Breaking

চাকৰিৰ বিজ্ঞাপনক লৈ ‘অইল’ক পৰেশ বৰুৱাৰ সকীয়নি

0 2,057

ৰাজ্যৰ সকলো যোগ্য প্রার্থীৰ বাবে মুকলি কৰক নিযুক্তি প্রক্রিয়া

তৈল প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ নিযুক্তি প্রক্রিয়া ৰাজ্যৰ থলগিৰি সকলো প্রার্থীৰ বাবে মুকলি ৰাখিবলৈ সকীয়াই দিছে আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই৷ শেহতীয়াকৈ অইলে প্রকাশ কৰা নিযুক্তিৰ বিজ্ঞাপনক লৈ প্রতিক্রিয়া প্রকাশ কৰি সেনাধ্যক্ষ বৰুৱাই কয় যে অসমৰ প্রাকৃতিক সম্পদসমূহৰ প্রকৃত অধিকাৰী অসমৰ থলগিৰি জনসাধাৰণ৷ সেয়েহে এই সম্পদসমূহৰ ওপৰত গঢ় লৈ উঠা উদ্যোগ প্রতিষ্ঠানসমূহৰ চাকৰিৰ লগতে অন্যান্য সা–সুবিধাসমূহ উপভোগ কৰিবলৈ পোৱাটো প্রতিজন থলগিৰিৰ অধিকাৰ৷ উল্লেখ্য যে শেহতীয়াকৈ অইল ইণ্ডিয়া লিমিটেডে প্রকাশ কৰা এক নিযুক্তি বিজ্ঞাপন অনুসৰি অসমৰ চাৰি জিলা ক্রমে তিনিচুকীয়া, ডিব্রুগড়, চৰাইদেউ, শিৱসাগৰ আৰু অৰুণাচল প্রদেশৰ চাংলাং জিলাৰ প্রার্থীৰ পৰাহে আবেদন বিচাৰিছে৷

অইলৰ এই কার্যত ক্ষুণ্ণ হৈ পৰা আলফা (স্বাধীন)–এ এক বিবৃতিত নিজৰ প্রতিক্রিয়া প্রকাশ কৰি কয়– ‘উক্ত চাৰি জিলা আৰু অৰুণাচল প্রদেশৰ চাংলাং জিলাৰ প্রার্থীসকলৰ বাবেহে চাকৰি মকৰলৰ জাননী জাৰি কৰি বাকী জিলাৰ যোগ্য প্রার্থীসকলক এই সুবিধাৰ পৰা বঞ্চিত কৰা আমাৰ দৃষ্টিগোচৰ হৈছে৷ অইল ইণ্ডিয়া লিমিটেডৰ এনে পক্ষপাতমূলক কার্যৰ বিৰোধিতা কৰিছোঁ৷ অইল ইণ্ডিয়া লিমিটেডে চাকৰি মকৰলৰ ক্ষেত্রত কেৱল এই চাৰি জিলাৰ প্রার্থীক সুবিধা প্রদান কৰাৰ পৰিৱর্তে আর্থিক দৈন্যৰ প্রতি লক্ষ্য ৰাখি সমগ্র অসমৰ থলুৱা যোগ্য প্রার্থী উপকৃত হ’ব পৰাকৈ ব্যৱস্থা গ্রহণ কৰক৷’
আলফাৰ দাবী আশ্চর্যজনকঃ মৰাণ ছাত্র সন্থা
অইল ইণ্ডিয়া লিমিটেডে শেহতীয়াকৈ প্রকাশ কৰা কানিষ্ঠ সহায়ক পদৰ বিজ্ঞাপনৰ ক্ষেত্রত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ বক্তব্য সন্দর্ভত সদৌ মৰাণ ছাত্র সন্থাই প্রতিক্রিয়া প্রকাশ কৰিছে৷ সদৌ মৰাণ ছাত্র সন্থাৰ সভাপতি নৱ মৰাণ আৰু সাধাৰণ সম্পাদক মুনীন দুৱৰাই এক প্রেছ বিজ্ঞপ্তিৰ জৰিয়তে প্রতিক্রিয়া প্রকাশ কৰি কয় যে অইল ইণ্ডিয়া লিমিটেডৰ অপাৰেচন এলেকা হিচাপে বর্তমান তিনিচুকীয়া, ডিব্রুগড়, শিৱসাগৰ, চৰাইদেউ জিলাৰ লগতে অৰুণাচল প্রদেশৰ চাংলাং জিলাত খনন, উৎপাদন আৰু পৰিবহণ কার্য চলাই আহিছে৷ তেনেস্থলত অইল ইণ্ডিয়াৰ যিমানবোৰ নিযুক্তি দিয়া হয়, সেয়া কেৱল অইল অপাৰেচন অঞ্চলৰ পৰাই নিযুক্তি প্রদান কৰিব লাগে৷

সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ তৰফৰ পৰা নিযুক্তিৰ ক্ষেত্রত অসমৰ সকলো থলুৱাক সমভাৱে বিবেচনা কৰিবৰ বাবে যি দাবী উত্থাপন কৰিছে, সেয়া সদৌ মৰাণ ছাত্র সন্থাই আশ্চর্যজনক বুলি মত প্রকাশ কৰিছে৷ অসমৰ সকলো খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ সমমর্যাদা আৰু সমবিকাশৰ মতাদর্শৰে পৰিচালিত সদৌ মৰাণ ছাত্র সন্থাই গোষ্ঠীগত সংকীর্ণতা নেওচি আগুৱাই গৈছে৷ তৎসত্ত্বেও আলফা (স্বাধীন)ৰ এনে আহ্বান বাস্তৱসন্মত নহয়৷ অইল ইণ্ডিয়া লিমিটেডৰ অইল তৈলক্ষেত্র স্থাপনৰ ফলত হাজাৰ হাজাৰ কৃষিভূমি চিৰদিনৰ বাবে হেৰুৱাই পেলোৱা, চিৰকাল প্রদূষণৰ কবলত পতিত হোৱা ৰাইজৰ সমবেদনা বাহিৰত থাকি কোনোৱে উপলব্ধি কৰিব নোৱাৰে৷

মৰাণ অধ্যুষিত বাৰেকুৰি, বাঘজান, মামৰণি, লাংকাছি, শুকানি, হেবেদা আদি অঞ্চলৰ কৃষিজীৱী ৰাইজ কেনেদৰে অইলৰ দ্বাৰাই সর্বস্বান্ত হ’ল, সেই কথা স্বচক্ষুৰে নেদেখা মানুহে বুজি পাব নোৱাৰে৷ সমান্তৰালভাৱে ডিব্রুগড়, শিৱসাগৰ, চৰাইদেউ, অৰুণাচলৰ চাংলাং জিলা আদিসমূহৰ ভূমিপুত্রসকলৰ তৈলক্ষেত্র সম্প্রসাৰণৰ ফলত ধ্বংসমুখী সমাজ জীৱন কটাব লগা হৈছে৷ তৎসত্ত্বেও অইল কর্তৃপক্ষই এই বৃহৎ জনগণৰ প্রতি নিযুক্তিৰ দিশতেই নহয়, সামাজিক দায়বদ্ধতাৰ অধীনত কৰিবলগীয়া উন্নয়নমূলক কর্মক্ষেত্রতো প্রতাৰণা কৰি আহিছে৷ গতিকে এনে প্রতাৰণা ওৰ পৰিব লাগিব বুলি সদৌ মৰাণ ছাত্র সন্থাই ব্যক্ত কৰিছে৷ তৈলক্ষেত্রসমূহৰ ফলত ক্ষতিগ্রস্ত হোৱা ৰাইজৰ সকলো ক্ষেত্রতে আলফা (স্বাধীন)–এ মাত মতা উচিত বুলি সদৌ মৰাণ ছাত্র সন্থাই বিবেচনা কৰে৷ গতিকে অইল অধ্যুষিত অঞ্চলৰ ক্ষতিগ্রস্ত হোৱা যোগ্যতাসম্পন্ন প্রার্থীসকলক নিযুক্তি প্রদানৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ খালী হৈ থকা সকলো পদ শীঘ্রে পূৰণ কৰিবলৈ অইল ইণ্ডিয়াক সদৌ মৰাণ ছাত্র সন্থাই দাবী জনাইছে৷

Leave A Reply