Home Blog Page 880

নিৰ্বাচনৰ আগদিনা বৰষুণ আহিলে ব্যৱহাৰ কৰিবলগীয়া হ’ব পাৰে হাতী; চৰকাৰৰ মুখলৈ বাট নাচাই ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিছে পথ-দলং…

নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনৈতিক দল আৰু প্ৰার্থীয়ে উন্নয়ন যতেই যায় তাতেই উন্নয়ন কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে। কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছতে সেই প্ৰতিশ্ৰুতিৰ বেছিভাগেই বাস্তৱত পৰিণত নহয়। আনটো বাদেই গুৱাহাটীৰ লখৰা আৰু পশ্চিম প্ৰান্তৰ ৰাণীৰ পৰা নিলগত থকা থকা অসম-মেঘালয় সীমান্তবৰ্তী ১৫ খন গাঁৱৰ ৰাইজে সেই প্ৰতিশ্ৰুতিৰ মাজতেই দিনৰ পাছত দিন ধৰি অতিবাহিত কৰিব লগা হৈছে। আনকি বাট-পথ, দলং আদিৰ দুৰবস্থা দেখি লোকসভাৰ নিৰ্বাচনৰ ভোট গ্ৰহণ কেন্দ্ৰৰ দায়িত্ববাহী বিষয়াযো মূৰে-কপালে হাত দিবলগীয়া হৈছে। জানিব পৰা মতে পহিলা মে’ৰ দিনা অসম-মেঘালয় সীমান্তবৰ্তী অঞ্চলত থকা দুটাকৈ ভোট গ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰিবলৈ গৈছিল আৰক্ষী আৰু জিলা প্ৰশাসনৰ এটা দল। কিন্তু ভোট গ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰিবলৈ গৈ পথ আৰু দলঙৰ দুৰাবস্থা দেখি হতভম্ব হৈ পৰে। উল্লেখ্য যে গড়ভঙা আৰু ৰাণী বনাঞ্চলত থকা মেঘালয় সীমান্তবৰ্তী অঞ্চলৰ প্ৰায় ১৫ খন গাঁৱৰ ভোটাৰ ৰাইজৰ সুবিধাৰ বাবে কামৰূপ জিলা প্ৰশাসনে তাত দুটাকৈ ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰিছে। আন সময়ত নহলেও নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ দৰে নিৰ্বাচন আৰু ভোট গ্ৰহণৰ দায়িত্বত থকা বিষয়া সকলে ভোট গ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰিব লাগে।

পহিলা মে’ত নিৰ্বাচনৰ দায়িত্বত থকা এটা দলে আৰক্ষী বাহিনী লৈ ৰাণী গণপতি হৈ নুমলীপথাৰ প্ৰাথমিক বিদ্যালয়ত থকা ভোট গ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰিবলৈ গৈছিল। কিন্তু দলটোৱে পথৰ লগতে কাঠৰ দলঙৰ দুৰৱস্থা দেখি চিন্তিত হৈ পৰে। কিয়নো নিৰ্বাচনৰ দিনা বা তাৰ আগদিনা যদি ধাৰাষাৰ বৰষুণ হয় তেন্তে ভোট গ্ৰহণ কেন্দ্ৰলৈ বাহন লৈ যোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱাটো নিশ্চিত। যদিও অঞ্চলটোৰ ৰাইজে নিজাববীয়াকৈ কাঠৰ দলঙৰ লগতে পথ মেৰামতি কৰিছে সেয়া ধাৰাষাৰ বৰষুণ আহিলে বন্ধ হৈ পৰিব পাৰে । জানিব পৰা মতে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনতে ২০১৮ – ১৯ চনতে লখৰাৰ পৰা মেঘালয় সীমান্তবৰ্তী গড়ভঙা হৈ নতুন গড়ভঙালৈ প্ৰায় ২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা যিকোনো বতৰতে যান – বাহন চলাচল কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছিল। কিন্তু নতুন গড়ভঙাৰ পৰা মাটাং , জালুকপাহাম , ৰংমালী , নুমলীপথাৰ হৈ ৰাণীৰ সমীপৰ গণপতিলৈ পথৰ নিৰ্মাণ কাৰ্য অদ্যাপি আধৰুৱা হৈ আছে। তাত পানী বৈ অহা তিনিখন সৰু নদীৰ ওপৰত থকা গুৰুত্বপূৰ্ণ কাঠৰ দলং তিনিখন বছৰ বছৰ ধৰি বিধ্বস্ত হৈ থকাৰ পিছতো কোনো কাণসাৰ দিয়া নাই সংশ্লিষ্ট কর্তৃপক্ষই । যাৰ বাবে ৰংমালী অঞ্চলৰ ৰাইজে হাতে কামে লাগি বট – পথ আৰু কাঠৰ দলং তিনিখন মেৰামতিৰ কাম কৰি কোনোমতে অহা – যোৱা কৰি আহিছে। দলং মেৰামতিৰ বাবে দান বৰঙণি সংগ্রহ কৰি ৰাইজে ক্রয় কৰিছে ৰছী , বাঁহ আৰু অন্যান্য সামগ্ৰী । ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ জাৰাজীৰ্ণ আৰু গুৰুত্বপূৰ্ণ বাট – পথ , দলং পকীকৰণ কৰা হব বুলি ঘোষণা কৰাৰ পাছতো নুমলীপথাৰ , ৰংমালী গাঁওবাসীয়ে উন্নয়নৰ মুখ দেখিবলৈ পোৱা নাই।

