Breaking

গেলেকী গোহাঁইবাৰীৰ বিধ্বস্ত পথঃনিৰ্মাণৰ দাবীত ৰাইজৰ পথ অৱৰোধ

0 1,229

কৰ’না অতিমাৰীয়ে এক ত্ৰাসৰ সৃষ্টি কৰাৰ পাছতো বিধ্বস্ত পথৰ বাবে ত্ৰাসী মধুসূদন সোঁৱৰি ৰাইজ ৰাজপথলৈ ওলাই আহি পথ নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নাজিৰা মহকুমাৰ সীমান্তবৰ্তী গেলেকী গোহাঁইবাৰীত।উল্লেখ্য যে নাজিৰা মহকুমাৰ সীমান্তবৰ্তী গেলেকী দোলাকাষৰীয়া পঞ্চায়তৰ অন্তৰ্গত ১০নং ৱাৰ্ডৰ অধীনৰ গেলেকী গোহাঁইবাৰী পথৰ বিধ্বস্ত অৱস্হা ই গ্ৰামাঞ্চলটোৰ সহস্ৰাধিক ৰাইজক অতিস্থ কৰি তুলিছে।লোকনিৰ্মাণ বিভাগৰ নাজিৰা পথ সংমণ্ডল ৰ অধীনৰ এই বিধ্বস্ত পথটো নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই সূদীৰ্ঘ দিনধৰি কোনো ব্যৱস্থা গ্ৰহন নকৰিলে।এই পথটোত থকা দুটাকৈ ইটাভাটা আৰু এটা কয়লা ডিপুলৈ অহা যোৱা কৰা ট্ৰাক সমূহে এই বাৰিষা সম্পূৰ্ণ বোকাময় কৰি তুলিছে,যাৰবাবে পথটিয়েদি ৰাইজৰ যাতায়ত কৰাত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে।পথটিয়েদি সৰু গাড়ী বা এই ক’ৰোনা মহামাৰীৰ সময়ত প্ৰয়োজনত এখন এম্বুলেঞ্চ ও সোমাব নোৱাৰে।পথটি নিৰ্মাণৰ বাবে স্হানীয় ৰাইজে স্হানীয় বিধায়ক আৰু সাংসদৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ দাবী জনাই আহিছে যদিও কোনো প্ৰদক্ষেপ গ্ৰহন কৰা এটা পক্ষইও ।যাৰবাবে আজি স্হানীয় ৰাইজে পথটি নিৰ্মাণৰ দাবীত অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Leave A Reply