Breaking

মাৰ্ঘেৰিটা সমষ্টিৰ কানাইপথাৰৰ মূল পথৰ মাজৰ কিছু অংশ পুখুৰী সদৃশ অৱস্থা। নিৰ্মাণৰ দাবী সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ

0 1,270

ৰাজ্যত ক’ৰোনা মহামাৰীৰ আতংকৰ মাজতে অসম চৰকাৰৰ ৰাজহুৱা খণ্ডৰ কাম বিভিন্ন প্ৰান্তত সম্পন্ন হৈ থকা দৃষ্টিগোচৰ হৈছে। ইয়াৰ মাজতে ক’ৰোনা মহামাৰীৰ অজুহাতত বহু ৰাজহুৱা কাম বন্ধ হৈ থকা দৃষ্টিগোচৰ হয়। ই বৰ্তমান সমাজৰ বাাবে এক ডাঙৰ সমস্যা আৰু ৰহস্যৰ বিষয়।দেশৰ পৰিবৰ্তনৰ কথা কোৱা বিজেপি চৰকাৰৰ কথা চালনিত পানী ৰাখি থোৱা লৈ পৰিণত হৈছে অসমবাসী ৰাইজৰ মাজত কাৰণ ইটোৰ পাছত সিটো সমস্যাই গা কৰি উঠিছে ৰাজ্যত, আজি ৰাস্তাৰ সমস্যা, কালি দলঙৰ সমস্যা চৌদিশে মাথোঁ সমস্যাই সমস্যা। এই ক্ষেত্ৰত দেখা যায় যে চৰকাৰৰ কোনো গুৰুত্ব নাই যি মন যায় ইচ্ছা শক্তিৰে কৰি গৈছে। সমস্যাবোৰ সেইদৰে ৰাইজে উপস্থাপন কৰি গৈছে কিন্তু, সমস্যাৰ সমাধান মাত্ৰ সপোন,কাহিনী আৰু সংবাদ হৈ টেলিভিছন, বাতৰি-কাকত আদিত প্ৰকাশ পাইছে। ইয়াৰ ভিতৰত তিনিচুকীয়া জিলাৰ ১২৪নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অৰ্থাৎ বিধায়ক ভাস্কৰ শৰ্মাৰ সমষ্টিৰ একেই অবস্থা। মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অৰ্থাৎ বিধায়ক ভাস্কৰ শৰ্মাৰ সমষ্টিৰ বুঢ়ীদিহিং মৌজাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তবৰ্তী এলেকা কানাইপথাৰ আৰু কুজুপথাৰ সংযোগীৰ মূল পথৰ প্ৰায় এক কিলোমিটাৰৰ এটা অংশ নিৰ্মাণ নকৰাৰ বাবে বৰ্তমানেও জৰাজীৰ্ণ হৈ আছে। এই জৰাজীৰ্ণ হৈ থকা এটা অংশই স্হানীয় ৰাইজৰ লগতে কানাইপথাৰ অনঞ্চলৰ গাতে গা লগি থকা কলিয়াজান,কৰিয়াজান,তৰিবাৰী আদিৰ দৰে আৰু বহু কেইটা অঞ্চলকে যাতায়তৰ ক্ষেত্ৰত এখন বস্তু নিয়া বাহনৰ পৰিবৰ্তে এখন খালি বাহন চলাই নিয়াত জলা কলা খোৱাইছে । বুঢ়িদিহিং মৌজা আঞ্চলিক সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ উপদেষ্টা জান্টু সোনোৱাল আৰু সভাপতি শৈলেন সোনোৱালৰ লগতে স্থানীয় একাংশ ৰাইজৰ অভিযোগৰ অনুসৰি বাৰম্বাৰ নিৰ্মাণ কৰিবলৈ জনোৱাৰ পাজত বিধায়ক ভাস্কৰ শৰ্মাই নিৰ্বাচনৰ আগত পদুমফুলৰ পতাকা উৰুয়াই পৰিবৰ্তনৰ শ্লোগান গাই ভোট বিচাৰি অহাৰ সময়তে এই পথটোৰ নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতি দিছিল। সেইমতে ৰাইজে সহাঁৰি পাই নিৰ্বাচনত জয়যুক্ত কৰিলে। কিন্তু পথৰ সেই অংশটো নিৰ্মাণ হোৱা দুৰৰ কথা নিৰ্বাচনত জয়ী হোৱা দিনৰে পৰা বৰ্তমান সময়তো বিধায়কক দেখি পাবলৈ আৰু গাৰ গোন্ধ পাবলৈও নাইকীয়া হল। বিগত পাঁচ বছৰ অতিক্ৰম কৰি পুনৰ নতুনকৈ দায়িত্ব ভাৰ গ্ৰহণ কৰিছে বিধায়ক ভাস্কৰ শৰ্মাই।গতিকে সামান্য প্ৰায় এক কিলোমিটাৰৰ এটা মূল পথৰ অংশ নিৰ্মাণ নকৰাত ৰাইজে আচৰিত হৈ ক্ষোভ প্ৰকাশ কৰিছে । ৰাইজৰ আসনত বহি ৰাইজৰ সেৱা কৰাত ইমান অসমৰ্থ কিয় বিধায়ক ভাস্কৰ শৰ্মাই । সেইয়েহে আজি বুঢ়ীদিহিং মৌজা আনঞ্চলিক সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পেঙেৰী বৰডুমচা আঞ্চলিক সমিতি আৰু অন্যান্য দ’ল সংগঠন, স্হানীয় সচেতনবাসী ৰাইজে এই পথটো শ্ৰিঘ্ৰেই নিৰ্মাণ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছে লগতে এই কথাও স্পষ্ট কৰিছে যে যদিহে এই পথটো শ্ৰিঘ্ৰেই নিৰ্মাণ নকৰে ইয়াৰ বিৰুদ্ধে যিকোনো গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব।

Leave A Reply