Breaking

মৰিগাঁও কনকলতা প্ৰাথমিক বিদ্যালয়ত মুকলি কৰা হল PCV কেন্দ্ৰ ।

0 523

মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ উদ্যোগত মৰিগাঁও কনকলতা প্ৰাথমিক বিদ্যালয়ত মুকলি কৰা হল PCV কেন্দ্ৰ । জন্মৰ ডেৰ মাহৰ পৰা ন মাহলৈ সকলো শিশুকে আজিৰে পৰা প্ৰদান কৰা হব এই ভেকচিন । বিশেষকৈ জন্মৰ পিছতে শিশু সকলৰ নিমুনিয়া ৰোগত আক্ৰান্ত হৈ বহু শিশু মৃত্যু মুখত পৰে । আৰু সেই ৰোগৰ পৰা যাতে শিশু সকলক ৰক্ষা কৰিব পাৰি তাৰবাবে আজি সমগ্ৰ অসমতে এই টিকাকৰণ ব্যৱস্থা কৰা হৈছে । মৰিগাঁওত আজি টিকাকৰণ কেন্দ্ৰ আনুষ্ঠানিক ভাৱে মুকলি কৰে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে । উপস্থিত থাকে জিলা উপায়ুক্ত সীমাৰেখা ভূঞা , মৰিগাঁও স্বাস্থ্য বিভাগৰ বিষয়াসকল ।

Leave A Reply