঘেৰাও কৰে শিক্ষকজনক।

পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে অভিযুক্ত শিক্ষকজনক।

বকোৰ লামপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ৭জন আঘাতপ্ৰাপ্ত…

বকোৰ লামপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।

দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ৭জন আঘাতপ্ৰাপ্ত।

আহতসকলক ততাতৈয়াকৈ GMCH লৈ প্ৰেৰণ।

দেৰগাঁৱত আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস পালন…

প্ৰতিবছৰ দৰে এই বৰ্ষটো দেৰগাঁও সংগীতা নাৰ্ছিং কেন্দ্ৰত পালন কৰা হয় আন্তৰ্জাতিক নাৰ্ছ দিৱস। ১৮২০ চনত জন্ম গ্ৰহণ কৰা ফ্লোৰেন্স নাইটিংগেলৰ প্ৰতি সন্মান জনাই উদযাপন কৰা আন্তৰ্জাতিক ধাত্ৰী দিৱসৰ উপলক্ষে আজি দেৰগাঁও চুপাৰমাৰ্কেটস্থিত সংগীতা নাৰ্ছিং কেন্দ্ৰত উদযাপন কৰে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস।

কাৰ্যসূচীত প্ৰশিক্ষণত আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উলহ-মালহেৰে কেক কাটি উদযাপন কৰা ধাত্ৰী দিৱসৰ দিনটোত নাৰ্ছসকলে যাতে কৰ্ম সম্পাদন কৰি সুন্দৰভাৱে সেৱা আগবঢ়াই যাব পাৰে তাৰ বাবে ভগৱানৰ পৰা সকলোৱে আশিষ বিচাৰে।