Home Blog Page 843

৪০০ বছৰীয়া পুৰণি মন্দিৰত সিদ্ধাৰ্থৰ সৈতে গোপনে বাগদান অদিতিৰ! গোপন এংগেজমেণ্টৰ আঁৰৰ কাহিনী জানক…

শেহতীয়াকৈ অভিনেত্ৰী অদিতি ৰাও হাইদাৰীয়ে তেলেংগানাত তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক সিদ্ধাৰ্থৰ সৈতে বাগ্দান কৰিছিল। গোপন বিবাহৰ উৰাবাতৰিৰ মাজতে অদিতি ৰাও হাইদাৰী আৰু সিদ্ধাৰ্থই এংগেজমেণ্ট ৰিঙৰ সৈতে এখন ছবি শ্বেয়াৰ কৰি অনুৰাগীক এই বিষয়ে অৱগত কৰে। এতিয়া শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ এংগেজমেণ্টৰ স্থান আৰু এংগেজমেণ্টৰ খবৰ ৰাজহুৱা কৰাৰ কাৰণ প্ৰকাশ কৰিছে।

এক সাক্ষাৎকাৰত অদিতি ৰাও হাইদাৰীয়ে কয় যে, যি বিশেষ হ’বলৈ গৈ আছে, মই এটা বিশেষ স্থানৰ পৰা আৰম্ভ কৰিব লাগিছিল। সেইটো মোৰ পৰিয়ালৰ মন্দিৰ, যিটো ৪০০ বছৰ পুৰণি। তালৈ গৈ পূজা কৰিবলৈ মন গ’ল। একে সময়তে মই এটা সৰু এংগেজমেণ্ট কৰিলোঁ।” অদিতিয়ে ক’লে যে যেতিয়াই তেওঁৰ পৰিয়ালত বিশেষ কিবা এটা হয় তেতিয়াই তেওঁলোকে সেই ৪০০ বছৰীয়া মন্দিৰলৈ গৈ আশীৰ্বাদ বিচাৰে। সেয়েহে এংগেজমেণ্টৰ বাবেও একেটা মন্দিৰলৈ গৈছিল।

সিদ্ধাৰ্থৰ সৈতে সম্পৰ্ক কিয় আনুষ্ঠানিকভাৱে নিশ্চিত কৰিলে সেই কথাও কয় অদিতিয়ে। অদিতি ৰাও হাইদাৰীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এংগেজমেণ্ট ফটো শ্বেয়াৰ কৰে। তেওঁ কয়, ‘আমি সেই সময়ত চলি থকা সকলো উৰাবাতৰি স্পষ্ট কৰিবলৈ এংগেজমেণ্ট ফটোখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিলো। মাৰ অনুৰোধতে ৰাজহুৱা কৰিলো এংগেজমেণ্টৰ খবৰ।

অদিতি ৰাও হাইদাৰী আৰু তেলেগু অভিনেতা সিদ্ধাৰ্থৰ প্ৰথম লগ হৈছিল ২০২১ চনৰ ‘মহা সমুদ্ৰম’ ছবিৰ চেটত। ছবিখনে বিশেষ প্ৰশংসা লাভ নকৰিলে যদিও তেওঁলোকক একত্ৰিত কৰিলে। ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত অদিতি ৰাও হাইদাৰী আৰু সিদ্ধাৰ্থৰ প্ৰেমত পৰাৰ খবৰ পোৱা গৈছে।

নাৰিকল তেলঃ ৰন্ধা-বঢ়াৰ পৰা সৌন্দৰ্যলৈকে, কিয় নাৰিকল তেল আপোনাৰ বাবে অতি উপকাৰী জানেনে…

ভাৰতত নাৰিকল গছৰ অভাৱ নাই, এই বাবেই নাৰিকল তেল বহুলভাৱে ব্যৱহাৰ কৰা হয়। বেছিভাগ স্বাস্থ্য বিশেষজ্ঞই এই তেলক স্বাস্থ্যকৰ তেলৰ শ্ৰেণীত ৰাখে। ৰন্ধা-বঢ়াৰ পৰা আৰম্ভ কৰি ছালৰ যত্নলৈকে সকলো কামতে ব্যৱহাৰ কৰিব পাৰি এই তেল। নাৰিকল তেলৰ পৰা আপুনি কি কি উপকাৰ লাভ কৰিব পাৰে জানো আহক।

নাৰিকল তেলৰ উপকাৰীতা-


১/ ওজন কমি যোৱা

নাৰিকল তেলত থকা মধ্যম শৃংখলাবদ্ধ ফেটি এচিডবোৰ সহজে হজম আৰু বিপাকীয় ক্ৰিয়াত পৰিণত হয়, যাৰ ফলত চৰ্বি হিচাপে জমা হোৱাতকৈ দ্ৰুত শক্তিৰ উৎস পোৱা যায়। ই আপোনাক ভৰপূৰ অনুভৱ কৰাব আৰু ভোক কমাই দিব পাৰে, যিয়ে সম্ভাৱনাময়ভাৱে ওজন হ্ৰাস কৰাত সহায় কৰিব।

২/ হৃদযন্ত্ৰৰ স্বাস্থ্য

নাৰিকল তেলত ল’ৰিক এচিডৰ মাত্ৰা অধিক থাকে, যিয়ে ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰিব পাৰে আৰু বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰিব পাৰে, যাৰ ফলত হৃদযন্ত্ৰৰ স্বাস্থ্য ভাল হয়। এনে পৰিস্থিতিত হাৰ্ট এটেকৰ সম্ভাৱনাও কমি যায়।

৩/ ইমিউনিটি বুষ্টাৰ

নাৰিকল তেলত থকা ল’ৰিক এচিড আৰু মনোল’ৰিনৰ এন্টিমাইক্ৰ’বিয়াল আৰু এন্টিভাইৰেল গুণ আছে। নাৰিকল তেল গ্ৰহণে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে সংক্ৰমণ, ভাইৰাছ আৰু ক্ষতিকাৰক বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে।

৪) ছাল আৰু চুলিৰ স্বাস্থ্য

ছালত পোনপটীয়াকৈ নাৰিকল তেল প্ৰয়োগ কৰিলে ছালখন আৰ্দ্ৰ কৰি তোলাত সহায়ক হয়, প্ৰদাহ কম হয় আৰু ক্ষতিকাৰক UV ৰশ্মিৰ পৰাও সুৰক্ষা প্ৰদান কৰিব পাৰি। এই তেলে চুলিক সুস্থভাৱে বৃদ্ধি কৰে।

