Breaking

ধন বিচাৰি পত্নীক শাৰিৰীক মানসিক অত্যাচাৰ : স্বামীৰ বিৰুদ্ধে থানাত এজাহাৰ

0 1,347

নলবাৰী : প্রায় বাৰ বছৰ পূৰ্বে অগ্নিক সাক্ষী কৰি পত্নীৰ মৰ্যদা দি ঘৰলৈ অনা নিজৰ বিবাহিত পত্নীক একমাত্র ধনৰ লালসাত অকথ্য নিৰ্যাতন চলাই শাৰিৰীক-মানসিকভাবে ভাৰাক্ৰান্ত কৰা এক ঘটনাই নলবাৰীত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অভিযোগ অনুসৰি নলবাৰী চহৰৰ সমীপৰ বালি কৰিয়াৰ ৰমেশ মালাকৰৰ কন্যা দিপ্তী মালাকৰৰ সৈতে প্রায় বাৰ বছৰ পূৰ্বে নলবাৰী চহৰৰ দহ নং ৱাৰ্ডৰ  পুস্পকপৰৰ ৰিংকু মালাকৰৰ বিয়া হয় । বিবাহিত দম্পত্তিদ্বয়ৰ বৈবাহিক জীৱনৰ সাক্ষীৰূপে পৰিয়ালটিলৈ আগমন ঘটে এহাল পুত্র-কন্যাৰ । ইফালে সময় বাগৰাৰ লগে লগে ৰিংকু মালাকৰৰ স্বভাৱ সলনি হয় আৰু সঘনাই ধন দাবী কৰি পত্নীৰ ওপৰত অকথ্য শাৰিৰীক-মানসিক অত্যাচাৰ চলাবলৈ ধৰে । উল্লেখ্য যে অভিযুক্ত ৰিংকুই তেওঁৰ পত্নীক পিতৃগৃহৰ পৰা ধন আনি দিবলৈ দাবী জনোৱাৰ উপৰি হকে বিহকে পত্নীৰ নামত বিভিন্ন বিত্তীয় অনুষ্ঠানৰ পৰা ধাৰ লয় ।  ইফালে স্বামীৰ হেচাত পৰি মহিলাগৰাকীয়ে ধন বিছাৰি পিতৃগৃহলৈ যায় যদিওঁ দিপ্তীৰ শ্রমিক পিতৃয়ে জোঁৱাইৰ  অন্যায় দাবী পূৰাবলৈ অপাৰগতা প্রকাশ কৰে । এই কথাত খৰ্গহস্ত হৈ কালি লম্পট ৰিংকু মালাকৰে পত্নীক মাৰধৰ কৰি নিগৃহীত কৰাত মহিলাগৰাকীয়ে ন্যায় বিচাৰি নিজৰ দুই সন্তান সহ নলবাৰী সদৰ থানাত উপস্হিত হৈ সমস্ত কথা বিৱৰি উদন্ড স্বামীৰ অত্যাচাৰৰ পৰা পৰিত্রাণ আৰু ন্যায় বিচাৰি এখন এজাহাৰ দাখিল কৰে । উল্লেখ্য যে এই খবৰ লাভ কৰাৰ পিছতে আইন-কানুন নমনা অভিযুক্ত ৰিংকুই বালিকৰিয়াৰ শহুৰৰ গৃহত উপস্হিত হৈ সমুদায় পৰিয়ালটিক নি:শেষ কৰিম বুলি হুংকাৰ দিয়া বুলি ৰিংকুৰ শহুৰ ৰমেশ মালাকৰে অভিযোগ কৰে । সম্প্রতি সমগ্র অঞ্চলটোতে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰা নাৰী নিৰ্যাতনৰ ঘটনাটিৰ ক্ষেত্রত নলবাৰী আৰক্ষীয়ে কি পদক্ষেপ গ্রহন কৰে সেয়া লক্ষনীয় হ’ব । ইতিমধ্যে নলবাৰীকে ধৰি বৃহত্তৰ বালিকৰিয়াৰ বিভিন্ন দল-সংগঠন তথা সচেতন মহলে উক্ত ঘটনাৰ সৈতে জড়িত অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্হা গ্রহণ কৰাৰ বাবে আৰক্ষীক আহ্বান জনাইছে ।

Leave A Reply