Home Blog Page 855

প্ৰধানমন্ত্ৰী মোডী এখন যুদ্ধত পৰাস্তঃ কেজৰিৱালৰ মুক্তিক লৈ পাকিস্তানী নেতাৰ প্ৰতিক্ৰিয়া…

সুৰা নীতিৰ গোচৰত অৰবিন্দ কেজৰিৱালৰ জামিনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ পাকিস্তানৰ নেতা চৌধুৰী ফাৱাদৰ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তিহাৰ কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছতে দেশৰ বহু নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৪৯ দিন কাৰাগাৰত কটোৱাৰ পিছত ওলাই আহিছে কেজৰিৱাল। জেলৰ পৰা মুক্তি পোৱাৰ লগে লগে কেজৰিৱালে বিজেপি চৰকাৰক কথাৰে আক্ৰমণ কৰে। এতিয়া পাকিস্তানৰ প্ৰাক্তন তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ফাৱাদ চৌধুৰীয়েও কেজৰিৱালৰ মুক্তিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

এক্সত পাকিস্তানৰ নেতা চৌধুৰী ফাৱাদ খানে লিখিছে, “পিএম মোডীয়ে আন এখন যুদ্ধত পৰাস্ত, উদাৰ ভাৰতৰ বাবে ভাল খবৰ।” কেজৰিৱালৰ জামিনক নৰেন্দ্ৰ মোডীৰ বাবে বৃহৎ পৰাজয় বুলি অভিহিত কৰি ফাৱাদে ইয়াৰ বাবে উদাৰ মনৰ ভাৰতীয়সকলকো অভিনন্দন জনাইছে।

কালি অৰ্থাৎ ১০ মে’ত তেওঁক উচ্চতম ন্যায়ালয়ত নিৰ্বাচনী প্ৰচাৰৰ বাবে ১ জুনলৈকে জামিন প্ৰদান কৰা হয় কেজৰিৱালক।শীঘ্ৰে দেশজুৰি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰত যোগ দিব কেজৰিৱালে।

লোকসভা নিৰ্বাচনৰ মাজতে ৰাহুল গান্ধীৰ প্ৰতি পাকিস্তানী নেতাৰ আগ্ৰহো বৃদ্ধি পাইছে। শেহতীয়াকৈ তেওঁ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বক্তব্যৰ প্ৰশংসা কৰিছিল।

মহাভাৰতৰ লগত কেদাৰনাথ ধামৰ কি সম্পৰ্ক, ভগৱান শিৱই কেনেকৈ বাস কৰিছিল কেদাৰনাথত…

অতীজৰে পৰা হিন্দু ধৰ্মৰ পবিত্ৰ তীৰ্থস্থান হিচাপে পৰিগণিত হৈ আহিছে কেদাৰনাথ ধাম। কেদাৰনাথৰ নিৰ্মাণৰ লগত জড়িত বহুতো পৌৰাণিক কাহিনী আছে, কেদাৰনাথ মন্দিৰটো পাণ্ডৱসকলে নিৰ্মাণ কৰিছিল। বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম কেদাৰনাথ ধামত ‘লিংগ’ ৰূপত ভগৱান শিৱ উপস্থিত। এই মন্দিৰৰ দুৱাৰ প্ৰতি বছৰে এপ্ৰিল-মে’ মাহত খোল খায় আৰু বাবা কেদাৰনাথক চাবলৈ লাখ লাখ ভক্ত আহে। স্কন্দ পুৰাণৰ কেদাৰ খণ্ডত কেদাৰনাথ ধামৰ কথা উল্লেখ আছে। যাৰ মতে কেদাৰ হৈছে সেই ঠাই য’ত ভগৱান শিৱই পবিত্ৰ গংগাক নিজৰ জট চুলিৰ পৰা মুক্ত কৰে।

কেদাৰনাথ মন্দিৰৰ সৈতে জড়িত এটা কিংবদন্তি অনুসৰি মহাভাৰত যুদ্ধৰ অন্ত পৰাৰ পিছত পাণ্ডৱসকলে সকলো কৌৰৱ ভাই আৰু অন্যান্য বন্দীক হত্যা কৰাৰ পাপৰ পৰা মুক্ত হ’ব বিচাৰিছিল। যাৰ বাবে তেওঁ ভগৱান শিৱৰ সন্ধানত হিমালয়ৰ ফালে গৈছিল। পাণ্ডৱক তেওঁৰ ফালে অহা দেখি ভগৱান শিৱ অন্তৰ্ধান হৈ কেদাৰত বসতি স্থাপন কৰিলে। পাণ্ডৱসকলে এই কথা জানিব পাৰিলে, তেওঁলোকেও ভগৱান শিৱৰ পিছে পিছে কেদাৰ পৰ্বতলৈ গ’ল।

