Breaking

ৰাজ্যৰ ৭ খন জিলাৰ জনসাধাৰণে নাপাব সকাহ! বাকী জিলাসমূহত প্ৰযোজ্য হ’ব নতুন নিয়ম

0 2,096

ৰাজ্যৰ ৭ খন জিলাৰ জনসাধাৰণে নাপাব সকাহ! বাকী জিলাসমূহত প্ৰযোজ্য হ’ব নতুন নিয়ম

ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে ৰাজ্যত যোৱা ৫ মে’ৰ পৰা প্ৰযোজ্য হৈ থকা নীতি-নিয়মত ৰাজ্যৰ জনসাধাৰণে পুনৰ কিছু শিথিলতা লাভৰ সম্ভাৱনা আছে।

যোৱা শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ইংগিত প্ৰদান কৰিছিল। তেওঁ এখন সংবাদমেলত কৈছিল যে অহা ১৪ জুলাইৰ পৰা ক’ভিড পৰিস্থিতি উন্নত হোৱা জিলা সমূহত সান্ধ্য আইন বিয়লি ৪ বজাৰ পৰা প্ৰযোজ্য হ’ব।  

অৱশ্যে ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত থকা ৭ খন জিলাত কোনো ধৰণৰ শিথিলতা প্ৰদান কৰা নহয় বুলিও স্পষ্ট কৰি দিছিল মুখ্যমন্ত্ৰী শৰ্মাই।

এই সাতখন জিলা হ’ল গোৱালপাৰা, গোলাঘাট, যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু মৰিগাঁও।

শৰ্মাই সংবাদমেলত কৈছিল, ‘গোৱালপাৰা, গোলাঘাট, যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু মৰিগাঁৱত এতিয়াও পৰিস্থিতি চিন্তনীয়। এই জিলা কেইখনৰ বাহিৰে বাকী সকলোবোৰ জিলা ৩ বজালৈ খোলা ৰখাৰ অনুমতি দিয়া হ’ব আৰু এই জিলা সমূহত সান্ধ্য আইন বিয়লি ৪ বজাৰ পৰা প্ৰযোজ্য হ’ব’।

তেওঁ লগতে শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ ওপৰত ৰাজ্য চৰকাৰ আৰু স্বাস্থ্য বিভাগে কঠোৰ দৃষ্টি ৰখা বুলিও উল্লেখ কৰিছিল।

আনহাতে গুৱাহাটী মহানগৰত সান্ধ্য আইন ৫ বজাৰ পৰাই চলি থকাৰ সম্ভাৱনা আছে।

এই সকলোবোৰ নীতি-নিয়ম চূড়ান্ত নহয় যদিও মুখ্যমন্ত্ৰীৰ ভাষ্যৰ পৰা স্পষ্ট হ’ব পাৰি যে আজি বিয়লি প্ৰকাশ পাবলগীয়া ক’ভিড এছ অ’ পি এনেবোৰ সিদ্ধান্তই প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে যোৱা ৬ জুলাইত ৰাজ্য চৰকাৰে ক’ভিড প্ৰতিৰোধৰ বাবে ৰাজ্যৰ সাতখন জিলাত সম্পূৰ্ণ কনটেইমেণ্ট ঘোষণা কৰিছিল।

Leave A Reply