Home Blog Page 914

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল গীতিকাৰ ৰণদ্বীপ বড়াৰ অসমীয়া গীত…

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল গীতিকাৰ ৰণদ্বীপ বড়াৰ অসমীয়া গীত। যোৱা ২৮ মাৰ্চৰ পৰা ১ এপ্রিললৈকে লুধিয়ানাস্থিত পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৩৭ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱ অনুষ্ঠিত হয়। এই মহোৎসৱত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দলটোৱে কেইবাটাও পুৰস্কাৰেৰে উজ্বলি উঠে। তাৰ ভিতৰত সমবেত সংগীতৰ দলটোৱে প্রতিযোগিতাখনিত অংশগ্ৰহণ কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। এই গীতটোৰ গীতিকাৰ হ’ল- লক্ষীমপুৰ আজাদস্থিত এল.টি.কে. মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° ৰণদ্বীপ বড়া।

গীতটোৰ সুৰ উদীয়মান সুৰকাৰ, কণ্ঠশিল্পী বিদ্যুৎ জ্যোতি মহনৰ। উল্লেখ্য যে, এই গীতটোরে অলপতে ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱ (নর্থ-ইষ্ট জ’ন) তো তৃতীয় স্থান লাভ কৰি ৰাষ্ট্ৰীয় প্রতিযোগিতাখনিৰ বাবে যোগ্যতা অর্জন কৰিছিল। সম্প্ৰতি অসমীয়া সংগীতৰ ক্ষেত্ৰখনত অতি সচেতন আৰু মননশীলভাৱে গীত চৰ্চা কৰা বড়াৰ ৰচিত ‘আকাশ’, ‘পৰাণমুখৰ আবেলি’, ‘নিস্তব্ধ উশাহ’, ‘সুণীয়া’, ‘ইতিবাচক’, ‘মোৰ গান’, ‘মায়াবী ৰাতি’ আদি গীতসমূহে শ্রোতা-দর্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। এইবাৰ বড়াৰ গীতে ৰাষ্ট্ৰীয় পৰ্যায়ত সম্মান বুটলিবলৈ সক্ষম হোৱাত সকলোৱে সন্তুষ্টি প্রকাশ কৰিছে। তদুপৰি এই খবৰে মহাবিদ্যালয়খনৰ লগতে জিলাখনলৈয়ো গৌৰৱ কঢ়িয়াই আনিছে। কাৰণ এই প্রতিযোগিতাত ভাৰতৰ ১১৮ খন বিশ্ববিদ্যালয়ে অংশগ্রহণ কৰিছিল।

কইনাৰ সাজত দেখিবলৈ পাব অভিনেত্ৰী কংগনা ৰানাৱতক! অভিনেত্ৰীগৰাকীৰ মাতৃয়ে ক’লে বিবাহৰ পৰিকল্পনাৰ বিষয়ে…

শেহতীয়াকৈ এক সাক্ষাৎকাৰৰ সময়ত অভিনেত্ৰী কংগনা ৰানাৱটৰ মাতৃয়ে কংগনাৰ বিবাহৰ পৰিকল্পনা প্ৰকাশ কৰে। কংগনাইও ক’লে যে তেওঁ ল’ৰাজনৰ সৈতে বেয়া হ’ব বিচাৰে। দীৰ্ঘদিন ধৰি অনুৰাগীয়ে অপেক্ষা কৰি আছিল বলীউডৰ একাংশ তাৰকাৰ বিবাহৰ বাবে। কংগনা ৰানাৱতৰ বিবাহ সন্দৰ্ভতো বিভিন্ন আপডেট ধাৰাবাহিকভাৱে শুনা যায়। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীৰ মাতৃয়ে এক সাক্ষাৎকাৰৰ সময়ত বিয়াৰ সম্পূৰ্ণ পৰিকল্পনাৰ কথা কয়। লগতে কংগনাই ল’ৰাটোক নিজৰ জীৱন সংগী হিচাপে কেনেদৰে দেখে সেই বিষয়েও শ্বেয়াৰ কৰে।