পাণ্ডৱসকলেও কেদাৰ পৰ্বত পালে, তেওঁলোকক দেখি ভগৱান শিৱই ম’হৰ ৰূপ লৈ জীৱ-জন্তুৰ মাজলৈ গ’ল। পাণ্ডৱসকলে ভগৱান শিৱৰ দৰ্শন পাবলৈ পৰিকল্পনা কৰিলে। ইয়াৰ পিছত ভীমে বিশাল ৰূপ ধাৰণ কৰি কেদাৰ পৰ্বতৰ দুয়োকাষে দুয়োখন ভৰি মেলি দিলে। ভীমৰ ভৰিৰ মাজৰ পৰা সকলো জন্তু পাৰ হৈ গ’ল যদিও ভগৱান শিৱই ম’হৰ ৰূপত ভৰিৰ তলৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰাৰ লগে লগে ভীমে তেওঁক চিনি পালে।


ভগৱান শিৱক চিনি পাই ভীমে ম’হটো ধৰিবলৈ চেষ্টা কৰিলে আৰু ম’হটো পৃথিৱীত ডুব যাবলৈ ধৰিলে। তেতিয়া ভীমে ম’হৰ পিছফালৰ অংশটো জোৰেৰে ধৰিলে। ভগৱান শিৱই পাণ্ডৱসকলৰ ভক্তিত সন্তুষ্ট হৈ তেওঁলোকৰ ওচৰত উপস্থিত হৈ তেওঁলোকক পাপৰ পৰা মুক্ত কৰিলে। কোৱা হয় যে তেতিয়াৰ পৰাই ইয়াত ভগৱান শিৱক ম’হৰ পিঠিৰ ৰূপত পূজা কৰা হয়। এই ম’হৰ মূৰৰ উৎপত্তি নেপালত বুলি বিশ্বাস কৰা হয়, য’ত পশুপতিনাথ ৰূপত ভগৱান শিৱক পূজা কৰা হয়।

মেঘালয়ৰ সদ্য অৱসৰী DGP এল আৰ বিষ্ণইৰ বিৰুদ্ধে গোচৰ…

মেঘালয়ৰ সদ্য অৱসৰী DGP এল আৰ বিষ্ণইৰ বিৰুদ্ধে গোচৰ । গাড়ীত ভুৱা নম্বৰ প্লেট ব্যৱহাৰৰ অভিযোগ বিষ্ণইৰ

বিৰুদ্ধে মেঘালয়ৰ এজন নিলম্বিত আৰক্ষীয়ে তৰিছে গোচৰ

জি কে লেংৰাই নামৰ নিলম্বিত আৰক্ষীজনে তুলিছে গোচৰ গোচৰ সন্দৰ্ভত সঠিক তদন্তৰ আশ্বাস মেঘালয় আৰক্ষীৰ

১০১ বছৰতো প্ৰাণৱন্তঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা পদ্মশ্ৰী গ্ৰহণ কৰিলে ফ্ৰান্সৰ ১০১ বছৰীয়া যোগ প্ৰশিক্ষক চাৰ্লট চোপিনে…

১০১ বছৰতো প্ৰাণৱন্ত হৈ আছে তেওঁ। যোগাসনৰ জড়িয়তে নিজৰ লগতে আন দহ জনক সুস্থ ৰাখিবলৈ সক্ষম হোৱা ফ্ৰান্সৰ ১০১ বছৰীয়া যোগ প্ৰশিক্ষক চাৰ্লট চোপিনে শেহতীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা গ্ৰহণ কৰিছে পদ্মশ্ৰী। শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ হাতৰ পৰা পদ্মশ্ৰী গ্ৰহণ কৰে চোপিনে।