উল্লেখ্য যে ভোট গ্ৰহণ পৰিদৰ্শন কৰিবলৈ যোৱা বিষয়া সকলৰ মতে তাত ভোট গ্ৰহণৰ দায়িত্বত থকা বিষয়া – কৰ্মচাৰী সকলে আগদিনাই পুৱাৰ ভাগতে গৈ উপস্থিত হব লাগে। কিন্তু ভোট গ্ৰহণৰ দুদিন আগতো যদি বৰষুণ হয় তেন্তে দায়িত্ববাহী বিষয়া – কৰ্মচাৰী সকল ভীষণ অসুবিধাৰ সন্মুখীন হোৱাটো নিশ্চিত।

মহাৰাষ্ট্ৰৰ ৰায়গড়ত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, শিৱসেনাৰ নেত্ৰী সুষমা আন্ধাৰেক ৰেলীলৈ নিবলৈ অহাৰ সময়তে এই অঘটন…

মহাৰাষ্ট্ৰৰ ৰায়গড়ত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত৷

দুৰ্ঘটনাগ্ৰস্ত শিৱসেনাৰ উদ্ধৱ গোটৰ নেত্ৰীৰ হেলিকপ্টাৰ৷

শিৱসেনাৰ উদ্ধৱ গোটৰ নেত্ৰীৰ হেলিকপ্টাৰ।

অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হেলিকপ্টাৰখন।

ৰাজনৈতিক দলসমূহে ভোটাৰক প্ৰলোভিত কৰা বিজ্ঞাপন প্ৰকাশত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ…

সকলো ৰাজনৈতিক দলক জৰীপৰ নামত নিৰ্বাচনোত্তৰ আঁচনিৰ বাবে ভো্যাৰক প্ৰলোভিত কৰিব পৰা বিজ্ঞাপন প্ৰকাশত নাকীলগালে নিৰ্বাচন আয়োগে৷ ভাৰতীয় নিৰ্বাচন আয়োগে আজি এক বিবৃতিত কয় যে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে তেওঁলোকৰ প্ৰস্তাৱিত হিতাধিকাৰী আঁচনিৰ বাবে জৰীপৰ নামত ভোটাৰৰ বিৱৰণ বিচৰাটো জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ ৰ অধীনত উৎকোচ দিয়াৰ দৰে এক প্ৰথা বুলি গণ` কৰা হয়। ইয়াত কোৱা হৈছে, “নিৰ্বাচনোত্তৰ হিতাধিকাৰী আঁচনিয়ে ব্যক্তিসকলক পঞ্জীয়ন কৰা, বৈধ জৰীপ আৰু পক্ষপাতিত্বমূলক প্ৰচেষ্টাৰ মাজৰ ৰেখাবোৰ অস্পষ্ট কৰি তুলিছে”। আয়োগে কয় যে নিৰ্বাচনৰ পিছৰ লাভালাভৰ বাবে নাম পঞ্জীয়ন কৰিবলৈ জনোৱা আমন্ত্ৰণ/আহ্বান নিৰ্বাচনক পংকিল কৰি তুলি৷ নিৰ্বাচনৰ পিছত কি দিব সেই বিষয়ে সেয়ে কোনো ৰাজনৈতিক দলে বিজ্ঞাপন প্ৰকাশ কৰিব নোৱাৰিব৷ এনে বিজ্ঞাপনে প্ৰলোভন সৃষ্টি কৰিব বুলিও বিবৃতিটোত কোৱা হৈছে।

নিৰ্বাচনী সংস্থাটোৱে কয় যে যদিও সাধাৰণ নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়াত বাধা নাই, তথাপি ৰাজনৈতিক লাভৰ বাবে লোকসকলক নামভৰ্তি কৰাৰ নামত জৰীপ চলোৱা আৰু প্ৰলোভিত কৰা্যো মানি ল‘ব নোৱাৰি৷ নিৰ্বাচন আয়োগে তেনে কাৰ্যকলাপবোৰ ব্যাখ্যা কৰিবলৈ উদাহৰণৰ এখন তালিকাও প্ৰকাশ কৰিছে৷ সেইমৰ্মে বাতৰি কাকতত প্ৰলোভন দি বিজ্ঞাপন দিয়া, ব্যক্তিগত ভোটাৰসকলক মোবাইলত মিছকল দিয়া বা গেৰাণ্টি কাৰ্ডৰ প্ৰত্যাশিত ব্যক্তিগত লাভালাভৰ বিৱৰণ প্ৰদান কৰা , ভোটাৰৰ বিৱৰণ বিচাৰি এক সংলগ্ন প্ৰপত্ৰত পূৰণৰ জৰিয়তে নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা, । বয়স, ঠিকনা, ম’বাইল নম্বৰ, বুথ নম্বৰ,নাম, ৰেচন কাৰ্ড নম্বৰ, ঠিকনা, ফোন নম্বৰ, বেংক একাউণ্ট নম্বৰ, সমষ্টিৰ নাম আৰু নম্বৰ আদি আঁচনি দিম বুলি ভোটাৰসকলৰ পৰা বিচৰা ইত্যাদি। আয়োগে জিলা নিৰ্বাচন বিষয়াসকলক এনে ধৰণৰ যিকোনো কামৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে ৷
বিজেপিয়ে কৈ আহিছে যে কংগ্ৰেছ কৰ্মীসকলে দলৰ লাভালাভৰ বাবে পৰিয়ালবোৰক “গেৰাণ্টি কাৰ্ড” বিতৰণ কৰি আছে। বিজেপিয়ে কয় যে এনে ধৰণৰ পদক্ষেপ ভোটাৰক প্ৰলোভিত কৰিব৷