৫) হাড়ৰ শক্তি

নাৰিকল তেলে চৰ্বিত দ্ৰৱীভূত ভিটামিন, যেনে ভিটামিন ডি শোষণত সহায় কৰে, যিটো কেলচিয়াম শোষণ আৰু হাড়ৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য। ই হাড়ৰ ঘনত্ব বৃদ্ধি কৰাত সহায় কৰিব পাৰে আৰু অষ্টিঅ’পৰ’ছিছ প্ৰতিৰোধ কৰিব পাৰে।


দক্ষিণ ব্ৰাজিলত প্ৰচণ্ড বৰষুণৰ ফলত ১০ জনৰ মৃত্যু! ২১জন নিৰুদ্দেশ…

দক্ষিণ ব্ৰাজিলত ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱ।

প্ৰচণ্ড ধলে ভাঙি পেলাইছে বহু পথ আৰু দলং।

ৰিঅ’ গ্ৰেণ্ডে ড’ ছুলত এই ঘটনা।

বৰষুণ আৰু ধুমুহাৰ ফলত বৃদ্ধি পাইছে বিভিন্ন নদীৰ জলস্তৰ।

ধুমুহাৰ বাবে স্থানান্তৰিত কৰা হৈছে ৩,৪০০তকৈ অধিক লোকক।

ৰিঅ’ গ্ৰেণ্ডে ড’ ছুল ৰাজ্যত চলিত সপ্তাহত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত দহজন লোকৰ মৃত্যু হোৱাৰ লগতে ২১জন নিৰুদ্দেশ হৈ আছে। স্থানীয় চৰকাৰে সকীয়াই দিছে যে পৰিস্থিতি সংকটজনক আৰু অধিক অৱনতি ঘটিব পাৰে।


ৰূপালী পৰ্দাত কি অভিনয় কৰিব কৰিশ্মাই !

কৰিশ্মাৰ কৰিশ্মা! ‘স্বৰ্গৰথ’ত নাগাৰ শিল্পী কৰিশ্মা নাথ, আজি মুক্তি পালে প্ৰথমটো গীত
ছ’চিয়েল মিডিয়াৰ জৰিয়তে এনিশাৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল কৰিশ্মা নাথ। য’তেই কৰিশ্মা তাতেই জনসমূদ্ৰ। এইবাৰ ছবিজগতত খোজ সকলোৰে মৰমৰ কৰিশ্মাৰ।


শুকুৰবাৰে ৰাজেশ ভূঞাই পৰিচালনা কৰা ছবি ‘স্বৰ্গৰথ’ৰ ‘মন বন্ধু’ গীতটিৰ টিজাৰ মুকলি হৈছিল। য’ত সকলোৱে কৰিশ্মাক গীতটিত দেখা পাইছিল। তাৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে গীতটিৰ টিজাৰৰ লগতে সম্পূৰ্ণ গীতটি মুকলি হয়। ‘মন বন্ধু’ গীতটি মুকলিৰ লগে লগে পুনৰ চৰ্চাত কৰিশ্মা।

এই গীতটিক দৰ্শকসকলে কৰিশ্মাক অকণমান সময়ৰ বাবে হে দেখে। কিছুমানে গীতটিৰ টিজাৰ মুকলি হোৱাৰ লগে লগে ট্ৰোল কৰিছিল যে ৰূপালী পৰ্দাত কি অভিনয় কৰিব কৰিশ্মাই

জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হয়নে…

দেবর্ষি গৌতম

জুবিন গাৰ্গ অসমীয়া সংগীত জগতৰ বাবে এক উজ্জ্বল নক্ষত্ৰ। অসমীয়া সংগীত জগতৰ বাবে জুবিন গাৰ্গৰ যি অৱদান সেয়া সচাকৈ অতুলনীয়। জুবিন গাৰ্গৰ যে কেৱল অসমীয়া সংগীত জগততে আধিপত্য আছে তেনে নহয়, তেওঁ অসমীয়া ভাষাৰ উপৰিও হিন্দী, বঙালী ভাষাৰ উপৰিও অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষাৰ সংগীতত কণ্ঠদান কৰিছে। জুবিন গাৰ্গৰ যি অৱদান সেয়া যে কেৱল অসমীয়া সংগীততে সীমাবদ্ধ আছে তেনে নহয়। জুবিন গাৰ্গে মৃতপ্ৰায় অসমীয়া বোলছবি উদ্যোগক জীয়াই তুলিবলৈ যি আহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে সেয়া সচাকৈ প্ৰশংসনীয়। হয়তো জুবিন গাৰ্গে অসমীয়া বোলছবি উদ্যোগত হাত নিদিয়া হলে এই উদ্যোগটো চিৰদিনৰ বাবে অতীতৰ গৰ্ভত বিলীন হৈ গ’লহেঁতেন। এনেবোৰ কৰ্মৰ বাবে জুবিন গাৰ্গৰ বিশেষকৈ অসমত এক বিশেষ প্ৰভাৱ আছে। অসমৰ যুৱপ্ৰজন্মই জুবিন গাৰ্গক নিজৰ আদৰ্শ হিচাপে মানি লৈ তেওঁৰ জীৱন শৈলীৰ পৰা আৰম্ভ কৰি প্ৰতিটো দিশ অনুসৰণ কৰে। জুবিন গাৰ্গক অসমৰ যুৱপ্ৰজন্মই নিজৰ আদৰ্শ হিচাপে অনুসৰণ কৰাত আচৰিত হব লগীয়াই একো কথা নাই কাৰণ জুবিন গাৰ্গে অসমীয়া সংগীত জগতৰ উপৰিও অসমৰ বিভিন্ন ক্ষেত্ৰৰ বাবে যি অৱদান আগবঢ়াই আছে সেই সকলোবোৰৰ বাবে আজিৰ দিনত জুবিন গাৰ্গ কেৱল এগৰাকী ব্যক্তি হৈ থকা নাই বৰ্তমান জুবিন গাৰ্গ নামটো এটা বৃহৎ অনুষ্ঠান। অতুলনীয় প্ৰতিভাৰ গৰাকী হোৱাৰ পিছতো, সমাজত সীমাহীন প্ৰভাৱ থকাৰ পিছতো কিন্তু বিতৰ্কই জুবিন গাৰ্গক কেতিয়াও লগ নেৰে। বহু সময়ত ইচ্ছাকৃতভাৱে আৰু বহু সময়ত অনিচ্ছাকৃতভাৱে কৰা মন্তব্য সমূহে জুবিন গাৰ্গক বাৰুকৈয়ে বিপাঙত পেলাই আহিছে।