এক কথা-বতৰাত কংগনাৰ মাতৃয়ে ক’লে যে তেওঁ কংগনা বিয়াৰ বাবে পৰিকল্পনা কৰিছে। কংগনাৰ পেছা অনুসৰি ল’ৰাজনক বিচাৰি উলিয়াব বুলিও ক’লে। লগতে কয় যে কংগনাৰ বিয়া অতি সোনকালে আয়োজন কৰা হ’ব। কংগনাক বিয়াৰ পৰিকল্পনাৰ বিষয়েও সোধা হৈছিল। এই প্ৰশ্নৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ অতি সোনকালে নিজৰ পৰিয়াল প্ৰতিষ্ঠা কৰিব বিচাৰে।

কংগনা ৰানাৱটে সদায় মুকলিকৈ জীৱনটো কটাবলৈ ভাল পায় আৰু মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰে। তেওঁ স্পষ্টকৈ কৈছিল যে ল’ৰা এটা বাছি লোৱাৰ সময়ত তেওঁ প্ৰতিটো কথা মনত ৰাখিব। অভিনেত্ৰীগৰাকীয়ে কয় যে ল’ৰাজন ছবি জগতৰ একেবাৰেই নহ’ব। ইয়াৰ আঁৰৰ কাৰণ বুজাই কংগনাই কয় যে তেওঁৰ পৰিয়ালৰ জীৱনশৈলী সম্পূৰ্ণ বেলেগ হ’ব বুলিও ক’লে।

ৰাতি নে ৰাতিপুৱা? মুখ ধুবলৈ কেতিয়া ফেচ ৱাছ ব্যৱহাৰ কৰিব…

ছালৰ পৰা মলি সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰাত ফেচ ৱাছ অতি ফলপ্ৰসূ। কিন্তু ফেচ ৱাচ সঠিকভাৱে ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়। মুখৰ সৌন্দৰ্য্য বজাই ৰাখিবলৈ ফেচ ৱাছ কৰাটো অতি প্ৰয়োজনীয়। আমাৰ বেছিভাগেই মুখ ধুবলৈ দৈনিক ফেচ ৱাছ ব্যৱহাৰ কৰো। কিন্তু ফেচ ৱাশ্বৰ দ্বাৰা কেতিয়া আৰু কিমানবাৰ মুখ ধুব লাগে সেই বিষয়ে অতি কম সংখ্যক লোকেহে সচেতন।

ৰাতিপুৱা মুখ ধোৱাৰ উপকাৰীতা-

টোপনিৰ সময়ত ঘাম, ধূলি আৰু মৃত ছালৰ কোষ মুখত জমা হয়। এনে পৰিস্থিতিত ৰাতিপুৱা মুখ ধুলে এই সকলোবোৰ পৰিষ্কাৰ হৈ যায়। ইয়াৰ ফলত মুখখন সতেজ যেন লাগে।

ৰাতি মুখ ধোৱাৰ উপকাৰিতা-

দিনটোৰ ভিতৰত প্ৰদূষণ আৰু সূৰ্যৰ পোহৰৰ বাবে মুখত মলি জমা হয়। মেকআপ প্ৰয়োগ কৰিলেও ছালৰ ছিদ্ৰবোৰ বন্ধ হৈ যাব পাৰে। ৰাতি মুখ ধুলে এই সকলো মলি আঁতৰি যায় আৰু ছালখনে উশাহ ল’ব পাৰে।

কোনটো সময় আপোনাৰ বাবে উপযুক্ত-

আচলতে ফেচ ৱাছ দুয়োটা সময়তে উপকাৰী। সঠিক সময় আপোনাৰ ছালৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰে।