শোণিতপুৰৰ বৰছলাৰ মুছলিম চাপৰিত মাৰণাস্ত্ৰসহ সক্ৰিয় গুলী জব্দ…

শোণিতপুৰৰ বৰছলাৰ মুছলিম চাপৰিত মাৰণাস্ত্ৰসহ সক্ৰিয় গুলী জব্দ৷

এটা পিষ্টল, দুজাঁই সক্ৰিয় গুলী, এটা মেগজিন, এটা ম’বাইল জব্দ৷

ছাইদুল ইছলাম নামৰ লোকজনৰ ঘৰৰ পিছফালৰ পৰা জব্দ মাৰণাস্ত্ৰখিনি৷

ব্ৰিজ ভূষণক টিকট দিয়াত আপত্তি, কুস্তি ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বীৰ পুত্ৰ কৰণ ভূষণক টিকট দিলে বিজেপিয়ে…

ব্ৰিজ ভূষণক টিকট দিয়াত আপত্তি, কুস্তি ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বীৰ পুত্ৰ কৰণ ভূষণক টিকট দিলে বিজেপিয়ে।
খেলিৱৈক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগৰ বাবেই এইবেলি লোকসভা নিৰ্বাচনৰ টিকট নাপালে ব্ৰিজ ভূষণ শৰণ সিঙে। ভাৰতীয় কুস্তি ফেডাৰেচন (ডব্লিউএফআই)ৰ প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে একাংশ মল্লযোদ্ধাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল।

সিঙৰ বিৰুদ্ধে দেশৰ শ্ৰেষ্ঠ মল্লযোদ্ধাসকলে ৰাজপথলৈ ওলাই আহিছিল আৰু তীব্ৰ প্ৰতিবাদ কৰিছিল। ফলস্বৰূপে, বিজেপিয়ে তেওঁক টিকট নিদিবলৈ বাধ্য হৈছে। কিন্তু দলৰ এই নেতাজনক দলিয়াই দিব নোৱাৰি তেওঁৰ সেয়েহে, গেৰুৱা দলটোৱে তেওঁৰ পুত্ৰক টিকট দিয়াৰ সিদ্ধান্ত লৈছে।

Oppo গ্ৰাহকসকলৰ বাবে এক ভাল খবৰ ! ভিয়েটনামত ‘A’ ছিৰিজৰ সৈতে OPPO A60 স্মাৰ্টফোন মুকলি…

 Oppo গ্ৰাহকসকলৰ বাবে এক ভাল খবৰ । OPPOয়ে ভিয়েটনামত ‘A’ ছিৰিজৰ সৈতে OPPO A60 স্মাৰ্টফোন মুকলি কৰিছে । 

উন্নত সুবিধাৰ সৈতে সুলভ মূল্যত মুকলি কৰা স্মাৰ্টফোনটো ।

OPPO A60ৰ মূল্য-

OPPO A60-ৰ ৮জিবি+১২৮জিবি ৰেম আৰু ষ্টোৰেজ মডেলৰ মূল্য ভিএনডি ৫,৪৯০,০০০ (প্ৰায় ১৮,০৬০ টকা), আনহাতে ৮জিবি+২৫৬জিবিৰ মূল্য ভিএনডি ৬,৪৯০,০০০ (প্ৰায় ২১,৩৬০ টকা) । এই স্মাৰ্টফোনটো ভাৰতীয় বজাৰত কেতিয়া মুকলি কৰা হ’ব সেই বিষয়ে এই মুহূৰ্তলৈ কোম্পানীটোৱে উল্লেখ কৰা নাই ।

OPPO A60 স্মাৰ্টফোনটোত এফ/১.৮ এপাৰচাৰ আৰু অপ্টিকেল ইমেজ ষ্টেবিলাইজেচন (অ’আইএছ)ৰ সৈতে ৫০-মেগাপিক্সেল প্ৰাথমিক কেমেৰা আছে । ইয়াত এফ/২.৪ এপাৰচাৰৰ সৈতে ২-মেগাপিক্সেল চেকেণ্ডাৰী কেমেৰা আৰু পাঞ্চ হোল চেণ্টাৰ কাটআউটৰ সৈতে চেলফিৰ বাবে ৮ মেগাপিক্সেল কেমেৰা আছে ।

OPPO A60 সংযোগ বিকল্পবোৰৰ ভিতৰত আছে ৪জি এলটিই, ব্লুটুথ ৫.০, ৱাইফাই, জিপিএছ, এ-জিপিএছ, ইউএছবি টাইপ-চি পোৰ্টৰ সৈতে এনএফচি আৰু ৩.৫ মিমি অডিঅ’ জেক ।OPPO A60-ত বায়োমেট্ৰিক প্ৰমাণপত্ৰৰ বাবে চাইড-মাউণ্টেড ফিংগাৰপ্ৰিণ্ট স্কেনাৰো আছে । OPPO A60 ৰিপল ব্লু আৰু মিডনাইট পাৰপল ৰঙত উপলব্ধ ।