বহু সময়ত জুবিন গাৰ্গে ইচ্ছাকৃতভাৱে কৰা কিছুমান মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰাৰ উপৰিও সমাজত এক বিৰূপ প্ৰভাৱ পেলাই বিশেষকৈ যুৱপ্ৰজন্মৰ মাজত। জুবিন গাৰ্গৰ লগত সাঙোৰ খোৱা প্ৰতিটো বিতৰ্কই যে তেওঁ ইচ্ছাকৃতভাৱে সৃষ্টি কৰা তেনে নহয়। বহু সময়ত জুবিন গাৰ্গে প্ৰকাশ কৰিব বিচৰা অনুভৱক অন্য ধৰণে প্ৰচাৰ কৰাৰ ফলত বহু বিতৰ্কৰ সূচনা হয়। এইবাৰ ৰঙালী বিহুৰ এক অনুষ্ঠানত জুবিন গাৰ্গে বিহু সমিতি সমূহে ছপা কৰি উলিওৱা স্মৃতি গ্ৰন্থ ওপৰত এক ৰাজহুৱা মন্তব্য আগবঢ়াই। যি মন্তব্যই ইতিমধ্যে বিতৰ্কৰ সূচনা কৰাৰ লগতে সামাজিক মাধ্যমত তোলপাৰ লগাইছে। বিহু সমিতি সমূহে ছপা কৰি উলিওৱা স্মৃতি গ্ৰন্থ সমূহৰ পঢ়ুৱৈৰ সংখ্যা বহুত কম হোৱা হেতুকে সেই গ্ৰন্থ সমূহ ছপা কৰিবলৈ যি ধন ব্যয় কৰা হয় সেয়া গ্ৰন্থ ছপা কৰৰ পৰিবৰ্তে কাৰোবাক দি দিবলৈ মন্তব্য আগবঢ়াইছিল। আচলতে শিল্পীগৰাকীয়ে কি উদ্দেশ্য আগত ৰাখি অথবা কি কথা চিন্তা কৰি এই মন্তব্য আগবঢ়াইছিল সেয়া অনুমান কৰাটো অতিকৈ কঠিন। শিল্পীগৰাকীয়ে কৰা এই মন্তব্য খিনি যদি আমি সূক্ষ্মভাৱে পৰ্য্যালোচনা কৰোঁ তেনেহলে নিশ্চিতভাৱে দেখিবলৈ পাম যে তুলনামূলকভাৱে দিনে দিনে অসমীয়া গ্ৰন্থৰ বিক্ৰী আৰু পঢ়ুৱৈৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। হয়তো এনেবোৰ কাৰকৰ বাবে অসমীয়া ভাষা আৰু অসমীয়া সাহিত্য আৰু কিমানদিনলৈ জীয়াই থাকিব তাক লৈ সততে প্ৰশ্ন উত্থাপন হৈ আহিছে। পঢ়ুৱৈৰ সংখ্যা হ্ৰাস হোৱা বাবে গ্ৰন্থ ছপা কৰা বাদ দিয়াটো আচলতে সমাধান কেতিয়াও হব নোৱাৰে। তেনে কৰিলে অতি কম দিনৰ ভিতৰতে অসমীয়া সাহিত্য আৰু ভাষা বিলুপ্তিৰ পথত গতি কৰিব। ইয়াৰ পৰিবৰ্তে সৃষ্টি হোৱা সমস্যা সমূহ কিদৰে সমাধান কৰিব পৰা যায় তাৰ বাবে সমাধান সূত্ৰ উলিয়াবলৈ চেষ্টা কৰিব লাগিব। যুৱ প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ যি অভ্যাস সেয়া গঢ়ি তুলিবলৈ যদি জুবিন গাৰ্গৰ নিচিনা প্ৰতিভাশালী আৰু প্ৰভাৱশালী ব্যক্তিসকলে প্ৰচেষ্টা হাতত লয় তেনেহলে নিশ্চিতভাৱে সেয়া ফলপ্ৰসু হোৱাৰ থল আছে। জুবিন গাৰ্গে যি উদ্দেশ্য আগত ৰাখিয়ে এই মন্তব্য আগ নবঢ়হাওক লাগিলে কিন্তু অসমীয়া সমাজৰ পৰা গ্ৰন্থৰ প্ৰচলন বন্ধ কৰি দিয়াটো কোনো কাৰণতে গ্রহণযোগ্য হব নোৱাৰে। নিশ্চিতভাৱে জুবিন গাৰ্গ এগৰাকী আমাৰ দৰে মানুহ। গতিকে তেওঁ কৰা প্ৰতিটো কামেই নিখুঁত হব লাগিব বুলি কোনো বাধ্যবাধকতা থাকিব নোৱাৰে। তেওঁ কৰা কামবোৰৰ মাজত কিছুমান কামত কিবা হয়তো আসোঁৱাহ থাকি যাব পাৰে। কিন্তু আসোঁৱাহ থকা কামটো জুবিন গাৰ্গে কৰিছে বাবে চকু বন্ধ কৰি লৈ শুদ্ধ হোৱা বুলি কোৱাটো কেতিয়াও উচিত নহয়। বৰ্তমান সময়ত হয়তো জুবিন গাৰ্গৰ অন্ধ সমৰ্থক অথবা অনুৰাগীৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে যাৰ বাবে ভুল-শুদ্ধৰ কোনেও বিচাৰ কৰিব নিবিচাৰে।

