Home Blog Page 995

অত্যাধিক ভজা খাদ্য খালে ৩২ ধৰণৰ ৰোগ হ’ব পাৰে! এই অধ্যয়নত প্ৰকাশ পাইছে এই তথ্য…

এক নতুন গৱেষণাৰ পৰা দেখা গৈছে যে আল্ট্ৰা প্ৰচেছড খাদ্যৰ সৈতে ৩২ প্ৰকাৰৰ স্বাস্থ্যজনিত সমস্যাৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। ইয়াৰ ভিতৰত হৃদৰোগ, কেন্সাৰ, টাইপ-২ ডায়েবেটিছ আদি গুৰুতৰ ৰোগ আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ আদি অন্যতম। এই গৱেষণা আজিলৈকে সৰ্বাধিক বিশদ অধ্যয়ন, য’ত বিশ্বৰ বিভিন্ন গৱেষণাৰ তথ্য অন্তৰ্ভুক্ত কৰা হৈছে। সমগ্ৰ বিশ্বতে আল্ট্ৰা প্ৰচেছড খাদ্যৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সময়ত এই গৱেষণাৰ ফলাফল পোহৰলৈ আহিছে। ইয়াৰ ভিতৰত টিনত ভৰোৱা খাদ্য, প্ৰটিন বাৰ, ৰেডি টু ইট খাদ্য, ফাষ্ট ফুড আদি অন্যতম।

ব্ৰিটেইন আৰু আমেৰিকাত মানুহৰ গড় খাদ্য এতিয়া আধাতকৈ অধিক আল্ট্ৰা প্ৰচেছড খাদ্যৰে গঠিত। একে সময়তে কিছুমান মানুহৰ বাবে (বিশেষকৈ যুৱক-যুৱতী, দৰিদ্ৰ বা বঞ্চিত অঞ্চলৰ লোক) তেওঁলোকৰ খাদ্যত ৮০% পৰ্যন্ত আল্ট্ৰা প্ৰচেছড খাদ্য অন্তৰ্ভুক্ত কৰা হয়।

এক গৱেষণাৰ ফলাফলত দেখা গৈছে যে আল্ট্ৰা প্ৰচেছড খাদ্যৰে সমৃদ্ধ খাদ্য স্বাস্থ্যৰ বহু দিশৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। গৱেষকসকলে কয় যে এই পৰ্যালোচনাত প্ৰায় এক কোটি লোকক অন্তৰ্ভুক্ত কৰা হৈছিল আৰু ইয়াৰ ফলাফলসমূহে এই কথা আঙুলিয়াই দিয়ে যে আল্ট্ৰা প্ৰচেছড খাদ্যৰ গ্ৰহণ হ্ৰাস কৰাৰ ব্যৱস্থাৰ প্ৰয়োজন।

আল্ট্ৰা-প্ৰচেছড খাদ্যৰ ভিতৰত পেকেটত ভৰোৱা বেকড গুডছ আৰু স্নেকছ, ফিজি ড্ৰিংকছ, চেনিযুক্ত শস্যজাতীয় খাদ্য আৰু ৰেডি টু ইট খাদ্য আদি অন্তৰ্ভুক্ত। বিভিন্ন ঔদ্যোগিক প্ৰক্ৰিয়াৰ মাজেৰে ৰখা হয় আৰু ইয়াত প্ৰায়ে ৰং, ইমালচাইজিং এজেণ্ট, সোৱাদ আৰু অন্যান্য যোগকৰণ পদাৰ্থ থাকে। এই সামগ্ৰীসমূহত সাধাৰণতে চেনি, চৰ্বি বা নিমখ বেছি থাকে যদিও ভিটামিন আৰু আঁহ কম।

ইংলেণ্ডৰ বিৰুদ্ধে ধৰ্মশালাত অনুষ্ঠিত হ’বলগীয়া পঞ্চম আৰু অন্তিম টেষ্টৰ বাবে ভাৰতৰ দল ঘোষণা বিচিচিআইৰ…