জামুগুৰিহাটত গঁড়ৰ খৰ্গসহ চোৰাং চিকাৰীক আটক…

জামুগুৰিহাটত গঁড়ৰ খৰ্গসহ চোৰাং চিকাৰীক আটক৷

ভৰলীচাপৰিৰ পৰা হানিফ আলী নামৰ চোৰাং চিকাৰীটোক আটক৷

ঘটনাস্থলীৰ পৰা পলায়ন আন দুই চোৰাং চিকাৰীৰ৷

বিপিএফৰ ১৭ বছৰীয়া ক’লা শাসনৰ কাৰণে কোকৰাঝাৰখন পিছ পৰি ৰৈছেঃ মন্ত্ৰী পীয়ূষ হাজৰীকা…

২০১৪ চনৰ পৰা বিটিচি বা বিটিআৰত হত্যা-হিংসা নাইকিয়া হৈছে। আজিৰ পৰা ১০ বছৰ আগতে আমি কোনোৱে এই অঞ্চললৈ আহিব পৰা নাছিলো। আপোনালোক এই অঞ্চলত শান্তিৰে বসবাস কৰিব পৰা নাছিল। এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। বৃহস্পতিবাৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চিদলী বিধানসভা সমষ্টিৰ বাসুগাঁৱৰ বাৰোৱাৰী দুৰ্গা মন্দিৰ প্ৰাংগণত এখন বিশাল জনসভাত ভাষণ দি এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ভাষণ তেওঁ কয় যে বাসুগাঁৱৰ পৰা কোনোৱে যদি বঙাইগাঁও লৈ যায়, কোকৰাঝাৰলৈ যায় এই অঞ্চলৰ মানুহে ভয় খাই আছিল যে মোৰ ল’ৰাজন, মোৰ মা, মোৰ দেউতা ঘৰ আহি পাব নে নাপাব। আবেলি ৬ টা বজাৰ পাছত বিটিআৰত কোনো লোকে ঘৰৰ পৰা ওলাব পৰা নাছিল। ঘৰৰ ভিতৰত থাকিও শান্তিৰে থাকিব পৰা নাছিল, নিশা কোনোৱা দুৰ্বৃত্তই আহি গুলীয়াই থৈ যায় নেকি সেই ভয়ে খেদি ফুৰিছিল। বিটিআৰত এনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছিল। এই পৰিৱেশৰ সময়ত অসমত কংগ্ৰেছৰ আৰু বিটিআৰত বিপিএফ দলৰ চৰকাৰ আছিল। কিন্তু যোৱা ১০ বছৰত, নৰেন্দ্ৰ মোদী যেতিয়াৰ পৰা প্ৰধানমন্ত্ৰী হ’ল, সেই দিন ধৰি বিটিআৰত হত্যা-হিংসা-ধৰ্ষণৰ ঘটনা নাইকিয়া হ’ল। আমি সকলোৱে শান্তিত থাকিব পৰা হ’লো।


মন্ত্ৰীগৰাকীয়ে প্ৰসংগক্ৰমে বাসুগাঁৱৰ ব্যৱসায়ী প্ৰতাপ ধনশীল, শিবু সাহা, হাবুল দে আৰু তেওঁৰ পত্নীক আততায়ীয়ে হত্যা কৰাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে মুঠতে আমি শান্তিৰে থাকিব পৰা নাছিলো। সকলোৱে ভয়ে ভয়ে দিন কটাইছিলো। কিন্তু আজি বিটিআৰত সেই পৰিৱেশ নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিটিআৰত শান্তি ঘূৰি আহিল আৰু সকলো বিদ্ৰোহী সংগঠনে আলোচনাত বহিল। আজি বিটিআৰত কোনো এটা উগ্ৰপন্থী সংগঠন সক্ৰিয়ভাৱে নাই বুলি মন্ত্ৰী পীযুষ হাজৰীকাই উল্লেখ কৰে। যিকেইটা বিদ্ৰোহী সংগঠন আছিল সকলোৱে শান্তি চুক্তি কৰিলে আৰু যি দুই এটা সংগঠন আছে তেওঁলোকেও শীঘ্ৰে শান্তি চুক্তি কৰিব বুলি উল্লেখ কৰে। এই কাম নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বুলি তেওঁ ভাষণত উল্লেখ কৰে। তেওঁ কয় যে শান্তি নহ’লে কেতিয়াও প্ৰগতি নহয়। যদি ইয়াত শান্তি ঘূৰাই অনা নহ’লহেঁতেন, ইয়াত যদি হিংসাৰ পৰিৱেশ থাকিলহেঁতেন, তেন্তে ইয়াত মেডিকেল কলেজ নহ’লহেঁতেন বা বাসুগাঁৱত অভাৰ ব্ৰীজ নহ’লহেঁতেন। মন্ত্ৰীগৰাকীয়ে কয় যে এনেদৰে আমি প্ৰথমে বিটিআৰত শান্তি আনিলো আৰু এতিয়া প্ৰগতিৰ পথত বিটিআৰক লৈ গৈ আছো। এনেদৰে আজি বিটিআৰ অসমৰ ভিতৰতে এখন উন্নত ঠাইত পৰিণত হৈছে বুলি তেওঁ কয়। বিটিআৰত আজি কেবাখনো মেডিকেল কলেজ হোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে ৬০ অসম চলাই ৬০ বছৰত অসমত মেডিকেল কলেজ বনাইছিল মাত্ৰ ৬ খন। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৮ বছৰত অসমত ১৮ খন মেডিকেল কলেজ বনাবলৈ সক্ষম হ’ল। তেওঁ কয় যে মেডিকেল কলেজ নহ’লে আমি চিকিৎসক সৃষ্টি কৰিব নোৱাৰো। কংগ্ৰেছে মেডিকেল কলেজ বানাইছিল মাত্ৰ ৬ খন, সেই ৬ খন মেডিকেল কলেজৰ পৰা আমি বছৰত মাত্ৰ ৭২৬ জন চিকিৎসক সৃষ্টি কৰিব পাৰিছিলো। সেয়ে পৰ্যাপ্ত চিকিৎসক নথকাৰ বাবে আমি গাঁওলৈ চিকিৎসক পঠিয়াব পৰা নাছিলো। কিন্তু আজি সেই পৰিৱেশ লাহে লাহে নোহোৱা হ’ল। আজি আমি বছৰত ১৩,৫০ গৰাকী চিকিৎসক সৃষ্টি কৰিব পৰা হ’লো আৰু অহা ৫ বছৰৰ ভিতৰত বছৰত ২৫০০ চিকিৎসক সৃষ্টি কৰিব পাৰিম। এই কাম মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে বুলি তেওঁ ভাষণত উল্লেখ কৰে।