যিহেতু জুবিন গাৰ্গ এগৰাকী যথেষ্ট পৰিশ্ৰমী শিল্পী গতিকে তেখেতক অন্ধভাবে সমৰ্থন কৰা লোকতকৈ ভুল আৰু শুদ্ধৰ মাজত থকা পাৰ্থক্য খিনি আঙুলিয়াই দিব পৰা লোকৰ অতি প্ৰয়োজন। কাৰণ কামৰ হেঁচাত হয়তো জুবিন গাৰ্গে কিছুমান কাম নভবাকৈ কৰি পেলাই অথবা কিছুমান কথা কৈ দিয়ে তাৰ বাবে তেওঁৰ ওচৰত কিছু যোগাত্মক চিন্তাধাৰাৰ ব্যক্তি থকাটো অতি দৰকাৰী। যিহেতু জুবিন গাৰ্গ অসমীয়া জাতিৰ বাবে এক সম্পদ, অসমীয়া সমাজৰ বাবে এটা অনুষ্ঠান গতিকে তেওঁ কৰা প্ৰতিটো কাম, প্ৰতিটো কথা সমাজৰ অধিকাংশ লোকে অনুসৰণ কৰে। তেনে এগৰাকী প্ৰভাৱশালী ব্যক্তিয়ে যদি এটা ভুল বাৰ্তা সমাজলৈ প্ৰেৰণ কৰে তেনেহলে সেই ভুল বাৰ্তাই সমাজত এক ঋণাত্মক প্ৰভাৱ পেলোৱাটো ধুৰূপ। যিহেতু জুবিন গাৰ্গ অসমীয়া জাতিৰ বাবে এগৰাকী দায়িত্বশীল ব্যক্তি গতিকে তেওঁ কৰা কিছুমান কামে, কিছুমান কথাই যাতে জাতিটোৰ ক্ষতি নকৰে তাৰ বাবে কিছু পৰিমানে হলেও তেওঁ সচেতন হোৱা উচিত। জুবিন গাৰ্গৰ সচেতনতাই অসমীয়া জাতিটোক, অসমীয়া সমাজখনক এক নতুন দিগন্তৰ দিশে লৈ যোৱাৰ শক্তি আছে।

আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা…

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কথক নৃত্যগুৰু মৰমী মেধি আৰু তেওঁৰ দুহিতা, ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰপ্ৰাপক কথক নৃত্যাংগনা মেঘৰঞ্জনী মেধিয়ে যোৱা ৯ মাৰ্চৰ পৰা ১৩ এপ্ৰিললৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন ঠাইত আয়োজিত এলানি কথক নৃত্যৰ কৰ্মশালা আৰু কথক নৃত্যানুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে নৃত্য পৰিৱেশন কৰে। ৯ মাৰ্চত কেলিফ’ৰ্ণিয়াৰ লেক ফৰেষ্টত থকা চিভিক চেণ্টাৰ ড্ৰাইভত মেঘৰঞ্জনী মেধিৰ শিষ্যা ৰুচি লাম্বাই আয়োজন কৰা অনুষ্ঠানত মৰমী মেধি আৰু মেঘৰঞ্জনী মেধিয়ে অনুষ্ঠান পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে।

নৃত্য শিল্পীদ্বয়ৰ দ্বিতীয়টো অনুষ্ঠান আছিল ২৩ মাৰ্চত ‘ইণ্টাৰনেশ্যনেল আৰ্টছ ফেষ্টিভেল’ত। গুৰু মৰমী মেধিৰ শিষ্যা ডাঃ লপিতা নাথৰ উদ্যোগত ছেইণ্ট এণ্ট’নিয়’ৰ ল’লা বেনেক মিউজিক চেণ্টাৰত ইউনিভাৰ্ছিটী অৱ ইনকাৰ্ণেট ৱৰ্ডে আয়োজন কৰা এই নৃত্যানুষ্ঠানত অংশগ্ৰহণ কৰি মাতৃ-কন্যাযুটীয়ে উপস্থিত কলাপ্ৰেমীৰ হৃদয় জিনিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে গুৰু মৰমী মেধিৰ শিষ্যাদ্বয় ডাঃ লপিতা নাথ আৰু তমন্না ওড়িয়াই ছেইণ্ট এণ্ট’নিয়ত শুভাৰম্ভ কৰিছে অঞ্চলটোৰ প্ৰথমখন কথক নৃত্যৰ প্ৰশিক্ষণ কেন্দ্ৰ- ৰিডমিকছ্ স্কুল অৱ কথক।

এই প্ৰশিক্ষণ কেন্দ্ৰটো গুৱাহাটীস্থিত শাস্ত্ৰীয় নৃত্য আৰু সংগীতৰ প্ৰশিক্ষণ কেন্দ্ৰ ‘সুৰসংগম’ৰ দ্বাৰা স্বীকৃত প্ৰশিক্ষণকেন্দ্ৰ। যোৱা ৩১ মাৰ্চত হ’ষ্টন চহৰৰ ইছকন মন্দিৰত ৰচনা ব্যাসে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত নৃত্যশিল্পী দুগৰাকীয়ে অনুষ্ঠান পৰিৱেশন কৰে। বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী নেৰিনা ৰাধা আৰু ভৰটনাট্যম নৃত্যাংগনা শ্ৰীলক্ষণনে দাল্লাছৰ ফ্ৰিছ্‌কো ডিস্কোভাৰী চেণ্টাৰত যোৱা ৬ এপ্ৰিলত আয়োজন কৰা শাস্ত্ৰীয় নৃত্য-গীতৰ অনুষ্ঠানত মৰমী-মেঘৰঞ্জনীয়ে নৃত্য পৰিৱেশন কৰে। তেওঁলোকৰ এই ভ্ৰমণসূচীৰ পঞ্চম আৰু অন্তিমটো অনুষ্ঠান আছিল ৱাশ্বিংটনত যোৱা১৬ এপ্ৰিলত। ৰঙালী বিহুৰ সৈতে সংগতি ৰাখি ৱাশ্বিংটন নিৱাসী প্ৰৱাসী অসমীয়া সকলে আয়োজন কৰা এই অনুষ্ঠানত উপস্থিত থাকি মাতৃ-কন্যা যুটীয়ে সকলোকে আপ্লুত কৰে। ৪৫ মিনিটৰ পৰা এঘণ্টীয়া তেওঁলোকৰ কেউটা অনুষ্ঠানতে মৰমী-মেঘৰঞ্জনীয়ে শিৱ তাণ্ডৱ, ত্ৰিতালত কথকৰ শুদ্ধ নৃত্য, যাম আৰু ঝুলাত নৃত্যাভিনয় আৰু সুধাকণ্ঠৰ ‘সময়ৰ অগ্ৰগতি’ গীতটো কথক নৃত্যশৈলীত পৰিৱেশন কৰে। তেওঁলোকে প্ৰদৰ্শন কৰা নৃত্যানুষ্ঠান সমূহৰ সংগীত সংৰচনা বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ জয়প্ৰকাশ মেধিৰ। নৃত্যানুষ্ঠান সমূহৰ শেষত জয়প্ৰকাশ মেধিয়ে গজল আৰু নিজে লিখা আৰু সুৰাৰোপিত গীত পৰিৱেশন কৰে। ছেন এণ্ট’নিঅ’, হ’ষ্টন আৰু ৱাশ্বিংটনত মৰমী আৰু মেঘৰঞ্জনী মেধিয়ে কথক শিক্ষাৰ্থীসকলৰ বাবে আয়োজিত কেইবাটাও কৰ্মশালাতো যোগদান কৰি প্ৰশিক্ষণ প্ৰদান কৰে।

