Breaking

সুস্থ আৰু এক সুন্দৰ মানসিক স্বাস্থ্যৰ প্ৰথম আৰু একমাত্ৰ উপাদানেই হৈছে মানসিক শান্তি : ৰিপণ জামান…

0 27

মানসিক শান্তিৰ ( mental peace)
ৰিপণ জামান
সুস্থ আৰু এক সুন্দৰ মানসিক স্বাস্থ্যৰ প্ৰথম আৰু একমাত্ৰ উপাদানেই হৈছে মানসিক শান্তি৷মানসিক শান্তিৰ অৱিহনে যিকোনো মুহূৰ্তত মানুহ এজনৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আৰু জীৱনলৈ বিপৰ্যয় নামি আহিব পাৰে৷আপোনাৰ মনটোত যেতিয়া মানসিক শান্তি থাকিব তেতিয়াহে আপোনাৰ মনটো শান্ত থাকিব৷সুস্থ ভাবেই সকলো চিন্তা কৰিব পাৰিব,সঠিক সিদ্ধান্ত লব পাৰিব৷ আপুনি নিজকে সুস্থ আৰু সতেজ অনুভৱ কৰিব আৰু এক যোগাত্মক চিন্তা চৰ্চাৰ মাজেৰে জীৱনটোক আগুৱাই নিবলৈ সক্ষম হব,আপোনাৰ ইপ্সিত লক্ষ্যত উপনীত হোৱাত আপোনাৰ সহজ হব৷ আৰু যদিহে আপোনাৰ এই মানসিক শান্তিৰ অভাৱ ঘটে মনটো আপোনাৰ অশান্ত হৈ পৰিব,অশান্ত মনটোক টেনছন আৰু stress এ হেচা মাৰি ধৰিব৷ জানেইতো stress মানেই ডায়েবেটিছ,হাই প্ৰেছাৰ,
বিভিন্ন ধৰণৰ হাৰ্টৰ সমস্যা আদিৰ আগমন হোৱাৰ সম্ভাৱনা আৰু ইয়াৰ এটায়ো যদি আপোনাক পায় তেনেহলে আপোনাৰ জীয়াই থকাৰ শেষ আনন্দ কনো কাঢ়ি নিব৷ আৰু এটা কথা ৪০ ৰ উৰ্দ্ধৰ মানুহ খিনিয়ে গাধৰ দৰে সংসাৰৰ বোজা পিঠিতলৈ তেওঁলোকে

