Home Blog Page 879

কেতিয়া আৰু কিমান সময় ৰ’দত থাকিলে লাভ কৰিব ভিটামিন ডি…

সূৰ্য্যৰ ৰশ্মি হৈছে ভিটামিন ডিৰ প্ৰাকৃতিক উৎস। শৰীৰৰ বাবে অপৰিহাৰ্য ভিটামিন ডি কিছু সময় ৰ’দত বহি থাকিলে লাভ কৰিব পাৰি। সূৰ্যৰ পোহৰত ভিটামিন ডি পোৱা যায়, যিটো স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ ফলত হাড়বোৰ মজবুত হয় আৰু লগতে মগজুৱেও দ্ৰুত কাম কৰে। খাদ্য সামগ্ৰীৰ পৰা আৰু সূৰ্যৰ পোহৰৰ সংস্পৰ্শৰ পৰা প্ৰাকৃতিকভাৱে ভিটামিন ডি পোৱা যায়, কিন্তু গ্ৰীষ্মকালত ৰ’দত ওলাই যোৱাটো বিপদতকৈ কম নহয়। এই কাৰণেই এই ঋতুত মানুহে বাহিৰলৈ ওলাই যাবলৈ ভয় কৰে। এনে পৰিস্থিতিত প্ৰশ্ন হয় কেনেকৈ, কেতিয়া আৰু কিমান সময় ৰ’দত থাকিব লাগে, যাতে শৰীৰে ভিটামিন ডি সঠিকভাৱে লাভ কৰিব পাৰে। জানো আহক….

সূৰ্যৰ ৰশ্মি হৈছে ভিটামিন ডিৰ প্ৰাকৃতিক উৎস। শৰীৰৰ বাবে অপৰিহাৰ্য ভিটামিন ডি কিছু সময় ৰ’দত বহি থাকিলে লাভ কৰিব পাৰি। আমি যেতিয়া সূৰ্যৰ ৰশ্মিৰ সংস্পৰ্শলৈ আহোঁ তেতিয়া ছালত থকা কলেষ্টেৰলৰ পৰা ভিটামিন ডি উৎপন্ন হ’বলৈ আৰম্ভ কৰে। এই কাৰণেই সূৰ্য্যক এই ভিটামিনৰ আটাইতকৈ ডাঙৰ উৎস বুলি গণ্য কৰা হয়।

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, শৰীৰত যাতে সঠিক পৰিমাণৰ ভিটামিন ডি পোৱা যায়, তাৰ বাবে দৈনিক সূৰ্যৰ পোহৰ গ্ৰহণ কৰিব লাগে। কমেও ১০ৰ পৰা ৩০ মিনিট ৰ’দত থাকিলে শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডি লাভ কৰে। কিন্তু যিসকল লোকৰ ছাল ক’লা হয় তেওঁলোকৰ ইয়াতকৈ বেছি সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহয়।

বহু গৱেষণাৰ পৰা দেখা গৈছে যে দুপৰীয়া সূৰ্যৰ পোহৰ লোৱাটোৱেই উত্তম। যিহেতু গৰমৰ দিনত দুপৰীয়াৰ ৰ’দ অতি প্ৰবল, গতিকে ইয়াত সৰ্বাধিক অতিবেঙুনীয়া ৰশ্মি থাকে, সেয়েহে সূৰ্য্য উদয়ৰ সময়ত ৰাতিপুৱাইহে ৰ’দত বহিব পাৰি। মনত ৰাখিব ৰ’দত বেছি সময় বহি নাথাকিব।

শৰীৰৰ বাবে ভিটামিন ডি কিমান গুৰুত্বপূৰ্ণ?
১) ভিটামিন ডিয়ে কেলচিয়াম-ফছফৰাছ শোষণ বৃদ্ধি কৰাত সহায় কৰে।
২) ভিটামিন ডিয়ে হাড় মজবুত কৰে।
৩) ইয়াৰ অভাৱত কেন্সাৰ, হতাশা, দুৰ্বলতা, অষ্টিঅ’পৰ’ছিছ আদি বহুতো বিপদজনক ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।
৪) মানসিক স্বাস্থ্যৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়।


আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস নাই বাবেই ৰাহুলে বাছি লৈছে ৰায়বৰেলী সমষ্টি, মোদীৰ কটাক্ষ…

বিজেপিৰ কটাক্ষৰ সন্মুখীন হৈছে কংগ্ৰেছ। ৰায়বৰেলীৰ পৰা কংগ্ৰেছে কাক প্ৰাৰ্থী কৰিব তাকেলৈ চৰ্চা চলি থকাৰ সময়তে শেহতীয়াকৈ কংগ্ৰেছে সমষ্টিটোৰ পৰা ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে। কংগ্ৰেছৰ এনে ঘোষণাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৱায়নাডৰ পিছত ৰাহুল গান্ধীয়ে ৰায়বৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জনাৰ পিছতে মোদীয়ে কয়-‘ডৰো মত, ভাগো মত’। উল্লেখ্য কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে স্মৃতি ইৰাণীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব নিবিচাৰিছিল। কিন্তু শেষত ৰাহুল গান্ধীয়ে তুলনামূলকভাৱে ‘সুৰক্ষিত’ ৰায়বৰেলীক দ্বিতীয় আসন হিচাপে বাছনি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাহুল গান্ধীৰ সিদ্ধান্তকলৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি গান্ধী পৰিয়ালক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে বিভিন্ন সভাত কৰ্মীসকলক কৈছিল, “ডৰো মত, ভাগো মত।’’ ৰাহুলে কৈছিল যে বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ সাহসৰ প্ৰয়োজন। ৰাহুলৰ বক্তব্যকে এইবাৰ মোদীয়ে ব্যৱহাৰ কৰিছে। বৰ্ধমানত এক ৰেলী সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “তেওঁলোকে ঘূৰি ফুৰে আৰু সকলোকে কয়, ‘ডৰো মত’। আজি মই কৈছো, মই মোৰ হৃদয়ৰ পৰা কৈছো, ডৰো মত, ভাগো মত!” প্ৰধানমন্ত্ৰীয়ে কয়, “মই কৈছো যে ৰাহুল ৱায়নাডৰ পৰাজিত হ’বলৈ গৈ আছে। পৰাজয়ৰ আশংকাত তেওঁ দ্বিতীয় খন আসন বিচাৰিবলৈ আৰম্ভ কৰিছিল। কংগ্ৰেছৰ পালি নেতাসকলে কৈ আহিছিল যে ৰাহুল আমেথিলৈ আহিব। তেওঁ পৰাজয়ৰ ভয়ত তালৈ যাব নোৱাৰিলে। অৱশেষত, তেওঁ ৰায়বৰেলীলৈ গ’ল। ডৰো মত, ভাগো মত!” ছোনিয়া গান্ধী আৰু কংগ্ৰেছক লক্ষ্য কৰি মোদীয়ে কয়, “ফলাফল কি হ’ব তাকে লৈ কিছু লোকে সন্দেহ প্ৰকাশ কৰিছে।কিন্তু কোনো জনমত জৰীপৰ প্ৰয়োজন নাই। মই আগতে কৈছিলো যে তেওঁলোকৰ আটাইতকৈ ডাঙৰ নেতায়ো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। ভয়তে পলাই যাব। তেওঁ ৰাজস্থানলৈ পলাই গৈছে। ৰাজস্থানৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে ’’। মোদীয়ে লগতে কয় “কংগ্ৰেছে এইবাৰ যোৱাবাৰতকৈ কম আসন লাভ কৰিব। তেওঁলোকে সেয়া জানে, সেয়েহে তেওঁলোকে এইবাৰ কম আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁলোকে নিৰ্বাচন জিকিবলৈ যুঁজ দিয়া নাই। তেওঁলোকে কেৱল দেশক বিভাজন কৰিবলৈ যুঁজ দি আছে।”

সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…

বাঁহী এক লোকবাদ্য।ইয়াক বিভিন্ন নামেৰে জনা যায়।বাঁহী, বংশী, মুৰুলী, বেণু, বাঁশী আদি বিভিন্ন নামেৰে।তাৰোপৰি বাঁহীক বিভিন্ন জনগোষ্ঠীসকলে বিভিন্ন নামেৰে নামাকৰণ কৰা দেখা যায়।বাঁহী এবিধ স্থিৰ সুৰৰ বাদ্য।বাঁহী মুখেৰে ফুঁ দি বজোৱা বাদ্য।ইয়াক প্ৰধানকৈ বাঁহেৰে বনোৱা হয়।ইয়াৰ ছটা ফুটা থাকে।অৱশ্যে বিভিন্ন প্ৰকাৰৰ আৰু দৈৰ্ঘ্যৰ বাঁহীও পোৱা যায়।এইবোৰক বিভিন্ন উদ্দেশ্যত ব্যৱহাৰ কৰা দেখা যায়।ভগৱান শ্ৰীকৃষ্ণৰ বাদ্য হিচাপে বাঁহী বৈষ্ণৱ সমাজত শ্ৰদ্বেয় আৰু পৱিত্র।তাৰোপৰি বিহুগীত, বনগীত, লোকগীত, বৰগীত আদি সকলোতে বাঁহী ব্যৱহাৰ কৰা হয়।মিচিংসকলৰ ঐনিঃতমৰ তালে তালে বাঁহীৰ (কুৰুলি) অবিহনে আধৰুৱা।বড়োসকলৰ বিখ্যাত সুৰীয়া চিফুং(বাঁহী)ৰ কথা সকলোৱে জানো।তেনেকৈ পাহাৰে-ভৈয়াম অৰ্থাৎ বিশ্বৰ সকলো সমাজতে গীত-মাত পৰিৱেশন কৰোঁতে বাঁহী সংগত কৰা দেখা যায়।

বাঁহীৰ মাতে কাকনো নকৰে মতলীয়া।বাঁহীৰ ছন্দত আছে অময়া সুৰীয়া।কলিয়া কৃষ্ণৰ বাঁহীৰ সুৰে সকলো গোপ-গোপীনিসকলক মতলীয়া কৰাৰ কথা সকলোৱে জানো।তেওঁৰ সৰগীয় বাঁহীৰ সুৰ অতুলনীয়।

সুৰীয়া বাঁহী বজাই
কানাই কলীয়া
কৰে মতলীয়া
সমস্ত বৈকুণ্ঠধাম।

গৰখীয়াৰ স’তে বাঁহীৰ আজন্ম প্ৰেমিক।নৈৰ পাৰে পাৰে গৰু-ম’হ চৰি ফুৰোতে গৰখীয়াই বজাই সুৰীয়া বাঁহী।ৰিব্ ৰিব্ কৈ বলা মলয়াজাকে কঢ়িয়াই আনে সুগন্ধী বাঁহীৰ সুবাস।এয়া যেন এক চিৰপৰিচিত গাঁওৰ পথাৰৰ দৃশ্য বুলি ক’ব পাৰি।

গৰখীয়াজনৰ অময়া বাঁহীৰ সুৰে
ৰজনজনাই তোলে এই নদীৰ পাৰ
কাংকান-ঐচেঙহঁতৰ সেই সুৰৰ মূৰ্চ্ছনাত
বলে এছাটি হৃদয়ত বা।

আকৌ কেতিয়াবা মাজৰাতি দূৰৈৰপৰা ভাঁহি আহে বাঁহীৰ মাত।নিশাৰ নিস্তব্ধতা ভাঙি ভাঁহি অহা বাঁহীৰ মাতত কেঁচা টোপনি ভাঙে।হয়তো কোনোবা প্ৰেমিকে প্ৰেমিকালৈ মনত পৰাৰ সুখৰ স্বতঃস্ফূৰ্ত বহিঃপ্ৰকাশ।প্ৰেমিকাৰ বুকুখন চিৰিংকৈ কোবাই থৈ যায় সংগোপনে।

মাজৰাতি সাৰ পাই উঠো
কেঁচা সপোন ভাঙি
দূৰৈৰপৰা নিশা ভেদি আহে
এটি সুৰীয়া বাঁহী।

বাঁহীৰ মাত শুনিলেই আমাৰ মনত বাহ লৈ থকা হাজাৰবাৰ দুঃখ-কষ্ট,যন্ত্ৰণা আদিৰপৰা উপশম পাব পৰা যায়।কাৰোবাৰ খং উঠিলে বা মন বেয়া হৈ থাকিলেও এপলক বাঁহীৰ মাত শুনিলে আপোনা-আপুনিকৈ মন শান্ত আৰু সমাহিত হৈ পৰে।

বাঁহীৰ কি যে মহিমা!
এবাৰ শুনিলেই
অশান্ত মনৰ ঢৌ
শাঁত পৰে নিৰলে।

বাঁহীৰ প্ৰেমত পৰোঁ।বাঁহীক লৈ সপোন ৰঁচো।বাঁহীক লৈ বহু কবি-শিল্পীৰ সৃষ্টিৰ পথৰা কৰিছে উৰ্বৰা।কিমান যে গল্প,কিমান যে কবিতা,কিমান যে গীত বাঁহীক লৈ সৃষ্টি হৈছে তাৰ লেখ নাই।আমাৰ সাহিত্য-সংস্কৃতিৰ সৃষ্টিৰ পথাৰতো বাঁহী যেন অবিচ্ছেদ্য ।

বাঁহী তুমি সকলোৰে প্ৰিয় /তুমি শিল্প
তুমি সৃষ্টি/যুগে যুগে..