চতুৰ্থ ফেডাৰেচন কাপ ৰোল বল চেম্পিয়নশ্বিপৰ বাবে পুৰুষ –মহিলাৰ ৰাজ্যিক দল ঘোষণা…

মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত অহা ৪ আৰু ৫ মে’ত অনুষ্ঠিত হ’ব ফেডাৰেচন কাপ ৰাষ্ট্ৰীয় ৰোল বল চেম্পিয়নশ্বিপ । এই সন্মানজনক প্ৰতিযোগিতাখনৰ বাবে ৰাজ্যৰ পুৰুষ আৰু মহিলা দল দুটা ঘোষণা কৰিছে অসম ৰোলবল সন্থাৰ সাধাৰণ সম্পাদক ভূমিধৰ বৰ্মনে ।

নিৰ্বাচিত খেলুৱৈসকল হ’ল —

মহিলা দল— ৰূপালী দাস (অধিনায়িকা, প্ৰাগজ্যোতিষপুৰ), নম্ৰতা কৈৰী (প্ৰাগজ্যোতিষপুৰ), ধনিষ্ঠা কাশ্যপ (নলবাৰী), মিষ্কা সিংঘল (গুৱাহাটী), ছিয়া সোনাথলিয়া (গ’লকীপাৰ, গুৱাহাটী), কৃষ্টি চহৰীয়া (গুৱাহাটী), উদিতা শৰ্মা (গ’লকীপাৰ, ডিব্ৰুগড়), প্ৰিয়াংশী হৰলালকা (কামৰূপ), দিশা মনোথ
(কামৰূপ), শ্ৰীনিকা মজুমদাৰ (গুৱাহাটী), খুছি আগৰৱাল (কামৰূপ) । দলৰ প্ৰশিক্ষক — সুজল বাছফৰ (নলবাৰী) আৰু মেনেজাৰ —মলিনা বসুমতাৰী (গুৱাহাটী) ।

পুৰুষৰ দল — মানস গগৈ ( অধিনায়ক, তিনিচুকীয়া), স্বপন পল (গুৱাহাটী), বি এ কাৰ্গিল (গুৱাহাটী), দীপজ্যোতি শইকীয়া (গুৱাহাটী), ৰামু বৰদলৈ (কামৰূপ মেট্ৰ’), এপলক বৰুৱা (কামৰূপ মেট্ৰ’), সঞ্জীব কুমাৰ (ডিব্ৰুগড়) । দলৰ প্ৰশিক্ষক আৰু মেনেজাৰ ক্ৰমে অজুৰন বাগলাৰী (তামুলপুৰ ) , দ্বীজেশ শৰ্মা (ডিব্ৰুগড়) ।
বিষয়ববীয়া আৰু ৰেফাৰী — মানব বি মেধি, সুমন ডেকা, চম্পক বৈশ, জয়দীপ মহন্ত ।

কোকৰাঝাৰত কোনে মাৰিব শেষ হাঁহি ! বিশাল নিৰ্বাচনী সভাৰ সলনি ঘৰে ঘৰে গৈ প্ৰচাৰত নামিছে নিৰ্দলীয় জোন দাসে…

সাধাৰণ নিৰ্বাচনৰ ৰাজনৈতিক গৰম বতাহ সমগ্ৰ দেশৰ সমান্তৰালভাৱে অসমতো পূৰ্ণ গতিত বলিছে। অহা ৭ মে’ত তৃতীয় পৰ্যায়ত অনুষ্ঠিতব্য ভোটৰ যুদ্ধৰ বাবে ৰাজ্যখনৰ অন্য সমষ্টিৰ লগতে অধিক আকৰ্ষণীয় হৈ পৰিছে অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ১ নং কোকৰাঝাৰ সমষ্টিৰ নিৰ্বাচনী যুঁজখন। কিয়নো কেইবাজনো ৰাজনৈতিক ৰথীৰ সমপৰ্যায়ৰ যুঁজে ধুৱলী কুঁৱলী কৰি ৰাখিছে সমষ্টিটোৰ ৰণখন। এইবাৰ কোকৰাঝাৰত প্ৰাৰ্থিত্ব আগবঢ়াইছে মুঠ ১২ গৰাকী প্ৰাৰ্থীয়ে। এই সকলৰ ভিতৰত বি পি এফৰ খাম্ফা বৰগয়াৰী, ইউপিপিএল-বিজেপি মিত্ৰজোঁটৰ জয়ন্ত বসুমতাৰী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ গৰ্জন মুছাহাৰী, গণ সুৰক্ষা পাৰ্টীৰ বিনীতা ডেকা, অবড়ো সুৰক্ষা সমিতি সমৰ্থিত নিৰ্দলীয় প্ৰাথী জ্যোতিষ(জোন) দাস অন্যতম ৷ কিন্তু এইবাৰ কাৰ কাৰ মাজত নিৰ্বাচনৰ মূল ৰণখন হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। সমষ্টিটোত ২০১৪ চনত নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই অভিলেখ সংখ্যক ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ ৬,৩৪,৪২৮ টা ভোট লাভ কৰাৰ ৷ তাৰ পৰৱৰ্তী নিৰ্বাচনতো ২০১৯ চনত নৱ কুমাৰ শৰণীয়াই ৪৮৪,৫৬০ টা ভোট লাভ কৰি সমষ্টিটোৰ পৰা দ্বিতীয়বাৰৰ বাবে জয়ী হয় ৷ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী বিপিএফৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মই লাভ কৰিছিল ৪৪৬৭৭৪ টা আৰু ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই লাভ কৰিছিল ৩১২৪৩৫ টা ভোট।
উল্লেখ্য যে, ২০১৪ আৰু ২০১৯ চনত বি টি আৰ অঞ্চলত অবড়োসকলে সন্মুখীন হৈ অহা সমস্যাৰ বিপৰীতে এজন অবড়ো সমৰ্থিত প্ৰাৰ্থী আছিল নৱ কুমাৰ শৰণীয়া। বিভিন্ন অবড়ো সংগঠনৰ পূৰ্ণ সমৰ্থন আছিল শৰণীয়ালৈ। ইপিনে, কোকৰাঝাৰ সমষ্টিটো যদিও বি টি আৰ অঞ্চলৰ অধিকাংশ সামৰি গঠিত হৈছে তথাপিটো ইয়াত বড়ো ভোটাৰৰ সংখ্যা ৪০ শতাংশতকৈও কম।