ঘোঁৰাৰ দৰে দৌৰি ফুৰিবলগীয়া হৈছে ফলত তেওঁলোকৰ ওপৰত এই stressটো অত্যন্ত বেছিকৈ পৰে৷ গতিকে তেওঁলোকে মাজে সময়ে কেতিয়াবা এই বোজা পিঠিৰ পৰা নমাই মুক্ত বিহংগৰ দৰে ক’ৰবাত অকণমান জিৰণিৰ মাজেৰে হলেও মনটোক এই stress ৰ পৰা মুক্ত কৰাটো খুবেই প্ৰয়োজন৷ তাৰো পৰি anxiety আৰু depression তো আছেই৷মানসিক শান্তিৰ অভাৱত যিকোনো মুহূৰ্তত আপোনাৰ এই anxiety হব পাৰে বা যদি কিবাকৈ depressionৰ কবলত পৰে আপোনাৰ মানসিক স্বাস্থ্যৰ দ্ৰুত অৱনতি হোৱাটা খাটাং৷ তেতিয়া কিন্ত জীৱনটোতেই হৈ যাব পাৰে খেলিমেলি৷ গতিকে মানসিক শান্তিৰ ওপৰত আমি সকলোৱে গুৰুত্ব আৰোপ কৰাটো অতি প্ৰয়োজন আৰু ইায়ক পাবলৈও যৎপৰোনাস্তি চেষ্টা আমি কৰিব লাগে যিহেতু এটা সুস্থ আৰু সুন্দৰ জীৱন আামৰ সকলোৰে কাম্য আৰু মানসিক অৱিহনে তেনে জীৱন লাভ কৰাটো অসম্ভৱ ৷গতিকে বুজিলেই নহয় মানসিক শান্তিৰ আমাক কিমান প্ৰযোজন৷ এই শান্তি কিন্ত বিভিন্ন জনে বিভিন্ন ধৰণে বিভিন্ন ঠাইত পাব পাৰে৷ য’তেই নাপাওক কিয় আপুনি কিন্ত ইয়াক পাবলৈ কৰাৰ চেষ্টা কৰিবই লাগিব৷ মানসিক শান্তিৰ উৎস সকলোৰে ক্ষেত্ৰত ভিন ভিন হলেও এটা ক্ষেত্ৰত কিন্ত সকলোৰে প্ৰায় একেই হয় সেইটো হ’ল নিস্বাৰ্থ ভাবে যদি আপুনি কিবা এটা ভাল কাম কৰিব পাৰে বা কাৰোবাক নিঃস্বাৰ্থ ভাবে সহায় কৰিব পাৰে তেতিয়া চাব আপুনি মনটোতে আপুনি কব নোৱাৰাকৈয়ে এক বুজাব নোৱাৰা শান্তি অনুভৱ কৰিব৷ ঠিক যিটো শান্তি মইও পাইছিলোঁ আজি কেইদিনমান আগতে৷ আচলতে সামাজিক মাধ্যমত তেওঁলোকৰ কাৰ্যসূচী দেখি কৌতূহল বশতঃ যোৱা বছৰ গৈছিলোঁ তালৈ স্ব চক্ষুৰে চাবলৈ৷আৰু সেইযে এক আকৰ্ষণ হ’ল সেই আকৰ্ষণে এইবছৰো দুবাৰমান তালৈ টানি নিছিল৷ গুৱাহাটী ভঙাগড় মেডিকেল কলেজৰ সন্মুখত ৰাজপথত ৰেইনড্ৰ’প নামৰ সংগঠন এটাৰ কেইজনমান উচ্চ শিক্ষিত যুৱকে ওৰেটো নিশা উজাগৰে থাকি মহৰ কামোৰ খাই যোৱাটো ৰমজান মাহত ছেহেৰি বা ৰাতিৰ সাজ আহাৰ সম্পূৰ্ণ বিনামূলীয়াকৈ বিতৰণ কৰাৰ কাৰ্যসূচী হাতত লৈছিল৷নিতৌ ৫০০/৬০০ মানুহৰ মাজত এই আহাৰ বিতৰণ হৈছিল৷ দীঘলীয়া শাৰি পাতি ৰাতি এটা বজাৰ পৰাই মানুহে অপেক্ষা কৰিছিল নীৰৱে৷মন কৰিছিলোঁ এটা কথা লাইনত থিয় হৈ থকা পায়জামা পাঞ্জাৱী পিন্ধা দীঘল দাড়িৰে সৈতে মূৰত টুপি থকা মানুজনে কাকো সোধা নাছিল এই ভাত আঞ্জা কোনে বনাইছে বা শিৰত সেন্দূৰ লৈ ভাতসাঁজৰ বাবে ৰৈ থকা মানুহ গৰাকীয়েও বিলনীয়া সকলৰ জাতপাত ধৰ্মৰ কথা জানিব বিচৰা নাছিল৷ সকলোৱে মাথো নীৰৱে আহাৰ গ্ৰহণ কৰিছিল আৰু তৃপ্তিৰ হাঁহি এটা মাৰি তাৰ পৰা আতৰি গৈছিল৷ হয়তো খাই বৈ উঠাৰ পাছত তেওঁলোকৰ অজানিতে কৰ্মকৰ্তা সকলৰ প্ৰতি আশীৰ্বাদ এটা মনৰ পৰা ওলাই আহিছিল৷ সচা কথা কবলৈ হলে তাত বনাইছিল হিন্দুৱে বিলাইছিল মুছলমানে আৰু খাইছিল এজাক মানুহে তাত হিন্দু নাছিল মুছলমানো নাছিল৷তাত আছিল মেডিকেল কলেজৰ ৰোগী সকলৰ লগত থকা তেওঁলোকৰ আত্মীয় স্বজন,পদ পথৰ বাসীন্দা সকল,ৰাতিৰ গাড়ীচালক সকল,বিভিন্ন ধৰণৰ সুৰক্ষা কৰ্মী সকল ইত্যাদি৷