তেলীয়া ছাল থকা লোক-

তেলীয়া ছালৰ লোকে ৰাতিপুৱা আৰু ৰাতি মুখ ধুব লাগে। ইয়াৰ ফলত অতিৰিক্ত তেল আঁতৰি যাব আৰু মুখখন কম আঠাযুক্ত হৈ থাকিব।

যদি আপোনাৰ ছালখন শুকান হৈ থাকে তেন্তে দিনটোত এবাৰ মুখখন ধুব লাগে, ৰাতি শুৱাৰ আগত ধুব লাগে। ৰাতিপুৱা কেৱল পানীৰে মুখখন ধুব।

যদি আপোনাৰ ছালখন তেলীয়া আৰু শুকান সংমিশ্ৰণৰ হয়, তেন্তে আপুনি ৰাতিপুৱা লঘু ফেচ ৱাছ আৰু ৰাতি অলপ বেচি ফেচ ৱাশ্বৰ দ্বাৰা মুখখন ধুব পাৰে।

এইকেইটা কথা মনত ৰাখিব-

বেছিকৈ মুখ ধোৱাৰ ফলত ছাল শুকান হ’ব পাৰে।
ফেচ ৱাছ কৰাৰ পিছত সদায় মুখত মইশ্ব’ৰাইজাৰ লগাব লাগে।
আপোনাৰ ছালৰ বাবে উপযুক্ত ফেচ ৱাছ বাছি ল’ব।

কলিয়াবৰ ন্যায়িক আদালতত জোনমণি ৰাভাৰ মাতৃ…

কলিয়াবৰ ন্যায়িক আদালতত জোনমণি ৰাভাৰ মাতৃ। জখলাবন্ধা থানাত ৰুজু হোৱা গোচৰ সন্দৰ্ভত হাজিৰ আদালতত।

CBIৰ আৱেষ্টনীৰে আদালতত উপস্থিত সুমিত্ৰা ৰাভা। জখলাবন্ধা থানাত ৮৪/২৩, ৮৭/২৩ নম্বৰত ৰুজু হৈছিল গোচৰ।

সুমিত্ৰা ৰাভাই উঠাই ল’লে ৮৭/২৩ নম্বৰৰ গোচৰ।

কাজিৰঙাত এবছৰত সৰ্বাধিক সংখ্যক দৰ্শনাৰ্থীৰ সংখ্যাই গঢ়িছে সৰ্বকালৰ অভিলেখ…

কাজিৰঙাত দৰ্শনাৰ্থীৰ সংখ্যাই গঢ়িছে সৰ্বকালৰ অভিলেখ। এবছৰত সৰ্বাধিক সংখ্যক দৰ্শনাৰ্থীয়ে ভ্ৰমণ কৰিছে কাজিৰঙা।

২০২৩-২৪ত ৰাষ্ট্ৰীয় উদ্যানখনলৈ ৩,২৭,৪৯৩ পৰ্যটকৰ আগমন। ইয়াৰে ৩,১৩,৫৭৪ গৰাকী আছিল ভাৰতীয় পৰ্যটক।