গতিকে অবড়োৰ বৃহৎ সমৰ্থনত নৱ কুমাৰ শৰণীয়াই যথেষ্ট ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু আগৰ পৰিৱেশ এতিয়া সলনি হৈছে। শৰণীয়াৰ বিৰুদ্ধে শেহতীয়াকৈ সমষ্টিটোত বলিছে প্ৰতিষ্ঠান বিৰোধী ঢৌ। উল্লেখ্য যে সমষ্টিটোৰ পৰা এইবাৰ নৱ কুমাৰ শৰণীয়াই জাতিগত প্ৰমাণপত্ৰৰ খেলিমেলিৰ বাবে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাত সাংসদগৰাকীৰ নেতৃত্বত গঠিত ৰাজনৈতিক দল গণ সুৰক্ষা পাৰ্টীয়ে প্ৰাৰ্থিত্ব দিছে বিনীতা ডেকাক ৷ কিন্তু বিনীতা ডেকা নতুন মুখৰ, সমষ্টিৰ বাহিৰৰ তথা ৰাইজৰ অপৰিচিত হোৱা বাবে সমষ্টিটোৰ গৰিষ্ঠসংখ্যক অবড়ো জনতাই এইবাৰ মুকলি সমৰ্থন আগবঢ়াইছে অবড়ো সুৰক্ষা সমিতিৰ প্ৰক্ষেপিত প্ৰাৰ্থী তথা যুৱ নেতা জ্যোতিষ(জোন) দাসৰ সমৰ্থনত ৷ ইপিনে যোৱাবাৰ নৱ কুমাৰ শৰণীয়াক সমৰ্থন কৰা একাংশইও এইবাৰ জোন দাসৰ সমৰ্থনত থিয় দিছে। আনহাতে কিছুদিন পূৰ্বে ষড়যন্ত্ৰমূলকভাৱে বিটিচি পৰিষদৰ পৰা ঘনশ্যাম দাসৰ কাৰ্যবাহী সদস্য পদ কৰ্তন কৰা কাৰ্যৰ প্ৰত্যুত্তৰ হিচাপেও একাংশ সচেতন অবড়ো ৰাইজৰ ভোট জ্যোতিষ(জোন) দাসৰ পক্ষলৈ অহাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে বাকপটু নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটাত জোৰদাৰ প্ৰচাৰ চলাই আছে । বিশাল নিৰ্বাচনী সভাৰ সলনি অলিয়ে-গলিয়ে, বজাৰে-সমাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে জোন দাসক ৷ ইপিনে, বিটিআৰ বা বড়ো অধ্যুষিত অঞ্চলত শক্তিশালী দল হিচাপে বিবেচিত হৈ আহিছে বিপিএফ। দলটোৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীৰো আছে এক শক্তিশালী ভেটি। বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য হিচাপেও সকলোৰে পৰিচিত ব্যক্তি বৰগয়াৰী ৷ আনহাতে ইউপিপিএল-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ সমৰ্থনত সমষ্টিটোত দিনে-নিশাই প্ৰচাৰ অব্যাহত ৰাখিছে শাসকীয় দলটোৱে ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰী, সাংসদকে ধৰি কেবাগৰাকীও ষ্টাৰ কেম্পেইনাৰে মাৰাথান প্ৰচাৰ চলাই কোকৰাঝাৰ লোকসভা সমষ্টিত বৃহৎ ব্যৱধানত জয়লাভ কৰাৰ বাবে গেৰুৱা বাহিনী তথা মিত্ৰজোঁটে ব্যাপক ৰণকৌশল অৱলম্বন কৰিছে ।

এক কথাত কোকৰাঝাৰ সমষ্টিক লৈ বৃহৎ ব্যৱধানত জয়ী হোৱাটো বিটিচি প্ৰধান প্ৰমোদ বড়ো তথা ইউপিপিএল দলৰ বাবে সন্মানৰ কথা হৈ পৰিছে । মিত্ৰজোঁটৰ প্ৰার্থী জয়ন্ত বসুমতাৰীয়ে যাতে অভিলেখ সৃষ্টি কৰি জয়ী হ’ব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সুকীয়া ৰণ কৌশলো প্ৰস্তুত কৰি উলিয়াইছে ইউপিপিএল দলে ৷ বিপিএফৰ প্ৰাৰ্থীগৰাকীৰ বিৰামহীন ব্যাপক প্ৰচাৰে ইউপিপিএলক কিছু পৰিমাণে হ’লেও চিন্তাত পেলাইছে । এনে পৰিস্থিতিত দলটোৰ সভাপতি তথা বিটিচি প্ৰধান প্ৰমোদ বড়োৱে কোকৰাঝাৰত যাতে দলীয় প্ৰাৰ্থীগৰাকীক অভিলেখসংখ্যক ভোটত জয়ী কৰাব পাৰে তাৰ বাবে উঠিপৰি লাগিছে ৷ কিন্তু এইবাৰ সমষ্টিটোত সংখ্যাগৰিষ্ঠতা নোহোৱা বড়ো ৰাইজৰ ভোট বিভাজন হোৱাৰ ফলত বিপিএফৰ খাম্ফা বৰগয়াৰী বা ইউ পি পি এল-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী দুয়োগৰাকীয়ে ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনাই দেখা দিছে। ইয়াৰ উপৰিও কংগ্ৰেছকে ধৰি সমষ্টিটোত আছে আৰু আন কেইবাগৰাকীও প্ৰাৰ্থী, তেওঁলোকৰ প্ৰায়কেইগৰাকী বড়ো সম্প্ৰদায়ৰ। তেওঁলোকে জয়ী হ’ব নোৱাৰিলেও একপ্ৰকাৰ পানী ঘোলা কৰাটো নিশ্চিত। যাৰ বাবে বহুধা বিভক্ত হ’ব পাৰে বড়ো ৰাইজৰ ভোট। বিটিচি পৰিষদত ইউপিপিএলৰে মিত্ৰজোঁটত থাকিলেও ভিতৰি ভিতৰি অসন্তুষ্ট বিজেপিৰ একাংশ দলীয় নেতা-কৰ্মীয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক শেষমুহূৰ্তত চিপৰাং মৰাটো নুই কৰিব নোৱাৰি ৷ তেনেক্ষেত্ৰত অবড়ো প্ৰাৰ্থী জ্যোতিষ(জোন) দাসৰ ভাগ্য হয়তো সুপ্ৰসন্ন হ’ব পাৰে যদিও তেওঁৰ জয়ী হোৱাৰ পথো মসৃন নহ’ব ৷ কিয়নো এইবাৰ কোকৰাঝাৰত অবড়ো ভোটৰো বিভাজন হ’ব। অবড়োসকলৰ এক শক্তিশালী সংগঠন ‘অবড়ো সুৰক্ষা সমিতি’য়ে যোৱাবাৰ নৱ কুমাৰ শৰণীয়াক পূৰ্ণ সমৰ্থন দিছিল যদিও এইবাৰ দুভাগত বিভক্ত হৈছে সংগঠনটো। ‘অবড়ো সুৰক্ষা সমিতি’ৰ এটা ভাগে সমৰ্থন দিছে গণ সুৰক্ষা পাৰ্টীৰ বিনীতা ডেকাক ৷ আৰু আন এটা গোটে সমৰ্থন দিছে জ্যোতিষ(জোন) দাসক ৷ গতিকে, কাৰ ভোট বিভাজনৰ ফলত কোন লাভৱান হয় বা শেষত কাৰ শক্তি বেছি থাকে সেয়া জানিবলৈ অহা ৪ জুনলৈ অপেক্ষা কৰিব লাগিব।