বাঁহীক লৈ অনেক ৰসাল ঘটনাও ঘটে।বাঁহী বজোৱা ল’ৰাজনক লৈ বহু কাহিনীও শুনোঁ।কলেজ- ইউনিভাৰ্ছিটিৰ বাকৰিত অনুষ্ঠিত হোৱা সাংস্কৃতিক মঞ্চত সুৰীয়া বাঁহী বজোৱা ল’ৰাজনক লৈ প্ৰেমত পৰে বহু ৰূপহী।অনামী ল’ৰাজনৰ বাঁহীৰ যাদুকৰীৰ মূৰ্চ্ছনাত তন্ময় হোৱা কথা বহু দিনলৈ মনত ৰাখে বহুজনে।

তোমাৰ বাঁহীৰ সুৰত
সেই বিশ্ববিদ্যালয়ৰ কেম্পাছত
প্ৰথমবাৰৰ বাবে
মই অনুভৱ কৰিছিলোঁ
এক অনামী শিহৰণ।

সময়ৰ বোকোছাত সকলো সলনি হয়।তেনে সন্ধিক্ষণত আমাৰ মাজৰপৰা বহু বস্তু হেৰাই গৈছে বা হেৰাই যোৱাৰ উপক্ৰম হৈছে।সেই বাঁহীৰ সুৰৰ ছন্দও এতিয়া নৈৰ পাৰত,পথাৰৰ মাজত শুনিবলৈ নাপায়।আধুনিক যান্ত্ৰিকময় পৃথিৱী আৰু প্ৰযুক্তিবিদ্যৰ যুগত গাঁওৰ পথাৰৰ গৰখীয়াৰ সুৰীয়া বাঁহীৰ সুৰ কেতিয়াবাই হেৰাই থাকিল।এতিয়া নদীৰ পাৰত অথবা পথাৰত আগৰ সেই লহৰ নাই।এতিয়া সেইবোৰ মধুৰ স্মৃতি ৰোমন্হণ কৰি নষ্টালজিক হৈ পৰোঁ কেতিয়াবা।

নাই নাঁৱৰীয়া নাই টঙীঘৰ
নাই গৰখীয়া নাই মোহন বাঁহী
নাই অইনিঃতমৰ কলি
নাই কনেঙৰ হাঁহি
উদং উদং লাগে
এতিয়া এই সোঁৱণশিৰি।


লেখকঃ নন্দেশ্বৰ মিলি

বয়সৰ পাৰ্থক্য ১৩ঃ টিভি উদ্যোগৰ জনপ্ৰিয় অভিনেতা কুশাল টণ্ডন আৰু অভিনেত্ৰী শিৱাংগী যোশীৰ এংগেজমেণ্টৰ প্ৰস্তুতি…

টিভি উদ্যোগৰ অন্যতম জনপ্ৰিয় অভিনেতা কুশাল টণ্ডন। বৰ্তমান কুশালে নিজৰ ব্যক্তিগত জীৱনক লৈ বাতৰিৰ শিৰোনাম দখল কৰিছে।চৰ্চা চলিছে যে শিৱাংগী যোশী-কুশাল টণ্ডনে এংগেজমেণ্টৰ বাবে প্ৰস্তুতি চলাইছে। কিছুদিনৰ আগতে ছ’চিয়েল মিডিয়াত শিৱাংগী আৰু কুশালৰ বহু ছবি ভাইৰেল হৈছিল। জনপ্ৰিয় টিভি অভিনেতা কুশাল টণ্ডনে বহু হিট ছিৰিয়েলৰ জৰিয়তে উদ্যোগটোত যথেষ্ট খ্যাতি অৰ্জন কৰিছে। কুশাল টণ্ডনক বহু জনপ্ৰিয় টিভি ধাৰাবাহিকত দেখা গৈছে। বহু ছোৱালী তেওঁৰ আচৰিত অভিনয় আৰু শৈলীত আপ্লুত হয়। ১৯৮৫ চনৰ ২৮ মাৰ্চত লক্ষ্ণৌৰ এটা পাঞ্জাবী পৰিয়ালত জন্মগ্ৰহণ হৈছিল কুশাল টণ্ডনৰ।

খবৰ অনুসৰি শিৱাংগী যোশী আৰু কুশল টণ্ডনে এংগেজমেণ্টৰ বাবে প্ৰস্তুতি চলাইছে। একতা কাপুৰৰ শ্ব’ ‘বৰছাতেইন: মৌসম প্যাৰ কা’ কৰি থাকোঁতে দুয়োজনেই বহুত ভাল বন্ধু হৈ পৰিছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল শিৱাংগী আৰু কুশলৰ বহু ছবি। শিৱাংগী যোশী কুশলতকৈ প্ৰায় ১৩ বছৰ সৰু। কিন্তু কোৱা হৈছে যে তেওঁলোকৰ সম্পৰ্ক বিবাহৰ দিশে আগবাঢ়িছে।কিন্ত তেওঁলোকৰ এই সম্পৰ্কৰ বিষয়ে কুশাল আৰু শিৱাংগীয়ে কোনো মন্তব্য দিয়া নাই।তেওঁলোকৰ মন্তব্যলৈ অপেক্ষা অনুৰাগীৰ।

২০২৪ চনৰ এপ্ৰিলত ঐতিহাসিক হাৰত জিএছটি সংগ্ৰহঃ জিএছটি সংগ্ৰহত ৰাজ্য অনুসৰি বৃদ্ধি আছিল লক্ষ্যণীয়…

দেশত মুঠ সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) সংগ্ৰহ ২০২৪ চনৰ এপ্ৰিলত ২.১০ লাখ কোটি টকাত অভিলেখ উচ্চতাত উপনীত হৈছিল।এই বৃদ্ধি বাৰ্ষিক ভিত্তিত ১২.৪ % বৃদ্ধিক প্ৰতিনিধিত্ব কৰিছে। এপ্ৰিল ২০২৪-ৰ বাবে মুঠ জিএছটি ৰাজহ হৈছে ১.৯২ লাখ কোটি টকা, যি যোৱা বছৰৰ একে সময়ৰ তুলনাত ১৫.৫% বেছি। এক চৰকাৰী বিজ্ঞপ্তিত এই কথা কোৱা হৈছে। এপ্ৰিল ২০২৪-ত জিএছটি ৰাজহৰ ৰাজ্য অনুসৰি বৃদ্ধি লক্ষ¬ণীয় আছিল।

