Breaking

আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংকত গাহৰি নিধন : সক্ৰিয় চোৰাং মাংস ব্যৱসায়ী

0 75

টিংখাং

ৰাজ্যখনত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ গাহৰিৰ অপমৃত্যু হোৱাত উজনি অসমৰ গাহৰি পালকসকলে বিস্তৰ ক্ষতিৰ সন্মুখীন হ’ব লগাত পৰিছে। সম্প্ৰতি উজনি অসমৰ প্ৰায় সকলোবোৰ জিলাতে গাহৰিৰ মাংসৰ ব্যৱসায় নিষিদ্ধ হৈ আছে। অসম চৰকাৰে গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰত সংক্ৰমণ ধৰা পৰা পাছতে গাহৰি মাংসৰ বেচা কিনাত নিষিদ্ধ ঘোষণা কৰিছিল। ইয়াৰ পাছৰে পৰা বজাৰত মুকলিকৈ গাহৰিৰ মাংসৰ বেচা কিনা সম্পূৰ্ণভাৱে বন্ধ হৈ আছে। অৱশ্যে ভিতৰুৱা কেতবোৰ ঠাইত একাংশলোকে চোৰাংকৈ গাহৰিৰ মাংসৰ ৰমৰমীয়া চলাই থকা বুলি জানিব পৰা গৈছে।পূৰ্বৰ তুলনাত গাহৰি মাংসৰ চাহিদা যথেষ্ট হ্ৰাস পোৱাৰ লগতে ব্যাপক হাৰত মাংসৰ দাম কমি আহিছে। জানিব পৰা মতে ৰাজ্যখনত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ আগলৈকে প্ৰতি কিল’গ্ৰাম গাহৰি মাংস দুশ ষাঠি টকাৰ পৰা দুশ আশী টকা পৰ্যন্ত দৰত বিক্ৰী হৈছিল। বৰ্তমান বজাৰত মুকলিভাৱে বিক্ৰী বন্ধ হৈ থকাৰ বাবে চোৰাংভাৱে কম মূল্যত গাহৰিৰ মাংস বিক্ৰী হৈ আছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে প্ৰতি কিল’গ্ৰাম গাহৰিৰ মূল্য এশ টকাৰ পৰা ডেৰশ টকালৈ হ্ৰাস পাইছে।ফলত গাহৰিৰ পালকসকলে ব্যাপক লোকচানৰ সন্মুখীন হ’ব লগা হৈছে। আনহাতে একাংশ চতুৰ ব্যৱসায়ীয়ে আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক বিয়পাই উজনিত গাঁৱে গাঁৱে ব্যাপকহাৰত গাহৰিৰ নিধন যজ্ঞ চলাই থকা বুলি জানিব পৰা গৈছে। এই নিধন কৰা গাহৰি বিলাকৰ মাংস কম মূল্যত চোৰাংভাৱে ঠায়ে ঠায়ে বিক্ৰী কৰি আছে। গাহৰিৰ মাংস গোপনে উজনিৰ বিভিন্ন জিলাত সৰবৰাহ হৈ থকাৰ কথা জানিব পৰা গৈছে।অবাধে চলি থকা গাহৰি মাংসৰ ব্যৱসায় ৰোধৰ বাবে আৰক্ষীয়ে কঠোৰ পন্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে আৰক্ষীয়ে ইতিমধ্যে মাংসৰ চোৰাং ব্যৱসায়ত জড়িত কেবাজনো লোকক আটক কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ ফলত শিৱসাগৰ, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়ৰ জিলাৰ বৃহৎ সংখ্যক আক্ৰান্ত হৈ অপমৃত্যু হয়। মৃত গাহৰিসমূহ নৈপৰীয়া একাংশ লোকে দিচাং, দিহিং, ব্ৰহ্মপুত্ৰকে ধৰি বহুকেইখন নৈ পেলাই দিছিল।ৰাজ্যখনৰ গাহৰি পালকসকলে ব্যাপক ক্ষতিৰ সন্মুখীন হোৱাৰ পাছতো চৰকাৰীভাৱে কোনোধৰণৰ সাহায্য লাভ কৰা নাই। এই সন্দৰ্ভত চৰকাৰক উপযুক্ত পদক্ষেপ গ্ৰহণ কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদান কৰিবলৈ সচেতন মহলে আহবান জনাইছে। ৰাজ্যৰ বহু গ্ৰাম্য সমাজত গাহৰি পালনৰ জৰিয়তে স্বাৱলম্বী হৈ পৰিয়ালক পোহপাল দি আহিছে। তদুপৰি বহু নিবনুৱাই সম্পূৰ্ণ বিজ্ঞান সন্মত পদ্ধতিৰে ব্যৱসায়িকভাৱে গাহৰি পালন কৰি নিজৰ লগতে আন বহুতে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিছে। সম্প্ৰতি ৰাজ্যখনত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ বাবে গাহৰি পালকসকল গভীৰ সংকটৰ সন্মুখীন হ’ব লগা হৈছে। ইয়াৰ প্ৰভাৱ ৰাজ্যৰ অৰ্থনীতিতো পৰাৰ সম্ভাৱনা আছে। কিয়নো ৰাজ্যখনৰ লগতে গাহৰিৰ মাংসই চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশতো চাহিদা পূৰণ কৰি আহিছিল। জানিব পৰা মতে অসমৰ লগতে চুবুৰীয়া ৰাজ্যকেইখনলৈ প্ৰতি সপ্তাহত দুখন বিশেষ ৰেলেৰে উত্তৰ প্ৰদেশ, বিহাৰ আদিৰ পৰা বৃহৎ সংখ্যক গাহৰি আমদানি কৰা হয়।

Leave A Reply