প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন…

নলবাৰী জিলাৰ ডাঙ্গুৱাপাৰাস্থিত প্ৰেৰণা পুথিভঁড়ালৰ নতুন দেহৰ শাখাত যোৱা ২৮ এপ্ৰিল তাৰিখ দেওবাৰে ৰঙালী বিহু উদ্‌যাপন কৰা হয় | কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ মুখ্য পৰিচালক বনজিত ডেকাই | তাৰপাছতে একাদিক্ৰমে ভেশচন প্ৰতিযোগিতা পৰিচালনা কৰে মধুস্মিতা বৰ্মনে, কাৰ্তিক বৰ্মনে পৰিচালনা কৰে বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা, হৰিহৰ কলিতাই আকস্মিক বক্তৃতা প্ৰতিযোগিতা, সুশীল মালাকৰে কুইজ প্ৰতিযোগিতা, কস্তুৰী ডেকাই বিহুগীত প্ৰতিযোগিতা আৰু ডিম্পীমনি ডেকাই পৰিচালনা কৰে বিহুনৃত্য প্ৰতিযোগিতা । ভেশচন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে কুঁৱলী ডেকা আৰু নিবিৰ ভূঞাই, দ্বিতীয় স্থান লাভ কৰে অৰ্নৱ ডেকাই, তৃতীয় স্থান লাভ কৰে ইছা বৰ্মন, নম্ৰতা দাস আৰু বিকি দাসে | আকস্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে মধুস্মিতা বৰ্মন আৰু ঋষিকেশ তালুকদাৰে, দ্বিতীয় স্থান লাভ কৰে কাৰ্তিক বৰ্মনে আৰু তৃতীয় স্থান লাভ কৰে বিকি দাসে | কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে হিমাদ্ৰী মালাকৰে , দ্বিতীয় স্থান যুটীয়াভাৱে লাভ কৰে কস্তুৰী ডেকা আৰু ঋষিকেশ তালুকদাৰে আৰু তৃতীয় স্থান লাভ কৰে ডিম্পীমনি ডেকাই |
বিহুগীত প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে কস্তুৰী ডেকা, অংকিতা কাশ্যপ আৰু মধুস্মিতা বৰ্মনে | বিহুনৃত্য প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে কৰিস্মিতা বৰ্মন, হিমাদ্ৰী মালাকৰ আৰু অংকিতা কাশ্যপে |

অনুষ্ঠানত উপস্থিত থাকি প্ৰেৰণা পুথিভঁড়ালৰ প্ৰতিষ্ঠাপক তথা মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই কয় যে – এটা সময়ত গুণাভিৰাম বৰুৱা, বুদ্ধিন্দ্ৰনাথ ভট্টাচাৰ্য আদি প্ৰাত:স্মৰণীয় অসমীয়াই বিহুক ইতৰ শ্ৰেণীৰ লোকৰ অশ্লীল নৃত্য-গীত বুলি অভিহিত কৰিছিল । কিন্তু লক্ষ্মীনাথ বেজবৰুৱা প্ৰমুখ্যে এচামে কিন্তু বিহুৰ মৰ্ম বুজিছিল । পৰৱৰ্তীকালত হেমাংগ বিশ্বাসে বিহুগীতৰ সংজ্ঞা দি কৈছিল – যি নাই বিহুগীতত, সি নাই অসমত ; যি নাই অসমত, সি নাই বিহুগীতত । অৰ্থাৎ বিহুগীতবোৰ অসম আৰু অসমীয়াৰ দাপোনস্বৰূপ । অসমীয়াৰ হাঁহি-কান্দোন, সুখ-দুখ, প্ৰেম-বিৰহ আদিৰ লগতে সমাজত চলি থকা অন্যায়-অসূঁয়া, জাত-পাত, বিভেদ-বৈষম্য আদিও ফুটি উঠিছিল বিহুগীতত । বিহুৰ দৰ্শন সম্পৰ্কে ক’বলৈ গৈ একেগৰাকী হেমাংগ বিশ্বাসে কৈছিল – ধৰ্মপ্ৰভাৱমুক্ত ইহজাগতিকতা আৰু শ্ৰমশীল জীৱনৰ প্ৰতি অসীম মমতা – এয়াই বিহুৰ দৰ্শন । অৰ্থাৎ বিহু কোনো ধৰ্মীয় উৎসৱ নহয়, ইয়াত ইহজগতৰ কথাহে আছে, পৰজগতৰ কথা নাই । বিহুৰ জৰিয়তে প্ৰকাশ পায় হালোৱা-হজুৱা, কৃষক-শ্ৰমিক আদিৰ প্ৰতি অসীম মমতা । কিন্তু আজি এচামে বিহুক আজি হিন্দুৰ উৎসৱলৈ পৰ্যবসিত কৰিছে, বিহুক আজি কৃষক-শ্ৰমিকৰ পৰা হাইজেক কৰা হৈছে । বিহু, বিহুৰ গায়ক – সকলো আজি পন্য । পন্যৰ প্ৰতি মানুহৰ আসক্তি বাঢ়িছে । সেয়ে মাজনিশা মঞ্চত উঠি অশ্লীল অংগীভংগী কৰা গায়কক চাবলৈ ৰাইজ হিলদল ভাঙি যায় । এই আসক্তিয়ে বিহুৰ অকালমৃত্যু ঘটাব অথবা ই বিকৃত ৰূপত জীয়াই থাকিব । আনহাতে গড়ভিতৰ শাখাৰ মুখ্য পৰিচালক নূৰ ইছলাম আলীয়ে তেখেতৰ বক্তৃতাত বিহু উৎসৱটো ধৰ্মীয়কৰণৰ বাহিৰত ৰাখিবলৈ আহ্বান জনায় ।


