Home Blog Page 829

চলচ্চিত্ৰ পৰিচালক তথা মোমায়েক আয়ান মুখাৰ্জীৰ সৈতে ৰণবীৰ-আলিয়াৰ কন্যা ৰাহা, মৰমলগা অভিব্যক্তিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে…

যোৱা বছৰ অৰ্থাৎ ২০২৩ চনৰ বৰদিনৰ বিশেষ উপলক্ষে পাপাৰাজীৰ সন্মুখত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে তেওঁলোকৰ মৰমৰ কন্যা ৰাহা কাপুৰৰ মুখ দেখুৱাইছিল, বহু সময়ত পেপছৰ কেমেৰাত বন্দী হোৱা ৰাহা প্ৰায়ে লাইমলাইটত থাকে। ছচিয়েল মিডিয়াত প্ৰায়ে ৰহাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে। ইফালে ছ’চিয়েল মিডিয়াত ৰাহাৰ আন এটা নতুন ভিডিঅ’ অতি জনপ্ৰিয় হৈছে।

ভাইৰেল ভিডিঅ’টোত ৰাহাৰ মৰমলগা মুখৰ ভাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ভিডিঅ’টোত ৰাহাক মাতৃৰ ফালৰ পৰা মামাক আৰু চলচ্চিত্ৰ পৰিচালক আয়ান মুখাৰ্জীৰ কোলাত থকা দেখা গৈছে।এখন দোকানত দেখা গৈছিল দুয়োকে, ইয়াৰ পিছত আয়ানৰ চকু পাপাৰাজীৰ ওপৰত পৰাৰ লগে লগে ৰাহাৰ লগত তাৰ পৰাই যাবলৈ আৰম্ভ কৰে। অৱশ্যে এই সময়ছোৱাত তেওঁও পেপবোৰক কিবা এটা ক’বলৈও চেষ্টা কৰে, কিন্তু মানুহৰ মনোযোগ ৰাহাৰ মুখত।

ৰাহাক সদায় জিলিকি থকা দেখা যায়, দেখাত বৰ মৰমলগা ৰাহা। লগতে ৰাহাৰ চুলি খোলা আৰু হাতত খাদ্যৰ পেকেট এটা দেখা যায়। ৰহাৰ এই নতুন ভিডিঅ’টো বহুত লাইক হৈ আছে। ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত কেপচনত লিখা হৈছে, ‘ৰাহা আয়ান মামাৰ সৈতে’। ভিডিঅ’টোত বহু মন্তব্যও দেখা যায়, য’ত ইউজাৰে কয় যে ৰাহাক তেওঁৰ মাতৃ আলিয়া ভাট আৰু ৰাজ কাপুৰ আৰু ঋষি কাপুৰৰ দৰেই দেখা গৈছে।

২০২২ চনৰ ১৪ এপ্ৰিলত আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ বিবাহ হৈছিল। দুয়োজনে অতি সৰলতাৰে বিয়া পাতিছিল আৰু বিয়াৰ কেইমাহমানৰ পিছত আলিয়া-ৰণবীৰে পিতৃ-মাতৃ হোৱাৰ ভাল খবৰটো অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল, তাৰ পিছত ৰাহাৰ জন্ম হৈছিল।


হাইলাকান্দিত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু…


হাইলাকান্দিত ছোৱাইন ফ্লুৰ আতংক
ছোৱাইন ফ্লুত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু


ডেৰ বছৰীয়া ফাৰহানা খানমৰ মৃত্যু
জিলাখনত হাইএলাৰ্ট জাৰি প্ৰশাসনৰ


শিশুটিৰ দেহত ধৰা পৰিছে H1N1 আৰু H3N2 ভাইৰাছৰ অৱস্থিতি

বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ প্ৰাণ হেৰুৱালে প্ৰাঞ্জল বৰাই! অঞ্চলজুৰি শোকৰ ছাঁ…

বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ মৃত্যু ৰাইডঙীয়া ৰজাগাঁৱৰ যুৱক প্ৰাঞ্জল বৰা।

দুই বন্ধুৰ সৈতে ৩ মে’ত গৈছিল ৰাইডঙীয়া ৰজাগাঁৱৰ পৰা ছেকেণ্ডৰাবাদলৈ।

পেটৰ তাড়নাত চপন বৰা আৰু ৰাজীৱ কুমাৰ নাথৰ সৈতে গৈছিল প্ৰাঞ্জল বৰা কাম বিচাৰি বহিঃৰাজ্যলৈ।