বৃহস্পতিবাৰে বিচিচিআইয়ে ঘোষণা কৰে যে ৭ মাৰ্চৰ পৰা ধৰ্মশালাত অনুষ্ঠিত হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম আৰু অন্তিমখন টেষ্ট মেচৰ বাবে টিম ইণ্ডিয়াৰ ১৬ জনীয়া দল। নিজৰ কামৰ বোজা পৰিচালনাৰ বাবে ৰাঁচীত চতুৰ্থখন টেষ্টৰ বাবে জিৰণি লোৱা এছ পেচাৰ জছপ্ৰীত বুমৰাহে ছিৰিজৰ ফাইনেলত অংশগ্ৰহণ কৰিব। অৱশ্যে ছিনিয়ৰ বেটছমেন কে এল ৰাহুলক যোৱা তিনিখন মেচতো বাহিৰত বহিবলগীয়া হোৱা কোৱাড্ৰিচেপছৰ আঘাতৰ পৰা সুস্থ হৈ উঠাৰ বাবে পঞ্চম টেষ্টৰ পৰা বাহিৰ হৈছে।

৫ম টেষ্টৰ বাবে ভাৰতৰ আপডেট কৰা দল : ৰোহিত শৰ্মা (চি), যশপ্ৰীত বুমৰা (ভিচি), যশস্বী জয়ছৱাল, শুবমান গিল, ৰজত পাটিদাৰ, সৰফৰাজ খান, ধ্ৰুৱ জুৰেল (ডব্লিউ কে), কে এছ ভাৰত (ডব্লিউ কে), দেৱদত্ত পদিকল, আৰ অশ্বিন, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, মুকেশ কুমাৰ, আকাশ দীপ।


জিলা প্ৰশাসনৰ অভিযানত সাময়িক ভাৱে বন্ধ কৰিলে দন্দুৱাৰ এলিছ কিষাণ সেৱা কেন্দ্র নামৰ পেট্ৰ’ল পাম্প…

মৰিগাঁও জিলাৰ দন্দুৱাত থকা এলিছ কিষাণ সেৱা কেন্দ্ৰ নামৰ পেট্ৰ’ল পাম্পত আজি জিলা প্ৰশাসনে আকস্মিকভাৱে অভিযান চলায়।

অতিৰিক্ত জিলা আয়ুক্ত প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত যোৱা দলটোৱে চলোৱা এই অভিযানত পেট্ৰ’ল পাম্পটোত গ্ৰাহকক হিচাপ অনুসৰি পেট্ৰ’ল যোগান নধৰা বুলি পোহৰলৈ আহে।

জিলা প্ৰশাসনে সাময়িকভাৱে পেট্ৰ’ল পাম্পটো বন্ধ কৰি দিছে।

নিতাইপুখুৰীৰ হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয় একত্ৰিকৰণৰ বিৰুদ্ধে সৰৱ আছু

শাসনাধিষ্ঠিত বিজেপি-মিত্ৰজোঁট চৰকাৰে অসমৰ সত্তৰখন মহাবিদ্যালয় বন্ধ কৰি একত্ৰিকৰণ কৰিব খোজা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে৷ আনহাতে উল্লেখিত কলেজসমূহৰ ভিতৰত শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ ঐতিহ্যমণ্ডিত নিতাইপুখুৰী হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ নামটো সোমাই থকাত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী, দল-সংগঠন আৰু সচেতন নাগৰিকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

ইফালে নিতাইপানীদিহিং আঞ্চলিক ছাত্ৰ সন্থাই বুধবাৰে সংবাদ মাধ্যমলৈ প্ৰেছ বিবৃতি প্ৰেৰণ কৰি মহাবিদ্যালয় একত্ৰিকৰণৰ তীব্ৰ বিৰোধিতা কৰিছে৷ বিবৃতিত উল্লেখ কৰা অনুসৰি অঞ্চলৰ একমাত্ৰ (কলা শাখা) উচ্চ শিক্ষানুষ্ঠান হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয় অন্য মহাবিদ্যালয়ৰ লগত একত্ৰিকৰণ কৰা হ’ব বুলি শেহতীয়াকৈ প্ৰকাশ পোৱা এটি তথ্য নিতাইপানীদিহিং আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছে৷ যি সময়ত নিতাইপানীদিহিং আঞ্চলিক ছাত্ৰ সন্থাই মহাবিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিবৰ বাবে দাবী জনাই আহিছে তেনে সময়তে মহাবিদ্যালয়খন বন্ধ কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তত আছুৱে আশ্চৰ্য প্ৰকাশ কৰে৷