ফ্ৰান্সৰ ১০১ বছৰীয়া চোপিন চাৰি দশকধৰি যোগ প্ৰশিক্ষক হিচাবে কাম কৰি আহিছে। ১০১ বছৰ বয়সতে চোপিন এতিয়া সুস্থ আৰু চলা-ফুৰা কৰিব পৰা হৈ আছে। প্ৰখ্যাত যোগ প্ৰশিক্ষকগৰাকীয়ে ১৯৮২ চনত ফ্ৰান্সত যোগ শিকোৱা আৰম্ভ কৰিছিল। তেওঁৰ প্ৰচেষ্টাতে ফ্ৰান্সত যোগাসন জনপ্ৰিয় হৈ পৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে যোগাসনক বিদেশত জনপ্ৰিয় কৰি তোলাৰ বাবে চোপিনক প্ৰশংসা কৰিছে। উল্লেখ্য শনিবাৰে অসমৰ হস্তী কন্যা তথা ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউত পাৰ্বতী বৰুৱাকো ৰাষ্ট্ৰপতিয়ে পদ্মশ্ৰী সন্মান প্ৰদান কৰে।

ডোহা ডাইমণ্ড লীগ ২০২৪ঃ মাত্ৰ দুই চেণ্টিমিটাৰৰ বাবে দ্বিতীয় স্থানেৰে ৰূপৰ পদক লাভ নীৰজ চোপ্ৰাৰ…

অলিম্পিক আৰু বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই ডোহা ডাইমণ্ড লীগৰ মিটিং জেভেলিন থ্ৰ’ ইভেণ্টত দ্বিতীয় স্থান দখল কৰে। প্ৰসংগক্ৰমে যোৱা বছৰ দোহা ডাইমণ্ড লীগত নীৰজে ৮৮.৬৭ মিটাৰ নিক্ষেপ কৰি সোণৰ পদক লাভ কৰিছিল। এইবাৰ তেওঁ সেই লক্ষ্যত উপনীত হ’ব নোৱাৰিলে। তুৰ্কি আৰু দক্ষিণ আফ্ৰিকাত অনুশীলন কৰি ডোহালৈ আহিছিল নীৰজে যোৱা বছৰ ডোহা ডাইমণ্ড লীগত সোণৰ পদক লাভ কৰিছিল। সেই মঞ্চত নীৰজ চোপ্ৰাই এইবাৰ ৰূপৰ পদক লাভ কৰে। ছিজনৰ প্ৰথম ইভেণ্টত ভাৰতৰ ষ্টাৰ জেভেলিন থ্ৰ’ ৮৮.৩৬ মিটাৰত টকিঅ’ অলিম্পিকত ৰূপৰ পদক লাভ কৰে। চেক গণৰাজ্যৰ জাকুব ভালডিচে ঘৰলৈ লৈ যায় সোণৰ পদক। তেওঁ ৮৮.৩৮ মিটাৰ জেভেলিন নিক্ষেপ কৰে। মাত্ৰ দুচেণ্টিমিটাৰমানৰ বাবেই প্ৰথম হ’ব নোৱাৰিলে নীৰজ।

খেলৰ অন্তত নীৰজে কয়, ‘মোৰ চকু পেৰিছ অলিম্পিকৰ ওপৰত। কিন্তু ডাইমণ্ড লীগ সমানেই গুৰুত্বপূৰ্ণ। মাত্ৰ দুচেণ্টিমিটাৰত মই দ্বিতীয় স্থানত আহিলো। অহাবাৰ আৰু দূৰত্ব নিক্ষেপ কৰিবলৈ চেষ্টা কৰিম।” তেওঁ আৰু কয়, ‘কাটাৰত ভাৰতীয় দৰ্শকৰ পৰা আমি যি সমৰ্থন লাভ কৰিছো সেয়া অতুলনীয়। ধন্যবাদ দিবলৈ শব্দ নাই। ভাৰতীয় হোৱাৰ বাবে গৌৰৱ।”

বিহাৰত কংগ্ৰেছৰ মুখপাত্ৰ বিনোদ শৰ্মাৰ দলৰ পৰা পদত্যাগ…

বিহাৰত ইজনৰ পিছত সিজন কংগ্ৰেছ নেতাই পদত্যাগ কৰিছে। এতিয়া কংগ্ৰেছৰ মুখপাত্ৰ বিনোদ শৰ্মাই শনিবাৰে (১১ মে’) দলৰ পৰা পদত্যাগ কৰিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছে। বিনোদ শৰ্মাই পদত্যাগ পত্ৰত কংগ্ৰেছক আত্মসমৰ্পণ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিনোদ শৰ্মাইও দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ পূৰ্বে।