এপ্ৰিল-২৩ এপ্ৰিল-২৪ ত জম্মু আৰু কাশ্মীৰত জিএছটি বৃদ্ধিৰ হাৰ আছিল ক্ৰমে ৮০৩ আৰু ৭৮৯ হিমাচল প্ৰদেশত সেই একেই সময়ছোৱাত বৃদ্ধিৰ পৰিমাণ আছিল ক্ৰমে ৯৫৭ আৰু ১,০১৫, পঞ্জাৱত ২,৩১৬ আৰু ২৭৯৬, চণ্ডীগড়ত ২৫৫ আৰু ৩১৩, উত্তৰাখণ্ডত ২,১৪৮ আৰু ২২৩৯,হাৰিয়ানাত ১০, ০৩৫ আৰু ১২,১৬৮, দিল্লী ৬৩২০ আৰু ৭৭৭২, ৰাজস্থানত৪৭৮৫ আৰু ৫৫৫৮, উত্তৰ প্ৰদেশত ১০,৩২০ আৰু ১২,২৯০,বিহাৰত ১,৬২৫ আৰু ১৯৯২, ছিকিমত ৪২৬ আৰু ৪০৩, অৰুণাচল প্ৰদেশত ২৩৮ আৰু ২০০ ,নাগালেণ্ডত ৮৮ আৰু ৮৬, মণিপুৰ ৯১ আৰু ১০৪, মিজোৰামত ৭১ আৰু ১০৮ ,ত্ৰিপুৰাত ১৩৩ আৰু ১৬১,মেঘালয়ত ২৩৯ আৰু ২৩৪,অসমত ১,৫১৩ আৰু ১,৮৯৫,পশ্চিম বংগত ৬৪৪৭ আৰু ৭২৯৩, ঝাৰখণ্ডত ৩৭০১ আৰু ৩৮২৯, ওড়িশাত ৫০৩৬ আৰু ৫৯০২, ছত্তীশগড়ত ৩৫০৮ আৰু ৪০০১, মধ্য প্ৰদেশ৪২৬৭ আৰু ৪৭২৮, গুজৰাটত ১১৭২১ আৰু ১৩৩০১,দাদৰা আৰু নগৰ হাভেলি আৰু দমন তথা দিউত ৩৯৯ আৰু ৪৪৭, মহাৰাষ্ট্ৰত ৩৩,১৯৬ আৰু ৩৭,৬৭১, কৰ্ণাটক 1১৪৫৯৩ আৰু ১৫৯৭৮,গোৱা ৬২০ আৰ ৭৬৫, লাক্ষদ্বীপ ৩ আৰু ১ ,কেৰালা ৩০১০ আৰু ৩২৭২,তামিলনাডুত ১১৫৫৯ আৰু ১২,২১০, পুডুচেৰী ২১৮ আৰু ২৪৭, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ৯২ আৰু ৬৫ ,তেলেংগানাত ৫৬২২ আৰু ৬২৩৬, অন্ধ্ৰ প্ৰদেশত ৪৩২৯ আৰু ৪৮৫০, লাডাখত ৬৮ আৰু ৭০,অন্যান্য অঞ্চল ২২০ আৰু ২২৫।

সৰ্বমুঠ সংগ্ৰহৰ পৰিমাণ ১,৫১,১৬২ আৰু ১,৭১, ৪৩৩ টকা। একেদৰে এই সময়ছোৱাত কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ (চিজিএছটি): ৪৩,৮৪৫ কোটি টকা; ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ (এছজিএছটি): ৫৩,৫৩৮ কোটি টকা;ইণ্টিগ্ৰেটেড সামগ্ৰী আৰু সেৱা কৰ (আইজিএছটি): আমদানি কৃত সামগ্ৰীৰ ওপৰত সংগ্ৰহ কৰা ৩৭,৮২৬ কোটি টকাসহ ৯৯,৬২৩ কোটি টকা।


উপকৰ: আমদানি কৃত সামগ্ৰীৰ ওপৰত সংগ্ৰহ কৰা হৈছে ১,০০৮ কোটি টকাসহ ১৩,২৬০ কোটি টকা। জিএছটি সংগ্ৰহৰ ধাৰাবাহিক বৃদ্ধিয়ে দেশৰ অৰ্থনীতিৰ বিকাশৰ কথাই সূচাইছে।

ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা হুইটলে গ’ল্ড এৱাৰ্ডে আৰণ্যকৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ যাত্ৰাক সমৃদ্ধ কৰিছে…

জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে নিৰলস প্ৰচেষ্টাৰ গুৰি ধৰা এগৰাকী নিষ্ঠাবান মহিলাৰ শক্তিক পুনৰ উজলাই আৰণ্যকৰ সংৰক্ষণ জীৱবিজ্ঞানী ড° পূৰ্ণিমা দেৱী বৰ্মনক “সেউজ অস্কাৰ” খ্যাত “ হুইটলে গ’ল্ড এৱাৰ্ড ২০২৪” প্ৰদান কৰা হৈছে। অসমত স্থানীয়ভাবে হাড়গিলা হিচপে পৰিচিত বিশ্বৰ অন্যতম বিৰলতম বৰটোকোলা বিধৰ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ অক্লান্ত কৰ্মৰ স্বীকৃতি স্বৰুপে বৰ্মনলৈ এই বটাঁ আগবঢ়োৱা হৈছে। জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত নাৰী শক্তিক বিশ্ব পৰ্যায়ত উজলাই তোলা এই স্বীকৃতি কেৱল ড° বৰ্মনৰ বাবেই নহয়, অসম তথা দেশৰ বাকী অংশৰ বাবেও এক উল্লেখযোগ্য কৃতিত্ব।

