Home Blog Page 843

গোলকগঞ্জৰ হালাকুৰা বজাৰত বিধংসী অগ্নিকাণ্ডত প্ৰায় ২০ লক্ষাধিক টকাৰ সামগ্ৰী ক্ষয় ক্ষতি…

নিশা গোলকগঞ্জৰ হালাকুৰা বজাৰত বিধংসী অগ্নিকাণ্ড সংঘটিত হয়। নিমিষতে ভস্মীভূত হয় ১২ টা কৈ ব্যৱসায়ী প্ৰতিষ্ঠান। প্ৰায় ২০ লক্ষাধিক টকাৰ সামগ্ৰী জুইত ভস্মীভূত হয়। ৰাইজে অগ্নি নিৰ্বাপাক বাহিনীক যোগাযোগ কৰে।

কিন্তু দুই ঘণ্টা পিছত ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপাক বাহিনী। ফলত সম্পূৰ্ণ ভাবে জাহ যায় ১২ টা কৈ ব্যৱসায়ী প্ৰতিষ্ঠান।

জুইৰ সূত্ৰপাত কৰ পৰা হৈছে সেয়া জানিব পৰা নাই যদিও একাংশই দুস্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰা বুলি দাবী কৰিছে। ঘটনাস্থলীত হালাকুৰা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। সমগ্ৰ ঘটনা আৰক্ষীৰ তদন্তত হে ওলাই পৰিব।

নলবাৰীৰ ধমধমাত বেংক বিষয়াৰ ভয়ংকৰ জালিয়াতি…

নলবাৰীৰ ধমধমাত বেংক বিষয়াৰ ভয়ংকৰ জালিয়াতি। দুটাকৈ আত্মসহায়ক গোটৰ নামত ১১ লাখৰো অধিক টকা আত্মসাৎ।

ধন আত্মসাৎ কৰিয়েই বেংকটোৰ পৰা আন শাখালৈ বদলি হৈছিল কিৰণ দাস।

বেংকৰ পাছবুক আপটুডেট কৰিবলৈ আহি হতবাক আত্মসহায়ক গোটৰ মহিলা।

ধিঙৰ কটহগুৰিত ভয়াবহ অগ্নিকাণ্ড ! জুইত জাহ গ’ল কুৰি খন গৃহ…

নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ টুকটুকীৰ কটহগুৰিত আজি নিশা এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে, নিশা প্ৰায় ২ মান বজাত প্ৰথমে এটা গৃহত জুইৰ সুত্ৰপাত আৰাম্ভ হয়।স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত প্ৰায় ৩০ মিনিট পলম কৈ ধিং আৰু বটদ্ৰৱাৰ পৰা দুখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহে যদিও জুই নুমাবলৈ সক্ষম নহ’ল। ঘটনা স্থলীত বৰিবজাৰ আৰক্ষী পহৰা চকীৰ আৰক্ষী উপস্থিত হৈ মৰিগাঁও আৰু মৈৰাবাৰীৰ অগ্নিনিনিৰ্বাপক বাহিনীক খবৰ দিয়াত প্ৰায় এক ঘন্টা পলম কৰি আৰু দুখন গাড়ী আহে।

মুঠতে একেৰাহে দুই ঘন্টা জুই জ্বলাৰ পিছত চাৰিখন গাড়ীয়ে জুই নুমাবলৈ সক্ষম হয়। ইপিনে চৰকাৰী গাওঁ বুঢ়াৰ লগতে স্থানীয় ৰাইজে আহোম গাওঁ আৰক্ষী পহৰা চকীত খবৰ দিয়াৰ পিছতো আৰক্ষী ঘটনা স্থলীত উপস্থিত নোহোৱাত একাংশ ৰাইজে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰে।আজিৰ এই অগ্নিকাণ্ডত আক্কাছ আলী(৪৫)নামৰ এজন লোক গুৰুতৰ বাবে আহত হোৱাত তেওঁক ধিং এফ আৰ ইউত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওঁক নগাঁও মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে।

