সশস্ত্ৰ সীমা বল (SSB), সোণাপুৰ চৌহদত লাইফ ইন্স্যুৰেন্স কোম্পানী লিমিটেডৰ PARAM গুৱাহাটী শাখাই কৰ্পোৰেট সামাজিক দায়বদ্ধতা (CSR) কাৰ্যসূচীৰ অংশ হিচাপে জোৱানসকলৰ কল্যাণৰ উদ্দেশ্যে এটা ৱাটাৰ কুলাৰ প্ৰদান কৰে।

এই ৱাটাৰ কুলাৰটোৰ শুভ উদ্বোধন কৰে প্ৰথম বাহিনী, SSB, সোণাপুৰৰ কমাণ্ডেণ্ট শ্ৰী সুনীল কৌশিকে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ প্ৰামেরিকা লাইফ ইন্স্যুৰেন্সৰ PARAM গুৱাহাটী শাখাৰ প্ৰতিনিধিসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে, তীব্ৰ গৰমৰ সময়ত মন্দিৰ চৌহদত স্থাপন কৰা এই ৱাটাৰ কুলাৰে ডিউটি সম্পূৰ্ণ কৰাৰ পিছত জোৱানসকলক যথেষ্ট সকাহ প্ৰদান কৰিব। লগতে তেওঁ কয় যে, এই পদক্ষেপে সশস্ত্ৰ সীমা বল আৰু কৰ্পোৰেট খণ্ডৰ মাজত সহযোগিতা আৰু সু-সম্পৰ্ক অধিক শক্তিশালী কৰিব।
ইন্স্যুৰেন্স, PARAM গুৱাহাটী শাখাৰ শাখা প্ৰবন্ধক শান্তিময় বেনাৰ্জীয়ে কয় যে, দেশৰ সেৱাত নিয়োজিত জোৱানসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ বাবে কোম্পানী সদায় প্ৰতিশ্ৰুতিবদ্ধ। ভৱিষ্যতেও জোৱানসকলৰ কল্যাণমূলক বিভিন্ন কাৰ্যসূচীত কোম্পানীয়ে সহযোগিতা অব্যাহত ৰাখিব বুলিও তেওঁ উল্লেখ কৰে।
উক্ত অনুষ্ঠানত প্ৰথম বাহিনীৰ বিষয়া, অধীনস্থ বিষয়া, জোৱানসকলৰ উপৰি প্ৰামেরিকা লাইফ ইন্স্যুৰেন্স, PARAM গুৱাহাটী শাখাৰ নাজিমুল হক (SPM) আৰু জ্ঞানশ্ৰী দাস (Senior OP) উপস্থিত থাকে।

