Breaking

Mega beauty pageant সুন্দৰী প্ৰতিযোগিতাত টেঙাখাত দেউঘৰীয়াৰ পৰী গগৈৰ প্ৰথম ৰানাৰ্ছআপ খিতাপ অৰ্জন

0 665

সম্প্ৰতি টেঙাখাতৰ যুৱ প্ৰজন্মই আধুনিক যুগৰ লগতো খোজত খোজ মিলাই শিক্ষা , সাহিত্য – সংস্কৃতি , আৰু ক্ৰীড়া ক্ষেত্ৰৰ লগতে ফেশ্বন – মডেলিং আদি ক্ষেত্ৰ খনৰ প্ৰতিও আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে৷ যিহেতু ইয়াৰ যোগেদি সমাজৰ বহুজনে ইতিমধ্যে নিজৰ জীৱন আৰু জীৱিকাৰ পথ সুগম কৰি তুলিবলৈ সক্ষম হৈছে৷ এই উদ্দেশ্যে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰত এতিয়া মডেলিং তথা ফেশ্বনৰ ওপৰত বিভিন্ন ধৰনৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি যুৱক যুৱতী সকলৰ মাজত ইয়াক অধিক জনপ্ৰিয় কৰি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷সেই অনুসৰি শনিবাৰে ডিব্ৰুগড়ৰ সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱা প্ৰেক্ষাগৃহত কাঞ্চনজংঙ্ঘা নৰ্থ ইষ্ট্‌ ২০২২ ৰ সৌজন্যত Mega beauty pageant সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷

এই প্ৰতিযোগিতাৰ Teenager শাখাত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰৰ যথেষ্ট সংখ্যক প্ৰতিযোগিৰ লগতে টেঙাখাত দেওঘৰীয়া গাঁৱৰ তথা টেঙাখাত দিহিংভলী হাইস্কুলৰ ছাত্ৰী পৰী গগৈয়েও অংশগ্ৰহণ কৰে৷যথেষ্ট প্ৰতিদ্বন্দিতামূলক এই প্ৰতিযোগিতাৰ অন্তত এই চিজনৰ প্ৰথম ৰানাৰ্চআপ হিচাপে বিবেচিত হয় পৰী গগৈ৷

এই প্ৰতিযোগিতাৰ Teenager শাখাত পৰী গগৈয়ে প্ৰথম ৰানাৰ্চ আপ হিচাপে খিতাপ অৰ্জন কৰি টেঙাখাত অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ পিছত তেওঁৰ এই যাত্ৰাৰ সম্পৰ্কে সংৱাদ মাধ্যমৰ আগত এইদৰে কয় ৷

উল্লেখনীয় যে তেওঁ এই খিতাপ অৰ্জন কৰাৰ সমান্তৰালভাৱে উক্ত প্ৰতিযোগিতাত Best costume ৰ সন্মান লাভ কৰি স্ব প্ৰতিভাৰ পৰিচয় দাঙি ধৰে ৷টেঙাখাত দেওঘৰীয়া গাঁৱৰ দৰে এক গ্ৰাম্য প্ৰধান অঞ্চলৰ সংৱাদকৰ্মী ৰুপম গগৈ আৰু বৰ্নালী গগৈৰ কন্যা পৰী গগৈয়ে এই প্ৰতিযোগিতাত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত টেঙাখাতৰ বহু যুৱক – যুৱতীৰ লগতে সচেতন ৰাইজ উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে ৷

Leave A Reply