এই স্বীকৃতিত আপ্লুত ড° পূৰ্ণিমা দেৱী বৰ্মনে কয় যে এই বঁটাই স্থানীয় সমুদায়ৰ সমৰ্থনেৰে হাড়গিলাক সুৰক্ষা দিয়াৰ তেওঁৰ সংকল্পক অধিক শক্তি যোগাব। শুকুৰবাৰে লণ্ডনত ভাৰতৰ উচ্চায়ুক্তই সম্বৰ্ধনা জনোৱা ড° বৰ্মনে কয়, “এই বঁটাটো প্ৰকৃততে সমাজৰ সেইসকল মহিলাসকলৰ বাবে, যিসকলে মোক এতিয়ালৈকে মোৰ এই যাত্ৰাত শক্তিৰ উৎস হিচাপে ঠিয় দি আহিছে। আমি নিষ্ঠা আৰু দায়বদ্ধতাৰে কেনেকৈ সংৰক্ষণৰ প্ৰচেষ্টাৰ গুৰি ধৰিব পাৰোঁ, এয়া দেশৰ মহিলাসকলৰ পৰা বিশ্বলৈ তাৰ এক বাৰ্তা”। কামৰূপ জিলাৰ দদৰা-পচৰিয়াৰত থকা তেওঁৰ মূল সংৰক্ষণ প্ৰকল্প স্থানৰ মহিলাসকলক সংগঠিতকৰণৰ জৰিয়তে এই বিৰল প্ৰজাতিটোৰ সংৰক্ষণত স্থানীয় মহিলাসকলক স্থায়ীভাবে জড়িত কৰাৰ ড° বৰ্মনৰ এই প্ৰশংসনীয় প্ৰচেষ্টাই বিশ্বজুৰি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।আৰণ্যক পৰিয়াল তেওঁৰ এই কৃতিত্বত আনন্দিত। আৰণ্যকৰ (www.aaranyak.org) মুখ্য কাৰ্যবাহী বিষয়া তথা সচিব প্ৰধান ড° বিভৱ কুমাৰ তালুকদাৰে কয়, “২০০২ চনৰ পৰা আৰণ্যকৰ সৈতে জড়িত হৈ থকা ড° পূৰ্ণিমা দেৱী বৰ্মনৰ এই সাফল্যই আৰণ্যকক গৌৰৱান্বিত কৰিছে আৰু পৃথিৱীত জীৱকূলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে প্ৰকৃতিক প্ৰতিপালন কৰাৰ আমাৰ নিৰলস প্ৰচেষ্টাত উতকৰ্ষ সাধনৰ বাবে চেষ্টা কৰিবলৈ আমাক সকলোকে উৎসাহিত কৰিছে”।

“স্থানীয় মহিলাসকলৰ অভূতপূৰ্ব সহযোগিতাৰে বিপন্ন হাড়গিলাৰ সংৰক্ষণৰ বাবে পূৰ্ণিমা দেৱীৰ প্ৰশংসনীয় একাগ্ৰতাই জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত মহিলাৰ ভূমিকা কিয় ইমান গুৰুত্বপূৰ্ণ সেই কথা প্ৰতীয়মান কৰিছে । জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে বহনক্ষম দলীয় প্ৰচেষ্টা স্থানীয় সমূদায়ক অনুপ্ৰাণিত কৰাৰ তেওঁৰ ক্ষমতাক বিশ্বই স্বীকৃতি দিছে আৰু এই বঁটাটোৱে ইয়াক পুন: প্ৰতিষ্ঠা কৰিলে” ।আৰণ্যকৰ আন এগৰাকী সংৰক্ষণ নেত্ৰী ড° আলোলিকা সিনহাই কয়, “পূৰ্ণিমা দেৱীৰ সংৰক্ষণ প্ৰচেষ্টা অতুলনীয় আৰু সংৰক্ষণবিদসকল, বিশেষকৈ এই গ্ৰহটোক ৰক্ষা কৰিবলৈ অহোপুৰুষাৰ্থ কৰি থকা সকলো মহিলাৰ বাবে এক অনুপ্ৰেৰণা”।

আৰণ্যকত বিৰাজ কৰা উল্লসিত পৰিৱেশৰ প্ৰতিফলন ঘটাই সংস্থাটোৰ পৰিচালনা মূৰব্বী মৃদুস্মৃতা দেৱীয়ে কয়, “বিপন্ন হাড়গিলা সংৰক্ষণৰ বাবে কৰা একাগ্ৰ চেষ্টাৰ স্বীকৃতি স্বৰুপে “গ্ৰীণ অস্কাৰ” হুইটলে গ’ল্ড এৱাৰ্ড ২০২৪ লাভ কৰা ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ আমাৰ হিয়াভৰা অভিনন্দন । তেওঁৰ কৰ্মই কেৱল আৰণ্যককেই নহয়, সকলো মহিলাকে অনুপ্ৰাণিত কৰিছে”। এই বটাঁই ২০২২ চনত লাভ কৰা “ইউ এন এনভাইৰনমেন্ট চেম্পিয়নছ অৱ দ্যা আৰ্থ এৱাৰ্ড”কে ধৰি বহু স্বীকৃতিৰ গৰাকী ড° পূৰ্ণিমা দেৱী বৰ্মনৰ বটাঁৰ তালিকাখন অধিক শুৱনি কৰিলে। আৰণ্যকে এইবাৰৰ সন্মানীয় হুইটলে গ’ল্ড এৱাৰ্ডেৰে তেওঁলোকৰ প্ৰশংসিত সংৰক্ষণ জীৱবিজ্ঞানী ড° পূৰ্ণিমা দেৱী বৰ্মনক সন্মানিত কৰা বাবে “হুইটলে ফাণ্ড ফৰ নেচাৰ”ক ধন্যবাদ জনাইছে।

চালাড আৰু শাক-পাচলি খোৱাৰ আৰম্ভ কৰক ব্ৰেকফাষ্টত! ডায়েবেটিছৰ আশংকা কমিব…

ডায়েবেটিছ হৈছে এক ভয়াৱহ ৰোগ যি ৰোগত সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক আক্ৰান্ত হয়। এই ৰোগে তেজত চেনি (গ্লুক’জ)ৰ মাত্ৰা বৃদ্ধি কৰে, যাৰ ফলত বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। ব্ৰেকফাষ্ট দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আহাৰ। ই আমাক শক্তি প্ৰদান কৰাই নহয়, বিপাকীয় ক্ৰিয়াকো গোটেই দিনটো সুস্থ কৰি ৰাখে। যদি আপুনি ডায়েবেটিছৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে দিনটো চালাড আৰু শাক-পাচলিৰে আৰম্ভ কৰাটো আপোনাৰ বাবে এক উত্তম বিকল্প হ’ব পাৰে।


চালাড আৰু শাক-পাচলিত আঁহৰ পৰিমাণ বেছি থাকে, যিয়ে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। আঁহে তেজত থকা গ্লুক’জ লাহে লাহে শোষণ কৰে, যাৰ ফলত হঠাতে তেজৰ চেনি বৃদ্ধি হোৱাৰ সম্ভাৱনা কম হয়।

ডায়েবেটিছ ৰোগ প্ৰতিৰোধৰ বাবে ওজন নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয়। চালাড আৰু শাক-পাচলিত কেলৰি কম আৰু প্ৰচুৰ আঁহ থাকে, যাৰ ফলত আপুনি ভৰি থকা অনুভৱ হয় আৰু ওজন কমোৱাত সহায় কৰে।

চালাড আৰু শাক-পাচলিত প্ৰচুৰ পৰিমাণে ভিটামিন, খনিজ পদাৰ্থ আৰু এন্টিঅক্সিডেন্ট থাকে, যিবোৰ শৰীৰৰ বাবে অতি উপকাৰী।

চালাড আৰু শাক-পাচলিত চৰ্বি আৰু কলেষ্টেৰল কম থাকে, যিটো হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী।