নিশা সংঘটিত হোৱা অগ্নিকাণ্ডত ৰমজান আলী,আজিবা খাতুন,শ্বমলা খাতুন,আক্কাছ আলী, নজৰুল ইছলাম,মুছতাফা আহমেদ, শ্বৰীফুল ইছলামকে আদি কৰি প্ৰায় ১৫ জন লোকৰ প্ৰায় কুৰি টা গৃহ জুইত সম্পূৰ্ণ ৰূপে জাহ যায়।আজিৰ এই অগ্নিকাণ্ডত নগদ দুই লাখ কুৰি হেজাৰ টকা,গৰু,ছাগলী,হাহ,কুকুৰা, আৰু গুৰুত্বপূৰ্ণ নতি-পত্ৰৰ লগতে সোণ-ৰূপৰ আ-অলংকাৰো সম্পূৰ্ণ ৰূপে জুইত ভস্মীভূত হয়।এতিয়া লৈকে জুই লগাৰ কাৰণ জানিব পৰা হোৱা নাই।

গান্ধী পৰিয়ালৰ ৰাজকুমাৰ এখন সাধাৰণ চেলুনত কিয়…

ৰায়বৰেলীত নাপিতৰ দোকানত হঠাতে প্ৰৱেশ ৰাহুল গান্ধীৰ! যুৱৰাজক দেখি আচৰিত নাপিত

গান্ধী পৰিয়ালৰ ৰাজকুমাৰে আহি হাজিৰ হ’ল সাধাৰণ এখন চেলুনত। শেহতীয়াকৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰায়বৰেলীত চেলুনত ডাড়ি কটোৱাৰ এটা ভিডিঅ’ আৰু ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ৰাহুল গান্ধীয়ে হঠাতে তেওঁৰ লোকসভা সমষ্টি ৰায়বৰেলীৰ এখন নাপিতৰ দোকানত উপস্থিত হয় আৰু নাপিতক তেওঁৰ দাড়ি তথা চুলি ছেট কৰিব পাৰিবনে সোধে। নাপিতেও লগে লগে ৰাহুল গান্ধীক পাৰিম বুলি উত্তৰ দিলে। ৰাহুল গান্ধীৰ দাড়ি-চুলি ছেট কৰোৱাৰ কথাটো এতিয়া বহুতৰে মাজত আলোচনাৰ বিষয় হৈ পৰিছে। নাপিতেও ইমান ডাঙৰ নেতাৰ দাড়ি-চুলি কাটিবলৈ পাই বহুত সুখী হৈ পৰিছে।

জানিব পৰা মতে ৰাহুল গান্ধীয়ে সোমবাৰে তেওঁৰ সংসদীয় সমষ্টি ৰায়বৰেলীত আছিল। ব্যস্ত নিৰ্বাচনী প্ৰচাৰৰ মাজতে তেওঁ জিলাখনৰ লালগঞ্জ চহৰৰ নাপিতৰ দোকান এখনত উপস্থিত হয়। চেলুন খনৰ নাম নিউ মুম্বা দেৱী চেলুন। দোকানৰ মালিক তথা মিথুনে কয় যে ৰাহুল গান্ধী হঠাতে তেওঁৰ চেলুনত উপস্থিত হৈছিল আৰু কৈছিল যে নিৰ্বাচনৰ ব্যস্ততাৰ বাবে দাড়ি আৰু চুলি বাঢ়িছে। ইয়াক ছেট কৰিব লাগে। তাৰ পিছত মিথুনে ৰাহুল গান্ধীৰ দাড়ি আৰু চুলি ছেট কৰিবলৈ আৰম্ভ কৰিছিল।

এই সময়ছোৱাত ৰাহুল গান্ধীয়ে নাপিত মিথুনৰ সৈতে নানা বিষয়ত বাৰ্তালাপ কৰিছিল। ৰাহুলে তেওঁক সুধিছিল কাম কেনে চলি আছে? মিথুনে কৈছিল যে সকলো ঠিকেই চলিছে। আগতে তেওঁ মুম্বাইত কাম কৰিছিল। কৰোনাৰ পিছত গাওঁলৈ ঘূৰি আহিছিল আৰু এতিয়া ইয়াতেই কাম কৰি আছে। ৰাহুলে এনেদৰে চেলুনত সোমাই দাড়ি-চুলি কটোৱাৰ বিষয়ত ছ’চিয়েল মিডিয়া ছাইট ‘এক্স’ত ৰাহুল গান্ধীৰ এখন ফটো শ্বেয়াৰ কৰি কংগ্ৰেছে লিখিছে, ‘নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে, কিন্তু চুলি কটাও প্ৰয়োজনীয়। ’’।ৰাহুলে দাড়ি কটাৰ পিছত নাপিতজনক ৫০০ টকা দিয়ে।

নাজিৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু ! দুজন গুৰুতৰ ভাৱে আহত…

নাজিৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা । এজনৰ মৃত্যু,গুৰুতৰ ভাৱে আহত দুজন । Pulser ২০০ আৰু হোণ্ডা CB ১২৫ ৰ মাজত মুখামুখি সংঘৰ্ষ। তিনিজন গুৰতৰ ভাৱে আহত। দুৰ্ঘটনাত চহিদুল ইচলাম (২৬)ৰ ঘৰ নাজিৰা আমোলাপট্টিত ,দেৱাশীষ গগৈ(২৮)নামতি হুদুপৰা আৰু অংকুৰ গগৈ ( ২৪ ) ওপৰ নাজিৰা ।

গুৰুতৰ ভাৱে আহত তিনিওজনকে নাজিৰাৰ লিগিৰী পুখুৰী হাস্পাতালত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

পিছত ডিব্ৰুগড়ৰলৈ নিয়াৰ পথত চহিদুল ইছলামে কৰুণ ভাৱে মৃত্যুক আকোঁৱালি লয়। Pulser খনৰ নাম্বাৰ AS 04 AE 7996 আৰু হোণ্ডা বাইকখন নাম্বাৰপ্লেট বিহীন।

উৎকট গৰমৰ মাজত পাঁচদিনলৈ অসম তথা উত্তৰ-পূবত বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ…

কমিব গৰম! পাঁচদিনলৈ অসম তথা উত্তৰ-পূবত বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ গৰম হয়তো কিছুদিনলৈ কমিব। তেনে ইংগিতেই দিলে ৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। অহা ৫ দিনলৈ ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু কিছু ঠাইত বিজুলী ঢেৰেকণিৰ সৈতে মজলীয়া বৰষুণ অহাৰ সম্ভৱনা আছে । তাৰ মাজতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে অসমত আগন্তুক ৫ দিনৰ ভিতৰত কোনো কোনো দিনত ৩০/৪০ কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ লগতে ঠাই বিশেষে মজলীয়া আৰু ধাৰাসাৰ বৰষুণৰ সম্ভৱনা আছে ।সাগৰ পৃষ্ঠত পৰা উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত ধুমুহা আৰু বৰষুণৰ প্ৰভাৱ পৰিব বুলি কোৱা হৈছে । এই আগজাননী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানীয়ে দিছে ।

বতৰ বিজ্ঞানীৰ সতৰ্কবাণী অনুসৰি অহা ২৪ঘণ্টাৰ ভিতৰত অসম আৰু মেঘালয়ৰ কিছু ঠাইত বিজুলী ঢেৰেকণিৰ লগতে কিছু মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ঠিক তেনেদৰে ২৪ঘণ্টাৰ ভিতৰত অৰুণাচল প্ৰদেশ , নাগালেণ্ড , মণিপুৰ , মিজোৰাম আৰু ত্ৰিপুৰাৰৰ কিছু কিছু ঠাইত মজলীয়া বৰষুণ হ’ব ।অহা কাইলৈ অৰ্থাৎ ১৫ মে’ৰ দিনা অসম, মেঘালয়ৰ আৰু অৰুণাচলৰ কিছু কিছু ঠাইত বিজুলী ঢেৰেকণিৰ লগতে কিছু পৰিমাণে মজলীয়া বৰষুণৰ হ’ব পাৰে । অৱশ্যে কাইলৈ অসমৰ সৰহভাগ ঠাইতে বৰষুণৰ বিশেষ সম্ভাৱনা নাই, দুই-এঠাতহে বৰষুণ হ’ব পাৰে।