সোমবাৰে পুৱা গোমতোলৰ চৈতণ্ডপুলিত উদ্ধাৰ প্ৰাঞ্জলৰ মৃতদেহ।

যুৱক জনৰ শৰীৰত আঘাত থকা মৃতদেহ উদ্ধাৰ হোৱাত ৰহস্যৰ সৃষ্টি হৈছে।

যুৱক জনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

জখলাবন্ধাৰ সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু আৰ্টিগা বাহনৰ চালক…

জখলাবন্ধাৰ সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। গেছভৰ্তি টেংকাৰ-আৰ্টিগা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ।

দুৰ্ঘটনাত আৰ্টিগা বাহনৰ চালকৰ মৃত্যু। মৃত চালকজন যোৰহাটৰ অভিজিৎ শইকীয়া।

গুৰুতৰভাৱে আহত মহিলাসহ আন দুজন।

৮ ঘণ্টা শুব, বাকী ১৬ ঘণ্টা এই কাম কৰক; আপোনাৰ স্বাস্থ্য সুস্থ হৈ থাকিব…

যদি আপুনি প্ৰতিদিনে ৫ ঘণ্টা থিয় হৈ, ৬ ঘণ্টা বহি, ৮ ঘণ্টা শুই আৰু বাকী ৫ ঘণ্টা লৰচৰ কৰি কটায়, তেন্তে আপুনি সুস্থ জীৱন যাপন কৰিব পাৰিব। শেহতীয়াকৈ এক অধ্যয়নত এই কথা প্ৰকাশ পাইছে এই তথ্য। ২৪ ঘণ্টীয়া দৈনন্দিন ৰুটিন, হৃদৰোগ আৰু ডায়েবেটিছৰ সম্পৰ্কৰ ওপৰত কৰা এক নতুন গৱেষণাৰ ফলত চাঞ্চল্যকৰ ফলাফল পোৱা গৈছে।

এক আলোচনীত প্ৰকাশিত নতুন গৱেষণাৰ মতে হৃদৰোগ, ষ্ট্ৰ’ক আৰু ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ ৮ ঘণ্টা টোপনিৰ প্ৰয়োজন। লগতে প্ৰতিদিনে কমেও ২.২ ঘণ্টা পোহৰৰ পৰা মধ্যমীয়া কাৰ্য্যকলাপৰো প্ৰয়োজন।

টোপনি স্বাস্থ্যৰ বাবে ঔষধৰ দৰে। এনে পৰিস্থিতিত ৮ ঘন্টা টোপনিয়ে হৃদৰোগ, ষ্ট্ৰোক আৰু ডায়েবেটিছ ৰোগৰ সম্ভাৱনা কম কৰাত সহায় কৰে।

প্ৰতিদিনে কমেও ২.২ ঘণ্টা পোহৰৰ পৰা মধ্যমীয়া কাৰ্য্যকলাপ, যেনে পানী খাবলৈ উঠি যোৱা, আন্ধাৰ কোঠালৈ যোৱা বা বন্ধু-বান্ধৱীৰ সৈতে খোজ কঢ়া। এই কাৰ্য্যকলাপে চুগাৰ নিয়ন্ত্ৰণ আৰু বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাত সহায়ক বুলি প্ৰমাণিত হয়।

প্ৰতিদিনে কমেও ৫.২ ঘণ্টা থিয় হৈ থাকিব। বহাৰ সময় কমাই থিয় হৈ থকাৰ সময় বৃদ্ধি কৰিলে হৃদৰোগ প্ৰতিৰোধত সহায়ক হ’ব পাৰে।

প্ৰতি মিনিটত ১০০ খোজতকৈ অধিক খোজ কঢ়াৰ দৰে মধ্যমীয়াৰ পৰা জোৰদাৰ কাৰ্য্যকলাপ প্ৰতিদিনে ২ ঘণ্টাতকৈ অধিক সময় কৰিব লাগে।

এই গৱেষণাৰ আধাৰত অষ্ট্ৰেলিয়াত নতুন গাইডলাইন তৈয়াৰ কৰাৰ প্ৰস্তুতি চলিছে। যিসকলে নিজৰ স্বাস্থ্য উন্নত কৰিব বিচাৰে আৰু হৃদৰোগ আৰু ডায়েবেটিছৰ পৰা আঁতৰি থাকিব বিচাৰে তেওঁলোকৰ বাবে এই গৱেষণা প্ৰেৰণাদায়ক।