ডায়েবেটিছ প্ৰতিৰোধৰ বাবে কিছুমান টিপছ-

  • খাদ্যত চালাড আৰু শাক-পাচলি অন্তৰ্ভুক্ত কৰক। প্ৰতিদিনে কমেও দুবাৰকৈ চালাড আৰু শাক-পাচলি খাব।
  • ৰুটি, চাউল আৰু আটাৰ সলনি অটছৰ দৰে গোটা শস্য খাব লাগে।
    ফলমূলত প্ৰাকৃতিকভাৱে চেনি থাকে, গতিকে দিনটোত কেইবাবাৰো ফলমূল খাব লাগে।
  • নিয়মীয়াকৈ ব্যায়াম কৰক। প্ৰতিদিনে কমেও ৩০ মিনিট ব্যায়াম কৰক।
  • ধূমপান আৰু মদৰ পৰা আঁতৰি থাকক। ধূমপান আৰু মদ্যপানে ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰে।
  • মানসিক চাপেও মধুমেহ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। সেয়েহে যোগ, ধ্যান বা আন পদ্ধতিৰে মানসিক চাপ কমাব লাগে।

হঠাৎ কি হ’ল ৰাঘৱ চাড্ডাৰ! ৰাঘৱ চাড্ডাই হেৰুৱাব পাৰে দৃষ্টিশক্তি…

বৰ্তমান চৰ্চাত আপৰ নেতা ৰাঘৱ চাড্ডা! সন্মুখত লোকসভা নিৰ্বাচন, এফালে আম আদমি দলৰ বহুকেইজন নেতাই দিন কটাইছে জেলত। তাৰ মাজতে চৰ্চাত আপৰ নেতা তথা সাংসদ ৰাঘৱ চাড্ডা। আনহাতে পত্নী পৰিনীতি চোপ্ৰা ব্যস্ত নতুন ছবি চামকিলাৰ প্ৰচাৰত। চকুৰ এক জটিল ৰোগত আক্ৰান্ত ৰাঘৱ চাড্ডা। তেওঁ ৰেটিনাৰ ৰোগত আক্ৰান্ত হৈছে। যাৰ বাবে ৰেটিনাত সৰু সৰু ফুটা গঠন হ’বলৈ আৰম্ভ কৰে। এই ৰোগৰ বাবে চকুৰ দৃষ্টিশক্তিও হেৰুৱাৰ পাৰে।

এই ৰোগৰ বাবে ৰাঘৱ চাড্ডাই চকুৰ অস্ত্ৰোপচাৰ কৰে লণ্ডনত। বৰ্তমান তেওঁ লণ্ডণত আছে, চকুৰ অৱস্থা অতি গুৰুতৰ আছিল আৰু ইয়াৰ বাবেই তেওঁ নিৰ্বাচনৰ পৰা আঁতৰি আছে। আনহাতে পত্নী পৰিনীতি চোপ্ৰাই অতি সোনকালে ছবিৰ প্ৰচাৰ সামৰি স্বামীৰ ওচৰলৈ লণ্ডনলৈ ৰাওনা হ’ব। বৰ্তমান চিন্তাৰ কোনো কাৰণ নাই। ৰাঘৱ চাড্ডাৰ চকুৰ অস্ত্ৰোপচাৰ লণ্ডনত কৰা হয়। বৰ্তমান তেওঁ সম্পূৰ্ণ বেড ৰেষ্টত আছে। কিন্তু তেওঁৰ স্বাস্থ্য ইতিমধ্যে ঠিকেই আছে। মাৰ্চ মাহত তেওঁ অস্ত্ৰোপচাৰ কৰিবলৈ গৈছিল লণ্ডনলৈ।

ৰাঘৱ চাধা আৰু পৰিনীতি চোপ্ৰাৰ বিবাহৰ কথা কওঁতে ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত উদয়পুৰত দুয়োজনে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ বিয়াত পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীও উপস্থিত থাকে।

“খনিকৰ পুথি”ৰ বিষয়ে জানক…

গোলাঘাট জিলাৰ এটি ঐতিহ্যপূৰ্ণ অঞ্চল হৈছে মিছামৰা মৌজা । সেই মিছামৰাৰে অন্তৰ্গত এখন গাঁও হৈছে খনিকৰ গাঁও ।সেই খনিকৰ গাঁৱৰ নামেৰেই মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ “কীৰ্তন” আৰু মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ” নামঘোষা”–এই দুভাগ পুথিৰ নাম “খনিকৰ পুথি” হয় ।

“খনিকৰ পুথি”ৰ লগত এটা কিংবদন্তি জৰিত হৈ আছে । মানৰ আক্ৰমণৰ সময়ৰ কথা । মানৰ বৰ্বৰ অত্যাচাৰৰ পৰা হাত সাৰিবৰ বাবে অসমৰ মানুহবিলাক দিহিঙে-দিপাঙে, হাবিয়ে-বননিয়ে ঘূৰি ফুৰিছিল । সেই সময়ত মিছামৰা অঞ্চলৰ ৰাইজেও মান সেনাৰ ভয়ত হাবিয়ে-বননিয়ে লুকাই থাকি প্ৰাণ ৰক্ষাৰ চেষ্টা কৰিছিল । তেতিয়া খনিকৰ গাঁৱতে মণি বৰুৱা ( স্বৰ্গীয় ৰামেশ্বৰ বৰুৱাৰ আজোককাক) নামৰ এজন আঢ্যৱন্ত, অথচ বৃদ্ধ ব্যক্তি আছিল । নিজৰ বৃদ্ধ অৱস্থাৰ বাবেই তেখেতে প্ৰাণ ৰক্ষাৰ হেতু পলাই যাবলৈ একেবাৰে অসমৰ্থ আছিল ।মান সেনাই মণি বৰুৱাৰ ঘৰৰ সকলো ধন-সোণ লুট কৰি নিলে যদিও তেখেতৰ একো অপকাৰ নকৰিলে । বৰঞ্চ মান সেনাই বৃদ্ধ বৰুৱাৰ হাতত এটা টোপোলা দি গ’ল ।

মণি বৰুৱাই টোপোলা খুলি চাই তাৰ ভিতৰত চাৰিখন সাঁচিপতীয়া পুথি পালে । সেইকেইভাগ আছিল–কীৰ্তন, দশম, নামঘোষা আৰু ভক্তি ৰত্নাৱলী । পৰিস্থিতি স্বাভাৱিক হোৱাত মণি বৰুৱাই “কীৰ্তন” আৰু ” নাম ঘোষা” পুথি দুভাগ নিজৰ ঘৰৰ গোঁসাই ঘৰত ৰাখি বাকী “দশম” পুথি ভাগ খনিকৰ গাঁৱৰ নামঘৰলৈ আৰু ” ভক্তি ৰত্নাৱলী” পুথিভাগ ওচৰৰে হালোৱা গাঁৱৰ নামঘৰলৈ সংৰক্ষণ তথা পাঠৰ বাবে ভক্তিভাৱে আগবঢ়াই দিয়ে । কালক্ৰমত এই দুভাগ পুথিয়েই “খনিকৰ পুথি” নামেৰে প্ৰখ্যাত হয় ।