বিবৃতিত লগতে উল্লেখ কৰা অনুসৰি নিতাইপানীদিহিং অঞ্চল শিৱসাগৰ জিলাৰ সীমামূৰীয়া দুগম অঞ্চল৷ মহাবাহু ব্ৰহ্মপুত্ৰ আৰু দিহিং নদীৰ নিচেই কাষতে লাগি থকা লাইবিল, লাচনগাঁও, মিৰিপথাৰ, দিহিংকলঘৰ, তেতেলীগুৰি, ধাইবাৰী, শিঙিয়নী, ককিলামাৰী আদিকে ধৰি বহু অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে বানপানী আৰু যাতায়তৰ অসুবিধাৰ বাবে উচ্চশিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ আহিছে৷

এই দুৰ্গম অঞ্চলৰ যি সকল ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে তেওঁলোকৰো চৰকাৰে উচ্চ শিক্ষা গ্ৰহণৰ দুৱাৰ বন্ধ কৰিব বিচাৰিছে৷ নিতাইপানীদিহিং অঞ্চলৰ উঠি অহা ছাত্ৰ-ছাত্ৰীসকলৰ সপোনবোৰ কলিতে মৰহাব বিচাৰিছে৷

নিতাইপানীদিহিং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ স্বাক্ষৰিত বিবৃতিৰ জৰিয়তে অঞ্চলৰ একমাত্ৰ শিক্ষানুষ্ঠান হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয় একত্ৰিকৰণৰ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনায়৷ অন্যথা এই বিষয়ক লৈ কোনো কাৰণতে আপোচ কৰা ন’হব বুলি স্থিতি স্পষ্ট কৰি দিয়ে৷

লাহৰিঘাটৰ ঔতলাবড়ীত সংঘটিত হৈছে অমানৱীয় ঘটনা!

লাহৰীঘাটৰ ঔতলাবড়ীত সংঘটিত হৈছে এক জঘন্য ঘটনা, ৰাস্তাৰে খোজকাঢ়ি যোৱাৰ বাবেই স্বামী-স্ত্ৰীৰ ওপৰত ভয়ংকৰ দলবদ্ধ আক্ৰমণ। ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। ঘটনাস্থলীত উপস্থিত আৰক্ষী দল। চেপা উত্তেজনা অব্যাহত। মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ঔতলাবড়ীত গাঁৱত সংঘটিত হয় এক জঘন্য বৰ্বৰ, অমানৱীয় ঘটনা। ৰাস্তাৰে খোজকাঢ়ি যোৱাক লৈ স্বামী-স্ত্ৰীৰ ওপৰত দলবদ্ধ আক্ৰমণ। বদৰ উদ্দিন, মমেদা খাতুনৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত ফজিলা খাতুন,তছলীমা খাতুন,আৰু জহিৰুল ইছলাম।

উল্লেখ্য যে লোক কেইজনৰ হাত-ভৰি বান্ধি চকুত জলকীয়াৰ গুৰিহানি বাটামেৰে মৰিয়াই,মৰিয়াই এই বৰ্বৰ অত্যাচাৰ চলাই। দীৰ্ঘদিন ধৰি এই পৰিয়ালটোৱে গাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰি ৰাইজৰ ওপৰত শাৰীৰিক মানসিক হাৰাশাস্তি চলাই অহাৰ অভিযোগ স্থানীয় ৰাইজৰ। ঘটনাস্থলীত লাহৰীঘাট আৰক্ষীৰ দুখনকৈ গাড়ী উপস্থিত হৈ গুৰুতৰভাৱে আহত লোক কেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে। ঘটনাটোৰে জড়িত দুগৰাকী মহিলাক আটক কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ সঠিক তদন্তত হে ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব!

বেডমিণ্টন খেলুৱৈ মাথিয়াছ বোৰৰ সৈতে বিৱাহপাশত আবদ্ধ হ’বলৈ সাজু অভিনেত্ৰী তাপসী পান্নু…

ডেনমাৰ্কৰ বেডমিণ্টন খেলুৱৈ মাথিয়াছ বোৰ সৈতে মাৰ্চ মাহত বিৱাহপাশত আবদ্ধ হ’বলৈ সাজু অভিনেত্ৰী তাপসী পান্নু। উদয়পুৰত অনুষ্ঠিত হ’ব বিৱাহৰ সকলো অনুষ্ঠান।

দীৰ্ঘদিনীয়া প্ৰেমিক বেডমিণ্টন খেলুৱৈ মাথিয়াছ বোৰৰ সৈতে বিয়াৰ খবৰ পাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বলীউডৰ অভিনেত্ৰী তাপসী পান্নুৱে। মঙলবাৰে কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ডাংকিৰ অভিনেত্ৰীগৰাকীয়ে ২০২৪ চনৰ মাৰ্চ মাহত উদয়পুৰত মাথিয়াছৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ সাজু হৈছে। অৱশ্যে তেওঁলোকৰ বিয়াৰ তাৰিখ এতিয়াও প্ৰকাশ কৰা হোৱা নাই।

