Breaking

নতুন ৰাজহ চক্ৰ বিষয়াক পাথৰিঘাটৰ দল সংগঠনৰ আদৰণি

0 1,559

পশ্চিম দৰঙৰ  পাথৰিঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হিচাপে দৰদী দেৱ ৰয়ে সোমবাৰে   কৰ্তব্যত  যোগদান কৰে। যোগদানৰ দিনটোতেই পাথৰিঘাট ৰাজহ চক্ৰ কাৰ্যালয় টোৰ  মণ্ডল  কৰ্মচাৰী সকলে বিষয়া গৰাকীৰ লগত  চা চিনাকি  হোৱাৰ উপৰিও    বিষয়া গৰাকীক  মণ্ডল কৰ্মচাৰী   সকলে  জাতীয় জীৱনৰ  চানেকি ফুলাম গামোচাৰে আদৰণি জনায় । 
 ইয়াৰ উপৰিও  বিষয়া গৰাকীক   মঙলবাৰে  বৃহত্তৰ  পথৰুঘাট অঞ্চলৰ  কেবাটাও দল সংগঠনে  পাথৰিঘাটলৈ স্বাগতম জনায়। বিষয়া গৰাকী নতুনকৈ আহি কৰ্তব্যত যোগদান কৰি যাতে কাম কৰাৰ উৎসাহ পায় সেই  উদ্দেশ্য  পথৰুঘাট  শাখা সাহিত্য সভাৰ সভাপতি  মানিক চন্দ্ৰ ডেকা, উপ সভাপতি  তথা  পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয়া  শিক্ষক চাহাবুদ্দিন আহমেদ  কেওট উন্নয়ন পৰিষদৰ সদস্য পবিত্ৰ প্ৰান ডেকা, ,  সামাজিক অনুষ্ঠান দ্বীগজ ঐক্য মঞ্চ, পথৰুঘাটৰ  সভাপতি কণ আলি হাজৰিকা,মঞ্চৰ  সাংগঠনিক সম্পাদক চতীশ ডেকা  সদস্য প্ৰাঞ্জল  শইকীয়া, প্ৰচাৰ সম্পাদক জিতুমণি ভূঞা, আৰু  পথৰুঘাট কৃষক শ্বহীদ পৰিয়াল  মিলন সংঘৰ  সমাপাদক হাৰুনাৰ ৰচিদ সহ যৌথ প্ৰতিনিধি দল এটাই  বিষয়া গৰাকী ক ফুলাম  গামোছা  গ্ৰন্থৰ টোপোলাৰে  আদৰণি জনায়  । প্ৰতিনিধি দলটোৱে  পাথৰিঘাট অঞ্চলৰ  সামাজিক ক্ষেত্ৰখনৰ উন্নয়ন ৰ কাৰণে  অনাগত দিন বোৰত  বিষয়া গৰাকীক  সহায় কৰি যাব  বুলি মত  ব্যক্ত   কৰে  চক্ৰ বিষয়া দৰদী  দেব ৰয়ে  ইতিহাস প্ৰসিদ্ধ পথৰুঘাটত কৰ্মৰত হৈ শ্বহীদ ৰ সমাধিত স্ব চকুৰে দেখিবলৈ পাই গৌৰাম্বিত  বুলি  ব্যক্ত কৰে । তেওঁৰ কাৰ্য কালৰ সময়চোৱাত  সকলো সচেতন ৰাইজৰ পৰা  সহায় সহযোগিতা কামনা কৰে  ।
মঃইন্দাদুল হক, ছিপাঝাৰ।

Leave A Reply