এই দুভাগ পুথিৰ বিষয়ে খনিকৰ গাঁৱৰে শ্ৰীযুত তীৰ্থনাথ বৰুৱা(স্বৰ্গীয় ৰামেশ্বৰ বৰুৱাৰ ভায়েক কুশেশ্বৰ বৰুৱাৰ পুত্ৰ)ই এনেদৰে লিখিছে–

” কীৰ্তন পুথিখনিতমুঠ পাতৰ সংখ্যা হ’ল ১০৫ খিলা ।ইয়াৰে দুখিলা বকলা ।পাতসমূহ দীঘলে ৪৫ ছে: মি: আৰু বহলে ১৬ ছে: মি: । পদৰ শেষ সংখ্যা ২২০৯ । কীৰ্তন পুথিখনিৰ শেষফালে লিখা আছে ” ১৬৯০ শকৰ ৫ মাস, ৪ বাৰ, ১ তিথি সমাপ্ত ।” ইয়াৰ পৰা জনা যায় এই কীৰ্তন পুথিভাগ লিখি সমাপ্ত কৰাহৈছিল ১৭৬৮ চনৰ আগষ্ট মাহত । “

আনহাতে “নাম ঘোষা” পুথিভাগৰ প্ৰসংগত তীৰ্থনাথ বৰুৱাদেৱে লিখিছে:–

” ‘নামঘোষা’ পুথিভাগৰ মুঠ পৃষ্ঠা সংখ্যা হ’ল ৫৩ । ইয়াৰে এখিলা বকলা ।পৃষ্ঠাৰ দীঘে ৩৫ ছে: মি: আৰু প্ৰস্থই ১০ ছে: মি : । পদৰ সংখ্যা ১০০০ ।বান্ধি ৰাখিবৰ বাবে পুথিখনৰ মাজত এটি সৰু ফুটাত খৰিহা ভৰোৱা আছে । ‘ ১৬৯০ শকৰ মাস ২ বাৰ বুধ ।ঘোষা পুস্তকং সম্পূৰ্ণ সমাপত ।’ ইয়াৰ পৰা জনা যায় এই নামঘোষা পুথিভাগ লিখি বা নকল কৰি শেষ কৰা হৈছিল ১৭৬৮ চনৰ মে’ মাহত ।”

শ্ৰীযুত বৰুৱাদেৱে দুয়োভাগ পুথিৰ সন্দৰ্ভত এনেদৰে মন্তব্য আগবঢ়াইছে:—

” দুয়োভাগ পুথিৰে কোনো পাতনি আৰু সূচীপাত নাই ।লিখোতাৰ নাম-ঠিকনাও নাই । মাথোঁ আছে – ‘ যথা দৃষ্টং তথা লিখিতং ।’ পুথি দুভাগৰ আখৰ, আখৰ লিখাৰ ধৰণ, শক, তিথি, বাৰ আদিৰ হিচাপ আৰু শেষৰ সংস্কৃত শ্লোক ফাঁকিৰ পৰা অনুমান হয় যে ঐতিহ্যপূৰ্ণ খনিকৰ পুথি লিখোতাজন আত্মপ্ৰকাশত অনিচ্ছুক , মহাপুৰুষ গুৰুদুজনাৰ একান্ত অনুগামী নিশ্চয় কোনোবা এজন অগাধ বৈষ্ণৱ পণ্ডিত আছিল ।”

যি নহওঁক, “খনিকৰ পুথি” প্ৰতি ভকত-বৈষ্ণৱসকলৰ শ্ৰদ্ধা-ভক্তি অত্যন্ত বেছি । বিভিন্ন অঞ্চলৰ ৰাইজে নামঘৰত শ্ৰদ্ধা-ভক্তিৰে ‘খনিকৰ পুথি’ৰ পাঠৰ আয়োজন কৰে । ৰাতি ‘ খনিকৰ পুথি’ পাঠৰ আয়োজন কৰা হয় আৰু পিছ দিনা নাম-প্ৰসংগৰ ব্যৱস্থা কৰা হয় ।সামৰ্থ্য থকা ভক্তসকলে ঘৰতো ” খনিকৰ পুথি” পাঠৰ আয়োজন কৰে । তেনেক্ষেত্ৰত ৰাতি “খনিকৰ পুথি”ৰ পাঠ হয় আৰু পিছ দিনা সাধাৰণতে নাম-চাউলৰ ব্যৱস্থা কৰে । নামঘৰতেই হওঁক বা গৃহস্থীৰ ঘৰতেই হওঁক, ৰাইজে গায়ন-ববায়নেৰে “খনিকৰ পুথি”ক ভব্য আদৰণি জনায় ।স্থানীয় সকলো শ্ৰেণীৰ লোকে “খনিকৰ পুথি”ৰ সন্মুখত ধূপ-বন্তি জ্বলাই আৰু তামোল-পান আগবঢ়াই সেৱা এটি ধৰি ভক্তি নিবেদন কৰে ।

তাৎপৰ্যপূৰ্ণ কথা হৈছে, “খনিকৰ পুথি” এঠাইৰ পৰা অন্য এঠাইলৈ পদব্ৰজেহে কঢ়িয়াই নিব লাগে ।গাড়ী-মটৰত “খনিকৰ পুথি” নিলে অমঙ্গল হয় বুলি বিশ্বাস কৰা হয় । কেইবছৰমানৰ পূৰ্বে এবাৰ গুৱাহাটীৰ কোনো এঠাইত “খনিকৰ পুথি” পাঠৰ ব্যৱস্থা কৰিছিল ।তেতিয়াও পদব্ৰজেহে গুৱাহাটীলৈ “খনিকৰ পুথি” নিয়াৰ সম্বাদ বাতৰি কাকত নে কোনো নিউজ চেনেলত পঢ়া/দেখা মনত আছে ।

এইদৰে পদব্ৰজে(তাকো খালী ভৰিৰে) এঠাইৰ পৰা অন্য ঠাইলৈ “খনিকৰ পুথি” কঢ়িয়াই নিওঁতে শ্ৰদ্ধাশীল ভক্ত-বৈষ্ণৱসকলে পথতে সেৱা ধৰি যৎসামান্য অৰিহণা আগবঢ়োৱা দেখা যায় ।