পদত্যাগৰ কাৰণ

পদত্যাগ পত্ৰত তেওঁ লিখিছে যে জাতি আৰু ৰাষ্ট্ৰৰ স্বাৰ্থত দুখ মনেৰে দলৰ প্ৰাথমিক সদস্যপদ আৰু সকলো পদৰ পৰা পদত্যাগ কৰিছোঁ। যিহেতু বিহাৰৰ কংগ্ৰেছ দলে জংগলৰাজ পাৰ্ট-২ উন্মোচনৰ বাবে আৰজেডিৰ আগত আত্মসমৰ্পণ কৰিছে।

কংগ্ৰেছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

‘ভাৰত তেৰে সৌ-এশ টুকদে হ’গে’ শ্ল’গান উত্থাপন কৰা নেতাজনক দিল্লী লোকসভাৰ আসনৰ প্ৰাৰ্থী কৰি তোলাৰ উদ্দেশ্য স্পষ্ট। তেওঁ আৰু লিখিছে, “সন্মানীয় ছোনিয়া গান্ধীজীয়ে ৰাহুল গান্ধী জীৰ সৈতে সমগ্ৰ দেশতে ভুৱা মুদ্ৰা আৰু ধনদাতাৰ প্ৰচাৰ কৰিব বিচাৰে। যাৰ বাবে দলটো সম্পূৰ্ণৰূপে ধ্বংস হৈছে।”

কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত গুলীয়াগুলীত চোৰাং চিকাৰীৰ মৃত্যু…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত গুলীয়াগুলী।

অগৰাতলী বনাঞ্চলত সংঘটিত হৈছে এই ঘটনা । বনৰক্ষীৰ গুলীত এটা চোৰাং চিকাৰীৰ মৃত্যু।

উদ্ধাৰ এটা থ্ৰী নট থ্ৰী ৰাইফল, ৩ জাঁই সক্ৰিয় গুলী।

হালধিৰ গাখীৰ নে হালধিৰ পানী, জানেনে আপোনাৰ স্বাস্থ্যৰ বাবে কোনটো ভাল…

হালধি হৈছে পাকঘৰৰ এবিধ মছলা। হালধিক বহু ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ আৰু সুস্বাস্থ্যৰ উন্নতি সাধন কৰিবলৈ ব্যৱহাৰ কৰা হয়। বহু ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ আৰু সুস্বাস্থ্য অৰ্থাৎ সামগ্ৰিক স্বাস্থ্যৰ উন্নতিৰ বাবে হালধি ব্যৱহাৰ কৰা হয়।কিন্তু হালধিৰ সুফলৰ দুটা জনপ্ৰিয়, হালধিৰ গাখীৰ আৰু সতেজ হালধিৰ পানী। দুয়োটা পানীয়ই বহু সুবিধা প্ৰদান কৰে, কিন্তু কোনটো ভাল; হালধিৰ গাখীৰ আৰু সতেজ হালধিৰ পানী জানেনে?


হালধিত কাৰকুমিন থাকে, যিটো প্ৰদাহ নিবাৰণকাৰী গুণৰ বাবে জনাজাত। হালধিৰ গাখীৰ গ্ৰহণে বাতবিষ আৰু গাঁঠিৰ বিষৰ দৰে প্ৰদাহজনিত সমস্যা হ্ৰাস কৰাত সহায় কৰিব পাৰে।


ইমিউনিটি বুষ্টাৰ: হালধিত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে আৰু ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা গুণ আছে। নিয়মিতভাৱে হালধিৰ গাখীৰ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়, যিয়ে শৰীৰক সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।


উন্নত হজম শক্তিঃ হালধি পিত্ত উৎপাদনত সহায় কৰে, যিয়ে পাচনত সহায় কৰে। হালধিৰ গাখীৰে পেট ফুলা, গেছ আৰু বদহজম আদি পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰাত সহায় কৰিব পাৰে।


টোপনি ভাল কৰে: গৰম গাখীৰ ঠাণ্ডা কৰাৰ প্ৰভাৱ থাকে আৰু হালধিৰ লগত মিহলি কৰিলে ই শিথিলতা বৃদ্ধি কৰে আৰু টোপনিৰ মান উন্নত কৰিব পাৰে।

বিষমুক্তকৰণ: হালধিত বিষমুক্তকৰণ গুণ আছে বুলি বিশ্বাস কৰা হয় যিয়ে যকৃত পৰিষ্কাৰ কৰাত সহায় কৰে আৰু শৰীৰৰ সামগ্ৰিক বিষমুক্তকৰণ প্ৰক্ৰিয়া উন্নত কৰে।