সচাই ভোকে কোনো জাতপাত ধৰ্মৰ বিচাৰ নকৰে,ভোকে মাথো বিচাৰে এমুঠ অন্ন৷সেই অন্নই এই সকল যুৱকে ইমান কষ্টৰ মাজেৰে যে বিতৰণ কৰিছে ইয়াতেই তেওঁলোকৰ মহানুভৱতাৰ পৰিচয় পোৱা যায়৷ কোনোধৰণৰ পুলিচ কৰ্মচাৰীৰ সহায় নোলোৱাকৈ শ শ মানুহৰ মাজত ইমান সুন্দৰকৈ কোনোধৰণৰ বিশৃংখলতাৰ সৃষ্টি নোহোৱাকৈ, অতি শান্তিপূৰ্ণ ভাবে এই কাৰ্যসূচী যে প্ৰতিদিনে কেনেকৈ যে সমাপ্ত হৈছিল,ভাবিলেই আচৰিত লাগে৷হয়তো সকলোৱে মিলিজুলি এনেকৈয়ে নীৰৱে একসুৰে গাইছিল মানৱতাৰ গীত,বিলাই দিছিল চৌদিশে সম্প্ৰীতিৰ বাণী৷ সেইবাবেই এয়া সম্ভৱ হৈ উঠিছিল৷এক অপুৰ্ব দৃশ্য, ভাল লগা দৃশ্য যাক নেদেখিলে অনুভৱ কৰিব নোৱাৰি৷ সমাজখনে, দেশখনে আজি ইয়াকেইতো বিচাৰে৷এনেকুৱা এটা পৰিৱেশত কাৰ বাৰু মনটো ভাল নালাগিব? ইয়াৰ আকৰ্ষণতেই দুৰ দুৰণিৰ পৰা জাতি ধৰ্ম নিৰ্বিশেষে বহুতেই আহি ইয়াৰ অংশীদাৰ হয় আৰু সহযোগ কৰি মানসিক তৃপ্তি লাভ কৰে৷ মইও তাকেই বিচাৰি তালৈ গৈছিলোঁ আৰু তাত মই যিকন সহযোগ কৰিছিলোঁ নিঃসন্দেহে সেয়া ৰামে সীতাক উদ্ধাৰ কৰিবলৈ সাগৰত সেতু বনোৱা সময়ত কেৰ্কেটুৱাই কৰা সাহায়তকৈও নগণ্য আছিল৷ কিন্ত এই নগণ্য সহযোগৰ বিনিময়ত যি শান্তি পালো সেয়া কিন্ত আজিও অমূল্য হৈ থাকিল৷ইয়াৰ বাবে নিঃসন্দেহে ৰেইনড্ৰ’পৰ কৰ্মকৰ্তা সকল ধন্যবাদৰ পাত্ৰ৷ কথা হ’ল সফলতাৰ পিছে পিছে দৌৰি থাকক কোনো কথা নাই কিয়নো সফলতাৰ উচ্চ শিখৰত যাবলৈ সকলোৱে চেষ্টা কৰে আৰু কৰাটো স্বাভাৱিক৷ কিন্ত তাকে কৰিবলৈ যাওঁতে সোৱেঁ বাওঁৱে নাচাই দিন ৰাতি অকল ঘোঁৰাৰ দৰে দৌৰি থাকিলে অত্যাধিক মানসিক চাপৰ (Stress)বাবে কম সময়ৰ ভিতৰতে বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে আৰু পিছলে শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ অৱনতি ঘটাৰো সম্ভাৱনা থাকে৷অৱশ্যে এই stress বা মানসিক হেচা কমাবলৈ আপুনি যোগা ,ধ্যান বা বিভিন্ন ধৰণৰ শাৰীৰিক ব্যায়াম আদিৰ সহায় লব পাৰে বা লগ বন্ধুৰ সৈতে হাঁহি ধেমালিৰ মাজেৰে সময় অকন পাৰ কৰিব পাৰিলেও Stress কম হয়৷গতিকে নিজকে যন্ত্ৰ নসজাই মাজেসময়ে মনটোৰ লগত শৰীৰটোকো জিৰণি দিব৷ অকণমান কষ্ট হলেও মনটোৱে ভালপোৱা ধনাত্মক কামবোৰ কৰিবলৈ চেষ্টা কৰিবচোন৷ চাব মনটোত এক শান্তি অনুভৱ কৰিব আৰু আপোনাৰ মানসিক স্বাস্থ্যও তেতিয়া ভালে থাকিব৷

Leave A Reply