Breaking

আজিও গা-লৰা নাই লোক – নিৰ্মাণ বিভাগৰ : ধূপধৰাত যাতায়াত বিচ্ছিন্ন হোৱাৰ আশংকা

0 1,528

 ৰাজ্যৰ বিভিন্ন স্হানত এতিয়াও একাংশ পথে জনসাধাৰণক বাৰুকৈয়ে জলা-কলা খুৱাই থকাৰ সময়তে গোৱালপাৰা জিলাৰ পূব প্ৰান্তৰ ধূপধৰা অঞ্চলৰ  লোক-নিৰ্মাণ বিভাগৰ এটা পকী পথৰ কালভাৰ্টৰ বাবে যি কোনো মুহূৰ্ততে যাতায়াত ব্যাহত হৈ পৰাৰ উপক্ৰম হৈ পৰিছে  । উল্লেখ যোগ্য যে তথাপিও যেন এতিয়াও গা-লৰা নাই চৰকাৰৰ  বিয়াগোম বিভাগটোৰ আজিও প্ৰায় এবছৰতকৈ অধিক সময় ।  প্ৰাপ্ত তথ্য মতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে খেকাপাৰা-আমবাৰী-পদুপাৰা সংযোগী  লোক-নিৰ্মাণ বিভাগৰ পথটোৰ খেকাপাৰাত অৱস্হিত কালভাৰ্টটো  প্ৰথমটো লকডাউনৰ আগে-আগে ৰে’ল পথত কাম চলি থকাৰ বাবে উক্ত পথৰে ৰে’ল বিভাগৰ গধুৰ মাটি কঢ়িওৱা বাহন চলাৰ ফলত প্ৰথমতে কালভাৰ্টটো বহি যায় আৰু এতিয়াও  অঞ্চলটোৰ যান-বাহন সমূহ পথটোৰ ভগ্নপ্ৰায় কালভাৰ্টটোৰে দুৰ্ঘটনাৰ শংকা লৈ   চলা-চলা অব্যাহত ৰাখিছে  । অঞ্চলটোৰ কেইবাখনো গঞা ৰাইজ যিকোনো সময়তে বহি:জগতৰ লগত সম্পৰ্ক নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে  কালভাৰ্টৰ কাষেৰে উপ-পথৰ ব্যৱস্হা কৰিছিল যদিও  সম্প্ৰতি  বন্ধ হৈ আছে লগতে  যিকোনো মুহূৰ্ততে  এই  ভগ্ন কালভাৰ্টৰে সঘনে যাতায়াত অব্যাহত থকাত   যিকোনো মুহূৰ্তত কালভাৰ্টটো ভাঙি পৰাৰ শংকা কৰা হৈছে । ইপিনে উক্ত  সংযোগী পথটোত  কেইবাটাও  পুৰণি  কালভাৰ্ট বিভাগে মেৰামতি কৰিছে যদিও উক্ত ভগ্নপ্ৰায় কালভাৰ্টটোহে মেৰামতি কৰা হোৱা নাই ।    সেয়েহে বৃহত্তৰ অঞ্চলবাসী ৰাইজে অতি শীঘ্ৰে এই পথটোত থকা কালভাৰ্টটো মেৰামতি কৰি যাতায়াত সুচল কৰি দিয়াৰ বাবে বিভাগক আহ্বান জনাইছে ।                                                                                                                                         

Leave A Reply