বিপৰীতে ১৩,৯১৯ গৰাকী আছিল বিদেশী পৰ্যটক। এবছৰতে সংগ্ৰহ ৮,৮১,৮৪,১৬১ টকাৰ ৰাজহ।

‘বিশ্বৰ কোটিপতি’ তালিকাত ২৫ জন ভাৰতীয়ৰ নাম, তালিকাত নাম আছে মুকেশ, আদানীৰ…

বুধবাৰে ফৰ্বছে ২০২৪ চনৰ ‘বিশ্বৰ কোটিপতি’ তালিকা প্ৰকাশ কৰে। তালিকা অনুসৰি এইবাৰ ২৫ জন ভাৰতীয়ই এই তালিকাত আত্মপ্ৰকাশ কৰে। তদুপৰি, ৰষ্টাৰত এতিয়া ২০০ জন ভাৰতীয় ব্যক্তিৰ কথা গৌৰৱ কৰা হৈছে, যিটো যোৱা বছৰ গণনা কৰা ১৬৯ জন ব্যক্তিৰ তুলনাত যথেষ্ট বৃদ্ধি। সামূহিকভাৱে এই ভাৰতীয় কোটিপতিসকলে আকৰ্ষণীয়ভাৱে ৯৫৪ বিলিয়ন ডলাৰ সংগ্ৰহ কৰিছে, যিয়ে পূৰ্বৰ বছৰৰ মুঠ সম্পদ ৬৭৫ বিলিয়ন ডলাৰৰ তুলনাত ৪১% উল্লেখযোগ্য বৃদ্ধিৰ প্ৰতিফলন ঘটায়।

তালিকাভুক্ত ২০০ জন ভাৰতীয়ৰ ভিতৰত ২৫ জন ব্যক্তিয়ে অভিষেক ঘটায় আৰু বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ ৰষ্টাৰত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হয়। তালিকাভুক্ত ২০০ জন ভাৰতীয়ৰ ভিতৰত ২৫ জন ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ ৰষ্টাৰত প্ৰথম স্থান লাভ কৰে।

৪.৮ বিলিয়ন ডলাৰৰ সম্পত্তিৰ ৰেনুকা জগটিয়ানীয়ে ডুবাইত মুখ্য কাৰ্যালয় থকা বহুজাতিক গ্ৰাহক সংঘবদ্ধ সংস্থা লেণ্ডমাৰ্ক গ্ৰুপৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া দুয়োজনেই কাম কৰে।

মেডান্টা হাস্পতাল শৃংখলৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ নৰেশ ট্ৰেহানে ১.৪ বিলিয়ন ডলাৰৰ সম্পত্তিৰ গৌৰৱ কৰিছে।

১.৪ বিলিয়ন ডলাৰৰ সম্পত্তিও থকা অংকৰ কানোৱাৰে গাড়ী, ট্ৰাক, ফাৰ্ম বাহন, দুচকীয়া বাহনকে ধৰি বিভিন্ন বাহনৰ টায়াৰ নিৰ্মাণৰ বিশেষজ্ঞ কোম্পানী এপ’ল’ টায়াৰছৰ অধ্যক্ষৰ পদত অধিষ্ঠিত।

সমগ্ৰ মধ্যপ্ৰাচ্য, স্পেইন আৰু ছুইজাৰলেণ্ডৰ বিলাসী পাৰ্টি হোটেল আৰু ৰিজ’ৰ্টৰ বাবে পৰিচিত ডুবাইৰ ৰিয়েল এষ্টেট প্ৰতিষ্ঠান ফাইভ হোল্ডিংছৰ মালিক কবীৰ মুলচান্দনীৰ সম্পত্তিৰ পৰিমাণ ২ বিলিয়ন ডলাৰ।

তালিকাত নতুনকৈ অহা কেইগৰাকীৰ ভিতৰত অজয় জয় সিংহনী, অনিল গুপ্তা, ৰমেশ কুঁহিকান্নন, মহাবীৰ প্ৰসাদ তপৰীয়া, বিজয় আগৰৱালা, গিৰ্ধৰী জয়িংহানী, মোটিলাল ওছৱাল, কল্পনা পাৰেখ, ললিত খৈতন, নিখিল মাৰ্চেণ্ট, প্ৰদীপ ৰাথোদ, শিৱৰতন তাপৰীয়া, ইৰফান ৰাজাক, শশীষেখৰ পণ্ডিত, চুববম্মা জাস্তি, নোয়ামান ৰাজাক, ৰেজৱান ৰাজাক, শিৱৰতন আগৰৱাল, ৰমেশ জয়িংহানী, আল্পনা ডাংগী, আৰু নৰেশ জৈন।

