Breaking

তীৰ্থনগৰী হাজোৰ সুৰেন দাস মহাবিদ্যালয়ত পাই দিৱস উদযাপন

0 62

তীৰ্থনগৰী হাজোৰ সুৰেন দাস মহাবিদ্যালয়ত পাই দিৱস উপলক্ষে গনিত বিষয়ক বক্তৃতা অনুষ্ঠান সম্পণ্ণ । কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত অগ্ৰণী শৈক্ষিক – প্ৰতিষ্ঠান সুৰেন দাস মহাবিদ্যালয়ত আজি পাই দিৱস উপলক্ষে মহাবিদ্যালয়ৰ গণিত বিভাগৰ উদ্যোগত আন্তৰ্জাতিক গণিত দিৱস উদযাপন কৰা হ’য়। সেই মৰ্মে আজি মহাবিদ্যালয়ৰ সভাকক্ষত এখনি গণিত বিষয়ক বক্তৃতা অনুষ্ঠান সম্পণ্ণ হ’য়।

অনুষ্ঠানত সমল ব্যক্তি ৰূপে উপস্থিত থাকে আই আই টি গুৱাহাটীৰ অধ্যাপক ড° ভূপেন ডেকা,সুৰেন দাস মহাবিদ্যালয় অধ্যক্ষ ড° হিৰণ্য কুমাৰ শৰ্মা ,ৰাজনীতি বিভাগৰ অধ্যাপিকা ড° ৰিপীমা বুজৰবৰুৱা,গণিত বিভাগৰ অধ্যাপক ৰাজীৱ দাস,ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক ড° জয়ন্ত কুমাৰ দাস,ভাৰতী মেধি,অসমীয়া বিভাগৰ অধ্যাপিকা ড° ৰঞ্জু ঠাকুৰীয়া,ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক আলি ড° আকবৰ হুছেইনক,হাজো আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক ৰাজীৱ বৰুৱাকে প্ৰমূখ্য কৰি প্ৰায়সংখ্যক মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা,ছাত্ৰ -ছাত্ৰীবৃন্দ ও বিশিষ্ট গণ্য মান্য ব্যক্তি।তদুপৰি আজিৰ অনুষ্ঠানত গণিত বিষয়ত শ্ৰেণীগত শিক্ষাৰে শৈক্ষিক বাতাবৰণ সৃষ্টিৰ ওপৰত গঠনমূলক বক্তৃতা প্ৰদান কৰা হ’য়।

Leave A Reply