EDৰ অভিযানঃ নিৰ্বাচনৰ মাজতে ঝাৰখণ্ডৰ মন্ত্ৰীৰ চাৰ্ভেণ্টৰ ঘৰত টকাৰ পাহাৰ…

নিৰ্বাচনৰ মাজতে ঝাৰখণ্ডৰ মন্ত্ৰীৰ ভৃত্যৰ ঘৰত দমে দমে টকা।

উদ্ধাৰ ৩০কোটিতকৈ অধিক টকা।

ঝাৰখণ্ডৰ গ্ৰামোন্নয়ন মন্ত্ৰী আলমগীৰ আলমৰ ব্যক্তিগত সচিবৰ ভৃত্যৰ ঘৰৰ পৰা উদ্ধাৰ হয় এই টকাখিনি।

ধন গণনা কৰিবলৈ সাজু কৰি তোলা হৈছে কেইবাটাও মেচিন।

মানী লণ্ডাৰিং গোচৰক লৈ EDয়ে চলাইছিল অভিযান।

অযোধ্যাৰ ৰাম মন্দিৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূজা-অৰ্চনা…

অযোধ্যাৰ ৰাম মন্দিৰত প্ৰধানমন্ত্ৰী মোদীৰ পূজা-অৰ্চনা।

ৰাম লালাক দৰ্শন আৰু পূজা আগবঢ়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সামাজিক মাধ্যমত শ্বেয়াৰ কৰে ফটো।

ৰাম লালাক দৰ্শন আৰু পূজা কৰাৰ পিছত আৱেগিক হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

Decision on Miya vote not changed, says CM Sarma (Exclusive)

GUWAHATI: “Our decision on Miya’s vote has not changed. Earlier I said we do not need Miya’s vote. This decision was not changed. But I go to minority-dominated areas because as a chief minister, I have to go to every place. If I do not go to any place, it will be thought that that place is not within Assam,” Chief Minister Himanta Biswa Sarma said while talking to The Assam Rising exclusively here on Sunday.
Sarma who earlier said that the BJP need not Miya vote, was seen in some char areas of the state where he sought votes from minority communities.


“I did not go there stating we need Miya’s vote or not. We are speaking about our commitments and developments in our regime. As a chief minister, I have to cover the entire Assam. If I go to some parts and leave some parts, it will be thought that these parts are not of Assam,” Sarma said.
“But we did not change our decision. Our decision is the same. Somebody will vote for us or somebody will not,” Sarma also said.
Answering to a question regarding lack of Opposition parties present in General Election 2024 in Assam
“There is also opposition in this election. We can’t ignore it. There will be contests in Dhubri, Nagaon, Karimganj and even a bit in Kokrajhar. Earlier there were neck to neck but now 10/11 ls vibes for BJP easily. But I don’t want to say how many seats we will get. Let the Election Commission will announce the results on June 4,” he also said.
“Entire India is voting to make Narendra Modi PM for the third time. Assam is not far away from it. The people vote BJP to make India proper under PM Modi, Assam will also vote BJP to make it prosper,” he further said.
“There is a large number of participating women and youth in Assam. They have been with BJP in 2019, 2021 and this time also,” the chief minister said.
“I attended more than 200 meetings since January for land patta distribution, Vikash Yatra, Vijay Sankalpaa Yatra. From Mach 22 to May 5, I attended more than 12o meetings, rallies in 105 constituencies. I have interacted with many people, women and youth during these visits. We talk on many issues,” the Chief Minister said.
The Chief Minister said he would take part in some national-level campaign after the third phase of elections in the state. Sarma will go to West Bengal on May 8 to campaign for his party.

নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী

খানাপাৰাস্থিত কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সমুখৰ ৰাষ্ট্রীয় ঘাইপথত এক বৃক্ষৰোপন কাৰ্য্যসূচী ৰূপায়ন কৰে স্বেচ্চাসেৱী সংগঠন নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিয়ে ।

স্বেচ্চাসেৱী সংগঠন নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিয়ে খানাপাৰাৰ পৰা জালুকবাৰীলৈকে ৰাষ্ট্রীয় ঘাইপথচোৱাক “সেউজ ক’ৰিডৰ” হিচাপে প্ৰতিস্থা কৰাৰ বাবে এক অভিযানৰ প্ৰস্তুতি কৰিছে আৰু আজিৰ এই বৃক্ষৰোপন কাৰ্যসূচীৰে ইয়াৰ শুভাৰম্ভনি কৰে ।

স্থানিয় ৪৪ নং ৱাৰ্ডৰ পাৰিষদ শ্ৰী সত্যেন্দ্ৰনাথ ভট্টই এটা গছপুলি ৰোপণেৰে এই শুভকাৰ্য্যৰ আৰম্ভণি কৰে আৰু বৃক্ষৰোপনৰ প্ৰয়োজনীয়তাৰ ওপৰত দুআষাৰ বক্তব্য ৰাখে। উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগ, অসমৰ প্ৰাক্তন সঞ্চালক শ্ৰী ত্ৰিৰংগ ভাৰতীয় বৰাই এই কাৰ্য্যৰ বাবে সংগঠনটোক প্ৰসংশা কৰাৰ লগতে ইয়াৰ প্ৰতিপালনৰ বাবে লবলগীয়া বিভিন্ন ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰে। পি আৰ এন্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিস্থানৰ গৰাকী ৰঞ্জিত আগৰৱাল আৰু স্থানীয় যুৱ ব্যৱসায়ী দিগন্ত বৰ্মনে গছপুলি কেইটা প্ৰতিপালন আৰু সংৰক্ষণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে দায়িত্ব লয় আৰু আগলৈকো নীডচৰ এনে কাৰ্য্যসূচীবোৰত অন্তৰ্ভূক্ত হ’বৰ বাবে ইচ্ছুক বুলি জানিবলৈ দিয়ে।


সমাজকৰ্মী শ্ৰী হৰি প্ৰসাদ শৰ্মাই আজিৰ অনুস্থানৰ বাবে গছপুলি প্ৰদান কৰাৰ লগতে আগলৈকো এনেকৈ সহায় আগবঢ়াই যাব বুলি প্ৰতিশ্ৰুতি দিয়ে। সংঠনটোৰ পৰা জানিবলৈ দিয়া মতে ইতিমধ্যে তেওঁলোকে ৰাষ্ট্রীয় ঘাইপথ প্ৰাধিকৰণ বিভাগক ঘাইপথৰ কাষত বৃক্ষৰোপনৰ বাবে সুবিধাজনক স্থান চিহ্নিত কৰি দিবৰ বাবে আৰু লগতে জীৱিত গছৰ গাত মেৰিয়াই বা ওলোমাই ৰখা বিভিন্ন তাঁ‌ৰ,ফলক,গজাল ইত্যাদিবোৰ আঁ‌তৰাই নিয়াৰ বাবে ব্যৱস্থা লবলৈয়ো আবেদন জনাইছে। লগতে অন্যান্য সংশ্লিষ্ট বিভাগসমুহকো সমগ্ৰ বিষয়সমূহ অৱগত কৰাৰ লগতে ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰপত্ৰ প্ৰেৰণ কৰা হৈছে।

নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…

নগাঁৱৰ অগ্ৰণী সামাজিক- সাংস্কৃতিক অনুষ্ঠান ‘সৃষ্টি’ৰ উদ্যোগত নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুবালিত কালি নিশা অনুষ্ঠিত ২১ সংখ্যক বসন্ত উৎসৱৰ সাংস্কৃতিক কাৰ্যসূচীত আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠা অসম গৌৰৱ অংগৰাগ পাপন মহন্তৰ গীতৰ অনুষ্ঠানে হাজাৰ হাজাৰ দৰ্শকক মুগ্ধ কৰে । প্ৰায় চাৰি ঘন্টা সময় অবিৰতে ভাৱে মঞ্চত সহ শিল্পীৰ সৈতে গীত পৰিবেশন কৰা শিল্পী অংগৰাগ পাপন মহন্তই তেওঁৰ প্ৰয়াত পিতৃ-মাতৃ ক্ৰমে খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ স্মৃতি ৰোমন্থন কৰি প্ৰথিতযশা শিল্পীদ্বয়ৰ কেইবাটাও গীত পৰিবেশন কৰে । শিল্পী পাপনক সহযোগ কৰে যুৱ প্রজন্মৰ সুকন্ঠী গায়িকা কৃতিকা শৰ্মাই । আনহাতে গীতৰ অনুষ্ঠানৰ মাজতে শিল্পী পাপনে নগাঁও জিলাৰ জাজৰি গজলা সত্ৰৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে নগাঁও চহৰৰ নিউ আমোলাপট্টিত থকা প্ৰয়াত পিতৃ খগেন মহন্তৰ পৰিয়ালৰ লোকসকলৰ সৈতে পাপনে অতিবাহিত কৰা শৈশৱ -কৈশোৰ আৰু যৌৱনৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰে। শিল্পী পাপনে নেহৰুবালিত প্ৰাণ ঢালি গীত পৰিবেশন কৰি দৰ্শকক মুগ্ধ কৰে । আনহাতে সৃষ্টি’ৰ অন্যতম উদ্যোক্তা বিধায়ক ৰূপক শর্মাৰ সংস্কৃতিবান কৰ্মৰাজীক শিল্পী পাপনে ৰাজহুৱাকৈ

প্ৰশংসা কৰে ।বৈদ্যুতিন মাধ্যমৰ এংকৰ ইভা মহন্তই আঁত ধৰা বসন্ত উৎসৱৰ সা‌ংস্কৃতিক অনুষ্ঠানত নগাঁৱৰ জনপ্ৰিয় নৃত্য শিল্পী গৌৰৱ হাজৰিকাৰ পৰিচালনাৰে নৃত্যকলা শিক্ষা প্রতিষ্ঠান ‘সূত্ৰধাৰ’ৰ শিল্পী সকলে কুমাৰ ভাস্কৰ বৰ্মাৰ দিনৰে পৰা আৰম্ভ কৰি ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ প্ৰেক্ষাপটক সামৰি নগাঁও জিলাৰ ইতিহাসৰ আধাৰত প্ৰস্তুত কৰা ‘আমাৰ নগাঁও আমাৰ গৌৰৱ’ শীৰ্ষক নৃত্য নাটিকাখনে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰা লগতে বসন্ত উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানটিক এক বিশেষ মাত্রা প্রদান কৰে। বসন্ত উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত শিল্পী ৰাজশ্ৰী শ‌ইকীয়াই গীত পৰিবেশন কৰাৰ লগতে চলিত বৰ্ষত গুৱাহাটীৰ লতাশিল বিহু উৎসৱত ‘বিহু সামজ্ঞী’ খিতাপ অৰ্জন কৰা শিৰোশ্ৰী শ‌ইকীয়াৰ বিহুদলে বিহুনৃত্য প্ৰদৰ্শন কৰে। আনহাতে কলঙৰ বাকৰি নেহৰুবালিত বসন্ত উৎসৱৰ কাৰ্যসূচীত ২০০৯ চনৰ পৰাই এগৰাকী প্ৰচাৰ বিমুখ তথা চহা শিল্পীক তেওঁৰ বিৰল কৰ্মৰাজীক ৰাইজৰ মাজত চিনাকি কৰি দিয়াৰ উদ্দেশ্যৰে ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান কৰি অহা হৈছে। কালি নিশা অনুষ্ঠিত ‘বসন্ত


উৎসৱ’ৰ কাৰ্যসূচীত নগাঁও জিলাৰ ৰাইডঙীয়া অঞ্চলৰ ১০২ বছৰ অতিক্রমী সত্ৰীয়া- সংস্কৃতিৰ সাধক চহা শিল্পী বিহুৰাম শইকীয়াক চলিত বৰ্ষৰ কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান কৰা হয়। উল্লেখ্য যে গায়ন,বায়ন, সুত্ৰধাৰকে ধৰি সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত বৰ্ষীয়ান শিল্পী বিহুৰাম শ‌ইকীয়া বৰ্তমানেও সত্ৰীয়া-সংস্কৃতিৰ সৈতে জড়িত হৈ আছে। কালি বঁটা গ্ৰহণ পৰি উৎসাহিত হৈ পৰা বৰ্ষীয়ান সত্ৰীয়া-সংস্কৃতিৰ সাধক গৰাকীয়ে মঞ্চত ক্ষণিক সময়ৰ বাবে খোল বাদন কৰি দৰ্শকক মুগ্ধ কৰে । আনহাতে বসন্ত উৎসৱৰ সাংস্কৃতিক কার্যসূচীত সদ্য ঘোষিত সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱা নগাঁৱৰ সন্তান ভাস্বত শইকীয়া, চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান প্ৰাপ্ত নগাঁৱৰ ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ মেধাৱী ছাত্ৰী দেৱাশ্ৰী কাশ্যপ আৰু মিচেছ ভগ’ ষ্টাৰ ইণ্ডিয়া-২০২৪ খিতাপ অৰ্জন কৰা পৰী বৰকাকতি আৰু এক মিনিটত সর্বাধিক ৩১ টা যোগাসন প্ৰদৰ্শনেৰে ‘ইণ্ডিয়া বুক অব ৰেকৰ্ডছ’ত স্থান লাভ কৰা নগাঁৱৰ ভোটাইগাঁও অঞ্চলৰ মেধাৱী ছাত্ৰী ডঁৰিয়লি কৌশিক ভাগৱতীক সৃষ্টিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। “বসন্ত উৎসৱ”ৰ সমূহ কাৰ্যসূচী সাফল্য মণ্ডিত কৰি তোলাৰ বাবে প্ৰতিগৰাকী দৰ্শকক “সৃষ্টি”ৰ সমূহ কৰ্মকতাৰ হৈ বিধায়ক ৰূপক শর্মাই কৃতজ্ঞতা জ্ঞাপন কৰে ।