অভিনেত্ৰাগৰাকীৰ বয়স ৩৬ বছৰ, মাথিয়াছৰ বয়স ৪৩ বছৰ। ডেনমাৰ্কৰ এজন সুপৰিচিত বেডমিণ্টন খেলুৱৈ। কেইবাটাও খিতাপ জয় কৰাৰ পিছত ২০২০ চনত এই ক্ৰীড়াৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।বৰ্তমান তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় বেডমিণ্টন দলৰ পুৰুষৰ ডাবলছ প্ৰশিক্ষক।

কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত কৃষি প্রশিক্ষণ শিবিৰ…

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ উদ্যোগত অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য উদ্যান শস্যৰ কৰ্ম অভিজ্ঞতা কাৰ্যক্ৰম – ২০২৪ (RHWEP – 24) অনুসৰি উদ্যান বিজ্ঞান আৰু কৃষি পদ্ধতি গৱেষণা মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে ২৮ ফেব্ৰুৱাৰীত কামৰূপ জিলাৰ হাজোৰ সমীপৰ ৩ নং কুলহাটী প্ৰথামিক বিদ্যালয়ত এক কৃষি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় । ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত শিবিৰত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ উদ্যান শস্য বিশেষজ্ঞা ডঃ দৰদী প্ৰিয়ম দুৱৰা, ভূমি বিজ্ঞান বিশেষজ্ঞ ডঃ ঋতুপৰ্ণ শইকীয়া আৰু কম্পিউটাৰ বিশেষজ্ঞ ৰাহুল ভৰদ্বাজ আৰু বিদ্যালখনৰ প্ৰধান শিক্ষক প্ৰমোদ চন্দ্ৰ মালাকাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

শিবিৰত বিদ্যালয়ৰ চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত গ্ৰাম্য উদ্যান শস্যৰ কৰ্ম অভিজ্ঞতা কাৰ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰী সকলে এক কৃষি বিজ্ঞান বিষয়ক এক কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰে। শিবিৰত বিষয়বস্তু বিশেষজ্ঞ ডঃ ঋতুপৰ্ণ শইকীয়াই কৃষিভিত্তিক ড্ৰ’নৰ প্রযুক্তি পদ্ধতি প্ৰদৰ্শন কৰে। শিবিৰত মহকুমা কৃষি বিষয়া গিৰীন্দ্ৰনাথ শৰ্মা, কৃষি বিষয়া জাকিৰ হুচেইন ,কৃষি বিজ্ঞান কেন্দ্রৰ পথাৰ শস্য বিশেষজ্ঞা ৰিজু হেলিমকে ধৰি কেবাজনো বিশেষজ্ঞ আৰুগ্ৰাম্য উদ্যান শস্যৰ কৰ্ম অভিজ্ঞতা কাৰ্যক্ৰমৰ ছাত্র ছাত্রীৰ উপস্থিতিত কনা দিয়া গাৱঁৰ খেতিয়কসকলৰ মাজত ৱেবকাস্টিং কাৰ্যসূচী সম্পন্ন কৰা হয়।

খিলঞ্জীয়াৰ মুখত প্ৰাপ্তিৰ হাঁহি, ডিগবৈৰ ৪৮৭১ গৰাকী লোকক ভূমি পট্টা প্ৰদান মন্ত্ৰী বিমল বড়াৰ…

সুদীৰ্ঘ অপেক্ষাৰ অন্তত গাঁও সমূহত বসতি কৰি থকা খিলঞ্জীয়া ভূমিপুত্ৰ সকলে আজি ভূমিৰ মালিকীস্বত্ব লাভ কৰিলে। জনতাৰ সুখ আৰু সুৰক্ষা আমাৰ বাবে আশীৰ্বাদস্বৰূপ। এই আশিসে চৰকাৰক জনসাধাৰণৰ বাবে অধিক নিষ্ঠাৰে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে। বসুন্ধৰা ০২ জৰিয়তে জনসাধাৰণক সাতটি বিশেষ সেৱা আগবঢ়োৱা হৈছে৷ খাছ আৰু চিলিং উদ্বৃত্ত মাটিৰ বন্দোবস্তি,অধিগৃহীত লোকক বন্দোবস্তি ,বিশেষ কৃষকক বন্দোবস্ত, জনজাতীয় সম্প্ৰদায়ৰ লোক সকলক বংশানুক্রমিক ভূমিৰ বন্দোবস্তি,মূল একচনীয়া পট্টা থকা সকলৰ পৰা একচনীয়া পট্টা পৰিবৰ্তিত ভূমিৰ বন্দোবস্তি,পি জি আৰ /ভিজিআৰ ভূমি বন্দোবস্তি নিয়মীয়া কৰণ,ভূমি ৰাজহ অন লাইন যোগে প্ৰদান। ইয়াৰ লগতে বসুন্ধৰা পৰ্টেলৰ জৰিয়তে উত্তৰাধিকাৰ সূত্ৰে মাটিৰ নামজাৰি, চুক্তি পঞ্জীয়ণৰ পাছতে মাটিৰ নামজাৰি, বিবাদ নথকা মাটিৰ বিভাজন, এনুৱেল পট্টাক পিৰিয়ডিক পট্টালৈ পৰিবৰ্তন এবিঘাৰ তলৰ কৃষি ভূমিক অকৃষিভূমিলৈ পুনৰ শ্ৰেণীবদ্ধ কৰণ, পিৰিয়ডিক পট্টাৰ প্ৰমাণপত্ৰৰ অনুমোদন, লিগেচি ডাটা উন্নীতকৰণ, মোবাইল নম্বৰৰ উন্নীতকৰণ আদি ভূমি সম্পর্কীয় সুবিধা প্ৰদান কৰা হৈছে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ অসমতে আনুষ্ঠানিক ভাৱে ভূমি পট্টা প্ৰদান কৰি থকা হৈছে আজি মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে তিনিচুকীয়া জিলাৰ ডিগবৈ সমষ্টিৰ ৪৮৭১ গৰাকী লোকক ভূমি পট্টা প্ৰদান কৰে মন্ত্ৰী বিমল বড়াই। উক্ত অনুষ্ঠানত সন্মানীয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী, মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক সুৰেন ফুকন,বলিন চেতিয়া, জিলা আয়ুক্ত স্বপনীল পাল ,ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলা সভাপতি কুশকান্ত বড়াকে প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান (নগৰীয়া)ৰ ৰূপায়ণ সন্দৰ্ভত জিলা প্ৰশাসন আৰু পৌৰ নিকায়ৰ প্ৰতিনিধিৰে মন্ত্ৰী অশোক সিংহলৰ ভাৰ্চুৱেল বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্রী অশোক সিংহলে বৃহস্পতিবাৰে ভিডিঅ কনফেৰিন্সঙৰ জৰিয়তে গুৱাহাটী পৌৰ নিগমকে ধৰি ৰাজ্যৰ আটাইবোৰ পৌৰ নিকায়ৰ প্ৰতিনিধি তথা জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান (নগৰীয়া)ৰ ৰূপায়ণ সন্দৰ্ভত এক ভাৰ্চুৱেল বৈঠকত মিলিত হয়।

মন্ত্রী সিংহলে এই অভিযানৰ নীতি-নির্দেশনা সম্পর্কে সংশ্লিষ্ট বিষয়ববীয়াসকলক অৱগত কৰোৱাৰ লগতে যাৱতীয় নির্দেশনা প্রদান কৰে। উল্লেখযোগ্য যে এই অভিযানৰ অধীনত নগৰাঞ্চলৰ মহিলা উদ্যোগীসকলক সহায় কৰিবলৈ অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গোটৰ যোগ্য সদস্যসকলক ঔদ্যোগিকৰণ পুঁজি হিচাপে প্রথম পর্যায়ত ১০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।