তাৰ লগতে নাগালেণ্ড , মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু ঠাইত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । অহা ১৬ মে’ ৰ দিনা অসমৰ মেঘালয়ৰ কিছু কিছু ঠাইত বিজুলী ঢেৰেকণিৰ লগতে মজলীয়া বৰষুণ হ’ব যদিও অৰুণাচল প্ৰদেশৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ উপৰি নাগালেণ্ডৰ কিছু কিছু ঠাইত ৩০/৪০ কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ সম্ভৱনা আছে ।সাগৰ পৃষ্ঠত উৎপত্তি হোৱাৰ ধুমুহাৰ প্ৰভাৱত অহা ১৭ আৰু ১৮ মে’ ৰ দিনা অসম, মেঘালয় আৰু নাগালেণ্ডৰ কিছু কিছু ঠাইত বিজুলী ঢেৰেকণিৰে বৰষুণ হোৱাৰ লগতে ৩০/৪০ কিলোমিটাৰ গতিবেগত ধুমুহা হোৱাৰ সম্ভাৱনা আছে । তাৰ মজতেই ১৭ আৰু ১৮ মে’ ত ধুমুহা হোৱাৰ উপৰি কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।কাইলৈ গুৱাহাটীৰ তাপমাত্ৰ ৩৫/৩৬ ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা আছে । ফলত ৰ’দৰ প্ৰখৰ তাপে দহি যাব মহানগৰবাসীক ।

মৰিয়নিত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ সহ আটক সৰবৰাহকাৰী…

যোৰহাট আৰু গোলাঘাট ক্ৰাইম ব্রান্স তিতাবৰ মহকুমা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি এটা ড্রাগছ সৰবৰাহকাৰী লগতে বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয়। গোলাঘাট, যোৰহাট ক্ৰাইম ব্রান্স তিতাবৰ মহকুমা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক অভিযানত সন্ধিয়া মৰিয়নিৰ নিউসোণোৱালত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ সহ এটা সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। মৰিয়নিৰ নিউসোণোৱাল খণ্ড বন কাৰ্যালয়ৰ সন্মুখতে আৰক্ষীৰ তালাচীত জব্দ হয় এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি৷ তিতাবৰ মহকুমা আৰক্ষী বিষয়া আৰু গোলাঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মৰিয়নিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছিল।

এই অভিযানত ড্ৰাগছ সহ এটা সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয়। ধৃত সৰবৰাহকাৰীটো তিতাবৰ চুঙীৰ বাবুল দাস বুলি চিনাক্ত কৰা হৈছে৷ AS03 D 6514 নম্বৰৰ চেন্ট্ৰ গাড়ীখনেৰে কহিমাৰ পৰা অৰুণাচললৈ বুলি ড্ৰাগছ খিনি কঢ়িয়াই আনিছিল বুলি স্বীকাৰ কৰিছে ধৃত বাবুল দাসে। ৩০ টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ৩৫৮.৩৬ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰা হয়। আৰক্ষীয়ে অনুমান কৰা মতে ব্ৰাউন চুগাৰখিনিৰ মূল্য প্ৰায় ডেৰ কোটি টকা হ’ব।

কহিমাৰ পৰা মৰিয়নি নিউসোনোবাল খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ পৰা কিছু নিলগত থকা চোটাফলা গেট পাৰ হৈ অৰুণাচললৈ যোৱাৰ বাবে পৰিকল্পনা কৰা অনুমান কৰা হৈছে। আৰক্ষীৰ পৰা হাত সাৰিবলৈ এই পথটোক সুগম পথ হিচাপে বাচি লৈছিল ড্রাগছ সৰবৰাহকাৰীটোৱে। আৰক্ষীয়ে কোটি টকাৰ অধিক ড্রাগছ সহ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হোৱাটো আৰক্ষীৰ এক বৃহৎ সাফল্য।

মাজুলীত ৫১ গৰাকী অৱসৰী শিক্ষক-কৰ্মচাৰীক বিদায় সম্বৰ্ধনা…



মাজুলী জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় আৰু মাজুলী জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত আজি সৰ্বমুঠ ৫১ গৰাকী সদ্য অৱসৰী শিক্ষক-কৰ্মচাৰীক বিদায় সম্বৰ্ধনা জনোৱা হয় ৷ যোৱা ছটা মাহত উচ্চতৰ মাধ্যমিক, জ্যেষ্ঠ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীসকলক কমলাবাৰীস্থিত ১ নং কমলাবাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত এখনি সভাত মাজুলী জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক সংগীতা বৰুৱা, মাজুলী জিলা অধিবিদ্যা পৰিষদৰ সচিব অজিত নাথ আৰু মাজুলী জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ উপস্থিতিত পৰিদৰ্শক সংগীতা বৰুৱাই সকলোকে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।