বৰ্তমান খনিকৰ পুথিৰ পৰিচালনা দায়িত্বত আছে শ্ৰীযুত ভৱেশ বৰুৱা আৰু অৰুণ বিকাশ বৰুৱা ডাঙৰীয়া । ভৱেশ বৰুৱা হৈছে মণি বৰুৱাৰ পৰিনাতি স্বৰ্গীয় ৰামেশ্বৰ বৰুৱাদেৱৰ পুত্ৰ । আনহাতে অৰুণ বিকাশ বৰুৱা হৈছে ৰামেশ্বৰ বৰুৱাৰ ভাতৃ স্বৰ্গীয় কুশেশ্বৰ বৰুৱাদেৱৰ পুত্ৰ ।

নিৰ্বাচনৰ আগদিনা বৰষুণ আহিলে ব্যৱহাৰ কৰিবলগীয়া হ’ব পাৰে হাতী; চৰকাৰৰ মুখলৈ বাট নাচাই ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিছে পথ-দলং…

নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনৈতিক দল আৰু প্ৰার্থীয়ে উন্নয়ন যতেই যায় তাতেই উন্নয়ন কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে। কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছতে সেই প্ৰতিশ্ৰুতিৰ বেছিভাগেই বাস্তৱত পৰিণত নহয়। আনটো বাদেই গুৱাহাটীৰ লখৰা আৰু পশ্চিম প্ৰান্তৰ ৰাণীৰ পৰা নিলগত থকা থকা অসম-মেঘালয় সীমান্তবৰ্তী ১৫ খন গাঁৱৰ ৰাইজে সেই প্ৰতিশ্ৰুতিৰ মাজতেই দিনৰ পাছত দিন ধৰি অতিবাহিত কৰিব লগা হৈছে। আনকি বাট-পথ, দলং আদিৰ দুৰবস্থা দেখি লোকসভাৰ নিৰ্বাচনৰ ভোট গ্ৰহণ কেন্দ্ৰৰ দায়িত্ববাহী বিষয়াযো মূৰে-কপালে হাত দিবলগীয়া হৈছে। জানিব পৰা মতে পহিলা মে’ৰ দিনা অসম-মেঘালয় সীমান্তবৰ্তী অঞ্চলত থকা দুটাকৈ ভোট গ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰিবলৈ গৈছিল আৰক্ষী আৰু জিলা প্ৰশাসনৰ এটা দল। কিন্তু ভোট গ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰিবলৈ গৈ পথ আৰু দলঙৰ দুৰাবস্থা দেখি হতভম্ব হৈ পৰে। উল্লেখ্য যে গড়ভঙা আৰু ৰাণী বনাঞ্চলত থকা মেঘালয় সীমান্তবৰ্তী অঞ্চলৰ প্ৰায় ১৫ খন গাঁৱৰ ভোটাৰ ৰাইজৰ সুবিধাৰ বাবে কামৰূপ জিলা প্ৰশাসনে তাত দুটাকৈ ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰিছে। আন সময়ত নহলেও নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ দৰে নিৰ্বাচন আৰু ভোট গ্ৰহণৰ দায়িত্বত থকা বিষয়া সকলে ভোট গ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰিব লাগে।

পহিলা মে’ত নিৰ্বাচনৰ দায়িত্বত থকা এটা দলে আৰক্ষী বাহিনী লৈ ৰাণী গণপতি হৈ নুমলীপথাৰ প্ৰাথমিক বিদ্যালয়ত থকা ভোট গ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰিবলৈ গৈছিল। কিন্তু দলটোৱে পথৰ লগতে কাঠৰ দলঙৰ দুৰৱস্থা দেখি চিন্তিত হৈ পৰে। কিয়নো নিৰ্বাচনৰ দিনা বা তাৰ আগদিনা যদি ধাৰাষাৰ বৰষুণ হয় তেন্তে ভোট গ্ৰহণ কেন্দ্ৰলৈ বাহন লৈ যোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱাটো নিশ্চিত। যদিও অঞ্চলটোৰ ৰাইজে নিজাববীয়াকৈ কাঠৰ দলঙৰ লগতে পথ মেৰামতি কৰিছে সেয়া ধাৰাষাৰ বৰষুণ আহিলে বন্ধ হৈ পৰিব পাৰে । জানিব পৰা মতে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনতে ২০১৮ – ১৯ চনতে লখৰাৰ পৰা মেঘালয় সীমান্তবৰ্তী গড়ভঙা হৈ নতুন গড়ভঙালৈ প্ৰায় ২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা যিকোনো বতৰতে যান – বাহন চলাচল কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছিল। কিন্তু নতুন গড়ভঙাৰ পৰা মাটাং , জালুকপাহাম , ৰংমালী , নুমলীপথাৰ হৈ ৰাণীৰ সমীপৰ গণপতিলৈ পথৰ নিৰ্মাণ কাৰ্য অদ্যাপি আধৰুৱা হৈ আছে। তাত পানী বৈ অহা তিনিখন সৰু নদীৰ ওপৰত থকা গুৰুত্বপূৰ্ণ কাঠৰ দলং তিনিখন বছৰ বছৰ ধৰি বিধ্বস্ত হৈ থকাৰ পিছতো কোনো কাণসাৰ দিয়া নাই সংশ্লিষ্ট কর্তৃপক্ষই । যাৰ বাবে ৰংমালী অঞ্চলৰ ৰাইজে হাতে কামে লাগি বট – পথ আৰু কাঠৰ দলং তিনিখন মেৰামতিৰ কাম কৰি কোনোমতে অহা – যোৱা কৰি আহিছে। দলং মেৰামতিৰ বাবে দান বৰঙণি সংগ্রহ কৰি ৰাইজে ক্রয় কৰিছে ৰছী , বাঁহ আৰু অন্যান্য সামগ্ৰী । ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ জাৰাজীৰ্ণ আৰু গুৰুত্বপূৰ্ণ বাট – পথ , দলং পকীকৰণ কৰা হব বুলি ঘোষণা কৰাৰ পাছতো নুমলীপথাৰ , ৰংমালী গাঁওবাসীয়ে উন্নয়নৰ মুখ দেখিবলৈ পোৱা নাই।

উল্লেখ্য যে ভোট গ্ৰহণ পৰিদৰ্শন কৰিবলৈ যোৱা বিষয়া সকলৰ মতে তাত ভোট গ্ৰহণৰ দায়িত্বত থকা বিষয়া – কৰ্মচাৰী সকলে আগদিনাই পুৱাৰ ভাগতে গৈ উপস্থিত হব লাগে। কিন্তু ভোট গ্ৰহণৰ দুদিন আগতো যদি বৰষুণ হয় তেন্তে দায়িত্ববাহী বিষয়া – কৰ্মচাৰী সকল ভীষণ অসুবিধাৰ সন্মুখীন হোৱাটো নিশ্চিত।