তেওঁলোকে ৩ বছৰৰ ভিতৰত চৰকাৰে নিৰ্ধাৰণ কৰা ব্যৱসায় আগবঢ়াই নিয়াৰ বাবে বিশেষ চৰ্ত সাপেক্ষে তিনিটা পর্যায়ত বিত্তীয় সাহায্য লাভ কৰিব৷ প্রথম বছৰত মহিলাগৰাকীয়ে ১০ হাজাৰ টকাকৈ লাভ কৰিব। আনহাতে, দ্বিতীয় আৰু তৃতীয় বছৰত ১২ হাজাৰ ৫০০ টকাকৈ প্ৰদান কৰা হ’ব। দ্বিতীয় বছৰৰ ধনৰাশি বেংকে প্ৰদান কৰিব আৰু হিতাধিকাৰীয়ে এই ধন ঘূৰাই দিব লাগিব। হিতাধিকাৰীসকলৰ মাজত অহা ৩, ৪ আৰু ৫ মাৰ্চত সংশ্লিষ্ট পৌৰ নিকায়সমূহে এই অভিযানৰ প্ৰ-পত্ৰ বিতৰণ কৰাৰ পাছত ৯, ১০ আৰু ১১ মাৰ্চত এই প্ৰ-পত্ৰ সংগ্ৰহ কৰিব।

এই ভাৰ্চুৱেল বৈঠকত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আৰু আয়ুক্তকে ধৰি ৰাজ্যৰ আটাইবোৰ পৌৰসভাৰ পৌৰপতি, কাৰ্যবাহী বিষয়াসকল, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়ববীয়াসকল, অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ ৰাজ্যিক অভিযান সঞ্চালক পঞ্চমী চৌধুৰীৰ লগতে জিলা পৰ্যায়ৰ বিষয়ববীয়াসকল তথা বহুকেইগৰাকী স্থানীয় বিধায়কে অংশগ্ৰহণ কৰে।

পৰ্যটকৰ বাবে ভাল খবৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মুকলি হ’ল “ওৰাং ইকো কেম্প”…

নাহৰৰ পদুলী অতিক্ৰম কৰাৰ লগে লগেই বনৰীয়া জীৱ-জন্তু আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান। উদ্যান খনৰ প্ৰতি টো গছ-গছনী বনৰীয়া জীৱ-জন্তু, চৰাই-চিৰিকতিয়ে যেন হাত বাওল দি মাতিছে পৰ্যটক সকলক। তেনে ক্ষেত্ৰত পৰ্যটক সকলকৰ বহু দিনৰ এক সমস্যা সমাধান হ’ল। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মুকলি হ’ল ওৰাং ইকো কেম্প।মংগলদৈ বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰী বিষয়া প্ৰদীপ্ত বৰুৱা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলিক বিষয়া দিব্যজ্যোতি দেউৰীৰ উপস্থিতিত ৰঙা ফিটা কাটি দ্বাৰ মুকলি আৰু শুভ উদ্বোধন কৰা হ’ল ওৰাং ইকো কেম্পৰ।পৰ্যটকৰ মন আকৰ্ষণ কৰিব পৰাকৈ বৰ আটকধুনীয়াকৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সভাগৃহৰ কাহত বনোৱা হৈছে ওৰাং ইকো কেম্প ।যত আছে নৈশ যাপন,খোৱা-লোৱাৰ পৰা আৰম্ভ কৰি আছে বিভিন্ন প্ৰকাৰৰ সুবিধা। ওৰাং ইকো কেম্পত আছে অত্যাধুনিক ছয় খন তাম্বো টৈণ্ড।প্ৰতিখন টেণ্ডত আছে অত্যাধুনিক আচবাব,দুখন বিছনা,শৌচাগাৰ, আৰু স্নানাগাৰ।ওৰাং ইকো কেম্পৰ দায়িত্বত থকা কমল সৈন্যসী পৰা জানিব পৰা গৈছে যে পৰ্যটক সকলে ওৰাং ইকো কেম্পত নৈশ যাপনৰ বাবে মাচুল হিচাপে দিব লাগিব ১৫০০/টকা যত
ৰাতিপুৱাৰ আহাৰ সংলগ্ন থাকিব। ইয়াৰ বাহিৰে পৰ্যটক সকলে নিজৰ ইচ্ছা অনুসৰি আহাৰৰ যোগান ধৰা হ’ব মাত্ৰ দিব লাগিব মাচুল।

শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে ওৰাং ৰাষ্ট্ৰীয় উদ্যান বহু বনকৰ্মী,স্থানীয় মান্য গন্য ব্যক্তি,শিলবৰীৰ বহু উদীয়মান যুৱক। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মংগলদৈ বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰী বিষয়া প্ৰদীপ্ত বৰুৱাই মন্তব্য কৰে যে ওৰাং ইকো কেম্পে পৰ্যটক সকলৰ বহু দিনৰ সমস্যা এটা সমাধান কৰিছে যাৰ ফলস্বৰুপে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সংখ্যা বৃদ্ধি হ’ব।