ইয়াৰোপৰি গল্পকাৰ কমলেন্দ্ৰ শৰ্মা, সাংবাদিক ভাস্কৰজ্যোতি ডেকা, গৱেষক ছাত্ৰ পৰেশ দাস, প্ৰশান্ত মিলি, শুভাকাংক্ষী কৌশিক দাস, প্ৰদীপ তালুকদাৰ, প্ৰণৱ জ্যোতি ডেকা,বিজুমনি ডেকা, জিন্তু দাস, মামণি দেৱী, আদিয়ে চমু বক্তৃতা প্ৰদান কৰে।
সন্ধিয়া ছয় বজাত বন্তি প্ৰজ্বলন কৰি সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে জ্যেষ্ঠ ব্যক্তি নিৰোদা ডেকা, নীলিমা বৰ্মন আৰু অপতী বৰ্মনে | সাংস্কৃতিক অনুষ্ঠানত শিক্ষক তপন কলিতাৰ পৰিচালনাত পুথিভঁড়ালৰ সদস্যসকলে দলীয় বিহুনৃত্য আৰু মধুস্মিতা বৰ্মন, দিক্ষীতা দাস, গৰিমা ডেকা আৰু লিজা ডেকাই দলীয় নৃত্য প্ৰদৰ্শন কৰে | তাৰোপৰি এককভাৱে আধুনিক নৃত্য প্ৰদৰ্শন কৰি দৰ্শকক আমোদ দিয়ে ক্ৰমে হিমাদ্ৰী মালাকৰ, কৰিস্মিতা বৰ্মনে | সাংস্কৃতিক অনুষ্ঠানৰ আন এক মুখ্য আকৰ্ষণ আছিল সংগীত শিল্পী জিন্তু বৰ্মনৰ গীতৰ শৰাই | শিল্পী জিন্তু বৰ্মনৰ সংগীতানুষ্ঠানে উপস্থিত প্ৰতিগৰাকী দৰ্শককে মোহিত কৰে | সৰ্বত্ৰে বিহু উৎসৱটো কেৱল লাখ লাখ টকা চান্দা তুলি সৰ্বসাধাৰণ ৰাইজক হাৰাশাস্তি কৰাৰ বিপৰীতে মুখ্য পৰিচালক বনজিত ডেকা, উদযাপন সমিতিৰ সভাপতি তপন কলিতা, সম্পাদক জিন্তু হাজৰিকা, সহকাৰী সম্পাদকদ্বয় চিন্তু তালুকদাৰ আৰু নিশামনি দাস, সাংস্কৃতিক সম্পাদক হৰিহৰ কলিতা, সাংগঠনিক সম্পাদক সুকুমাৰ শৰ্মাৰ লগতে পুথিভঁৰালৰ পৰিচালক মণ্ডলীৰ সহযোগত সদস্য-শুভাকাংক্ষীয়ে স্বইচ্ছাই আগবঢ়োৱা ধনেৰে আনুষ্ঠানটোৰ সফল সমাপ্তি ঘটাই পুথিভঁৰালটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।
প্ৰেৰক, দিগন্ত বৰ্মণ, বৰ্মণ।

অসমীয়া অভিধান ‘হেমকোষ’ ৰ প্ৰণেতা, আধুনিক অসমীয়া গদ্যৰ বাটকটীয়া, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস পালন…

অসমীয়া অভিধান ‘হেমকোষ’ ৰ প্ৰণেতা, আধুনিক অসমীয়া গদ্যৰ বাটকটীয়া, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস পালন । সেই উপলক্ষে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ উদ্যোগত আৰু গোলাঘাট জাতীয় বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ- ছাত্ৰীৰ সহযোগত গোলাঘাট জাতীয় বিদ্যালয়ৰ যোগেন পুণ্যপ্ৰভা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এক বক্তৃতা অনুষ্ঠান। গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত বিশিষ্ট নিৱন্ধকাৰ তথা গোলাঘাট জাতীয় বিদ্যালয়ৰ শৈক্ষিক ন্যাসৰ সভাপতি ডাঃ অজিত বৰুৱাই ছাত্ৰ- ছাত্ৰীসকলৰ উপকাৰ হোৱাকৈ সাৱলীল বক্তব্য আগবঢ়ায় ।

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিদ্যালয়খনৰ অধ্যক্ষা স্মৃতিৰেখা বৰা আৰু উপাধ্যক্ষা তথা শৈক্ষিক ন্যাসৰ সম্পাদক বনশ্ৰী কাকতিয়ে । এই অনুষ্ঠানত সংস্থাৰ সভাপতি ৰোহিত গগৈয়ে সভাপতিত্ব কৰে। সংস্থাৰ উপ সভাপতি অৰুণ বিকাশ বৰুৱাই আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে সভাৰ আঁত ধৰে সাধাৰণ সম্পাদক গিৰীণ বৰাই। বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ ছাত্র তথা জ্যেষ্ঠ সাংবাদিক দ্বীপমণি খাটনিয়াৰৰ পুত্ৰ বৰ্ণিল খাটনিয়াৰে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ওপৰত এক সুন্দৰ বক্তব্য আগবঢ়ায়।

সভাত শলাগৰ শৰাই আগবঢ়াই সংস্থাৰ উপ সভাপতি দ্বীপমণি খাটনিয়াৰে। ইয়াৰ পূৰ্বে গোলাঘাটৰ কলেজ তিনিআলিত অৱস্থিত ২০১৬ চনত সাদিন – প্ৰতিদিন গোষ্ঠীৰ স্বত্তাধিকাৰ জয়ন্ত বৰুৱাই স্থাপন কৰা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পন কাৰ্যসূচী সম্পন্ন কৰে বিশিষ্ট বোলছবি পৰিচালক, অৱসৰপ্ৰাপ্ত অধ্যাপক দীনেশ গগৈয়ে । এই অনুষ্ঠানত চমু বক্তব্য প্ৰদান কৰে অৱসৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া জীতেন কাকতি, উপ পৌৰপতি সীমান্ত বৰা আৰু সুনীল ৰাজগুৰুৱে।