কংগ্ৰেছৰ দিনত অসমত বিশ্ববিদ্যালয় আছিল মাত্ৰ ৭ খন। পৰ্যাপ্ত বিশ্ববিদ্যালয় নথকাৰ বাবে আমাৰ দুখীয়া পৰিয়াৰ ল’ৰা-ছোৱালীয়ে উচ্চশিক্ষা গ্ৰহণ কৰিব পৰা নাছিল। তেওঁ কয় যে ৬০ বছৰত কংগ্ৰেছে বিশ্ববিদ্যালয় বনাইছিল মাত্ৰ ৭ খন আৰু আমি ৮ বছৰত বিশ্ববিদ্যালয় বনালো ১৫ খন। গতিকে আমাৰ ল’ৰা-ছোৱালীয়ে অনায়াসে আজি উচ্চশিক্ষা গ্ৰহণ কৰিব পৰা হ’ল। কিয়নো পঢ়া-শুনা নকৰিলে প্ৰতিষ্ঠা লাভ কৰিব পৰা নাযায় আৰু প্ৰতিষ্ঠা লাভ নকৰিলে ঘৰখনৰ ভাল নহয়, জাতিটোৰ ভাল নহয়, দেশখনৰ ভাল নহয়, ৰাজ্যখনৰ ভাল নহয়। সেয়ে পঢ়া-শুনাৰ কাৰণে স্কুল, কলেজ, বিশ্ববিদ্যালয় বনাব লাগিব বুলি তেওঁ মন্তব্য কৰে।


কংগ্ৰেছক দলক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে সেই সময়ৰ ৰাস্তা-ঘাটৰ দুৰৱস্থাৰ ছবিখন দাঙি ধৰে। কিন্তু বিজেপি চৰকাৰে ৮ বছৰত ৰাস্তা-ঘাটৰ পয়ালগা ছবিখন সলনি কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা এটা সমষ্টিৰ ৰাস্তা-ঘাটৰ উন্নয়নৰ বাবে ৫০-৬০ কোটি টকা দিয়াৰ ব্যৱস্থা কৰে। আজি বিটিআৰত এটা এটা সমষ্টিত ৰাস্তা বনাবলৈকে ৫০ কোটি লৈকে টকা আহে, ইয়াৰ উপৰি মুখ্যমন্ত্ৰীয়ে নিজাববীয়াকৈ ফাণ্ড সৃষ্টি কৰি বিটিআৰলৈ পুনৰ ৫০০ কোটি টকা দিছে ৰাস্তা আৰু দলং নিৰ্মাণ কৰাৰ বাবে।
তেওঁ কয় যে এইদৰে আমি বিটিআৰক আগবঢ়াই লৈ যাব খুজিছো।


সভাত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ দিনত ইন্দিৰা আবাস যোজনাৰ ঘৰ আৰু বৰ্তমান বিজেপি চৰকাৰে আগবঢ়োৱা প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰৰ মাজত থকা পাৰ্থক্যৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে। তেওঁ কয় যে কংগ্ৰেছৰ দিনত সকলোতে কেৱল কেলেংকাৰি কেলেংকাৰি হৈছিল। ২ জি কেলেংকাৰি, কমনৱেলথ গেমছ কেলেংকাৰি, সকলোতে কেলেংকাৰি। আৰু সেইখিনি সময়ত অসমত আছিল সূতা-কম্বল দিয়া চৰকাৰ আৰু বিটিআৰত আছিল সূতা-কম্বল অৰ্ডাৰ দিয়া চৰকাৰ বুলি কংগ্ৰেছ-বিপিএফক তীব্ৰ কটাক্ষ কৰে। দুখীয়াক ঘৰ দিয়াৰ নামত কংগ্ৰেছীয়ে টকা খাইছিল, বিভিন্ন দুৰ্নীতি সংঘটিত কৰিছিল বুলি তেওঁ মন্তব্য কৰে।


ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে অসমত আমি ১৩ সমষ্টি জিকি নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিব লাগে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ দেশৰ অৰ্থনীতি ১১ নম্বৰৰ পৰা ৫ নম্বৰ হোৱা বুলি উল্লেখ কৰে। তেওঁ বিপিএফক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে বিপিএফে ইয়াত কাম নকৰাকৈ টকাবোৰ মাৰি খাইছিল, যাৰ ফলত কোকৰাঝাৰখন যেনেধৰণে আগুৱাই যাব লাগিছিল, তেনেধৰণে আগুৱাব পৰা নাই। বিপিএফৰ ১৭ বছৰীয়া ক’লা শাসনৰ কাৰণে আজি কোকৰাঝাৰখন আগুৱাই নগ’ল বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এই পৰিৱেশ আমি নাইকিয়া কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে এই পৰিৱেশ নাইকিয়া কৰিবৰ বাবে আমাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা প্ৰত্যেক দিনাই সাজু। তেওঁ আৰু কয় যে ইউপিপিএলৰ প্ৰমোদ বড়োৰ লগত মিলি আমি বিটিআৰৰ উন্নয়নৰ বাবে একেলগে কাম কৰিছো। গতিকে তেওঁ এটা ভোটো নষ্ট নকৰাকৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক টেক্টৰৰ ছবিত ভোট দি বিজয়ী কৰিবলৈ ৰাইজলৈ আহ্বান জনায়। এই সভাত বিধায়ক কমলাখ্যা দে পুৰকায়স্থ, যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, জিলা সভাপতি ৰতন চন্দ্ৰ ৰয় সহিতে মিত্ৰজোঁটৰ বিষয়ববীয়া-কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

বৰপেটাত বিৰোধীৰ কোনো অস্তিত্ব নাই, ইয়াত বিৰোধীয়েও নাজানে তেওঁলোকৰ প্ৰাৰ্থী কোন, ফণীভূষণ চৌধুৰী অসমৰ ৰাজনীতিৰ ভীষ্ম, এগৰাকী সুদক্ষ ব্যক্তিঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

বৰপেটা লোকসভা সমষ্টিৰ বিজেপি, ইউপিপিএল, অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ইতিমধ্যে বিজয়ী হৈ গৈছে। এই বিষয়ে চিন্তা কৰিবলগীয়া নাই। এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। বঙাইগাঁও জিলাৰ মাণিকপুৰত বৃহস্পতিবাৰে এনডিএ-ৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত এখন বিশাল বিজয় সংকল্প সভা সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। ইতিহাসপ্ৰসিদ্ধ মাণিকপুৰলৈ আহি আনন্দ অনুভৱ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ফণীভূষণ চৌধুৰী ইতিমধ্যে বিজয়ী হৈ গৈছে, এই বিষয়ে চিন্তা কৰিবলগীয়া নাই। এতিয়া আমাৰ এটাই চিন্তা যে আমি তেওঁক ৫ লাখত জিকাম নে ৬ লাখত জিকাম! তেওঁ আৰু কয় যে আমি এনেকুৱা এগৰাকী ব্যক্তি পাইছো, যি ৮৫’ চনত বিধায়ক হ’ল, তাৰ পৰা আজিলৈকে বিধায়ক হৈয়ে আছে। অসমত এনে কোনো দ্বিতীয় এজন ব্যক্তি নাই যি এটা সমষ্টিৰ পৰা ৮ বাৰকৈ বিজয়ী হৈছে। মানুহে চাকৰি জীৱন ৩০ বছৰ অতিবাহিত কৰে, কিন্তু তেওঁ ৪০ বছৰ বিধায়ক হ’ল, মন্ত্ৰীও হ’ল। ফণীভূষণ চৌধুৰীক অসমৰ ৰাজনীতিৰ ভীষ্ম বুলি অভিহিত কৰি তেওঁ কয় যে ফণীদা এগৰাকী অভিজ্ঞ ব্যক্তি, এগৰাকী সহজ-সৰল মানুহ, সুদক্ষ ব্যক্তি সেই কাৰণে তেওঁক বঙাইগাঁওবাসী ৰাইজে প্ৰতিটো নিৰ্বাচনতে বিজয়ী কৰি পঠিয়ায়।

আৰু এইবাৰ তেওঁক অকল বঙাইগাঁওতে সীমাবদ্ধ নাৰাখি গোটেই বৰপেটাবাসীয়ে ল’ব খুজিছো। এইবাৰ যাতে আমি অতি কমেও ৫ লাখ ভোটৰ ব্যৱধানত তেওঁক জয়ী কৰাব পাৰো তাৰ বাবে সকলোৱে কাম কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। আনহাতে, এইকেইদিন বঙাইগাঁও, ভবানীপুৰ, সৰভোগ আদি ঠাইত মন্ত্ৰীগৰাকীয়ে ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাই ৰাইজৰ পৰা বিপুল সঁহাৰি-সমৰ্থন লাভ কৰি অভিভূত হৈ পৰা বুলি উল্লেখ কৰে। ৰাইজৰ অপাৰ মৰম-স্নেহ, সমৰ্থন লাভ কৰালৈ চাই তেওঁ ফণীভূষণ চৌধুৰী অতি কমেও ৫ লাখ ভোটৰ ব্যৱধানত বিজয়ী হ’ব বুলি উল্লেখ কৰে। বিৰোধীক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে ইয়াত বিৰোধীৰ কোনো অস্তিত্ব নাই। মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াত বিৰোধীয়েও নাজানে যে তেওঁলোকৰ প্ৰাৰ্থী কোন? বিৰোধীৰ প্ৰাৰ্থী কোন আমিতো বিচাৰি আছোৱেই, আনকি বিৰোধীয়েও বিচাৰি আছে তেওঁলোকৰ প্ৰাৰ্থীগৰাকীক। বিৰোধীয়ে তেওঁলোকৰ প্ৰাৰ্থীগৰাকীক এনেদৰে বিচাৰোতে বিচাৰোতে ৭ তাৰিখ পাৰ হৈ যাব আৰু ৪ জুনত ফলাফল ওলাই যাব কটাক্ষ কৰে। তেওঁ কয় যে ৪ জুনত ফণীভূষণ চৌধুৰী ৫ লাখতকৈ অধিক ভোটত বিজয়ী হ’ব।


সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ বৰপেটা লোকসভা সমষ্টিৰ পৰিৱেশ পৰিস্থিতিৰ কথা মনত পেলাই মন্ত্ৰীগৰাকীয়ে কয় যে এটা সময়ত এনেকুৱা দিন আছিল যে বৰপেটা লোকসভা সমষ্টিত আমি আমাৰ নিজৰ মানুহ জিকাবলৈ পাৰিম নে নাই তাক লৈ এটা শংকা আছিল। কিন্তু এইবাৰ সেই পৰিৱেশ নোহোৱা হ’ল। কিয়নো এইবাৰ নিৰ্বাচন আয়োগ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সুন্দৰ দিকদৰ্শন লৈ কাম কৰিলে, যাৰ কাৰণে আজি আমি গৌৰৱেৰে ক’ব পৰা হ’লো যে বৰপেটা লোকসভা সমষ্টিত ফণীভূষণ চৌধুৰীৰ দৰে আমাৰ এজন নিজৰ মানুহ আৰু এগৰাকী সুদক্ষ ব্যক্তিক আমি ৫ লাখতকৈ বেছি ভোটত জিকাই পঠাব পাৰিম। ইয়াৰ বাবে মন্ত্ৰীগৰাকীয়ে নিৰ্বাচন আয়োগৰ লগতে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। পূৰ্বৰ সাংসদ আব্দুল খালেকক চোকা সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আব্দুল খালেকে মাতৃ ভাষাটোক মিঞা ভাষা বুলি কয়। আমি তেনেকুৱা মানুহ এজনক সাংসদ হিচাপে নিৰ্বাচিত কৰি পঠাইছিলো। ইয়াৰ বাবে আমাৰ মনত বহুত দুখ আছিল। কিন্তু লক্ষণীয়ভাৱে এইবাৰ আমি আমাৰ নিজৰ মানুহ ফণীভূষণ চৌধুৰীক সাংসদ হিচাপে নিৰ্বাচিত কৰিব পাৰিম, যিটো নেকি আমাৰ কাৰণে গৌৰৱৰ বিষয়। তেওঁ আৰু কয় যে সমগ্ৰ ভাৰতবৰ্ষৰে আজি এটাই সংকল্প নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰা। সেয়ে সমগ্ৰ ভাৰতবৰ্ষতে আজি উচ্চাৰিত হৈছে ‘আকৌ এবাৰ মোদী চৰকাৰ’। অসমীয়াৰ স্বাভিমান গামোচাখন ডিঙিত লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজকে অসমীয়া গামোচাখনৰ ব্ৰেণ্ড এম্বেছেডৰ বুলি কয়, যিয়ে নেকি আমাক গৌৰাৱান্বিত কৰে বুলি তেওঁ মন্তব্য কৰে।


তেওঁ আৰু কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমাক যিদৰে গৌৰাৱান্বিত কৰিছে, তেনেকৈ কোনো এজন প্ৰধানমন্ত্ৰীয়ে গৌৰাৱান্বিত কৰিব পৰা নাছিল। আগতে প্ৰধানমন্ত্ৰী যেতিয়া বিদেশলৈ যায়, তেতিয়া প্ৰধানমন্ত্ৰীক আমি টিভিত বিচাৰি থাকিব লাগিছিল। টিভিত দেখিবলৈ পোৱা নগৈছিল। প্ৰধানমন্ত্ৰীগাৰীয়ে কোনো গুৰুত্বই পোৱা নাছিল। কিন্তু এতিয়া আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকা, লণ্ডন, জাৰ্মানী, ৰাছিয়া য’লৈকে নাযাওক কিয়, তেওঁ সকলোতকৈ আগত জিলিকি থাকে আৰু আমি ভাৰতবাসীয়ে গৌৰৱ অনুভৱ কৰোঁ। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ বুকুত আজি গোটেই ভাৰতবৰ্ষখনক উজলাই তুলিছে। তেওঁ আৰু কয় যে দুশ বছৰ শাসন কৰা ব্ৰিটিছক পিছ পেলাই ভাৰত আজি বিশ্বৰ পঞ্চম অৰ্থনীতিৰ দেশ হৈছে। এয়া সম্ভৱ হৈছে একমাত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰণে। তেওঁ আৰু কয় যে আজি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চীনক পিছ পেলাই ভাৰতক কেনেকৈ বিশ্বৰ তৃতীয় অৰ্থনীতিৰ দেশ কৰিব পাৰি, তাৰ বাবে আমি কাম কৰিব লাগিব। গতিকে বৰপেটা সমষ্টিত ফণীভূষণ চৌধুৰীক হাতীৰ ছবিত ভোট দিয়া মানে নৰেন্দ্ৰ মোদীক ভোট দিয়া, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ভোট দিয়া। গতিকে তেওঁ সভাত উপস্থিত সকলোকে হাতীৰ ছবিত ভোট দি বৰপেটা লোকসভা সমষ্টিৰ বিজেপি, অগপ আৰু ইউপিপিএল মিত্ৰজোঁটৰ প্রাৰ্থী ফণীভূষণ চৌধুৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়।