ইফালে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ১১৬ বিলিয়ন ডলাৰৰ আচৰিত সম্পত্তিৰ গৌৰৱ কৰি ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে নিজৰ স্থান দৃঢ় কৰি তুলিলে। মন কৰিবলগীয়া যে তেওঁ ১০০ বিলিয়ন ডলাৰৰ সন্মানীয় ক্লাবটোত প্ৰৱেশ কৰা প্ৰথমজন এছিয়ান হিচাপে পৰিগণিত হয় আৰু সম্পদৰ ক্ষেত্ৰত বিশ্বজুৰি নৱম স্থান লাভ কৰে।

গৌতম আদানীয়ে ৮৪ বিলিয়ন ডলাৰৰ সম্পত্তিৰে ভাৰতীয় কোটিপতিৰ ভিতৰত দ্বিতীয় স্থান দখল কৰে। তৃতীয় স্থানত আছে শিৱ নাদৰ, যাৰ সম্পত্তিৰ পৰিমাণ আছিল ৩৬.৯ বিলিয়ন ডলাৰ।

সমাগত লোকসভা নিৰ্বাচন ! কংগ্ৰেছ নেতা গৌৰৱ বল্লভৰ পদত্যাগ…

নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত খহনীয়া অব্যাহত।

কংগ্ৰেছ নেতা গৌৰৱ বল্লভৰ পদত্যাগ। অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেলৈ লিখিলে পদত্যাগ পত্ৰ।

কংগ্ৰেছৰ মুখপাত্ৰ পদতো আছিল গৌৰৱ বল্লভ।

পুনৰ ২৪ লাখ টকাৰ জৰিমনা ঘোষণা ঋষভ পণ্টৰ বিৰুদ্ধে…

পুনৰ জৰিমনাৰ সন্মুখীন ঋষভ পণ্ট। DC vs KKR মেচত শ্ল’ অভাৰ ৰেটৰ বাবে ২৪ লাখ টকাৰ জৰিমনা ঘোষণা দিল্লী কেপিটেলছৰ স্কীপাৰ ঋষভ পণ্টৰ বিৰুদ্ধে।

ঋষভ পন্তৰ নেতৃত্বত দিল্লী কেপিটেলছৰ মুখামুখি হয় কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে বিধ্বংসী পৰাজয়, চলি থকা আই পি এল ছিজনৰ চাৰিখন খেলত তৃতীয়টো পৰাজয়। দলটোৰ এই নিৰাশাজনক প্ৰদৰ্শনৰ ফলত মেচখনৰ সময়ত লেহেমীয়াকৈ অতিৰিক্ত হাৰ বজাই ৰখাৰ বাবে বিচিচিআইয়ে যথেষ্ট জৰিমনা বিহিছিল, পণ্টক ব্যক্তিগতভাৱে ২৪ লাখ জৰিমনা বিহা হৈছিল আৰু আন খেলুৱৈসকলেও পেনাল্টিৰ সন্মুখীন হ’বলগীয়া হৈছিল।


শিশুৰ মগজু বিকাশৰ বাবে এই ৫টা বস্তু গাখীৰৰ লগত মিহলাই খুৱাওক…

সকলোৱে নিজৰ সন্তানৰ মগজু চোকা হোৱাটো বিচাৰে। শিশুৱে সদায় খাদ্যত কেৱল স্বাস্থ্যকৰ বস্তুহে গ্ৰহন কৰিব লাগে। সৰুৰে পৰাই শিশুৰ মন চোকা কৰাত গুৰুত্ব দিব লাগে। যদি তেওঁলোকৰ খাদ্যাভ্যাস সঠিক হয় তেন্তে আপোনাৰ সন্তান স্মাৰ্ট আৰু বুদ্ধিমান হ’ব। শিশুৰ মগজু চোকা কৰিবলৈ এই ৫টা বস্তু গাখীৰৰ লগত মিহলাই খোৱাব লাগে-

