পিতৃ মাতৃ স্বদেশী, পুত্ৰ বিদেশী!

কামৰূপ জিলাৰ বকো সমষ্টিৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত বদলা পথাৰ গাৱৰ এটা পৰিয়াললৈ বিদেশী ন্যায়াধীকৰণৰ এটা ৰায়দানে নমাই আনিছে ঘোৰ অমানিশা। জানিব পৰা মতে বদলা পথাৰ গাওঁৰ ৪৭ বছৰীয়া সমেজ আলী নামৰ লোক জনক যোৱা  ৫ জানুৱাৰীত বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰি প্ৰেৰণ কৰে গোৱালপাৰা জিটেনশ্বন কেম্পলৈ। উক্ত ঘটনাই বৃহত্তৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। পৰিয়ালৰ মতে সমেজ আলী এজন বৈধ ভাৰতীয় নাগৰিক, সকলো বৈধ নথি পত্ৰ থকা স্বত্বেও অন্যায় ভাৱে সমেজ আলীক বিদেশী সজোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজ তথা ভোক্তভোগী পৰিয়ালৰ লোকে। সমেজ আলীৰ পত্নীয়ে প্ৰকাশ কৰা মতে বদলা পথাৰ গাৱৰ হাচেন আলীৰ পুত্ৰ  সমেজ আলী (৪৭) বিগত ২০০৪ চনত গুৱাহাটীত দিন হাজিৰা কাম কৰিবলৈ গৈছিল তাতে সীমান্ত আৰক্ষীয়ে তেওঁক সোধপোচৰ বাবে  নাম ঠিকনা লিখি লৈছিল।

ইমানতে সকলো ঠিকেই আছিল, পিছত ২০১৫ চনত তেওঁৰ নামত বিদেশী বুলি গোচৰ পঞ্জীয়ন হৈছিল আৰু সেই গোচৰৰ ভিত্তিত ৫ জানুৱাৰী তাৰিখে উপস্থিত হৈছিল বিদেশী ন্যায়াধীকৰণ আদালতত। তাতেই তেওঁক বিদেশী ঘোষণা কৰি বিদেশী ন্যায়াধীকৰণে প্ৰেৰণ কৰে ডিটেনশ্বন কেম্পলৈ। এতিয়া সচেতন ৰাইজৰ মাজত প্ৰশ্ন উদ্ৰেক হৈছে  পিতৃৰ ১৯৫১ চনৰ এন আৰ চি ১৯৬৬ চনৰে পৰা ভোটাৰ তালিকাত  নাম সন্নিবিষ্ট হৈ থকাৰ বিপৰীতে সমেজ আলীয়েও  ১৯৯৭ চনৰে পৰা সাব্যস্ত কৰি আছে ভোটদান। ইয়াৰ ওপৰিও তেওঁৰ আছে ভোটাৰ কাৰ্ড, পেন কাৰ্ড আধাৰ কাৰ্ড আদি বিভিন্ন বৈধ প্ৰমাণ পত্ৰ। তেনে অৱস্থাত কিহৰ ভিত্তিত বিদেশী ন্যায়াধীকৰণে বিদেশী সজাই তেওঁক ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ কৰিলে তাকলৈ ৰাইজে শুকুৰবাৰে  সাৱস্ত্য কৰে উত্তাল প্ৰতিবাদ। বিনাচৰ্তে সমেজ আলীক মুক্তিৰ দাবী জনায় ৰাইজ তথা পৰিয়ালৰ লোকে।

Related Articles