Breaking

অচিন দেশলৈ গুছি গ’ল এজন প্ৰতিভাৱানৰ ফটো সাংবাদিক বিদ্যুত মণি কলিতা

0 79

এটি খবৰ পালে,এটি ফোন পালে তেওঁ আৰু নাহে।অচিন দেশলৈ গুছি গ’ল এজন প্ৰতিভাধৰ ফটো সাংবাদিক বিদ্যুত মণি কলিতাএটি খবৰ পালে,এটি ফোন পালে সময়-পৰিবেশ বিষয়বস্তুক লৈ এছ এল আৰৰ চাটাৰত ক্লিক কৰি আশা কৰাৰ দৰে এখন ফটো দিব পৰা বিদ্যুৎ মণি কলিতা আৰু নাই৷কিছুদিনৰ পূৰ্বে আমি লিখিছিলোঁ নব্বৈৰ দশকৰ এজন প্ৰতিভাধৰ ফটো সাংবাদিক বিদ্যুত মণি কলিতাৰ দুৰ্বিসহ জীৱনৰ কথা।

কিন্তু অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে বিদ্যুত মণি কলিতাই।অচিন দেশলৈ গুছি গ’ল তেওঁ।দেওঁবাৰে নিশা ১১-৪০ বজাত নগাঁও জিলাৰ ধিঙৰ বাসভৱনতে শেষ নিশ্বাস ত্যাগ কৰিলে ফটো সাংবাদিক বিদ্যুত মণি কলিতাই।সোমবাৰে পুৱা ধিঙৰ ৰাজহুৱা স্মশানত কলিতাৰ শেষকৃত সম্পন্ন কৰা হয়।অবিবাহিত বিদ্যুত মণি কলিতাই মৃত্যুৰ সময়ত পিতৃ,ভাতৃক এৰি থৈ গৈছে।

কেইবামাহ ধৰি ধিঙৰ বাসগৃহত অসুস্হ হৈ বিচনাতে থাকিব লগা হৈছিল কলিতাই।ফটো সাংবাদিক বিদ্যুত মণি কলিতাৰ মৃত্যুত ধিঙৰ লগতে নগাঁৱত শোকৰ ছাঁ পৰিছে।উল্লেখযোগ্য যে, নব্বৈৰ দশকৰ এজন প্ৰতিভাধৰ ফটোগ্ৰাফাৰ আছিল বিদ্যুৎ মণি কলিতা।এসময়ত একমাত্ৰ এখন ফটোৱে খলকনিৰ সৃষ্টি কৰিছিল বিদ্যৎমণিয়ে।তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,মহাপ্ৰতাপী মন্ত্ৰী দ্বীগেন চন্দ্ৰ বৰা,অসম আৰক্ষীৰ শীৰ্ষ বিষয়া,ভাৰতীয় সেনাৰ উচ্চ পদস্থ বিষয়া আনকি কেন্দ্ৰীয় চোৰাংচোৱায়েও সঘন খবৰ লৈছিল বিদ্যুতৰ৷ দিছপুৰৰ পৰা বিদ্যুতৰ খবৰ লবলৈ দৌৰিছিল এম্বেচাডৰ৷ আলফাৰ পৰা আৰম্ভ কৰি ছালফা সকলোৰে বিদ্যুত আছিল নয়নৰমণি৷

অসম আৰক্ষীয়ে চকু ৰাখিছিল বিদ্যুৎ মণিৰ ওপৰত৷সংবাদপত্ৰৰ সম্পাদক, সম্পাদনা কক্ষৰ পৰা সঘনে ফোন গৈছিল বিদ্যুতৰ কাষলৈ।সকলোকে লাগে বিদ্যুতক৷অনবৰতে হাতত কেমেৰা লৈ ফুৰা বিদ্যুৎ মণিৰো সময় নাছিল৷সকলোকে সময় দিব লাগে৷দিনবোৰ বৰ ব্যস্ততাৰে পাৰ কৰিছিল বিদ্যুতে৷কিন্তু ধিঙৰ পৰা যাত্ৰ আৰম্ভ কৰি এদিন মধ্য অসমত ফটো সাংবাদিকতাৰ লগতে বিভিন্ন কাকতত ধিঙৰ স্থানীয় সংবাদদাতা হিচাপে কাম কৰি ৰাজ্যজুৰি জনপ্ৰিয়তা অৰ্জন কৰা বিদ্যুৎ মণি কলিতা যেন সকলোৰে মানসপতৰ পাহৰনিৰ গৰ্ভত৷

Leave A Reply