দৈনিক শিশুৰ খাদ্য তালিকাত গাখীৰ অন্তৰ্ভুক্ত কৰিব লাগিব। যদি আপুনি তেওঁলোকৰ খাদ্যাভ্যাস সঠিকভাৱে বজাই ৰাখে, তেন্তে আপোনাৰ সন্তানৰ মনটো অতি শান্ত আৰু চোকা হৈ পৰিব।শিশুসকলক প্ৰতিদিনে পুৱা গাখীৰৰ লগত মিহলাই ত্ৰিফলা গুড়ি দিব লাগে।

মৌৰ লগত গাখীৰ মিহলী কৰি খালে শৰীৰৰ বহু ৰোগ নিৰাময় হয় আৰু লগতে শৰীৰ শক্তিশালী কৰাত অতি সহায়ক বুলি প্ৰমাণিত হয়। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ এক অনন্য শক্তি আছে মৌৰ। লগতে পাচন শক্তি মজবুত কৰাত যথেষ্ট সহায় কৰে। দৈনিক খালে শৰীৰৰ বিষমুক্ত কৰাত সহায় কৰে।

শিশুসকলকো গাখীৰৰ লগতে আখৰোট খাবলৈ বাধ্য কৰাব লাগে। শিশুৱে দৈনিক গাখীৰ খাব লাগে, ই তেওঁলোকৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। আখৰোটত প্ৰচুৰ পৰিমাণে ওমেগা ৩ ফেটি এচিড থাকে, যি আপোনাৰ শৰীৰৰ বাবে অতি উপকাৰী।

যদি আপুনি নিতৌ শিশুক গাখীৰ খুৱাই, তেন্তে তাৰ লগতে খেজুৰ খুৱাব লাগে। খেজুৰ আপোনাৰ বাবে সৰ্বোত্তম বুলি গণ্য কৰা হয়। খেজুৰত প্ৰটিন, পটাছিয়াম, মেগনেছিয়াম, তাম আৰু আন বহুতো পুষ্টিকৰ উপাদান পোৱা যায়। শিশুৰ পাচনতন্ত্ৰ উন্নত কৰিবলৈও খাব লাগে।

শিশুৱে আলমণ্ড খাই বৰ ভাল পায় আৰু সন্তানক দৈনিক খোৱাব লাগে। শৰীৰৰ বাবে ই অতি উপকাৰী। আলমণ্ড গ্লাইচেমিক খাদ্য, যিটো শৰীৰ আৰু মনক শক্তিশালী কৰাৰ বাবে অতি প্ৰয়োজনীয়।


অচিনাকী যৌন ৰোগ সমূহৰ বিষয়ে জানক…

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয় কিয়নো যৌন ৰোগ বুলিলে জনসাধাৰানে সহজ প্ৰচলিত গনৰিয়া আৰু চিফিলিছ ৰোগৰ কথা শুনিছে আৰু কিছু পৰিমানে জানে।ইয়াৰ কাৰন হল (ক)বাকী যৌন ৰোগসমূহৰ সম্পৰ্কত স্বাস্থ্য বিষয়ক লেখাসমূহতো বৰকৈ প্ৰকাশ নহয়।(খ)পাশ্চাত্যৰ দেশসমুহৰ বাসিন্দাসকলৰ তুলনাত আমাৰ দেশৰ জনসাধাৰন মাজত ইয়াৰ ব্যাপকতা কম,(গ)সাধাৰন মনৰ পেথলজিকেল লেবৰটৰী সমুহতো এই সকলোবোৰ অচিনাকী যৌন ৰোগৰ বাবে লাগতিয়াল পৰীক্ষাসমূহ সহজ উপলদ্ধ নহয়।(ঘ)উপলদ্ধ হলেও পৰীক্ষাসমূহ ৰিপৰ্টত যথেষ্ঠ ফাঁক থাকি যায়।(ঙ)কোনো মহিলা উপৰ্যুপৰি দুই বা তাতোধিক গৰ্ভপাতৰ কাৰন নিৰ্দ্ধাৰনৰ কৰিবলৈ মহিলাগৰাকীক এনেধৰনৰ অচিনাকী যৌন ৰোগৰ বিশেষ পৰীক্ষাবোৰ কৰিবলৈ দিয়া পৰিলক্ষিত হয়।

লিমফগ্ৰেনুলোমা ভেনেৰাম:ছেলমাইডিয়া ট্ৰেকোমেইটিছ নামৰ এবিধ দুৰ্দান্ত আৰু আক্ৰমণাত্মক জীৱানুৰদ্বাৰা।এইবিধ যৌন ৰোগ হয়।বিয়পন কাল,(২-২১ দিন)ব্ৰ্ক্ষদেশ,ফিলিপাইন,কম্বোডিয়া,ভিয়েটমান,মালয়ছিয়া,দক্ষিন আমেৰিকা আদি দেশৰ সাগৰীয় বন্দৰবোৰত ঘুৰি-ফুৰা যৌন কৰ্মীৰ দেহত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি।এইবিধ বীজানুৱে পোনে পোনে যৌনাংগত সৰু সৰু ঘাঁৰ সৃষ্টি কৰে আৰু লিমফবাহী সিৰাবোৰ ভিতৰেদি চলি গৈ লিমফৰস চলাচলৰ পথত প্ৰ্তিবন্ধতাৰ সৃষ্টি কৰে।ইয়াৰ ফলত সমস্ত  ভালভা উখহি পৰে।এই জীৱানু মলদ্বাৰলৈকে বেয়ালৈ বিয়পি মলদ্বাৰৰ পথ পৰ্যন্ত অৱৰুদ্ধ হব পাৰে।

গ্ৰেনুলোমা-ই-ঈইনেলি ভেনেৰাম:ডন্ভেনিয়া গ্ৰেনুলমেটিছ নামৰ গ্ৰামনিগেটিভ বীজানু(Bacilus)দ্বাৰা সংক্ৰমন হয়।বিয়পন কাল(১০-১৪ দিন)।ই যৌনাঙ্গৰ ওপৰত ঘাৰঁ সৃষ্টি কৰে আৰু সহজে কোনো ধৰনৰ এন্টিবায়টিক ক্ৰিয়া কৰিব নোৱাৰে।অস্ত্ৰোপচাৰৰদ্বাৰা ইয়াক ছেদন কৰি এম্পিচিলিন বা টেট্ৰাচইক্লিন জাতীয় দৰৱৰে দুই-তিনি সপ্তাহ চিকিৎসা কৰিব লাগে।

চেংক্ৰয়ড:হেমফিলাচ ডুক্ৰেইলনামৰ এবিধ গ্ৰামনিগেটিভ জীৱানুদ্বাৰা এইবিধ যৌন ৰোগ স্ংক্ৰমন হয়।ইয়াৰ আন এটা নাম soft sore।সৰু সৰু বেদনাদায়ক ফোঁহাৰে এক সমষ্টি ধাৰন কৰি পিছলৈ সেইবোৰ ফাটিগৈ সুৰ্গন্ধময় পূজৰ সৃষ্টি কৰে।যৌনাঙ্গ,যোনিদ্বাৰ(Vagina)আৰু জৰায়ুৰ মুখত(Cervix)ই আক্ৰমন কৰে।কৰঙ্গনৰ চকুত থকা লিম্ফগ্লেণ্ডবোৰ আক্ৰমন কৰি তাত টেমুনা বা পূজ-পূজ(abscess)সৃষ্টি কৰিব পাৰে।

জেনিটেল হাৰ্পিছ: এইবিধ যৌন ৰোগ হাৰ্পিছ চিমপ্লেক্স নামৰ ভাইৰাছৰদ্বাৰা (HSV-I আৰু HSV-II)যৌন কৰ্মীৰপৰা সোঁচৰে(লক্ষন বিয়পন কাল ৭ দিন)পোনপ্ৰথমে ক্লাইটৰিছ বা লেবিয়াৰ ওপৰত ৰঙচুবা প্ৰহাদ সৃষ্টি কৰি পিছলৈ ঘাঁৰ সৃষ্টি কৰেগৈ।ঘাঁ ডোখৰে চোকোৰা বান্ধি লাহে লাহে তিনি চাৰি সপ্তাহৰ পিছত শুকাবলৈ ধৰে।এইবিধ যৌন ব্যাধিৰ মাৰাত্মক আৰু বিপদজনক ফলটো হল জৰায়ুৰ মুখত কৰ্কট ৰোগৰ আৰম্ভনি বা চাৰ্ভাইকেল ডিচপ্ৰেচিয়া কৰিব পাৰে,গৰ্ভৱতী মাতৃৰ গৰ্ভপাত আৰু অপৰিপক্ক সন্তানৰ প্ৰসৱ ঘটাৱ পাৰে।এই ৰোগত নৱজাতকৰ মৃত্যুৰ হাৰ খুব ৱেছি।গৰ্ভাৱস্থাৰ শেষৰ ফালে এই সংক্ৰমন ঘটিলে প্ৰসৱৰ সময়ত মাতৃৰ ইনফেকচন হব পাৰে।সন্তানৰ সৰ্বাঙ্গ দেহত পানী থকা ফোহোঁৰা কিছুমানৰ আৱিৰ্ভাৱ হয়।

কণ্ডাইলমা একিউমিনাটা:কণ্ডাইলমা শব্দৰ অৰ্থ হল গোটা মাংসপিণ্ড।বহি:যৌনাঙ্গৰ ওপৰৰ শুকান ছালৰ ওপৰত নতুবা যৌনাঙ্গৰ ভিতৰৰ মিউকাছ আৱৰনৰ ওপৰত থোপা থুপি আকৃতিৰ মখা বান্ধি সৃষ্টি হোৱা পিণ্ড বা Mass টোকে কণ্ডাইলমা একিউমিনাট্য ব Veneral wart বুলি কোৱা হয়।H.P.V বা হিউমেন পেপিলমা ভাইৰাছৰ type-6 আৰু ১১ ৰ দ্বাৰা স্ংক্ৰমন হলে এনে যৌন ৰোগ হয়।অবাঞ্ছিত যৌন মিলনৰ পৰাই ইয়াৰ সৃষ্টি।আক্ৰমনৰ স্থলসমূহ হল গুহ্যদ্বাৰ বহি:যৌনাঙ্গ ইত্যাদি।লাহে লাহে ই যৌনাঙ্গৰ ভিতৰ পথেৰে চাৰ্ভিক্স পৰ্যন্ত পাব পাৰে।আমাৰ দেশতকৈ পাশ্চাত্যৰ উন্নত দেশবোৰত বিশেষকৈ আমেৰিকাত ইয়াৰ প্ৰাৰ্দুভাৱ অত্যন্ত বেছি।যি দেশতেই নহকও আজি কালি সৰ্বত্ৰ এই যৌন ৰোগবিধৰ যথেষ্ঠ গুৰুত্ব দিয়া হয়।ইয়াৰ কাৰন হল কণ্ডাইলমা একিউমিনাটা নামৰ যৌন ৰোগৰ স্ংক্ৰমন কৰা এই একেবিধ হিউমেন পেপিলোমা ভাইৰাছৰ Type 16,18 আৰু ৩১ দ্বাৰা স্ংক্ৰমিত হলে ইয়েই জৰায়ুৰ চাৰ্ভিক্সত কৰ্কট কেন্সাৰ ৰোগ জন্মোৱাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ন ভূমিকা পালন কৰে।

ডা:দীনেশ শৰ্মা