Breaking

দেৰগাঁও গাঁও পঞ্চায়তৰ স্থায়ী ভৱন উন্মোচন

0 1,243

দেৰগাঁও গাঁও পঞ্চায়ত গঠন হোৱাৰ পিছৰে পৰা দীৰ্ঘ দিনে স্থায়ী পঞ্চায়ত কাৰ্যালয়ৰ অভাৱ দুৰ কৰি ২ আগষ্টত স্থায়ী ভৱনৰ ফিটা কাটি দ্বাৰ উন্মোচন কৰে স্থানীয় বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীয়ে। পঞ্চায়তটোৰ চতুৰ্দশ বিত্তীয় আয়োগৰ সাত লক্ষ টকাৰে নিৰ্মাণ কৰি উলিউৱা ভৱনৰ দ্বাৰ উন্মোচনী অনুষ্ঠানত গোলাঘাট জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ধীৰাজ দাস, কাকডোঙা খণ্ড উন্নয়ন বিষয়া পাৰ্থ গগৈ, কাকডোঙা আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰচিদ আলি, দেৰগাঁও জিলা পৰিষদ সদস্যা নিজৰা বৰুৱা আৰু ভিজিলেঞ্চ কমিটিৰ সদস্য বলিন কলিতাকে ধৰি কেইবাটাও পঞ্চায়তৰ সভাপতি, ৱাৰ্ড সদস্য সকল উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে দেৰগাঁও পঞ্চায়তৰ সভাপতি আনোৱাৰ হুছেইনে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত বিধায়ক গৰাকীৰ লগতে আমন্ত্ৰিত অতিথি সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Leave A Reply