সভাৰ আৰম্ভণিতে কালিৰ দিনটোত পৰলোকগামী হোৱা পদ্মশ্ৰী বঁটাপ্ৰাপক বীৰুবালা ৰাভা আৰু চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ লক্ষীৰাম বৰাৰ বিদেহ আত্মাৰ সদগতি কামনাৰে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। ইয়াৰ পিছতে বিষয়াগৰাকীয়ে তেখেতৰ ভাষণ প্ৰসংগত সদ্য অৱসৰী সেইসকল শিক্ষক-কৰ্মচাৰীয়ে মাজুলীৰ শিক্ষাখণ্ডলৈ আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। একেদৰে মাজুলী জিলা অধিবিদ্যা পৰিষদৰ সচিব অজিত নাথে সকলোকে আদৰণি জনাই তেখেতসকলৰ ভৱিষ্যত জীৱন মঙ্গলময় হোৱাৰ কামনা কৰে।

অৱসৰী শিক্ষক-কৰ্মচাৰীসকলৰ মাজৰ পৰা ডিম্বেশ্বৰ দত্ত, যুগল চন্দ্ৰ নাথ, কুশল হাজৰিকা, আশাৰাণী হাজৰিকা, ভবেন চন্দ্ৰ কাকতি আদিকে ধৰি কেইবাগৰাকীয়েও বিভাগৰ এই প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে আৰু আগন্তুক দিনত বিভাগৰ সকলোধৰণৰ ভাল কামত সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰে। মাজুলী জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় স্থাপন হোৱাৰ পিছত মাজুলীৰ শিক্ষক-কৰ্মচাৰীসকলৰ বহু সমস্যা দ্ৰুত গতিত সমাধান হৈছে বুলিও তেখেতসকলে মত ব্যক্ত কৰে। উল্লেখযোগ্য যে মাজুলী জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে মাজুলী জিলা অধিবিদ্যা পৰিষদৰ সহযোগত এনেদৰে অৱসৰ গ্ৰহণ কৰা শিক্ষক-কৰ্মচাৰীক ধাৰাবাহিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে। আজিৰ সমগ্ৰ অনুষ্ঠানৰ আঁত ধৰে কুশদীপ হাটীমতাই।

জিএমচিএইছৰ ধাত্ৰী কোষৰ প্ৰথমখন স্মৰণিকা “নাইটিংগেল” উন্মোচন

আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস উপলক্ষে জিএমচিএইচৰ ধাত্ৰী কোষৰ উদ্যোগত ব্যতিক্ৰমী কাৰ্যসূচী পালন কৰা হয় । এই উপলক্ষে দেওবাৰে জিএমচিএইছ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক মনোজ্ঞ অনুষ্ঠানত অধ্যক্ষ ডা° অচ্যুৎ চন্দ্ৰ বৈশ্যই ধাত্ৰীসকলে একান্ত নিষ্ঠা, একাগ্ৰতা আৰু সেৱাৰ মনোভাৱেৰে ৰোগীৰ শুশ্ৰূষাত ব্ৰতী হৈ থাকি সমাজলৈ আগবঢ়োৱা অবদানৰ কথা উল্লেখ কৰি বক্তব্য আগবঢ়াই ৷ ডাঃ জয়ন্ত গোস্বামীয়ে ধাত্ৰীসকলে কঠোৰ পৰিশ্ৰমৰ মাজেৰে ৰোগীক শাৰীৰিক-মানসিক দুয়োটা ক্ষেত্ৰতে চিকিৎসা আগবঢ়াবলৈ কৰা প্ৰচেষ্টা উল্লেখনীয় বুলি মন্তব্য কৰে।