ওজন নিয়ন্ত্ৰণ: কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে কাৰকুমিনে ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে, বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ কৰি আৰু প্ৰদাহ হ্ৰাস কৰি।


স্বাস্থ্যকৰ ছালঃ হালধিৰ পানী খালে ইয়াৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণৰ বাবে আপোনাক স্বচ্ছ আৰু উজ্জ্বল ছাল দিব পাৰে।


হজম শক্তি উন্নত কৰে: হালধিৰ গাখীৰৰ দৰে হালধিৰ পানীয়েও পিত্ত উৎপাদন বৃদ্ধি কৰি আৰু পাচনতন্ত্ৰত প্ৰদাহ কমাই পাচনত সহায় কৰিব পাৰে।

গৰমৰ দিনত কঁঠাল খােৱাটো শৰীৰৰ বাবে কিমান প্ৰয়োজনীয় জানক…

কঁঠাল সুস্বাদু ৰসাল ফল। ইয়াৰ গাত খঁহু বা কাঁইট থাকে। কঁঠাল সৰুও আছে, ডাঙৰো আছে। লিচু, জামু, পনিয়ল, লেটেকু আম, কুঁজী-কাউ আদি গ্ৰীষ্মকালৰ ফলৰ দৰে কঁঠালো বৰ্ষা কালৰ ফল। এই ফলবোৰ অসমৰ মানুহৰ বাৰী বা বন-বননিৰ মাজত হয়। জীৱ-জন্তুয়ে পকা কঁঠাল খাই বিষ্ঠা ত্যাগ কৰাৰ পিছত গুটিৰ কঁঠালৰ গছ হয়। মানুহে নিজৰ বাৰীত বা পথৰ কাষত কঁঠালৰ গছ ৰুই সংৰক্ষণ কৰে। হাবি-জংঘলতো কঁঠাল আপোনা-আপুনি গজে।

কঁঠালৰ বৃহৎ গছ হয়। সাধাৰণতে মাঘ-ফাগুন মাহৰ পৰা কঁঠালৰ কলি ওলাবলৈ আৰম্ভ কৰে, যাক মুচি পেলোৱা বা মুচি ধৰা বুলি কয়। কঁঠালৰ মুচি নিমখ-জলকীয়াৰে খাই মজা লাগে। কঁঠালৰ মুচি ডাঙৰ হ’লে ই ভাল ব্যঞ্জন হয়। কঁঠাল ডাঙৰ হোৱাৰ লগে লগে ফলৰ ভিতৰত কোঁহ হয় আৰু কোঁহৰ কেউকাষে পাতল ঢাকনি হয়, যাক কঁঠালৰ বাদু বুলি কোৱা হয়।

কঁঠাল ডাঙৰ হোৱাৰ লগে লগে বিশেষকৈ ব’হাগ, জেঠ, আহাৰ মাহত পুৰঠ হৈ পকিবলৈ ধৰে। কিছুমান কঁঠাল আছে বছৰৰ বাৰমাহে লাগে। কঁঠাল পুৰঠ হ’লে কেঁচাই খাবলৈ ভাল। পকিলে অতি ৰসাল হয়।

কঁঠালৰ গুটিৰ চাহিদাও কম নহয়। কঁঠালৰ গুটি খাই ভাল লাগে। গুটি ডাঠ বাকলিৰে আৱৰা। ডাঠ বাকলি এৰুৱালে ৰঙা পাতল বাকলি আছে। তাতে  থাকে গুটিৰ সাহ। ইয়াক খাউ। কঁঠালৰ গুটি ভাজি, পুৰি বা নানান ধৰণেৰে সুবিধা অনুযায়ী খায়।

বড়ো লোকসকলে লাঙামাৰা পুজাত পকা কঁঠালৰ কোঁহ দি পুজা কৰে। কিছুমান লোকে মদ বনোৱা বাখৰ সানি মদ তৈয়াৰ কৰে। কঁঠাল বিক্ৰী কৰি অৰ্থ উপাৰ্জন কৰিব পাৰি।

কঁঠাল  বনৰীয়া হাতীৰ বৰ প্ৰিয়। পকা কঁঠালৰ গোন্ধ পালে হাতীয়ে খাবলৈ আহে। কঁঠালৰ পাত ছাগলী-গৰুৱে খায়। শিল্পীসুলভ মনেৰে বিয়া সভা আদিত মানুহে কঁঠালৰ পাতেৰে সুন্দৰ গেট বা তোৰণ নিৰ্মাণ কৰে। মানুহৰ গাত বিছাৰ শুং বিন্ধিলে কঁঠালৰ এঠাৰে উলিওৱা সহজ।

কঁঠাল এবিধ সুস্বাদু ফলেই নহয়, কঁঠাল গছৰ তক্তা অতি মুল্যৱান। ইয়াৰ তক্তাৰে লাগতিয়াল নানান আচবাব সাজি ল’ব পাৰি। আচবাববোৰ বৰ দীৰ্ঘদিনীয়া।

যিহেতু কঁঠাল গছ ডাঙৰ হয়-ইয়াৰ ছাঁ গা জুৰণীয়া। পথৰ কাষত কঁঠাল গছ থাকিলে ভৰ ৰ’দত পথিকে জিৰণি ল’ব পাৰে।

অসমীয়া ভাষা-সাহিত্যতো কঁঠালৰ কম অৱদান নথকা নহয়। কঁঠালগুটীয়া –কঁঠাল গুটিৰ দৰে সৰু কিন্তু পুৰঠ নহয়। কঁঠালগুটিয়া সৰু চৰায়ো আছে। হোমেন বৰগোহাঞিৰ ‘বিপদৰ বন্ধু’ কিতাপৰ দহ পৃষ্ঠাতো কঁঠালৰ আঠাৰ বৰ সুন্দৰ উপমা উল্লেখ কৰিব পাৰি, যেনে-‘ কিতাপৰ স্মৃতি কঁঠালৰ আঠাৰ দৰে নিজে নিজে মোৰ মনত লাগি থকা নাই’।

অশোকে এসময়ত পথৰ কাষে কাষে গছপুলি ৰোপণ কৰি প্ৰকৃতিৰ সৌন্দৰ্য বৃদ্ধি আৰু পথিকৰ জিৰণিৰ বাবে কাৰ্যনিৰ্বাহ কৰাৰ দৰে বৰ্তমানেও আমি ভাবো পথৰ কাষে কাষে কঁঠালজাতীয় ফল ধৰা, ছাঁ দিয়া গছ ৰুব লাগে। কঁঠাল গছ ৰুলে ফল খাবলৈ পোৱা যায়। ছাঁও দিয়ে। মুল্যৱান তক্তাও পোৱা যায়। সেইবাবে এনেবিধ গছ ৰুই সেউজী ধৰণী কৰোঁ আহক, লগতে সুন্দৰ হওক।

লেখক: জ্ঞানশংকৰ খাখলাৰী

শিৱসাগৰত বিশিষ্ট সাংবাদিক প্ৰশান্তজ্যোতি বৰুৱাক ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা প্ৰদান অসম ৰাজ্যিক সাংবাদিক সন্থাৰ…

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ আতিথ্যত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ পাছতে মুকলি সভা, বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়।

বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সন্থাই অসমৰ সাংবাদিকতা ক্ষেত্ৰ খনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে আসাম ত্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক তথা মিডিয়া ট্ৰাষ্টৰ অধ্যক্ষ, বিশিষ্ট সাংবাদিক প্ৰশান্তজ্যোতি বৰুৱাক ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিক বঁটা প্ৰদান কৰে। অনুষ্ঠানত নাজিৰাৰ বিশিষ্ট সাংবাদিক বীৰেন্দ্ৰ শৰ্মাকো সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য অসম ৰাজ্যিক সাংবাদিক সন্থাই এইবেলি দ্বিতীয়বাৰৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিক বঁটা প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে অসম ৰাজ্যিক সাংবাদিক সন্থাই প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিক বঁটা প্ৰদান কৰিছিল প্ৰাগ নিউজ ডিজিটেলৰ জ্যেষ্ঠ সাংবাদিক তথা শৰাইঘাট অসম ইয়েৰ বুকৰ সম্পাদক দুলাল মিশ্ৰক। অসম ৰাজ্যিক সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰকাশ কৰি উলিওৱা সন্থাৰ মুখপত্ৰ ‘জাগ্রত প্ৰহৰী’ উন্মোচন কৰে শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ ড০ প্ৰতিম শৰ্মাই। মুকলি সভাত ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নৰ সচিব প্ৰধান সাবানায়কন চেলভাকুমাৰস্বামী মুখ্য অতিথি হিচাপে হিচাবে উপস্থিত থকাৰ লগতে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্ত বিশিষ্ট অতিথি উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।