মন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে আগতে যিসকল মানুহ ধৰ্মৰ কথা চিন্তা কৰি আমাৰ পৰা আঁতৰি আছিল, আজি সেইসকল মানুহেও অগপৰ লগত আহি আমাৰ সৈতে যোগ দিছে। তেওঁলোককো লগত লৈ আজি আমি এখন বিকশিত অসম, উন্নয়নৰ অসম আগবঢ়াই নিয়াৰ চেষ্টা কৰিছো। আজি আমি যিমানবোৰ অঞ্চললৈ গৈছো, সকলোতে হাজাৰ হাজাৰ সংখ্যালঘু লোক আজি আমাৰ সৈতে ওলাই আহিছে। কিয়নো নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰতিটো জাতি-জনগোষ্ঠীৰ লগতে সংখ্যালঘু লোকেও উন্নয়ন বাট দেখিবলৈ পাইছে।

ভাৰতীয় ষ্টক মাৰ্কেটত চেন্সেক্স ৭৫  হাজাৰ অতিক্ৰম…

ষ্টক মাৰ্কেট মুকলিঃ আজি ভাৰতীয় ষ্টক মাৰ্কেটে শক্তিশালী আৰম্ভণি কৰিছে আৰু বজাৰৰ শ্বেয়াৰ আজি ভাল উত্থানেৰে মুকলি হৈছে। বেংক নিফটিয়েও আকৰ্ষণীয় লাভৰ সৈতে মুকলি কৰিছে। নিফটিয়ে নতুন সৰ্বকালৰ উচ্চ স্তৰত উপনীত হৈছে আৰু ২২,৭৮৭.৭০ৰ নতুন উচ্চ স্তৰত উপনীত হৈছে। এন এছ ই নিফটি ২৩ হাজাৰৰ স্তৰৰ অতি ওচৰ চাপিছে আৰু আজি ইও নতুন ঐতিহাসিক শিখৰ স্পৰ্শ কৰিছে। ই ২২,৭৮৭.৭০ৰ নতুন অভিলেখ সৃষ্টি কৰিছে।

৪০৬.৭১ পইণ্ট বা ০.৫৫ শতাংশ বৃদ্ধিৰে ৭৫,০১৭ৰ স্তৰত মুকলি হয় বিএছই চেন্সেক্স। ইয়াৰ উপৰিও এন এছ ইৰ নিফটিয়ে ১১৮.১৫ পইণ্ট বা ০.৫২ শতাংশ বৃদ্ধিৰে ২২,৭৬৬ স্তৰত ব্যৱসায় মুকলি কৰিবলৈ সক্ষম হৈছে।

নিফটি শ্বেয়াৰৰ অৱস্থা

নিফ্টিয়ে নতুন অভিলেখ উচ্চ স্তৰ স্পৰ্শ কৰিছে আৰু ইয়াৰ শ্বেয়াৰত প্ৰচণ্ড বৃদ্ধিৰ সাক্ষী হৈছে। ইয়াৰ ৫০টা শ্বেয়াৰৰ ভিতৰত ৪২টা শ্বেয়াৰ বৃদ্ধিৰ সৈতে ব্যৱসায় কৰা হৈছে আৰু মাত্ৰ ৮টা শ্বেয়াৰহে পতনৰ সৈতে ব্যৱসায় কৰা হৈছে। বাজাজ ফাইনেন্সৰ শ্বেয়াৰ ৬ শতাংশতকৈ অধিক বৃদ্ধিৰ ব্যৱসায় চলি আছে আৰু আৰ বি আইৰ পৰা কোম্পানীটোক সকাহ পোৱাৰ খবৰ পোৱাৰ পিছত এই বৃদ্ধি দেখা গৈছে। খোলাৰ পিছৰে পৰা এই শ্বেয়াৰত ৪১০ টকাতকৈ অধিক বৃদ্ধি দেখা গৈছে। একেধৰণৰ বাজাজ ফিনচাৰ্ভেও প্ৰচণ্ড বৃদ্ধিৰ সৈতে ব্যৱসায় কৰি আছে আৰু সাড়ে চাৰি শতাংশতকৈ অধিক। বাকী থকা ষ্টকসমূহৰ ভিতৰত অ’এনজিচি, এনটিপিচি আৰু শ্ৰীৰাম ফাইনেন্সে শক্তি প্ৰদৰ্শন কৰিছে।

বিএছইৰ মাৰ্কেট কেপ অতিক্ৰম কৰিলে ৪১০ লাখ কোটি টকা

বিএছইৰ বজাৰ মূলধন ৪১০ লাখ কোটি টকা অতিক্ৰম কৰি ৪১০.৬২ লাখ কোটি টকা হৈছে। বিএছইত ৩০২০ টা শ্বেয়াৰৰ ব্যৱসায় চলি আছে, ইয়াৰে ১৯৯১ টা শ্বেয়াৰ বৃদ্ধিৰ লগে লগে সেউজীয়া ৰঙৰ ব্যৱসায় চলি আছে। ৮৯৭ টা শ্বেয়াৰত হ্ৰাস পোৱাৰ বিপৰীতে ১৩২ টা শ্বেয়াৰৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ ব্যৱসায় চলি আছে। ৫০টা ষ্টকে ৫২ সপ্তাহৰ উচ্চতম আৰু ৬টা ষ্টকে এবছৰৰ নিম্নতম স্তৰত আছে। ১১০ টা শ্বেয়াৰৰ ওপৰত আপাৰ চাৰ্কিটৰ বিপৰীতে তলৰ চাৰ্কিট ৩৬ টা শ্বেয়াৰৰ ওপৰত