ডাঃ যুতিকা ওজা, ডাঃ মালবিকা ৰ্বমন আদি ভালেকেইগৰাকী বিশিষ্ট চিকিৎসক, ব্যক্তি অনুষ্ঠানত উপস্থিত থাকি চিকিৎসাক্ষেত্ৰৰ হৃদপিণ্ডস্বৰূপ ধাত্ৰীসকলক অভিনন্দন জনায়। অনুষ্ঠানৰ মাজতে ধাত্ৰী চন্দামিতা বৰ্মনৰ মুখ্য সম্পাদনা আৰু পাপৰি শইকীয়াৰ সম্পাদনাত জিএমচিএইছৰ ধাত্ৰীসকলে প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰি উলিওৱা স্মৰণিকা “নাইটিংগেল” উন্মোচন কৰে বিশিষ্ট উপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্য আৰু কবি ড° বিজয় শংকৰ বৰ্মনে। মেট্ৰন ছন্দিতা বৰুৱা আৰু মেট্ৰন অঞ্জলি নাথৰ লগতে কেইবাশতাধিক ধাত্ৰীৰ উৎসাহ-উদ্দিপনাৰে মুখৰিত প্ৰেক্ষাগৃহত স্মৰণিকা উন্মোচন কৰি উন্মোচক ভট্টাচাৰ্যই ধাত্ৰীসকলে ৰোগীৰ প্ৰতি সদায় এক সমৰ্পিত সেৱা আগবঢ়াই সমাজলৈ নিৰবে অৱদান আগবঢ়াই অহা বুলি মন্তব্য কৰে । কবি বিজয় শংকৰ বৰ্মনেও বক্তব্য আগবঢ়োৱা স্মৰণিকা উন্মোচনী অনুষ্ঠানৰ পিছতে আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱসৰ সাংস্কৃতিক অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি সাংবাদিক-লেখক ৰক্তাভ জ্যোতি বৰায়ো বক্তব্য আগবঢ়ায়।

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ লক্ষ্য ! বাৰাণসীত বিজেপিৰ হেভিৱেট নেতাৰ সৈতে গৈ মনোনয়ন দাখিল কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

উদুলী-মুদুলী বাৰানসী। তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ’বলৈ দৃঢ় সংকল্পবদ্ধ প্ৰধানমন্ত্ৰী মোদী। মঙলবাৰে বাৰানসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে। তেওঁ মঙলবাৰে দিনৰ প্ৰায় ১১.৪০ বজাত বাৰাণসী জিলা দণ্ডাধীশৰ কাৰ্যালয়ত উপস্থিত হয়। তাৰ পিছতে মোদীয়ে নিয়ম অনুসৰি সকলো নথি-পত্ৰ পূৰণ কৰি মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল কৰিবলৈ যোৱাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে বগা চুৰিদাৰ-কুৰ্তা আৰু নীলা মোদী জেকেট পিন্ধিছিল। মনোনয়ন দাখিল কৰাৰ সময়ত মোদীৰ সৈতে যোগী আদিত্যনাথ আৰু অন্যান্য নেতাসকল আছিল । প্ৰধানমন্ত্ৰীয়ে বাৰাণসী সমষ্টিৰ পৰা যোৱা দুটা লোকসভা নিৰ্বাচনত জয়লাভ কৰিছে। হেট্ৰিক কৰাৰ লক্ষ্যৰে তেওঁ আজি খেলপথাৰলৈ পুনৰ উভতি আহে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ আগতে বাৰাণসীৰ কাল ভৈৰৱ মন্দিৰত প্ৰাৰ্থনা কৰে। তেওঁ কাল ভৈৰৱৰ মূৰ্তিৰ সন্মুখত আৰতিও কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো মন্দিৰত উপস্থিত আছিল। প্ৰধানমন্ত্ৰীয়ে কেইবাজনো নেতা আৰু মন্ত্ৰীৰ সৈতে আজি মনোনয়ন দাখিল কৰিবলৈ যায় । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো তেওঁৰ সৈতে উপস্থিত আছিল। মনোনয়ন দাখিলৰ সময়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাও উপস্থিত আছিল। বিহাৰৰ নীতিশ কুমাৰৰ উপৰি বিজেপি শাসিত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল আজি বাৰনসীত মোদীৰ মনোনয়ন দাখিল পৰ্বত উপস্থিত আছিল। প্ৰধানমন্ত্ৰীক সংগ দিবলৈ আজি বাৰানসীত কমেও ২৫ জন হেভিৱেট নেতা সমবেত হয়। অৱশ্যে, মনোনয়ন প্ৰদান কৰাৰ সময়ত জিলা দণ্ডাধীশৰ কোঠাত কেৱল যোগী উপস্থিত আছিল। আনকি মনোনয়ন দাখিল কৰাৰ পূৰ্বে মোদীয়ে তেওঁৰ বিজয়ৰ বিষয়ে আত্মবিশ্বাস থকাৰ কথা ব্যক্ত কৰে। উল্লেখ্য আজি মনোনয়ন দাখিল কৰাৰ পূৰ্বে কালি মোদীয়ে বাৰানসীত এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰিছিল।